Hands over keys of flats to eligible Jhuggi Jhopri dwellers at Bhoomiheen Camp
“Country is moving on the path of Sabka Saath, Sabka Vikas, Sabka Vishwas and Sabka Prayas for everyone’s upliftment”
“Our government belongs to poor people. Poor remain central to policy formation and decision-making systems”
“When there is this security in life, the poor work hard to lift themselves out of poverty”
“We live to bring change in your lives”
“Work is going on to regularise the houses built in unauthorised colonies of Delhi through the PM-UDAY scheme”
“The aim of the central government is to turn Delhi into a grand city complete with all amenities in accordance with its status as the capital of the country”
“Delhi’s poor and middle class are both aspirational and talented”

কাৰ্যক্ৰমত উপস্থিত মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰীমান হৰদীপ সিংহ পুৰী জী, ৰাজ্যমন্ত্ৰী শ্ৰীমান কৌশল কিশোৰ জী, মীনাক্ষী লেখী জী, দিল্লীৰ উপৰাজ্যপাল শ্ৰী বিনয় কুমাৰ ছাক্সেনা জী, দিল্লীৰ আন সকলো মাননীয় সাংসদগণ, আন সকলো মহানুভৱ আৰু সকলো উৎসাহেৰে পৰিপূৰ্ণ লাভাৰ্থী ভাতৃ আৰু ভগ্নীসকল!

বিজ্ঞান ভৱনত কাৰ্যক্ৰম তো বহুত হয়। কোট, পেণ্ট, টাই পিন্ধা লোকো বহুত থাকে। কিন্তু আজি যেনেদৰে ইয়াত সকলো আমাৰ পৰিয়ালৰ মানুহে দেখি আছে। তেওঁলোকৰ যি আশা আৰু উৎসাহ দেখি আছে। সেয়া সঁচাই বিজ্ঞান ভৱনে বহুত কম দেখিবলৈ পায়। আজি দিল্লীৰ বহু পৰিয়ালৰ বাবে, হাজাৰ হাজাৰ গৰীব আমাৰ ভাতৃ- ভগ্নীৰ বাবে এইটো বহুত ডাঙৰ দিন। বছৰ বছৰ ধৰি যি পৰিয়াল দিল্লীৰ ঝুগ্গীবোৰত আছিল, আজি তেওঁলোকৰ বাবে এক প্ৰকাৰৰ জীৱনৰ নতুন আৰম্ভণি হ'বলৈ গৈ আছে। দিল্লীৰ গৰীব পৰিয়ালসমূহক পকা ঘৰ দিয়াৰ যি অভিযান আৰম্ভ হৈছে, সি ইয়াৰ হাজাৰ হাজাৰ গৰীব পৰিয়ালৰ সপোন পূৰণ কৰিব। আজি ইয়াত বহুত লাভাৰ্থীয়ে তেওঁলোকৰ ঘৰৰ চাবি পাইছে। আৰু মই যি ৪-৫টা পৰিয়ালৰ সৈতে লগ হোৱাৰ সুযোগ পালো। মই দেখিছিলো তেওঁলোকৰ চেহেৰাত যি আনন্দ, যি সন্তোষ আৰু সি কিবা নহয় কিবা ভাব নিজৰ ব্যক্ত কৰিছিল, সেই ভিতৰৰ যি আনন্দ আছিল সেয়া প্ৰকট হৈ আছিল, এটা সন্তুষ্টি তেওঁলোকৰ চেহেৰাত ফুটি উঠিছিল। কেৱল কালকাজী এক্সটেনশ্যনৰ ফাৰ্ষ্ট-ফেজতে ৩ হাজাৰৰো অধিক ঘৰ বনাই সাজু কৰা হৈছে আৰু বহুত সোনকালেই ইয়াত থকা আন পৰিয়ালসমূহেও গৃহপ্ৰৱেশৰ সুযোগ পাব। মোৰ বিশ্বাস, অনাগত সময়ত ভাৰত চৰকাৰৰ দ্বাৰা কৰি থকা এই প্ৰয়াসে দিল্লীক এখন আদৰ্শ চহৰ কৰি তোলাত ডাঙৰ ভূমিকা পালন কৰিব।

 

বন্ধুসকল,

দিল্লীৰ দৰে ডাঙৰ চহৰত আমি যি বিকাশ দেখা পাওঁ, ডাঙৰ সপোন আৰু উচ্চতা দেখা পাওঁ, তাৰ ভেটিত মোৰ এই গৰীব ভাতৃ-ভগ্নীসকলৰ শ্ৰম আছে, তেওঁলোকৰ ঘাম আছে, তেওঁলোকৰ পৰিশ্ৰম আছে। কিন্তু দুৰ্ভাগ্য চাওক, সত্য এইটোও যে চহৰৰ বিকাশত যিসকল গৰীবৰ তেজ ঘাম লগায়, তেওঁলোকে সেইখন চহৰতে দুৰ্বিসহ জীৱন যাপন কৰিবলৈ বাধ্য হয়। যেতিয়া নিৰ্মাণ কাৰ্য কৰোতাই পিছপৰি থাকে, তেতিয়া নিৰ্মাণো আধৰুৱা হৈয়েই থাকে আৰু সেয়ে, বিগত ৭ দশকত আমাৰ চহৰ, সমগ্ৰ বিকাশেৰ পৰা, সন্তুলিত বিকাশেৰ পৰা, holistic developmentৰ পৰা বঞ্চিত হৈ থাকিল। যি চহৰত এফালে ওখ ওখ ভব্য অট্টালিকা আৰু জাকজমকীয়া হয়, তাৰে কাষত ঝুগ্গী জুপুৰীবোৰত দুৰৱস্থা দেখা যায়। এফালে চহৰত কিছুমান এলেকাক পাছ বুলি কোৱা হয়, আনফালে বহু এলেকাত মানুহে জীৱনৰ মৌলিক প্ৰয়োজনৰ বাবে হাবাথুৰি খাই থাকে। স্বাধীনতাৰ অমৃত কালত আমি এই ব্যৱধান নোহোৱা কৰিবই লাগিব। আৰু সেইবাবেই আজি দেশে 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস' এই মন্ত্ৰত চলি সকলোৰে উত্থানৰ বাবে প্ৰয়াস কৰি আছে।

বন্ধুসকল,

কেইবাদশক ধৰি দেশত যি ব্যৱস্থা আছে, তাত এই ভাবনা হৈ গৈছিল যে দৰিদ্ৰতা কেৱল দুখীয়াৰ সমস্যা। কিন্তু আজি দেশত যি চৰকাৰ আছে, সেয়া গৰীবৰ চৰকাৰ সেয়ে এই চৰকাৰে দুখীয়াক এনে অৱস্থাত এৰিব নোৱাৰে, আৰু সেয়ে, আজি দেশৰ নীতিৰ কেন্দ্ৰত গৰীব আছে। আজি দেশৰ নিৰ্ণয়ৰ কেন্দ্ৰত গৰীব আছে। বিশেষকৈ চহৰত থকা গৰীব ভাতৃ-ভগ্নীসকলৰ ওপৰতো আমাৰ চৰকাৰে সিমানেই মনোযোগ দি আছে।

 

বন্ধুসকল,

যিকোনো লোক এই কথা জানি হায়ৰাণ হ'ব যে ইয়াত দিল্লীতেই ৫০ লাখৰো অধিক লোক এনেকুৱা আছিল যাৰ ওচৰত বেংক খাতাও নাছিল। এই লোকসকল ভাৰতৰ বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত নাছিল, বেংকৰ পৰা পাবলগা সকলো লাভৰ পৰা বঞ্চিত আছিল। কিন্তু সত্যতা এইটোও আছিল যে গৰীবে বেংকৰ দুৱাৰলৈকে যাবলৈ ভয় কৰিছিল। এই লোকসকল দিল্লীত আছিল, কিন্তু দিল্লী তেওঁলোকৰ বাবে বহুত দূৰ আছিল। এই স্থিতি আমাৰ চৰকাৰে সলনি কৰিলে। অভিযান চলাই দিল্লীৰ দুখীয়াসকলৰ, দেশৰ গৰীবসকলৰ বেংক খাতা খোলা হয়। তেতিয়া কাচিতহে কোনোবাই এই কথা ভাবিছিল চাগৈ যে ইয়াৰ কি কি মুনাফা হ'ব পাৰে। আজি দিল্লীৰ গৰীবসকলেও চৰকাৰৰ যোজনাৰ পোনপটীয়া লাভ পাই আছে। আজি দিল্লীত হাজাৰ হাজাৰ বন্ধুৱে পদপথৰ দোকান খোলে, শাক-পাচলি আৰু ফল বেচে। কোনো বন্ধুৱে অটোৰিক্সা চলায়, টেক্সি চলায়। ইয়াৰ হয়তো কাচিতহে কোনোবা এনেকুৱা হ'ব যাৰ ওচৰত আজি ভীম-ইউপিআই নাই! পইচা চিধা মোবাইললৈ আহে, মোবাইলৰ পৰা পেমেণ্টো হৈ যায়। ইয়াৰ ফলত কিমান ডাঙৰ আৰ্থিক সুৰক্ষাও হৈছে। বেংকিং ছিষ্টেমৰ সৈতে সংযুক্ত হোৱাৰ এই শক্তি পিএম স্বনিধি যোজনাৰো আধাৰ হৈছে। এই যোজনাৰ জৰিয়তে চহৰত থকা আমাৰ পদপথৰ ভাতৃসকল আৰু ভগ্নীসকলক নিজৰ কাম আগবঢ়াই নিবলৈ আৰ্থিক সাহায্য দি থকা হৈছে। আৰু মই আনন্দিত যে দিল্লীৰো ৫০ হাজাৰৰো অধিক পদপথৰ দোকানী মোৰ ভাতৃ-ভগ্নীসকলে স্বনিধি যোজনাৰ লাভ লৈছে। ইয়াৰ উপৰিও, মুদ্ৰা যোজনাৰ জৰিয়তে গেৰাণ্টি নিদিয়াকৈ ৩০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ সাহায্যয়ো দিল্লীৰ ক্ষুদ্ৰ উদ্যমীসকলৰ যথেষ্ট সহায় কৰিছে।

 

বন্ধুসকল,

আমাৰ গৰীব বন্ধুসকলৰ এটা ডাঙৰ সংকট ৰেছন কাৰ্ডৰে জড়িত ব্যৱস্থাৰ পৰাও হয়। আমি 'ৱান নেচন, ৱান ৰেছন কাৰ্ড'ৰ ব্যৱস্থা কৰি দিল্লীৰ লাখ লাখ গৰীবৰ জীৱন সহজ কৰি তুলিছো। আমাৰ যিসকল প্ৰবাসী শ্ৰমিক অন্য ৰাজ্যৰ পৰা কাম কৰিবলৈ আহে, আগতে তেওঁলোকৰ ৰেছন কাৰ্ড ইয়াত অকামিলা হৈ পৰিছিল, কেৱল কাগজৰ টুকুৰা হৈ পৰিছিল। ইয়াৰ ফলত তেওঁলোকৰ ৰেছনৰ সমস্যা থিয় হৈছিল। 'ৱান নেচন, ৱান ৰেছন কাৰ্ড'ৰ জৰিয়তে এই চিন্তাৰ পৰাও মুক্তি পাই আছে। এই যোজনাৰ লাভ কৰোণা বিশ্বজনীন মহামাৰীৰ সময়ত দিল্লীৰ গৰীবেও পাইছে। এই বিশ্বজনীন সংকটৰ সময়ত দিল্লীৰ লাখ লাখ গৰীবক কেন্দ্ৰ চৰকাৰে যোৱা দুবছৰৰ পৰা বিনামূলীয়া ৰেছনো দি আছে। ইয়াত অকল দিল্লীতে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আঢ়ৈ হাজাৰ কোটি টকাৰো অধিক খৰচ কৰা হৈছে। এই যিমান কথা মই গণ্টি কৰিলো নহয়, এতিয়া কওকচোন কিমান টকাৰ মই বিজ্ঞাপন দিব লাগিছিল। কিমান বাতৰি কাকতৰ পৃষ্ঠা ভৰি পৰিল হেঁতেন, বাতৰি কাকতত মোদীৰ ফটো জিলিকি থাকিল হেঁতেন আৰু কিমান দি দিলো হেঁতেন। এই সকলো কাম মই এতিয়া যি গণ্টি কৰি আছো, এতিয়া তো বহুত কম গণ্টি কৰি আছো নহ'লে সময় বহুত বেছি লাগি যাব। কিয়নো মই আপোনালোকৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ জিকিছো।

 

বন্ধুসকল,

দিল্লীত কেন্দ্ৰীয় চৰকাৰে ৪০ লাখৰো অধিক দুখীয়াক বীমা সুৰক্ষা কৱচো দিছে। ঔষধৰ খৰচ কম কৰিবলৈ জন-ঔষধি কেন্দ্ৰসমূহৰ সুবিধাও আছে। যেতিয়া জীৱনত এই সুবিধাবোৰ থাকে, তেতিয়া দুখীয়াই নিশ্চিন্ত হৈ সম্পূৰ্ণ শক্তিৰে পৰিশ্ৰম কৰে। তেওঁলোকে নিজক দৰিদ্ৰতাৰ পৰা বাহিৰলৈ উলিয়াবৰ বাবে, দৰিদ্ৰতাৰে যুঁজ কৰিবলৈ, দৰিদ্ৰতাক পৰাস্ত কৰিবলৈ মনে-প্ৰাণে লাগি যায়। এই নিশ্চিন্ততা দুখীয়াৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ, সেয়া কোনো দুখীয়াতকৈ ভালদৰে আন কোনেও জানিব নোৱাৰে।

 

বন্ধুসকল,

দিল্লীত আৰু এটা বিষয় কেইবাদশক আগতে হোৱা অনধিকৃত কলনিৰো আছে। এই কলনিবোৰত আমাৰ লাখ লাখ ভাতৃ-ভগ্নী থাকে। তেওঁলোকৰ গোটেই জীৱন এই চিন্তাতে অতিবাহিত হৈছিল যে তেওঁলোকৰ ঘৰৰ কি হ'ব? দিল্লীৰ মানুহৰ এই চিন্তা কমোৱাৰ কামো কেন্দ্ৰ চৰকাৰে কৰিলে। পিএম-উদয় যোজনাৰ মাধ্যমত দিল্লীৰ অনধিকৃত কলনিবোৰত হোৱা ঘৰবোৰ নিয়মীয়া কৰাৰ কাম চলি আছে। এতিয়ালৈকে কেইবাহাজাৰ লোকে এই যোজনাৰ সুবিধা লৈছে। কেন্দ্ৰ চৰকাৰে দিল্লীৰ মধ্যম বৰ্গকো তেওঁলোকৰ ঘৰৰ সপোন পূৰণ কৰাত বহুত সহায় কৰিছে। দিল্লীৰ নিম্ন আৰু মধ্যম বৰ্গৰ লোকে নিজৰ ঘৰ যাতে বনাব পাৰে ইয়াৰ বাবে তেওঁলোকক কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা সুতত ছাবছিডি দিয়া হৈছে। ইয়াৰ ওপৰতো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ৭০০ কোটি টকাৰ অধিক খৰচ কৰা হৈছে।

বন্ধুসকল,

কেন্দ্ৰ চৰকাৰৰ লক্ষ্য হৈছে যে আমি দিল্লীক দেশৰ ৰাজধানী হিচাপে এখন চমকপ্ৰদ, সুবিধা সম্পন্ন চহৰ বনাওঁ। দিল্লীৰ বিকাশক গতি দিবলৈ আমি যি কাম কৰিছো, দিল্লীৰ মানুহ, দিল্লীৰ গৰীব, দিল্লীৰ বিশাল মধ্যম বৰ্গ এওঁলোকে এই সকলোৰে সাক্ষী হিচাপে প্ৰতিখন ঠাইত নিজৰ কথা কয়। এইবাৰ লাল কিলাত মই দেশৰ Aspirational Societyৰ কথা কৈছিলো। দিল্লীৰ গৰীব হওক বা মধ্যম বৰ্গ, তেওঁলোক আকাংক্ষীও হয় আৰু অভূতপূৰ্ব প্ৰতিভাৰে পৰিপূৰ্ণ। তেওঁলোকৰ সুচলতা, তেওঁলোকৰ আকাংক্ষা পূৰণ, চৰকাৰৰ সৰ্বোচ্চ প্ৰাথমিকতাৰ অন্যতম।

বন্ধুসকল,

২০১৪ত যেতিয়া আমাৰ চৰকাৰ আহিছিল, তেতিয়া দিল্লী-এনচিআৰত ১৯০ কিলোমিটাৰ ৰুটতহে মেট্ৰো চলিছিল। আজি দিল্লী-এনচিআৰত মেট্ৰোৰ বিস্তাৰ বাঢ়ি প্ৰায় ৪০০ কিলোমিটাৰলৈকে হৈছে। যোৱা ৮ বছৰত ইয়াত ১৩৫টা নতুন মেট্ৰো ষ্টেচন বনোৱা হৈছে। আজি মোলৈ দিল্লীত কলেজলৈ যোৱা কিমান যে পুত্ৰ-কন্যা, বৃহৎসংখ্যক চাকৰি কৰা মানুহে চিঠি লিখি মেট্ৰো সেৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। মেট্ৰোৰ সুবিধা বিস্তাৰিত হোৱাত নিতৌ তেওঁলোকৰ পইচাও বাচি আছে আৰু সময়ো ৰাহি হৈ আছে। দিল্লীক Traffic Congestionৰ পৰা সকাহ দিবলৈ ভাৰত চৰকাৰৰ দ্বাৰা ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে পথ ওখ কৰা হৈ আছে, আধুনিক কৰি থকা হৈছে। দিল্লীত য'ত এফালে পেৰিফেৰিয়েল এক্সপ্ৰেছৱে হৈ আছে, আনফালে কৰ্তব্য পথৰ দৰে নিৰ্মাণো হৈ আছে। দ্বাৰকা এক্সপ্ৰেছৱে হওক বা Urban Extension Road, অক্ষৰধামৰ পৰা বাগপত ৬ লেন এক্সপ্ৰেছ কণ্ট্ৰোল হাইৱে হওক বা গুৰুগ্ৰাম-সোহনা ৰোডৰ ৰূপত এলিভেটেড কৰিডৰ, এনেকুৱা কিমান যে বিকাশ কাৰ্য দিল্লীত কেন্দ্ৰ চৰকাৰৰ দ্বাৰা কৰি থকা হৈছে যি দেশৰ ৰাজধানীত আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰক বিস্তাৰ কৰিব।

বন্ধুসকল,

দিল্লী এনচিআৰৰ বাবে ৰেপিড ৰে'লৰ দৰে সেৱাও অদূৰ ভৱিষ্যতে আৰম্ভ হ'বলৈ গৈ আছে। নতুন দিল্লী ৰে'লৱে ষ্টেচনৰ যি ভব্য নিৰ্মাণ হ'বলৈ গৈ আছে, তাৰ ছবিবিলাকো আপোনালোকে নিশ্চয় দেখিছে। মই আনন্দিত যে দ্বাৰকাত ৮০ হেক্টৰ মাটিত ভাৰত বন্দনা পাৰ্ক নিৰ্মাণ এতিয়া অহা কেইটামান মাহত সমাপ্ত হোৱাৰ দিশত অগ্ৰসৰ হৈ আছে। মোক কোৱা হৈছে যে ডিডিএৰ দ্বাৰা দিল্লীৰ ৭০০ৰ অধিক ডাঙৰ পাৰ্কৰ চোৱাচিতা কৰা হয়। ৱজীৰাবাদ বেৰাজৰ পৰা আৰম্ভ কৰি ওখলা বেৰাজৰ মাজৰ যি ২২ কিলোমিটাৰৰ ষ্ট্ৰেচ আছে, তাৰ ওপৰতো ডিডিএৰ দ্বাৰা বিভিন্ন পাৰ্ক বিকশিত কৰি থকা হৈছে।

বন্ধুসকল,

আজি মোৰ ইমানখিনি গৰীব ভাতৃ-ভগ্নীসকলে নিজৰ জীৱনত এটা নতুন আৰম্ভণি কৰিবলৈ গৈ আছে, মই তেওঁলোকক জৰুৰ কিছু আহ্বানো জনাওঁ। যদি মই আপোনালোকক কিবা আহ্বান জনাওঁ সেয়া পূৰণ কৰিবনে? মই ক'ব পাৰোনে কিবা কাম আপোনালোকক? কৰিব নে পাহৰি থাকিব? নাপাহৰে? ঠিক আছে, ভাৰত চৰকাৰে কোটিৰ সংখ্যাত গৰীবৰ বাবে ঘৰ বনাই আছে। ঘৰত নলেৰে পানী দি আছে। বিজুলীৰ কানেকচন দি আছে। মাতৃ-ভগ্নীসকলে ধোঁৱা বিহীন খাদ্য বনোৱাৰ সুবিধা পাবপৰাকৈ উজ্জ্বলা চিলিণ্ডাৰো পাই আছে। এই সুবিধাৰ মাজত আমি এই কথা খাটাং কৰিব লাগিব। যে আমি নিজৰ ঘৰত এলইডি বাল্বহে ব্যৱহাৰ কৰিম। কৰিমনে? দ্বিতীয় কথা আমি কোনো পৰিস্থিতিতে কলনীত পানী নষ্ট হ'বলৈ নিদিওঁ। নহ'লে আপোনালোকে জানে যে কিছুমান মানুহে কি কৰে। বাথৰুমত বাল্টি ওলোটাই থৈ দিয়ে। নল চলাই থৈ দিয়ে। পুৱা ছয় বজাত উঠিব লাগিলে ঘণ্টাৰ কাম কৰে, পানী আহিলে বাল্টিৰ শব্দ হ'ব। চাওক পানী বচোৱা বহুত দৰকাৰ, বিজুলী বচোৱা বহুত দৰকাৰ। আৰু তাৰো বেছি আন এটা কথা আমি ইয়াত ঝুগ্গী-জুপুৰীৰ বাতাবৰণ হ'বলৈ দিব নালাগিব। আমাৰ কলনীটো স্বচ্ছ হওক, সুন্দৰ হওক, স্বচ্ছতাৰ বাতাবৰণ হওক আৰু মই তো ক'ম যে আপোনালোকেই নিজৰ কলনীত টাৱাৰ-টাৱাৰৰ মাজত প্ৰতিযোগিতা কৰক। প্ৰতি মাহত প্ৰতিযোগিতা, কোনটো টাৱাৰ সৰ্বাধিক স্বচ্ছ। ঝুগ্গীবোৰৰ বিষয়ে ইমান দশকৰ পৰা যি ধাৰণা বনাই থোৱা হৈছিল, ঝুগ্গীবোৰক যেনেকৈ লেতেৰাৰে সংযুক্ত কৰা হৈছিল, এতিয়া আমাৰ দায়িত্ব ইয়াক শেষ কৰা। মোৰ বিশ্বাস আছে, আপোনালোক সকলো দিল্লী আৰু দেশৰ বিকাশত এনেকৈয়ে নিজৰ ভূমিকা পালন কৰি থাকক। দিল্লীৰ প্ৰতিজন নাগৰিকৰ যোগদানেৰে দিল্লী আৰু দেশৰ বিকাশৰ এই যাত্ৰা নোৰোৱাকৈ আগবাঢ়ি থাকিব। এই বিশ্বাসেৰেই আপোনালোক সকলোকে আকৌ এবাৰ বহুত বহুত শুভকামনা, বহুত বহুত অভিনন্দন! বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Political stability helped India seal major trade deals: PM Narendra Modi

Media Coverage

Political stability helped India seal major trade deals: PM Narendra Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Grand Mufti of India Sheikh Abubakr Ahmad meets Prime Minister
February 16, 2026

Sheikh Abubakr Ahmad, Grand Mufti of India met the Prime Minister, Shri Narendra Modi today. During the meeting, they exchanged views on a wide range of issues. The Prime Minister noted the Grand Mufti’s commendable efforts to further social harmony, brotherhood, and improve education across the country.

In a post on X, Shri Modi said:

“Had a very good interaction with Sheikh Abubakr Ahmad Sahab, Grand Mufti of India. We exchanged views on a wide range of issues. His efforts to further social harmony, brotherhood and improve education are noteworthy.

@shkaboobacker”