বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ আমাৰ সংকল্প অতি স্পষ্ট: প্ৰধানমন্ত্ৰী
আমি সকলোৱে মিলি এনে এখন ভাৰত গঢ়ি তোলাৰ দিশত কাম কৰি আছোঁ য’ত কৃষকসকল সমৃদ্ধিশালী আৰু সৱল হয়: প্ৰধানমন্ত্ৰী
আমি কৃষিক উন্নয়নৰ প্ৰথম ইঞ্জিন হিচাপে বিবেচনা কৰিছোঁ, যাৰ বাবে কৃষকসকলক বিশেষ স্থান দিয়া হৈছে: প্ৰধানমন্ত্ৰী
আমি একেলগে দুটা ডাঙৰ লক্ষ্যৰ ওপৰত কাম কৰি আছোঁ - কৃষি খণ্ডৰ উন্নয়ন আৰু আমাৰ গাঁৱৰ সমৃদ্ধিঃ প্ৰধানমন্ত্ৰী
আমি বাজেটত ‘পিএম ধন ধান্য কৃষি যোজনা’ ঘোষণা কৰিছোঁ, ইয়াৰ অধীনত দেশৰ ভিতৰতে সৰ্বনিম্ন কৃষি উৎপাদনশীল ১০০খন জিলাৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হ’ব: প্ৰধানমন্ত্ৰী
তেওঁ জোৰ দি কয় যে এই বাজেটখনক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।
তেওঁলোকৰ পৰামৰ্শ আৰু অৱদানে ইতিবাচক ফলাফল দিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে
বাজেটৰ লক্ষ্যত উপনীত হ’বলৈ সকলো অংশীদাৰক ঐক্যবদ্ধভাৱে কাম কৰিবলৈ তেওঁ আহ্বান জনায়

নমস্কাৰ!

বাজেটৰ পিছত বাজেটৰ সৈতে জড়িত ৱেবিনাৰত আপোনালোক সকলোৰে উপস্থিতি অতি গুৰুত্বপূৰ্ণ। এই কাৰ্যসূচীত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।

এই বছৰৰ বাজেট, আমাৰ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। এই বাজেটত কেৱল আমাৰ নীতিৰ ধাৰাবাহিকতা দেখুওৱাই নহয়, লগতে বিকশিত ভাৰতৰ দৃষ্টিভংগীত নতুন সম্প্ৰসাৰণো দেখা গৈছে। বাজেটৰ পূৰ্বে আপোনালোক সকলো অংশীদাৰে যি ইনপুট দিলে, যি পৰামৰ্শ দিলে, সেয়া বাজেট প্ৰস্তুত কৰাৰ সময়ত বহুত কামত আহিল। এতিয়া এই বাজেটখন আৰু অধিক ফলপ্ৰসূভাৱে নমাই অনাত, সঁচা অৰ্থত তাৰ ভালৰো ভাল, যিমান পাৰি সোনকালে তাৰ ফলাফল পাবলৈ, সকলো সিদ্ধান্ত আৰু নীতি ফলপ্ৰসূ কৰিবলৈ, তাত আপোনালোক সকলোৰে ভূমিকা আৰু অধিক বৃদ্ধি পাইছে।

বন্ধুসকল,

বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱা ভাৰতৰ সংকল্প অতি স্পষ্ট। আমি সকলোৱে মিলি এনে এখন ভাৰত গঢ়ি তোলাত নিয়োজিত হৈছোঁ য’ত কৃষকসকল সমৃদ্ধিশালী আৰু সৱল হয়। আমাৰ প্ৰচেষ্টা যাতে কোনো কৃষক পিছ পৰি নাযায় আৰু আমি প্ৰতিজন কৃষকক আগুৱাই লৈ যাওঁ। আমি কৃষিক বিকাশৰ প্ৰথম ইঞ্জিন হিচাপে বিবেচনা কৰি আমাৰ অন্নদাতাসকলক গৌৰৱপূৰ্ণ স্থান দিছোঁ। আমি একেলগে দুটা ডাঙৰ লক্ষ্যৰ দিশত আগবাঢ়িছোঁ, প্ৰথম- কৃষি খণ্ডৰ উন্নয়ন আৰু দ্বিতীয়- আমাৰ গাঁৱৰ সমৃদ্ধি।

 

বন্ধুসকল,

পিএম কিষাণ সন্মান নিধি যোজনা ৬ বছৰ পূৰ্বে কাৰ্যকৰী কৰা হৈছিল। এই আঁচনিৰ অধীনত এতিয়ালৈকে প্ৰায় ৪.৭৫ লাখ কোটি টকা কৃষকে লাভ কৰিছে। এই ধনৰাশি পোনপটীয়াকৈ প্ৰায় ১১ কোটি কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে। বছৰি ৬ হাজাৰ টকাৰ এই আৰ্থিক সাহায্যৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈ উঠিছে। আমি এটা কৃষককেন্দ্ৰিক ডিজিটেল আন্তঃগাঁথনি সৃষ্টি কৰিছোঁ যাতে এই আঁচনিৰ সুবিধা সমগ্ৰ দেশৰ কৃষকৰ মাজলৈ যাব পাৰে। অৰ্থাৎ কোনো মধ্যভোগীৰ প্ৰৱেশ বা কোনো ধৰণৰ লিকেজ হোৱাৰ কোনো পৰিসৰ থাকিব নালাগে, ই এটা ন’ কাট কোম্পানী। এইটো এটা উদাহৰণ যে যদি আপোনালোকৰ দৰে বিশেষজ্ঞ আৰু দূৰদৰ্শী লোকৰ সমৰ্থন থাকে, তেন্তে পৰিকল্পনাটো অতি সোনকালে সফল হৈ উঠে আৰু উন্নত ফলাফল দিয়ে। আপোনালোকৰ অৱদানৰ দ্বাৰা যিকোনো আঁচনি সম্পূৰ্ণ শক্তি আৰু পাৰদৰ্শিতাৰে ৰূপায়ণ কৰিব পৰা যাব। মই এই ক্ষেত্ৰত আপোনালোকৰ সকলোৰে সহযোগিতা আৰু সদায় সক্ৰিয় সহায় আগবঢ়োৱাৰ বাবে শলাগ লৈছোঁ। এতিয়া আমি এইবাৰৰ বাজেটৰ ঘোষণাসমূহ কাৰ্যকৰী কৰিবলৈ একেলগে আৰু ক্ষীপ্ৰতাৰে কাম কৰাটো প্ৰয়োজনীয়। ইয়াতো আমি আগৰ দৰেই আপোনালোকৰ সমৰ্থন পামেই, কিন্তু আমি অধিক সমৰ্থন লাভ কৰা উচিত, অধিক ব্যাপকভাৱে, প্ৰতিটো খণ্ডতে।

বন্ধুসকল,

আপোনালোকে এতিয়া জানে, আজি ভাৰতৰ কৃষি উৎপাদন অভিলেখৰ স্তৰত আছে। ১০-১১ বছৰ পূৰ্বে যি কৃষি উৎপাদন প্ৰায় ২৬৫ মিলিয়ন টন আছিল, সেয়া এতিয়া বৃদ্ধি পাই ৩৩ কোটি টনতকৈও অধিক হৈছে। একেদৰে উদ্যান শস্যৰ উৎপাদন বৃদ্ধি পাই ৩৫ কোটি টনতকৈও অধিক হৈছে। এয়া আমাৰ চৰকাৰৰ বীজৰ পৰা বজাৰলৈ দৃষ্টিভংগীৰ পৰিণাম। কৃষি সংস্কাৰ, কৃষকৰ সৱলীকৰণ আৰু মজবুত মূল্য শৃংখলে এই কাম সম্ভৱ কৰি তুলিছে। এতিয়া আমি দেশৰ কৃষি সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি আৰু ডাঙৰ লক্ষ্যত উপনীত হ’ব লাগিব। এই দিশত আমি বাজেটত পিএম ধন ধান্য কৃষি যোজনা ঘোষণা কৰিছোঁ, এয়া মোৰ বাবে অতি গুৰুত্বপূৰ্ণ আঁচনি। ইয়াৰ অধীনত দেশৰ ভিতৰতে সৰ্বনিম্ন কৃষি উৎপাদনশীলতা থকা ১০০খন জিলা, কম উৎপাদনশীলতা থকা জিলাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। আপোনালোক সকলোৱে উন্নয়নৰ কেইবাটাও পৰিমাপত আকাংক্ষিত জিলা কাৰ্যসূচীৰ ফলাফল দেখিছে। এই জিলাসমূহে সহযোগিতা, শাসন ব্যৱস্থা, সুস্থ প্ৰতিযোগিতা আৰু অভিসৰণৰ দ্বাৰা বহু সুবিধা লাভ কৰিছে। মই বিচাৰিম যে আপোনালোক সকলোৱে এনে জিলাৰ পৰা পোৱা ফলাফল অধ্যয়ন কৰক আৰু তাৰ পৰা শিকি পিএম ধন ধান্য কৃষি যোজনাক এই ১০০খন জিলাত অতি দ্ৰুত গতিত আগুৱাই নিব। ইয়াৰ দ্বাৰা এই ১০০খন জিলাৰ কৃষকৰ আয় বৃদ্ধিত সহায়ক হ’ব।

 

বন্ধুসকল,

যোৱা কেইবছৰমানৰ পৰা আমাৰ প্ৰচেষ্টাৰ বাবে দেশত দালিৰ উৎপাদন বৃদ্ধি পাইছে, আৰু ইয়াৰ বাবে মই কৃষকসকলকো অভিনন্দন জনাইছোঁ। কিন্তু, এতিয়াও আমাৰ ঘৰুৱা ব্যৱহাৰৰ ২০ শতাংশ বিদেশৰ ওপৰত নিৰ্ভৰশীল, আমদানিৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ আমি আমাৰ দালি উৎপাদন বৃদ্ধি কৰিব লাগিব। আমি বুট আৰু মগুত আত্মনিৰ্ভৰশীলতা লাভ কৰিছোঁ। কিন্তু আমি মাটিদালি, ৰহৰ আৰু মচুৰ দাইলৰ উৎপাদন বৃদ্ধিৰ বাবে অধিক দ্ৰুতগতিত কাম কৰিব লাগিব। দালি উৎপাদন ত্বৰান্বিত কৰিবলৈ উন্নত বীজৰ যোগান বজাই ৰখা আৰু সংকৰ জাতৰ প্ৰসাৰ কৰাটো প্ৰয়োজনীয়। ইয়াৰ বাবে আপোনালোক সকলোৱে জলবায়ু পৰিৱৰ্তন, বজাৰৰ অনিশ্চয়তা, মূল্যৰ উঠা-নমাৰ দৰে প্ৰত্যাহ্বানৰ সমাধানৰ ওপৰত গুৰুত্ব দিব লাগিব।

বন্ধুসকল,

যোৱা দশকত আইচিএআৰে প্ৰজনন কাৰ্যসূচীত আধুনিক সঁজুলি আৰু অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত শস্য, তৈলবীজ, দালি, পশুখাদ্য, কুঁহিয়াৰ আদিকে ধৰি বিভিন্ন শস্যত ২৯০০ৰো অধিক নতুন জাতৰ বিকাশ ঘটে। আপোনালোকে নিশ্চিত কৰিব লাগিব যে আমাৰ দেশৰ কৃষকসকলে যাতে এই নতুন জাতসমূহ সুলভ মূল্যত লাভ কৰি থাকে। আমি এই কথাও সুনিশ্চিত কৰিব লাগিব যে কৃষকৰ উৎপাদন বতৰৰ উঠা-নমাৰ ফলত যাতে প্ৰভাৱিত নহয়। আপোনালোকে জানে যে এইবাৰ বাজেটত উচ্চ উৎপাদনক্ষম বীজৰ বাবে ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰাৰ ঘোষণা কৰা হৈছে। বিশেষকৈ ব্যক্তিগত খণ্ডৰ যিসকল লোক বৰ্তমান এই কাৰ্যসূচীত জড়িত হৈ আছে, তেওঁলোকক কব বিচাৰিছোঁ যে এই বীজসমূহৰ প্ৰসাৰত নিশ্চিতভাৱে মনোনিৱেশ কৰক। এই বীজবোৰ ক্ষুদ্ৰ কৃষকৰ ওচৰলৈ যাবলৈ হ’লে ইয়াক বীজ শৃংখলৰ অংশ হিচাপে গঢ়ি তুলিব লাগিব, আৰু কেনেকৈ এয়া হ’ব সেইটো নিৰ্ণয় কৰাটো আমাৰ কাম।

বন্ধুসকল,

আপোনালোক সকলোৱে দেখিছে যে আজি মানুহ পুষ্টিৰ প্ৰতি অধিক সচেতন হৈ পৰিছে। সেয়েহে উদ্যান শস্য, দুগ্ধ আৰু মীনজাতীয় সামগ্ৰীৰ বৰ্ধিত চাহিদা বিবেচনা কৰি এই খণ্ডসমূহত যথেষ্ট বিনিয়োগ কৰা হৈছে। ফলমূল আৰু শাক-পাচলিৰ উৎপাদন বৃদ্ধিৰ বাবে বহু কাৰ্যসূচী চলি আছে। বিহাৰতো মখানা ব’ৰ্ড গঠনৰ কথা ঘোষণা কৰা হৈছে। মই আপোনালোক সকলো অংশীদাৰক আহ্বান জনাইছোঁ যে বৈচিত্ৰ্যময় পুষ্টিকৰ খাদ্যৰ প্ৰচাৰৰ বাবে নতুন নতুন পথ বিচাৰি উলিয়াওক। এনে পুষ্টিকৰ খাদ্য সামগ্ৰী দেশৰ চুক-কোণত আৰু বিশ্বৰ বজাৰত সুলভ হ’ব লাগে।

 

বন্ধুসকল,

২০১৯ চনত আমি আৰম্ভ কৰিছিলোঁ পিএম মৎস্য সম্পদ যোজনা। এই খণ্ডৰ মূল্য শৃংখল শক্তিশালী, আন্তঃগাঁথনি সৃষ্টি আৰু আধুনিকীকৰণৰ দিশত এয়া আছিল এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ ফলত মীন পালনৰ ক্ষেত্ৰত উৎপাদন, উৎপাদনশীলতা আৰু চপোৱাৰ পিছৰ ব্যৱস্থাপনা উন্নত হোৱাত সহায়ক হৈছিল। বিগত বছৰবোৰতো কেইবাখনো আঁচনিৰ জৰিয়তে এই খণ্ডত বিনিয়োগ বৃদ্ধি কৰা হৈছিল, যাৰ ফল আজি আমাৰ সন্মুখত আছে। আজি মাছৰ উৎপাদন দুগুণ হৈছে, আমাৰ ৰপ্তানিও দুগুণ হৈছে। আমাৰ প্ৰচেষ্টা ভাৰতীয় একচেটিয়া অৰ্থনৈতিক মণ্ডল আৰু মুকলি সাগৰৰ পৰা বহনক্ষম মীন পালনক প্ৰসাৰিত কৰা। ইয়াৰ বাবে এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰা হ’ব। মই বিচাৰোঁ যে আপোনালোক সকলোৱে এই খণ্ডত ইজ অৱ ডুইং বিজনেছক প্ৰসাৰিত কৰিব পৰা ধাৰণাসমূহৰ ওপৰত চিন্তা-চৰ্চা কৰক, আৰু ইয়াৰ ওপৰত যিমান সোনকালে পাৰি কাম আৰম্ভ কৰক। ইয়াৰ লগতে আমি আমাৰ পৰম্পৰাগত মাছমৰীয়া বন্ধুসকলৰ স্বাৰ্থৰ সুৰক্ষাও নিশ্চিত কৰিব লাগিব।

বন্ধুসকল,

গ্ৰাম্য অৰ্থনীতি সমৃদ্ধিশালী কৰাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰাম্য, এই আঁচনিৰ অধীনত কোটি কোটি দৰিদ্ৰ লোকক ঘৰ দিয়া হৈছে, মালিকীস্বত্ব আঁচনিৰ জৰিয়তে সম্পত্তিৰ মালিকক ‘Record of Rights’ দিয়া হৈছে। আমি আত্মসহায়ক গোটসমূহৰ অৰ্থনৈতিক শক্তি বৃদ্ধি কৰিছোঁ আৰু তেওঁলোকক সহায় বৃদ্ধি কৰিছোঁ। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ দ্বাৰা ক্ষুদ্ৰ কৃষক আৰু ব্যৱসায়ীসকল উপকৃত হৈছে। আমি ৩ কোটি লাখপতি দিদি সৃষ্টিৰ লক্ষ্য ৰাখিছোঁ। আমাৰ প্ৰচেষ্টাৰ বাবে ডেৰকোটিতকৈও অধিক ভগ্নী লাখপতি দিদি হৈছে। এই বাজেটত গ্ৰাম্য সমৃদ্ধি আৰু উন্নয়ন কাৰ্যসূচীৰ ঘোষণাই বহু নতুন কৰ্মসংস্থাপনৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে। দক্ষতা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিনিয়োগে নতুন সুযোগৰ সৃষ্টি কৰিছে। চলি থকা আঁচনিসমূহক কেনেকৈ অধিক ফলপ্ৰসূ কৰিব পাৰি সেই বিষয়ে আপোনালোক সকলোৱে এই বিষয়সমূহৰ ওপৰত আলোচনা কৰিব লাগিব। এই দিশত আপোনালোকৰ পৰামৰ্শ আৰু অৱদানে নিশ্চিতভাৱে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। আমাৰ সকলোৰে সক্ৰিয় অংশগ্ৰহণেৰেহে গাঁও সৱল হ’ব, গ্ৰাম্য পৰিয়াল সবল হ’ব। আৰু মই বিশ্বাস কৰোঁ যে এই ৱেবিনাৰখন সঁচাকৈয়ে যিমান পাৰি সোনকালে, কম সময়ৰ ভিতৰতে, সম্ভৱপৰ উত্তম পদ্ধতিৰে বাজেট ৰূপায়ণৰ আৰু সেয়াও আপোনালোক সকলোৰে সহযোগিতা আৰু পৰামৰ্শৰে কৰাৰ, এতিয়া এনেকুৱা নহওক যে এই ৱেবিনাৰত বাজেট নতুন বনোৱাৰ বিষয়ে আলোচনা হওক। এতিয়া এই বাজেট ইতিমধ্যে প্ৰস্তুত হৈছে, এতিয়া এই পৰিকল্পনা ইতিমধ্যে আহিছে। এতিয়া আমাৰ সকলো মনোযোগ কৰ্মৰ ওপৰত হ’ব লাগে। কাৰ্য্যত কি কি অসুবিধা, কি কি অভাৱ, কেনেধৰণৰ পৰিৱৰ্তনৰ প্ৰয়োজন, সেইবোৰৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। তেতিয়াহে এই ৱেবিনাৰ ফলপ্ৰসূ হ’ব। নহ’লে আজি যদি আমি এবছৰৰ পাছত আহিবলগীয়া বাজেটখনৰ বিষয়ে আলোচনা কৰোঁ, তেতিয়াহ’লে এতিয়া যি হৈছে তাৰ লাভ আমি নাপাম৷ আৰু সেইবাবেই মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ যে যি বাজেট আহিছে, সেই বাজেটৰ সৈতে আমি এবছৰত লক্ষ্যত উপনীত হ’ব লাগিব, আৰু ইয়াত কেৱল চৰকাৰেই নহয়, এই খণ্ডৰ সকলো অংশীদাৰে এটা দিশত, এটা মত লৈ, এটা লক্ষ্যৰে আগবাঢ়িব লাগে। এই এটা আশাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi reviews projects with investment of Rs 30,000 crore under PRAGATI meeting

Media Coverage

PM Modi reviews projects with investment of Rs 30,000 crore under PRAGATI meeting
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on mutual learning and listening
August 26, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting the virtues of mutual learning and listening. He remarked that those who are eager to learn and listen to one another are praised by the wise are free from selfish pursuits and ulterior motives, and they prosper in happiness in every way:

"ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम्।

विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्वशः॥"

The Prime Minister posted on X:

ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम्।

विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्वशः॥