৩ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন
ছটা নতুন ষ্টেচন ভৱনৰ লগতে সনাথনগৰ - মৌলা আলী ৰেল লাইনৰ দ্বৈতকৰণ আৰু বৈদ্যুতীকৰণৰ শুভাৰম্ভ
মৌলা আলী - সনাথনগৰ হৈ ঘাটকেছাৰ - লিংগামপল্লী প্ৰথম এমএমটিএছ ৰেল সেৱাৰ ফ্লেগ-অফ
ইণ্ডিয়ান অইল পাৰাদ্বীপ-হায়দৰাবাদ প্ৰডাক্ট পাইপলাইন উদ্বোধন
হায়দৰাবাদত অসামৰিক বিমান পৰিবহণ গৱেষণা সংস্থাৰ (CARO) কেন্দ্ৰ উদ্বোধন
“আমি ৰাজ্যসমূহৰ বিকাশৰ জৰিয়তে ৰাষ্ট্ৰৰ বিকাশ সাধনৰ মন্ত্ৰত বিশ্বাস কৰোঁ”
“আজিৰ প্ৰকল্পসমূহে বিকশিত তেলেংগানাৰ জৰিয়তে বিকশিত ভাৰত গঢ়াত সহায় কৰিব”
কেন্দ্ৰীয় চৰকাৰেও একেই মনোভাৱেৰে তেলেংগানাক সেৱা আগবঢ়াবলৈ কাম কৰি আছে।“ তেখেতে আজিৰ উন্নয়নমূলক কামসমূহৰ বাবে নাগৰিকসকলক অভিনন্দন জনায়।

তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰ্জনজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী কিষাণ ৰেড্ডীজী, তেলেংগানা চৰকাৰৰ মন্ত্ৰী কোণ্ডা সুৰেখাজী, কে ভেংকট ৰেড্ডীজী, সংসদত মোৰ সহকৰ্মী ড° কে লক্ষ্মণজী, আন আন সুধীবৃন্দ!!

 

ছাঙ্গাৰেড্ডীৰ প্ৰাজালাকুৰ পৰা শুভেচ্ছা,

বিগত ১০ বছৰে কেন্দ্ৰীয় চৰকাৰে তেলেংগানাক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। এই অভিযানৰ অংশ হিচাপে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে তেলেংগানাত আপোনালোকৰ মাজত আছো। কালি আদিলাবাদৰ পৰা মই তেলেংগানা আৰু দেশৰ বাবে প্ৰায় ৫৬ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰিলোঁ। আজি মই সাংগাৰেডীৰ পৰা প্ৰায় ৭ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছো। ইয়াৰ উপৰিও ঘাইপথ, ৰে’লপথ আৰু বিমানপথৰ সৈতে জড়িত আধুনিক আন্তঃগাঁথনিৰ কামো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত পেট্ৰলিয়াম সম্পৰ্কীয় প্ৰকল্পও আছে। কালিও তেলেংগানাই যিবোৰ উন্নয়নমূলক কামৰ পৰা লাভৱান হৈছিল, সেইবোৰ শক্তি আৰু পৰিৱেশৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিলৈকে বিভিন্ন খণ্ডৰ সৈতে জড়িত আছিল। মই ৰাজ্যৰ উন্নয়নৰ জৰিয়তে দেশৰ উন্নয়নৰ মনোভাৱ অনুসৰণ কৰো। এইটোৱেই আমাৰ কাম কৰাৰ ধৰণ আৰু এই সংকল্পৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰেও তেলেংগানাক সেৱা আগবঢ়াইছে। আজি এই উপলক্ষে আপোনাক আৰু তেলেংগানাৰ সকলো জনসাধাৰণক এই সকলোবোৰ উন্নয়নমূলক কামৰ বাবে অভিনন্দন জনাইছো।

বন্ধুসকল,

আজি তেলেংগানাই লাভ কৰিছে বিমান পৰিবহণৰ ক্ষেত্ৰত এক বৃহৎ উপহাৰ। হায়দৰাবাদৰ বেগুম্পেট বিমানবন্দৰত এটা অসামৰিক বিমান পৰিবহণ গৱেষণা সংস্থা অৰ্থাৎ ‘CARO’ স্থাপন কৰা হৈছে। এনে আধুনিক মানদণ্ডৰ ওপৰত নিৰ্মিত এইটোৱেই হ’ব দেশৰ ভিতৰতে এই ধৰণৰ প্ৰথমটো বিমান কেন্দ্ৰ। এই কেন্দ্ৰৰ পৰা হায়দৰাবাদ আৰু তেলেংগানাই নতুন পৰিচয় লাভ কৰিব। ইয়াৰ দ্বাৰা তেলেংগানাৰ যুৱক-যুৱতীসকলৰ বাবে বিমান পৰিবহণ খণ্ডত নতুন পথ মুকলি হ’ব। ইয়াৰ দ্বাৰা দেশৰ বিমান পৰিবহণ ষ্টাৰ্টআপসমূহে গৱেষণা আৰু দক্ষতা বিকাশৰ বাবে এক মঞ্চ আৰু শক্তিশালী ভিত্তি প্ৰদান কৰিব। আজি ভাৰতৰ বিমান পৰিবহণ খণ্ডই নতুন অভিলেখ সৃষ্টি কৰাৰ লগে লগে, যোৱা ১০ বছৰত দেশৰ বিমানবন্দৰৰ সংখ্যা দুগুণ বৃদ্ধি পোৱাৰ লগে লগে, এই খণ্ডত নতুন কৰ্মসংস্থাপনৰ সুযোগৰ উন্মেষ ঘটিছে, আৰু তাৰ সমান্তৰালকৈ হায়দৰাবাদৰ এই অত্যাধুনিক প্ৰতিষ্ঠানটোৱে এই সকলোবোৰ সম্ভাৱনা সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

বন্ধুসকল,

আজি ১৪০ কোটি নাগৰিকে এখন উন্নত ভাৰত গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আৰু এখন উন্নত ভাৰতৰ বাবে আধুনিক আন্তঃগাঁথনি থকাটোও সমানেই অপৰিহাৰ্য। সেইবাবেই এইবাৰৰ বাজেটত আমি আন্তঃগাঁথনিৰ বাবে ১১ লাখ কোটি টকা দিছো। আমাৰ প্ৰচেষ্টা হৈছে তেলেংগানাই যাতে ইয়াৰ পৰা সৰ্বাধিক লাভ লাভ কৰে। আজি ইন্দোৰ-হায়দৰাবাদ অৰ্থনৈতিক কৰিডৰৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ ঘটিছে। এই শিতান 'কান্দি-ৰামছানপলে' জনসাধাৰণৰ সেৱাৰ বাবে উৎসৰ্গা কৰা হ’ল। একেদৰে 'মৰায়ালগুদা কোদাদ'ও সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ ফলত তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত মানুহৰ চলাচলৰ সুবিধা হ’ব। ইয়াৰ দ্বাৰা চিমেণ্ট আৰু কৃষি সম্পৰ্কীয় উদ্যোগসমূহো লাভৱান হ’ব। আজি ইয়াত সাংগাৰেড্ডীৰ পৰা মডিনাগুডা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলাও স্থাপন কৰা হৈছে। যেতিয়া এই কাম সম্পূৰ্ণ হ’ব তেতিয়া তেলেংগানা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ মাজত সংযোগ আৰু অধিক উন্নত হ’ব। ১৩০০ কোটি ব্যয় সাপেক্ষে এই প্ৰকল্পই সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।

বন্ধুসকল,

তেলেংগানাক দক্ষিণ ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। তেলেংগানাত ৰেলপথৰ সুবিধা উন্নত কৰাৰ বাবে বিদ্যুৎকৰণ আৰু দুগুণ কৰাৰ কামো দ্ৰুতগতিত চলি আছে। দুগুণ আৰু বিদ্যুৎকৰণৰ সমান্তৰালকৈ সনাত নগৰ-মৌলা আলী পথত ৬টা নতুন ষ্টেচনো নিৰ্মাণ কৰা হৈছে। আজি ইয়াৰ পৰাই ‘ঘাটকেছাৰ-লিংগাম্পালী’ৰ মাজত MMTS Train Service ও ফ্লেগ অফ কৰা হৈছে। ইয়াৰ মুকলিৰ লগে লগে এতিয়া হায়দৰাবাদ আৰু ছিকন্দৰাবাদৰ আৰু বহু অঞ্চল সংযোগ হ’ব। ইয়াৰ দ্বাৰা দুয়োখন চহৰৰ মাজত ৰে’ল যাত্ৰীক যথেষ্ট সুবিধা প্ৰদান কৰা হ’ব।

 

বন্ধুসকল,

আজি মোৰ সৌভাগ্য হৈছে যে পাৰাদীপ-হায়দৰাবাদ পাইপলাইন প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰিব পাৰিছো। ইয়াৰ দ্বাৰা কম খৰচত আৰু নিৰাপদভাৱে পেট্ৰলিয়াম সামগ্ৰী পৰিবহণত সুবিধা হ’ব। এই প্ৰকল্পই বহনক্ষম উন্নয়নৰ প্ৰতি আমাৰ দায়বদ্ধতাক শক্তিশালী কৰিব। অনাগত সময়ত আমি উন্নত তেলেংগানাৰ পৰা উন্নত ভাৰতলৈ এই অভিযান আৰু অধিক ত্বৰান্বিত কৰিম।

বন্ধুসকল,

এই সৰু চৰকাৰী কাৰ্যসূচী ইয়াতেই সম্পূৰ্ণ হৈ আছে। মই ওচৰৰ মানুহৰ মাজলৈ যাম আৰু তাতো মানুহে এই বিষয়টোৰ ওপৰত কি কয় সেয়া শুনিবলৈ বিচাৰে। ৰাজহুৱা সভাত কিছু কথা ১০ মিনিটৰ পিছত বিশদভাৱে ক'ম, কিন্তু এতিয়াৰ বাবে সামৰিছো। আৰু আপোনালোকক শুভেচ্ছা জনালোঁ। ধন্যবাদ  ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi performs Darshan and Pooja at Baba Vishwanath Temple; prays for the prosperity and good health of all countrymen
April 29, 2026

 

Prime Minister Shri Narendra Modi today performed darshan and pooja at the Baba Vishwanath Temple in Kashi, where he prayed for the happiness, prosperity, and healthy lives of the people of the nation.

"हर हर महादेव !

काशी में बाबा विश्वनाथ मंदिर में दर्शन और पूजन का सौभाग्य मिला। यहां भगवान भोलेनाथ से समस्त देशवासियों के लिए सुख-समृद्धि और आरोग्यपूर्ण जीवन की कामना की।

माँ अन्नपूर्णा एवं माँ गंगा के दर्शन से असीम शांति मिली। उनकी कृपा से हर किसी में सकारात्मक ऊर्जा का संचार हो !

काशी की जनता को पुनः नमन