Quote১১টা খণ্ডৰ প্ৰথম শৃংখল উন্মোচন কৰে
Quote“পণ্ডিত মদন মোহন মালৱীয়ৰ সম্পূৰ্ণ গ্ৰন্থ উন্মোচন অতিশয় গুৰুত্বপূৰ্ণ”
Quote“মহামান্য আছিল এগৰাকী আধুনিক চিন্তা আৰু সনাতনী সংস্কৃতিত বিশ্বাসী লোক”
Quote“মালৱীয় জীৰ চিন্তাৰাজি আমাৰ চৰকাৰৰ কৰ্মত প্ৰতিফলিত হৈছে”
Quote“মহামান্যক ভাৰতৰত্ন প্ৰদান কাৰ্য্য আমাৰ চৰকাৰৰ সৌভাগ্যৰ কথা”
Quote“মালৱীয় জীৰ দৃষ্টিৰাজি দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো প্ৰতিফলিত হৈছে”
Quote“সুশাসন মানে ক্ষমতাকেন্দ্ৰিকতাৰ বিপৰীতে সেৱাকেন্দ্ৰিকহে”
Quote“ভাৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বহু প্ৰতিষ্ঠান গঢ়োতা হৈ উঠিছে”

মোৰ কেবিনেট সতীৰ্থ শ্ৰী অনুৰাগ ঠাকুৰ জী আৰু অৰ্জুন ৰাম মেঘৱাল জী, মোৰ পুৰণি বন্ধু তথা মহামান্য সম্পূৰ্ণ বাঙ্ময়ৰ মুখ্য-সম্পাদক ৰাম বাহাদুৰ ৰায় জী, মহামান্য মালৱীয় মিছনৰ অধ্যক্ষ প্ৰভু নাৰায়ণ শ্ৰীবাস্তৱ জী, মঞ্চত উপৱিষ্ট সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল!

প্ৰথমেই আপোনালোক সকলোকে বৰদিনৰ শুভেচ্ছা জনালোঁ! আজি ভাৰত আৰু ভাৰতীয়তাৰ প্ৰতি বিশ্বাস ৰখা লক্ষ-লক্ষ লোকৰ বাবে প্ৰেৰণা হিচাপে কাম কৰাৰ দিন। মহামান্য মদন মোহন মালৱীয় জীৰ জন্ম বাৰ্ষিকী। আজি অটল জীৰ জন্ম বাৰ্ষিকীও। এই পবিত্ৰ উপলক্ষত মহামান্য মালৱীয় জীৰ চৰণত প্ৰণাম জনাই অটল জীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অটল জীৰ জন্ম বাৰ্ষিকী উপলক্ষে দেশত উদযাপন কৰা হৈছে সুশাসন দিৱস। সুশাসন দিৱসত সকলো নাগৰিককে অভিনন্দন জ্ঞাপন কৰিলোঁ।

 

|

বন্ধুসকল,

এই শুভ অনুষ্ঠানত পণ্ডিত মদন মোহন মালৱীয়ৰ সম্পূৰ্ণ ৰচনাৰ উন্মোচন তাৎপৰ্য্যপূৰ্ণ। মহামান্যৰ চিন্তা, আদৰ্শ আৰু তেওঁৰ জীৱনক প্ৰতিফলিত কৰা এই সমগ্ৰ ‘বাঙ্ময়’ (collection)য়ে আমাৰ যুৱক-যুৱতী আৰু অনাগত প্ৰজন্মৰ বাবে এক শক্তিশালী মাধ্যম হিচাপে কাম কৰিব। ই ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু সমসাময়িক ইতিহাসক বুজিবলৈ এক দুৱাৰ মুকলি কৰিব। বিশেষকৈ গৱেষক পণ্ডিত, ইতিহাসৰ ছাত্ৰ, ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই গ্ৰন্থৰাজি বৌদ্ধিক সম্পদতকৈ কম নহয়। এই গ্ৰন্থসমূহে বিএইচইউ স্থাপনেৰে জড়িত কথাসমূহৰপৰা আৰম্ভ কৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে তেওঁৰ কথোপকথন, ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তেওঁৰ দৃঢ় স্থিতি, ভাৰতৰ প্ৰাচীন ঐতিহ্যৰ প্ৰমূল্য আদি সকলোকে সামৰি লৈছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল ৰাম বাহাদুৰ ৰায় জীয়ে উল্লেখ কৰা এটা খণ্ডত মহামান্যৰ ব্যক্তিগত ডায়েৰীৰ কিছু অংশ সন্নিবিষ্ট কৰা হৈছে। মহামান্যৰ ডায়েৰীয়ে ভাৰতীয় মনোজগতক সমাজ, ৰাষ্ট্ৰ, আধ্যাত্মিকতাকে ধৰি সকলো মাত্ৰাতে পথ প্ৰদৰ্শন কৰিব পাৰে।

বন্ধুসকল, মই মিছনৰ টীমটোক চিনি পাওঁ আৰু আপোনালোক সকলোৱে এই কামৰ বাবে বছৰ-বছৰ ধৰি নিজকে উৎসৰ্গা কৰিছে। দেশৰ চুক-কোণৰপৰা মালৱীয় জীৰ হাজাৰ-হাজাৰ চিঠি আৰু নথি-পত্ৰ বিচাৰি ফুৰা, সংগ্ৰহ কৰা, বিশাল সাগৰ অন্বেষণৰ দৰে আৰ্কাইভৰ মাজেৰে নিখুঁতভাৱে নেভিগেট কৰা, প্ৰতিখন কাগজ পোহৰলৈ অনা আৰু ৰজা-মহাৰাজৰ ব্যক্তিগত সংগ্ৰহৰপৰা পুৰণি কাগজ সংগ্ৰহ কৰাটোও কম নহয়। এই গভীৰ প্ৰচেষ্টাৰ ফল হ’ল যে মহামান্যৰ বিশাল ব্যক্তিত্ব এতিয়া আমাৰ সন্মুখত এই সম্পূৰ্ণ ১১ খণ্ডৰ সংকলনৰ ৰূপত। এই মহান প্ৰচেষ্টাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, মহামান্য মালৱীয় মিছন, ৰাম বাহাদুৰ ৰায় জী আৰু তেওঁৰ টীমলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মহামান্যৰ সৈতে জড়িত পুথিভঁৰাল আৰু পৰিয়ালৰ বহু ব্যক্তিয়েও উল্লেখযোগ্য অৱদান আগবঢ়াইছে। সেই সকলো লোককে মই অন্তৰৰপৰা ধন্যবাদ জনাইছোঁ।

 

|

মোৰ পৰিয়ালৰ সদস্যসকল,

মহামান্যৰ দৰে ব্যক্তিত্বৰ জন্ম শতিকাত এবাৰেই হয়। তেওঁলোকে আমাক প্ৰতি মুহূৰ্ততে, প্ৰতিবাৰেই, আগন্তুক বহু প্ৰজন্মলৈকে প্ৰভাৱিত কৰিয়েই আছে। মহামান্যৰ ওচৰত ভাৰত ঋণী, যি বহু প্ৰজন্মৰ মাজেৰে বিস্তৃত হৈ আছে। শিক্ষা আৰু দক্ষতাৰ ক্ষেত্ৰত তেওঁ নিজৰ সময়ৰ শ্ৰেষ্ঠ পণ্ডিতসকলৰ সমতুল্য আছিল। তেওঁ আছিল আধুনিক চিন্তাধাৰা আৰু প্ৰাচীন পৰম্পৰাত বিশ্বাসী লোক! স্বাধীনতা সংগ্ৰামত তেওঁ বিশেষ ভূমিকা লোৱাই নহয়, দেশৰ আধ্যাত্মিক আত্মাক জাগ্ৰত কৰাত সক্ৰিয়ভাৱে অৱদান আগবঢ়াইছিল! তেওঁৰ দৃষ্টিভংগীৰ এটা দৃষ্টিভংগী যদি বৰ্তমানৰ প্ৰত্যাহ্বানৰ ওপৰত আছিল, আনটো আছিল ভৱিষ্যৎ গঢ়ি তোলাৰ বাবে উৎসৰ্গিত! মহামান্য যিয়েই নহওঁক কিয়, তেওঁ ‘ৰাষ্ট্ৰ প্ৰথম’ক অগ্ৰাধিকাৰ দিছিল। অতি প্ৰত্যাহ্বানজনক সময়তো তেওঁ ৰাষ্ট্ৰখনৰ বাবে সম্ভাৱনাৰ বীজ সিঁচিছিল। মহামান্যৰ এনে বহু অৱদান আছে যিবোৰ এতিয়া সম্পূর্ণ সংকলনৰ ১১টা খণ্ডৰ জৰিয়তে প্রামাণিকভাৱে পোহৰলৈ আহিব। মই মোৰ চৰকাৰৰ বাবে সৌভাগ্যৰ কথা বুলি গণ্য কৰোঁ যে আমি তেওঁক ভাৰতৰত্ন প্ৰদান কৰিছোঁ। মোৰ বাবে ব্যক্তিগতভাৱে মহামান্য আন এটা কাৰণত বিশেষ। তেওঁৰ দৰে মোকো ভগৱানে কাশীক সেৱা কৰাৰ সুযোগ দিছে। ২০১৪ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰস্তাৱকজন মহামান্য জীৰ পৰিয়ালৰ সদস্য হোৱাটোও মোৰ সৌভাগ্যৰ কথা। মহামান্যৰ কাশীৰ ওপৰত গভীৰ বিশ্বাস আছিল। আজি কাশীয়ে উন্নয়নৰ নতুন শিখৰ স্পৰ্শ কৰিছে, নিজৰ ঐতিহ্যৰ গৌৰৱ পুনৰ ঘূৰাই আনিছে।

মোৰ পৰিয়ালৰ সদস্যসকল,

দাসত্বৰ মানসিকতাৰপৰা মুক্ত হৈ দেশখনে নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰি স্বাধীনতাৰ ‘অমৃত কাল’ৰ পথত অগ্ৰসৰ হৈছে। আমাৰ চৰকাৰৰ কামতো ক’ৰবাত মালৱীয় জীৰ চিন্তাৰ সাৰমৰ্ম অনুভৱ কৰিব। মালৱীয় জীয়ে আমাক এনে এখনি ৰাষ্ট্ৰৰ দৰ্শন দিলে, যাৰ আধুনিক ব্যৱস্থাই নিজৰ প্ৰাচীন আত্মাক সংৰক্ষণ কৰি ৰাখিছে। ইংৰাজৰ বিৰোধিতা কৰি শিক্ষা বৰ্জন কৰাৰ ধাৰণা যেতিয়া উদ্ভৱ হ’ল, তেতিয়া মালৱীয় জীয়ে সেই ধাৰণাটোৰ বিৰুদ্ধে থিয় দিলে। তেওঁ সেই ধাৰণাটোৰ বিৰোধী আছিল। তেওঁ কয় যে শিক্ষা বৰ্জন কৰাৰ পৰিৱৰ্তে ভাৰতীয় মূল্যবোধৰ ওপৰত ভিত্তি কৰি স্বাৱলম্বী শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ দিশত আগবাঢ়িব লাগে। আৰু আমোদজনক কথাটো হ’ল, তেওঁ এই দায়িত্ব নিজেই লোৱাই নহয়, দেশক বেনাৰস হিন্দু বিশ্ববিদ্যালয়খনো এক সন্মানীয় প্ৰতিষ্ঠান গঢ় তুলিলে। তেওঁ অক্সফৰ্ড, কেমব্ৰিজৰ দৰে প্ৰতিষ্ঠানত অধ্যয়ন কৰা যুৱক-যুৱতীসকলক বিএইচইউলৈ আহিবলৈ উৎসাহিত কৰিছিল। ইংৰাজী ভাষাৰ এজন মহান পণ্ডিত হোৱাৰ পিছতো মহামান্যই ভাৰতীয় ভাষাৰ প্ৰবল পোষকতা কৰিছিল। দেশৰ প্ৰশাসন আৰু আদালতত পাৰ্চী আৰু ইংৰাজী ভাষাই আধিপত্য বিস্তাৰ কৰিছিল। ইয়াৰ বিৰুদ্ধেও মালৱীয় জীয়ে মাত মাতিলে। তেওঁৰ এই প্ৰচেষ্টাৰ বাবে দেৱনাগৰী লিপিৰ ব্যৱহাৰে জনপ্ৰিয়তা লাভ কৰে, ভাৰতীয় ভাষাই স্বীকৃতি লাভ কৰে। আজি মালৱীয় জীৰ এই প্ৰচেষ্টাৰ আভাস দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত দেখা যায়। আমি ভাৰতীয় ভাষাত উচ্চ শিক্ষাৰ সূচনা কৰিছোঁ। আদালততো ভাৰতীয় ভাষাত কাম কৰিবলৈ উৎসাহিত কৰিছে চৰকাৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই কাম সম্পূৰ্ণ হ’বলৈ দেশে ৭৫ বছৰ অপেক্ষা কৰিবলগীয়া হ’ল।

 

|

বন্ধুসকল,

যিকোনো ৰাষ্ট্ৰৰ শক্তি নিহিত হৈ থাকে ইয়াৰ প্ৰতিষ্ঠানসমূহৰ সবলীকৰণত। মালৱীয় জীয়ে তেওঁৰ জীৱনকালত এনে বহু অনুষ্ঠানৰ সৃষ্টি কৰিছিল য’ত ৰাষ্ট্ৰীয় ব্যক্তিত্বৰ বিকাশ ঘটিছিল। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বিষয়ে বিশ্বই জানিলেও মহামান্য জীয়ে আন বহুতো প্ৰতিষ্ঠানো প্ৰতিষ্ঠা কৰিছিল। হৰিদ্বাৰৰ ঋষিকুল ব্ৰহ্মচাৰ্য্য আশ্ৰমেই হওঁক, প্ৰয়াগৰাজৰ ভাৰতী ভৱন পুথিভঁৰালেই হওঁক বা লাহোৰৰ সনাতন ধৰ্ম মহাবিদ্যালয়েই হওঁক, মালৱীয় জীয়ে ৰাষ্ট্ৰ-নিৰ্মাণৰ বাবে ভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপন কৰিছিল। সেই যুগক আজিৰ লগত তুলনা কৰিলে আমি দেখিবলৈ পাওঁ যে ৰাষ্ট্ৰ-নিৰ্মাণৰ প্ৰক্ৰিয়াত আকৌ এবাৰ ভাৰতে ইটোৰ পিছত সিটো প্ৰতিষ্ঠান সৃষ্টি কৰি আছে। সহযোগিতাৰ শক্তিৰ জৰিয়তে দেশৰ উন্নয়নক গতি প্ৰদান কৰিবলৈ এটা সুকীয়া সমবায় মন্ত্ৰালয় স্থাপন কৰা হৈছে। ভাৰতীয় চিকিৎসা পদ্ধতিৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে আয়ুসৰ এক সুকীয়া মন্ত্ৰালয় স্থাপন কৰিছে। জামনগৰতো ডব্লিউএইচঅ’ গ্ল’বেল চেন্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিনৰ আধাৰশিলা স্থাপন কৰা হৈছে। আমি শ্ৰী অন্ন অৰ্থাৎ বাজৰাৰ ওপৰত গৱেষণাৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মিলেট ৰিচাৰ্চ স্থাপন কৰিছোঁ। ভাৰতে শেহতীয়াকৈ শক্তি খণ্ডৰ বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত চিন্তা-চৰ্চাৰ বাবে গ্ল’বেল বাঅ’ফুৱেল এলায়েন্স গঠন কৰিছে। আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাই হওঁক, দুৰ্য্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটেই হওঁক, গ্ল’বেল চাউথৰ বাবে ‘দক্ষিণ’ গঠনেই হওঁক বা ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰেই হওঁক, মহাকাশ খণ্ডৰ বাবে ইন-স্পেচ স্থাপনেই হওঁক বা নৌসেনা খণ্ডত ভাৰত আজি বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সৃষ্টিকৰ্তা হৈ পৰিছে। এই প্ৰতিষ্ঠানসমূহ, এই পদক্ষেপসমূহে কেৱল একবিংশ শতিকাৰ ভাৰতৰ বাবেই নহয়, একবিংশ শতিকাৰ জগতখনক এক নতুন দিশ দিয়াৰ ক্ষেত্ৰতো কাম কৰিব।

বন্ধুসকল,

মহামান্য আৰু অটল জী দুয়োজনেই একেটা চিন্তাৰ ধাৰাৰে সংযুক্ত আছিল। অটল জীয়ে মহামান্যৰ বিষয়ে কয়, "যেতিয়া এজন ব্যক্তিয়ে চৰকাৰী সহায় অবিহনে কিবা এটা কৰিবলৈ ওলাই যায়, তেতিয়া মহামান্যৰ ব্যক্তিত্ব, তেওঁৰ চৰিত্ৰই তেওঁৰ পথক আলোকিত কৰিব।" আজি মালৱীয় জী, অটল জী আৰু দেশৰ প্ৰতিজন স্বাধীনতা সংগ্ৰামীয়ে কল্পনা কৰা সেই সপোনবোৰ পূৰণ কৰাত দেশ একত্ৰিত হৈছে। আমি ইয়াক সুশাসনৰ ওপৰত ভিত্তি কৰি লৈছোঁ। সুশাসন মানে ক্ষমতাকেন্দ্ৰিক নহয়, সেৱাকেন্দ্ৰিক হোৱা। যেতিয়া নীতি স্পষ্ট উদ্দেশ্যৰে, সহানুভূতিৰে ৰূপায়ণ কৰা হয় আৰু যেতিয়া কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ প্ৰতিজন প্ৰাপ্য ব্যক্তিয়ে নিজৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰে। সুশাসনৰ এই নীতি আজি আমাৰ চৰকাৰৰ পৰিচয় হৈ পৰিছে।

আমাৰ চৰকাৰে যাতে নাগৰিকে মৌলিক সা-সুবিধাৰ বাবে ইফালে-সিফালে দৌৰিব নালাগে, তাৰ বাবে অহৰহ চেষ্টা কৰি আছে। বৰঞ্চ চৰকাৰে প্ৰতিজন নাগৰিকৰ ওচৰলৈ গৈ তেওঁলোকক প্ৰতিটো সা-সুবিধা প্ৰদান কৰিছে। এতিয়া আমাৰ প্ৰচেষ্টা প্ৰতিটো সুবিধাৰ চেচুৰেচন নিশ্চিত কৰি ১০০ শতাংশ কাৰ্য্যকৰী কৰা। এই উদ্দেশ্যে সমগ্ৰ দেশতে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ অনুষ্ঠিত কৰা হৈছে। আপোনালোকে নিশ্চয় দেখিছে মোদীৰ গেৰেন্টী বাহনখন। বহু আঁচনিৰ সুবিধা থিতাতে লাভ কৰিছে হিতাধিকাৰীয়ে। এটা উদাহৰণ দিওঁ। আজি কেন্দ্ৰীয় চৰকাৰে প্ৰতিজন দৰিদ্ৰ ব্যক্তিক ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ড প্ৰদান কৰে। এই কাৰ্ডসমূহ যোৱা কেইবছৰমানৰপৰা লাখ-লাখ দৰিদ্ৰ লোকক দিয়া হৈছে। কিন্তু বহু ক্ষেত্ৰত সজাগতাৰ অভাৱৰ বাবে দৰিদ্ৰ লোকে এই আয়ুষ্মান কাৰ্ড লাভ কৰিব নোৱাৰিলে। এতিয়া দেশত মাত্ৰ ৪০ দিনৰ ভিতৰতে এক কোটিৰো অধিক নতুন আয়ুষ্মান কাৰ্ড বিতৰণ কৰিছে মোদীৰ গেৰেন্টী বাহনে। হিতাধিকাৰীক চিনাক্ত কৰি কাৰ্ড দিয়া হৈছে। ‘সবকা সাথ, সবকা বিকাশ’ -- এয়া সুশাসন।

 

|

বন্ধুসকল,

সুশাসনৰ আন এটা দিশ হ’ল সততা আৰু স্বচ্ছতা। আমাৰ দেশত এটা ধাৰণা আছিল যে ডাঙৰ-ডাঙৰ কেলেংকাৰি আৰু দুৰ্নীতি অবিহনে চৰকাৰে কাম কৰিব নোৱাৰে। ২০১৪ৰ আগতে আমি লাখ-লাখ কোটি টকাৰ কেলেংকাৰিৰ কথা বহুত শুনিছিলোঁ। কিন্তু আমাৰ চৰকাৰে নিজৰ সুশাসনৰ জৰিয়তে সেই আশংকাবোৰ ছিন্নভিন্ন কৰি পেলাইছে। আজিৰ দিনত দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে লাখ-লাখ কোটি টকাৰ আঁচনিৰ ওপৰত আলোচনা চলি আছে। দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া ৰেচনৰ আঁচনিৰ বাবে আমি ৪ লাখ কোটি টকা খৰচ কৰিছোঁ। আমাৰ চৰকাৰেও ৪ লাখ কোটিৰো অধিক টকা খৰচ কৰি দৰিদ্ৰ লোকক স্থায়ী বাসগৃহৰ ব্যৱস্থা কৰিছে। প্ৰতিঘৰ গৃহস্থীলৈ পাইপেৰে পানী যোগানৰ বাবে ৩ লাখ কোটিৰো অধিক টকা ব্যয় কৰা হৈছে। সৎ কৰদাতাৰ প্ৰতিটো টকা জনসাধাৰণৰ কল্যাণ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থত ব্যয় কৰা উচিত ... এয়া সুশাসন।

আৰু বন্ধুসকল,

যেতিয়া এনে সততাৰে কাম কৰা হয় আৰু সেই অনুসৰি নীতি প্ৰণয়ন কৰা হয়, তেতিয়া তাৰ ফল স্পষ্ট হৈ পৰে। এই সুশাসনৰ ফল হৈছে আমাৰ চৰকাৰৰ মাত্ৰ পাঁচ বছৰতে ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত হৈছে।

বন্ধুসকল,

সহানুভূতি অবিহনে সুশাসনৰ কল্পনা কৰিব নোৱাৰি। আমাৰ দেশৰ ১১০ খনৰো অধিক জিলাক পিছপৰা বুলি গণ্য কৰা হৈছিল। বিশ্বাস কৰা হৈছিল যে যিহেতু এই ১১০খন জিলা পিছপৰা, গতিকে দেশখনো পিছপৰা হৈ থাকিব। যেতিয়া এজন বিষয়াক শাস্তিমূলক প’ষ্টিং দিব লগা হৈছিল, তেতিয়া তেওঁলোকক এই জিলাসমূহলৈ পঠিওৱা হৈছিল। এই ১১০খন জিলাত একো সলনি কৰিব নোৱাৰি বুলি মানি লোৱা হৈছিল। সেয়েহে আমাৰ চৰকাৰে এই ১১০খন জিলাক আকাংক্ষী জিলা হিচাপে পুনৰ ব্ৰেণ্ড কৰিলে। আমি এই জিলাসমূহৰ উন্নয়নৰ ওপৰত মিছন ম’ডত গুৰুত্ব দিলোঁ। আজি এই আকাংক্ষী জিলাসমূহে ভিন্ন উন্নয়নৰ পৰিমাপত আন জিলাতকৈ উন্নত প্ৰদৰ্শন আগবঢ়াইছে। একে মনোভাৱেৰে আমি বৰ্তমান আকাংক্ষী খণ্ড কাৰ্য্যক্ৰমৰ কাম কৰি আছোঁ।

 

|

বন্ধুসকল,

যেতিয়া মানসিকতা আৰু দৃষ্টিভংগী সলনি হয়, তেতিয়া ফলাফল লাভ কৰা যায়। দশক-দশক ধৰি আমাৰ সীমান্তৰ গাঁওবোৰক শেষ গাঁও বুলি গণ্য কৰা হৈছিল। আমি তেওঁলোকৰ মাজত এই বিশ্বাস জগাই তুলিলো যে তেওঁলোক দেশৰ প্ৰথম গাঁও। সীমান্তৰ গাঁওবোৰত আমি ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যসূচী আৰম্ভ কৰিলোঁ। আজি চৰকাৰী বিষয়া-মন্ত্ৰীসকলে সেই অঞ্চলসমূহ ভ্ৰমণ কৰি, ৰাইজৰ সৈতে মত-বিনিময় কৰি আছে। মই মোৰ কেবিনেট মন্ত্ৰীসকলৰ বাবে বাধ্যতামূলক কৰিলোঁ যে তেওঁলোকে পূৰ্বতে শেষ গাঁও বুলি গণ্য কৰা গাঁওখনত ৰাতিটো কটাব লাগিব, যিখন গাঁওক মই এতিয়া প্ৰথম গাঁও বুলি কওঁ। আনকি কিছুমানে ১৭ হাজাৰ ফুট উচ্চতালৈয়ো গৈছে।

আজি চৰকাৰী আঁচনিৰ সুফল ৰাইজৰ মাজলৈ দ্ৰুতগতিত গৈছে। যদি এয়া সুশাসন নহয়, তেন্তে কি? দেশৰ যিকোনো দুৰ্ভাগ্যজনক ঘটনা বা দুৰ্য্যোগৰ সময়ত চৰকাৰে দ্ৰুতগতিত সাহায্য আৰু প্ৰতিৰোধৰ প্ৰচেষ্টা সংগঠিত কৰে। ক’ৰোনা মহামাৰী আৰু ইউক্ৰেইনৰ সংঘাতৰ সময়ত আমি এই কথা প্ৰত্যক্ষ কৰিছিলোঁ। পৃথিৱীৰ যিকোনো ঠাইত যেতিয়াই সংকটৰ সৃষ্টি হয়, তেতিয়াই দেশখনে নিজৰ নাগৰিকক বচাবলৈ ক্ষীপ্ৰতাৰে কাম কৰে। সুশাসনৰ অসংখ্য উদাহৰণ আছে যি মই দিব পাৰো। শাসন ব্যৱস্থাৰ পৰিৱৰ্তনে সমাজৰ দৃষ্টিভংগীকো প্ৰভাৱিত কৰিছে। ফলস্বৰূপে আজি ভাৰতত জনসাধাৰণ আৰু চৰকাৰৰ মাজত এক নতুন আস্থাই বিৰাজ কৰিছে। এই আস্থা ৰাষ্ট্ৰখনৰ বৰ্ধিত আত্মবিশ্বাসত প্ৰতিফলিত হৈছে। এই আত্মবিশ্বাস স্বাধীনতাৰ ‘অমৃত কাল’ত ‘বিকশিত ভাৰত’ৰ বিকাশৰ শক্তি হৈ পৰিছে।

 

|

বন্ধুসকল,

স্বাধীনতাৰ ‘অমৃত কাল’ত আমি মহামান্য আৰু অটল জীৰ নীতিক মাপকাঠি হিচাপে বিবেচনা কৰি ‘বিকশিত ভাৰত’ৰ সপোনৰ দিশত কাম কৰিব লাগিব। মই বিশ্বাস কৰোঁ যে দেশৰ প্ৰতিজন নাগৰিকে দৃঢ়তাৰে সফলতাৰ পথত নিজৰ পূৰ্ণ সমৰ্পণ অৰিহণা যোগাব। এই বিশ্বাসেৰে মই এতিয়া মোৰ ভাষণৰ সামৰণি মাৰিছো, মহামান্যক আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। বহু-বহু ধন্যবাদ!

 

  • Jitendra Kumar June 04, 2025

    🙏🙏🙏
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    हिंदू राष्ट्र
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • DEVENDRA SHAH February 25, 2024

    “कई पार्टीयों के पास नेता है पर नियत नही है कई पार्टीयोंके पास नेता है,नियत है, नीती है, पर कार्यक्रम नही  कई पार्टीयोंके पास नेता है,नियत है, नीती है, कार्यक्रम है पर कार्यकर्ता नही  ये भारतीय जनता पार्टी है जिस में नेता भी हैं, नीति भी है, नीयत भी है, वातावरण भी है और कार्यक्रम एवं कार्यकर्ता भी हैं”
  • AJAY PATIL February 24, 2024

    jay shree ram
  • Dhajendra Khari February 20, 2024

    ओहदे और बड़प्पन का अभिमान कभी भी नहीं करना चाहिये, क्योंकि मोर के पंखों का बोझ ही उसे उड़ने नहीं देता है।
  • Dhajendra Khari February 19, 2024

    विश्व के सबसे लोकप्रिय राजनेता, राष्ट्र उत्थान के लिए दिन-रात परिश्रम कर रहे भारत के यशस्वी प्रधानमंत्री श्री नरेन्द्र मोदी जी का हार्दिक स्वागत, वंदन एवं अभिनंदन।
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Indian IPO market heads for busiest week with $1.7 billion in deals

Media Coverage

Indian IPO market heads for busiest week with $1.7 billion in deals
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Bihar will prosper and will also play a big role in the prosperity of the country: PM Modi in Siwan
June 20, 2025
QuoteBihar will prosper and will also play a big role in the prosperity of the country: PM
QuoteA record 25 crore Indians have defeated poverty in the last decade: PM
QuoteBihar will become a big center of Made in India,today, the first engine from the Marhowra Locomotive Factory is being exported to Africa: PM

भारत माता की जय!

भारत माता की जय!

भारत माता की जय!

रऊआ सब लोगन के प्रणाम कर तानी। बाबा महेंद्र नाथ, बाबा हंसनाथ, सोहगरा धाम, मां थावे भवानी, मां अंबिका भवानी, प्रथम राष्ट्रपति देशरत्न डॉ राजेंद्र प्रसाद अऊरी लोकनायक जयप्रकाश नारायण के पावन भूमि पर रऊआ सब के अभिनंदन कर तानी!

बिहार के राज्यपाल श्रीमान आरिफ मोहम्मद खान जी, यहां की जनता की सेवा में समर्पित मुख्यमंत्री श्रीमान नीतीश कुमार जी, केंद्रीय मंत्रिमंडल में मेरे साथी जीतन राम मांझी जी, गिरिराज सिंह जी, ललन सिंह जी, चिराग पासवान जी, रामनाथ ठाकुर जी, नित्‍यानंद राय जी, सतीश चंद्र दुबे जी, राजभूषण चौधरी जी, बिहार के उपमुख्यमंत्री सम्राट चौधरी जी, विजय कुमार सिन्हा जी, संसद के मेरे साथी उपेंद्र कुशवाहा जी, बिहार बीजेपी के अध्यक्ष दिलीप जायसवाल जी, अन्य मंत्रीगण, सांसद और विधायक गण और मेरे प्यारे बिहार के भाइयों और बहनों!

सिवान की ये धरती हमारे स्वतंत्रता संग्राम की प्रेरक स्‍थली है। यह हमारे लोकतंत्र को, देश को, संविधान को ताकत देने वाली भूमि है। सिवान ने राजेंद्र बाबू जैसी महान संतान देश को दी। संविधान निर्माण से लेकर देश को दिशा दिखाने में राजेंद्र बाबू की बहुत बड़ी भूमिका रही। सिवान ने ब्रज किशोर प्रसाद जी जैसी महान समाज सुधारक भी देश को दिए। ब्रज बाबू ने महिला सशक्तिकरण को अपने जीवन का मकसद बनाया था।

|

साथियों,

मुझे खुशी है ऐसी ही महान आत्माओं के जीवन मिशन को एनडीए की यह डबल इंजन सरकार दृढ़ निश्‍चय के साथ आगे बढ़ा रही है। आज का यह कार्यक्रम इन्हीं प्रयासों का हिस्सा है। आज इस मंच से हजारों करोड़ रुपए की योजनाओं का शिलान्यास और लोकार्पण हुआ है। विकास की ये सारी परियोजनाएं बिहार को उज्ज्वल भविष्‍य की तरफ ले जाएगी, समृद्ध बिहार बनाएगी। सिवान, सासाराम, बक्सर, मोतिहारी, बेतिया और आरा जैसे बिहार के सारे इलाके फलें-फूलें, इस दिशा में ये प्रोजेक्ट बड़ी भूमिका निभाएंगे। इनसे गरीब, वंचित, दलित, महादलित, पिछड़े, अति पिछड़े, हर समाज का जीवन आसान होगा। मैं बिहार की जनता को, आप सभी को इन प्रोजेक्‍ट्स के लिए बहुत-बहुत बधाई देता हूं। मैं अभी जब आप लोगों के बीच से आ रहा था, अभी कल ही बारिश हुई। सुबह भी थोड़ा बारिश का लाभ आया, इसके बावजूद भी इतनी बड़ी मात्रा में आपका आना, हमें आशीर्वाद देना, मैं आपका हृदय से जितना धन्यवाद करूं, उतना कम है।

भाइयों और बहनों,

जैसा आप सब जानते हैं, मैं कल ही विदेश से लौटा हूं। इस दौरे में मेरी दुनिया के बड़े-बड़े समृद्ध देशों के नेताओं से बात हुई। सारे नेता भारत की तेज प्रगति से बहुत प्रभावित हैं। वो भारत को दुनिया की तीसरी बड़ी आर्थिक महाशक्ति बनते देख रहे हैं और निश्चित तौर पर इसमें बिहार की बहुत बड़ी भूमिका होने वाली है। बिहार समृद्ध होगा और देश की समृद्धि में भी बड़ी भूमिका निभाएगा।

साथियों,

मेरे इस विश्वास का कारण बिहार के आप सभी लोगों का सामर्थ्य है। आपने मिलकर बिहार में जंगलराज का सफाया किया है। यहां के हमारे नौजवानों ने तो 20 साल पहले के बिहार की बदहाली सिर्फ किस्सों और कथाओं में ही सुनी है। उन्हें बहुत अंदाजा नहीं है कि जंगलराज वालों ने बिहार की क्या हालत बना दी थी। जिस बिहार ने सदियों तक भारत की प्रगति को नेतृत्व दिया, उसको पंजे और लालटेन के शिकंजे ने पलायन का प्रतीक बना दिया था।

|

साथियों,

बिहार के रहने वाले हर व्यक्ति के लिए सबसे बड़ी बात होती है, उसका स्‍वाभिमान। मेरे बिहारी भाई-बहन कठिन से कठिन परिस्थिति में काम करके दिखा देते हैं। वह कभी अपने स्वाभिमान से समझौता नहीं करते। लेकिन पंजे और लालटेन वालों ने मिलकर बिहार के स्वाभिमान को बहुत ठेस पहुंचाई। इन लोगों ने ऐसी लूट-खसोट मचाई की गरीबी बिहार का दुर्भाग्य बन गई। अनेक चुनौतियों को पार करते हुए नीतीश जी के नेतृत्व में NDA सरकार बिहार को विकास की पटरी पर वापस लाई है और मैं बिहारवासियों को विश्वास देने आया हूं, हमने भले ही बहुत कुछ किया हो, करते रहे हैं, करते रहेंगे, लेकिन इतने से शांत होकर के चुप रहने वाला मोदी नहीं है, अब बहुत हो गया, बहुत कर लिया जी नहीं, मुझे तो बिहार के लिए और भी बहुत कुछ करना है, आपके लिए करना है, यहां के गांव-गांव के लिए करना है, यहां के घर-घर के लिए करना है, यहां के हर नौजवान के लिए करना है। अगर मैं सिर्फ बीते 10-11 साल की बात करूं तो इन 10 वर्षों में बिहार में करीब 55 हजार किलोमीटर ग्रामीण सड़कें बनी हैं, डेढ़ करोड़ से ज्यादा घरों को बिजली के कनेक्शन से जोड़ा गया है, डेढ़ करोड़ लोगों को, वहां के घरों को पानी का कनेक्शन दिया गया है, 45 हजार से ज्यादा कॉमन सर्विस सेंटर्स बनाए गए हैं, आज बिहार के छोटे-छोटे शहरों में नए-नए स्टार्ट-अप्स खुल रहे हैं।

साथियों,

बिहार की प्रगति की ये गति लगातार बढ़ती है, इसको बढ़ाते रहना है और इसी समय बिहार में जंगलराज लाने वाले मौका देख रहे हैं कि किसी भी तरह फिर से अपने पुराने कारनामे करने का मौका ढूंढ रहे हैं। बिहार के आर्थिक संसाधनों पर कब्जा करें, इसके लिए वो तरह-तरह के हथकंडे अपना रहे हैं, इसलिए मेरे बिहार के प्यारे भाइयों-बहनों, आप के उज्ज्वल भविष्‍य के लिए, आपके बच्‍चों के उज्ज्वल भविष्‍य के लिए, आपको बहुत ही सतर्क रहना है। समृद्ध बिहार की यात्रा पर ब्रेक लगाने के लिए तैयार बैठे लोगों को कोसों दूर रखना है।

साथियों,

गरीबी हटाओ के नारे हमारे देश ने दशकों तक सुने हैं, आपकी दो-दो, तीन-तीन पीढ़ी ने गरीबी हटाओ! गरीबी हटाओ! हर चुनाव में, ये आकर के बोलते थे। लेकिन जब आपने हमें मौका दिया, एनडीए को मौका दिया, तो NDA सरकार ने दिखाया है कि गरीबी कम भी हो सकती है। बीते एक दशक में रिकॉर्ड 25 करोड़ भारतीयों ने गरीबी को पराजित किया है। वर्ल्ड बैंक जैसी दुनिया की जानी-मानी संस्थाएं, भारत की इस बड़ी उपलब्धि की प्रशंसा कर रही हैं। और भारत ने जो ये कमाल किया है, इसमें बिहार का यहां हमारे नीतीश जी की सरकार का बहुत बड़ा योगदान है। पहले बिहार की आधे से अधिक आबादी, बहुत अधिक गरीब की श्रेणी में आती थी। लेकिन बीते दशक में बिहार के करीब पौने चार करोड़ साथियों ने खुद को गरीबी से मुक्त किया है।

|

साथियों,

आज़ादी के इतने दशकों तक भी इतने लोग गरीब थे, नारे गूंजते रहे, गरीबी बढ़ती रही और ये इसलिए नहीं हुआ कि बिहार के लोगों की मेहनत में कोई कमी थी, देशवासियों की मेहनत में कोई कमी थी। बल्कि इसलिए क्योंकि इनके सामने आगे बढ़ने का कोई रास्ता नहीं था। लंबे समय तक कांग्रेस के लाइसेंस राज ने देश को गरीब रखा और गरीब को अति गरीबी में धकेल दिया। जब हर चीज के लिए कोटा-परमिट फिक्स था। छोटे-छोटे काम करने के लिए परमिट चाहिए होता था। कांग्रेस-RJD के राज में गरीब को घर नहीं मिलता था, राशन, बिचौलिए खा जाते थे, इलाज गरीब की पहुंच से दूर था, पढ़ाई और कमाई के लिए संघर्ष था, बिजली-पानी का एक कनेक्शन लगाने के लिए ही सरकारी दफ्तरों के अनगिनत चक्कर लगाने पड़ते थे। गैस कनेक्शन के लिए सांसदों की सिफारिश लगानी पड़ती थी। नौकरी बिना घूस, बिना सिफारिश के मिलती ही नहीं थी। और इसके सबसे बड़े भुक्तभोगी कौन थे, इनमें से ज्यादातर साथी मेरे दलित समाज के, महादलित समाज के, पिछड़े समाज के, अति पिछड़े समाज के यही मेरे भाई-बहन इसके शिकार हुए थे। इन्हें गरीबी हटाने का सपना दिखाकर खुद कुछ परिवार करोड़पति-अरबपति हो गए।

साथियों,

बीते 11 वर्षों से हमारी सरकार, गरीब के रास्ते की हर मुश्किल को दूर करने में जुटी है और आगे भी करती रहेगी और इतनी मेहनत करते हैं, तब ऐसे अच्‍छे परिणाम आज देखने को मिल रहे हैं। अब जैसे गरीबों के लिए आवास हैं, अभी जिन परिवारों को मुझे आवास की चाबी देने का मुझे मौका मिला, वह इतने आशीर्वाद दे रहे थे, उनके चेहरे पर इतना संतोष था, भाव-विभोर थे।

साथियों,

बीते दशक में देशभर में चार करोड़ से अधिक गरीबों को पक्के घर मिल चुके हैं। मैं आपको पूछूं, जवाब देंगे आप लोग? मैं अगर पूछूं, तो आप जवाब देंगे? मैंने अभी कहा, चार करोड़ लोगों को यानी चार करोड़ परिवारों को पक्के घर, कितने लोगों को, जरा जोर से बोलिए कितने लोगों को? चार करोड़! आप कल्पना कीजिए, चार करोड़ लोगों को पक्के घर मिलना, सिर्फ वह चार दीवारें नहीं हैं, उन घरों में सपने सजते हैं, उन घरों में संकल्प पलते हैं। आने वाले समय में तीन करोड़ और पक्के घर तैयार होने जा रहे हैं। मैंने पहले कहा ना, सेवा के काम में मैं रुकने वाला नहीं हूं। जितना हुआ, पहले वालों से बहुत अच्छा हुआ, फिर भी मोदी चैन की नींद नहीं सोएगा, वह दिन-रात काम करता रहेगा, आपके लिए करता रहेगा क्योंकि आप मेरे परिवार के सदस्य हैं और मेरे परिवार का एक भी सदस्य पीछे न रहे, दुखिया न रहे, यह मैं सपना लेकर के चला हूं। इसका बहुत अधिक फायदा बिहार के मेरे गरीब भाई-बहन, दलित भाई-बहन, महादलित भाई-बहन, पिछड़े भाई-बहन, अति पिछड़े भाई-बहन, ये सारी जो योजनाएं चला रहा हूं, सबसे पहले फायदा इनको मिल रहा है। बिहार में पीएम आवास योजना से 57 लाख से ज्यादा पक्के घर बने हैं। यहां सिवान जिले में भी गरीबों के एक लाख दस हजार से ज्यादा पक्के घर बन चुके हैं, मैं एक जिले की बात बोल रहा हूं और ये काम निरंतर जारी है। आज भी बिहार के 50 हज़ार से अधिक परिवारों के लिए घर की किश्त जारी की गई है। और जानते हैं, मेरे लिए दोहरी खुशी किस बात की है? ये घर ज्यादातर माताओं-बहनों के नाम पर हैं, मेरी जिन बहनों-बेटियों के नाम पर कभी कोई भी संपत्ति नहीं होती थी, अब वो अपने घर की मालकिन बन रही हैं।

|

साथियों,

हमारी सरकार घर के साथ-साथ मुफ्त राशन, बिजली और पानी की सुविधा भी दे रही है। बीते सालों में देशभर में 12 करोड़ से अधिक नए परिवारों के घर नल पहुंचा है। इसमें सिवान के भी साढ़े चार लाख से अधिक परिवारों को पहली बार नल से जल मिला है। गांवों में हर घर में नल हो, शहरों में पीने के लिए पर्याप्त पानी हो, हम इस लक्ष्य को लेकर काम कर रहे हैं। बीते सालों में बिहार के अनेक शहरों के लिए पानी की पाइप लाइन और सीवेज ट्रीटमेंट प्रोजेक्ट बनाए गए। अब दर्जनों और शहरों के लिए पाइप लाइन और सीवेज ट्रीटमेंट प्लांट्स स्वीकृत किए गए हैं। ये सारे प्रोजेक्ट, गरीब और मध्यम वर्ग के परिवारों का जीवन और बेहतर बनाएंगे।

भाइयों और बहनों,

आरजेडी-कांग्रेस की करतूतें, इनके कारनामे, बिहार विरोधी हैं, निवेश विरोधी हैं। जब भी अपने मुंह से ये लोग विकास की बात करते हैं, तो लोगों को दुकान-कारोबार, उद्योग-धंधे, सब में ताले लटकते नजर आते हैं। इसलिए, ये बिहार के नौजवानों के दिल में कभी भी जगह नहीं बना पाए। ये लोग, बेहाल इंफ्रास्ट्रक्चर, माफिया राज, गुंडाराज और भ्रष्टाचार के पोषक रहे हैं।

|

साथियों,

बिहार का प्रतिभाशाली नौजवान आज जमीन पर होने वाले काम देख रहा है, उसे परख रहा है। NDA, कैसा बिहार बना रही है, इसका उदाहरण मढ़ौरा रेल फैक्ट्री है। आज मढ़ौरा की लोकोमोटिव फैक्ट्री से पहला इंजन, अफ्रीका को एक्सपोर्ट किया जा रहा है। यह आप ही का जाएगा, वहां की गाड़ी को खींचेगा। आप सोचिए, अफ्रीका में भी बिहार की जय-जयकार होने वाली है। ये फैक्ट्री उसी सारण जिले में बनी है, जिसको पंजे और आरजेडी वालों ने पिछड़ा कहकर अपने हाल पर छोड़ दिया था। आज ये जिला दुनिया के मैन्युफैक्चरिंग और एक्सपोर्ट मैप पर अपनी जगह बना चुका है। जंगलराज वालों ने तो बिहार का विकास इंजन ही ठप कर दिया था, अब बिहार में बना इंजन, अफ्रीका की रेल चलाएगा। ये बहुत बड़े गर्व की बात है, मुझे पक्का विश्वास है बिहार, मेड इन इंडिया का एक बड़ा सेंटर बनेगा। यहां का मखाना, यहां के फल-सब्जियां तो बाहर जाएंगी ही, बिहार के कारखानों में बनने वाला सामान भी दुनिया के बाज़ारों तक पहुंचेगा। बिहार के नौजवान जो सामान बनाएंगे, वो आत्मनिर्भर भारत को ताकत देगा।

साथियों,

इसमें बिहार में बन रहा आधुनिक इंफ्रास्ट्रक्चर बहुत काम आएगा। आज बिहार में रोड, रेल, हवाई यात्रा और जलमार्ग, हर प्रकार के इंफ्रास्ट्रक्चर पर अभूतपूर्व निवेश हो रहा है। बिहार को लगातार नई ट्रेनें मिल रही हैं। यहां वंदे भारत जैसी आधुनिक ट्रेनें चल रही हैं। आज हम एक और बड़ी शुरुआत करने जा रहे हैं। सावन शुरु होने से पहले आज बाबा हरिहरनाथ की धरती, वंदे भारत ट्रेन से बाबा गोरखनाथ की धरती से जुड़ गई है। पटना से गोरखपुर की नई वंदे भारत ट्रेन, पूर्वांचल के शिव भक्तों को मिली नई सवारी है। ये ट्रेन भगवान बुद्ध की तपोभूमि को, उनकी महापरिनिर्वाण भूमि कुशीनगर से जोड़ने का भी माध्यम है।

|

साथियों,

ऐसे प्रयासों से बिहार में उद्योग-धंधों को तो बल मिलेगा ही, इससे पर्यटन को सबसे अधिक फायदा होगा। इससे दुनिया के टूरिज्म मैप में भी बिहार और अधिक निखर कर सामने आएगा। यानी बिहार के नौजवानों के लिए रोजगार के अनगिनत अवसर बनने वाले हैं।

साथियों,

देश में सबको आगे बढ़ने के अवसर मिले, किसी के साथ भी भेदभाव न हो, ये हमारे संविधान की भावना है। हम भी इसी भाव से कहते हैं- सबका साथ, सबका विकास। लेकिन ये लालटेन और पंजे वाले कहते हैं- परिवार का साथ, परिवार का विकास। हम कहते हैं- सबका साथ, सबका विकास। वह कहते हैं- परिवार का साथ, परिवार का विकास। इनकी राजनीति का कुल जमा निचोड़ यही है। अपने-अपने परिवारों के हित के लिए ये देश के, बिहार के करोड़ों परिवारों का अहित करने से भी नहीं चूकते हैं। खुद बाबा साहेब अंबेडकर भी इस प्रकार की राजनीति के बिल्कुल खिलाफ थे। इसलिए ये लोग कदम-कदम पर बाबा साहेब का अपमान करते हैं। अभी पूरे देश ने देखा है कि RJD वालों ने बाबा साहेब की तस्वीर के साथ क्या व्यवहार किया हैं। मैं देख रहा था, बिहार में पोस्टर लगे हैं कि बाबा साहेब के अपमान पर माफी मांगो, लेकिन मैं जानता हूं, ये लोग कभी माफी नहीं मांगेंगे, क्योंकि इन लोगों के मन में दलित, महादलित, पिछड़े, अति पिछड़े के प्रति कोई सम्मान नहीं है। आरजेडी और कांग्रेस बाबा साहेब अंबेडकर की तस्वीर को पैरों में रखती है, जबकि मोदी बाबा साहेब अंबेडकर को अपने दिल में रखता है। बाबा साहेब का अपमान करके ये लोग खुद को बाबा साहेब से भी बड़ा दिखाना चाहते हैं। बिहार के लोग बाबा साहेब का ये अपमान कभी नहीं भूलेंगे।

|

साथियों,

बिहार की तेज प्रगति के लिए जो लॉन्चिंग पैड चाहिए, वो नीतीश जी के प्रयासों से तैयार हो चुका है। अब एनडीए को मिलकर, बिहार को तरक्की की नई बुलंदी देनी है। मुझे बिहार के नौजवानों पर भरोसा है। हम सभी मिलकर बिहार का प्राचीन गौरव फिर लौटाएंगे, बिहार को विकसित भारत का मजबूत इंजन बनाएंगे, इसी विश्वास के साथ, आप सभी को विकास कार्यों की फिर से अनेक-अनेक शुभकामनाएं। मेरे साथ दोनों मुट्ठी बंद करके हाथ ऊपर करके बोलिए, भारत माता की जय! जिसके पास तिरंगा है, वह तिरंगा लहराएंगे।

भारत माता की जय!

भारत माता की जय!

भारत माता की जय!

बहुत-बहुत धन्यवाद!

|