Share
 
Comments
India is moving forward with the goal of reaching connectivity to every village in the country: PM
21st century India, 21st century Bihar, now moving ahead leaving behind all old shortcomings: PM
New farm bills passed are "historic and necessary" for the country to move forward: PM Modi

বিহাৰৰ গৱৰ্ণৰ শ্ৰী ফাগু চৌহান মহোদয়, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰীমান নীতিশ কুমাৰ মহোদয়, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰী ৰবিশংকৰ প্ৰসাদ মহোদয়, শ্ৰী বি কে সিং মহোদয়, শ্ৰী আৰ কে সিং মহোদয়, বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল মহোদয়, অন্যান্য মন্ত্ৰীগণ, সাংসদ আৰু বিধায়কসকল আৰু মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷

আজি বিহাৰৰ বিকাশৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ দিন৷ অলপতে বিহাৰৰ যোগাযোগ ব্যৱস্থা উন্নত কৰা নটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ল৷ এই প্ৰকল্পসমূহৰ ভিতৰত ঘাইপথসমূহক চাৰিলেন আৰু ছয়লেনলৈ পৰিৱৰ্তিত কৰা আৰু নদীসমূহত ৩খন ডাঙৰ দলং নিৰ্মাণ কৰাৰ কাম অন্তৰ্ভুক্ত কৰা হৈছে৷ এই প্ৰকল্পসমূহৰ বাবে বিহাৰৰ জনসাধাৰণক মই অশেষ অভিনন্দন জনাইছো৷

বন্ধুসকল, আজিৰ দিনটো কেৱল বিহাৰৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেও এক ঐতিহাসিক দিন৷ যুৱ ভাৰতৰ বাবেও এটা ডাঙৰ দিন৷ আজি ভাৰতে নিজৰ গাঁওসমূহক আত্মনিৰ্ভৰ ভাৰতৰ মুখ্য আধাৰ হিচাপে গঢ়ি তোলাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷ আৰু সুখৰ কথা এয়েই যে এই কাৰ্যসূচীৰ আৰম্ভণি আজি বিহাৰৰ পৰাই আৰম্ভ হৈছে৷ এই যোজনাৰ অধীনত দেশৰ ৬লাখ গাঁৱক অপ্টিকেল ফাইবাৰৰ সৈতে সংযোজিত কৰোৱা হ’ব৷ মোৰ বিশ্বাস যে নীতিশ মহোদয়ৰ সুশাসনত, দৃঢ় নিশ্চয়তাৰ সৈতে আগবাঢ়ি বিহাৰত এই যোজনাৰ ওপৰতো দ্ৰুত গতিত কাম সম্পন্ন হ’ব৷

বন্ধুসকল, ভাৰতৰ গাঁওসমূহত ইণ্টাৰনেটৰ ব্যৱহাৰ কৰা লোকৰ সংখ্যা চহৰতকৈ বৃদ্ধি হ’ব, কিছুবছৰ আগলৈ এয়া চিন্তা কৰাটোও অসম্ভৱ আছিল৷ গাঁৱৰ মহিলাসকলে, কৃষক আৰু গাঁৱৰ যুৱসমাজে ইমান সহজে কিদৰে ইণ্টাৰনেট ব্যৱহাৰ কৰিব, ইয়াকলৈ বহুতে প্ৰশ্নৰ উত্থাপন কৰিছিল৷ কিন্তু এতিয়া এই সকলো স্থিতিৰ পৰিৱৰ্তন ঘটিছে৷ আজি ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক ডিজিটেল লেনদেন কৰা দেশলৈ উন্নীত হৈছে৷ আগষ্টতেই ইউপিআইৰ জৰিয়তে প্ৰায় ৩ লাখ কোটি টকাৰ লেনদেন হৈছিল৷ ক’ৰোনাৰ এই সময়ছোৱাত ডিজিটেল ভাৰত অভিযানে দেশৰ জনসাধাৰণক বহু সহায় কৰিছে৷

বন্ধুসকল, ইণ্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে এতিয়া গাঁওসমূহত উন্নত গুণগতমানৰ তথা দ্ৰুত গতিৰ ইণ্টাৰনেট সেৱা প্ৰদান কৰাটোও আৱশ্যক হৈ পৰিছে৷ চৰকাৰৰ প্ৰয়াসৰ ফলত দেশৰ প্ৰায় ডেৰ লাখ পঞ্চায়তসলৈ অপ্টিকেল ফাইবাৰ ইতিমধ্যেই প্ৰদান কৰা হৈছে৷ এয়াই নহয়, বিগত ছবছৰত সমগ্ৰ দেশতে ৩ লক্ষাধিক সাধাৰণ সেৱা কেন্দ্ৰকো অনলাইনৰ সৈতে সংযোজিত কৰোৱা হৈছে৷ এতিয়া এই সংযোগেই দেশৰ প্ৰতিখন গাঁৱলৈ প্ৰদান কৰাৰ লক্ষ্যৰে দেশ আগবাঢ়িছে৷ যেতিয়া গাঁৱে গাঁৱে দ্ৰুত ইণ্টাৰনেটৰ সুবিধা উপলব্ধ হ’ব তেতিয়া গাঁৱত পঢ়া-শুনা সহজ হৈ পৰিব৷ গাঁৱৰ শিশু, আমাৰ যুৱ সমাজেও এটা ক্লিকতেই বিশ্বৰ গ্ৰন্থ-সম্ভাৰ, প্ৰযুক্তিৰ সুবিধা লাভ কৰিব পাৰিব৷ এয়াই নহয়, টেলিমেডিচিনৰ জৰিয়তে এতিয়া দূৰ-সুদুৰৰ গাঁৱতো কম খৰচী আৰু কাৰ্যকৰী চিকিৎসা দুখীয়াসকলে ঘৰত বহিয়েই লাভ কৰিব পাৰিব৷

আপোনালোকে জানে, পূৰ্বতে যদি ৰে’লৱেত সংৰক্ষণ হৈছিল তেতিয়া গাঁৱৰ পৰা চহৰলৈ যাবলগীয়া হৈছিল, শাৰী-পাতি থিয় দিবলগীয়া হৈছিল৷ আজি সাধাৰণ সেৱা কেন্দ্ৰলৈ গৈ নিজৰ গাঁৱতে আপুনি ৰে’লৱেৰ টিকটৰ সংৰক্ষণ কৰিব পাৰে৷ আমাৰ কৃষকসকলো ইয়াৰ দ্বাৰা অধিক লাভান্বিত হ’ব৷ ইয়াৰ জৰিয়তে কৃষকসকলে কৃষিৰ সৈতে জড়িত আধুনিক প্ৰযুক্তি,  নতুন ফচল, নতুন বীজ, নতুন পদ্ধতি আৰু পৰিৱৰ্তিত বতৰৰ জ্ঞান বাস্তৱিত সময়ত লাভ কৰিব পাৰিব৷ এয়াই নহয়, নিজৰ উৎপাদিত সামগ্ৰীৰ বেহা-বেপাৰ সমগ্ৰ দেশ আৰু বিশ্বৰ বাবে উপলব্ধ কৰোৱাতা সহায়ক হ’ব৷ এক প্ৰকাৰে গাঁওসমূহক এতিয়া  চহৰৰ দৰে সুবিধা ঘৰতে প্ৰদান কৰাৰ বাবে আৱশ্যকীয় আন্তঃগাঁথনি প্ৰস্তুত কৰা হৈছে৷

বন্ধুসকল, ইতিহাস সাক্ষী যে সমগ্ৰ বিশ্বতে সেইখন দেশেই উন্নতি কৰে যিয়ে নিজৰ আন্তঃগাঁথনিত উপযুক্ত বিনিয়োগ কৰিছে৷ কিন্তু ভাৰতত দশকজুৰি এনে হৈছে যে আন্তঃগাঁথনিৰ বৃহৎ আৰু ব্যাপক পৰিৱৰ্তন সাধিব পৰা প্ৰকল্পত সিমান গুৰুত্ব দিয়া হোৱা নাই৷ বিহাৰ এই ক্ষেত্ৰত ভুক্তভোগী হিচাপে পৰিগণিত হৈছে৷ বন্ধুসকল, অটলজীৰ চৰকাৰৰ সময়তেই প্ৰথমে আন্তঃগাঁথনিক ৰাজনীতিৰ, বিকাশৰ যোজনাসমূহৰ মুখ্য আধাৰ কৰি তুলিছিল৷ নীতিশ মহোদয় তেতিয়াৰ চৰকাৰৰ ৰে’ল মন্ত্ৰী আছিল৷ তেওঁৰ অধিক অভিজ্ঞতা আছে, তেওঁ চৰকাৰতন্ত্ৰৰ পৰিৱৰ্তন অধিক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে৷

বন্ধুসকল, আন্তঃগাঁথনিৰ সৈতে  জড়িত প্ৰকল্পত এতিয়া যিটো গতিত কাম হ’বলৈ ধৰিছে সেয়া অতিশয় অতুলনীয় হৈছে৷ ২০১৪ চনৰ পূৰ্বৰ তুলনাত আজি প্ৰতিটো ক্ষণত দুগুণতকৈও অধিক গতিত ঘাইপথ নিৰ্মাণ হ’বলৈ ধৰিছে৷ ঘাইপথ নিৰ্মাণত হোৱা ব্যয়ো ২০১৪ চনৰ পূৰ্বৰ তুলনাত প্ৰায় ৫ গুণ বৃদ্ধি হৈছে৷ আগন্তুক ৪-৫ বছৰত আন্তঃগাঁথনিত ১১০ লাখ কোটি টকাতকৈও অধিক ব্যয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ইয়াৰে ১৯ লাখ কোটি টকাতকৈও অধিক টকা কেৱল ঘাইপথৰ প্ৰকল্পত ব্যয় কৰা হৈছে৷

বন্ধুসকল, পথ আৰু যোগাযোগৰ সৈতে জড়িত আন্তঃগাঁথনিৰ প্ৰসাৰণৰ এই প্ৰয়াসসমূহত বিহাৰ অধিক লাভান্বিত হৈছে৷ ২০১৫ত ঘোষিত পিএম পেকেজৰ অধীনত ৩ হাজাৰ কিলোমিটাৰতকৈও অধিক ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰ বিষয়ে ঘোষণা কৰা হৈছিল৷ ইয়াৰোপৰি ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰায় চাৰে ছয়শ কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে৷ আজি বিহাৰত ৰাষ্ট্ৰীয় ঘাইপথ গ্ৰীডক অগ্ৰগতি প্ৰদান কৰা হৈছে৷ পূব আৰু পশ্চিম বিহাৰক সংযোজিত কৰাৰ বাবে চাৰিলেনৰ পাঁচটা প্ৰকল্প, উত্তৰ ভাৰতক দক্ষিণ ভাৰতৰ সৈতে সংযোজিত কৰাৰ বাবে ছয়টা প্ৰকল্পৰ কাম চলি আছে৷ আজি যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে তাৰ জৰিয়তে বিহাৰৰ ডাঙৰ-ডাঙৰ চহৰসমূহৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব৷

বন্ধুসকল, বিহাৰৰ যোগাযোগ ব্যৱস্থাত সবাতোকৈ বাধাৰ কাৰক আছিল এই ডাঙৰ ডাঙৰ নদীকেইখন৷ সেইবাবে যেতিয়া পিএম পেকেজৰ ঘোষণা কৰা হৈছিল তেতিয়া দলঙৰ নিৰ্মাণতো বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল৷ পিএম পেকেজৰ অধীনত গংগাৰ ওপৰত মুঠ ১৭খন দলং নিৰ্মাণ কৰা হৈছে৷ ইয়াৰে অধিক সংখ্যকৰ কাম সম্পূৰ্ণ হৈছে৷ ঠিক সেইদৰে গণ্ডক আৰু কুশী নদীৰ ওপৰতো দলঙৰ নিৰ্মাণ কৰা হৈছে৷ এই পৰিপ্ৰেক্ষিতত আজি চাৰিলেনৰ ৩খন নতুন দলঙৰ আধাৰশিলা মুকলি কৰা হৈছে৷

বন্ধুসকল, বিহাৰৰ জীৱনৰেখা হিচাপে মহাত্মা গান্ধী সেতুৰ অৱস্থা আমি দেখিছো, ইয়াৰ দুৰৱস্থাও আমি দেখিছো৷ কিন্তু বৰ্ধিত আবাদী আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া মহাত্মা গান্ধী সেতুৰ সমান্তৰালকৈ চাৰিলেনৰ এক নতুন দলং নিৰ্মাণ কৰা হৈছে৷ নতুন দলঙৰ সৈতে আঠটা লেনৰ ‘প্ৰৱেশ পথো’ থাকিব৷ সেইদৰে গংগা নদীত বিক্ৰমশীলা সেতুৰ সমান্তৰালকৈ নিৰ্মাণ হ’বলগীয়া নতুন দলং আৰু কুশী নদীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া দলঙে বিহাৰৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব৷

বন্ধুসকল, যোগাযোগ এনে এক বিষয় যাক অল্পসংখ্যাত চিন্তা কৰাৰ পৰিৱৰ্তে সামূহিক ৰূপত চিন্তা কৰিব লাগে৷ এখন দলং ইয়াত নিৰ্মাণ কৰা হৈছে, এটা পথ নিৰ্মাণ কৰা হৈছে, এটা ৰে’ল পথ তাত বনোৱা হ’ল, এটা ৰে’লৱে ষ্টেচন ইয়াত বনোৱা হ’ল, এনেধৰণৰ পদক্ষেপে দেশৰ লোকচান কৰে৷ পূৰ্বতে পথৰ, ঘাইপথৰ ৰে’ল নেটৱৰ্কৰ সৈতে কোনো সম্পৰ্ক নাছিল৷ একবিংশ শতিকাৰ ভাৰত, একবিংশ শতিকাৰ বিহাৰ এই সকলো দুৰ্বলতা পৰিহৰি আগলৈ আগবাঢ়িছে৷ আজি দেশত মাল্টি-মোডাল সংযোগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷ এতিয়া ঘাইপথ এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে ই ৰে’লপথ, বিমানবন্দৰৰ সৈতে জড়িত হয়৷ অৰ্থাৎ এটা যাতায়াতৰ ব্যৱস্থাই যাতে আনটো যাতায়াতৰ ব্যৱস্থাক উপকৃত কৰিব পাৰে সেই চিন্তা কৰা হৈছে৷ ইয়াৰ দ্বাৰা লজিষ্টিকক লৈ ভাৰতত যি যি সমস্যা আছিল সেয়া বহুলাংশে দূৰ হ’ব৷

বন্ধুসকল, আন্তঃগাঁথনিৰ বিকাশৰ সবাতোকৈ বৃহৎ লাভ সমাজৰ দুৰ্বল অংশই পায়, দুখীয়াই পায়৷ ইয়াৰ দ্বাৰা আমাৰ কৃষকসকলো অধিক উপকৃত হয়৷ কৃষকসকলে ভাল পথ লাভ কৰাৰ জৰিয়তে, নদীৰ ওপৰত দলং নিৰ্মাণৰ দ্বাৰা খেতি আৰু নগৰৰ বজাৰৰ দূৰত্ব হ্ৰাস হয়৷ বন্ধুসকল, কালি দেশৰ সংসদে দেশৰ কৃষকসকলক নতুন অধিকাৰ প্ৰদান কৰা এক ঐতিহাসিক আইন গৃহীত কৰিছে৷ মই আজি বিহাৰৰ জনসাধাৰণৰ সৈতে বাৰ্তালাপ কৰি থকাৰ মুহূৰ্তত সমগ্ৰ ভাৰতৰ কৃষকসকলক আৰু ভাৰতৰ উজ্বল ভৱিষ্যতৰ বাবে অভিনন্দন জনাইছো৷ এই সংস্কাৰ একবিংশ শতিকাৰ ভাৰতৰ আহ্বান৷

বন্ধুসকল, আমাৰ দেশত এই পৰ্যন্ত উৎপাদন আৰু বিক্ৰীৰ যি ব্যৱস্থা চলি আছিল, যি আইন আছিল, তাৰ দ্বাৰা কৃষকসকলৰ হাত-ভৰি বান্ধি থোৱা হৈছিল৷ এই আইনসমূহৰ আঁৰ লৈ শক্তিশালী লোকসকলে কৃষকসকলৰ পৰা মুনাফা আদায় কৰিছিল৷ কিন্তু এয়া কিমান দিনলৈ চলিব৷ সেইবাবে এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰাটো আৱশ্যক হৈ পৰিছিল আৰু এই পৰিৱৰ্তন আমাৰ চৰকাৰে কৰি দেখুৱাইছে৷  নতুন কৃষি সংস্কাৰে দেশৰ প্ৰতিজন কৃষকক এই স্বাধীনতা প্ৰাদন কৰিছে যে তেওঁলোকে যিকোনো স্থানতে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰে৷ য’তেই লাভ অধিক হয় ত’তেই তেওঁ নিজৰ সামগ্ৰী বিক্ৰী কৰিব পাৰিব৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ইয়াৰ পৰা কি লাভ হ’ব? ইয়াৰ দ্বাৰা কৃষকসকল কিদৰে উপকৃত হ’ব? এই প্ৰশ্নসমূহৰ উত্তৰ এতিয়া প্ৰাথমিক প্ৰতিবেদনৰ পৰা পোৱা গৈছে৷

কৃষকসকলে পোৱা এই স্বতন্ত্ৰতাৰ লাভ প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে৷ কাৰণ ইয়াৰ অধ্যাদেশ কিছু মাহ পূৰ্বে মুকলি কৰা হৈছিল৷ যিবোৰ ৰাজ্যত আলু অধিক উৎপাদন হয় তাৰে পৰা প্ৰতিবেদন পোৱা গৈছে যে জুন-জুলাইৰ সময়ছোৱাত পাইকাৰী ক্ৰেতাসকলে কৃষকসকলক অধিক দাম দি প্ৰত্যক্ষভাৱে শীতলীকৰণ ভৱনৰ পৰাই আলু ক্ৰয় কৰিছে৷ ঠিক সেইদৰে ৰাজস্থানৰ পৰা এই প্ৰতিবেদন পোৱা গৈছে যে তাত তেলৰ মিলসমূহে কৃষকসকলক প্ৰত্যক্ষভাৱে ২০ৰ পৰা ৩০ শতাংশ অধিক দাম দি সৰিয়হ ক্ৰয় কৰিছে৷ মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, চট্টিশগড়, পশ্চিমবংগৰ দৰে ৰাজ্যসমূহত দাইলৰ অধিক উৎপাদন হয়৷ এই ৰাজ্যসমূহত বিগত বৰ্ষৰ তুলনাত ১৫ৰ পৰা ২৫ শতাংশ পৰ্যন্ত অধিক দাম কৃষকসকলে লাভ কৰিছে৷

এতিয়া দেশবাসীয়ে ধাৰণা কৰিব পাৰিছে যে আচম্বিতে কিছুমান লোকৰ সমস্যা হোৱা আৰম্ভ হৈছে৷ বহুতে প্ৰশ্ন কৰিছে যে কৃষি বজাৰসমূহৰ এতিয়া কি হ’ব? কৃষি বজাৰসমূহৰ বন্ধ হৈ পৰিব নেকি? নহয়, এনেকুৱা কেতিয়াও নহয়৷ আৰু মই স্পষ্ট ভাষাত ক’বলৈ বিচাৰিঠো যে এই আইন, এই পৰিৱৰ্তন কৃষি বজাৰৰ বিৰুদ্ধে নহয়৷ কৃষি বজাৰসমূহ পূৰ্বতে যিদৰে চলিছিল এতিয়াও তেনেকৈ চলি থাকিব৷ বৰঞ্চ আমাৰ এনডিএ চৰকাৰেই দেশৰ কৃষি বজাৰসমূহক আধুনিক কৰি তোলাৰ বাবে নিৰন্তৰে কাম কৰি আছে৷ কৃষি বজাৰসমূহৰ কাৰ্যালয়সমূহ ঠিক কৰাৰ বাবে, সেইসমূহ কম্পিউটাৰাজড কৰাৰ বাবে, বিগত ৫-৬ বছৰৰ পৰা দেশত বৃহৎ অভিযান চলিবলৈ ধৰিছে৷ সেইবাবে যিয়ে এইদৰে কয় যে কৃষি সংস্কাৰৰ পিছত কৃষি বজাৰ সমাপ্ত হৈ পৰিব, তেন্তে তেওঁ কৃষকসকলক আঁভুৱা ভাৰি আছে৷ 

বন্ধুসকল, কোৱা হয় যে সংগঠনত শক্তি থাকে৷ কৃষি সংস্কাৰৰ সৈতে জড়িত দ্বিতীয়টো আইন ইয়াৰ দ্বাৰাই অনুপ্ৰেৰিত হৈছে৷ আজি আমাৰ ইয়াৰ ৮৫%ত কৈও অধিক কৃষক এনে আছে যাক ক্ষুদ্ৰ কৃষক বুলি কোৱা হয়৷ তেওঁলোকে সামান্য ভূমিতেই জীৱন-যাপন কৰে৷ ইয়াৰ ফলত তেওঁলোকৰ ব্যয়ো বৃদ্ধি হয় আৰু তেওঁলোকে নিজৰ উপজাত সামগ্ৰী বিক্ৰীৰ উপযুক্ত মূল্যও লাভ নকৰে৷  এই ক্ষেত্ৰত তেওঁলোকৰ হিতাৰ্থে এই দ্বিতীয়টো আইন প্ৰস্তুত কৰা হৈছে৷ ই এনে এক আইন য’ত কৃষকসকলক ওপৰত কোনো বান্ধোন নাথাকিব৷ কৃষকসকলৰ খেতিৰ সুৰক্ষা, তেওঁলোকৰ মাটিৰ সুৰক্ষা, তেওঁলোকৰ বাবে ভাল বীজ, ভাল সাৰ, এই সকলোবোৰৰ দায়িত্ব কৃষকৰ সৈতে চুক্তি কৰা ক্ৰেতাজনৰ হ’ব৷

বন্ধুসকল, এই সংস্কাৰৰ দ্বাৰা কৃষিত বিনিয়োগ বৃদ্ধি হ’ব, কৃষকসকলে আধুনিক প্ৰযুক্তি লাভ কৰিব, তেওঁলোকৰ উৎপাদনে সহজে আন্তৰ্জাতিক বজাৰৰ সুবিধা লাভ কৰিব৷ মোক কোৱা হৈছে যে বিহাৰত অলপতে ৫টা কৃষি উৎপাদক সংঘই চাউল বিক্ৰী কৰা এক ডাঙৰ উদ্যোগৰ সৈতে চুক্তি স্থাপন কৰিছে৷ এই চুক্তিৰ অধীনত ৪ হাজাৰ টন ধান সেই উদ্যোগটোৱে বিহাৰৰ এই এফপিঅ’ৰ পৰা ক্ৰয় কৰিব৷ এতিয়া এই এফপিঅ’ৰ সৈতে  জড়িত কৃষকসকলে বজাৰলৈ যাবলগীয়া নহ’ব৷ তেওঁলোকৰ উপজাত সামগ্ৰী প্ৰত্যক্ষভাৱে আন্তৰ্জাতিক বজাৰৰ বাবে উপলব্ধ হ’ব৷ এই সংস্কাৰৰ পিছত খেতিৰ সৈতে জড়িত গ্ৰামোদ্যোগসমূহ উপকৃত হ’ব৷

বন্ধুসকল, সকলোৱে জানে যে কৃষি ব্যৱসায় কৰা আমাৰ বন্ধুসকলে অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ কিছুমান প্ৰাৱধানৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল৷ পৰিৱৰ্তিত সময়ত আমি ইয়াৰো কিছু পৰিৱৰ্তন সাধন কৰিছো৷ দাইল, আলু, খোৱা তেল, পিঁয়াজৰ দৰে সামগ্ৰীসমূহক এই আইনৰ পৰা বাহিৰত ৰখা হৈছে৷

বন্ধুসকল, কৃষিক্ষেত্ৰৰ এই ঐতিহাসিক পৰিৱৰ্তনসমূহৰ পিছত কিছুমান লোকে নিজৰ হাতৰ পৰা যেন নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে৷ সেইবাবে এতিয়া এই লোকসকলে এমএছপিৰ ওপৰত কৃষকসকলক বিভ্ৰান্ত কৰিবলৈ বিচাৰিছে৷ মই দেশৰ প্ৰতিজন কৃষকক এই আশ্বাস প্ৰদান কৰিছো যে এমএছপিৰ ব্যৱস্থা পূৰ্বে যিদৰে চলি আহিছিল ঠিক সেইদৰেই চলি থাকিব৷ চৰকাৰে প্ৰতিটো ঋতুত যিদৰে খাদ্য-শস্য ক্ৰয় কৰে, এই ব্যৱস্থাও বাহাল থাকিব৷ 

বন্ধুসকল, কৃষকসকলক এমএছপি প্ৰদান আৰু চৰকাৰী ক্ৰয়ৰ বাবে যিমান কাম আমাৰ চৰকাৰে কৰিছে সেয়া পূৰ্বে কোনেও কৰা নাছিল৷ বিগত ৫ বছৰত যিমানবোৰ চৰকাৰী ক্ৰয় হৈছে আৰু ২০১৪ৰ পূৰ্বে পাঁচ বছৰত যিমানবোৰ চৰকাৰী ক্ৰয় হৈছে সেই সংখ্যা প্ৰত্যক্ষ কৰিলে দেখা যাব যে কোনে সঁচা কথা কৈছে, কোনে কৃষকৰ বাবে কাম কৰিছে, কোনে কৃষকৰ কল্যাণৰ বাবে কাম কৰিছে? চলিত বৰ্ষত ক’ৰোনাৰ সময়ছোৱাতো ৰবি ঋতুত কৃষকসকলৰ পৰা অভিলেখ সংখ্যাত ঘেঁহু ক্ৰয় কৰা হৈছে৷ চলিত বছৰত ৰবি ঋতুত কৃষকসকলতক ১ লাখ ১৩ হাজাৰ কোটি টকাৰ এমএছপি প্ৰদান কৰা হৈছে৷ এই ৰাশি বিগত বৰ্ষৰ তুলনাত ৩০ শতাংশতকৈও অধিক৷

বন্ধুসকল, একবিংশ শতিকাৰ ভাৰতৰ এয়া দায়িত্ব যে দেশৰ কৃষকৰ বাবে আধুনিক চিন্তাৰ সৈতে নতুন ব্যৱস্থাৰ নিৰ্মাণ কৰা  হওক৷ দেশৰ কৃষকক, দেশৰ কৃষিক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে আমাৰ প্ৰয়াস অব্যাহত থাকিব৷ আৰু ইয়াত নিশ্চিত ৰূপত যোগাযোগ ব্যৱস্থাই বৃহৎ ভূমিকা পালন কৰিব৷ শেষত মই পুনৰবাৰ যোগাযোগ ব্যৱস্থাৰ প্ৰকল্পসমূহৰ বাবে বিহাৰক, দেশবাসীক অভিনন্দন জনাইছো৷ আৰু সকলোকে আহ্বান জনাইছো যে ক’ৰোনাৰ বিৰুদ্ধে আমি যুঁজি থাকিব লাগিব৷ ক’ৰোনাক আমি পৰাজিত কৰিব লাগিব৷ মই পুনৰবাৰ বিহাৰৰ ভাই-ভনীসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো৷

ধন্যবাদ!

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Nirmala Sitharaman writes: How the Modi government has overcome the challenge of change

Media Coverage

Nirmala Sitharaman writes: How the Modi government has overcome the challenge of change
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi meets H.M. Norodom Sihamoni, the King of Cambodia
May 30, 2023
Share
 
Comments
Prime Minister calls on His Majesty Norodom Sihamoni, The King of Cambodia
Exchange views on close cultural ties and development partnership
His Majesty appreciates and conveys his best wishes for India’s Presidency of G 20

Prime Minister Shri Narendra Modi met His Majesty Norodom Sihamoni, the King of Cambodia, who is on his maiden State visit to India from 29-31 May 2023, at the Rashtrapati Bhavan today.

Prime Minister and His Majesty, King Sihamoni underscored the deep civilizational ties, strong cultural and people-to-people connect between both countries.

Prime Minister assured His Majesty of India’s resolve to strengthen the bilateral partnership with Cambodia across diverse areas including capacity building. His Majesty thanked the Prime Minister for India’s ongoing initiatives in development cooperation, and conveyed his appreciation and best wishes for India’s Presidency of G-20.