Launches Karmayogi Prarambh module - online orientation course for new appointees
“Rozgar Mela is our endeavour to empower youth and make them the catalyst in national development”
“Government is Working in mission mode to provide government jobs”
“Central government is according the highest priority to utilise talent and energy of youth for nation-building”
“The 'Karmayogi Bharat' technology platform will be a great help in upskilling”
“Experts around the world are optimistic about India's growth trajectory”
“Possibility of new jobs in both the government and private sector is continuously increasing. More, importantly, these opportunities are emerging for the youth in their own cities and villages”
“We are colleagues and co-travellers on the path of making India a developed nation”

নমস্কাৰ!

'ৰোজগাৰ মেলা'ৰ মোৰ যুৱ বন্ধুসকল (চাকৰি মেলা),

আপোনালোক সকলোকে বহুত অভিনন্দন। আজি দেশৰ ৪৫ খন চহৰত ৭১,০০০ তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আজি হাজাৰ হাজাৰ ঘৰত সুখ-সমৃদ্ধিৰ এক নতুন যুগ আৰম্ভ হৈছে। যোৱা মাহত, ধনতেৰাছৰ আজিৰ দিনটোতে, কেন্দ্ৰীয় চৰকাৰে ৭৫,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিছিল। চৰকাৰে চৰকাৰী চাকৰি প্ৰদানৰ বাবে কেনেদৰে মিছন মোডত কাম কৰি আছে সেয়া আজিৰ 'ৰোজগাৰ মেলা'ই প্ৰমাণ কৰে।

বন্ধুসকল,

যেতিয়া যোৱা মাহত 'ৰোজগাৰ মেলা' আৰম্ভ কৰা হৈছিল। মই কৈছিলোঁ যে বিভিন্ন কেন্দ্ৰীয় শাসিত অঞ্চল, এনডিএ আৰু বিজেপি শাসিত ৰাজ্যসমূহেও 'ৰোজগাৰ মেলা' আয়োজন কৰি যাব। মই সুখী যে যোৱা মাহত মহাৰাষ্ট্ৰ আৰু গুজৰাট চৰকাৰৰ দ্বাৰা হাজাৰ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। কেইদিনমান আগতে, উত্তৰ প্ৰদেশ চৰকাৰেও বহু যুৱকক নিযুক্তি পত্ৰ দিছিল। যোৱা এমাহত জম্মু-কাশ্মীৰ, লাডাখ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লক্ষদ্বীপ, দাদৰা আৰু নগৰ হাভেলি, দমন আৰু দিউ আৰু চণ্ডীগড়ত 'ৰোজগাৰ মেলা'ৰ জৰিয়তে হাজাৰ হাজাৰ যুৱকক চাকৰি দিয়া হৈছে। মোক জনোৱা হৈছে যে কাইলৈৰ পিছদিনা অৰ্থাৎ ২৪ নৱেম্বৰত গোৱা চৰকাৰেও একেধৰণৰ 'ৰোজগাৰ মেলা' আয়োজন কৰিবলৈ গৈ আছে। ত্ৰিপুৰা চৰকাৰেও ২৮ নৱেম্বৰত 'ৰোজগাৰ মেলা'ৰ আয়োজন কৰিছে। এয়া ডাবল ইঞ্জিন চৰকাৰৰ দ্বৈত সুবিধা। 'ৰোজগাৰ মেলা'ৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ দিয়াৰ এই অভিযান নিৰন্তৰভাৱে অব্যাহত থাকিব।

বন্ধুসকল,

ভাৰতৰ দৰে এখন দেশত আমাৰ কোটি কোটি যুৱক-যুৱতী এই দেশখনৰ বাবে আটাইতকৈ ডাঙৰ শক্তি। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ যুৱপ্ৰজন্মৰ প্ৰতিভা আৰু শক্তিৰ সৰ্বাধিক ব্যৱহাৰক সৰ্বাধিক অগ্ৰাধিকাৰ দি আছে। আজি মই ৭১,০০০ তকৈও অধিক নতুন সহকৰ্মীক স্বাগতম জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ যিসকলে ৰাষ্ট্ৰ নিৰ্মাণৰ পথত যোগদান কৰিছে। আপোনাসৱে আপোনাসৱৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আৰু কঠিন প্ৰতিযোগিতাত সফল হৈ এই সফলতা লাভ কৰিছে। সেয়েহে, আপোনাসৱ আৰু আপোনাসৱৰ পৰিয়ালো অভিনন্দনৰ যোগ্য।

মোৰ যুৱ সহকৰ্মীসকল,

আপোনাসৱে এটা বিশেষ সময়ত এই নতুন দায়িত্ব লাভ কৰিছে। দেশখনে 'অমৃত কাল' (সোণালী কাল)ত প্ৰৱেশ কৰিছে। দেশৰ জনসাধাৰণে এই 'অমৃত কাল'ত এখন উন্নত ভাৰত গঢ়ি তোলাৰ পণ লৈছে। এই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোক সকলোৱে দেশৰ সাৰথি হ'বলৈ গৈ আছে। আপোনালোক সকলোৱে গ্ৰহণ কৰিব লগা নতুন দায়িত্বত, আপোনাক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হ'ব। সেয়েহে, কৰ্তব্য পালন কৰোঁতে আপোনাসৱে আপোনাসৱৰ ভূমিকা ভালদৰে বুজিব লাগিব। আপোনাসৱে এজন চৰকাৰী কৰ্মচাৰী হিচাপে আপোনাসৱৰ সেৱা প্ৰদান কৰাৰ বাবে নিৰন্তৰভাৱে ক্ষমতা নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া উচিত। আজি চৰকাৰে প্ৰযুক্তিৰ সহায়ত প্ৰতিজন চৰকাৰী কৰ্মচাৰীক উন্নত প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰাৰ প্ৰয়াস কৰি আছে। শেহতীয়াকৈ মুকলি কৰা 'কৰ্মযোগী ভাৰত' টেকনোলজী প্লেটফৰ্মত বহুতো অনলাইন পাঠ্যক্ৰম উপলব্ধ আছে। আপোনাসৱৰ দৰে নতুন চৰকাৰী কৰ্মচাৰীৰ বাবে আজি এটা বিশেষ পাঠ্যক্ৰমো আৰম্ভ কৰা হৈছে। ইয়াৰ নাম 'কৰ্মযোগী প্ৰাৰম্ভ'। আপোনাসৱে 'কৰ্মযোগী ভাৰত' প্লেটফৰ্মত উপলব্ধ অনলাইন পাঠ্যক্ৰমৰ সৰ্বাধিক সুবিধা লোৱা উচিত, কিয়নো ই কেৱল আপোনাসৱৰ দক্ষতাই উন্নত নকৰে ভৱিষ্যতে আপোনাসৱৰ কেৰিয়াৰো ইয়াৰ ফলত লাভান্বিত হ'ব।

বন্ধুসকল,

আজি বিশ্বব্যাপী মহামাৰী আৰু যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে যুৱপ্ৰজন্মৰ সন্মুখত নতুন সুযোগৰ সংকটে দেখা দিছে। বহুতো বিশেষজ্ঞই উন্নত দেশসমূহতো এক বৃহৎ সংকটৰ আশংকা কৰিছে। অৱশ্যে, অৰ্থনীতিবিদ আৰু বিশেষজ্ঞসকলে লগতে কয় যে ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনা প্ৰদৰ্শন কৰা আৰু নতুন সুযোগ মুকলি কৰাৰ এক অনন্য সুযোগ আছে। আজি সেৱা ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ এক প্ৰধান শক্তি হৈ পৰিছে। এতিয়া ভাৰতো বিশ্বৰ উৎপাদন কেন্দ্ৰ হ'বলৈ গৈ আছে বুলি বিশেষজ্ঞসকলে বিশ্বাস কৰিছে। এইক্ষেত্ৰত আমাৰ উৎপাদন সংযোজিত ইনচেণ্টিভ আঁচনি আৰু অন্যান্য আঁচনিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকিব, কিন্তু ভাৰতৰ দক্ষ জনশক্তি আৰু যুৱসকল ইয়াৰ মূল আধাৰ হব। কেৱল পিএলআই আঁচনিৰ জৰিয়তে দেশত প্ৰায় ৬০ লাখ নতুন চাকৰি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। 'মেক ইন ইণ্ডিয়া', 'ভোকেল ফৰ লোকেল', বা 'লোকেল টু গ্লোবেল' হওঁক, এই সকলোবোৰ অভিযানে দেশত নিযুক্তি আৰু স্বনিয়োজনৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। অৰ্থাৎ চৰকাৰ আৰু বেচৰকাৰী উভয় ক্ষেত্ৰতে নতুন চাকৰিৰ সম্ভাৱনা নিৰন্তৰ বৃদ্ধি পাই আহিছে। আৰু গুৰুত্বপূৰ্ণভাৱে, এই নতুন সুযোগবোৰ যুৱপ্ৰজন্মৰ বাবে তেওঁলোকৰ নিজৰ চহৰ আৰু গাওঁবোৰত সৃষ্টি কৰা হৈছে। ফলস্বৰূপে, যুৱক-যুৱতীসকলে আন চহৰলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য নহয় আৰু তেওঁলোকে তেওঁলোকৰ নিজৰ এলেকাৰ বিকাশত অৰিহণা যোগাব পাৰে।

ষ্টাৰ্ট-আপৰ পৰা স্বনিয়োজনলৈকে আৰু মহাকাশৰ পৰা ড্ৰোনলৈকে আজি ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে সকলোধৰণৰ নতুন সুযোগ সৃষ্টি কৰা হৈছে। আজি ভাৰতৰ ৮০,০০০ তকৈও অধিক ষ্টাৰ্ট-আপে যুৱপ্ৰজন্মক বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সম্ভাৱনা প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিছে। ঔষধৰ যোগানেই হওঁক বা কীটনাশক ছটিওৱাই হওঁক, স্বামিত্ব আঁচনিৰ ভূমিৰ মেপিং হওঁক বা প্ৰতিৰক্ষা খণ্ডই হওঁক, দেশত ড্ৰোনৰ ব্যৱহাৰ নিৰন্তৰভাৱে বৃদ্ধি পাই আহিছে। আৰু ড্ৰোনৰ এই বৰ্ধিত ব্যৱহাৰে যুৱপ্ৰজন্মক নতুন চাকৰি প্ৰদান কৰিছে। মহাকাশ খণ্ড মুকলি কৰাৰ বাবে আমাৰ চৰকাৰে লোৱা সিদ্ধান্তই যুৱসকলকো যথেষ্ট লাভান্বিত কৰিছে। আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে কিদৰে ভাৰতৰ ব্যক্তিগত খণ্ডই ২-৩ দিন আগতে ইয়াৰ প্ৰথম মহাকাশ ৰকেট সফলতাৰে উৎক্ষেপণ কৰিছে।

আজি, ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলেও মুদ্ৰা ঋণৰ পৰা যথেষ্ট সহায় লাভ কৰিছে। এতিয়ালৈকে, দেশত ৩৫ কোটিতকৈও অধিক মুদ্ৰা ঋণ মঞ্জুৰ কৰা হৈছে। দেশত উদ্ভাৱন আৰু গৱেষণাৰ প্ৰচাৰে নিযুক্তিৰ সুযোগ বৃদ্ধি কৰিছে। মই দেশৰ যুৱপ্ৰজন্মৰ সকলোকে এই নতুন সুযোগসমূহৰ সম্পূৰ্ণ সুবিধা ল'বলৈ অনুৰোধ জনাম। আজি মই আকৌ এবাৰ অভিনন্দন জনাইছোঁ আৰু নিযুক্তি পত্ৰ লাভ কৰা ৭১,০০০ তকৈও অধিক যুৱক-যুৱতীক শুভেচ্ছা জনাইছোঁ। মই নিশ্চিত যে আপোনাসৱে আপোনাসৱৰ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰচেষ্টা কৰাৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ক্ৰুটি নকৰিব। আজিৰ নিযুক্ত পত্ৰ হৈছে আপোনাসৱৰ প্ৰৱেশ বিন্দু। ইয়াৰ অৰ্থ হৈছে যে এতিয়া আপোনাসৱৰ আগত প্ৰগতিৰ এক নতুন পৃথিৱী মুকলি হৈছে। একেসময়তে আপোনাসৱে কাম কৰোঁতে জ্ঞান আহৰণ কৰি নিজকে অধিক যোগ্য কৰি তুলিব আৰু আপোনাসৱৰ জ্যেষ্ঠসকলৰ পৰা ভাল কথা শিকি আপোনাসৱৰ সামৰ্থ্য বৃদ্ধি কৰিব।

বন্ধুসকল,

আপোনাসৱৰ দৰে ময়ো নিৰন্তৰ শিকিবলৈ চেষ্টা কৰোঁ আৰু মোৰ মাজৰ শিক্ষাৰ্থীজনক কেতিয়াও মৃত্যু হবলৈ নিদিওঁ। মই সকলোৰে পৰা শিকিছোঁ আৰু মই প্ৰতিটো সৰু বস্তুৰ পৰা শিকিবলৈ চেষ্টা কৰোঁ। ইয়াৰ ফলস্বৰূপে, মই একে সময়তে কেইবাটাও কাম কৰিবলৈ কেতিয়াও দ্বিধা নকৰো। মই এয়া কৰিবলৈ সক্ষম। আপোনাসৱেও এইটো কৰিব পাৰে, আৰু সেয়েহে, মই বিচাৰো যে আপোনাসৱে 'কৰ্মযোগী ভাৰতৰ' সৈতে জড়িত হৈ পৰক। আপোনাসৱে আপোনাসৱৰ অনলাইন প্ৰশিক্ষণৰ অভিজ্ঞতা, ভুল-ক্ৰুটি যদি থাকে আৰু ইয়াক কেনেদৰে অধিক উন্নত কৰিব লাগে সেই বিষয়ে এমাহৰ পিছত আপোনাসৱৰ পৰামৰ্শ আগবঢ়াব পাৰিবনে? আপোনাসৱে ইয়াক আৰু উন্নীত কৰাৰ পৰামৰ্শ আগবঢ়াব পাৰিবনে? মই আপোনাসৱৰ সঁহাৰিৰ বাবে অপেক্ষা কৰিম। চাওক, আমি সকলোৱে অংশীদাৰ, সহকৰ্মী আৰু সহযাত্ৰী। আমি ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ এটা পথ তৈয়াৰ কৰিছোঁ। আমি সকলোৱে একেলগে আগবাঢ়ি যাবলৈ সংকল্প লওঁ আহক। আপোনাসৱক বহুতো শুভকামনা জনাইছোঁ!

অশেষ ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government e-Marketplace Generates Rs 1.76 Lakh Crore In Net Social Savings Over Three Years: IIT Delhi Study

Media Coverage

Government e-Marketplace Generates Rs 1.76 Lakh Crore In Net Social Savings Over Three Years: IIT Delhi Study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to brave participants of the Quit India Movement
August 09, 2026

Prime Minister Shri Narendra Modi has remembered all those who participated in the historic Quit India Movement and paid tribute to their courage and determination in India’s freedom struggle. Shri Modi said that inspired by the leadership of Mahatma Gandhi, the clarion call of the Quit India Movement infused new energy into the freedom struggle and reflected the unwavering resolve of the people of India to break free from colonial rule.

The Prime Minister posted on X:

Remembering all those who participated in the historic Quit India Movement. Their courage will always remain an inspiration for every Indian. Inspired by the leadership of Mahatma Gandhi Ji, the clarion call of Quit India infused new energy into our freedom struggle and reflected the unwavering determination of our people to break free from colonial rule.