ভাৰতে শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে: প্ৰধানমন্ত্ৰী
আজি ভাৰতে সৌৰশক্তিৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ ৫ খন দেশৰ ভিতৰত স্থান লাভ কৰিছে: প্ৰধানমন্ত্ৰী
ভাৰতক আত্মনিৰ্ভৰশীল হ’বলৈ দুটা মূল বস্তুৰ প্ৰয়োজন - শক্তি আৰু অৰ্ধপৰিবাহী। এই যাত্ৰাত অসমে উল্লেখযোগ্য ভূমিকা পালন কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি অহৰহ অসমৰ পৰিচয় শক্তিশালী কৰি আছোঃ প্ৰধানমন্ত্ৰী

ভাৰত মাতা কী জয়! অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, হৰদীপ সিং পুৰী জী, অসম চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ইয়াত অংশগ্ৰহণ কৰা মোৰ ভাই-ভনীসকল!

মই সমূহ অসমবাসীক আগতীয়াকৈ, শাৰদীয় দুৰ্গা পূজাৰ ওলগ আৰু শুভেচ্ছা জনাইছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেনৰ জন্মোৎসৱ উপলক্ষে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছো।

বন্ধুসকল,

যোৱা দুদিন ধৰি উত্তৰ-পূৰ্বাঞ্চলত আছো। উত্তৰ-পূৰ্বাঞ্চললৈ আহিলেই অভূতপূৰ্ব মৰম আৰু আশীৰ্বাদ পাওঁ। বিশেষকৈ অসমৰ এই অঞ্চলত যি মৰম আৰু স্নেহ লাভ কৰোঁ সেয়া আচৰিত। আপোনালোক সকলোলৈকৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

বিকশিত অসম, বিকশিত ভাৰতৰ গৌৰৱময় যাত্ৰাৰ বাবে আজি এক অতি গুৰুত্বপূৰ্ণ দিন। আজি অসমে লাভ কৰিছে প্ৰায় ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প। অলপ আগতে মই দৰঙত আছিলো। তাত সংযোগ আৰু স্বাস্থ্যৰ সৈতে জড়িত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছিলোঁ। এতিয়া ইয়াতেই শক্তি সুৰক্ষাৰ সৈতে জড়িত প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন কৰা হৈছে। এই প্ৰচেষ্টাসমূহে বিকশিত অসমৰ পথ আৰু অধিক শক্তিশালী কৰিব।

বন্ধুসকল,

অসম হৈছে ভাৰতৰ শক্তি ক্ষমতা বৃদ্ধি কৰা ভূমি। ইয়াত উৎপাদিত পেট্ৰ’লিয়াম সামগ্ৰীয়ে দেশৰ উন্নয়ন ত্বৰান্বিত কৰে। বিজেপি এনডিএ চৰকাৰে অসমৰ এই ক্ষমতাক নতুন উচ্চতালৈ নিয়াৰ কামত ব্যস্ত। এই পৰ্যায়লৈ অহাৰ আগতে মই ওচৰৰ আন এটা অনুষ্ঠানলৈ গৈছিলোঁ, য’ত বাঁহৰ পৰা বায়’-ইথানল তৈয়াৰ কৰা আধুনিক উদ্যোগ এটা উদ্বোধন কৰা হৈছিল। এয়া অসমৰ বাবে অতি গৌৰৱৰ বিষয়। ইথানল প্লাণ্ট উদ্বোধনৰ সমান্তৰালকৈ আজি ইয়াত পলিপ্ৰপাইলিন প্লাণ্টৰ আধাৰশিলাও স্থাপন কৰা হৈছে। এই উদ্যোগসমূহে অসমৰ উদ্যোগসমূহক শক্তি প্ৰদান কৰিব। অসমৰ উন্নয়ন ত্বৰান্বিত কৰিব। কৃষক, যুৱক-যুৱতী, সকলোৰে বাবে নতুন সুযোগ সৃষ্টি কৰিব। ইমানবোৰ প্ৰকল্পৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।

বন্ধুসকল,

আজি ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত উন্নয়নশীল দেশ। ভাৰতৰ বিকাশৰ লগে লগে আমাৰ বিদ্যুৎ, গেছ আৰু ইন্ধনৰ প্ৰয়োজনীয়তাও বাঢ়িছে। এইবোৰৰ বাবে আমি বিদেশৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছো। আমি বিদেশৰ পৰা বিপুল পৰিমাণৰ খাৰুৱা তেল আৰু গেছ আমদানি কৰোঁ আৰু বিনিময়ত ভাৰতে প্ৰতি বছৰে আন দেশক লাখ লাখ টকা দিবলগীয়া হয়। আমাৰ ধনে বিদেশত চাকৰিৰ সৃষ্টি কৰে, তাত থকা মানুহৰ উপাৰ্জন বৃদ্ধি পায়। এই পৰিস্থিতি সলনি কৰাটো প্ৰয়োজনীয় আছিল। সেইবাবেই ভাৰতে শক্তিৰ প্ৰয়োজনীয়তাৰ বাবে স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে।

 

 

বন্ধুসকল,

এফালে আমি দেশত খাৰুৱা তেল আৰু গেছৰ নতুন মজুত আৱিষ্কাৰ কৰিছো, আনফালে আমি সেউজ শক্তিৰ ক্ষমতাও বৃদ্ধি কৰিছো। আপোনালোক সকলোৱে নিশ্চয় শুনিছে, এইবাৰ লালকিল্লাৰ পৰা সমুদ্ৰ মন্থন ঘোষণা কৰিছো। বিশেষজ্ঞসকলে কয় যে আমাৰ সাগৰসমূহতো তেল আৰু গেছৰ বিশাল মজুত থাকিব পাৰে। আমি ৰাষ্ট্ৰীয় গভীৰ জল অন্বেষণ অভিযান আৰম্ভ কৰিবলৈ ওলাইছো যাতে এই সম্পদসমূহ দেশৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় আৰু সেইবোৰ অন্বেষণ কৰিব পৰা যায়।

বন্ধুসকল,

ভাৰতে সেউজ শক্তি উৎপাদনৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিছে। একদশক পূৰ্বে সৌৰশক্তিৰ ক্ষেত্ৰত ভাৰত বহু পিছ পৰি আছিল। কিন্তু আজি ভাৰত সৌৰশক্তিৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত অন্যতম।

বন্ধুসকল,

এই পৰিৱৰ্তিত সময়ত ভাৰতক তেল আৰু গেছৰ বিকল্প হিচাপে অধিক ইন্ধনৰ প্ৰয়োজন। তেনে এটা বিকল্প হ’ল ইথানল। আজি ইয়াত বাঁহৰ পৰা ইথানল তৈয়াৰ কৰা উদ্যোগ এটা আৰম্ভ কৰা হৈছে। ইয়াৰ দ্বাৰা অসমৰ কৃষক, মোৰ জনজাতীয় ভাই-ভনী আৰু পৰিয়ালসমূহ যথেষ্ট উপকৃত হ’ব।

বন্ধুসকল,

বায়’-ইথানল প্লাণ্ট চলাবলৈ প্ৰয়োজনীয় বাঁহৰ ব্যৱস্থাও কৰা হৈছে। চৰকাৰে ইয়াৰ কৃষকসকলক বাঁহ খেতি কৰাত সহায় কৰিব আৰু বাঁহো ক্ৰয় কৰিব। ইয়াত বাঁহ ব্যৱসায়ৰ সৈতে জড়িত সৰু সৰু ইউনিট স্থাপন কৰা হ’ব। প্ৰতি বছৰে এই ক্ষেত্ৰত প্ৰায় ২০০ কোটি টকা ব্যয় কৰা হ’ব। এই এটা প্লাণ্টৰ দ্বাৰা ইয়াৰ হাজাৰ হাজাৰ লোক উপকৃত হ’ব।

বন্ধুসকল, আজি আমি বাঁহৰ পৰা ইথানল প্ৰস্তু কৰিবলৈ ওলাইছো। কিন্তু সেই দিনবোৰ পাহৰিব নালাগে যেতিয়া কংগ্ৰেছ চৰকাৰে বাঁহ কটাৰ বাবে মানুহক জেলত ভৰাইছিল। আমাৰ আদিবাসী সকলৰ দৈনন্দিন জীৱনৰ এক অংশ বাঁহ কটাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। আমাৰ চৰকাৰে বাঁহ কটাৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে আৰু আজি এই সিদ্ধান্তই উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিছে। বন্ধুসকল, আপোনালোক সকলোৱে দৈনন্দিন জীৱনত প্লাষ্টিকৰ বহু বস্তু ব্যৱহাৰ কৰে। আমাক প্লাষ্টিকৰ বাল্টি, মগ, বল, চকী, টেবুল, পেকেজিং মেটেৰিয়েল, প্ৰতিদিনে বহুত বস্তু লাগে। জানেনে, এই সকলোবোৰ বনাবলৈ প্ৰয়োজনীয় বস্তুটো হ’ল পলি-প্ৰ’পাইলিন। পলি-প্ৰপাইলিন অবিহনে আজিৰ জীৱনটো কল্পনা কৰাটো কঠিন। ইয়াৰ পৰা কাৰ্পেট, ৰছী, বেগ, আঁহ, মাস্ক, মেডিকেল কিট, বস্ত্ৰ, আৰু যিবোৰ নহয় সেইবোৰ তৈয়াৰ কৰা হয়। যান-বাহনত, চিকিৎসা আৰু কৃষি সঁজুলি নিৰ্মাণত ইয়াক ব্যৱহাৰ কৰা হয়। আজি অসমে এই পলি-প্ৰপাইলিনেৰে নিৰ্মিত আধুনিক প্লাণ্টৰ উপহাৰ পাব। এই প্লাণ্টটোৱে মেক ইন আছাম, মেক ইন ইণ্ডিয়াৰ ভেটি শক্তিশালী কৰিবলৈ গৈ আছে। ইয়াত অন্যান্য উৎপাদন উদ্যোগসমূহেও উদগনি লাভ কৰিব।

 

বন্ধুসকল,

অসম যেনেকৈ গামোছা, এৰী আৰু মুগা ৰেচমৰ বাবে পৰিচিত, ঠিক তেনেদৰে পলি-প্ৰপাইলিনৰ পৰা তৈয়াৰী বস্ত্ৰও অসমৰ পৰিচয়ত সংযোজন হ’বলৈ গৈ আছে।

বন্ধুসকল,

আজি আমাৰ দেশে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। অসম এই অভিযানৰ অন্যতম প্ৰধান কেন্দ্ৰ। অসমৰ সম্ভাৱনাৰ ওপৰত মোৰ অত্যন্ত বিশ্বাস আছে, সেইবাবেই আমি অসমক অতি ডাঙৰ অভিযানৰ বাবে বাছি লৈছো আৰু এই অভিযান হৈছে অৰ্ধপৰিবাহী অভিযান, অসমৰ প্ৰতি মোৰ বিশ্বাসৰ কাৰণ তাতোকৈ ডাঙৰ। দাসত্বৰ সময়ত অসম চাহ ইমান পৰিচিত নাছিল যদিও অলপ সময়ৰ ভিতৰতে অসমৰ মাটি আৰু অসমৰ ৰাইজে অসম টীক গ্ল’বেল ব্ৰেণ্ড কৰি তুলিলে। এতিয়া এটা নতুন যুগ আহিছে, ভাৰতক স্বাৱলম্বী হ’বলৈ দুটা বস্তুৰ প্ৰয়োজন, এটা শক্তি আৰু আনটো অৰ্ধপৰিবাহী আৰু ইয়াত অসমে বহুত ডাঙৰ ভূমিকা লৈছে।

বন্ধুসকল, আজি বেংক কাৰ্ডৰ পৰা আৰম্ভ কৰি মোবাইল ফোন, গাড়ী, বিমান আৰু মহাকাশ মিছনলৈকে প্ৰতিটো ইলেক্ট্ৰনিক ডিভাইচৰ আত্মা এটা সৰু ইলেক্ট্ৰনিক চিপত সোমাই আছে। যদি আমি এই সকলোবোৰ বস্তু ভাৰতত বনাব লাগে, তেন্তে চিপটো আমাৰ হ’ব লাগিব। সেইবাবেই ভাৰতে অৰ্ধপৰিবাহী অভিযান আৰম্ভ কৰি অসমক ডাঙৰ ঘাটি কৰি তুলিছে। মৰিগাঁৱত দ্ৰুতগতিত অৰ্ধপৰিবাহী কাৰখানা নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ বাবে ২৭ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে, এয়া অসমৰ বাবে অতি গৌৰৱৰ বিষয়। বন্ধুসকল, কংগ্ৰেছে দীৰ্ঘদিন ধৰি দেশত শাসন কৰি আহিছে। ইয়াত অসমতো কংগ্ৰেছে বহু দশক ধৰি চৰকাৰ চলাই আহিছে। কিন্তু যেতিয়ালৈকে কংগ্ৰেছ চৰকাৰ আছিল তেতিয়ালৈকে ইয়াত উন্নয়নৰ গতি লেহেমীয়া আছিল আৰু উত্তৰাধিকাৰো সংকটত পৰিছিল। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে অসমৰ পুৰণি পৰিচয় শক্তিশালী কৰাৰ লগতে অসমকো আধুনিক পৰিচয়ৰ সৈতে সংযোগ কৰি আছে। কংগ্ৰেছে অসম, উত্তৰ-পূৰ্বাঞ্চলক বিচ্ছেদ, হিংসা আৰু বিবাদ দিলে। বিজেপিয়ে অসমক উন্নয়ন আৰু উত্তৰাধিকাৰেৰে চহকী ৰাজ্য কৰি তুলিছে। আমাৰ চৰকাৰেই অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে। মই সুখী যে অসমৰ বিজেপি চৰকাৰেও নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি দ্ৰুতগতিত ৰূপায়ণ কৰিছে। ইয়াত স্থানীয় ভাষাৰ শিক্ষাক উৎসাহিত কৰা হৈছে।

বন্ধুসকল,

কংগ্ৰেছে কেতিয়াও উত্তৰ-পূৰ্বাঞ্চলৰ মহান পুত্ৰ, অসমক যথাযথ সন্মান নিদিলে। এই ভূমিত বীৰ লাচিত বৰফুকনৰ দৰে সাহসী যোদ্ধা আছিল যদিও কংগ্ৰেছে তেওঁলোকক প্ৰাপ্য সন্মান কেতিয়াও নিদিলে। আমাৰ চৰকাৰে লাচিত বৰফুকনৰ উত্তৰাধিকাৰক সন্মান জনাইছিল। আমি ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ ৪০০সংখ্যক জয়ন্তী বাৰ্ষিকী উদযাপন কৰিলোঁ। আমি তেওঁৰ জীৱনী ২৩টা ভাষাত প্ৰকাশ কৰিলোঁ। ইয়াত যোৰহাটত তেওঁৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সুযোগো পাইছিলোঁ। কংগ্ৰেছে যিটো অৱহেলা কৰিলে, আমি ইয়াক অগ্ৰণী স্থান দিছো।

 

বন্ধুসকল,

ইয়াৰ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰটো অৱহেলিত হৈ পৰি আছিল, আমাৰ চৰকাৰে সংস্কাৰ কৰিলে। আমাৰ চৰকাৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক বিশ্বমানৰ পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ কাম কৰি আছে। বাৰাণসীত যেনেকৈ কাশী বিশ্বনাথ ধাম কমপ্লেক্স নিৰ্মাণ কৰা হৈছে, উজ্জয়িনীত মহাকাল মহালোক নিৰ্মাণ কৰা হৈছে, একেদৰে আমাৰ চৰকাৰেও অসমত মা কামাখ্যা কৰিডৰ নিৰ্মাণ কৰি আছে।

বন্ধুসকল,

অসমৰ সংস্কৃতি আৰু ইতিহাসৰ লগত জড়িত বহুতো প্ৰতীক, এনে বহু ঠাই, যিবোৰ বিজেপি চৰকাৰে নতুন প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি ৰাখিছে। ইয়াৰ দ্বাৰা কেৱল অসমৰ ঐতিহ্যই লাভৱান হোৱাই নহয়, অসমৰ পৰ্যটনৰ পৰিসৰো বৃদ্ধি পাইছে। অসমত পৰ্যটন যিমানেই বৃদ্ধি পাব সিমানেই আমাৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন লাভ কৰিব।

বন্ধুসকল,

উন্নয়নৰ এই প্ৰচেষ্টাসমূহৰ মাজতে অসমৰ বাবে এক প্ৰত্যাহ্বান অধিক ভয়ংকৰ হৈ পৰিছে। এই প্ৰত্যাহ্বান অনুপ্ৰৱেশৰ। কংগ্ৰেছ চৰকাৰ ইয়াত থকাৰ সময়ত অনুপ্ৰৱেশকাৰীক মাটি দিছিল, অবৈধ দখলক সুৰক্ষা দিছিল। ভোট বেংকৰ লোভত কংগ্ৰেছে অসমৰ জনগাঁথনিৰ ভাৰসাম্যত আঘাত কৰিলে। এতিয়া বিজেপি চৰকাৰে অসমৰ ৰাইজৰ সৈতে মিলি এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিছে। আমি আপোনালোকৰ ভূমি অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিছো। আমাৰ চৰকাৰে সেইসকল জনজাতীয় পৰিয়ালক ভূমি পট্টা দি আছে, যিসকলৰ ভূমি নাই, যাৰ প্ৰয়োজন আছে। মিছন বসুন্ধৰাৰ বাবে অসম চৰকাৰকো প্ৰশংসা কৰিছো। ইয়াৰ অধীনত লাখ লাখ পৰিয়ালক ভূমি পট্টা দিয়া হৈছে। আহোম, কোচ ৰাজবংশী আৰু গোৰ্খা জনগোষ্ঠীৰ ভূমি অধিকাৰ একাংশ জনজাতীয় অঞ্চলত স্বীকৃতি লাভ কৰি সংৰক্ষিত শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। জনজাতীয় সমাজৰ ওপৰত কৰা ঐতিহাসিক অন্যায় শুধৰণিৰ বাবে বিজেপি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।

বন্ধুসকল,

বিজেপি চৰকাৰৰ উন্নয়নৰ এটাই মন্ত্ৰ, সেই মন্ত্ৰ হ'ল- নাগৰিক দেৱো ভৱ:, নাগৰিক দেৱো ভৱ:। অৰ্থাৎ দেশৰ নাগৰিকে অসুবিধাৰ সন্মুখীন হ’ব নালাগে, সৰু সৰু প্ৰয়োজনৰ বাবে ইফালে সিফালে ঘুৰি ফুৰিব নালাগে। কংগ্ৰেছৰ শাসন কালত দীৰ্ঘদিন ধৰি দুখীয়াক কষ্ট দিয়া হৈছিল আৰু প্ৰত্যাখ্যান কৰা হৈছিল। কাৰণ কংগ্ৰেছৰ কাম এটা শ্ৰেণীক সন্তুষ্ট কৰি কৰা হৈছিল। আগতে ক্ষমতা পাইছিল। কিন্তু বিজেপিয়ে সন্তুষ্টিৰ ওপৰত গুৰুত্ব দিয়ে, তুষ্টিকৰণৰ ওপৰত নহয়। কোনো দুখীয়া, কোনো অঞ্চল পিছ পৰি ৰোৱা উচিত নহয় বুলি অনুভৱ কৰি আমি কাম কৰি আছো। আজি অসমত দৰিদ্ৰ লোকৰ বাবে স্থায়ী ঘৰ নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়িছে, এতিয়ালৈকে অসমত ২০ লাখৰো অধিক স্থায়ী গৃহ দৰিদ্ৰ লোকক দিয়া হৈছে। প্ৰতি ঘৰে ঘৰে নলৰ পানী যোগান ধৰাৰ কামো অসমত দ্ৰুত গতিত চলি আছে।

 

বন্ধুসকল,

ইয়াৰ চাহ বাগিচাত কাম কৰা মোৰ ভাই-ভনীসকলো বিজেপি চৰকাৰৰ দুখীয়া কল্যাণমূলক আঁচনিৰ দ্বাৰা উপকৃত হৈছে। চাহ শ্ৰমিকৰ কল্যাণক আমি অগ্ৰাধিকাৰ দি আহিছো। চাহ বাগিচাত কৰ্মৰত মহিলা আৰু শিশুক সহায় আগবঢ়াইছে চৰকাৰে। আমি মহিলাৰ স্বাস্থ্য আৰু শিশুৰ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছো। ইয়াত মাতৃৰ মৃত্যু আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবেও চৰকাৰে আঁচনি হাতত লৈছে। কংগ্ৰেছৰ শাসনকালত চাহ বাগিচাৰ শ্ৰমিকসকলক চাহ কোম্পানীসমূহৰ পৰিচালনাৰ দয়াত এৰি দিয়া হৈছিল। কিন্তু বিজেপি চৰকাৰে তেওঁলোকৰ ঘৰ, ঘৰত বিদ্যুৎ সংযোগ, ঘৰৰ পানী, স্বাস্থ্যৰ যত্ন লৈছে। এই আঁচনিসমূহৰ বাবে কোটি কোটি টকা ব্যয় কৰা হৈছে।

 

বন্ধুসকল,

অসমৰ উন্নয়নৰ এক নতুন পর্যায় আৰম্ভ হৈছে। অসম বাণিজ্য আৰু পর্যটনৰ এক বৃহৎ কেন্দ্র হিচাপে পৰিগণিত হ’ব৷ আমি সকলোৱে মিলি এখন উন্নত অসম, এখন উন্নত ভাৰত কৰিম। আকৌ এবাৰ আপোনালোক সকলোকে উন্নয়নমূলক প্ৰকল্প সমূহৰ বাবে বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ লগত সমস্বৰে কওক

 

ভাৰত মাতা কী জয়!

হাত দাঙি সৰ্বশক্তিৰে কওক,

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

আপোনালোক সকলোকে অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in building collapse at Satya Niketan in Delhi
September 06, 2026

Prime Minister Shri Narendra Modi today expressed deep distress over the collapse of a building at Satya Niketan in Delhi.

The Prime Minister extended his condolences to the families of those who lost their loved ones and prayed for the speedy recovery of the injured. He further noted that authorities are actively working at the site and providing assistance to all those affected by the incident.

In a post on X, the Prime Minister's Office shared:

"The collapse of a building at Satya Niketan, Delhi is distressing. Condolences to those who lost their loved ones. Praying for the speedy recovery of the injured. Authorities are working at the site and assisting those affected in the mishap: PM @narendramodi"