প্ৰায় ১.৪৮ লাখ কোটি টকাৰ একাধিক তেল আৰু গেছ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
বিহাৰত ১৩,৪০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
বাৰাউনীত হিন্দুস্তান উৰ্বৰক আৰু ৰসায়ন লিমিটেড (এইচইউআৰএল) সাৰ কাৰখানা উদ্বোধন
প্ৰায় ৩,৯১৭ কোটি টকাৰ কেইবাটাও ৰে’ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন
‘ভাৰত পশুধন’ - দেশৰ পশুধনৰ বাবে ডিজিটেল ডাটাবেছ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা
মুকলি কৰিলে ‘১৯৬২ চনৰ কৃষক এপ’
“ডাবল ইঞ্জিন চৰকাৰৰ শক্তিৰ বাবে বিহাৰ উৎসাহ আৰু আত্মবিশ্বাসেৰে ভৰি আছে”
“বিহাৰ বিকশিত হ’লে ভাৰতো বিকশিত হ’ব”
“বিহাৰ আৰু পূব ভাৰত যেতিয়া সমৃদ্ধিশালী হয় তেতিয়া ভাৰত সবল হৈ থকাৰ প্ৰমাণ ইতিহাসত আছে”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ বেগুচৰাইত সমগ্ৰ দেশতে প্ৰায় ১.৪৮ লাখ কোটি টকাৰ একাধিক তেল আৰু গেছ খণ্ডৰ প্ৰকল্প আৰু বিহাৰৰ ১৩,৪০০ টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে আজি বিহাৰৰ বাবে নতুন ৰে’ল সেৱা উদ্বোধনৰ কথাও উল্লেখ কৰে।

বিহাৰৰ ৰাজ্যপাল শ্ৰীযুত ৰাজেন্দ্ৰ আৰ্লেকাৰ ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰীযুত নীতিশ কুমাৰ ডাঙৰীয়া, মন্ত্ৰীসভাত মোৰ সতীৰ্থ গিৰিৰাজ সিং ডাঙৰীয়া, হৰদীপ সিং পুৰী ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী বিজয় সিনহা ডাঙৰীয়া, সম্ৰাট চৌধুৰী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আন সকলো বিশিষ্ট ব্যক্তি আৰু বেগুছৰাইৰ পৰা অহা মোৰ প্ৰিয় উৎসাহী ভাতৃ আৰু ভগ্নীসকল।

জয়মংগলা গড় মন্দিৰ আৰু নৌলাখা মন্দিৰত উপস্থিত থকা দেৱতাসকলক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এখন উন্নত ভাৰতৰ বাবে এখন উন্নত বিহাৰ গঢ়ি তোলাৰ সংকল্প লৈ আজি বেগুছৰাইলৈ আহিছোঁ। ইমান বৃহৎসংখ্যক আপোনালোক সকলোকে দেখা পোৱাটো সৌভাগ্যৰ কথা।

 

বন্ধুসকল,

এই বেগুছৰাইৰ ভূমি প্ৰতিভাশালী যুৱক-যুৱতীৰ ভূমি। এই মাটিয়ে দেশৰ কৃষক আৰু শ্ৰমিক উভয়কে সদায় শক্তিশালী কৰি আহিছে। আজি এই ভূমিৰ পুৰণি গৌৰৱ পুনৰ ঘূৰি আহিছে। আজি বিহাৰকে ধৰি সমগ্ৰ দেশৰ বাবে ১ লাখ ৬০ হাজাৰ কোটি টকা আৰু ১.৫ লাখ কোটিতকৈ অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। আগতে দিল্লীৰ বিজ্ঞান ভৱনত এনেধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হৈছিল যদিও আজি মোদীয়ে দিল্লীক বেগুছৰাইলৈ আনিছে। আৰু এই আঁচনিবোৰত প্ৰায় ৩০ হাজাৰ কোটি টকাৰ প্ৰকল্প কেৱল মোৰ বিহাৰৰ। এটা কাৰ্যসূচীত চৰকাৰৰ ইমান বৃহৎ বিনিয়োগে ভাৰতৰ সম্ভাৱনা কিমান বাঢ়িছে সেয়াই দেখুৱাইছে। ইয়াৰ দ্বাৰা ইয়াৰ বিহাৰৰ যুৱক-যুৱতীসকলৰ বাবে বহুতো নতুন চাকৰিৰ সুযোগৰ সৃষ্টি হ’ব। আজিৰ এই প্ৰকল্পসমূহ ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক মহাশক্তি হিচাপে গঢ়ি তোলাৰ মাধ্যমত পৰিণত হ’ব। আপুনি ৰ’ব ভাই, বহুত হ'ল আপোনাৰ মৰম মই মানি লওঁ, আপুনি ৰওক, আপুনি বহক, আপুনি চকীৰ পৰা তললৈ আহক, প্লিজ, মোৰ আপোনালোকক প্ৰাৰ্থনা, আপুনি বহক...অঁ। আপুনি বহি পৰক, সেই চকীখনত বহি পৰক আৰামত, ভাগৰি পৰিব। আজিৰ এই প্ৰকল্পসমূহে বিহাৰত সুবিধা আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব। আজি বিহাৰে নতুন ৰে'ল সেৱা লাভ কৰিছে। এনেকুৱাই কাম, যাৰ কাৰণে আজি দেশখনে পূৰ্ণ বিশ্বাসেৰে কৈ আছে, প্ৰতিটো শিশুৱে কৈ আছে, গাঁওবোৰেও কৈ আছে, চহৰবোৰেও কৈ আছে - এইবাৰ... ৪০০ পাৰ!, এইবাৰ... ৪০০ পাৰ!, এইবাৰ...৪০০ পাৰ! এনডিএ চৰকাৰ...৪০০ পাৰ!

বন্ধুসকল,

২০১৪ চনত যেতিয়া আপোনালোকে মোক এনডিএৰ সেৱাৰ সুযোগ দিছিল, তেতিয়া মই কৈছিলোঁ যে পূব ভাৰতৰ দ্ৰুত বিকাশ আমাৰ প্ৰাধান্য। ইতিহাস এই কথাৰ সাক্ষী হৈ আহিছে যে যেতিয়াই বিহাৰ আৰু পূব ভাৰত সমৃদ্ধিশালী হৈ আহিছে, ভাৰতো শক্তিশালী হৈ আহিছে। বিহাৰত যেতিয়া পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিল, তেতিয়া ইয়াৰ প্ৰভাৱ দেশখনতো অতি বেয়া হৈ পৰিল। সেইবাবেই মই বেগুছৰাইৰ পৰা সমগ্ৰ বিহাৰৰ ৰাইজক কওঁ - বিহাৰ যদি উন্নত হয় তেন্তে দেশৰো বিকাশ হ'ব। মোৰ বিহাৰৰ ভাই-ভনীসকল, আপোনালোকে মোক ভালদৰে চিনি পায়, আৰু যেতিয়া মই আপোনালোকৰ মাজলৈ আহিছোঁ, তেতিয়া পুনৰ ক’ব বিচাৰিছোঁ – এইটো কোনো প্ৰতিশ্ৰুতি নহয় – এইটো এটা সংকল্প, এইটো এটা মিছন। আজি বিহাৰ আৰু দেশে যিবোৰ প্ৰকল্প লাভ কৰিছে সেইবোৰ এই দিশত এক ডাঙৰ পদক্ষেপ। ইয়াৰ অধিকাংশই পেট্ৰলিয়ামৰ সৈতে জড়িত, সাৰৰ সৈতে জড়িত, ৰে'লপথৰ সৈতে জড়িত। শক্তি, সাৰ আৰু সংযোগ বিকাশৰ আধাৰ। খেতি হওক বা উদ্যোগ হওক সকলো সিবিলাকৰ ওপৰত নিৰ্ভৰশীল। আৰু যেতিয়া এইবোৰৰ কাম দ্ৰুত গতিত কৰা হয়, তেতিয়া নিয়োগৰ সুযোগো বৃদ্ধি পোৱাটো স্বাভাৱিক আৰু কৰ্মসংস্থাপন পোৱাটোও স্বাভাৱিক। মনত আছে, বন্ধ হৈ থকা বৰাউনীৰ সাৰ কাৰখানাটো পুনৰ আৰম্ভ কৰাৰ গেৰাণ্টী দিছিলোঁ। আপোনালোকৰ আশীৰ্বাদত মোদীয়ে সেই গেৰাণ্টী পূৰণ কৰিলে। এই কাম বিহাৰকে ধৰি সমগ্ৰ দেশৰ কৃষকসকলৰ বাবে এক বৃহৎ কাম। পুৰণি চৰকাৰবোৰৰ উদাসীনতাৰ বাবে তাত বৰাউনী, সিন্দি, গোৰখপুৰ, ৰামাগুণ্ডামৰ কাৰখানাবোৰ বন্ধ হৈ পৰি আছিল, মেচিনবোৰ পচি গৈছিল। আজি এই সকলোবোৰ কাৰখানা ভাৰতৰ ইউৰিয়াত আত্মনিৰ্ভৰতাৰ গৌৰৱ হৈ পৰিছে। সেইবাবেই দেশে কয় - মোদীৰ গেৰাণ্টী মানে গেৰাণ্টী পূৰণ হোৱাৰ গেৰাণ্টী। মোদীৰ গেৰাণ্টী মানে যি গেৰাণ্টী পূৰণ হয় সেয়া!

 

বন্ধুসকল,

আজি বাৰাউনী শোধনাগাৰৰ ক্ষমতা বৃদ্ধিৰ কাম আৰম্ভ হৈছে। ইয়াৰ নিৰ্মাণৰ সময়তে হাজাৰ হাজাৰ শ্ৰমিকে কেইবামাহো ধৰি অবিৰতভাৱে কৰ্মসংস্থাপন লাভ কৰিছিল। এই শোধনাগাৰে বিহাৰৰ ঔদ্যোগিক উন্নয়নত নতুন শক্তি প্ৰদান কৰিব আৰু ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাত সহায় কৰিব। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বিগত ১০ বছৰত বিহাৰে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ সৈতে জড়িত ৬৫ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প লাভ কৰিছে, যাৰ বহুখিনি সম্পূৰ্ণ হৈছে। বিহাৰৰ চুকে কোণে যোৱা গেছ পাইপলাইনৰ নেটৱৰ্কে ভগ্নীসকলক সস্তা গেছ যোগান ধৰাত সহায় কৰিছে। ইয়াৰ ফলত ইয়াত উদ্যোগ স্থাপন কৰাটো সহজ হৈ পৰিছে।

বন্ধুসকল,

আজি ইয়াত আমি আত্মনিৰ্ভৰ ভাৰতৰ সৈতে জড়িত আন এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ পৰিছোঁ। কৰ্ণাটকৰ কেজি বেচিনৰ তেল কূপৰ পৰা আৰম্ভ হৈছে তেল উৎপাদন। ইয়াৰ ফলত বিদেশৰ পৰা খাৰুৱা তেল আমদানিৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস পাব।

বন্ধুসকল,

ৰাষ্ট্ৰহিত আৰু জনস্বাৰ্থৰ প্ৰতি উৎসৰ্গিত এখন শক্তিশালী চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰে। পৰিয়ালৰ স্বাৰ্থ আৰু ভোট বেংকৰ লগত বান্ধ খাই থকা চৰকাৰে কি কৰে, তাৰ বাবেই বিহাৰ বহু ক্ষতিগ্ৰস্ত হৈছে। ২০০৫ চনৰ আগৰ পৰিস্থিতি যদি হ’লহেঁতেন, তেন্তে বিহাৰত হাজাৰ কোটি টকাৰ এনে প্রকল্প ঘোষণা কৰাৰ আগতে আমি এশবাৰ চিন্তা কৰিবলগা হ’লহেঁতেন৷ ৰাস্তা-ঘাট, বিদ্যুৎ, পানী আৰু ৰে'লপথৰ অৱস্থা কেনে আছিল আপোনালোকে মোতকৈ বেছি জানে। ২০১৪ চনৰ আগৰ ১০ বছৰত ৰে’লৱেৰ নামত ৰে’লৱেৰ সম্পদ কেনেকৈ লুণ্ঠন হৈছিল সেয়া সমগ্ৰ বিহাৰে জানে। কিন্তু চাওক আজি ভাৰতীয় ৰে'লৱেৰ আধুনিকীকৰণৰ চৰ্চা সমগ্ৰ বিশ্বতে চলি আছে। ভাৰতীয় ৰে’লৱে দ্ৰুতগতিত বিদ্যুৎ সংযোগ কৰা হৈছে। আমাৰ ৰে'ল ষ্টেচনবোৰো বিমানবন্দৰৰ দৰে সুবিধাৰে সজ্জিত হৈ উঠিছে।

 

বন্ধুসকল,

বিহাৰে দশক দশক ধৰি পৰিয়ালবাদৰ ক্ষতি দেখিছে পৰিয়ালবাদৰ বোজা ভোগ কৰি আহিছে। পৰিয়ালবাদ আৰু সামাজিক ন্যায় ইটো সিটোৰ ঘোৰ বিৰোধী। বিশেষকৈ যুৱক-যুৱতীসকলৰ প্ৰতিভাৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে পৰিয়ালবাদ। ভাৰতৰত্ন কৰ্পুৰী ঠাকুৰ জীৰ চহকী উত্তৰাধিকাৰ থকা এইখন বিহাৰ। নীতিশ জীৰ নেতৃত্বত এনডিএ চৰকাৰে ইয়াত এই উত্তৰাধিকাৰক আগুৱাই লৈ গৈছে। আনহাতে আৰজেডি-কংগ্ৰেছৰ চৰম বংশবাদী তুষ্টিকৰণ। আৰজেডি-কংগ্ৰেছৰ ৰাইজে নিজৰ পৰিয়ালবাদ আৰু দুৰ্নীতিক ন্যায্যতা প্ৰদান কৰিবলৈ দলিত, বঞ্চিত আৰু পিছপৰা মানুহক ঢাল হিচাপে ব্যৱহাৰ কৰে। এয়া সামাজিক ন্যায় নহয়, সমাজৰ প্ৰতি বিশ্বাসঘাতকতা। এয়া সামাজিক ন্যায়ৰ অস্বীকাৰ আৰু সমাজৰ প্ৰতি বিশ্বাসঘাতকতা। অন্যথা মাত্ৰ এটা পৰিয়ালক ক্ষমতা প্ৰদান কৰাৰ কাৰণ কি? আৰু সমাজৰ বাকী পৰিয়ালবোৰ পিছপৰি ৰৈ গ’ল কিয়? এটা পৰিয়ালৰ চাকৰিৰ নামত যুৱক-যুৱতীসকলৰ মাটি কেনেদৰে দখল কৰা হ’ল সেয়াও দেশত দেখা গৈছে৷

বন্ধুসকল,

প্ৰকৃত সামাজিক ন্যায় পৰিপূৰকতাৰ পৰাই আহে। প্ৰকৃত সামাজিক ন্যায় তুষ্টিকৰণৰ পৰা নাহে, সন্তুষ্টিকৰণৰ পৰাহে আহে। এই ধৰণৰ সামাজিক ন্যায় আৰু এই ধৰণৰ ধৰ্মনিৰপেক্ষতাত মোদীয়ে বিশ্বাস কৰে। যেতিয়া প্ৰতিজন হিতাধিকাৰীৰ ওচৰলৈ বিনামূলীয়া ৰেচন গৈ পায়, যেতিয়া প্ৰতিজন দুখীয়া হিতাধিকাৰীয়ে স্থায়ী ঘৰ পায়, যেতিয়া প্ৰতিগৰাকী ভগ্নীয়ে ঘৰত গেছ, পানীৰ টেপ, শৌচাগাৰ পায়, যেতিয়া দুখীয়াৰ আটাইতকৈ দুখীয়াইও ভাল আৰু বিনামূলীয়া চিকিৎসা পায়, যেতিয়া প্ৰতিটো চেচুৰেচন হয়, যেতিয়া সন্মান নিধিৰ ধন কৃষক হিতাধিকাৰীৰ বেংক একাউণ্টত সোমায়। আৰু এয়াই প্ৰকৃত সামাজিক ন্যায়। যোৱা ১০ বছৰত মোদীৰ গেৰাণ্টী যিসকল পৰিয়াললৈ গৈছে, তাৰ ভিতৰত সৰ্বাধিক দলিত, পিছপৰা আৰু অত্যন্ত পিছপৰা মোৰ পৰিয়ালবোৰেই আছে।

 

বন্ধুসকল,

আমাৰ বাবে সামাজিক ন্যায় হ’ল নাৰী ক্ষমতাক শক্তি প্ৰদান কৰা। যোৱা ১০ বছৰত ১ কোটি ভগ্নীক, মোৰ মাতৃ আৰু ভগ্নীসকল আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যাত আহিছে, ইয়াৰ কাৰণ হৈছে, ১ কোটি ভগ্নীক আমি লাখপতি দিদি বনাইছোঁ। মই সুখী যে বিহাৰৰ পৰাও লাখ লাখ ভগ্নী আছে, যিসকল এতিয়া লাখপতি দিদি হৈ পৰিছে। আৰু এতিয়া মোদীয়ে ৩ কোটি ভগ্নী বনোৱাৰ গেৰাণ্টী দিছে, হিচাপ শুনক, ৩ কোটি ভগ্নীক লাখপতি দিদি বনোৱাৰ গেৰাণ্টী দিছোঁ। শেহতীয়াকৈ আমি বিদ্যুতৰ বিলো শূন্যলৈ হ্ৰাস কৰি বিদ্যুতৰ পৰা ধন উপাৰ্জনৰ পৰিকল্পনা আৰম্ভ কৰিছোঁ। পিএম সূৰ্য্যঘৰ- বিনামূলীয়া বিদ্যুৎ আঁচনি। ইয়াৰ দ্বাৰা বিহাৰৰ বহু পৰিয়াল উপকৃত হ’বলৈ গৈ আছে। বিহাৰৰ এনডিএ চৰকাৰে বিহাৰৰ যুৱক-যুৱতী, কৃষক, শ্ৰমিক, মহিলাৰ বাবে অবিৰতভাৱে কাম কৰি আছে। ডাবল ইঞ্জিনৰ দুগুণ প্ৰচেষ্টাৰে বিহাৰৰ বিকাশ অব্যাহত থাকিব। আজি আমি ইমান বৃহৎ উন্নয়ন উদযাপন কৰিছোঁ, আৰু আপোনালোকে ইমান বৃহৎ সংখ্যকে উন্নয়নৰ পথ মজবুত কৰি আছে, মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আকৌ এবাৰ আপোনালোক সকলোকে হাজাৰ হাজাৰ কোটি টকাৰ এই উন্নয়নমূলক প্ৰকল্পৰ বাবে অভিনন্দন জনাইছোঁ। ইমান বৃহৎ সংখ্যাত মাতৃ ভগ্নীসকল আহিছে, বিশেষভাৱে তেওঁলোকক প্ৰণাম জনাইছোঁ। মোৰ লগত কওক-

ভাৰত মাতা কী জয়!

দুয়োখন হাত ওপৰলৈ তুলি সম্পূৰ্ণ শক্তিৰে কওক -

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s industrial output quickens to 7.3% in June from 5.1% in May as manufacturing, electricity growth accelerates

Media Coverage

India’s industrial output quickens to 7.3% in June from 5.1% in May as manufacturing, electricity growth accelerates
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Global Tiger Day, reaffirms commitment to tiger conservation
July 29, 2026

The Prime Minister, Shri Narendra Modi, has extended greetings to all wildlife enthusiasts on Global Tiger Day.

The Prime Minister said that the people of India are proud that the country is home to almost 70 per cent of the global tiger population.

He noted that India’s tiger conservation efforts are inspired by the country’s centuries-old culture of living in harmony with nature and powered by the collective will of its people.

Shri Modi reaffirmed the commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.

Shri Modi also lauded the efforts and dedication of forest personnel, scientists and conservationists for their key role in tiger protection. The Prime Minister added that India remains committed to empowering local communities and reducing human-wildlife conflict.

In a thread posts on X, Shri Modi said;

“Greetings to all wildlife enthusiasts on Global Tiger Day. The people of India are proud of the fact that we are home to almost 70% of the global tiger population. India’s tiger conservation efforts are inspired by our centuries-old culture of living in harmony with nature and powered by the collective will of our people. We also reaffirm our commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.”

“The efforts and dedication of our forest personnel, scientists and conservationists have also played a key role in tiger protection. In that spirit, India remains committed to empowering local communities and reducing human-wildlife conflict.”