ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকা সংযোগী সুদৰ্শন সেতু ৰাষ্ট্ৰলৈ উচৰ্গা কৰে
ভাদিনাৰ আৰু ৰাজকোট-ওখাত পাইপলাইন প্ৰকল্প উচৰ্গা কৰে
ৰাজকোট-জেটালচাৰ-সোমনাথ আৰু জেটালচাৰ-ৱানজালিয়া ৰে’ল বৈদ্যুতিকৰণ প্ৰকল্প উচৰ্গা কৰে
ৰাষ্ট্ৰীয় ঘাইপথ-৯২৭ -ৰ ধোৰাজি-জামকান্দোৰনা-কালাভাদ শাখা সম্প্ৰসাৰিতকৰণৰ আধাৰশিলা স্থাপন কৰে
জামনগৰত আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে
চিক্কা থাৰ্মাল পাৱাৰ ষ্টেচনত ফ্লু গেছ ডিছালফিউৰাইজেচন (এফজিডি) প্ৰণালী স্থাপনৰ আধাৰশিলা স্থাপন কৰে
"কেন্দ্ৰ আৰু গুজৰাটৰ দ্বৈত ইঞ্জিন চৰকাৰে ৰাজ্যখনৰ উন্নয়নক অগ্ৰাধিকাৰ দিছে"
একবিংশ শতিকাত ভাৰতৰ সম্ভাৱনাৰ দৃশ্যসমূহ চকুৰ সন্মুখত ধৰা দিয়াৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই বিকশিত ভাৰত গঢ়াৰ বাবে তেওঁৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে।
তেওঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে আৰম্ভ কৰা কাম সম্পূৰ্ণ হোৱাত আনন্দ প্ৰকাশ কৰে আৰু তেওঁৰ সংকল্পক প্ৰশংসা কৰে।
তেওঁ পূৰ্বৰ চৰকাৰৰ শাসনকালত সংঘটিত হোৱা কেলেংকাৰীসমূহৰো সমালোচনা কৰে।
তেওঁ লগতে কয়, "এনে ধৰণৰ আধুনিক সংযোগ হৈছে এক সমৃদ্ধ আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ শক্তিশালী উপায়"
আমি একেলগে বিকশিত সৌৰাষ্ট্ৰ আৰু বিকশিত গুজৰাট গঢ়ি তুলিম"।গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু সংসদ সদস্য শ্ৰী চি আৰ পাটিলো এই অনুষ্ঠানত উপস্থিত আছিল।
ইয়াৰ লগতে জামনগৰৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ; ছিক্কা থাৰ্মেল পাৱাৰ ষ্টেচন, জামনগৰত ফ্লু গেছ ডিছালফাৰাইজেচন (এফজিডি) ব্যৱস্থা স্থাপন কৰাৰ প্ৰক্লপৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীও অন্তৰ্ভুক্ত হৈ আছে।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-৯২৭ডিৰ ধোৰাজী-জামকাদোৰ্না-কালাভাদ অংশ সম্প্ৰসাৰণ কৰাৰ আধাৰশিলা স্থাপন কৰে।

দ্বাৰকাধীশ কী – জয়!

দ্বাৰকাধীশ কী – জয়!

দ্বাৰকাধীশ কী – জয়!

মঞ্চত উপস্থিত আছে গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, সংসদত মোৰ সতীৰ্থ তথা গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি শ্ৰী চিআৰ পাটিল, আন-আন সন্মানীয় বিশিষ্ট ব্যক্তিসকল আৰু গুজৰাটৰ মোৰ ভাই-ভনীসকল।

প্ৰথমে মোক আদৰণি জনোৱাৰ বাবে সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল। প্ৰায় ৩৭,০০০ আহিৰ ভগ্নীয়ে দ্বাৰকাত গৰ্বা পৰিবেশন কৰিছিল আৰু জনতাই মোক গৌৰৱেৰে কৈছিল, “ছাৰ, দ্বাৰকাত ৩৭,০০০ আহিৰ ভগ্নী সমবেত হয়!” মই কৈছিলোঁ, “আপোনাসৱে গৰ্বা দেখিছিল, কিন্তু ইয়াৰ আন এটা বিশেষ দিশ আছিল; সেই ৩৭,০০০ আহিৰ ভগ্নীয়ে যেতিয়া গৰ্বা কৰি আছিল, তেতিয়া তেওঁলোকে কমেও ২৫,০০০ কিলোগ্ৰাম সোণ পৰিধান কৰিছিল।” ইয়াৰ বাবে সকলো আহিৰ ভগ্নীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

ভগৱান শ্ৰীকৃষ্ণৰ ভূমি দ্বাৰকা ধামক শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। ভগৱান শ্ৰীকৃষ্ণই দেৱভূমি দ্বাৰকাত দ্বাৰকাধীশ হিচাপে বসবাস কৰিছিল। ইয়াত যি হয়, সেয়া দ্বাৰকাধীশৰ ইচ্ছা। পুৱা মন্দিৰ দৰ্শন আৰু পূজা কৰাৰ সৌভাগ্য হৈছিল। কোৱা হয় যে দ্বাৰকা চাৰ ধাম আৰু সপ্তপুৰী উভয়ৰে অংগ। আদি শংকৰাচাৰ্য্যই ইয়াৰ চাৰি পীঠৰ ভিতৰত এটা পীঠ শাৰদ পীঠ প্ৰতিষ্ঠা কৰিছিল। ইয়াত নাগেশ্বৰ জ্যোতিৰ্লিংগ, ৰুক্মিণী দেৱীৰ মন্দিৰ আৰু একাধিক বিশ্বাসৰ কেন্দ্ৰ আছে। শেহতীয়াকৈ মোৰ ‘দেশ কাজ’ (ৰাষ্ট্ৰীয় কৰ্তব্য)ৰ মাজতে সমগ্ৰ দেশৰ ভিন্ন পবিত্ৰ স্থানলৈ ‘দেৱ কাজ’ (তীৰ্থযাত্ৰা) কৰাৰ সৌভাগ্য হৈছে। আজি মই দ্বাৰকা ধামত সেই ঐশ্বৰিক আভা অনুভৱ কৰিছোঁ। আজি পুৱা মোৰ আন এটা অভিজ্ঞতা হ’ল, যি মোৰ সৈতে আজীৱন থাকিব। সাগৰৰ গভীৰতাত ডুব গৈ প্ৰাচীন দ্বাৰকা প্ৰত্যক্ষৰ সুযোগ পাইছিলোঁ। সাগৰত ডুব যোৱা দ্বাৰকাৰ বিষয়ে পুৰাতত্ত্ববিদসকলে বহু কথা লিখিছে। আমাৰ শাস্ত্ৰতো দ্বাৰকাৰ বিস্তৃত উল্লেখ আছে --

 

भविष्यति पुरी रम्या सुद्वारा प्रार्ग्य-तोरणा।

चयाट्टालक केयूरा पृथिव्याम् ककुदोपमा॥

অৰ্থাৎ ধুনীয়া-ধুনীয়া তোৰণ আৰু ওখ অট্টালিকা থকা এই চহৰখন নিশ্চয় বিশ্বৰ শিখৰৰ দৰে আছিল। কোৱা হয় যে ভগৱান বিশ্বকৰ্মাই নিজেই এই দ্বাৰকা নগৰ নিৰ্মাণ কৰিছিল। এয়া দ্বাৰকা চহৰৰ সংগঠন আৰু উন্নয়নৰ এক উৎকৃষ্ট নিদৰ্শন। আজি গভীৰ সাগৰত দ্বাৰকা জীক প্ৰত্যক্ষ কৰি থাকোঁতে মোৰ ঐশ্বৰিক আভা অনুভূত হয়। ভগৱান শ্ৰীকৃষ্ণ, দ্বাৰকাধীশক শ্ৰদ্ধাঞ্জলি জনালোঁ। মই লগত ময়ূৰৰ পাখি এটাও লৈ গৈছিলোঁ, যি মই ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰি তাতেই আগবঢ়াইছিলোঁ। মোৰ মনত এটা হেঁপাহ আছিল যে কোনোবাদিনা সাগৰৰ তললৈ গৈ সেই দ্বাৰকা চহৰৰ যিখিনি বাকী আছে, তাত শ্ৰদ্ধাৰে সেৱা জনাম। আজি বহু বছৰৰ মূৰত মোৰ সেই হেঁপাহ পূৰণ হৈছে। মই আপ্লুত হৈছোঁ আৰু মনটো আৱেগেৰে ভৰি পৰিছে। কল্পনা কৰকচোন, দশক-দশক ধৰি সেই সপোনটোক লালন-পালনেৰে অৱশেষত সেই পবিত্ৰ ভূমিখন স্পৰ্শকৰণৰ পিছত মই গভীৰ আনন্দ অনুভৱ কৰিছোঁ।

বন্ধুসকল,

একবিংশ শতিকাৰ ভাৰতৰ গৌৰৱৰ দৰ্শনো মোৰ চকুৰ আগত ভাঁহি আছিল আৰু মই বহু সময় তাতে থাকিছিলোঁ। আৰু আজি দেৰিকৈ ইয়াত উপস্থিত হোৱাৰ কাৰণটো হ’ল মই যথেষ্ট সময় পানীৰ তলত আছিলোঁ। সাগৰীয় দ্বাৰকা দৰ্শনৰ জৰিয়তে মই ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ সংকল্পক অধিক সুদৃঢ় কৰি তুলিছোঁ।

বন্ধুসকল,

আজি সুদৰ্শন সেতু উদ্বোধন কৰাৰ সৌভাগ্য হৈছে। ছবছৰ আগতে এই দলঙৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাইছিলোঁ। এই দলংখনে ওখাক বেইট দ্বাৰকা দ্বীপৰ সৈতে সংযোগ কৰিব। ই কেৱল দ্বাৰকাধীশ ভ্ৰমণ সহজ কৰি তোলাই নহয়, বৰঞ্চ এই অঞ্চলৰ ঐশ্বৰিক সৌন্দৰ্য্যৰো বৰ্ধন ঘটাব। এই সপোনটো মই কল্পনা কৰিছিলোঁ, ইয়াৰ আধাৰশিলা স্থাপন কৰিছিলোঁ আৰু আজি উপলব্ধি কৰোঁ -- এয়াই হৈছে ঐশ্বৰিকতাক মূৰ্ত কৰি তোলা জনসাধাৰণৰ সেৱক মোদীৰ নিশ্চয়তা। সুদৰ্শন সেতু কেৱল সুবিধা নহয়; ই অভিযান্ত্ৰিকতাৰ এক আশ্চৰ্য্যও। আৰু ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীসকলে এই সুদৰ্শন সেতু সম্পৰ্কে অধ্যয়ন কৰক। এইখনেই ভাৰতৰ এতিয়ালৈকে দীৰ্ঘতম কেবল-আধাৰিত দলং। এই আধুনিক আৰু বিশাল দলংখনৰ বাবে দেশৰ সকলো নাগৰিককে অভিনন্দন জনাইছোঁ।

আজি এনে গুৰুত্বপূৰ্ণ কাম অব্যাহত থাকোতে এটা পুৰণি স্মৃতি মনলৈ আহিছে। ৰাছিয়াত অষ্ট্ৰাখান নামৰ এখন ৰাজ্য আছে। মই যেতিয়া (গুজৰাটৰ) মুখ্যমন্ত্ৰী আছিলোঁ, তেতিয়া তেওঁলোকে মোক ৰাছিয়াৰ অষ্ট্ৰাখান ৰাজ্যলৈ নিমন্ত্ৰণ জনাইছিল। আৰু তালৈ যাওঁতে মই আচৰিত হৈছিলোঁ তাৰ শ্ৰেষ্ঠ বজাৰখন, আটাইতকৈ ডাঙৰ মলখনৰ নাম শুনি। ইয়াৰ নাম আছিল ওখা। সকলো বস্তুৰ নাম ওখাৰ নামেৰে ৰখা হৈছিল। মই সুধিছিলোঁ, “ওখা নাম কিয়?” গতিকে কেইবা শতিকাৰ পূৰ্বে মানুহে ইয়াৰপৰা ব্যৱসায়ৰ বাবে গৈছিল আৰু ইয়াৰ পৰা যি পঠিওৱা হৈছিল, সেয়া সৰ্বোত্তম মানদণ্ডৰ বুলি গণ্য কৰা হৈছিল। সেইবাবেই যুগ-যুগৰ পিছতো যেতিয়া দোকান-মলবোৰৰ নাম ওখাৰ নামেৰে ৰখা হয়, তেতিয়া মানুহে বিশ্বাস কৰে যে তাত অতি উচ্চমানৰ বস্তু বিচাৰি পাব পাৰি। শতিকা আগতে ওখাই যি সন্মান লাভ কৰিছিল, সেই সন্মান সুদৰ্শন সেতু নিৰ্মাণৰ পিছত আকৌ এবাৰ বিশ্বৰ মানচিত্ৰত জিলিকি উঠিব।

 

বন্ধুসকল,

আজি সুদৰ্শন সেতুলৈ চাই থাকোঁতে বহু পুৰণি স্মৃতি মনলৈ আহিছে। ইয়াৰ পূৰ্বে দ্বাৰকা আৰু বেত দ্বাৰকাৰ ৰাইজে ফেৰী নাওৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। প্ৰথমে সাগৰীয় পথেৰে আৰু তাৰ পিছত স্থল-পথেৰে বহু দূৰ যাত্ৰা কৰিবলগীয়া হৈছিল। যাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হৈছিল আৰু কেতিয়াবা সাগৰৰ ঢৌৰ বাবে নাও সেৱা বন্ধ হৈ পৰিছিল। ইয়াৰ ফলত ভক্তসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। মই যেতিয়া মুখ্যমন্ত্ৰী আছিলোঁ, তেতিয়া ইয়াৰপৰা মোৰ ওচৰলৈ অহা সংগীসকলে সদায় দলংখনৰ প্ৰয়োজনীয়তাৰ কথা কৈছিল।

বন্ধুসকল,

মই সেই সময়ত কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ আগত এই বিষয়টো বাৰে-বাৰে উত্থাপন কৰিছিলোঁ, কিন্তু তেওঁলোকে কেতিয়াও গুৰুত্ব নিদিলে। এই সুদৰ্শন সেতুৰ নিৰ্মাণৰ দায়িত্বও মোৰ ভাগ্যত ভগৱান শ্ৰীকৃষ্ণই লিখিছিল। ঈশ্বৰৰ আজ্ঞা পালনেৰে এই দায়িত্ব পালন কৰিবলৈ সক্ষম হোৱাত মই সুখী হৈছোঁ। এই দলং নিৰ্মাণৰ ফলত এতিয়া দেশৰ ভিন্ন প্ৰান্তৰপৰা অহা ভক্তসকলে যথেষ্ট সুবিধা লাভ কৰিব। এই দলঙৰ আন এক বিশেষ বৈশিষ্ট্য হ’ল ইয়াৰ দৰ্শনীয় পোহৰ, যি দলঙত স্থাপন কৰা সৌৰ পেনেলৰদ্বাৰা চালিত হ’ব। সুদৰ্শন সেতুত বাৰ পৰ্যটন গেলেৰী নিৰ্মাণ কৰা হৈছে। আজি মই এই গেলেৰীসমূহো পৰিদৰ্শন কৰিছোঁ। আচৰিত আৰু সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। এই গেলেৰীসমূহৰপৰা অসীম সুনীল সাগৰখন চাব পাৰিব।

বন্ধুসকল,

আজিৰ এই শুভ ক্ষণত পৱিত্ৰ দ্বাৰকা ভূমিৰ জনসাধাৰণকো প্ৰশংসা কৰিব বিচাৰিছোঁ। ইয়াত তেওঁলোকে আৰম্ভ কৰা স্বচ্ছতা অভিযান আৰু দ্বাৰকাত চলি থকা ব্যাপক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কামৰ বিষয়ে জনতাই মোক ছ’চিয়েল মিডিয়াত প্ৰেৰণ কৰা ভিডিঅ’বোৰ উল্লেখযোগ্য। আপোনালোক সকলো সুখী নে? আপোনালোক সকলোৱে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰচেষ্টাত সন্তুষ্ট নে, কিয়নো এতিয়া সকলো ইমান পৰিষ্কাৰ দেখা গৈছে? কিন্তু এতিয়া আপোনালোকৰ দায়িত্ব কি? আকৌ চাফা কৰিবলৈ আহিব লাগিব নেকি? আপোনালোক সকলোৱে ইয়াক পৰিষ্কাৰ কৰি ৰখাটো নিশ্চিত কৰিবনে? হাত দাঙি কওঁ আহক, “এতিয়া আমি দ্বাৰকাক লেতেৰা হ’বলৈ নিদিওঁ।” চাওঁক, বহিঃৰাজ্যৰপৰা মানুহ আহিব ইয়ালৈ। বহু ভক্ত আহিব। যেতিয়া তেওঁলোকে পৰিষ্কাৰ-পৰিচ্ছন্নতা দেখিব, তেতিয়া তেওঁলোকৰ অন্তৰৰ আধা অংশ আপোনালোকে জয় কৰিব।

 

বন্ধুসকল,

নব্য ভাৰতৰ উন্নয়নৰ কথা নাগৰিকক আশ্বাস দিওঁতে প্ৰতিদিনে মোৰ ওপৰত গালি-গালাজ নিক্ষেপ কৰি ভাল পোৱা এই বিৰোধী সদস্যসকলে ইয়াক উপহাস কৰিছিল। আজি মানুহে স্ব-চক্ষুৰে প্ৰত্যক্ষ কৰিছে নব্য ভাৰতৰ উত্থান। দীৰ্ঘদিনে দেশ শাসন কৰাসকলৰ ইচ্ছাশক্তিৰ অভাৱ আছিল; সাধাৰণ জনতাক সুবিধা প্ৰদানৰ বাবে তেওঁলোকৰ উদ্দেশ্য আৰু সমৰ্পণ ত্ৰুটিপূৰ্ণ আছিল। কংগ্ৰেছ দলৰ সমগ্ৰ শক্তি এটা পৰিয়ালক প্ৰসাৰিতকৰণত কেন্দ্ৰীভূত আছিল; যদি মাত্ৰ এটা পৰিয়ালেহে সকলো কাম কৰিবলগীয়া হয়, তেন্তে ৰাষ্ট্ৰ গঢ়ি তোলাৰ ধাৰণাটো কেনেকৈ মনলৈ আহিব? সেইবাবেই ২০১৪ৰ আগৰ ১০ বছৰত ভাৰত মাত্ৰ ১১ নং সৰ্ববৃহৎ অৰ্থনীতি হ’ব পাৰিছিল। যেতিয়া অৰ্থনীতি ইমান সৰু আছিল, তেতিয়া ইমান বিশাল দেশৰ ইমানবোৰ সপোন পূৰণৰ সামৰ্থ্য নাছিল। আন্তঃগাঁথনিৰ বাবে যি অলপ বাজেট নিৰ্ধাৰণ কৰা হৈছিল, তাতো দুৰ্নীতি হৈছিল। যেতিয়া দেশত টেলিকম আন্তঃগাঁথনি উন্নতকৰণৰ সময় আহিছিল, তেতিয়া কংগ্ৰেছে সংঘটিত কৰিছিল ২জি কেলেংকাৰি। দেশৰ ক্ৰীড়া আন্তঃগাঁথনি আধুনিকীকৰণৰ সুযোগ আহোতে কংগ্ৰেছে কমনৱেলথ কেলেংকাৰি সংঘটিত কৰিলে। যেতিয়া দেশৰ প্ৰতিৰক্ষা আন্তঃগাঁথনি শক্তিশালীকৰণৰ সময় আহিছিল, তেতিয়া কংগ্ৰেছে হেলিকপ্টাৰ আৰু চাবমেৰিন কেলেংকাৰি সংঘটিত কৰিছিল। দেশৰ প্ৰতিটো প্ৰয়োজনৰ সৈতে কংগ্ৰেছে বিশ্বাসক বিশ্বাসঘাতকতাহে কৰিব পাৰে।

বন্ধুসকল,

২০১৪ত আপোনালোক সকলোৱে যেতিয়া মোক আপোনালোকৰ আশীৰ্বাদেৰে দিল্লীলৈ পঠিয়াইছিল, তেতিয়া মই প্ৰতিশ্ৰুতি দিছিলোঁ যে মই দেশখনক লুটপাত কৰিবলৈ নিদিওঁ। কংগ্ৰেছৰ দিনত যি হাজাৰ কোটি কেলেংকাৰি সংঘটিত হৈছিল, এতিয়া বন্ধ হৈ গ’ল। যোৱা ১০ বছৰত আমি দেশখনক বিশ্বৰ ৫ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিছোঁ আৰু ইয়াৰ ফল হৈছে সমগ্ৰ দেশতে আপুনি প্ৰত্যক্ষ কৰি থকা বিশাল নিৰ্মাণ কাৰ্য্য। এফালে আমাৰ ঐশ্বৰিক তীৰ্থস্থানসমূহে আধুনিক অৱতাৰ লৈছে, আনফালে মেগা প্ৰজেক্টৰপৰা ভাৰতৰ এক নতুন প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে। আজি আপোনালোকে গুজৰাটৰ দীৰ্ঘতম কেবল-আধাৰিত দলংখন প্ৰত্যক্ষ কৰিছে। মাত্ৰ কেইদিনমানৰ আগতে মুম্বাইত দেশৰ দীৰ্ঘতম সাগৰীয় দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল। জম্মু-কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা বিশাল দলংখন এতিয়া বিশ্বৰ চৰ্চা। তামিলনাডুত দেশৰ প্ৰথমখন উলম্ব লিফ্ট দলং নিউ পাম্বন দলঙৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। ভাৰতৰ অসমৰ দীৰ্ঘতম নদী দলংখনো বিগত ১০ বছৰত নিৰ্মাণ কৰা হৈছে। পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণত বৃহৎ পৰিসৰৰ নিৰ্মাণকাৰ্য্য চলি আছে। এই আধুনিক সংযোগেই হৈছে এক সক্ষম আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়াৰ পথ।

বন্ধুসকল,

যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন হ’লে দেশৰ পৰ্যটনত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ অনুভৱ কৰা হয়। গুজৰাটত বৃদ্ধি পোৱা সংযোগে ৰাজ্যখনক এক বৃহৎ পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। আজি গুজৰাটত ২২ অভয়াৰণ্য আৰু ৪ খন ৰাষ্ট্ৰীয় উদ্যান আছে। হাজাৰ-হাজাৰ বছৰ পুৰণি বন্দৰ চহৰ লোথালৰ বিষয়ে সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে। আজি আহমেদাবাদ চহৰ, ৰাণী কী বাভ, চম্পানেৰ, ধোলাভিৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। আহমেদাবাদ এখন বিশ্ব ঐতিহ্য নগৰ। এছিয়াৰ দীৰ্ঘতম ৰ’পৱে আমাৰ মাউন্ট গিৰনাৰত আছে। আমাৰ গিৰ অৰণ্যত এছিয়াটিক সিংহ পোৱা যায়। বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি চৰ্দাৰ চাহাবৰ ঐক্যৰ মূৰ্তি গুজৰাটৰ একতা নগৰত। ৰণ উৎসৱৰ সময়ত বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা অহা পৰ্যটকৰ মেলা অনুষ্ঠিত হয়। কচ্ছৰ ধোৰদো গাঁওখনক বিশ্বৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে গণ্য কৰা হয়। দেশপ্ৰেম আৰু পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ পৰিছে নাডা বেট। ‘বিকাশ’ (উন্নয়ন) আৰু ‘বিৰাসত’ (ঐতিহ্য) মন্ত্ৰ পালনেৰেও গুজৰাটত বিশ্বাসৰ স্থানসমূহৰ সৌন্দৰ্য্যবৰ্ধন কৰা হৈছে। দ্বাৰকা, সোমনাথ, পৱগধ, মধেৰা, আম্বাজী আদি সকলো গুৰুত্বপূৰ্ণ তীৰ্থস্থানত সুবিধাৰ বিকাশ কৰা হৈছে। আম্বাজীত এনে ব্যৱস্থা কৰা হৈছে যে ৫২ শক্তিপীঠৰ দৰ্শন একে ঠাইতে কৰিবপৰা যায়।

আজি গুজৰাট ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ পছন্দ হৈ পৰিছে। ২০২২ত ভাৰতলৈ অহা ৮৫ লাখৰো অধিক পৰ্যটকৰ ভিতৰত প্ৰতি পঞ্চমজন পৰ্যটক গুজৰাটলৈ আহিছিল। যোৱা বছৰৰ আগষ্টৰ ভিতৰত প্ৰায় ১৫ লাখ পৰ্যটক গুজৰাটলৈ আহিছিল। কেন্দ্ৰীয় চৰকাৰে বিদেশী পৰ্যটকক দিয়া ই-ভিছাৰ সুবিধাৰপৰাও গুজৰাট লাভৱান হৈছে। পৰ্যটকৰ এই সংখ্যা বৃদ্ধিয়ে গুজৰাটতো কৰ্মসংস্থাপন আৰু স্ব-নিয়োজনৰ নতুন সুযোগৰ সৃষ্টি কৰিছে।

 

বন্ধুসকল,

সৌৰাষ্ট্ৰলৈ আহিলেই ইয়াৰপৰা নতুন শক্তি লৈ সকলো উভতি যায়। সৌৰাষ্ট্ৰৰ ভূমি ‘সংকল্প’ (সংকল্প)ৰপৰা ‘সিদ্ধি’ (সফলতা)লৈকে এক বৃহৎ প্ৰেৰণা। আজি সৌৰাষ্ট্ৰৰ বিকাশ দেখি কোনেও কেতিয়াও উপলব্ধি কৰিব নোৱাৰিব যে আগতে ইয়াত জীৱন কিমান কঠিন আছিল। আমি সেই দিনবোৰ দেখিছোঁ যেতিয়া সৌৰাষ্ট্ৰৰ প্ৰতিটো পৰিয়াল, প্ৰতিজন কৃষকে, প্ৰতিটোপাল পানীৰ বাবে হাহাকাৰ কৰিছিল। আগতে মানুহে ইয়াৰপৰাই প্ৰব্ৰজন কৰিছিল, বহু দূৰলৈ গুচি গৈছিল। এতিয়া সৌৰাষ্ট্ৰৰ কৃষক, গো পালক আৰু মাছমৰীয়াসকল সমৃদ্ধিশালী হৈ পৰিছে। মোৰ বিশ্বাস, আগন্তুক কেইবছৰমানৰ ভিতৰত সমগ্ৰ সৌৰাষ্ট্ৰ আৰু গুজৰাটে সফলতাৰ নতুন শিখৰত উপনীত হ’ব। দ্বাৰকাধীশৰ আশীৰ্বাদ আমাৰ লগত আছে। আমি একেলগে সৌৰাষ্ট্ৰ আৰু গুজৰাটৰ বিকাশ সাধন কৰিম আৰু যেতিয়া গুজৰাটৰ বিকাশ হ’ব তেতিয়া ভাৰতৰ বিকাশ হ’ব।

 

আকৌ এবাৰ আপোনালোক সকলোকে এই বিশাল দলংখনৰ বাবে অন্তৰৰপৰা অভিনন্দন জনাইছোঁ। আৰু এতিয়া মোৰ দ্বাৰকাবাসীসকলক আহ্বান জনাইছোঁ, অনুগ্ৰহ কৰি এতিয়াই মন কৰক যে কেনেকৈ সমগ্ৰ বিশ্বৰ অধিক সংখ্যক পৰ্যটকক আকৰ্ষণ কৰিব পাৰি। এতিয়া সমস্বৰে কওঁ আহকঃ

দ্বাৰকাধীশ কী – জয়!

দ্বাৰকাধীশ কী – জয়!

দ্বাৰকাধীশ কী – জয়!

ভাৰত মাতা কী – জয়!

ভাৰত মাতা কী – জয়!

ভাৰত মাতা কী – জয়!

আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message

Media Coverage

'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the importance of fostering beneficial thoughts, words, and actions
July 24, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how continuous practice in thought, word, and action shapes one's character and direction in life.

The Prime Minister wrote on X;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

Whatever a person continuously practices through their actions, thoughts, and words ultimately shapes their personality and draws them in that very direction; therefore, one should always give space only to beneficial subjects in one's thoughts and conversations.