উদ্বোধন কৰিলে অটল বিহাৰী বাজপেয়ী সেৱৰী-নহৱা সেৱা অটল সেতু
ইষ্টাৰ্ণ ফ্ৰীৱেৰ অৰেঞ্জ গেটক মেৰিন ড্ৰাইভৰ সৈতে সংযোগ কৰা মাটিৰ তলৰ পথ সুৰংগৰ আধাৰশিলা স্থাপন কৰে
SEEPZ SEZ ত ‘ভাৰত ৰত্নম’ আৰু নিউ এণ্টাৰপ্ৰাইজ এণ্ড ছাৰ্ভিচেছ টাৱাৰ (NEST) 01 উদ্বোধন
ৰে'ল আৰু খোৱাপানীৰ সৈতে জড়িত একাধিক প্ৰকল্প দেশক উৎসৰ্গা কৰে
উৰাণ ৰে'লৱে ষ্টেচনৰ পৰা খাৰকোপাৰলৈ ইএমইউ ৰে'লৰ উদ্বোধনী যাত্ৰাৰ ফ্লেগ অফ
আৰম্ভ কৰিলে নমো মহিলা সবলীকৰণ অভিযান
জাপান চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু শ্বিনজো আবেক স্মৰণ
“যিকোনো ৰাজ্যৰ যিকোনো ডাবল ইঞ্জিন চৰকাৰৰ অগ্ৰণী নিশ্চয়তা হৈছে মহিলা কল্যাণ”, তেওঁ লগতে কয়।
তেওঁ উত্তৰ-পূবৰ ভূপেন হাজৰিকা সেতু আৰু বগীবিল দলং, অটল সুৰংগ আৰু চেনাব দলং, একাধিক এক্সপ্ৰেছৱে, আধুনিক ৰে'ল ষ্টেচন, পূব আৰু পশ্চিম মালবাহী কৰিড’ৰ, বন্দে ভাৰত, অমৃত ভাৰত আৰু নমো ভাৰত ৰে’লৰ শুভাৰম্ভ, নতুন ৰে’ল, বিমানবন্দৰ উদ্বোধন আদিৰ উদাহৰণ দাঙি ধৰে।
তেল আৰু গেছ পাইপলাইন, ঔৰংগাবাদ ঔদ্যোগিক চহৰ, নৱী মুম্বাই বিমানবন্দৰ, আৰু শ্বেন্দ্ৰ-বিডকিন ঔদ্যোগিক উদ্যানৰ বৃহৎ প্ৰকল্পই মহাৰাষ্ট্ৰৰ অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিবলৈ গৈ আছে।”
আৰু বান্দ্ৰা-ৱৰ্লি ছিলিংক, এটা ৫গুণ সৰু প্ৰকল্পই ১০ বছৰতকৈ অধিক সময় লৈছিল আৰু বাজেট ৪-৫গুণ বৃদ্ধি পাইছিল।
“অটল সেতুৱে অঞ্চলটোৰ সকলো ব্যৱসায়িক কাৰ্যকলাপ শক্তিশালী কৰাৰ লগতে ইজ অৱ ডুইং বিজনেছ আৰু ইজ অৱ লাইফকো বৃদ্ধি কৰিব”, তেওঁ লগতে কয়।
মহাৰাষ্ট্ৰ যাতে উন্নত ভাৰতৰ এক শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হয় তাৰ বাবে আমি চেষ্টাৰ কোনো ত্ৰুটি নাৰাখিম”, প্ৰধানমন্ত্ৰী মোদীয়ে সামৰণি মাৰে।
১৯৭৫ কোটিতকৈ অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পৰ জৰিয়তে মহাৰাষ্ট্ৰৰ পালঘৰ আৰু থানে জিলালৈ খোৱাপানীৰ যোগান ধৰা হ’ব, যাৰ ফলত প্ৰায় ১৪ লাখ জনসংখ্যা উপকৃত হ’ব।

মুম্বাই আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পৰা উপস্থিত হোৱা বৃহৎ সংখ্যক লোকৰ সকলোকে মোৰ শুভেচ্ছা জনাইছো!

মুম্বাই আৰু মহাৰাষ্ট্ৰৰ লগতে বিকশিত ভাৰতৰ সংকল্পৰ বাবে আজি এক অতি ডাঙৰ তথা ঐতিহাসিক দিন। আজি মুম্বাইত উন্নয়নৰ এই উদযাপন চলি থকাৰ পাছতো সমগ্ৰ দেশে ইয়াৰ ওপৰত নজৰ দিছে৷ আজি দেশত এই বিশাল অটল সেতু, বিশ্বৰ অন্যতম বৃহৎ সাগৰীয় দলং উদ্বোধন কৰা হৈছে। ভাৰতৰ উন্নয়নৰ বাবে আমি আনকি সাগৰৰ লগত সংঘৰ্ষ কৰি ঢৌক ৰুধিক পৰা আমাৰ সংকল্পৰ এয়াও প্ৰমাণ। আজিৰ অনুষ্ঠানটোও দৃঢ়তাৰে সাফল্যৰ প্ৰমাণ।

২০১৬ চনৰ ২৪ ডিচেম্বৰৰ দিনটো মই পাহৰিব নোৱাৰো, যেতিয়া মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক-অটল সেতুৰ আধাৰশিলা স্থাপন কৰিবলৈ মই ইয়ালৈ আহিছিলো। তাৰ পাছত ছত্রপতি শিৱাজী মহাৰাজক শ্ৰদ্ধাঞ্জলি জনাওঁতে মই কৈছিলোঁ, ‘লিখি ৰাখক, দেশ সলনি হ’ব আৰু দেশৰ উন্নয়ন হ’ব’। বছৰ বছৰ ধৰি কামত পলম কৰাৰ অভ্যাসত পৰিণত হোৱা ব্যৱস্থাটোত দেশবাসীৰ কোনো আশা নাছিল। আগতে মানুহে ভাবিছিল যে তেওঁলোকৰ জীৱনকালত ডাঙৰ ডাঙৰ প্ৰকল্প সম্পূৰ্ণ হোৱাটো কঠিন। আৰু সেইবাবেই মই ক’লো-লিখি ৰাখক, দেশ সলনি হ'ব আৰু নিশ্চয় সলনি হ'ব। এয়া আছিল তেতিয়াৰ মোদীৰ নিশ্চয়তা। আৰু আজি পুনৰবাৰ ছত্ৰপতি শিৱাজী মহাৰাজক শ্ৰদ্ধাঞ্জলি জনাই, মুম্ব্ৰা দেৱীক শ্ৰদ্ধাঞ্জলি জনাই, সিদ্ধি বিনায়ক জীক শ্ৰদ্ধাঞ্জলি জনাই এই অটল সেতু মুম্বাইবাসীৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিছোঁ।

 

ক’ৰোনা সংকটৰ মাজতো মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক সম্পূৰ্ণ হোৱাটো এক ডাঙৰ সফলতা। আমাৰ বাবে আধাৰশিলা স্থাপন, ভূমি পূজন আৰু উদ্বোধন কেৱল এদিনীয়া অনুষ্ঠান নহয়। নতুবা সংবাদ মাধ্যমত প্ৰকাশ বা জনসাধাৰণক সন্তুষ্ট কৰিবলৈ নহয়। আমাৰ বাবে প্ৰতিটো প্ৰকল্পই ভাৰতৰ নতুন সৃষ্টিৰ মাধ্যম। এটা এটা ইটাৰে যেনেকৈ এটা ওখ অট্টালিকা নিৰ্মাণ কৰা হয়, তেনেকৈ প্ৰতিটো এনে প্ৰকল্পই এটা ভৱিষ্যৎ ভাৰত গঢ়ি তুলিছে।

বন্ধুসকল,

আজি ইয়াত দেশ, মুম্বাই আৰু মহাৰাষ্ট্ৰৰ উন্নয়নৰ সৈতে জড়িত ৩৩ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ পথ, ৰেল, মেট্ৰ’, পানী আদিৰ দৰে সা-সুবিধাৰ সৈতে সংযুক্ত হৈ আছে। আজি মুম্বাইত আধুনিক ‘ভাৰত ৰত্নম’ আৰু ‘নেষ্ট-ৱান’ অট্টালিকাও পোৱা গৈছে যিয়ে ব্যৱসায়িক জগতখনক শক্তিশালী কৰি তুলিছে। এই প্ৰকল্পসমূহৰ অধিকাংশই আৰম্ভ হৈছিল যেতিয়া মহাৰাষ্ট্ৰত প্ৰথমবাৰৰ বাবে ডাবল ইঞ্জিন চৰকাৰ গঠন হৈছিল। গতিকে, মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ জীৰ পৰা এতিয়া একনাথ সিন্ধে জী, অজিত পাৱাৰ জীলৈকে, ই সমগ্ৰ দলৰ প্ৰচেষ্টাৰ ফল, সকলোকে অভিনন্দন জনাইছো।

আজি মই মহাৰাষ্ট্ৰৰ ভগ্নী সকলকো অভিনন্দন জ্ঞাপন কৰিম। ইমান বৃহৎ সংখ্যক নাৰী ইয়ালৈ অহা, এই মাতৃ-ভগ্নীসকলে আমাক আশীৰ্বাদ দিয়াতকৈ ডাঙৰ সৌভাগ্য আৰু কি হ’ব পাৰে? দেশৰ মাতৃ, ভগ্নী, কন্যাৰ সবলীকৰণৰ বাবে মোদীয়ে দিয়া নিশ্চয়তাকো আগুৱাই লৈ গৈছে মহাৰাষ্ট্ৰ চৰকাৰে। মুখ্যমন্ত্ৰী মহিলা সৱলীকৰণ অভিযান, নাৰী শক্তিদূত এপ্লিকেশ্যন আৰু লেক লাডকী যোজনা এনে এক উৎকৃষ্ট প্ৰচেষ্টা। আজি ইমান বৃহৎ সংখ্যক আমাৰ আই, ভগ্নী, কন্যা সন্তানে এই অনুষ্ঠানত আমাক আশীৰ্বাদ দিবলৈ ইয়ালৈ আহিছে। এখন উন্নত ভাৰত গঢ়িবলৈ হ’লে ভাৰতৰ নাৰী শক্তিয়ে আগবাঢ়ি আহি নেতৃত্ব দিয়াটোও সমানেই প্রয়োজন৷

মাতৃ, ভগ্নী, কন্যাৰ বাটত অহা প্ৰতিটো বাধা আঁতৰাই তেওঁলোকৰ জীৱন সহজ কৰি তোলাটো আমাৰ চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা। উজ্জ্বলাত গেছ চিলিণ্ডাৰ, আয়ুষ্মান যোজনাৰ অধীনত ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ সুবিধা, জন ধন বেংক একাউণ্ট, প্ৰধানমন্ত্ৰী আৱাসৰ বাবে স্থায়ী ঘৰ, ঘৰৰ পঞ্জীয়ন মহিলাৰ নামত হ’ব লাগে, গৰ্ভৱতী মহিলাৰ বেংক একাউণ্টলৈ ৬ হাজাৰ টকা প্ৰেৰণ কৰিব লাগে। শ্ৰমিক মহিলাক দৰমহাসহ ২৬ সপ্তাহৰ ছুটী দিয়াই হওক, সুকন্যা সমৃদ্ধি একাউণ্টৰ জৰিয়তে সৰ্বাধিক সুত দিয়াই হওক, আমাৰ চৰকাৰে মহিলাৰ প্ৰতিটো চিন্তাৰ যত্ন লৈছে। ডাবল ইঞ্জিন চৰকাৰ থকা যিকোনো ৰাজ্যত মহিলাৰ কল্যাণ আমাৰ সৰ্বোচ্চ নিশ্চয়তা। আজিৰ পৰা আৰম্ভ হোৱা আঁচনিসমূহো এই দিশত এক ডাঙৰ পদক্ষেপ।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক-অটল সেতুৰ বিষয়ে বিগত কেইবাদিনো ধৰি দেশত চৰ্চা চলি আছে। আজি যিয়েই অটল সেতুৰ ফালে চাই আছে, যিয়ে ইয়াৰ ছবি দেখিছে, তেওঁ গৌৰৱেৰে ভৰি পৰিছে। ইয়াৰ বিশালতা, সাগৰৰ মাজত ইয়াৰ অটল প্ৰতিচ্ছবিত সকলো মন্ত্ৰমুগ্ধ হৈ পৰে। কোনোবাই ইয়াৰ অভিযান্ত্ৰিকতাত আপ্লুত হয়। উদাহৰণস্বৰূপে, ইয়াৰ লগত জড়িত তাঁৰৰ পৰিমাণৰ লগত ই সমগ্ৰ পৃথিৱীখনক দুবাৰকৈ ঘূৰিব পাৰে। এই প্ৰকল্পত ব্যৱহৃত লোহা আৰু তীখাৰ পৰিমাণৰ দ্বাৰা ৪খন হাওৰা দলং আৰু ৬টা ষ্টেছ্যু অৱ লিবাৰ্টি নিৰ্মাণ কৰিব পাৰি। একাংশ লোক সুখী কিয়নো, এতিয়া মুম্বাই আৰু ৰায়গড়ৰ মাজৰ দূৰত্ব আৰু অধিক হ্ৰাস পাইছে। আগতে কেইবা ঘণ্টা সময় লোৱা যাত্ৰা, এতিয়া মাত্ৰ কেইমিনিটমানৰ ভিতৰতে সম্পূৰ্ণ হ’ব। ইয়াৰ লগে লগে নৱী মুম্বাইৰ লগতে পুনে আৰু গোৱাও মুম্বাইৰ ওচৰ চাপিব। এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত জাপান চৰকাৰে যি সহযোগিতা আগবঢ়াইছে তাৰ বাবে মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি মোৰ প্ৰিয় বন্ধু প্ৰয়াত শ্বিনজো আবেক নিশ্চয় স্মৰণ কৰিম। আমি দুয়ো মিলি এই দলংখন নিৰ্মাণৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰাৰ সংকল্প লৈছিলোঁ।

কিন্তু বন্ধুসকল, অটল দলং আমি ইমান সীমিত পৰিসৰৰ ভিতৰত চালে নহ’ব৷ অটল সেতু হৈছে ভাৰতৰ আকাংক্ষাৰ মুক্ত আহ্বান, যিটো ২০১৪ চনত সমগ্ৰ দেশে আহ্বান জনাইছিল। নিৰ্বাচনৰ দায়িত্ব যেতিয়া মোক দিয়া হৈছিল, তেতিয়া ২০১৪ চনৰ নিৰ্বাচনৰ কোনোবা এটা সময়ত মই ৰায়গড়লৈ গৈছিলো। ছত্ৰপতি শিৱাজী মহাৰাজৰ সমাধিৰ সন্মুখত বহি কিছু মুহূৰ্ত পাৰ কৰিলোঁ। সেই সংকল্পবোৰক সফলতালৈ ৰূপান্তৰিত কৰাৰ তেওঁৰ ইচ্ছাশক্তি, জনশক্তিক জাতীয় শক্তি হিচাপে গঢ়ি তোলাৰ তেওঁৰ দৃষ্টিভংগী, সকলো আশীৰ্বাদ হিচাপে মোৰ চকুৰ সন্মুখত আহিল। সেই ঘটনাৰ ১০ বছৰ হ'ল। এই ১০ বছৰত দেশৰ সপোন বাস্তৱায়িত হোৱাৰ লগতে সংকল্পবোৰ সাফল্যলৈ পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। অটল সেতু এই অনুভৱৰ প্ৰতিফলন।

যুৱ সতীৰ্থসকলৰ বাবে ই নতুন আত্মবিশ্বাস কঢ়িয়াই আনিছে। তেওঁলোকৰ উন্নত ভৱিষ্যতৰ পথ কেৱল অটল সেতুৰ দৰে আধুনিক আন্তঃগাঁথনিৰ জৰিয়তেহে নিহিত হৈ আছে। অটল সেতু হৈছে উন্নত ভাৰতৰ ছবি। এখন উন্নত ভাৰত কেনেকুৱা হ’বলৈ গৈ আছে তাৰ আভাস এয়া। এখন উন্নত ভাৰতত সকলোৰে বাবে সুবিধা থাকিব, সকলোৰে বাবে সমৃদ্ধি থাকিব, গতি আৰু অগ্ৰগতি হ’ব। উন্নত ভাৰতত দূৰত্ব হ্ৰাস পাব আৰু দেশৰ প্ৰতিটো কোণ সংযোগ হ’ব। জীৱন হওক বা জীৱিকা, কোনো বাধা নোহোৱাকৈ সকলো অবিৰতভাৱে চলি থাকিব। এই বাৰ্তা অটল সেতুৰ।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

বিগত ১০ বছৰত ভাৰত কেনেদৰে পৰিবৰ্তন হ’ল সেই সন্দৰ্ভত ব্যাপক চৰ্চা চলিছে। পৰিৱৰ্তিত ভাৰতৰ ছবিখন স্পষ্ট হৈ পৰে যেতিয়া আমি ১০ বছৰৰ আগৰ ভাৰতৰ কথা মনত পেলাওঁ। ১০ বছৰ আগতে হাজাৰ হাজাৰ, লাখ লাখ কোটি টকাৰ বৃহৎ কেলেংকাৰীৰ চৰ্চা চলিছিল। আজি হেজাৰ কোটি টকাৰ মেগা প্ৰকল্প সম্পূৰ্ণ হোৱাৰ কথা চৰ্চা হৈছে। সুশাসনৰ এই সংকল্প সমগ্ৰ দেশতে দেখা গৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ভূপেন হাজৰিকা সেতু আৰু বগীবিল দলঙৰ দৰে বৃহৎ প্ৰজেক্টৰ কাম সম্পূৰ্ণ হৈছে। আজি অটল সুৰংগ আৰু চেনাব দলঙৰ দৰে প্ৰকল্পৰ বিষয়ে আলোচনা কৰা হৈছে। আজি ইটোৰ পিছত সিটোকৈ এক্সপ্ৰেছৱে নিৰ্মাণৰ চৰ্চা চলিছে। আজি আমি ভাৰতত আধুনিক আৰু ভব্য ৰে’ল ষ্টেচন নিৰ্মাণ হোৱা দেখিবলৈ পাইছো। পূব আৰু পশ্চিমৰ মালবাহী কৰিড’ৰে ৰে’লৱেৰ ৰূপ সলনি কৰিছে। বন্দে ভাৰত, নমো ভাৰত, অমৃত ভাৰতৰ ৰে’লেৰে সাধাৰণ মানুহৰ যাত্ৰা সহজ আৰু আধুনিক কৰি তুলিছে। আজি প্ৰতি কেইসপ্তাহমানৰ মূৰে মূৰে দেশৰ কোনোবা এটা চুকত নতুন বিমানবন্দৰ উদ্বোধন কৰা হয়।

বন্ধুসকল,

বছৰ বছৰ ধৰি, ঠিক ইয়াতেই মুম্বাইত, মহাৰাষ্ট্ৰত, বহুতো বৃহৎ প্ৰকল্প হয় সম্পূৰ্ণ হৈছে নহয় অতি সোনকালে সম্পূৰ্ণ হ’ব। মাত্ৰ যোৱা বছৰ বালা চাহেব ঠাকৰে সমৃদ্ধি মহামাৰ্গ উদ্বোধন কৰা হৈছিল। নৱী মুম্বাই বিমানবন্দৰ আৰু উপকূলীয় পথ প্ৰকল্পৰ কামো দ্ৰুত গতিত চলি আছে। উপকূলীয় পথ প্ৰকল্পৰ জৰিয়তে মুম্বাই মহানগৰৰ সংযোগৰ পৰিৱৰ্তন হ’বলৈ গৈ আছে। অৰেঞ্জ গেট, ইষ্টাৰ্ণ ফ্ৰীৱে আৰু মেৰিন ড্ৰাইভৰ ভূগৰ্ভস্থ সুৰংগ সংযোগে মুম্বাই চহৰত যাতায়তৰ সুবিধা বৃদ্ধি কৰিব।

আগন্তুক কেইবছৰমানৰ ভিতৰত মুম্বাইয়েও প্ৰথমখন বুলেট ট্ৰেইন লাভ কৰিবলৈ ওলাইছে। দিল্লী-মুম্বাই অৰ্থনৈতিক কৰিড’ৰে মহাৰাষ্ট্ৰক মধ্য ভাৰত আৰু উত্তৰ ভাৰতৰ সৈতে সংযোগ কৰিবলৈ গৈ আছে। মহাৰাষ্ট্ৰক তেলেংগানা, ছত্তীশগড় আৰু অন্যান্য চুবুৰীয়া ৰাজ্যৰ সৈতে সংযোগ কৰিবলৈ ট্ৰেন্সমিছন লাইন নেটৱৰ্ক স্থাপন কৰা হৈছে। ইয়াৰ বাহিৰেও তেল আৰু গেছৰ পাইপলাইন হওক, ঔৰংগবাদ ঔদ্যোগিক চহৰ হওক, নৱী মুম্বাই বিমানবন্দৰ হওক, শ্বেন্দ্ৰ-বিডকিন ঔদ্যোগিক উদ্যান হওক, এই বৃহৎ প্ৰকল্পসমূহে মহাৰাষ্ট্ৰৰ অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিবলৈ গৈ আছে।

মোৰ পৰিয়ালৰ সদস্যসকল,

আজি গোটেই দেশখনে পোনপটীয়াকৈ দেখিছে যে কৰদাতাৰ ধন দেশৰ উন্নয়নৰ বাবে কেনেদৰে ব্যৱহাৰ কৰা হৈছে। কিন্তু দশক দশক ধৰি দেশ শাসন কৰা সকলে দেশৰ সময় আৰু কৰদাতাৰ ধন দুয়োটাকে চিন্তা কৰা নাছিল। গতিকে আগৰ সময়ত যিকোনো প্ৰকল্প হয় মাটিৰ পৰা নামি নাহিল, নহয় দশক দশক ধৰি বাকী আছিল। মহাৰাষ্ট্ৰ এনে বহু প্ৰকল্পৰ সাক্ষী হৈ আহিছে। ৫ দশক পূৰ্বে নীলৱাণ্ডে বান্ধৰ কাম আৰম্ভ হৈছিল। আমাৰ চৰকাৰেই এই কাম সম্পন্ন কৰিছিল। উৰাণ-খাৰকোপাৰ ৰে’লপথৰ কামো প্ৰায় ৩ দশক পূৰ্বে আৰম্ভ হৈছিল। নৱী মুম্বাই মেট্ৰ’ প্ৰকল্পও দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ পৰি আছিল। ইয়াত ডাবল ইঞ্জিন চৰকাৰ গঠন হোৱাৰ পিছত আমি ইয়াক গতি দিলোঁ আৰু এতিয়া প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হ’ল।

আজি আমি যি অটল সেতু পাইছো, তাৰ পৰিকল্পনা বহু বছৰৰ আগতে চলি আছিল। অৰ্থাৎ তেতিয়াৰ পৰাই ইয়াৰ মুম্বাইৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল যদিও আমি ইয়াক সম্পূৰ্ণ কৰাৰ সৌভাগ্য হৈছিল। আৰু আপোনালোকৰ মনত আছে, বান্দ্ৰা-ৱৰ্লি সাগৰীয় সংযোগ প্ৰকল্পটো অটল সেতুতকৈ প্ৰায় ৫গুণ সৰু। পূৰ্বৰ চৰকাৰত কাম সম্পূৰ্ণ হ’বলৈ ১০ বছৰতকৈও অধিক সময় লাগিছিল আৰু বাজেট ৪-৫ গুণ বৃদ্ধি পাইছিল। তেতিয়াৰ চৰকাৰ চলোৱা ৰাইজৰ কাম-কাজৰ ধৰণ এয়াই আছিল।

 

বন্ধুসকল,

অটল সেতুৰ দৰে আন্তঃগাঁথনি প্ৰকল্পই কেৱল সুবিধা প্ৰদান কৰাই নহয়, কৰ্মসংস্থাপনৰ এক বৃহৎ উৎসও। ইয়াৰ নিৰ্মাণৰ সময়ত মোৰ প্ৰায় ১৭ হাজাৰ শ্ৰমিক ভাই-ভনী আৰু ১৫০০ অভিযন্তাই প্ৰত্যক্ষ কৰ্মসংস্থাপন লাভ কৰিছিল। ইয়াৰ বাহিৰেও পৰিবহণ সম্পৰ্কীয় ব্যৱসায় আৰু অন্যান্য নিৰ্মাণ সম্পৰ্কীয় ব্যৱসায়ত পোৱা নিয়োগ বেলেগ। এতিয়া ইয়াৰ ফলত এই সমগ্ৰ অঞ্চলটোৰ প্ৰতিটো ধৰণৰ ব্যৱসায় বৃদ্ধি পাব, ব্যৱসায়ৰ সহজতা, জীৱন নিৰ্বাহৰ সহজতা বৃদ্ধি কৰিব।

মোৰ পৰিয়ালৰ সদস্যসকল,

আজি ভাৰতৰ বিকাশ একেলগে দুটা ট্ৰেকত হৈ আছে। আজি এফালে দৰিদ্ৰ লোকৰ জীৱন উন্নত কৰাৰ বাবে মেগা অভিযান চলি আছে, আনফালে দেশৰ চুকে-কোণে মেগা-প্ৰজেক্ট চলি আছে। আমিও অটল পেঞ্চন যোজনা হাতত লৈছো আৰু অটল সেতু নিৰ্মাণ কৰিছো। আমি আয়ুষ্মান ভাৰত আঁচনিও চলাই বন্দে ভাৰত-অমৃত ভাৰত ৰে’ল নিৰ্মাণ কৰিছো। আমি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি প্ৰদান কৰিছো লগতে প্ৰধানমন্ত্ৰী গতিশক্তিও সৃষ্টি কৰিছো। আজিৰ ভাৰতে এই সকলোবোৰ একেলগে কেনেকৈ কৰিবলৈ সক্ষম হৈছে? উত্তৰটো হ’ল- উদ্দেশ্য আৰু আনুগত্য। আমাৰ চৰকাৰৰ উদ্দেশ্য স্পষ্ট। আজি চৰকাৰৰ আনুগত্য কেৱল দেশ আৰু দেশবাসীৰ প্ৰতি। আৰু যেনেকৈ উদ্দেশ্য, আনুগত্য যেনেকৈ, নীতিও, আৰু নীতি যেনেকৈ, ৰীতি-নীতিও তেনেকুৱা।

দীৰ্ঘদিন দেশত শাসন কৰা সকলৰ, তেওঁলোকৰ উদ্দেশ্য আৰু আনুগত্য দুয়োটাকে লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে। তেওঁলোকৰ উদ্দেশ্য আছিল কেৱল ক্ষমতা লাভ কৰা, ভোট বেংক সৃষ্টি কৰা আৰু নিজৰ পুঁজি শক্তিশালী কৰা৷ তেওঁলোকৰ আনুগত্য দেশবাসীৰ প্ৰতি নাছিল বৰঞ্চ কেৱল পৰিয়ালৰ উন্নতিৰ মাজতে সীমাবদ্ধ আছিল। সেয়েহে তেওঁলোকে উন্নত ভাৰতৰ কথাও ভাবিব পৰা নাছিল, আধুনিক আন্তঃগাঁথনিৰ লক্ষ্যও কৰিব পৰা নাছিল। ইয়াৰ ফলত দেশৰ কিমান ক্ষতি হয় সেয়াও জনাটো জৰুৰী৷ এটা হিচাপ দিওঁ। ২০১৪ চনৰ আগৰ ১০ বছৰত আন্তঃগাঁথনিৰ বাবে মাত্ৰ ১২ লাখ কোটি টকাৰ বাজেট দিয়া হৈছিল। যিহেতু আমাৰ চৰকাৰে ১০ বছৰত আন্তঃগাঁথনিৰ বাবে ৪৪ লাখ কোটি টকাৰ বাজেট দিছে। সেইবাবেই আজি দেশত ইমানবোৰ ডাঙৰ ডাঙৰ প্ৰকল্প চলি আছে। কেৱল মহাৰাষ্ট্ৰত কেন্দ্ৰীয় চৰকাৰে হয় প্ৰায় ৮ লাখ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প সম্পূৰ্ণ কৰিছে নহয় কাম চলি আছে। এই ধনৰাশিয়ে প্ৰতিটো খণ্ডতে নতুন কৰ্মসংস্থাপনৰ সুযোগো বৃদ্ধি কৰিছে।

বন্ধুসকল,

আজি আমি মৌলিক সুবিধাসমূহৰ চেচুৰেচন অৰ্থাৎ দেশৰ প্ৰতিটো পৰিয়ালক ১০০% সামৰি লোৱাৰ অভিযান চলাই আছো। বিকাশ ভাৰত সংকল্প যাত্ৰাৰ অধীনত আজি মোদীৰ নিশ্চিত বাহনখনে দেশৰ চুক-কোণে গৈ আছে। আনৰ পৰা আশাৰ অন্ত পৰাৰ পৰাই আৰম্ভ হয় মোদীৰ নিশ্চয়তা। আমাৰ ভগ্নী আৰু কন্যাই এই কথা আটাইতকৈ বেছি অনুভৱ কৰিছে। গাঁৱেই হওক বা চহৰেই হওক, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰা আৰম্ভ কৰি শিক্ষা, চিকিৎসা আৰু উপাৰ্জনলৈকে, প্ৰতিখন আঁচনিৰ পৰা আমাৰ মাতৃ-ভগ্নীসকলে সৰ্বাধিক লাভৱান হৈছে। প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰত ৮০ শতাংশ ৰেহাইত ঔষধ প্ৰদান কৰা হৈছে।

 

দৰিদ্ৰ পৰিয়ালৰ ভগ্নীসকলক স্থায়ী ঘৰৰ ব্যৱস্থা কৰাটোৱেই মোদীৰ নিশ্চয়তা। প্ৰথমবাৰৰ বাবে মোদীয়ে যিসকলক আগতে কোনেও সোধা নাছিল তেওঁলোকক সুধিছে, বেংকৰ পৰা সহায় লৈছে। পি এম স্বনিধি আঁচনিৰ জৰিয়তে মুম্বাইৰ হাজাৰ হাজাৰ পদ পথৰ দোকানী লাভৱান হৈছে। আমাৰ চৰকাৰে মহিলা আত্মসহায়ক গোটকো সহায় আগবঢ়াইছে। যোৱা কেইবছৰমানৰ পৰা আমি বহু ভগ্নীক লাখপতি দিদি কৰিছো। আৰু এতিয়া আগন্তুক বছৰবোৰত ২ কোটি মহিলা বনোৱাৰ সংকল্প লৈছো, এই সংখ্যা শুনি একাংশ লোক স্তম্ভিত হৈ পৰিছে, ২ কোটি মহিলাক লাখপতি দিদী কৰাৰ লক্ষ্য লৈছো।

মহাৰাষ্ট্ৰৰ এনডিএ চৰকাৰে আৰম্ভ কৰা এই নতুন অভিযানে নাৰী সবলীকৰণত ডাঙৰ ভূমিকা পালন কৰিব। মুখ্যমন্ত্ৰী মহিলা সৱলীকৰণ অভিযান আৰু নাৰী শক্তিদূত অভিযানে মহিলাৰ বিকাশত নতুন গতি প্ৰদান কৰিব। মই আপোনালোকক আশ্বাস দিছো, ডাবল ইঞ্জিন চৰকাৰেও মহাৰাষ্ট্ৰৰ উন্নয়নৰ বাবে একে নিষ্ঠাৰে কাম কৰি যাব। মহাৰাষ্ট্ৰ যাতে উন্নত ভাৰতৰ এক শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হয় তাৰ বাবে আমি কোনো ত্ৰুটি নাৰাখো।

পুনৰবাৰ আপোনালোক সকলোকে এই নতুন প্ৰকল্পৰ বাবে অভিনন্দন জনাইছো। বিশেষকৈ মাতৃ আৰু ভগ্নীসকলক প্ৰণাম জনাইছো। আপোনালোকে ইমান বৃহৎ হাৰত ওলাই আহি আমাক আশীৰ্বাদ দিলে।

আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Have to isolate dimaagi Naxals’: PM Modi in Independence Day speech from Red Fort

Media Coverage

‘Have to isolate dimaagi Naxals’: PM Modi in Independence Day speech from Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM announces AI skilling of 1 crore youth in one year
August 15, 2026
Free online coaching network for competitive examinations
Nationwide sports talent hunt for children aged 5-15 years
Vibrant Civil Defence network to be created to meet modern challenges
India targets 100 GW nuclear power capacity by 2047
Five new nuclear reactors planned within this decade
New target of 6 crore Lakhpati Didis
More semiconductor plants to strengthen India’s march towards self-reliance

Addressing the nation from the ramparts of the Red Fort on the 80th Independence Day, Prime Minister Shri Narendra Modi announced a series of initiatives and targets covering Artificial Intelligence, education, sports, Civil Defence, semiconductor manufacturing, nuclear energy and women-led development.

Key announcements from the Prime Minister’s address include:

1. AI Skilling for One Crore Youth: The Prime Minister announced that one crore youth would be trained in AI skills over the next one year. Referring to the rapid expansion of Artificial Intelligence, he said the initiative would help equip India’s youth with the capability to lead in the world of AI.

2. Free Online Coaching for Various Examinations: The Prime Minister announced free online coaching for youth preparing for various examinations. Referring to the financial burden of coaching classes on poor and middle-class families, he said Digital Public Infrastructure, available talent and teachers would be brought together to create a complete network for providing free coaching to the country’s youth.

3. Nationwide Sports Talent Hunt for Children Aged 5-15 Years: The Prime Minister announced a talent hunt campaign across villages, cities and schools to identify sporting talent among children between five and 15 years of age. The identified children would be provided specialised training to develop them into players capable of representing the country. Referring to Olympic disciplines in which India currently does not participate or qualify, the Prime Minister said greater emphasis would be placed on building capabilities in such sports.

4. Vibrant Civil Defence Network for Modern Challenges: Highlighting the changing nature of warfare, the Prime Minister announced that a vibrant Civil Defence network would be created in the country. He said that warfare was no longer necessarily confined to borders and could also affect refineries, the banking sector, data centres, factories and other infrastructure. The Prime Minister said that Civil Defence arrangements developed in accordance with the wars of the previous century had become outdated. Citizens would therefore be familiarised with modern systems, and a large voluntary Civil Defence force capable of dealing with modern challenges would be developed.

5. More Semiconductor Plants to Strengthen Self-Reliance: The Prime Minister highlighted the critical role of semiconductor chips in the digital and technological world and said India was moving towards self-reliance in this sector. He said three semiconductor plants had already started and production from these facilities had begun to be exported. The Prime Minister further said that another five-seven or eight semiconductor plants would come up in the coming seven-eight years, and described self-reliance in semiconductors as a pathway towards Viksit Bharat.

6. 100 GW Nuclear Power Capacity by 2047: Highlighting the growing energy requirements of chips, AI and data centres, the Prime Minister underlined the importance of energy security and nuclear power. He said India was moving ahead with a target of 100 GW of nuclear power capacity by 2047 and aimed to start five new nuclear reactors within this decade. The Prime Minister also said that India had achieved an important milestone this year in fast breeder nuclear technology, marking a significant step towards self-reliance in nuclear fuel.

7. Target of Six Crore Lakhpati Didis: Highlighting the contribution of women to nation-building, the Prime Minister said that the earlier target of creating three crore Lakhpati Didis had been surpassed. He said India would now move ahead with the target of six crore Lakhpati Didis. The creation of another three crore Lakhpati Didis, he said, would bring about a major transformation in the rural economy through the strength of women.