হাজাৰ বছৰৰ পাছতো সোমনাথ মন্দিৰৰ ওপৰত পতাকা উৰি ফুৰে, বিশ্ববাসীক ভাৰতৰ শক্তি আৰু মনোভাৱৰ কথা সোঁৱৰাই দিয়ে: প্ৰধানমন্ত্ৰী
সোমনাথ স্বাভিমান পৰ্ব এক হাজাৰ বছৰীয়া যাত্ৰাৰ প্ৰতীক, ভাৰতৰ অস্তিত্ব আৰু আত্মসন্মানৰ উদযাপন: প্ৰধানমন্ত্ৰী
সোমনাথৰ ইতিহাস ধ্বংস বা পৰাজয়ৰ নহয়, এয়া বিজয় আৰু পুনৰ্গঠনৰ ইতিহাস: প্ৰধানমন্ত্ৰী
সোমনাথক ধ্বংস কৰাৰ উদ্দেশ্যেৰে অহাসকল এতিয়া ইতিহাসৰ কেইটামান পৃষ্ঠাত আৱদ্ধ হৈ আছে, আনহাতে সোমনাথ মন্দিৰটো বিশাল মহাসাগৰৰ পাৰত সগৌৰৱেৰে থিয় হৈ আছে, তাৰ ওপৰত ওখকৈ উৰি আছে বিশ্বাসৰ পতাকাখন: প্ৰধানমন্ত্ৰী
সোমনাথে বুজায় যে নিৰ্মাণৰ বাবে সময় লাগে, অথচ ই নিজেই চিৰন্তন : প্ৰধানমন্ত্ৰী

জয় সোমনাথ।

জয় সোমনাথ।

গুজৰাটৰ সন্মানীয় আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, সক্ৰিয় যুৱ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী জী, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল জিতুভাই বাঘানী, অৰ্জুনভাই মধৱাদিয়া, ডঃ প্ৰদ্যুম্ন বাজা, কৌশিকভাই ভেকাৰিয়া, সাংসদ ৰাজেশভাই, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল। আজি দেশৰ ভিন্ন প্ৰান্তৰ লক্ষ-লক্ষ লোক আমাৰ সৈতে সংযুক্ত হৈছে আৰু তেওঁলোককো মই শুভেচ্ছা জনাইছো— এয়া সোমনাথৰ বিজয়।

বন্ধুসকল,

এই মুহূৰ্তটো অসাধাৰণ, এই পৰিবেশ অসাধাৰণ, এই উদযাপন অসাধাৰণ। এফালে দেৱাদিদেৱ মহাদেৱ; আনফালে সমুদ্ৰৰ বিশাল ঢৌ; সূৰ্য্যৰ কিৰণ, ভক্তি গীতৰ অনুৰণন, ভক্তিৰ ঢৌ— আৰু এই ঐশ্বৰিক পৰিবেশত ভগৱান সোমনাথৰ সকলো ভক্তৰ উপস্থিতিয়ে এই অনুষ্ঠানক ঈশ্বৰীয় আৰু বৈভৱশালী কৰি তুলিছে। সোমনাথ মন্দিৰ ন্যাসৰ অধ্যক্ষ হিচাপে মই সোমনাথ স্বাভিমান পৰ্বত সক্ৰিয়ভাৱে সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰা কাৰ্য্য মোৰ বাবে পৰম সৌভাগ্যৰ কথা বুলি গণ্য কৰিছো। অনুগ্ৰহ কৰি বেকগ্ৰাউণ্ড শব্দটো বন্ধ কৰে যেন।

ইয়াত ৭২ ঘন্টা জুৰি ঔমকাৰৰ অবিৰত অনুৰণন ঘটিছে, ৭২ ঘন্টা নিৰৱচ্ছিন্ন মন্ত্ৰ জপ কৰা হৈছে। কালি সন্ধিয়া বৈদিক গুৰুকুলৰ কেইবা হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে হাজাৰটা ড্ৰোনে সোমনাথৰ হাজাৰ বছৰৰ কাহিনী উপস্থাপন কৰা প্ৰত্যক্ষ কৰিছিলো। আৰু আজি মন্দিৰত উপস্থিত হোৱা ১০৮ টা ঘোঁৰাৰ বিশাল শোভাযাত্ৰা, মন্ত্ৰ আৰু গীতৰ মোহনীয় উপস্থাপন— এই সকলোখিনি মন্ত্ৰমুগ্ধকৰ। এই অভিজ্ঞতাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি; সময়েহে ইয়াক সংৰক্ষণ কৰিব পাৰে। এই উদযাপনত গৌৰৱ, মৰ্য্যাদা, জয় আৰু প্ৰজ্ঞাৰ উমান পোৱা যায়। ইয়াত বৈভৱৰ ঐতিহ্য, আধ্যাত্মিকতাৰ মৰ্ম, অভিজ্ঞতাৰ আনন্দ, একেলগে থকাৰ মনোভাৱ আৰু সৰ্বোপৰি মহাদেৱৰ আশীৰ্বাদ বিৰাজমান হৈছে। আহকচোন, আমি একেলগে জপ কৰোঃ নমহ পাৰ্বতী পতয়ে... হৰ হৰ মহাদেৱ!

 

বন্ধুসকল,

আজি আপোনাসৱৰ সৈতে কথা পাতোতে মোৰ মনত বাৰে-বাৰে এটা প্ৰশ্নই উদয় হৈছেঃ ঠিক হাজাৰ বছৰ পূৰ্বে, আপোনাসৱে আসন গ্ৰহণ কৰি থকা এই স্থানৰ পৰিবেশটো কেনেকুৱা আছিল? আজি যিসকল লোক ইয়াত উপস্থিত আছে, আপোনাসৱৰ পূৰ্বপুৰুষসকলে, আমাৰ পূৰ্বপুৰুষসকলে নিজৰ জীৱনটোৱেই বিসৰ্জন দিছিল। তেওঁলোকৰ বিশ্বাসৰ বাবে, তেওঁলোকৰ ভক্তিৰ বাবে, তেওঁলোকৰ মহাদেৱৰ বাবে তেওঁলোকে সকলো ত্যাগ কৰিছিল। হাজাৰ বছৰৰ আগতে সেই আগ্ৰাসীবোৰে নিজৰ জয় বুলি ভাবিছিল। কিন্তু আজি হাজাৰ বছৰৰ পাছত সোমনাথ মন্দিৰৰ শিখৰত উৰি থকা পতাকাখনে ভাৰতৰ প্ৰকৃত শক্তিক ঘোষণা কৰিছে। প্ৰভাস পাতনৰ এই পবিত্ৰ ভূমিৰ প্ৰতিটো কণায়েই শৌৰ্য্য, সাহস, বীৰত্বৰ সাক্ষ্য বহন কৰে। সোমনাথৰ এই ৰূপৰ বাবে শিৱৰ অগণন ভক্ত, সংস্কৃতিৰ অগণন উপাসক, পৰম্পৰাৰ অগণন বাহকে প্ৰাণ দিছিল। এই সোমনাথ স্বাভিমান পৰবত প্ৰথমে সোমনাথৰ সুৰক্ষাৰ বাবে, মন্দিৰৰ পুনৰ নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰতিজন বীৰ পুৰুষ-মহিলাৰ প্ৰতি শ্ৰদ্ধা নিবেদনেৰে প্ৰণাম জনাইছো। তেওঁলোকে সৰ্বস্ব ভগৱান মহাদেৱলৈ আগবঢ়াইছিল।

ভাই-ভনীসকল,

প্ৰভাস পাতনৰ এই ভূমি কেৱল ভগৱান শিৱৰ ভূমিয়েই নহয়, ইয়াৰ পবিত্ৰতা ভগৱান শ্ৰীকৃষ্ণৰ সৈতেও জড়িত। মহাভাৰত যুগত পাণ্ডৱসকলেও এই পবিত্ৰ স্থানত তপস্যা কৰিছিল। গতিকে এই উপলক্ষ ভাৰতৰ অগণন ধাৰাক প্ৰণাম জনোৱাৰ সুযোগো। উল্লেখযোগ্য যে আজি সোমনাথৰ গৌৰৱৰ হাজাৰ বছৰীয়া যাত্ৰাক স্মৰণ কৰাৰ লগে-লগে ১৯৫১-ত পুনৰ নিৰ্মাণৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। মই সমগ্ৰ বিশ্বৰ লক্ষ-লক্ষ ভক্তক সোমনাথ স্বাভিমান পৰ্ব উপলক্ষে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

সোমনাথ স্বাভিমান পৰ্ব কেৱল হাজাৰ বছৰৰ আগতে সংঘটিত হোৱা আক্ৰমণক স্মৰণ নহয়। বৰঞ্চ ইয়াৰ হাজাৰ বছৰীয়া যাত্ৰাৰ উদযাপন। এয়া ভাৰতৰ অস্তিত্ব আৰু গৌৰৱৰ উৎসৱো। কাৰণ প্ৰতিটো খোজতে, প্ৰতিটো মাইলৰ খুঁটিতে আমি সোমনাথ আৰু ভাৰতৰ মাজত অনন্য সাদৃশ্য দেখিবলৈ পাওঁ। যেনেকৈ সোমনাথক ধ্বংস কৰাৰ বাৰে-বাৰে অপচেষ্টা, বাৰে-বাৰে ষড়যন্ত্ৰ কৰা হৈছিল, ঠিক সেইদৰে বিদেশী আক্ৰমণকাৰীয়েও ভাৰতক আক্ৰমণ কৰিবলৈ যুগ-যুগ ধৰি অপচেষ্টা কৰিছিল। তথাপি সোমনাথ ধ্বংস হোৱা নাছিল, ভাৰতো ধ্বংস হোৱা নাছিল! কাৰণ ভাৰত আৰু ভাৰতৰ বিশ্বাসৰ কেন্দ্ৰসমূহ অবিচ্ছেদ্যভাৱে একেলগে বান্ধ খাই আছিল।

 

বন্ধুসকল,

সেই ইতিহাস কল্পনা কৰকচোন— ঠিক হাজাৰ বছৰৰ আগতে অৰ্থাৎ ১০২৬-ত গাজনীৰ মাহমুদে প্ৰথমে সোমনাথ মন্দিৰত আক্ৰমণ কৰি ইয়াক ভাঙি পেলাইছিল। তেতিয়া তেওঁলোকে ভাবিছিল যে তেওঁলোকে সোমনাথৰ অস্তিত্ব মচি পেলাইছে। কিন্তু কেইবছৰমানৰ ভিতৰতে সোমনাথক পুনৰ নিৰ্মাণ কৰা হয়। দ্বাদশ শতিকাত ৰজা কুমাৰপালে মন্দিৰৰ বিশাল পুনৰুদ্ধাৰ কৰে। ত্ৰয়োদশ শতিকাৰ শেষৰ ফালে আলাউদ্দিন খিলজীয়ে পুনৰ সোমনাথত আক্ৰমণ কৰিবলৈ মৰসাহ কৰিছিল। কথিত আছে যে জালোৰৰ শাসকে খিলজীৰ সৈন্যৰ বিৰুদ্ধে সাহসেৰে যুঁজিছিল। ইয়াৰ কিছু সময়ৰ পিছতে চতুৰ্দশ শতিকাৰ আৰম্ভণিতে জুনাগড়ৰ ৰজাই পুনৰবাৰ সোমনাথৰ পবিত্ৰতা ঘূৰাই আনিছিল। চতুৰ্দশ শতিকাৰ পিছৰ বছৰ কেইটাত মুজাফ্ফৰ খানে সোমনাথত আক্ৰমণ কৰিছিল যদিও সেই আক্ৰমণো বিফল হৈছিল।

পঞ্চদশ শতিকাত চুলতান আহমদ শ্বাহে মন্দিৰক অপবিত্ৰ কৰাৰ অপচেষ্টা কৰিছিল আৰু পিছলৈ তেওঁৰ নাতি চুলতান মাহমুদ বেগাদাই সোমনাথক মছজিদলৈ ৰূপান্তৰিত কৰাৰ অপচেষ্টা কৰিছিল। তথাপিও মহাদেৱৰ ভক্তসকলৰ প্ৰচেষ্টাত মন্দিৰটো আকৌ এবাৰ সজীৱ হৈ উঠিছিল। ১৭–১৮ শতিকাত আহিছিল ঔৰংজেৱৰ যুগ। তেৱোঁ মন্দিৰভাগি অপবিত্ৰ কৰি পুনৰ মছজিদলৈ ৰূপান্তৰিত কৰাৰ অপচেষ্টা কৰিছিল। তাৰ পাছতো অহল্যাবাই হোলকৰে নতুন মন্দিৰ প্ৰতিষ্ঠা কৰিছিল আৰু সোমনাথে আকৌ এবাৰ প্ৰাণ পাই উঠিছিল।

তথাপিও সোমনাথৰ ইতিহাস ধ্বংস আৰু পৰাজয়ৰ ইতিহাস নহয়। বৰঞ্চ এয়া এক বিজয় আৰু পুনৰ্গঠনৰ ইতিহাস। আমাৰ পূৰ্বপুৰুষৰ বীৰত্বৰ ইতিহাস, তেওঁলোকৰ ত্যাগ আৰু সমৰ্পণৰ ইতিহাস। আক্ৰমণকাৰী আহি থাকিল, ধৰ্মীয় উন্মাদনাৰ নতুন ঢৌৱে কোবাই থাকিল, কিন্তু প্ৰতিটো যুগতে সোমনাথৰ বাৰে-বাৰে পুনৰ প্ৰতিষ্ঠা হৈছিল। এনে শতিকাজোৰা সংগ্ৰাম, এনে দীৰ্ঘদিনীয়া প্ৰতিৰোধ, ইমান পৰম ধৈৰ্য্য, সৃষ্টিশীলতা, পুনৰ্গঠনত স্থিতিস্থাপকতা— এনে শক্তি, সংস্কৃতিৰ প্ৰতি ইমান বিশ্বাস, এনে ভক্তি— এনে ধৰণৰ উদাহৰণ বিশ্বৰ ইতিহাসতে বিৰল। সেয়ে আমি আমাৰ পূৰ্বপুৰুষৰ বীৰত্বৰ গাথাক মনত ৰাখিব লাগে। তেওঁলোকৰ সাহসী কৰ্মৰ পৰা আমি প্ৰেৰণা গ্ৰহণ কৰিব লাগে। কোন পুত্ৰ, কোন বংশই নিজৰ পূৰ্বপুৰুষৰ শৌৰ্য্য পাহৰি যাব পাৰে বাৰু?

ভাই-ভনীসকল,

গাজনীৰ পৰা ঔৰংজেৱলৈকে অগণন আক্ৰমণকাৰীয়ে সোমনাথত আক্ৰমণ কৰিছিল। সিহঁতে বিশ্বাস কৰিছিল যে সিহঁতে তৰোৱালেৰে চিৰন্তন সোমনাথক জয় কৰিছিল। কিন্তু সেই ধৰ্মান্ধবোৰে বুজি পোৱা নাছিল যে সোমনাথ নামটোৱেই সোম— অমৰত্বৰ অমৃত বহন কৰে। ইয়াত বিষ পান কৰিও অমৰ হৈ থকাৰ ধাৰণাটো সন্নিৱিষ্ট হৈছে। ইয়াত সদাশিৱ মহাদেৱৰ সচেতন শক্তি বিৰাজমান, যি “প্ৰচন্দ তাণ্ডৱ শিৱঃ”ত প্ৰকাশিত শক্তিৰ উপযোগিতা আৰু উৎস উভয়ে।

 

ভাই-ভনীসকল,

সোমনাথত বিৰাজমান মহাদেৱক মৃত্যুঞ্জয় নামেৰেও জনা যায়— মৃত্যুক জয় কৰোতা। যত জয়তে পল্যতে য়েনে বিশ্বম, তমিশাম ভজে লিয়াতে যাত্ৰা বিশ্বম! অৰ্থাৎ তেওঁৰ পৰাই বিশ্বব্ৰহ্মাণ্ডৰ জন্ম হৈছে, তেৱেই ইয়াক বৰ্তাই ৰাখিছে আৰু তেওঁৰ মাজতে ই পুনৰ বিলীন হৈছে। আমি বিশ্বাস কৰোঁঃ

ত্বামেকো জগত ব্যাপাকো বিশ্ব ৰূপ!

অৰ্থাৎ শিৱ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডতে বিৰাজমান।

সেইবাবেই আমি প্ৰতিটো কণাতে, প্ৰতিটো শিলতে শংকৰক দেখিবলৈ পাওঁ। ইয়াৰ পৰিপ্ৰেক্ষিতত শংকৰৰ অগণন ৰূপসমূহ কোনে কেনেকৈ ধ্বংস কৰিব পাৰে? আমি সেইসকল লোক, যিয়ে জীৱতো শিৱক দেখো! সেয়ে আমাৰ বিশ্বাসক কোনোবাই কেনেকৈ জোকাৰিব পাৰে?

বন্ধুসকল,

এয়াই সময়ৰ চক্ৰ— সোমনাথক ধ্বংস কৰাৰ উদ্দেশ্যেৰে অহা ধৰ্মান্ধবোৰ আজি ইতিহাসৰ কেইটামান পৃষ্ঠাতহে আৱদ্ধ হৈ আছে। আৰু ইয়াৰ বিপৰীতে সোমনাথ মন্দিৰ এতিয়াও সুবিশাল সাগৰৰ পাৰত গৌৰৱেৰে থিয় দি আছে, নিজৰ ধ্বজ উত্তোলিত কৰি ৰাখিছে। সোমনাথৰ শিখৰে যেন ঘোষণা কৰে- চন্দ্ৰশেখৰম আশ্ৰয়ে মা কিম কৰিষ্যতি বৈ যমঃ! — “মই চন্দ্ৰশেখৰ শিৱত আশ্ৰয় লৈছো; কালেও মোৰ একো কৰিব নোৱাৰে।”

বন্ধুসকল,

সোমনাথ স্বাভিমান পৰ্ব কেৱল ঐতিহাসিক গৌৰৱৰ উদযাপনেই নহয়, বৰঞ্চ ভৱিষ্যতৰ বাবে চিৰন্তন যাত্ৰাক সজীৱ কৰি তোলাৰ মাধ্যমো। আমি এই উপলক্ষক আমাৰ পৰিচয় আৰু অস্তিত্বক সুদৃঢ়কৰণৰ বাবে ব্যৱহাৰ কৰিব লাগিব। যদি কোনো এখন দেশৰ কেইশ বছৰ পুৰণি কোনো ঐতিহ্য আছে, তেন্তে সেই ঐতিহ্যক নিজৰ পৰিচয় হিচাপে বিশ্বৰ আগত উপস্থাপন কৰিছে। ভাৰতত অৱশ্যে সোমনাথৰ দৰে পবিত্ৰ স্থান আছে যি হাজাৰ-হাজাৰ বছৰ পুৰণি। এই স্থানসমূহ আমাৰ শক্তি, স্থিতিস্থাপকতা আৰু পৰম্পৰাৰ প্ৰতীক হৈ আহিছে। দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ পিছত দাসত্ব মানসিকতাৰ লোকসকলে এই ঐতিহ্যৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছিল। এই ইতিহাসক মচি পেলোৱাৰ কু-অভিপ্ৰায় কৰা হৈছিল।

 

সোমনাথক সুৰক্ষা প্ৰদানৰ বাবে ৰাষ্ট্ৰখনে কেনেকৈ বলিদান দিছিল, সেয়া আমাৰ জ্ঞাত। ৰাৱাল কানহাদেৱৰ দৰে শাসকৰ প্ৰচেষ্টা, বীৰ হামিৰজী গোহিলৰ বীৰত্ব, ভেগদা ভিলৰ বীৰত্ব— এইসকল বীৰ সোমনাথ মন্দিৰৰ ইতিহাসৰে জড়িত হৈ আছে। তথাপিও দুখৰ বিষয় যে তেওঁলোকক কেতিয়াও উপযুক্ত স্বীকৃতি প্ৰদান কৰা নহ’ল। বৰঞ্চ একাংশ ইতিহাসবিদ আৰু ৰাজনীতিবিদে আক্ৰমণৰ ইতিহাসক নস্যাৎ কৰিছিল। ধৰ্মীয় উন্মাদনাক কেৱল লুণ্ঠন বুলি অভিহিত কৰিবলৈ কিতাপ লিখা হৈছিল। কিন্তু সোমনাথক এবাৰেই আক্ৰমণ কৰা হোৱা নাছিল— বাৰে-বাৰে আক্ৰমণ কৰা হৈছিল। যদিহে আক্ৰমণবোৰ কেৱল লুটপাতৰ বাবেই হৈছিল, তেন্তে হাজাৰ বছৰৰ আগৰ প্ৰথমটো বৃহৎ লুণ্ঠনতে ইয়াৰ বন্ধ হৈ গ’লহেঁতেন। কিন্তু সেয়া নহৈছিল। সোমনাথৰ পবিত্ৰ মূৰ্তিক অপবিত্ৰ কৰা হৈছিল, মন্দিৰৰ ৰূপক বাৰে-বাৰে সলনি কৰা হৈছিল। আৰু আমাক শিকাইছিল যে সোমনাথক কেৱল লুটপাতৰ বাবেই ধ্বংস কৰা হৈছিল। ঘৃণা, অত্যাচাৰ, আতংকৰ নিষ্ঠুৰ ইতিহাসক আমাৰ পৰা লুকুৱাই ৰখা হৈছিল।

বন্ধুসকল,

নিজৰ ধৰ্মৰ প্ৰতি সঁচা অৰ্থত বিশ্বাসী কোনো ব্যক্তিয়েই এনে ধৰ্মান্ধতাক সমৰ্থন নকৰে। তথাপিও তুষ্টিকৰণৰ ঠিকাদাৰসকলে এই মানসিকতাৰ আগত সদায় প্ৰণাম কৰিছিল। যেতিয়া ভাৰত দাসত্বৰ শিকলিৰ পৰা মুক্ত হৈছিল, চৰ্দাৰ পেটেলে যেতিয়া সোমনাথক পুনৰ নিৰ্মাণৰ প্ৰতিজ্ঞা গ্ৰহণ কৰিছিল, তেতিয়াও তেওঁক বাধা দিয়াৰ চেষ্টা কৰা হৈছিল। ১৯৫১-ত ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদ ইয়ালৈ অহাৰ সময়তো আপত্তি দৰ্শোৱা হৈছিল। সেই সময়ত সৌৰাষ্ট্ৰৰ আটাইতকৈ প্ৰখ্যাত শাসক আমাৰ জাম চাহেব মহাৰাজ দিগ্বিজয় সিং জী আগবাঢ়ি গৈছিল। ভূমি অধিগ্ৰহণৰ পৰা আৰম্ভ কৰি নিৰাপত্তা ব্যৱস্থালৈকে তেওঁ ৰাষ্ট্ৰীয় গৌৰৱক সৰ্বোচ্চ স্থান প্ৰদান কৰিছিল। সেই যুগতে জাম চাহেবে সোমনাথ মন্দিৰলৈ এক লাখ টকা আগবঢ়াইছিল আৰু ন্যাসৰ প্ৰথমগৰাকী অধ্যক্ষ হিচাপে গুৰু দায়িত্ব গ্ৰহণ কৰিছিল।

ভাই-ভনীসকল,

দুখৰ বিষয় যে আজিও আমাৰ দেশত সোমনাথৰ পুনৰ্গঠনক বিৰোধিতা কৰা শক্তি সক্ৰিয় হৈ আছে। আজি তৰোৱালৰ সলনি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰই অন্য কু-অভিপ্ৰায়ৰ ৰূপ লৈছে। সেইবাবেই আমি অধিক সজাগ হ’ব লাগিব, নিজকে শক্তিশালী কৰিব লাগিব। আমি একত্ৰিত হৈ থাকিব লাগিব, একেলগে থিয় দিব লাগিব আৰু আমাক বিভাজিত কৰিব বিচৰা প্ৰতিটো শক্তিক পৰাস্ত কৰিব লাগিব।

বন্ধুসকল,

আমি আমাৰ বিশ্বাসৰ সৈতে, নিজৰ শিপাৰ সৈতে সংযুক্ত হৈ থকা মাত্ৰেকে আমি আমাৰ ঐতিহ্যক গৌৰৱ আৰু সতৰ্কতাৰে সংৰক্ষণ কৰি ৰাখো, তেতিয়া আমাৰ সভ্যতাৰ শিপা অধিক শক্তিশালী হৈ উঠে। সেইবাবেই এই হাজাৰ বছৰীয়া যাত্ৰাই আমাক আগন্তুক হাজাৰ বছৰৰ বাবে প্ৰস্তুতি চলাবলৈ অনুপ্ৰাণিত কৰিছে।

 

বন্ধুসকল,

ৰাম মন্দিৰৰ অভিষেকৰ ঐতিহাসিক উপলক্ষত মই ভাৰতবাসীৰ সন্মুখত পৰৱৰ্তী হাজাৰ বছৰৰ বাবে এক দৃষ্টিভংগী দাঙি ধৰিছিলো। মই “ঈশ্বৰত্বৰ পৰা ৰাষ্ট্ৰলৈ” দৃষ্টিভংগীৰে আগবাঢ়ি যোৱাৰ কথা কৈছিলো। আজি ভাৰতৰ সাংস্কৃতিক নৱজাগৰণে লক্ষ-লক্ষ নাগৰিকৰ মাজত নতুন আত্মবিশ্বাস জগাই তুলিছে। আজি প্ৰতিজন ভাৰতীয়ৰ এখনি উন্নত ভাৰতৰ লক্ষ্যৰ ওপৰত বিশ্বাস আছে। আজি ১৪০ কোটি ভাৰতীয় এই লক্ষ্যৰ প্ৰতি সংকল্পবদ্ধ। ভাৰতে নিজৰ গৌৰৱক নতুন শিখৰত উপনীত কৰিব। আমি দৰিদ্ৰতাৰ বিৰুদ্ধে আমাৰ যুঁজখনত জয়ী হম। আমি উন্নয়নৰ নতুন শিখৰত আৰোহন কৰিম। প্ৰথমে, বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ লক্ষ্য আৰু তাৰ পিছত ইয়াৰ অধিক ওপৰলৈ যাত্ৰা— এই পথটো এতিয়া সাজু হৈছে। আৰু সোমনাথ মন্দিৰৰ শক্তিয়ে এই সংকল্পৰাজিক আশীৰ্বাদ দিছে।

বন্ধুসকল,

আজি ভাৰত ঐতিহ্যৰ পৰা প্ৰেৰণা আহৰণেৰে উন্নয়নৰ পথত ধাৱমান হৈছে। সোমনাথত উন্নয়ন আৰু ঐতিহ্য উভয়েই একেলগে বাস্তৱায়িত হৈছে। এফালে সোমনাথ মন্দিৰৰ সাংস্কৃতিক সম্প্ৰসাৰণ, সোমনাথ সংস্কৃত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা, মাধৱপুৰ মেলাৰ স্পন্দনশীলতা— এই সকলোবোৰে আমাৰ ঐতিহ্যক শক্তিশালী কৰিছে। গীৰ সিংহৰ সংৰক্ষণে এই অঞ্চলৰ প্ৰাকৃতিক আকৰ্ষণ বৃদ্ধি কৰিছে। একেদৰে প্ৰভাস পাতনত উন্নয়নৰ নতুন মাত্ৰাৰ উন্মেষ ঘটিছে। কেশোদ বিমানবন্দৰৰ সম্প্ৰসাৰণৰ ফলশ্ৰুতিত দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থযাত্ৰীসকল পোনে-পোনে সোমনাথলৈ যাব পাৰিব। আহমেদাবাদ–বেৰাভাল বন্দে ভাৰত ৰেলৰ মুকলিৰ ফলশ্ৰুতিত তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলৰ যাত্ৰাৰ সময় হ্ৰাস পাইছে। এই অঞ্চলত তীৰ্থ চাৰ্কিটৰ উন্নয়ন সাধনৰ কামো অব্যাহত আছে। এইদৰে আজিৰ ভাৰতে কেৱল বিশ্বাসক মনত ৰখাই নহয়, বৰঞ্চ আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা আৰু প্ৰযুক্তিৰ জৰিয়তে ভৱিষ্যতৰ বাবেও ইয়াক গভীৰ কৰি তুলিছে।

 

বন্ধুসকল,

আমাৰ সভ্যতাই কেতিয়াও আনক পৰাস্ত কৰাৰ বাৰ্তা প্ৰদান কৰা নাই, বৰঞ্চ জীৱনৰ ভাৰসাম্য ৰক্ষা কৰাৰহে বাৰ্তা প্ৰদান কৰিছে। আমাৰ পৰম্পৰাত বিশ্বাসৰ পথত ঘৃণাৰ সৃষ্টি নহয়। আমাৰ শক্তিয়ে আমাক ধ্বংসৰ উচটনি নিদিয়ে। সোমনাথে আমাক শিকাইছে যে সৃষ্টিৰ পথ দীঘলীয়া, কিন্তু ই স্থায়ী, চিৰন্তন। আনক মচি আগবাঢ়ি যাব বিচৰা সভ্যতাসমূহ নিজেই সময়ৰ লগে-লগে হেৰাই যায়। সেইবাবেই ভাৰতে আনক পৰাস্ত কৰি কেনেকৈ জয়ী হ’ব লাগে সেই বিষয়ে বিশ্বক শিকোৱা নাই, বৰঞ্চ হৃদয় জয় কৰি কেনেকৈ জীয়াই থাকিব লাগে সেয়াহে শিকাইছে। এই চিন্তাই আজিৰ বিশ্বখনৰ বাবে প্ৰয়োজন। সোমনাথৰ সহস্ৰবছৰীয়া কাহিনীয়ে সমগ্ৰ মানৱ জাতিক এই শিক্ষাকে প্ৰদান কৰিছে।

গতিকে আহকচোন আমি সংকল্প গ্ৰহণ কৰো— হাতে-হাত ধৰি বিকাশৰ দিশত অগ্ৰসৰ হও। নিজৰ লক্ষ্যৰ প্ৰতি দৃষ্টি নেহেৰুৱাই, একে সময়তে আমাৰ অতীত আৰু আমাৰ ঐতিহ্যৰ সৈতে সংযুক্ত হৈ থাকি আগবাঢ়ি যাও। আহকচোন আমি আমাৰ চেতনা অটুট ৰাখি আধুনিকতাক আকোৱালি লও। আহকচোন আমি সোমনাথ স্বাভিমান পৰ্বৰ দৰে উৎসৱৰ পৰা প্ৰেৰণা আহৰণেৰে প্ৰগতিৰ পথত ক্ষীপ্ৰতাৰে আগবাঢ়ি যাও। আহকচোন আমি প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হও। এই কাৰ্য্যসূচী আজিৰ পৰা আৰম্ভ হৈছে, কিন্তু আমি সমগ্ৰ দেশতে এই হাজাৰ বছৰীয়া যাত্ৰাক স্মৰণ কৰিব লাগিব, আমাৰ ঐতিহ্যক বিশ্বৰ সৈতে পৰিচয় কৰাব লাগিব, এই নতুন ৭৫ বছৰীয়া মাইলৰ খুঁটিটো উদযাপন কৰিব লাগিব আৰু এই উদযাপনক ২০২৭-ৰ মে’লৈকে অব্যাহত ৰাখিব লাগিব। আহকচোন আমি প্ৰতিজন নাগৰিকক সজাগ কৰি তোলো। এই কামনাৰেই আকৌ এবাৰ মোৰ সকলো দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

হৰ হৰ মহাদেৱ।

জয় সোমনাথ।

জয় সোমনাথ।

জয় সোমনাথ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit

Media Coverage

Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India-New Zealand friendship has gained new momentum and a new direction: PM Modi during the Gala Lunch
July 11, 2026

Your Excellency, Prime Minister क्रिस्टोफर लक्सन,

दोनों देशों के delegates,

नमस्कार!

किया ओरा!

मेरे और मेरे delegation के ऊष्मा भरे स्वागत और आतिथ्य के लिए मैं मेरे मित्र प्रधानमंत्री लक्सन का हार्दिक आभार व्यक्त करता हूँ। उन्होंने स्वागत में इतनी गर्मजोशी दिखाई है, कि ऑकलैंड की सर्दी भी आज कुछ कम लग रही है। इस यात्रा के दौरान न्यूजीलैंड के लोगों से जो स्नेह और अपनापन मिला है, वह हमारे हृदय में हमेशा रहेगा।

पिछले वर्ष प्रधानमंत्री लक्सन की भारत यात्रा से हमारे संबंधों के हर क्षेत्र में नई ऊर्जा आई है। उनके नेतृत्व, स्पष्ट विजन, और मजबूत प्रतिबद्धता से, भारत और New Zealand की मित्रता को नयी गति और नयी दिशा मिली है। आज चालीस वर्षों के बाद भारतीय प्रधानमंत्री की यात्रा हो रही है। और मैं हमेशा कहता हूँ, कि बहुत सारे अच्छे काम है, जो मेरे पहले वाले लोग मेरे लिए छोड़ के गए हैं, जो मैं पूरा कर रहा हूँ। साथियों, यह हमारे संबंधों के एक नए अध्याय का शुभारंभ है।

Friends,

भारत और न्यूजीलैंड का लोकतान्त्रिक मूल्यों में दृढ़ विश्वास हमें मिलकर आगे बढ़ने के लिए natural comfort प्रदान करता है। पिछले कुछ वर्षों में हमने हमारे सबंधों को अभूतपूर्व गति प्रदान की है।

आज आज की बैठक में हमने हमारे सहयोग को नई गहराई और व्यापकता देने पर विस्तार से चर्चा की। हमने भारत-न्यूजीलैंड संबंधों को Strategic Partnership के स्तर पर ले जाने का ऐतिहासिक निर्णय लिया है। इसके अंतर्गत हम हर क्षेत्र में स्पष्ट लक्ष्यों और ठोस परिणामों के साथ आगे बढ़ेंगे।

इस वर्ष हमने रिकॉर्ड समय में Free Trade Agreement किया। इस उपलब्धि से दोनों देशों के उद्योगों, किसानों और युवाओं के लिए नए द्वार खुलेंगे। हम trade के साथ साथ trust, technology और talent का blue print तैयार कर रहे हैं।

पिछले तीन वर्षों में हमारे व्यापार में 50 पर्सेन्ट से अधिक की बढ़ोतरी हुई है। हमें विश्वास है कि FTA अगले पाँच वर्षों में हमारे व्यापार को दोगुना करने का मजबूत आधार बनेगा।

न्यूजीलैंड द्वारा भारत में बीस बिलियन डॉलर के investment commitment का भी हम विशेष स्वागत करते हैं। यह न्यूज़ीलैंड की companies को भारत की growth story में long-term partner बनने का अवसर देगा।

Friends,

हमारी Strategic Partnership को सार्थक बनाने के लिए हम दोनों देशों की strengths को practical cooperation में बदल रहे हैं। Fin Tech के क्षेत्र में हम भारत के UPI और न्यूजीलैंड के payment systems को जोड़ने पर आगे बढ़ रहे हैं।

Agriculture, dairy और food processing में हमने सहयोग का एक मजबूत खाका बनाया है। इसका लाभ हमारे किसानों और पशु-पालकों को मिलेगा।

Traditional medicine में न्यूज़ीलैंड और भारत दोनों की समृद्ध और जीवंत परंपराएं हैं। आज हमने हमारे स्वास्थ्य सहयोग में traditional medicines की भूमिका बढ़ाने पर सहमति व्यक्त की।

रक्षा और सुरक्षा में हमारा बढ़ता सहयोग हमारे गहरे strategic trust का प्रतीक है। पिछले वर्ष किए गए Defence Cooperation Agreement से हमारे सहयोग का मजबूत ढांचा तैयार हुआ है। आज हमने इंडो-पैसिफिक में maritime cooperation के लिए एक फ्रैम्वर्क पर सहमति बनाई है। Bilateral naval exercises, Logistics support और hydrography में सहयोग से हमारा आपसी तालमेल बढ़ेगा।

Friends,

हमारे संबंधों की सबसे मजबूत ताकत हमारे people-to-people ties हैं। भारतीय समुदाय के लोगों ने अपने परिश्रम और talent से न्यूजीलैंड में विशेष स्थान बनाया है। उनकी देखरेख के लिए मैं प्रधानमंत्री लक्सन और न्यूजीलैंड सरकार और न्यूजीलैंड के लोगों का आभार व्यक्त करता हूँ।

आज हुआ Cultural Cooperation MOU दोनों देशों के art, culture, heritage तथा creative industries में exchanges को गति देगा। न्यूजीलैंड भारतीय students के लिए एक महत्वपूर्ण destination रहा है। हम न्यूजीलैंड की universities को भारत में campus खोलने के लिए आमंत्रित करते हैं।

इस वर्ष हम दोनों देशों के बीच खेल संबंधों की सौवीं वर्षगांठ मना रहे हैं। सौ साल पहले मेजर ध्यानचंद के नेतृत्व में हॉकी टीम ने यहाँ आकर जो इतिहास रचा था, वह हमारी खेल साझेदारी को आज भी प्रेरित कर रहा है। इस उपलक्ष्य पर हम दोनों देशों में कई स्पोर्ट्स इवेंट्स आयोजित कर रहे हैं। क्रिकेट के साथ-साथ अन्य खेलों में भी सहयोग बढ़ाने के लिए हम Sports Joint Action Plan बनाया है। हाल ही में भुवनेश्वर में न्यूजीलैंड रग्बी और रग्बी इंडिया के कोचिंग प्रोग्राम से अच्छी शुरुवात हुवी है।

Friends,

वैश्विक मंच पर भी भारत और न्यूज़ीलैंड भरोसेमंद साझेदार और करीबी मित्र हैं। हमारा मानना है कि वर्तमान समय की चुनौतियों का सामना करने के लिए UN सहित अन्य वैश्विक संस्थानों में reform आवश्यक है।

आतंकवाद के विषय पर कंधे से कंधा मिलाकर आगे बढ़ाने के लिए आज हमने Joint Working Group का गठन किया है। भारत और न्यूजीलैंड के बीच सहयोग इंडो-पेसिफिक में शांति, स्थिरता और सुरक्षा के लिए अत्यंत महत्वपूर्ण है।

Friends, मैं आप सभी को माओरी नव वर्ष “मातरिकी” की हार्दिक शुभकामनाएँ देता हूँ। जिस तारा-समूह को यहाँ “मातरिकी” नाम दिया गया है, जैसे आपने भी बताया, उसे भारत में प्राचीन काल से “कृत्तिका नक्षत्र” के रूप में जाना जाता है। मुझे विश्वास है कि “मातरिकी” का यह पर्व, हमारे संबंधों को इन्हीं सितारों की तरह जगमगाने की प्रेरणा देगा।

Prime Minister लक्सन,

आपकी मित्रता, आपकी प्रतिबद्धता और मेरी न्यूज़ीलैंड यात्रा को यादगार बनाने के लिए मैं आपका आभार व्यक्त करता हूँ। जैसे रग्बी में टीमवर्क और भरोसा ज़रूरी होता है, वैसे ही हम भी आपसी विश्वास के साथ आगे बढ़ेंगे। हम एक ही टीम में है, इसलिए टैकल केवल चुनौतियों को करेंगे।

बहुत-बहुत धन्यवाद।