ভাৰত এখনি জ্ঞান আৰু দক্ষতাৰ দেশ, এই বৌদ্ধিক শক্তিয়েই হৈছে আমাৰ সৰ্ববৃহৎ শক্তিঃ প্ৰধানমন্ত্ৰী
আইটিআই সমূহ কেৱল ঔদ্যোগিক শিক্ষাৰ আগশাৰীৰ প্ৰতিষ্ঠানেই নহয়, বৰঞ্চ আত্মনিৰ্ভৰ ভাৰতৰ একো-একোখন কৰ্মশালাওঃ প্ৰধানমন্ত্ৰী
পিএম-সেতু যোজনাই ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্বৰ দক্ষতাৰ চাহিদাৰ সৈতে সংযোগ কৰিবঃ প্ৰধানমন্ত্ৰী
ভাৰত ৰত্ন কৰ্পূৰী ঠাকুৰ জীয়ে ওৰেটো জীৱন সমাজ সেৱা আৰু শিক্ষাৰ অগ্ৰগতিৰ বাবে উৎসৰ্গা কৰিছিল, তেওঁৰ নামত প্ৰতিষ্ঠা হোৱা দক্ষতা বিশ্ববিদ্যালয়ে সেই দৃষ্টিভংগীক আগুৱাই নিয়াৰ এক শক্তিশালী মাধ্যম হিচাপে কাম কৰিবঃ প্ৰধানমন্ত্ৰী
তেখেতে আজি সেই পৰম্পৰাৰেই আন এক মাইলৰ খুঁটি স্থাপন হৈছে বুলি কয়

কেবিনেটত মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া, ৰাজ্যিক মন্ত্ৰী চন্দ্ৰ শেখৰ পেম্মাছানি ডাঙৰীয়া, ভিন্ন ৰাজ্যৰ প্ৰতিনিধি, বহিঃৰাষ্ট্ৰৰ পৰা অহা আমাৰ অতিথি, টেলিকম খণ্ডৰ লগত জড়িত সকলো গণ্যমান্য ব্যক্তি, ইয়াত উপস্থিত থকা ভিন্ন মহাবিদ্যালয়ৰ মোৰ যুৱ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!

মই ভাৰত ম’বাইল কংগ্ৰেছৰ এই বিশেষ সংস্কৰণলৈ আপোনালোক সকলো অতিথিকে স্বাগতম জনাইছোঁ। বৰ্তমান আমাৰ বহু ষ্টাৰ্টআপে বহু গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ প্ৰেজেন্টেচন আগবঢ়াইছে। বিত্তীয় জালিয়াতি প্ৰতিৰোধ, কোৱান্টাম যোগাযোগ, ৬জি, অপ্টিকেল কমিউনিকেচন, অৰ্ধপৰিবাহী আদি মূল বিষয়ৰ ওপৰত এনে প্ৰেজেন্টেচন দেখি ভাৰতৰ প্ৰযুক্তিগত ভৱিষ্যৎ সক্ষম হাতত আছে বুলি মোৰ বিশ্বাস জন্মিছে। এই অনুষ্ঠানৰ বাবে আৰু আপোনাসৱৰ সকলো নতুন পদক্ষেপৰ বাবে আপোনালোকক শুভেচ্ছা জনালোঁ।

বন্ধুসকল,

আইএমচিৰ এই কাৰ্য্যসূচী এতিয়া কেৱল ম’বাইল বা টেলিকমতে সীমাবদ্ধ হৈ থকা নাই। মাত্ৰ কেইবছৰমানৰ ভিতৰতে এই আইএমচি কাৰ্য্যসূচী এছিয়াৰ সৰ্ববৃহৎ ডিজিটেল প্ৰযুক্তি মঞ্চত পৰিণত হৈছে।

বন্ধুসকল,

কেনেকৈ আইএমচিৰ এই সফলতাৰ কাহিনী লিখা হৈছিল? কোনে ইয়াক চালিত কৰিছিল?

 

বন্ধুসকল,

এই সফলতাৰ কাহিনী ভাৰতৰ প্ৰযুক্তি দক্ষ মনোভাৱে ৰচনা কৰিছে, ইয়াৰ নেতৃত্ব দিছে আমাৰ যুৱক-যুৱতী, ভাৰতৰ প্ৰতিভাই, ইয়াক গতি প্ৰদান কৰিছে আমাৰ উদ্ভাৱক, আমাৰ ষ্টাৰ্টআপে। এয়া সম্ভৱ হৈছে কাৰণ দেশৰ প্ৰতিভা আৰু সামৰ্থ্যৰ আঁৰত চৰকাৰ দৃঢ়তাৰে থিয় দিছে। টেলিকম টেকনলজি ডেভেলপমেন্ট ফাণ্ড আৰু ডিজিটেল কমিউনিকেচন ইন’ভেচনছ স্কোৱেৰৰ দৰে আঁচনিৰ জৰিয়তে আমি আমাৰ ষ্টাৰ্টআপসমূহক পুঁজি প্ৰদান কৰিছোঁ। চৰকাৰে ৫জি, ৬জি, এডভান্সড অপ্টিকেল কমিউনিকেচন আৰু টেৰা-হাৰ্টজৰ দৰে প্ৰযুক্তিৰ বাবে টেষ্ট বেডৰ ক্ষেত্ৰত ধন আগবঢ়াইছে, যাতে আমাৰ ষ্টাৰ্টআপসমূহে তেওঁলোকৰ সামগ্ৰী নিৰ্মাণ কৰিব পাৰে। আমি দেশৰ ষ্টাৰ্টআপ আৰু প্ৰিমিয়াৰ ৰিচাৰ্চ ইনষ্টিটিউটৰ মাজত অংশীদাৰিত্বৰ সুবিধা কৰি দিছোঁ। আজি চৰকাৰী সহায়ত ভাৰতীয় উদ্যোগ, ষ্টাৰ্টআপ আৰু একাডেমীয়ে বহু ক্ষেত্ৰত একেলগে কাম কৰি আছে। থলুৱা প্ৰযুক্তিৰ বিকাশ আৰু স্কেলিঙেই হওঁক, গৱেষণা আৰু উন্নয়নৰ জৰিয়তে বৌদ্ধিক সম্পত্তি সৃষ্টিয়েই হওঁক বা বিশ্ব মানদণ্ডৰ বিকাশত অৰিহণা যোগোৱাই হওঁক, ভাৰত প্ৰতিটো মাত্ৰাতে আগবাঢ়িছে। এই প্ৰচেষ্টাসমূহৰ ফলস্বৰূপে আজি ভাৰতে এক ফলপ্ৰসূ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে।

বন্ধুসকল,

ইণ্ডিয়া ম’বাইল কংগ্ৰেছ আৰু টেলিকম খণ্ডত ভাৰতৰ সফলতাই আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ শক্তিৰ প্ৰতিফলন ঘটায়। মোৰ মনত আছে, যেতিয়া মই মেক ইন ইণ্ডিয়াৰ কথা কৈছিলোঁ, আগতে কিছুমান মানুহে ইয়াক কেনেকৈ ঠাট্টা কৰিছিল। সন্দেহত জীয়াই থকা মানুহে কৈছিল যে ভাৰতে প্ৰযুক্তিগতভাৱে উন্নত বস্তু কেনেকৈ নিৰ্মাণ কৰিব? কাৰণ, তেওঁলোকৰ সময়ত নতুন প্ৰযুক্তি ভাৰতলৈ আহিবলৈ কেইবাটাও দশক সময় লাগিছিল। দেশে উপযুক্ত উত্তৰ দিলে। এসময়ত ২জি-ৰ সৈতে যুঁজি থকা দেশখনত আজি ৫জি একেখন দেশৰ প্ৰায় প্ৰতিখন জিলাতে উপনীত হৈছে। ২০১৪-ৰ তুলনাত আমাৰ ইলেক্ট্ৰনিকছৰ উৎপাদন ছগুণ বৃদ্ধি পাইছে। ম’বাইল ফোন নিৰ্মাণৰ ক্ষেত্ৰত আঠাইছ গুণ বৃদ্ধি পাইছে আৰু ৰপ্তানি এশ সাতাইছ গুণ বৃদ্ধি পাইছে। যোৱা দশকত ম’বাইল ফোন নিৰ্মাণ খণ্ডই লাখ-লাখ প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ এটা ডাঙৰ স্মাৰ্টফোন কোম্পানীৰ তথ্য ওলাইছে। আজি ৪৫ টা ভাৰতীয় কোম্পানী সেই এটা ডাঙৰ কোম্পানীৰ যোগান শৃংখলৰ সৈতে জড়িত হৈ আছে। ইয়াৰ বাবে দেশত প্ৰায় চাৰে তিনি লাখ চাকৰিৰ সৃষ্টি হৈছে। আৰু এইটো কেৱল এটা কোম্পানীৰ পৰিসংখ্যা নহয়। আজি দেশৰ বহু কোম্পানীয়ে বৃহৎ পৰিসৰত উৎপাদন কৰি আছে। যদি আমি ইয়াৰ লগত পৰোক্ষ সুযোগ যোগ কৰোঁ, তেন্তে আমি কল্পনা কৰিব পাৰোঁ যে এই সংখ্যাৰ কৰ্মসংস্থাপন কিমান ডাঙৰ হৈ পৰে।

 

বন্ধুসকল,

মাত্ৰ কেইদিনমানৰ আগতে ভাৰতে নিজৰ মেড ইন ইণ্ডিয়া ৪জি ষ্টেক মুকলি কৰিছিল। এয়া দেশৰ বাবে এক বৃহৎ স্বদেশী কৃতিত্ব। এতিয়া ভাৰতে এই সামৰ্থ্য থকা বিশ্বৰ মাত্ৰ পাঁচখন দেশৰ তালিকাত যোগদান কৰিছে। ডিজিটেল আত্মনিৰ্ভৰশীলতাৰ দিশত, প্ৰযুক্তিগত স্বাধীনতাৰ দিশত দেশৰ বাবে এয়া এক ডাঙৰ পদক্ষেপ। থলুৱা ৪জি আৰু ৫জি ষ্টেকৰ জৰিয়তে আমি কেৱল নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰাই নহয়, দেশবাসীক দ্ৰুত ইন্টাৰনেট আৰু নিৰ্ভৰযোগ্য সেৱাও প্ৰদান কৰিবলৈ সক্ষম হ’ম। ঠিক এই উদ্দেশ্যে আমি আমাৰ মেড ইন ইণ্ডিয়া ৪জি ষ্টেক মুকলি কৰাৰ দিনা সমগ্ৰ দেশতে একেলগে প্ৰায় ১ লাখ ৪জি টাৱাৰো সক্ৰিয় হৈ উঠিছিল। বিশ্বৰ কিছুমান দেশত আমি ১ লাখ টাৱাৰৰ কথা ক’লে আচৰিত লাগে; এই সংখ্যাবোৰ মানুহৰ বাবে বিশাল যেন লাগে। ইয়াৰ বাবেই একে সময়তে ২ কোটিৰো অধিক লোক দেশৰ ডিজিটেল অভিযানৰ অংশ হৈ পৰিছে। ডিজিটেল সংযোগৰ ক্ষেত্ৰত পিছ পৰি থকা বহু দূৰৱৰ্তী অঞ্চল আছিল। এতিয়া এনে সকলো ক্ষেত্ৰতে ইন্টাৰনেট সংযোগ উপলব্ধ হৈছে।

বন্ধুসকল,

ভাৰতৰ মেড ইন ইণ্ডিয়া ৪জি ষ্টেকত আছে আন এক অনন্য বৈশিষ্ট্য। আমাৰ ৪জি ষ্টেকটোও এক্সপ’ৰ্ট ৰেডী। অৰ্থাৎ ই ভাৰতৰ ব্যৱসায়িক প্ৰচাৰৰ মাধ্যম হিচাপেও কাম কৰিব। ইয়াৰ দ্বাৰা ইণ্ডিয়া, ২০৩০ অৰ্থাৎ ‘ইণ্ডিয়া ৬জি ভিজন’ লাভ কৰাত সহায়ক হ’ব।

বন্ধুসকল,

ভাৰতৰ প্ৰযুক্তি বিপ্লৱ বিগত ১০ বছৰত দ্ৰুতগতিত আগবাঢ়িছে। আৰু এই গতি আৰু পৰিসৰৰ সৈতে মিলাবলৈ হ’লে এক শক্তিশালী আইনী আৰু আধুনিক নীতিৰ ভেটিৰ প্ৰয়োজনীয়তা বহুদিনৰ পৰাই অনুভৱ কৰা হৈছে। ইয়াৰ বাবে আমি দূৰসংযোগ আইন প্ৰণয়ন কৰিলোঁ। এই একক আইনখনে ভাৰতীয় টেলিগ্ৰাফ আইন আৰু ভাৰতীয় বেতাঁৰ টেলিগ্ৰাফ আইন উভয়ৰে ঠাই ল’লে। এই আইনসমূহ এনে এটা সময়ত প্ৰণয়ন কৰা হৈছিল, যেতিয়া ইয়াত বহি থকা আপোনাসৱ আৰু মোৰ জন্মই হোৱা নাছিল। আৰু সেয়েহে, নীতিগত পৰ্য্যায়ত একবিংশ শতিকাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি নতুন ব্যৱস্থা এটা সৃষ্টি কৰাৰ প্ৰয়োজন আছিল আৰু আমি ঠিক সেইটোৱেই কৰিছোঁ। এই নতুন আইনখনে নিয়ন্ত্ৰক নহয়, সুবিধা প্ৰদানকাৰী হিচাপে কাম কৰে। অনুমোদন সহজ হৈ পৰিছে, আৰু ৰাইট-অফ-ৱে' অনুমতি অধিক ক্ষীপ্ৰতাৰে প্ৰদান কৰা হৈছে। ইয়াৰ ফলাফলো দেখা যায়। ফাইবাৰ আৰু টাৱাৰ নেটৱৰ্ক দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। ইয়াৰ ফলত ইজ অৱ ডুয়িং বিজনেছ বৃদ্ধি পাইছে, বিনিয়োগক উৎসাহিত কৰা হৈছে, দীৰ্ঘম্যাদী পৰিকল্পনাত উদ্যোগসমূহক সহজ কৰি তোলা হৈছে।

 

বন্ধুসকল,

আজি আমি দেশৰ চাইবাৰ সুৰক্ষাক সমানে অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে আইন কঠোৰ কৰা হৈছে আৰু জবাবদিহিতাও বৃদ্ধি কৰা হৈছে। আৰু অভিযোগ নিৰাময়ৰ ব্যৱস্থাটোও উন্নত কৰা হৈছে। ইয়াৰ পৰা উদ্যোগ আৰু উপভোক্তা উভয়েই বিপুল সুবিধা লাভ কৰিছে।

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বই ভাৰতৰ সম্ভাৱনাক স্বীকাৰ কৰিছে। ভাৰত হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ টেলিকম বজাৰ। দ্বিতীয় সৰ্ববৃহৎ ৫জি বজাৰ। আৰু বজাৰৰ লগতে আমাৰ জনশক্তি, গতিশীলতা আৰু মানসিকতাও আছে। আৰু জনশক্তিৰ কথা আহিলে ভাৰতৰ স্কেল আৰু দক্ষতা উভয়েই আছে। আজি ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক যুৱ জনসংখ্যা আছে আৰু এই প্ৰজন্মক অতি বৃহৎ পৰিসৰত দক্ষ কৰি তোলা হৈছে। আজি ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা ডেভেলপাৰ জনসংখ্যাৰ দেশ।

বন্ধুসকল,

আজি ভাৰতত এক জিবি বেতাঁৰ ডাটাৰ খৰচ একাপ চাহতকৈয়ো কম, চাহৰ উদাহৰণ দিয়াৰ মোৰ অভ্যাস আছে। প্ৰতি ইউজাৰ ডাটা ব্যৱহাৰত আমি বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত আছোঁ। অৰ্থাৎ ভাৰতত ডিজিটেল সংযোগ এতিয়া বিশেষ সুবিধা বা বিলাসিতা নহয়। এয়া ভাৰতীয়ৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ।

বন্ধুসকল,

উদ্যোগ আৰু বিনিয়োগক লালন-পালন কৰাৰ ক্ষেত্ৰতো ভাৰতীয় মানসিকতাৰ আগশাৰীত থকা যেন লাগে। ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা, চৰকাৰৰ আদৰণীয় দৃষ্টিভংগী আৰু সহজ-সৰল ব্যৱসায়িক নীতিয়ে ভাৰতক বিনিয়োগকাৰী অনুকূল গন্তব্যস্থান হিচাপে পৰিচিত কৰি তুলিছে। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমাৰ সফলতাই চৰকাৰ কেনেকৈ ডিজিটেল-প্ৰথম মানসিকতাৰ প্ৰতি দায়বদ্ধ তাৰ সাক্ষ্য বহন কৰে। সেইবাবেই মই সম্পূৰ্ণ আত্মবিশ্বাসেৰে কওঁ - ভাৰতত বিনিয়োগ, উদ্ভাৱন আৰু নিৰ্মাণৰ এয়াই উত্তম সময়! মেনুফেকচাৰিঙৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, ম’বাইলৰ পৰা ইলেক্ট্ৰনিকছ আৰু ষ্টাৰ্টআপলৈকে, প্ৰতিটো ক্ষেত্ৰতে ভাৰতৰ যথেষ্ট সম্ভাৱনা আৰু বহু শক্তি আছে।

 

বন্ধুসকল,

মাত্ৰ কেইসপ্তাহমানৰ আগতে ১৫ আগষ্টত মই লালকিল্লাৰ পৰা ঘোষণা কৰিছিলোঁ যে এই বছৰটো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন, বৃহৎ সংস্কাৰ সাধনৰ বছৰ। আমি সংস্কাৰৰ গতি ত্বৰান্বিত কৰিছোঁ আৰু সেয়েহে, আমাৰ উদ্যোগ তথা আমাৰ উদ্ভাৱকসকলৰ দায়িত্বও বৃদ্ধি পাইছে। আৰু ইয়াত আমাৰ ষ্টাৰ্টআপ আৰু আমাৰ যুৱ উদ্ভাৱকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকৰ গতি আৰু ৰিস্ক লোৱা ক্ষমতাৰ দ্বাৰা ষ্টাৰ্টআপসমূহে নতুন পথ আৰু নতুন সুযোগ সৃষ্টি কৰিছে। আৰু সেইবাবেই মই আইএমচিয়ে এই বছৰ ৫০০-ৰো অধিক ষ্টাৰ্টআপকো আমন্ত্ৰণ জনোৱাত সন্তোষ পাইছোঁ, যিয়ে তেওঁলোকক বিনিয়োগকাৰী আৰু বিশ্বব্যাপী অগ্ৰদূতৰ সৈতে সংযোগ স্থাপনৰ সুযোগ দিছে।

বন্ধুসকল,

এই খণ্ডৰ বিকাশত আমাৰ প্ৰতিষ্ঠিত প্লেয়াৰসকলৰ ভূমিকা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই প্লেয়াৰসকলে দেশৰ অৰ্থনীতিক আগুৱাই নিবলৈ স্থিতিশীলতা, পৰিসৰ আৰু দিশ প্ৰদান কৰিছে। তেওঁলোকৰ গৱেষণা আৰু উন্নয়নৰ ক্ষমতা আছে। আৰু সেইবাবেই, আমি ষ্টাৰ্টআপৰ গতি আৰু প্ৰতিষ্ঠিত প্লেয়াৰৰ পৰিসৰ উভয়ৰে দ্বাৰা শক্তিশালী হ’ম।

বন্ধুসকল,

আমাৰ উদ্যোগৰ সৈতে জড়িত বহুতো বিষয় আছে য’ত যুৱ ষ্টাৰ্টআপ, আমাৰ শিক্ষাবিদ, গৱেষণা প্ৰতিষ্ঠান, গৱেষণা সমাজ আৰু নীতি-নিৰ্ধাৰকসকলৰ মাজত সহযোগিতাৰ প্ৰয়োজন। যদি আইএমচিৰ দৰে মঞ্চ এনে আলোচনা আৰম্ভ কৰাত উপযোগী হয়, তেন্তে হয়তো আমাৰ সুবিধা বহুগুণে বৃদ্ধি পাব।

 

বন্ধুসকল,

আমি চাব লাগিব যে বিশ্বৰ যোগান শৃংখলত ক’ত বিঘিনি ঘটিছে। য’তেই ম’বাইল, টেলিকম, ইলেক্ট্ৰনিকছ আৰু সমগ্ৰ প্ৰযুক্তিৰ পৰিবেশ তন্ত্ৰৰ ক্ষেত্ৰত বিশ্বব্যাপী বটলনেক আছে, ভাৰতে বিশ্বক সমাধান প্ৰদান কৰাৰ সুযোগ লাভ কৰিছে। উদাহৰণস্বৰূপে, আমি স্বীকাৰ কৰিলোঁ যে অৰ্ধপৰিবাহী নিৰ্মাণ ক্ষমতা কেইখনমান দেশতে সীমাবদ্ধ আছিল আৰু সমগ্ৰ বিশ্বই বৈচিত্ৰ্য বিচাৰিছিল। আজি ভাৰতে এই দিশত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতত ১০ টা অৰ্ধপৰিবাহী নিৰ্মাণ ইউনিটৰ কাম চলি আছে।

 

বন্ধুসকল,

ইলেক্ট্ৰনিক্স উৎপাদনত বিশ্বব্যাপী কোম্পানীসমূহে এনে বিশ্বাসযোগ্য অংশীদাৰ বিচাৰিছে যিয়ে স্কেল আৰু নিৰ্ভৰযোগ্যতা উভয়ে প্ৰদান কৰে। টেলিকম নেটৱৰ্ক সঁজুলিৰ ডিজাইন আৰু নিৰ্মাণৰ বাবেও বিশ্বই নিৰ্ভৰযোগ্য অংশীদাৰ বিচাৰে। ভাৰতীয় কোম্পানীসমূহ নিৰ্ভৰযোগ্য বিশ্বব্যাপী যোগানকাৰী আৰু ডিজাইন অংশীদাৰ হ’ব নোৱাৰেনে?

 

বন্ধুসকল,

চিপছেট আৰু বেটাৰীৰ পৰা আৰম্ভ কৰি ডিছপ্লে’ আৰু চেন্সৰলৈকে ম’বাইল নিৰ্মাণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে এই কাম অধিক কৰিব লাগিব। বিশ্বই পূৰ্বতকৈ অধিক ডাটা সৃষ্টি কৰিছে। গতিকে সংৰক্ষণ, নিৰাপত্তা, সাৰ্বভৌমত্ব আদি বিষয়বোৰ ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিব। ডাটা চেন্টাৰ আৰু ক্লাউড আন্তঃগাঁথনিৰ কাম কৰি ভাৰত বিশ্বব্যাপী ডাটা হাব হ’ব পাৰে।

বন্ধুসকল,

আগন্তুক অধিবেশনত আমি এই পন্থা আৰু এই লক্ষ্যৰে আগবাঢ়ি যাম বুলি আশা কৰিলোঁ। আকৌ এবাৰ আপোনালোক সকলোকে এই সমগ্ৰ আইএমচি কাৰ্য্যক্ৰমৰ বাবে শুভেচ্ছা জনাইছোঁ। আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ।

অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 মাৰ্চ 2026
March 06, 2026

New India's Rise: Record Enterprise Growth, Women's Financial Leap, and Rural Revival Under PM Modi