আজি সমগ্ৰ বিশ্বই আমাৰ বিকশিত ভাৰতৰ সংকল্পক লৈ আলোচনা কৰিছে, যি সংকল্পই এখনি উন্নত ভাৰতৰ ভেটি গঢ়া বিশেষকৈ আন্তঃগাঁথনিগত পৰিৱৰ্তনক প্ৰতিফলিত কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি এক ৰাষ্ট্ৰ, এক গেছ গ্ৰীডৰ দৃষ্টিভংগীৰে কাম কৰিছোঁ, প্ৰধানমন্ত্ৰী উৰ্জা গংগা পৰিযোজনা ৰূপায়ণ কৰিছোঁঃ প্ৰধানমন্ত্ৰী
আমি ২০৪৭-ৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব, আমাৰ পথ হ'ল - উন্নয়নৰ জৰিয়তে সবলীকৰণ, নিয়োগৰ জৰিয়তে আত্ম-নিৰ্ভৰতা আৰু সঁহাৰিৰ জৰিয়তে সুশাসন প্ৰৱৰ্তনঃ প্ৰধানমন্ত্ৰী

পশ্চিম বংগৰ ৰাজ্যপাল ডঃ চিভি আনন্দ বসু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ হৰদীপ সিং পুৰী, শান্তনু ঠাকুৰ ডাঙৰীয়া, সুকান্ত মজুমদাৰ ডাঙৰীয়া, পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি সুৱেন্দু অধিকাৰী ডাঙৰীয়া, সংসদত মোৰ সতীৰ্থ সৌমিক ভট্টাচাৰ্য্য ডাঙৰীয়া, জ্যোতিৰ্ময় সিং মাহাতো ডাঙৰীয়া, আন-আন জনপ্ৰতিনিধি, মোৰ প্ৰিয় ভ্ৰাতৃ আৰু ভগ্নীসকল। নমস্কাৰ!

আমাৰ দুৰ্গাপুৰ ষ্টীল চিটি হোৱাৰ উপৰিও ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। ভাৰতৰ উন্নয়নত দুৰ্গাপুৰে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি আমি এই ভূমিকাক অধিক সুদৃঢ়কৰণৰ সুযোগ লাভ কৰিছোঁ। কিছু সময় পূৰ্বে ইয়াৰ পৰাই ৫,৪০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিছোঁ। এই সকলোবোৰ প্ৰকল্পই ইয়াৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব। গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিয়ে উদ্দীপনা লাভ কৰিব। আজিৰ প্ৰকল্পসমূহে ষ্টীল চিটিৰ পৰিচয়ক অধিক সুদৃঢ় কৰিব। অৰ্থাৎ এই প্ৰকল্পসমূহে মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড মন্ত্ৰৰে পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। ইয়াৰ ফলশ্ৰুতিত অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে একাধিক কৰ্মসংস্থাপনৰো সুযোগ সৃষ্টি হ’ব। এই প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বই এখনি উন্নত ভাৰতৰ সংকল্পৰ বিষয়ে আলোচনা কৰিছে। ইয়াৰ আঁৰত ভাৰতত প্ৰত্যক্ষ হোৱা পৰিৱর্তন উল্লেখযোগ্য, ইয়াৰ আধাৰতে এখনি উন্নত ভাৰতৰ ভেটি গঢ় লৈ উঠিছে। এই পৰিৱৰ্তনৰ এটা প্ৰধান দিশ হৈছে ভাৰতৰ আন্তঃগাঁথনি। আন্তঃগাঁথনিৰ কথা কওঁতে ইয়াত সামাজিক, ফিজিকেল আৰু ডিজিটেল আদি প্ৰতিটো ধৰণৰ আন্তঃগাঁথনি অন্তৰ্ভুক্ত হৈছে। দৰিদ্ৰ লোকসকলৰ বাবে ৪ কোটিৰো অধিক গৃহ, কোটি-কোটি শৌচাগাৰ, ১২ কোটিৰো অধিক টেপৰ সংযোগ, হাজাৰ-হাজাৰ কিলোমিটাৰ নতুন পথ, নতুন ঘাইপথ, নতুন ৰেল লাইন, সৰু চহৰতো বিমানবন্দৰ স্থাপন কৰা হৈছে, প্ৰতিখন গাঁৱৰ প্ৰতিঘৰ গৃহস্থীয়ে ইন্টাৰনেটৰ সুবিধা লাভ কৰিছে। পশ্চিম বংগকে প্ৰমুখ্য কৰি দেশৰ প্ৰতিখন ৰাজ্যত এনে আধুনিক আন্তঃগাঁথনিৰ সুবিধা উপলব্ধ হৈছে।

বন্ধুসকল,

পশ্চিম বংগত ৰেল সংযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব কাম সম্পন্ন কৰা হৈছে। দেশৰ সেই ৰাজ্যসমূহৰ বংগও অন্যতম, য’ত গৰিষ্ঠ সংখ্যক বন্দে ভাৰত ৰেল চলি আছে। কলকাতা মেট্ৰ’ৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে। নতুন ৰেলপথ স্থাপন, দ্বৈতকৰণ আৰু বৈদ্যুতীকৰণৰ কাম ইয়াত দ্ৰুতগতিত অব্যাহত আছে। একাধিক ৰেল ষ্টেচনৰ আধুনিকীকৰণ কৰা হৈছে। ইয়াৰ উপৰিও গৰিষ্ঠ সংখ্যক ৰেল অভাৰ ব্ৰীজো নিৰ্মাণৰ কাম অব্যাহত আছে। আজি পশ্চিম বংগত আৰু দুখন ৰেলৱে অভাৰ ব্ৰীজ উদ্বোধন কৰা হৈছে। এই সকলোবোৰ কামে বংগবাসীৰ জীৱন-যাত্ৰা সহজ কৰি তোলাত বহুখিনি সহায় কৰিব।

 

বন্ধুসকল,

আমি ইয়াৰ বিমানবন্দৰক উড়ান যোজনাৰ সৈতে সংযোজিত কৰিছোঁ। যোৱা এবছৰত ইয়াৰ জৰিয়তে ৫ লাখৰো অধিক যাত্ৰীয়ে যাত্ৰা কৰিছে। আপোনাসৱৰ জ্ঞাত যে এনে আন্তঃগাঁথনি নিৰ্মাণ হ’লে কেৱল সা-সুবিধা প্ৰশস্ত হোৱাই নহয়, বৰঞ্চ হাজাৰ-হাজাৰ যুৱক-যুৱতীয়ে চাকৰিও লাভ কৰে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা কেঁচামালৰ উৎপাদনৰ ক্ষেত্ৰতো গৰিষ্ঠ সংখ্যক নিয়োগৰ সৃষ্টি হৈছে।

বন্ধুসকল,

যোৱা ১০-১১ বছৰত দেশত গেছ সংযোগৰ ক্ষেত্ৰত যিমানখিনি কাম কৰা হৈছে, সেয়া পূৰ্বে কেতিয়াও সম্পন্ন হোৱা নাছিল। যোৱা এটা দশকত দেশৰ প্রতিঘৰ গৃহস্থীতে এলপিজি গেছ উপনীত হৈছে। আৰু ইয়াকে লৈ বিশ্বজুৰি প্ৰশংসা লাভ কৰা হৈছে। আমি ওৱান নেচন ওৱান গেছ গ্ৰীডৰ দৃষ্টিভংগীৰে কাম কৰিছোঁ, প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনাৰ ৰূপায়ণ কৰিছোঁ। ইয়াৰ অধীনত পশ্চিম বংগকে প্ৰমুখ্য কৰি পূব ভাৰতৰ ছখন ৰাজ্যত গেছ পাইপলাইন স্থাপন কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে এই ৰাজ্য কেইখনত পাইপৰ জৰিয়তে উদ্যোগ আৰু পাকঘৰলৈ সুলভ গেছ যোগান নিশ্চিত কৰা। গেছ উপলব্ধ হ’লেহে এই ৰাজ্যসমূহত চিএনজিত যান-বাহন চলাব পৰা যাব, আমাৰ উদ্যোগসমূহে গেছ-ভিত্তিক প্ৰযুক্তিৰ অভিযোজনা কৰিবলৈ সক্ষম হ’ব। মই সন্তোষ পাইছোঁ যে আজি দুৰ্গাপুৰৰ এই ঔদ্যোগিক ভূমিও ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ অংশ হৈ পৰিছে। ইয়াৰ ফলশ্ৰুতিত উদ্যোগসমূহ যথেষ্ট উপকৃত হ’ব। এই প্ৰকল্পৰ জৰিয়তে পাইপৰ জৰিয়তে পশ্চিম বংগৰ প্ৰায় ২৫-ৰ পৰা ৩০ লাখ গৃহস্থীত সুলভ গেছ উপলব্ধ হ’ব। অৰ্থাৎ ভালেমান পৰিয়াল, মাতৃ-ভগ্নীৰ জীৱন-যাত্ৰা সহজ হৈ পৰিব। ইয়াৰ ফলশ্ৰুতিত হাজাৰ-হাজাৰ লোকে কৰ্মসংস্থাপনো লাভ কৰিব।

 

বন্ধুসকল,

আজি দুৰ্গাপুৰ আৰু ৰঘুনাথপুৰৰ বৃহৎ তীখা আৰু শক্তি কাৰখানাও নতুন প্ৰযুক্তিৰে সমৃদ্ধ হৈছে। এইসমূহত প্ৰায় ১৫০০ কোটি টকা বিনিয়োগ কৰা হৈছে। এতিয়া এই কাৰখানাসমূহ বিশ্বৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ অধিক কাৰ্য্যক্ষম হৈ পৰিছে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ বাবে বংগবাসীক বিশেষভাৱে অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

ভাৰতৰ কাৰখানাই হওঁক বা আমাৰ খেতিপথাৰেই হওঁক, সকলোতে একেই দৃঢ়তাৰে কাম-কাজ অব্যাহত আছে। আমি ২০৪৭-ৰ ভিতৰত ভাৰতক এখনি বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব। আমাৰ পথ হ'ল - উন্নয়নৰ জৰিয়তে সবলীকৰণ। নিয়োগৰ জৰিয়তে আত্ম-নিৰ্ভৰতা। আৰু সংবেদনশীলতাৰ জৰিয়তে সুশাসন। এই মূল্যবোধক অনুসৰণেৰে আমি পশ্চিম বংগক ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক শক্তিশালী ইঞ্জিন কৰি তুলিম। আকৌ এবাৰ আপোনালোক সকলোকে উন্নয়নমূলক প্ৰকল্পৰাজিৰ বাবে অভিনন্দন জনাইছোঁ।

অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ONGC starts India's first deepwater exploration well off Odisha coast

Media Coverage

ONGC starts India's first deepwater exploration well off Odisha coast
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets all CRPF personnel on their Raising Day
July 27, 2026

Prime Minister Shri Narendra Modi today extended his greetings to all CRPF personnel on their Raising Day. He stated that the CRPF has distinguished itself through its unwavering courage and commitment to duty.

Shri Modi noted that from safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. He highlighted that their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

In a post on X, the Prime Minister shared:

"Greetings to all CRPF personnel on their Raising Day. The CRPF has distinguished itself through its unwavering courage and commitment to duty. From safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. Their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

@crpfindia"