Artificial Intelligence marks a transformative chapter in human history: PM
We must democratise AI; It must become a tool for inclusion and empowerment, particularly for the Global South: PM
PM outlines the M.A.N.A.V. vision for AI - Moral and Ethical Systems, Accountable Governance, National Sovereignty, Accessible and Inclusive, Valid and Legitimate
We are entering an era where humans and intelligent systems co-create, co-work and co-evolve; AI will make our work smarter, more efficient and more impactful: PM
We must develop a collective resolve of AI for Global Common Good: PM
In AI, India sees opportunity and the blueprint of tomorrow: PM

সন্মানীয় মন্ত্ৰীসকল, উদ্যোগ জগতৰ নেতাসকল, উদ্ভাৱকসকল, উদ্যোগীসকল, গৱেষকসকল, প্ৰতিনিধিসকল তথা ভদ্ৰ মহিলা আৰু পুৰুষসকল! নমস্কাৰ!

বিশ্বৰ সৰ্ববৃহৎ আৰু ঐতিহাসিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো। এই সন্মিলন অনুষ্ঠিত হোৱা ভাৰতে মানৱতাৰ এক ষষ্ঠাংশক প্ৰতিনিধিত্ব কৰে। বিশ্বৰ সৰ্ববৃহৎ যুৱ জনসংখ্যাৰ বাসস্থান ভাৰতত সৰ্ববৃহৎ প্ৰযুক্তিগত প্ৰতিভাৰ স্থান, যি সৰ্ববৃহৎ প্ৰযুক্তি-সক্ষম পৰিৱেশ-প্ৰণালীৰ উদাহৰণ। ভাৰতে নতুন প্ৰযুক্তিও সৃষ্টি কৰে আৰু অভূতপূৰ্ব দ্ৰুততাৰে ইয়াক গ্ৰহণ কৰে। নতুন প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী ১.৪০ কোটি ভাৰতীয়ৰ ফালৰ পৰা, মই চৰকাৰৰ মুৰব্বীসকল, বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তা পৰিৱেশ-প্ৰণালীৰ নেতাসকল আৰু উদ্ভাৱকসকলক এই সন্মিলনলৈ স্বাগতম জনাইছো।

 

ভাৰতত এই সন্মিলন অনুষ্ঠিত হোৱাটো ভাৰতৰ লগতে সমগ্ৰ গোলকীয় দক্ষিণৰ বাবে গৌৰৱৰ বিষয়। এই সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা জগতৰ কোন কোন ইয়াত আছে। বিশ্বৰ ১০০ৰো অধিক দেশৰ প্ৰতিনিধিত্ব আৰু বিশ্বৰ প্ৰতিটো কোণৰ পৰা ইয়ালৈ অহা গণ্যমান্য ব্যক্তিসকলে ইয়াৰ সফলতাক নতুন উচ্চতালৈ লৈ গৈছে। ইয়াত আমি দেখা পোৱা যুৱ প্ৰজন্মৰ উপস্থিতিয়ে এক নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰিছে। সাধাৰণতে নতুন প্ৰযুক্তিৰ বিষয়ে কিছু প্ৰাৰম্ভিক সন্দেহ আছে, কিন্তু বিশ্বৰ যুৱ প্ৰজন্মই যি গতি আৰু আত্মবিশ্বাসৰে কৃত্ৰিম বুদ্ধিমত্তা গ্ৰহণ কৰিছে, ইয়াৰ স্বত্বাধিকাৰ গ্ৰহণ কৰিছে, কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিছে, সেয়া অভূতপূৰ্ব। ইয়াত কৃত্ৰিম বুদ্ধিমত্তা সন্মিলন প্ৰদৰ্শনীক লৈও যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে। বিশেষকৈ যুৱ প্ৰতিভা বৃহৎ সংখ্যাত আহিছে। ইয়াত উপস্থাপন কৰা সমাধানসমূহ এই ক্ষেত্ৰত 'মেড ইন ইণ্ডিয়া’ৰ শক্তি আৰু কৃষি, নিৰাপত্তা, বিশেষভাৱে সক্ষম  লোকসকলক সহায় কৰা, বহুভাষিক জনসংখ্যাৰ সৈতে সম্পৰ্কিত ভাৰতৰ উদ্ভাৱনীমূলক সামৰ্থ্যৰ এক উত্তম উদাহৰণ।

 

বন্ধুসকল,

মানৱ ইতিহাসত প্ৰতি কেইবা শতিকাৰ মূৰে মূৰে এটা পৰিৱৰ্তন বিন্দু আহে আৰু সেই পৰিৱৰ্তনে সভ্যতাৰ গতিপথ পুনৰ নিৰ্ধাৰণ কৰে। ইয়াৰ পৰাই বিকাশৰ গতি সলনি হয়, চিন্তা, বোধগম্যতা আৰু অভিনয়ৰ দৃষ্টান্ত সলনি হয়। আকৰ্ষণীয়ভাৱে, যেতিয়া আমি পৰিৱৰ্তনৰ সেই পৰ্যায়ত থাকো, আমি ইয়াৰ প্ৰকৃত প্ৰভাৱৰ বিষয়ে ধাৰণাও নাপাওঁ। যেতিয়া শিলবোৰৰ পৰা প্ৰথমবাৰৰ বাবে স্ফুলিঙ্গ ওলাইছিল, তেতিয়া কোনেও ভবা নাছিল যে সেই একেই স্ফুলিঙ্গ সভ্যতাৰ ভেটি হৈ পৰিব। যেতিয়া উপভাষাটো প্ৰথমবাৰৰ বাবে এখন লিপিলৈ ৰূপান্তৰিত কৰা হৈছিল, তেতিয়া কোনেও নাজানিছিল যে লিখিত জ্ঞানে ভৱিষ্যতৰ ব্যৱস্থাৰ মেৰুদণ্ড গঠন কৰিব। যেতিয়া সংকেতবোৰ প্ৰথমবাৰৰ বাবে তাঁৰবিহীনভাৱে প্ৰেৰণ কৰা হৈছিল, তেতিয়া কোনেও কল্পনা কৰা নাছিল যে এদিন সমগ্ৰ বিশ্ব বাস্তৱ-সময়ত সংযুক্ত হ'ব।

 

বন্ধুসকল,

কৃত্ৰিম বুদ্ধিমত্তা হৈছে মানৱ ইতিহাসৰ এনেকুৱাই এক পৰিৱৰ্তন। আজি আমি যি দেখিছোঁ, আমি যি ভৱিষ্যদ্বাণী কৰিছো, সেয়া ইয়াৰ প্ৰভাৱৰ এটা প্ৰাৰম্ভিক ইংগিতহে। কৃত্ৰিম বুদ্ধিমত্তাই যন্ত্ৰবোৰক বুদ্ধিমান কৰি তুলিছে, কিন্তু তাতকৈও বেছি, মানুহৰ সামৰ্থ্য বহুগুণে বৃদ্ধি কৰিছে। পাৰ্থক্য মাত্ৰ এটা, এইবাৰ গতিও অভূতপূৰ্ব আৰু মাপটোও অপ্ৰত্যাশিত। আগতে, প্ৰযুক্তিৰ প্ৰভাৱ দেখুৱাবলৈ কেইবা দশক সময় লাগিছিল, আজি যন্ত্ৰ শিক্ষণৰ পৰা শিক্ষণ যন্ত্ৰলৈ যাত্ৰা দ্ৰুত, গভীৰ আৰু বিস্তৃত। সেয়েহে, আমি দৃষ্টিভংগীক ডাঙৰ আৰু দায়িত্বকো সমানে ডাঙৰ কৰি ৰাখিব লাগিব। বৰ্তমান প্ৰজন্মৰ লগতে, আমি ভৱিষ্যত প্ৰজন্মলৈ কি ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তা প্ৰেৰণ কৰিম সেই বিষয়েও চিন্তা কৰিব লাগিব। সেয়েহে, আজিৰ প্ৰকৃত প্ৰশ্নটো ভৱিষ্যতে কৃত্ৰিম বুদ্ধিমত্তাই কি কৰিব পাৰে সেইটো নহয়, প্ৰশ্নটো হ'ল আমি বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে কি কৰিম। এনে ধৰণৰ প্ৰশ্নবোৰ আগতেও উত্থাপিত হৈছে। ইয়াৰ সবাতোকৈ শক্তিশালী উদাহৰণ হ’ল পাৰমাণৱিক শক্তি, আমি ইয়াৰ ধ্বংস দেখিছো আৰু আমি ইয়াৰ ইতিবাচক অৱদান দেখিছো। কৃত্ৰিম বুদ্ধিমত্তাও এক পৰিৱৰ্তনশীল শক্তি। দিশহীনতা হৈছে এক ব্যাঘাত, সঠিক দিশ হৈছে এক সমাধান। কৃত্ৰিম বুদ্ধিমত্তাক কেনেকৈ যন্ত্ৰ-কেন্দ্ৰিকৰ পৰা মানৱ-কেন্দ্ৰিক কৰি তুলিব পাৰি, ইয়াক কেনেদৰে সংবেদনশীল আৰু প্ৰতিক্ৰিয়াশীল কৰি তুলিব পাৰি সেয়া হৈছে এই বিশ্ব কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনৰ মূল উদ্দেশ্য।

 

বন্ধুসকল,

সন্মিলনখনৰ বিষয়বস্তু হৈছে ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাক কেনেদৰে প্ৰত্যক্ষ কৰে তাৰ স্পষ্ট প্ৰতিফলন-সৰ্বজন হিতে, সৰ্বজন সুখে! সকলোৰে কল্যাণ, সকলোৰে সুখ। এয়া আমাৰ মান। কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে, মানুহ কেৱল তথ্য বিন্দু হ’ব নালাগে, মানুহ কেৱল কেঁচা সামগ্ৰীৰ মাজতে সীমাবদ্ধ থাকিব নালাগে, সেয়েহে কৃত্ৰিম বুদ্ধিমত্তাক গণতান্ত্ৰিক কৰিব লাগিব। ই অন্তৰ্ভুক্তি আৰু সবলীকৰণৰ বাবে এক বাহন হ'ব লাগিব, বিশেষকৈ গোলকীয় দক্ষিণত।

বন্ধুসকল,

আমি কৃত্ৰিম বুদ্ধিমত্তাক মুকলি আকাশ দিব লাগিব আৰু আদেশ আমাৰ হাতত ৰাখিব লাগিব। জি পি এছ-ব্যৱস্থাত এনেকুৱা হয়। জি পি এছ-এ আমাক পথৰ পৰামৰ্শ দিয়ে, কিন্তু কোন দিশত যাব লাগে তাৰ চূড়ান্ত সিদ্ধান্ত আমাৰ হাতত থাকে। আজি আমি কৃত্ৰিম বুদ্ধিমত্তাক যিটো দিশত গ্ৰহণ কৰিছো, সেই দিশটোৱে আমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব।

বন্ধুসকল,

আজি নতুন দিল্লীৰ কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত মই কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে এম এ এন এ ভি (MANAV)ৰ দৃ্ষ্টিভঙ্গী উপস্থাপন কৰিছো। মানৱ দৃ্ষ্টিভঙ্গী হৈছে- এম(M)-সদাচাৰ আৰু নৈতিক প্ৰণালী, অৰ্থাৎ নৈতিক নিৰ্দেশনাৰ ওপৰত আধাৰিত কৃত্ৰিম বুদ্ধিমত্তা বুলি কয়। এ (A)-দায়বদ্ধ প্ৰশাসন, অৰ্থাৎ স্বচ্ছ নিয়ম, শক্তিশালী নিৰীক্ষণ। এন(N)-ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব অৰ্থাৎ তথ্যৰ অধিকাৰ। এ (A)-সুগম্য আৰু অন্তৰ্ভুক্তিমূলক অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা একচেটিয়া নহয়, বহুগুণিত হৈ পৰে। ভি (V)-বৈধ আৰু ন্যয়সংগত অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা বৈধ আৰু পৰীক্ষা কৰিব পৰা। ভাৰতৰ এই 'মানৱ' দৃষ্টিভংগী একবিংশ শতিকাৰ কৃত্ৰিম বুদ্ধিমত্তা-আধাৰিত বিশ্বত মানৱতাৰ কল্যাণৰ মূল চাবিকাঠি হ'ব।

বন্ধুসকল,

যেতিয়া ইণ্টাৰনেট কেইবা দশকৰো আগতে আৰম্ভ হৈছিল, তেতিয়া কোনেও কল্পনা কৰিব পৰা নাছিল যে ই কিমান চাকৰিৰ সৃষ্টি কৰিব, যিটো কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰতো একেই। আজি, সমাগত সময়ত এই ক্ষেত্ৰত কি ধৰণৰ চাকৰি সৃষ্টি হ'ব সেয়া কল্পনা কৰাটো কঠিন। কৃত্ৰিম বুদ্ধিমত্তাৰ কামৰ ভৱিষ্যত পূৰ্ব-নিৰ্ধাৰিত নহয়, ই আমাৰ সিদ্ধান্তৰ ওপৰত, আমাৰ পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰিব। মই ভাবো যে কামৰ ভৱিষ্যত আমাৰ বাবে এক নতুন সুযোগ। এয়া হৈছে মানুহ আৰু বুদ্ধিমান প্ৰণালীৰ সৈতে একেলগে কাম কৰাৰ যুগ। আমি এনে এটা যুগত প্ৰৱেশ কৰিছো যত মানুহ আৰু বুদ্ধিমান প্ৰণালীবোৰে একেলগে-সৃষ্টি কৰে, একেলগে-কাম কৰে আৰু একেলগে-বিকশিত হয়। কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ কামক অধিক স্মাৰ্ট, দক্ষ আৰু প্ৰভাৱশালী কৰি তুলিব। আমি ভালদৰে ডিজাইন কৰিম, দ্ৰুতগতিত নিৰ্মাণ কৰিম আৰু উন্নত সিদ্ধান্ত ল'ম। ই অধিক সংখ্যক লোকক উচ্চ মূল্য, সৃষ্টিশীল আৰু অৰ্থপূৰ্ণ ভূমিকাও প্ৰদান কৰিব। উদ্ভাৱন, উদ্যোগশীলতা আৰু নতুন উদ্যোগৰ বাবে এয়া এক বৃহৎ সুযোগ। সেয়েহে, আমি দক্ষতা, পুনৰ দক্ষতা আৰু জীৱনজোৰা শিক্ষণক এক গণ আন্দোলন হিচাপে গঢ়ি তুলিব লাগিব।

 

বন্ধুসকল,

কামৰ ভৱিষ্যত অন্তৰ্ভুক্তিমূলক, বিশ্বাসী আৰু মানৱ-কেন্দ্ৰিক হ’ব। যদি আমি একেলগে আগবাঢ়ি যাওঁ, কৃত্ৰিম বুদ্ধিমত্তাই সমগ্ৰ মানৱ সমাজৰ ক্ষমতাক নতুন উচ্চতালৈ লৈ যাব।

বন্ধুসকল,

কোৱা হয় যে সূৰ্য্যৰ পোহৰ হৈছে সৰ্বশ্ৰেষ্ঠ জীবাণুনাশক, অৰ্থাৎ পাৰদৰ্শিতাই হৈছে সৰ্বশ্ৰেষ্ঠ সুৰক্ষা। কিছুমান দেশ আৰু কোম্পানীয়ে বিশ্বাস কৰে যে কৃত্ৰিম বুদ্ধিমত্তা হৈছে এক "কৌশলগত সম্পদ", সেয়েহে ইয়াক গোপনীয়ভাৱে বিকশিত কৰা উচিত, কিন্তু ভাৰতৰ চিন্তাধাৰা বেলেগ। আমি বিশ্বাস কৰোঁ যে কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে প্ৰযুক্তি বিশ্বৰ বাবে তেতিয়াহে লাভজনক হ'ব যেতিয়া ইয়াক শ্বেয়াৰ কৰা হ'ব, যেতিয়া ক'ডবোৰ খোলা হ'ব আৰু শ্বেয়াৰ কৰা হ'ব, তেতিয়াহে আমাৰ লাখ লাখ যুৱ মনবোৰে তেওঁলোকক উন্নত আৰু সুৰক্ষিত কৰি তুলিব পাৰিব। সেয়েহে, আমি সংকল্প লওঁ যে কৃত্ৰিম বুদ্ধিমত্তাক এক বিশ্বজনীন কল্যাণৰ হকে বিকশিত কৰা হ'ব।

বন্ধুসকল,

আজিৰ এটা অতি ডাঙৰ প্ৰয়োজন হৈছে গোলকীয় মান সৃষ্টি কৰা। ডিপ ফেক আৰু মনোগ্ৰাহী সমলসমূহে মুক্ত সমাজক অস্থিৰ কৰি তুলিছে। ভৌতিক পৃথিৱীত আমি খাদ্যত পুষ্টিৰ লেবেল দেখিছোঁ, সেয়েহে আমি জানো যে আমি কি খাওঁ। একেদৰে, ডিজিটেল পৃথিৱীৰ সমলবোৰতো প্ৰমাণীকৰণ লেবেল থাকিব লাগে, যাতে মানুহে জানিব পাৰে যে প্ৰকৃত কি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে কি সৃষ্টি কৰা হৈছে। যিহেতু কৃত্ৰিম বুদ্ধিমত্তাই অধিক লিখনী, ছবি আৰু ভিডিঅ’ সৃষ্টি কৰে, সেয়েহে এই উদ্যোগত ৱাটাৰ মাৰ্কিং আৰু স্পষ্ট উৎসৰ মানৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। সেয়েহে, এই বিশ্বাস আৰম্ভণিৰে পৰাই প্ৰযুক্তিৰ সৈতে অন্তৰ্ভুক্ত হোৱাটো গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

আমি শিশুৰ সুৰক্ষাৰ প্ৰতি অধিক সচেতন হ'ব লাগিব। বিদ্যালয়ৰ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰাৰ দৰেই কৃত্ৰিম বুদ্ধিমত্তাৰ স্থানো শিশু-সুৰক্ষিত আৰু পৰিয়াল-নিৰ্দেশিত হ’ব লাগে।

বন্ধুসকল,

আজি বিশ্বত দুই ধৰণৰ লোক আছে, এজন যিয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ভীতিগ্ৰস্ত হয়, তেওঁলোকে সদায় একেই কথা কয় আৰু আনজন হৈছে যিয়ে কৃত্ৰিম বুদ্ধিমত্তাত ভাগ্য দেখে।

 

বন্ধুসকল,

মই এইটো দায়িত্বৰে কৈছোঁ, মই ইয়াক গৌৰৱেৰে কৈছোঁ, আমি ভয় নকৰোঁ, ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাত ভাগ্য দেখে, ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাত ভৱিষ্যত দেখে। আমাৰ প্ৰতিভা, শক্তি ক্ষমতা আৰু নীতিৰ স্পষ্টতা আছে। মই আপোনালোকক ক’বলৈ পাই সুখী যে এই সন্মিলনত ৩টা ভাৰতীয় কোম্পানীয়ে তেওঁলোকৰ কৃত্ৰিম বুদ্ধিমত্তাৰ মডেল আৰু এপ মুকলি কৰিছে। এই মডেলসমূহে আমাৰ যুৱক-যুৱতীসকলৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে ভাৰতে আগবঢ়োৱা সমাধানসমূহৰ গভীৰতা আৰু বৈচিত্ৰ্যৰ প্ৰতিফলন ঘটায়।

 

বন্ধুসকল,

ভাৰতে ছেমি-কণ্ডাক্টৰ আৰু চিপ নিৰ্মাণৰ পৰা কোৱাণ্টাম কম্পিউটিংলৈকে এক স্থিতিস্থাপক পৰিৱেশ-প্ৰণালী গঢ়ি তুলিছে। সুৰক্ষিত তথ্য কেন্দ্ৰ, শক্তিশালী তথ্য প্ৰযুক্তিৰ মেৰুদণ্ড, গতিশীল ষ্টাৰ্টআপ পৰিৱেশ-প্ৰণালীয়ে ভাৰতক সুলভ, পৰিসৰযোগ্য আৰু সুৰক্ষিত কৃত্ৰিম বুদ্ধিমত্তা সমাধানৰ এক প্ৰাকৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। ভাৰততো বৈচিত্ৰ্য, জনগাঁথনি আৰু গণতন্ত্ৰ আছে। ভাৰতত সফল হোৱা কৃত্ৰিম বুদ্ধিমত্তাৰ মডেলটো বিশ্বব্যাপী প্ৰয়োগ কৰিব পাৰি। সেয়েহে, মই আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো- ভাৰতত ডিজাইন আৰু বিকাশ কৰক। পৃথিৱীলৈ প্ৰেৰণ কৰক। মানৱজাতিক প্ৰদান কৰক। আকৌ এবাৰ আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনালোঁ।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nagaland gets its first natural gas supply via National Gas Grid

Media Coverage

Nagaland gets its first natural gas supply via National Gas Grid
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves a road upgradation project in Bihar at a total capital cost of Rs.3590.73 crore
August 19, 2026

The Cabinet Committee on Economic Affairs, chaired by the Prime Minister Shri Narendra Modi, today has approved the Upgradation of the Muzaffarpur-Sitamarhi-Sonbarsa Section of NH-22 to four-Lane Standard in Bihar. The project will be developed on Hybrid Annuity Mode (HAM) at a total capital cost of Rs.3590.73 crore with a total length of 82.578 km.

The proposed project holds significant strategic and economic relevance due to its integration with Bihar’s expanding National Highway network. It acts as a key feeder corridor connecting the India–Nepal border at Sonbarsa with economic centers like Muzaffarpur at NH-27 (East–West Corridor). The project will significantly reduce congestion in densely populated areas of Muzaffarpur, Muksudpur, Runni Saidpur, Thumma, Dumra, Bhutahi, and Sonbarsa.

The project is expected to enable faster and safer movement of passengers and freight, improve travel efficiency and strengthen regional connectivity. It has been designed for a speed of 100 kmph with an average speed of 80 kmph, having no at-grade median openings, ensuring fast and safe travel.

Planned in accordance with the principles of the PM GatiShakti National Master Plan, the project will enhance multimodal integration by improving connectivity to key economic, social and logistics nodes, including industrial areas and major railway stations. Improved connectivity will facilitate efficient movement of goods and agricultural supply chains, support regional economic growth, and provide better access to important cultural and religious destinations such as the Buddhist Circuit and historic Janaki Punaura Dham Temple, Sitamarhi.

The Muzaffarpur–Sitamarhi–Sonbarsa stretch of NH-22 holds significant strategic and economic relevance, ensuring seamless linkage to the national freight grid. It is in synergy with existing corridors such as NH-31 and NH-122 enhances connectivity to industrial zones like Barauni and riverine logistics hubs along the Ganga It also enhances cross-border passenger and cargo movement via the nearby Land Port at Bhithamore.

In addition, the project has provision for seven Major Bridges (including a 340m long major bridge over the perennial Bagmati River), three Railway Over Bridges (ROBs), and two Flyovers (1170m & 270m) to maintain cross movement of the traffic and ensure safe, high-speed travel.

The project will increase average travel speeds, reduce travel time, and improve overall road safety, fuel efficiency, and vehicle operating costs, thereby enhancing regional mobility and socio-economic development.

The project provides seamless connectivity to key economic, social, and logistics nodes across Bihar. Additionally, the upgraded corridor will enhance connectivity to five PM Gati-Shakti Economic Nodes (four Industrial Estates and one Mega Food park), four Social Nodes (Baba Garibnath Temple, Mata Janki Temple, Punaura Dham, Muzaffarpur & Sitamarhi aspirational Districts), and two Logistic Nodes (Muzaffarpur & Sitamarhi Railway Stations), thereby facilitating faster movement of goods and passengers across the region.