Launches Bharat Parv, to showcase nation’s rich diversity with Republic Day Tableaux and cultural exhibitions
“On Parakram Diwas, we reiterate our commitment to fulfilling Netaji's ideals and building an India of his dreams”
“Netaji Subhash is a big role model for the capable Amrit generation of the country”
“Netaji's life is a pinnacle of not only hard work but also of bravery”
“Netaji forcefully showcased India's claim as Mother of Democracy before the world”
“Netaji worked to rid the youth of mentality of slavery”
“Today, the way the youth of India are taking pride in their culture, their values, their Indianness is unprecedented”
“Only our youth and women power can free the country's politics from the evils of nepotism and corruption”
“Our goal is to make India economically prosperous, culturally strong and strategically capable”
“We have to use every moment of Amrit Kaal in the national interest”

মোৰ কেবিনেট সহকৰ্মী কিষাণ ৰেড্ডীজী, অৰ্জুন ৰাম মেঘৱালজী, মীনাক্ষী লেখীজী, অজয় ভাটজী, ব্ৰিগেডিয়াৰ আৰ এছ চিকাৰাজী, আইএনএৰ প্ৰাক্তন লেফটেনেণ্ট আৰ মাধৱনজী, আৰু মোৰ মৰমৰ দেশবাসী!

 

আনুষ্ঠানিকভাৱে পৰাক্ৰম দিৱস হিচাপে স্বীকৃত নেতাজী সুভাষ চন্দ্ৰৰ জন্ম জয়ন্তীত আপোনালোক সকলোকে অভিনন্দন জনাইছো। আজাদ হিন্দ ফৌজ বিপ্লৱীসকলৰ শক্তি প্ৰত্যক্ষ কৰা লালকিল্লা আজি পুনৰ এক নতুন শক্তিৰে ভৰি পৰিছে। অমৃত কালৰ আৰম্ভণি বৰ্ষত, 'সংকল্প চে সিদ্ধি'ক লৈ দেশজুৰি উৎসাহ সৃষ্টি হৈছে, আৰু এই বিশেষ মুহূৰ্তটো সঁচাকৈয়ে অভূতপূৰ্ব। কালি সমগ্ৰ বিশ্বই ভাৰতৰ সাংস্কৃতিক চেতনাত এক ঐতিহাসিক মাইলৰ খুঁটি প্ৰত্যক্ষ কৰিছিল। সমগ্ৰ বিশ্ব আৰু মানৱ জাতিয়ে বিশাল ৰাম মন্দিৰৰ 'প্ৰাণ প্ৰতিষ্ঠ'ৰ সৈতে সম্পৰ্কিত শক্তি আৰু আৱেগৰ অভিজ্ঞতা লাভ কৰিছিল। আৰু আজি আমি মহান নেতা শ্ৰী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন কৰিছোঁ। যোৱা কেইবছৰমানত, ২৩ জানুৱাৰীক পৰাক্ৰম দিৱস হিচাপে ঘোষণা কৰাৰ পিছত, গণতন্ত্ৰ দিৱসৰ গুৰুত্বপূৰ্ণ উৎসৱ এতিয়া ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হয় আৰু ৩০ জানুৱাৰী, বাপুৰ মৃত্যু বাৰ্ষিকীলৈকে চলি থাকে। এতিয়া, গণতন্ত্ৰ দিৱসৰ এই উদযাপনত ২২ জানুৱাৰীৰ বিশাল আধ্যাত্মিক উৎসৱো যোগ কৰা হৈছে। জানুৱাৰীৰ এই কেইটামান দিন আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক চেতনাৰ লগতে আমাৰ গণতন্ত্ৰ আৰু দেশপ্ৰেমৰ বাবে যথেষ্ট অনুপ্ৰেৰণাদায়ক হৈ পৰিছে। মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ!

 

বন্ধুসকল,

 

আজি নেতাজীৰ জীৱনক লৈ এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। শিল্পীসকলে নেতাজীৰ জীৱন এখন বিশাল কেনভাচত বন্দী কৰিছে। মই এই প্ৰচেষ্টাত জড়িত সকলো শিল্পীক প্ৰশংসা কৰিছোঁ। অলপ আগতে, ৰাষ্ট্ৰীয় বাল পুৰস্কাৰেৰে সন্মানিত হোৱা মোৰ যুৱ বন্ধুসকলৰ সৈতেও মোৰ বাৰ্তালাপ হৈছিল। ইমান কম বয়সত তেওঁলোকৰ সাহস, প্ৰতিভা আৰু দক্ষতা আশ্চৰ্যজনক। যেতিয়াই মই ভাৰতৰ যুৱ সমাজক লগ পোৱাৰ সুযোগ পাওঁ, এক উন্নত ভাৰতক লৈ মোৰ বিশ্বাস অধিক শক্তিশালী হৈ উঠে। নেতাজী সুভাষ চন্দ্ৰ বসু দেশৰ এই সক্ষম 'অমৃত' প্ৰজন্মৰ বাবে এক মহান আদৰ্শ।

 

বন্ধুসকল,

 

আজি, পৰাক্ৰম দিৱসত লালকিল্লাৰ প্ৰাংগণৰ পৰা ভাৰত পৰ্বও আৰম্ভ হৈছে। অহা ন দিনত এই ভাৰত পৰ্বত গণতন্ত্ৰ দিৱসৰ ট্যাবলৌ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে দেশৰ বৈচিত্ৰ্য প্ৰদৰ্শন কৰা হ'ব। ভাৰত পৰ্বত সুভাষ চন্দ্ৰ বসুৰ আদৰ্শ প্ৰতিফলিত হয়। এইটো উৎসৱ 'ভোকেল ফৰ লোকেল'ক গ্ৰহণ কৰাৰ উৎসৱ। এই উৎসৱটো পৰ্যটনৰ প্ৰসাৰ ঘটোৱাৰ উৎসৱ। এইটো বৈচিত্ৰ্যৰ প্ৰতি সন্মানৰ উৎসৱ আৰু ইয়াৰ লক্ষ্য হৈছে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ক নতুন উচ্চতালৈ লৈ যোৱা। মই সকলোকে এই উৎসৱত অংশগ্ৰহণ কৰি দেশৰ বৈচিত্ৰ্য উদযাপন কৰিবলৈ অনুৰোধ জনাইছো।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

মই সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰিম যেতিয়া মই আজাদ হিন্দ ফৌজৰ ৭৫ তম বাৰ্ষিকীত লালকিল্লাত ত্ৰিৰংগা উত্তোলন কৰাৰ সন্মান লাভ কৰিছিলোঁ। নেতাজীৰ জীৱন কেৱল কঠোৰ পৰিশ্ৰমৰ প্ৰতীক নহয় সাহসিকতাৰো প্ৰতীক। তেওঁ ভাৰতৰ স্বাধীনতাৰ বাবে নিজৰ সপোন আৰু আকাংক্ষা ত্যাগ কৰিছিল। তেওঁ নিজৰ বাবে এক সহজ জীৱন বাছনি কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তেওঁৰ সপোনবোৰ ভাৰতৰ সংকল্পৰ সৈতে সংযোজিত কৰিছিল। নেতাজী দেশৰ সেই মহান পুত্ৰসকলৰ মাজৰ এজন আছিল যিয়ে কেৱল বিদেশী শাসনৰ বিৰোধিতা কৰাই নহয়, ভাৰতীয় সভ্যতাক লৈ যিসকলে প্ৰশ্ন কৰিছিল তেওঁলোককো উপযুক্ত উত্তৰ প্ৰদান কৰিছিল। তেওঁ সাহসেৰে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ পৰিচয় বিশ্বৰ ওচৰত উপস্থাপন কৰিছিল। যি সময়ত ভাৰতত কিছুমানে গণতন্ত্ৰৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছিল, নেতাজীয়ে তেওঁলোকক ভাৰতৰ গণতান্ত্ৰিক ঐতিহ্য আৰু ইতিহাসৰ কথা মনত পেলাই দিছিল। নেতাজীয়ে দাবী কৰিছিল যে গণতন্ত্ৰ হৈছে এক মানৱ প্ৰতিষ্ঠান, যি ভাৰতৰ বিভিন্ন প্ৰান্তত শ শ বছৰ ধৰি প্ৰচলিত হৈ আহিছে। আজি, যিহেতু ভাৰতে গণতন্ত্ৰৰ মাতৃ হিচাপে নিজৰ পৰিচয়ক লৈ গৌৰৱ কৰে, ইয়ে নেতাজীৰ ধাৰণাবোৰো মজবুত কৰে।

 

বন্ধুসকল,

 

নেতাজীয়ে বুজি পাইছিল যে কেৱল শাসনেই নহয়, চিন্তা আৰু আচৰণকো পৰাধীন কৰিব পাৰি। সেয়েহে, তেওঁ এই বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য লৈছিল, বিশেষকৈ সেই যুগৰ যুৱসকলৰ মাজত। যদি নেতাজী আজিৰ ভাৰতত থাকিলহেতেন, তেন্তে যুৱ ভাৰতত নতুন চেতনা দেখি তেওঁ কিমান সন্তুষ্ট হ'লহেতেন সেয়া কল্পনা কৰিব পাৰি। আজিৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ সংস্কৃতি, মূল্যবোধ আৰু ভাৰতীয়ত্বক লৈ যি গৌৰৱবোধ কৰে সেয়া অভূতপূৰ্ব। প্ৰতিজন যুৱ ভাৰতীয়ই তেওঁলোকৰ সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী আৰু দৃঢ়ভাৱে বিশ্বাস কৰে যে তেওঁলোক আন কাৰোবাৰ সমতুল্য।

 

আমি চন্দ্ৰৰ সেই অংশত অৱতৰণ কৰিছোঁ য'ত আগতে কোনেও উপস্থিত হোৱা নাছিল। আমি বৈজ্ঞানিক গৱেষণাৰৰ বাবে সূৰ্যৰ ফালে ১৫লাখ কিলোমিটাৰ ভ্ৰমণ কৰিছো, আৰু প্ৰতিজন ভাৰতীয়ই এই সাফল্যত গৌৰৱ কৰে। সূৰ্যই হওঁক বা সাগৰৰ গভীৰতাই হওঁক, যিকোনো ঠাইলৈ যোৱাটো আমাৰ সামৰ্থ্যৰ বাহিৰত নহয়। আমি সমগ্ৰ বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনৈতিক শক্তিৰ ভিতৰত এটা হিচাপে আত্মপ্ৰকাশ কৰিব পাৰোঁ। আমাৰ পৃথিৱীৰ প্ৰত্যাহ্বানসমূহৰ সমাধান আগবঢ়োৱাৰ ক্ষমতা আছে। এই বিশ্বাস, এই আত্মবিশ্বাস আজিৰ ভাৰতৰ যুৱপ্ৰজন্মৰ ক্ষেত্ৰত স্পষ্ট। তেওঁলোকৰ মাজত যি জাগৰণ হৈছে, সেয়া এখন উন্নত ভাৰত গঢ়াৰ চালিকা শক্তি হৈ পৰিছে। সেয়েহে, আজিৰ যুৱক-যুৱতীসকলে 'পঞ্চ প্ৰাণ' বা পাঁচটা সংকল্প গ্ৰহণ কৰিছে, দাসত্বমুক্ত মানসিকতাৰ সৈতে কাম কৰি আছে।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

নেতাজীৰ জীৱন আৰু অৱদানে ভাৰতৰ যুৱসমাজৰ বাবে অনুপ্ৰেৰণাৰ হিচাপে কাম কৰে। যোৱা এক দশকত, আমি চেষ্টা কৰিছোঁ যাতে এই অনুপ্ৰেৰণা প্ৰতিটো সন্ধিক্ষণতে আমাৰ সামূহিক চেতনাত অন্তৰ্ভুক্ত হৈ থাকে। নেতাজীৰ এটা বিশিষ্ট মূৰ্তি 'কৰ্তব্য পথ'ত স্থাপন কৰা হৈছে, এই উদ্দেশ্যৰে যে প্ৰতিজন দৰ্শনাৰ্থীক তেওঁৰ কৰ্তব্যৰ প্ৰতি অটল সমৰ্পণৰ কথা মনত পেলাই দিয়া হয়। আন্দামান আৰু নিকোবৰ দ্বীপসমূহৰ নাম নেতাজীৰ নামেৰে ৰখা হৈছে, যি স্থানত আজাদ হিন্দ চৰকাৰে প্ৰথমবাৰৰ বাবে ত্ৰিৰংগা উত্তোলন কৰিছিল। বৰ্তমান, নেতাজীৰ প্ৰতি উৎসৰ্গিত এটা স্মাৰক আন্দামানত নিৰ্মাণাধীন হৈ আছে। ইয়াৰ উপৰিও, আমি নেতাজী আৰু আজাদ হিন্দ ফৌজৰ অৱদানক স্মৰণ কৰি লালকিল্লাত এটা সংগ্ৰহালয় নিৰ্মাণ কৰিছো। প্ৰথমবাৰৰ বাবে নেতাজীৰ নামত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰা হৈছে। মই ইয়াক এক সৌভাগ্যবুলি বিবেচনা কৰোঁ যে আমাৰ চৰকাৰে আজাদ হিন্দ ফৌজক সমৰ্পিত কৰি যি অতুলনীয় পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া স্বাধীন ভাৰতৰ আন কোনো চৰকাৰে এতিয়ালৈকে কৰা নাই।

 

বন্ধুসকল,

 

নেতাজীয়ে দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ চতুৰতাৰে চিনাক্ত কৰিছিল আৰু এই সন্দৰ্ভত সতৰ্কবাণী দিছিল। তেওঁ ভাৰতক মহানতাৰ দিশে আগুৱাই নিয়াৰ বাবে গণতান্ত্ৰিক সমাজৰ আধাৰত ৰাজনৈতিক গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে ওকালতি কৰিছিল। দুৰ্ভাগ্যবশতঃ, স্বাধীনতাৰ পিছত তেওঁৰ চিন্তা-ধাৰণাক কঠোৰভাৱে আঘাত কৰা হৈছিল। স্বাধীনতাৰ পিছত, স্বজন-পোষণৰ দৰে বিষয়বোৰে ভাৰতৰ গণতন্ত্ৰক পীড়িত কৰি আহিছিল। ই ভাৰতৰ বিকাশত এক গুৰুত্বপূৰ্ণ বাধা হৈ আহিছে, যাৰ ফলত আকাংক্ষিত গতিত অগতিৰ পথত বাধা আহিছে। সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ সুযোগৰ পৰা বঞ্চিত হৈ আছিল, আৰু দেশখনত অৰ্থনৈতিক আৰু সামাজিক উন্নতিৰ বাবে অত্যাৱশ্যকীয় সম্পদৰ অভাৱ আছিল। কিছুমান নিৰ্বাচিত পৰিয়ালে ৰাজনৈতিক, অৰ্থনৈতিক সিদ্ধান্ত আৰু নীতি নিৰ্ধাৰণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিছিল। যুৱ আৰু মহিলাসকল বিশেষভাৱে প্ৰভাৱিত হৈছিল। যুৱকসমাজে প্ৰতিটো পদক্ষেপতে বৈষম্যমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব লগা হৈছিল। মহিলাসকলে তেওঁলোকৰ ন্যূনতম মৌলিক প্ৰয়োজনীয়তাৰ বাবেও দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছিল। এইটো স্পষ্ট যে এনে পৰিস্থিতিত, কোনো দেশেই বিকাশৰ পথত আগবাঢ়িব নোৱাৰে, আৰু দুখজনকভাৱে, ভাৰতো ইয়াৰ ব্যতিক্ৰম নাছিল।

 

সেয়েহে, ২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত, আমি "সবকা সাথ, সবকা বিকাশ"ৰ নীতিৰে আগবাঢ়িছোঁ। বৰ্তমান, দেশখনে যোৱা দশকত ৰূপান্তৰকাৰী পৰিৱৰ্তনৰ সাক্ষী হৈছে। নেতাজীয়ে এখন স্বাধীন ভাৰতৰ বাবে যি সপোন দেখিছিল সেয়া এতিয়া সাকা হৈছে। আনকি আটাইতকৈ দৰিদ্ৰ পৰিয়ালৰ পুত্ৰ আৰু কন্যাসকলেও বিশ্বাস কৰে যে তেওঁলোকৰ উন্নতিৰ পৰ্যাপ্ত সুযোগ আছে। সমগ্ৰ দেশৰ মহিলাসকল নিশ্চিত যে চৰকাৰ তেওঁলোকৰ মৌলিক প্ৰয়োজন পূৰণ কৰিব। বহু বছৰৰ প্ৰত্যাশাৰ পিছত, নাৰী শক্তি বন্দন অধিনিয়ম প্ৰণয়ন কৰা হৈছে। দেশৰ প্ৰতিজন যুৱক-যুৱতী, ভগ্নী আৰু কন্যাক মই কওঁ যে বৰ্তমানৰ যুগ 'অমৃত কাল'-এ আপোনাসৱৰ সাহস প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিছে। উন্নত ভাৰতৰ ৰাজনৈতিক দৃশ্যপটক নতুন ৰূপ দিয়াত আপোনাসৱৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কেৱল আমাৰ যুৱসমাজ আৰু মহিলাইহে দেশৰ ৰাজনীতিক স্বজনপোষণ আৰু দুৰ্নীতিৰ পৰা মুক্ত কৰিব পাৰে। আমি ৰাজনীতিৰ জৰিয়তে এই ৰোগবোৰ নিৰ্মূল কৰিবলৈ আৰু বিজয়ী হ'বলৈ সাহস গোটাব  লাগিব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

কালি অযোধ্যাত মই কৈছিলো যে 'ৰামকাজ'ৰ জৰিয়তে (ৰামৰ সেৱাজৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ এয়াই সময়। ৰামৰ প্ৰতি ভক্তিৰ জৰিয়তে দেশপ্ৰেমৰ অনুভূতি শক্তিশালী কৰাৰ এই সময়। বিশ্বই আজি ভাৰতৰ প্ৰতিটো পদক্ষেপ আৰু কাৰ্য পৰীক্ষা কৰি আছে। আমি যি সম্পাদন কৰোঁ, বিশ্বই সেয়া আগ্ৰহেৰে লক্ষ্য কৰে। আমাৰ উদ্দেশ্য হৈছে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰা। আমি ভাৰতক অৰ্থনৈতিকভাৱে সমৃদ্ধ, সাংস্কৃতিকভাৱে শক্তিশালী আৰু কৌশলগতভাৱে অদম্য কৰি তোলাৰ লক্ষ্য ৰাখিছো। ইয়াক অৰ্জন কৰিবলৈ, আমি পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হোৱাটো অতি প্ৰয়োজনীয়। এই লক্ষ্য পূৰণৰ ক্ষমতা আমাৰ আছে। যোৱা দশকত, আমি দশম সৰ্ববৃহৎ অৰ্থনীতিৰ পৰা পঞ্চম সৰ্ববৃহৎ লৈ উৰ্ধগামী হৈছো, যোৱা দহ বছৰত, সমগ্ৰ দেশৰ সামূহিক প্ৰচেষ্টা আৰু উৎসাহৰ বাবে প্ৰায় ২৫ কোটি ভাৰতীয় দৰিদ্ৰতাৰ পৰা বাহিৰ হৈ ওলাই আহিছে। ভাৰতে আজি পূৰ্বতে অকল্পনীয় বুলি গণ্য কৰা লক্ষ্যসমূহ পূৰণ কৰি আছে।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

 

যোৱা ১০বছৰত, ভাৰতে ইয়াৰ কৌশলগত সামৰ্থ্য বৃদ্ধিৰ বাবে এক নতুন পথ গ্ৰহণ কৰিছে। বহু কাল ধৰি, ভাৰতে ইয়াৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ প্ৰয়োজনীয়তাৰ বাবে বিদেশী ৰাষ্ট্ৰসমূহৰ ওপৰত নিৰ্ভৰ কৰিছিল। অৱশ্যে, আমি ভাৰতৰ শক্তিক আত্মনিৰ্ভৰ কৰি আমি সেই নীতি সলনি কৰিছো। এনে ধৰণৰ শ শ অস্ত্ৰ আৰু সঁজুলি আছে, যাৰ আমদানি দেশৰ সৈন্য বাহিনীয়ে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। বৰ্তমান, দেশজুৰি এক গতিশীল প্ৰতিৰক্ষা উদ্যোগ গঢ় লৈ উঠিছে। এসময়ত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা সামগ্ৰী আমদানিকৰ্তা ভাৰত এতিয়া বিশ্বৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানিকৰ্তা হোৱাৰ পথত আছে।

 

বন্ধুসকল,

আজি ভাৰতে বিশ্বৰ ৰূপত সমগ্ৰ বিশ্বক সংযোগ কৰাত ব্যস্ত হৈ আছে। আমি বৰ্তমান গোলকীয় প্ৰত্যাহ্বানৰ সমাধানৰ বাবে আগবাঢ়ি কাম কৰি আছোঁ। এফালে, আমি বিশ্বক সংঘাতৰ পৰা শান্তিলৈ পৰিৱৰ্তন কৰাৰ প্ৰচেষ্টা চলাইছোঁ। একে সময়তে, আমি আমাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত।

 

বন্ধুসকল,

 

ভাৰত আৰু ইয়াৰ জনসাধাৰণৰ বাবে আগন্তুক ২৫ বছৰ যথেষ্ট গুৰুত্বপূৰ্ণ। আমি ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাবে এই 'অমৃতকাল'ৰ সময়ত প্ৰতিটো মুহূৰ্তৰ সৰ্বাধিক সদ্ব্যৱহাৰ কৰিব লাগিব। উন্নত ভাৰত গঢ়াৰ বাবে কঠোৰ পৰিশ্ৰম আৰু সাহস অপৰিহাৰ্য। পৰাক্ৰম দিৱসে আমাক প্ৰতি বছৰে এই সংকল্পৰ কথা মনত পেলাই দিব। আকৌ এবাৰ সমগ্ৰ দেশবাসীক 'পৰাক্ৰম দিৱস'ৰ আন্তৰিক অভিনন্দন জনাইছোঁ। নেতাজী সুভাষ চন্দ্ৰ বসুৰ গুণাসমূহৰ কথা স্মৰণ কৰি মই সন্মানসহকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মোৰ সৈতে এইদৰে কওঁকঃ

 

ভাৰত মাতা কী জয়!

 

ভাৰত মাতা কী জয়!

 

ভাৰত মাতা কী জয়!

 

বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG

Media Coverage

India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister’s Departure Statement ahead of his visit to Seychelles
June 27, 2026

At the invitation of my friend, H.E. Dr. Patrick Herminie, President of the Republic of Seychelles, I will undertake a State Visit to Seychelles from 27-29 June 2026 to participate in the Golden Jubilee celebrations of the National Day of Seychelles as the Guest of Honour.

Seychelles is a valued maritime neighbour and a key partner in our Vision MAHASAGAR and our shared commitment to the Global South. This year, we also mark the 50th anniversary of the establishment of our diplomatic relations which are rooted in mutual trust, shared democratic values, respect for diversity and deep affinity between our peoples.

Building on the successful State visit of President Herminie to India in February 2026, I look forward to our discussions aimed at further strengthening our enduring friendship. Together, we will work to advance the progress of our peoples, and promote security and prosperity in the Indian Ocean region.

During the visit, I will have the honour of becoming the first Indian Prime Minister to address the National Assembly of Seychelles. This historic opportunity reflects the strong democratic values and parliamentary traditions that bind our two nations.

I also look forward to interacting with the vibrant Indian community in Seychelles, who have been nurturing the special friendship between India and Seychelles for generations, and serving as a living bridge between our two nations.

I am confident that my visit will further deepen the longstanding bonds between the two countries, enhance maritime cooperation in the Indian Ocean region, and advance our shared vision of a secure, peaceful and prosperous Indian Ocean region.