বিশ্বৰ আধুনিক অৰ্থনীতিত তীখাই কংকাল-সদৃশ ভূমিকা পালন কৰিছে, সফলতাৰ প্ৰতিটো কাহিনীৰ নেপথ্যত তীখা হৈছে শক্তি: প্ৰধানমন্ত্ৰী
আমি গৌৰৱান্বিত যে আজি ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ তীখা উৎপাদক দেশ হৈ উঠিছে: প্ৰধানমন্ত্ৰী
আমি ‘ৰাষ্ট্ৰীয় তীখা নীতি’ৰ অধীনত ২০৩০ চনৰ ভিতৰত ৩০০ নিযুত টন তীখা উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ: প্ৰধানমন্ত্ৰী
তীখা উদ্যোগৰ বাবে নিৰ্দ্ধাৰিত চৰকাৰী নীতিয়ে গোলকীয় আন বহুতো ভাৰতীয় উদ্যোগক প্ৰতিযোগিতাত্মক কৰি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে: প্ৰধানমন্ত্ৰী
আমাৰ সকলো আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে লক্ষ্য হ'ব লাগে 'শূন্য আমদানি' আৰু 'মুঠ ৰপ্তানি': প্ৰধানমন্ত্ৰী
আমাৰ তীখা খণ্ড নতুন প্ৰক্ৰিয়া, নতুন বৰ্গীকৰণ আৰু নতুন পৰিমাপৰ বাবে সাজু থাকিব লাগিব: প্ৰধানমন্ত্ৰী
আমি ভৱিষ্যতৰ কথা মনত ৰাখি সম্প্ৰসাৰিত আৰু উন্নীত কৰিব লাগিব, আমি এতিয়াৰ পৰাই ভৱিষ্যতৰ বাবে সাজু হ'ব লাগিব: প্ৰধানমন্ত্ৰী
তেওঁ চৰকাৰী প্ৰকল্পসমূহত কেৱল 'মে’ড ইন ইণ্ডিয়া' তীখাহে ব্যৱহাৰ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তত আলোকপাত কৰে আৰু ভৱন নিৰ্মাণ আৰু আন্তঃগাঁথনি নিৰ্মাণত চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰকল্পসমূহত তীখাৰ সৰ্বাধিক ব্যৱহাৰ হোৱাৰ কথা উল্লেখ কৰে।
তেওঁ দেশৰ যুৱপ্ৰজন্মৰ বাবে নিয়োগৰ অধিক সুযোগ সৃষ্টিৰ বাবে উৎপাদন, বিকাশ আৰু প্ৰযুক্তি উন্নীতকৰণৰ ক্ষেত্ৰত সহযোগিতাত গুৰুত্ব আৰোপ কৰে।
তেওঁ আশা ব্যক্ত কৰে যে গোলকীয় অংশীদাৰ আৰু ভাৰতীয় কোম্পানীসমূহৰ মাজত সহযোগিতাই এই প্ৰত্যাহ্বানসমূহ অধিক কাৰ্যকৰীভাৱে আৰু দ্ৰুত গতিত মোকাবিলা কৰাত সহায় কৰিব

সন্মানীয় অতিথিবৃন্দ, মোৰ কেবিনেট সতীৰ্থ, উদ্যোগৰ নেতা, আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি আৰু মোৰ বন্ধুসকল, নমস্কাৰ।

আজি আৰু অহা ২ দিনত আমি ভাৰতৰ উদিত খণ্ড, তীখা খণ্ডৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিস্তৃত আলোচনা কৰিবলৈ ওলাইছো। যিটো খণ্ড ভাৰতৰ প্ৰগতিৰ আধাৰ, যিটো উন্নত ভাৰতৰ শক্তিশালী ভেটি আৰু যিয়ে ভাৰতত বৃহৎ পৰিৱৰ্তনৰ নতুন কাহিনী লিখিছে। মই আপোনালোক সকলোকে ইণ্ডিয়া ষ্টীল ২০২৫ লৈ আদৰণি জনাইছো। মই নিশ্চিত যে এই অনুষ্ঠানে নতুন ধাৰণা ভাগ-বতৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে এক নতুন সুযোগৰ থলী হিচাপে কাম কৰিব। ইয়াৰ দ্বাৰা তীখা খণ্ডত নতুন অধ্যায়ৰ আৰম্ভণিৰ আধাৰ হিচাপে গঢ় লৈ উঠিব।

 

বন্ধুসকল,

বিশ্বৰ আধুনিক অৰ্থনীতিত তীখাই জকাৰ দৰে ভূমিকা পালন কৰি আহিছে। আকাশচুম্বী অট্টালিকাই হওক বা জাহাজ, ঘাইপথেই হওক বা তীব্ৰবেগী ৰে’লেই হওক, স্মাৰ্ট চহৰেই হওক বা ঔদ্যোগিক কৰিডৰেই হওক, প্ৰতিটো সফলতাৰ কাহিনীৰ আঁৰৰ শক্তি হৈছে তীখা। আজি ভাৰতে ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিৰ সংকল্প পূৰণত ব্যস্ত। এই লক্ষ্যত উপনীত হোৱাত তীখা খণ্ডৰ ভূমিকাও কম নহয়। আমি গৌৰৱান্বিত যে আজি ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম তীখা উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। আমি ৰাষ্ট্ৰীয় তীখা নীতিৰ অধীনত ২০৩০ চনৰ ভিতৰত ৩০ কোটি টন তীখা উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। আজি আমাৰ জনমূৰি তীখাৰ ব্যৱহাৰ প্ৰায় আঠনব্বৈ কিলোগ্ৰাম আৰু ২০৩০ চনৰ ভিতৰত ই ১৬০ কিলোগ্ৰামলৈও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।তীখাৰ এই বৰ্ধিত ব্যৱহাৰে দেশৰ আন্তঃগাঁথনি আৰু অৰ্থনীতিৰ বাবে এক সোণালী মানদণ্ড হিচাপে কাম কৰে। ইয়াৰ দ্বাৰা দেশৰ দিশ আৰু চৰকাৰৰ দক্ষতা আৰু ফলপ্ৰসূতাৰ পৰীক্ষাও।

বন্ধুসকল,

আজি আমাৰ তীখা উদ্যোগটো ইয়াৰ ভৱিষ্যতৰ প্ৰতি নতুন আত্মবিশ্বাসেৰে ভৰি পৰিছে। কাৰণ, আজি দেশত পিএম-গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ দৰে আধাৰ আছে। পিএম-গতিশক্তিৰ জৰিয়তে বিভিন্ন উপযোগী সেৱা আৰু লজিষ্টিক মোডসমূহ একত্ৰিত কৰা হৈছে। উন্নত মাল্টি-মডেল সংযোগৰ বাবে দেশৰ খনি এলেকা আৰু তীখা ইউনিটসমূহৰ মেপিং কৰা হৈছে। দেশৰ পূব অংশত, য’ত তীখা খণ্ডৰ বেছিভাগেই অৱস্থিত, তাত জটিল আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে নতুন প্ৰকল্প আৰম্ভ কৰা হৈছে। আমি ১.৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ সৈতেও আগবাঢ়িছো। আজি দেশৰ চহৰবোৰক স্মাৰ্ট চিটি কৰি তোলাৰ বাবে বৃহৎ পৰিসৰত কাম চলি আছে। পথ, ৰে’লৱে, বিমানবন্দৰ, বন্দৰ আৰু পাইপলাইনৰ উন্নয়নৰ এই অভূতপূৰ্ব গতিয়ে তীখা খণ্ডৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশত কোটি কোটি ঘৰ নিৰ্মাণ কৰা হৈছে। জল জীৱন মিছনৰ ইমান বিশাল আন্তঃগাঁথনি প্ৰতিখন গাঁৱতে নিৰ্মাণ হৈ আছে। প্ৰায়ে আমাৰ দেশত এনে আঁচনি কেৱল কল্যাণৰ দৃষ্টিকোণৰ পৰাহে দেখা যায়। কিন্তু, দৰিদ্ৰ কল্যাণৰ বাবে এই আঁচনিসমূহেও তীখা উদ্যোগটোক নতুন শক্তি প্ৰদান কৰিছে। আমি এইটোও সিদ্ধান্ত লৈছো যে চৰকাৰী প্ৰকল্পত কেৱল ‘মেড ইন ইণ্ডিয়া’ তীখাহে ব্যৱহাৰ কৰিব লাগে। এই প্ৰচেষ্টাসমূহৰ ফলস্বৰূপে অট্টালিকা নিৰ্মাণ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত তীখাৰ ব্যৱহাৰত চৰকাৰী পদক্ষেপসমূহে সৰ্বাধিক অংশ গ্ৰহণ কৰে।

বন্ধুসকল,

বহু খণ্ডৰ বাবে তীখা হৈছে বৃদ্ধিৰ প্ৰধান উপাদান। গতিকে তীখা উদ্যোগৰ বাবে চৰকাৰী নীতিয়ে ভাৰতৰ আন বহু উদ্যোগক বিশ্বব্যাপী প্ৰতিযোগিতামূলক কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। আমাৰ উৎপাদন খণ্ড, নিৰ্মাণ, যন্ত্ৰপাতি আৰু অটোমোটিভ খণ্ড আজি এই সকলোবোৰে ভাৰতীয় তীখা উদ্যোগৰ পৰা শক্তি লাভ কৰিছে। এইবাৰ বাজেটত আমাৰ চৰকাৰেও ‘মেক ইন ইণ্ডিয়া’ক গতি প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় উৎপাদন অভিযানৰ কথা ঘোষণা কৰিছে। এই মিছন ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ সকলো উদ্যোগৰ বাবে। ৰাষ্ট্ৰীয় উৎপাদন অভিযানে আমাৰ তীখা উদ্যোগৰ বাবেও নতুন সুযোগ মুকলি কৰিব।

 

বন্ধুসকল,

ভাৰত দীৰ্ঘদিন ধৰি উচ্চমানৰ তীখাৰ বাবে আমদানিৰ ওপৰত নিৰ্ভৰশীল। প্ৰতিৰক্ষা আৰু কৌশলগত খণ্ডৰ বাবে এই পৰিস্থিতি সলনি কৰাটো প্ৰয়োজনীয় আছিল। আজি আমি গৌৰৱান্বিত যে ভাৰতৰ প্ৰথমখন থলুৱা বিমানবাহী জাহাজ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা তীখা ভাৰতত নিৰ্মিত। ভাৰতীয় তীখাৰ শক্তি আমাৰ ঐতিহাসিক চন্দ্ৰযান অভিযানৰ সফলতাৰ সৈতে জড়িত। সামৰ্থ্য আৰু আত্মবিশ্বাস, আমাৰ হাতত এতিয়া দুয়োটা আছে। এইটো কেৱল এনেয়ে হোৱা নাছিল। পিএলআই আঁচনিৰ অধীনত উচ্চমানৰ তীখা উৎপাদনৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। আৰু এয়া মাত্ৰ আৰম্ভণিহে, আমাৰ বহু দূৰ বাকী আছে। দেশত এনে বহু মেগা-প্ৰজেক্ট আৰম্ভ কৰা হৈছে, য’ত উচ্চমানৰ তীখাৰ চাহিদা আৰু অধিক বৃদ্ধি পাবলৈ গৈ আছে। এইবাৰ বাজেটত আমি ‘জাহাজ নিৰ্মাণ’ক আন্তঃগাঁথনি হিচাপে অন্তৰ্ভুক্ত কৰিছো। আমি দেশত আধুনিক আৰু ডাঙৰ ডাঙৰ জাহাজ নিৰ্মাণৰ লক্ষ্য লৈছো। আমাৰ লক্ষ্য হৈছে যে বিশ্বৰ আন দেশসমূহেও ভাৰতত নিৰ্মিত জাহাজ কিনিব লাগে। একেদৰে পাইপলাইন গ্ৰেড ষ্টীল আৰু জাৰণ প্ৰতিৰোধী মিশ্ৰণৰ চাহিদাও দেশত বৃদ্ধি পাইছে।

আজি দেশৰ ৰে’ল আন্তঃগাঁথনিও অভূতপূৰ্ব গতিৰে সম্প্ৰসাৰণ ঘটিছে। এনে সকলো প্ৰয়োজনীয়তাৰ লক্ষ্য হ’ব লাগে – ‘শূন্য আমদানি’ আৰু নিকা ৰপ্তানি! বৰ্তমান আমি ২.৫ কোটি টন তীখা ৰপ্তানি কৰাৰ লক্ষ্য লৈছো। আমি ২০৪৭ চনৰ ভিতৰত আমাৰ ক্ষমতা ৫০ কোটি টনলৈ বৃদ্ধি কৰাৰ বাবেও কাম কৰি আছো।কিন্তু ইয়াৰ বাবে আমাৰ তীখা খণ্ডটো নতুন প্ৰক্ৰিয়া, নতুন গ্ৰেড আৰু নতুন স্কেলৰ বাবে সাজু হোৱাটো প্ৰয়োজনীয়। ভৱিষ্যতক মনত ৰাখি আমি সম্প্ৰসাৰণ আৰু উন্নীতকৰণ কৰিব লাগিব। আমি এতিয়াৰ পৰা ভৱিষ্যত সাজু হ’ব লাগিব। তীখা উদ্যোগৰ এই বৃদ্ধিৰ সম্ভাৱনাত নিয়োগ সৃষ্টি আৰু নিয়োগৰ সুযোগৰ অসীম সম্ভাৱনা আছে। ব্যক্তিগত আৰু ৰাজহুৱা খণ্ড উভয়কে নতুন ধাৰণা গঢ়ি তুলিবলৈ, লালন-পালন কৰিবলৈ আৰু ভাগ-বতৰা কৰিবলৈ আহ্বান জনাইছো। আমি একেলগে উৎপাদন, গৱেষণা আৰু উন্নয়ন, প্ৰযুক্তি উন্নীতকৰণৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। দেশৰ যুৱক-যুৱতীসকলৰ বাবে অধিকতকৈ অধিক নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব লাগিব।

বন্ধুসকল,

তীখা উদ্যোগৰ উন্নয়ন যাত্ৰাত কিছু প্ৰত্যাহ্বানৰ নেওচি আগবাঢ়ি যোৱাটো বাধ্যতামূলক। কেঁচামালৰ সুৰক্ষা এটা ডাঙৰ চিন্তাৰ বিষয়। আমি এতিয়াও নিকেল, ককিং কয়লা আৰু মেংগানিজৰ বাবে আমদানিৰ ওপৰত নিৰ্ভৰশীল। আৰু সেয়েহে আমি বৈশ্বিক অংশীদাৰিত্ব শক্তিশালী কৰিব লাগিব, যোগান শৃংখল সুৰক্ষিত কৰিব লাগিব আৰু প্ৰযুক্তি উন্নীতকৰণত গুৰুত্ব দিব লাগিব। আমি শক্তি-দক্ষ, কম নিৰ্গমন আৰু ডিজিটেলভাৱে উন্নত প্ৰযুক্তিৰ দিশত দ্ৰুতগতিত আগবাঢ়িব লাগিব। এআই, অটোমেচন, পুনঃব্যৱহাৰ আৰু উপ-উৎপাদন ব্যৱহাৰে তীখা উদ্যোগৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। গতিকে এইবোৰত উদ্ভাৱনৰ বাবে আমি আমাৰ প্ৰচেষ্টা বৃদ্ধি কৰিব লাগিব। যদি আমাৰ বৈশ্বিক অংশীদাৰ আৰু ভাৰতীয় কোম্পানীসমূহে এই দিশত একেলগে কাম কৰে, তেন্তে এই প্ৰত্যাহ্বানসমূহ ক্ষীপ্ৰতাৰে সমাধান হ’ব।

বন্ধুসকল,

আপোনালোকে সকলোৱে জানে যে কয়লা আমদানি, বিশেষকৈ ককিং কয়লা আমদানিয়ে খৰচ আৰু অৰ্থনীতি দুয়োটাতে প্ৰভাৱ পেলায়। আমি ইয়াৰ বিকল্প বিচাৰিব লাগিব। আজি ডি আৰ আই পথ আৰু অন্যান্য আধুনিক প্ৰযুক্তি উপলব্ধ। আমি এইবোৰক আৰু অধিক প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছো। ইয়াৰ বাবে আমি কয়লা গেছীকৰণো ব্যৱহাৰ কৰিব পাৰো। কয়লা গেছীকৰণৰ জৰিয়তে আমি দেশৰ কয়লা সম্পদৰ উন্নত ব্যৱহাৰ কৰিব পাৰো আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰো। মই বিচাৰো যে তীখা উদ্যোগৰ সকলো খেলুৱৈয়ে এই প্ৰচেষ্টাৰ অংশ হৈ এই দিশত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰক।

 

বন্ধুসকল,

আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল অব্যৱহৃত গ্ৰীণফিল্ড খনিৰ। যোৱা ১০ বছৰত দেশত বহু খনন সংস্কাৰ সাধন হৈছে। লো অক্সাইডৰ উপলব্ধতা সহজ হৈ পৰিছে। এতিয়া এই আবণ্টিত খনিসমূহ, দেশৰ এই সম্পদসমূহ, সঠিকভাৱে আৰু সময়মতে ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। ইয়াত যিমানেই পলম হ’ব সিমানেই দেশৰ লোকচানৰ সন্মুখীন হ’ব আৰু উদ্যোগটোৰো লোকচান হ’ব। গতিকে সেউজ ক্ষেত্ৰৰ খনন ত্বৰান্বিত হোৱাটো মই বিচাৰিম।

বন্ধুসকল,

আজিৰ ভাৰতে কেৱল ঘৰুৱা বৃদ্ধিৰ কথাই চিন্তা কৰাই নহয়, বিশ্বৰ নেতৃত্বৰ বাবেও প্ৰস্তুতি চলাইছে। আজি বিশ্বই আমাক উচ্চমানৰ তীখাৰ বিশ্বাসযোগ্য যোগানকাৰী হিচাপে দেখিছে। মই কোৱাৰ দৰে আমি তীখাৰ বিশ্বমানৰ মানদণ্ড বজাই ৰাখিব লাগিব, নিজকে উন্নীত কৰি থাকিব লাগিব। লজিষ্টিক উন্নত কৰা, মাল্টি-মডেল পৰিবহণ নেটৱৰ্কৰ বিকাশ আৰু খৰচ কম কৰাটোৱে ভাৰতক গ্ল’বেল ষ্টীল হাব হিচাপে গঢ়ি তোলাত সহায় কৰিব।

বন্ধুসকল,

ইণ্ডিয়া ষ্টীলৰ এই মঞ্চ আমাৰ বাবে এক সুযোগ, য’ৰ পৰা আমি আমাৰ সামৰ্থ্য সম্প্ৰসাৰণ কৰিম, য’ৰ পৰা আমি আমাৰ ধাৰণাক বাস্তৱলৈ অনাৰ উপায় সৃষ্টি কৰিম। এই উপলক্ষে আপোনালোকক আন্তৰিক শুভেচ্ছা জনালোঁ। আহক, আমি সকলোৱে মিলি এখন সুস্থিৰ, বৈপ্লৱিক আৰু শক্তিশালী তীখাৰ ভাৰত গঢ়ি তোলোঁ। সকলোকে অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Startup India recognises 2.07 lakh ventures, 21.9 lakh jobs created

Media Coverage

Startup India recognises 2.07 lakh ventures, 21.9 lakh jobs created
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister inaugurates the first Emergency Landing Facility (ELF) of the northeast in Dibrugarh, Assam
February 14, 2026

The Prime Minister, Shri Narendra Modi inaugurated the first Emergency Landing Facility (ELF) of the northeast in Dibrugarh, Assam. Shri Modi stated that it is a matter of immense pride that the Northeast gets an Emergency Landing Facility, and is of great importance from a strategic point of view and during times of natural disasters.

The Prime Minister posted on X:

"It is a matter of immense pride that the Northeast gets an Emergency Landing Facility. From a strategic point of view and during times of natural disasters, this facility is of great importance."

"উত্তৰ-পূৰ্বাঞ্চলে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি লাভ কৰাটো অপৰিসীম গৌৰৱৰ বিষয়। কৌশলগত দৃষ্টিকোণৰ পৰা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই সুবিধাৰ গুৰুত্ব অতিশয় বেছি।"