১১টা খণ্ডৰ প্ৰথম শৃংখল উন্মোচন কৰে
“পণ্ডিত মদন মোহন মালৱীয়ৰ সম্পূৰ্ণ গ্ৰন্থ উন্মোচন অতিশয় গুৰুত্বপূৰ্ণ”
“মহামান্য আছিল এগৰাকী আধুনিক চিন্তা আৰু সনাতনী সংস্কৃতিত বিশ্বাসী লোক”
“মালৱীয় জীৰ চিন্তাৰাজি আমাৰ চৰকাৰৰ কৰ্মত প্ৰতিফলিত হৈছে”
“মহামান্যক ভাৰতৰত্ন প্ৰদান কাৰ্য্য আমাৰ চৰকাৰৰ সৌভাগ্যৰ কথা”
“মালৱীয় জীৰ দৃষ্টিৰাজি দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো প্ৰতিফলিত হৈছে”
“সুশাসন মানে ক্ষমতাকেন্দ্ৰিকতাৰ বিপৰীতে সেৱাকেন্দ্ৰিকহে”
“ভাৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বহু প্ৰতিষ্ঠান গঢ়োতা হৈ উঠিছে”

মোৰ কেবিনেট সতীৰ্থ শ্ৰী অনুৰাগ ঠাকুৰ জী আৰু অৰ্জুন ৰাম মেঘৱাল জী, মোৰ পুৰণি বন্ধু তথা মহামান্য সম্পূৰ্ণ বাঙ্ময়ৰ মুখ্য-সম্পাদক ৰাম বাহাদুৰ ৰায় জী, মহামান্য মালৱীয় মিছনৰ অধ্যক্ষ প্ৰভু নাৰায়ণ শ্ৰীবাস্তৱ জী, মঞ্চত উপৱিষ্ট সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল!

প্ৰথমেই আপোনালোক সকলোকে বৰদিনৰ শুভেচ্ছা জনালোঁ! আজি ভাৰত আৰু ভাৰতীয়তাৰ প্ৰতি বিশ্বাস ৰখা লক্ষ-লক্ষ লোকৰ বাবে প্ৰেৰণা হিচাপে কাম কৰাৰ দিন। মহামান্য মদন মোহন মালৱীয় জীৰ জন্ম বাৰ্ষিকী। আজি অটল জীৰ জন্ম বাৰ্ষিকীও। এই পবিত্ৰ উপলক্ষত মহামান্য মালৱীয় জীৰ চৰণত প্ৰণাম জনাই অটল জীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অটল জীৰ জন্ম বাৰ্ষিকী উপলক্ষে দেশত উদযাপন কৰা হৈছে সুশাসন দিৱস। সুশাসন দিৱসত সকলো নাগৰিককে অভিনন্দন জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

এই শুভ অনুষ্ঠানত পণ্ডিত মদন মোহন মালৱীয়ৰ সম্পূৰ্ণ ৰচনাৰ উন্মোচন তাৎপৰ্য্যপূৰ্ণ। মহামান্যৰ চিন্তা, আদৰ্শ আৰু তেওঁৰ জীৱনক প্ৰতিফলিত কৰা এই সমগ্ৰ ‘বাঙ্ময়’ (collection)য়ে আমাৰ যুৱক-যুৱতী আৰু অনাগত প্ৰজন্মৰ বাবে এক শক্তিশালী মাধ্যম হিচাপে কাম কৰিব। ই ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু সমসাময়িক ইতিহাসক বুজিবলৈ এক দুৱাৰ মুকলি কৰিব। বিশেষকৈ গৱেষক পণ্ডিত, ইতিহাসৰ ছাত্ৰ, ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই গ্ৰন্থৰাজি বৌদ্ধিক সম্পদতকৈ কম নহয়। এই গ্ৰন্থসমূহে বিএইচইউ স্থাপনেৰে জড়িত কথাসমূহৰপৰা আৰম্ভ কৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে তেওঁৰ কথোপকথন, ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তেওঁৰ দৃঢ় স্থিতি, ভাৰতৰ প্ৰাচীন ঐতিহ্যৰ প্ৰমূল্য আদি সকলোকে সামৰি লৈছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল ৰাম বাহাদুৰ ৰায় জীয়ে উল্লেখ কৰা এটা খণ্ডত মহামান্যৰ ব্যক্তিগত ডায়েৰীৰ কিছু অংশ সন্নিবিষ্ট কৰা হৈছে। মহামান্যৰ ডায়েৰীয়ে ভাৰতীয় মনোজগতক সমাজ, ৰাষ্ট্ৰ, আধ্যাত্মিকতাকে ধৰি সকলো মাত্ৰাতে পথ প্ৰদৰ্শন কৰিব পাৰে।

বন্ধুসকল, মই মিছনৰ টীমটোক চিনি পাওঁ আৰু আপোনালোক সকলোৱে এই কামৰ বাবে বছৰ-বছৰ ধৰি নিজকে উৎসৰ্গা কৰিছে। দেশৰ চুক-কোণৰপৰা মালৱীয় জীৰ হাজাৰ-হাজাৰ চিঠি আৰু নথি-পত্ৰ বিচাৰি ফুৰা, সংগ্ৰহ কৰা, বিশাল সাগৰ অন্বেষণৰ দৰে আৰ্কাইভৰ মাজেৰে নিখুঁতভাৱে নেভিগেট কৰা, প্ৰতিখন কাগজ পোহৰলৈ অনা আৰু ৰজা-মহাৰাজৰ ব্যক্তিগত সংগ্ৰহৰপৰা পুৰণি কাগজ সংগ্ৰহ কৰাটোও কম নহয়। এই গভীৰ প্ৰচেষ্টাৰ ফল হ’ল যে মহামান্যৰ বিশাল ব্যক্তিত্ব এতিয়া আমাৰ সন্মুখত এই সম্পূৰ্ণ ১১ খণ্ডৰ সংকলনৰ ৰূপত। এই মহান প্ৰচেষ্টাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, মহামান্য মালৱীয় মিছন, ৰাম বাহাদুৰ ৰায় জী আৰু তেওঁৰ টীমলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মহামান্যৰ সৈতে জড়িত পুথিভঁৰাল আৰু পৰিয়ালৰ বহু ব্যক্তিয়েও উল্লেখযোগ্য অৱদান আগবঢ়াইছে। সেই সকলো লোককে মই অন্তৰৰপৰা ধন্যবাদ জনাইছোঁ।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

মহামান্যৰ দৰে ব্যক্তিত্বৰ জন্ম শতিকাত এবাৰেই হয়। তেওঁলোকে আমাক প্ৰতি মুহূৰ্ততে, প্ৰতিবাৰেই, আগন্তুক বহু প্ৰজন্মলৈকে প্ৰভাৱিত কৰিয়েই আছে। মহামান্যৰ ওচৰত ভাৰত ঋণী, যি বহু প্ৰজন্মৰ মাজেৰে বিস্তৃত হৈ আছে। শিক্ষা আৰু দক্ষতাৰ ক্ষেত্ৰত তেওঁ নিজৰ সময়ৰ শ্ৰেষ্ঠ পণ্ডিতসকলৰ সমতুল্য আছিল। তেওঁ আছিল আধুনিক চিন্তাধাৰা আৰু প্ৰাচীন পৰম্পৰাত বিশ্বাসী লোক! স্বাধীনতা সংগ্ৰামত তেওঁ বিশেষ ভূমিকা লোৱাই নহয়, দেশৰ আধ্যাত্মিক আত্মাক জাগ্ৰত কৰাত সক্ৰিয়ভাৱে অৱদান আগবঢ়াইছিল! তেওঁৰ দৃষ্টিভংগীৰ এটা দৃষ্টিভংগী যদি বৰ্তমানৰ প্ৰত্যাহ্বানৰ ওপৰত আছিল, আনটো আছিল ভৱিষ্যৎ গঢ়ি তোলাৰ বাবে উৎসৰ্গিত! মহামান্য যিয়েই নহওঁক কিয়, তেওঁ ‘ৰাষ্ট্ৰ প্ৰথম’ক অগ্ৰাধিকাৰ দিছিল। অতি প্ৰত্যাহ্বানজনক সময়তো তেওঁ ৰাষ্ট্ৰখনৰ বাবে সম্ভাৱনাৰ বীজ সিঁচিছিল। মহামান্যৰ এনে বহু অৱদান আছে যিবোৰ এতিয়া সম্পূর্ণ সংকলনৰ ১১টা খণ্ডৰ জৰিয়তে প্রামাণিকভাৱে পোহৰলৈ আহিব। মই মোৰ চৰকাৰৰ বাবে সৌভাগ্যৰ কথা বুলি গণ্য কৰোঁ যে আমি তেওঁক ভাৰতৰত্ন প্ৰদান কৰিছোঁ। মোৰ বাবে ব্যক্তিগতভাৱে মহামান্য আন এটা কাৰণত বিশেষ। তেওঁৰ দৰে মোকো ভগৱানে কাশীক সেৱা কৰাৰ সুযোগ দিছে। ২০১৪ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰস্তাৱকজন মহামান্য জীৰ পৰিয়ালৰ সদস্য হোৱাটোও মোৰ সৌভাগ্যৰ কথা। মহামান্যৰ কাশীৰ ওপৰত গভীৰ বিশ্বাস আছিল। আজি কাশীয়ে উন্নয়নৰ নতুন শিখৰ স্পৰ্শ কৰিছে, নিজৰ ঐতিহ্যৰ গৌৰৱ পুনৰ ঘূৰাই আনিছে।

মোৰ পৰিয়ালৰ সদস্যসকল,

দাসত্বৰ মানসিকতাৰপৰা মুক্ত হৈ দেশখনে নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰি স্বাধীনতাৰ ‘অমৃত কাল’ৰ পথত অগ্ৰসৰ হৈছে। আমাৰ চৰকাৰৰ কামতো ক’ৰবাত মালৱীয় জীৰ চিন্তাৰ সাৰমৰ্ম অনুভৱ কৰিব। মালৱীয় জীয়ে আমাক এনে এখনি ৰাষ্ট্ৰৰ দৰ্শন দিলে, যাৰ আধুনিক ব্যৱস্থাই নিজৰ প্ৰাচীন আত্মাক সংৰক্ষণ কৰি ৰাখিছে। ইংৰাজৰ বিৰোধিতা কৰি শিক্ষা বৰ্জন কৰাৰ ধাৰণা যেতিয়া উদ্ভৱ হ’ল, তেতিয়া মালৱীয় জীয়ে সেই ধাৰণাটোৰ বিৰুদ্ধে থিয় দিলে। তেওঁ সেই ধাৰণাটোৰ বিৰোধী আছিল। তেওঁ কয় যে শিক্ষা বৰ্জন কৰাৰ পৰিৱৰ্তে ভাৰতীয় মূল্যবোধৰ ওপৰত ভিত্তি কৰি স্বাৱলম্বী শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ দিশত আগবাঢ়িব লাগে। আৰু আমোদজনক কথাটো হ’ল, তেওঁ এই দায়িত্ব নিজেই লোৱাই নহয়, দেশক বেনাৰস হিন্দু বিশ্ববিদ্যালয়খনো এক সন্মানীয় প্ৰতিষ্ঠান গঢ় তুলিলে। তেওঁ অক্সফৰ্ড, কেমব্ৰিজৰ দৰে প্ৰতিষ্ঠানত অধ্যয়ন কৰা যুৱক-যুৱতীসকলক বিএইচইউলৈ আহিবলৈ উৎসাহিত কৰিছিল। ইংৰাজী ভাষাৰ এজন মহান পণ্ডিত হোৱাৰ পিছতো মহামান্যই ভাৰতীয় ভাষাৰ প্ৰবল পোষকতা কৰিছিল। দেশৰ প্ৰশাসন আৰু আদালতত পাৰ্চী আৰু ইংৰাজী ভাষাই আধিপত্য বিস্তাৰ কৰিছিল। ইয়াৰ বিৰুদ্ধেও মালৱীয় জীয়ে মাত মাতিলে। তেওঁৰ এই প্ৰচেষ্টাৰ বাবে দেৱনাগৰী লিপিৰ ব্যৱহাৰে জনপ্ৰিয়তা লাভ কৰে, ভাৰতীয় ভাষাই স্বীকৃতি লাভ কৰে। আজি মালৱীয় জীৰ এই প্ৰচেষ্টাৰ আভাস দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত দেখা যায়। আমি ভাৰতীয় ভাষাত উচ্চ শিক্ষাৰ সূচনা কৰিছোঁ। আদালততো ভাৰতীয় ভাষাত কাম কৰিবলৈ উৎসাহিত কৰিছে চৰকাৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই কাম সম্পূৰ্ণ হ’বলৈ দেশে ৭৫ বছৰ অপেক্ষা কৰিবলগীয়া হ’ল।

 

বন্ধুসকল,

যিকোনো ৰাষ্ট্ৰৰ শক্তি নিহিত হৈ থাকে ইয়াৰ প্ৰতিষ্ঠানসমূহৰ সবলীকৰণত। মালৱীয় জীয়ে তেওঁৰ জীৱনকালত এনে বহু অনুষ্ঠানৰ সৃষ্টি কৰিছিল য’ত ৰাষ্ট্ৰীয় ব্যক্তিত্বৰ বিকাশ ঘটিছিল। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বিষয়ে বিশ্বই জানিলেও মহামান্য জীয়ে আন বহুতো প্ৰতিষ্ঠানো প্ৰতিষ্ঠা কৰিছিল। হৰিদ্বাৰৰ ঋষিকুল ব্ৰহ্মচাৰ্য্য আশ্ৰমেই হওঁক, প্ৰয়াগৰাজৰ ভাৰতী ভৱন পুথিভঁৰালেই হওঁক বা লাহোৰৰ সনাতন ধৰ্ম মহাবিদ্যালয়েই হওঁক, মালৱীয় জীয়ে ৰাষ্ট্ৰ-নিৰ্মাণৰ বাবে ভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপন কৰিছিল। সেই যুগক আজিৰ লগত তুলনা কৰিলে আমি দেখিবলৈ পাওঁ যে ৰাষ্ট্ৰ-নিৰ্মাণৰ প্ৰক্ৰিয়াত আকৌ এবাৰ ভাৰতে ইটোৰ পিছত সিটো প্ৰতিষ্ঠান সৃষ্টি কৰি আছে। সহযোগিতাৰ শক্তিৰ জৰিয়তে দেশৰ উন্নয়নক গতি প্ৰদান কৰিবলৈ এটা সুকীয়া সমবায় মন্ত্ৰালয় স্থাপন কৰা হৈছে। ভাৰতীয় চিকিৎসা পদ্ধতিৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে আয়ুসৰ এক সুকীয়া মন্ত্ৰালয় স্থাপন কৰিছে। জামনগৰতো ডব্লিউএইচঅ’ গ্ল’বেল চেন্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিনৰ আধাৰশিলা স্থাপন কৰা হৈছে। আমি শ্ৰী অন্ন অৰ্থাৎ বাজৰাৰ ওপৰত গৱেষণাৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মিলেট ৰিচাৰ্চ স্থাপন কৰিছোঁ। ভাৰতে শেহতীয়াকৈ শক্তি খণ্ডৰ বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত চিন্তা-চৰ্চাৰ বাবে গ্ল’বেল বাঅ’ফুৱেল এলায়েন্স গঠন কৰিছে। আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাই হওঁক, দুৰ্য্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটেই হওঁক, গ্ল’বেল চাউথৰ বাবে ‘দক্ষিণ’ গঠনেই হওঁক বা ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰেই হওঁক, মহাকাশ খণ্ডৰ বাবে ইন-স্পেচ স্থাপনেই হওঁক বা নৌসেনা খণ্ডত ভাৰত আজি বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সৃষ্টিকৰ্তা হৈ পৰিছে। এই প্ৰতিষ্ঠানসমূহ, এই পদক্ষেপসমূহে কেৱল একবিংশ শতিকাৰ ভাৰতৰ বাবেই নহয়, একবিংশ শতিকাৰ জগতখনক এক নতুন দিশ দিয়াৰ ক্ষেত্ৰতো কাম কৰিব।

বন্ধুসকল,

মহামান্য আৰু অটল জী দুয়োজনেই একেটা চিন্তাৰ ধাৰাৰে সংযুক্ত আছিল। অটল জীয়ে মহামান্যৰ বিষয়ে কয়, "যেতিয়া এজন ব্যক্তিয়ে চৰকাৰী সহায় অবিহনে কিবা এটা কৰিবলৈ ওলাই যায়, তেতিয়া মহামান্যৰ ব্যক্তিত্ব, তেওঁৰ চৰিত্ৰই তেওঁৰ পথক আলোকিত কৰিব।" আজি মালৱীয় জী, অটল জী আৰু দেশৰ প্ৰতিজন স্বাধীনতা সংগ্ৰামীয়ে কল্পনা কৰা সেই সপোনবোৰ পূৰণ কৰাত দেশ একত্ৰিত হৈছে। আমি ইয়াক সুশাসনৰ ওপৰত ভিত্তি কৰি লৈছোঁ। সুশাসন মানে ক্ষমতাকেন্দ্ৰিক নহয়, সেৱাকেন্দ্ৰিক হোৱা। যেতিয়া নীতি স্পষ্ট উদ্দেশ্যৰে, সহানুভূতিৰে ৰূপায়ণ কৰা হয় আৰু যেতিয়া কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ প্ৰতিজন প্ৰাপ্য ব্যক্তিয়ে নিজৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰে। সুশাসনৰ এই নীতি আজি আমাৰ চৰকাৰৰ পৰিচয় হৈ পৰিছে।

আমাৰ চৰকাৰে যাতে নাগৰিকে মৌলিক সা-সুবিধাৰ বাবে ইফালে-সিফালে দৌৰিব নালাগে, তাৰ বাবে অহৰহ চেষ্টা কৰি আছে। বৰঞ্চ চৰকাৰে প্ৰতিজন নাগৰিকৰ ওচৰলৈ গৈ তেওঁলোকক প্ৰতিটো সা-সুবিধা প্ৰদান কৰিছে। এতিয়া আমাৰ প্ৰচেষ্টা প্ৰতিটো সুবিধাৰ চেচুৰেচন নিশ্চিত কৰি ১০০ শতাংশ কাৰ্য্যকৰী কৰা। এই উদ্দেশ্যে সমগ্ৰ দেশতে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ অনুষ্ঠিত কৰা হৈছে। আপোনালোকে নিশ্চয় দেখিছে মোদীৰ গেৰেন্টী বাহনখন। বহু আঁচনিৰ সুবিধা থিতাতে লাভ কৰিছে হিতাধিকাৰীয়ে। এটা উদাহৰণ দিওঁ। আজি কেন্দ্ৰীয় চৰকাৰে প্ৰতিজন দৰিদ্ৰ ব্যক্তিক ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ড প্ৰদান কৰে। এই কাৰ্ডসমূহ যোৱা কেইবছৰমানৰপৰা লাখ-লাখ দৰিদ্ৰ লোকক দিয়া হৈছে। কিন্তু বহু ক্ষেত্ৰত সজাগতাৰ অভাৱৰ বাবে দৰিদ্ৰ লোকে এই আয়ুষ্মান কাৰ্ড লাভ কৰিব নোৱাৰিলে। এতিয়া দেশত মাত্ৰ ৪০ দিনৰ ভিতৰতে এক কোটিৰো অধিক নতুন আয়ুষ্মান কাৰ্ড বিতৰণ কৰিছে মোদীৰ গেৰেন্টী বাহনে। হিতাধিকাৰীক চিনাক্ত কৰি কাৰ্ড দিয়া হৈছে। ‘সবকা সাথ, সবকা বিকাশ’ -- এয়া সুশাসন।

 

বন্ধুসকল,

সুশাসনৰ আন এটা দিশ হ’ল সততা আৰু স্বচ্ছতা। আমাৰ দেশত এটা ধাৰণা আছিল যে ডাঙৰ-ডাঙৰ কেলেংকাৰি আৰু দুৰ্নীতি অবিহনে চৰকাৰে কাম কৰিব নোৱাৰে। ২০১৪ৰ আগতে আমি লাখ-লাখ কোটি টকাৰ কেলেংকাৰিৰ কথা বহুত শুনিছিলোঁ। কিন্তু আমাৰ চৰকাৰে নিজৰ সুশাসনৰ জৰিয়তে সেই আশংকাবোৰ ছিন্নভিন্ন কৰি পেলাইছে। আজিৰ দিনত দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে লাখ-লাখ কোটি টকাৰ আঁচনিৰ ওপৰত আলোচনা চলি আছে। দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া ৰেচনৰ আঁচনিৰ বাবে আমি ৪ লাখ কোটি টকা খৰচ কৰিছোঁ। আমাৰ চৰকাৰেও ৪ লাখ কোটিৰো অধিক টকা খৰচ কৰি দৰিদ্ৰ লোকক স্থায়ী বাসগৃহৰ ব্যৱস্থা কৰিছে। প্ৰতিঘৰ গৃহস্থীলৈ পাইপেৰে পানী যোগানৰ বাবে ৩ লাখ কোটিৰো অধিক টকা ব্যয় কৰা হৈছে। সৎ কৰদাতাৰ প্ৰতিটো টকা জনসাধাৰণৰ কল্যাণ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থত ব্যয় কৰা উচিত ... এয়া সুশাসন।

আৰু বন্ধুসকল,

যেতিয়া এনে সততাৰে কাম কৰা হয় আৰু সেই অনুসৰি নীতি প্ৰণয়ন কৰা হয়, তেতিয়া তাৰ ফল স্পষ্ট হৈ পৰে। এই সুশাসনৰ ফল হৈছে আমাৰ চৰকাৰৰ মাত্ৰ পাঁচ বছৰতে ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত হৈছে।

বন্ধুসকল,

সহানুভূতি অবিহনে সুশাসনৰ কল্পনা কৰিব নোৱাৰি। আমাৰ দেশৰ ১১০ খনৰো অধিক জিলাক পিছপৰা বুলি গণ্য কৰা হৈছিল। বিশ্বাস কৰা হৈছিল যে যিহেতু এই ১১০খন জিলা পিছপৰা, গতিকে দেশখনো পিছপৰা হৈ থাকিব। যেতিয়া এজন বিষয়াক শাস্তিমূলক প’ষ্টিং দিব লগা হৈছিল, তেতিয়া তেওঁলোকক এই জিলাসমূহলৈ পঠিওৱা হৈছিল। এই ১১০খন জিলাত একো সলনি কৰিব নোৱাৰি বুলি মানি লোৱা হৈছিল। সেয়েহে আমাৰ চৰকাৰে এই ১১০খন জিলাক আকাংক্ষী জিলা হিচাপে পুনৰ ব্ৰেণ্ড কৰিলে। আমি এই জিলাসমূহৰ উন্নয়নৰ ওপৰত মিছন ম’ডত গুৰুত্ব দিলোঁ। আজি এই আকাংক্ষী জিলাসমূহে ভিন্ন উন্নয়নৰ পৰিমাপত আন জিলাতকৈ উন্নত প্ৰদৰ্শন আগবঢ়াইছে। একে মনোভাৱেৰে আমি বৰ্তমান আকাংক্ষী খণ্ড কাৰ্য্যক্ৰমৰ কাম কৰি আছোঁ।

 

বন্ধুসকল,

যেতিয়া মানসিকতা আৰু দৃষ্টিভংগী সলনি হয়, তেতিয়া ফলাফল লাভ কৰা যায়। দশক-দশক ধৰি আমাৰ সীমান্তৰ গাঁওবোৰক শেষ গাঁও বুলি গণ্য কৰা হৈছিল। আমি তেওঁলোকৰ মাজত এই বিশ্বাস জগাই তুলিলো যে তেওঁলোক দেশৰ প্ৰথম গাঁও। সীমান্তৰ গাঁওবোৰত আমি ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যসূচী আৰম্ভ কৰিলোঁ। আজি চৰকাৰী বিষয়া-মন্ত্ৰীসকলে সেই অঞ্চলসমূহ ভ্ৰমণ কৰি, ৰাইজৰ সৈতে মত-বিনিময় কৰি আছে। মই মোৰ কেবিনেট মন্ত্ৰীসকলৰ বাবে বাধ্যতামূলক কৰিলোঁ যে তেওঁলোকে পূৰ্বতে শেষ গাঁও বুলি গণ্য কৰা গাঁওখনত ৰাতিটো কটাব লাগিব, যিখন গাঁওক মই এতিয়া প্ৰথম গাঁও বুলি কওঁ। আনকি কিছুমানে ১৭ হাজাৰ ফুট উচ্চতালৈয়ো গৈছে।

আজি চৰকাৰী আঁচনিৰ সুফল ৰাইজৰ মাজলৈ দ্ৰুতগতিত গৈছে। যদি এয়া সুশাসন নহয়, তেন্তে কি? দেশৰ যিকোনো দুৰ্ভাগ্যজনক ঘটনা বা দুৰ্য্যোগৰ সময়ত চৰকাৰে দ্ৰুতগতিত সাহায্য আৰু প্ৰতিৰোধৰ প্ৰচেষ্টা সংগঠিত কৰে। ক’ৰোনা মহামাৰী আৰু ইউক্ৰেইনৰ সংঘাতৰ সময়ত আমি এই কথা প্ৰত্যক্ষ কৰিছিলোঁ। পৃথিৱীৰ যিকোনো ঠাইত যেতিয়াই সংকটৰ সৃষ্টি হয়, তেতিয়াই দেশখনে নিজৰ নাগৰিকক বচাবলৈ ক্ষীপ্ৰতাৰে কাম কৰে। সুশাসনৰ অসংখ্য উদাহৰণ আছে যি মই দিব পাৰো। শাসন ব্যৱস্থাৰ পৰিৱৰ্তনে সমাজৰ দৃষ্টিভংগীকো প্ৰভাৱিত কৰিছে। ফলস্বৰূপে আজি ভাৰতত জনসাধাৰণ আৰু চৰকাৰৰ মাজত এক নতুন আস্থাই বিৰাজ কৰিছে। এই আস্থা ৰাষ্ট্ৰখনৰ বৰ্ধিত আত্মবিশ্বাসত প্ৰতিফলিত হৈছে। এই আত্মবিশ্বাস স্বাধীনতাৰ ‘অমৃত কাল’ত ‘বিকশিত ভাৰত’ৰ বিকাশৰ শক্তি হৈ পৰিছে।

 

বন্ধুসকল,

স্বাধীনতাৰ ‘অমৃত কাল’ত আমি মহামান্য আৰু অটল জীৰ নীতিক মাপকাঠি হিচাপে বিবেচনা কৰি ‘বিকশিত ভাৰত’ৰ সপোনৰ দিশত কাম কৰিব লাগিব। মই বিশ্বাস কৰোঁ যে দেশৰ প্ৰতিজন নাগৰিকে দৃঢ়তাৰে সফলতাৰ পথত নিজৰ পূৰ্ণ সমৰ্পণ অৰিহণা যোগাব। এই বিশ্বাসেৰে মই এতিয়া মোৰ ভাষণৰ সামৰণি মাৰিছো, মহামান্যক আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। বহু-বহু ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'History Created In Glasgow': PM Modi Hails Indian Athletes For CWG 2026 Glory

Media Coverage

'History Created In Glasgow': PM Modi Hails Indian Athletes For CWG 2026 Glory
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Global Tiger Day, reaffirms commitment to tiger conservation
July 29, 2026

The Prime Minister, Shri Narendra Modi, has extended greetings to all wildlife enthusiasts on Global Tiger Day.

The Prime Minister said that the people of India are proud that the country is home to almost 70 per cent of the global tiger population.

He noted that India’s tiger conservation efforts are inspired by the country’s centuries-old culture of living in harmony with nature and powered by the collective will of its people.

Shri Modi reaffirmed the commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.

Shri Modi also lauded the efforts and dedication of forest personnel, scientists and conservationists for their key role in tiger protection. The Prime Minister added that India remains committed to empowering local communities and reducing human-wildlife conflict.

In a thread posts on X, Shri Modi said;

“Greetings to all wildlife enthusiasts on Global Tiger Day. The people of India are proud of the fact that we are home to almost 70% of the global tiger population. India’s tiger conservation efforts are inspired by our centuries-old culture of living in harmony with nature and powered by the collective will of our people. We also reaffirm our commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.”

“The efforts and dedication of our forest personnel, scientists and conservationists have also played a key role in tiger protection. In that spirit, India remains committed to empowering local communities and reducing human-wildlife conflict.”