ভাৰতৰ জি-২০ সন্মিলনক লৈ ৪ পাব্লিকেচন উন্মোচন
“যুৱক-যুৱতীসকল আগুৱাই অহা মাত্ৰেকে এনে অনুষ্ঠানৰ সফলতা নিশ্চিত”
“যোৱা ৩০ দিনত প্ৰতিটো ক্ষেত্ৰতে অভূতপূৰ্ব কাৰ্য্যকলাপ দেখা গ’ল। ভাৰতৰ সফলতা অতুলনীয়”
“সৰ্বসন্মতি সম্পন্ন নতুন দিল্লী ঘোষণাক লৈ সমগ্ৰ বিশ্বতে চৰ্চা হৈছে”
“শক্তিশালী কূটনৈতিক প্ৰচেষ্টাৰ ফলশ্ৰুতিত ভাৰতে নতুন সুযোগ, নতুন বন্ধু আৰু নতুন বজাৰ লাভ কৰিছে, যুৱক-যুৱতীসকলক নতুন সুযোগ প্ৰদান কৰিছে”
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ এনে সফলতাৰ কৃতিত্ব ৰাষ্ট্ৰখনৰ যুৱ-সমাজৰ শক্তি বুলি কয়।
প্ৰধানমন্ত্ৰী মোদীয়ে নতুন সংসদ ভৱনৰ উদ্বোধনী অধিৱেশনৰ কথাও উল্লেখেৰে ইয়াত প্ৰথমখন বিধেয়ক নাৰীশক্তি বন্দন অধিনিয়ম গৃহীত হোৱাৰ কথা দোহাৰে।
ভৌতিক আন্তঃগাঁথনিত ১০ লাখ কোটি টকাৰ বিনিয়োগ দেখা গৈছে”, তেখেতে লগতে কয়।
“মোৰ শক্তি ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত নিহিত হৈ আছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে ভাৰতৰ যুৱক-যুৱতীসকলৰ উন্নত ভৱিষ্যতৰ বাবে অক্লান্তভাৱে কাম কৰাৰ আশ্বাস প্ৰদান কৰে
তেখেতে ভাৰতক শীৰ্ষ তিনি অৰ্থনীতিলৈ নিয়াৰ নিশ্চয়তা পুনৰ উল্লেখেৰে কয়, “সেইবাবেই মোক মা ভাৰতীৰ বাবে আৰু ১৪০ কোটি ভাৰতীয়ৰ বাবে আপোনালোকৰ সমৰ্থন আৰু সহযোগিতাৰ প্ৰয়োজন।”

দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক, বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু মোৰ ডেকা বন্ধুসকল! আজি ভাৰত মণ্ডপামত উপস্থিত থকাতকৈ অধিক লোক আমাৰ সৈতে অনলাইন সংযোগত আছে। এই অনুষ্ঠান 'জি-২০ ইউনিভাৰ্চিটি কানেক্ট'লৈ সকলোকে আদৰণি জনাইছো আৰু সকলো যুৱক-যুৱতীলৈ অভিনন্দন জনাইছো।

বন্ধুসকল,

দুসপ্তাহৰ আগতে এই একেখন ভাৰত মণ্ডপমতে যথেষ্ট ক্ৰিয়া-কলাপ চলিছিল। এই ভাৰত মণ্ডপমটো একেবাৰে ‘চৰ্চাৰ কেন্দ্ৰবিন্দু’ত পৰিণত হৈছিল। আৰু মই আনন্দিত যে আজি মোৰ ভৱিষ্যতৰ ভাৰতখন একেটা ভাৰত মণ্ডপমত উপস্থিত হৈছে। ভাৰতে জি-২০ অনুষ্ঠানটোক কিমান উচ্চতালৈ লৈ গৈছে সেয়া দেখি বিশ্বই সঁচাকৈয়ে চমকিত হৈছে। কিন্তু সঁচা কথা ক’বলৈ গ’লে, মই একেবাৰে আচৰিত হোৱা নাই। হয়তো আপুনি ভাবিছে যে ইয়াৰ অপ্ৰতীম ভৱিষ্যৎ সত্ত্বেও মই কিয় আচৰিত হোৱা নাই? কাৰণ কি জানেনে? কাৰণ আপোনাৰ দৰে যুৱ ছাত্ৰ-ছাত্ৰীয়ে যদি কাৰ্যসূচীটো সফল কৰাৰ দায়িত্ব লয়, এনে অনুষ্ঠানত যদি যুৱক-যুৱতীসকল জড়িত হয়, তেন্তে ই সফল হোৱাটো তেনেই স্বাভাৱিক কথা।

আপোনালোক যুৱক-যুৱতীসকলৰ বাবেই সমগ্ৰ ভাৰত এখন ‘আকৰ্ষণৰ কেন্দ্ৰ’ত পৰিণত হৈছে। আৰু যদিহে আমি কেৱল বিগত ৩০ টা দিনলৈ চাওঁ, তেন্তে চলি থকা কাৰ্য্যকলাপৰ স্তৰটো স্পষ্টকৈ দেখা যায়। মই যেতিয়া ৩০ দিনৰ কথা কওঁ তেতিয়া আপুনিও আপোনাৰ শেষৰ ৩০ টা দিন যোগ কৰি থাকক। লগতে আপোনাৰ বিশ্ববিদ্যালয়ৰো ৩০ টা দিন যোগ কৰক। আৰু বন্ধুসকল, এই ৩০ দিনৰ ভিতৰত আন মানুহবোৰে কৰা প্ৰচেষ্টাবোৰো পাহৰি নাযাব। মোৰ ডেকা বন্ধুসকল, আজি যিহেতু মই আপোনালোকৰ ওচৰলৈ আহিছো, সেয়ে আপোনালোকক মোৰ ৰিপৰ্ট কাৰ্ডো দিছো। যোৱা ৩০ দিনৰ এটা ৰূপৰেখা দিবলৈ বিচাৰিছো। ইয়াৰ পৰা আপুনি নতুন ভাৰতৰ গতি আৰু পৰিসৰ দুয়োটাই জানিব পাৰিব।

 

বন্ধুসকল,

আপোনালোক সকলোৰে ২৩ আগষ্টৰ দিনটো স্পষ্টকৈ মনত আছে, যেতিয়া সকলোৰে হৃৎস্পন্দন তীব্ৰ হৈ পৰিছিল, সকলোৱে বাকী সকলো পাহৰি মিছনটো সফল হোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিল, আৰু আশা কৰিছিল যে একো ভুল নহওক, আপোনালোক সকলোৱলেই প্ৰাৰ্থনা কৰা নাছিল নে? আৰু তাৰ পাছত হঠাৎ সকলোৰে মুখবোৰ পোহৰ হৈ উঠিল; সমগ্ৰ বিশ্বই ভাৰতৰ মাত শুনিলে – ‘ভাৰতে চন্দ্ৰত অৱতৰণ কৰিছে’। ২৩ আগষ্টৰ সেই দিনটো আমাৰ দেশত ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে চিৰন্তন হৈ পৰিল। কিন্তু তাৰ পিছত কি হ’ল? এফালে চন্দ্ৰ অভিযান সফল হ’ল, আনফালে ভাৰতে সৌৰ অভিযান আৰম্ভ কৰিলে। এফালে আমাৰ চন্দ্ৰযানে ৩ লাখ কিলোমিটাৰ যাত্ৰা কৰিলে, আনখনে ১৫ লাখ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব। তোমালোকেই কোৱা, কোনোবাই ভাৰতৰ এনে পৰিসৰক পৰাস্ত কৰিব পাৰিবনে?

বন্ধুসকল,

বিগত ৩০ টা দিনত ভাৰতৰ কূটনীতিয়ে নতুন উচ্চতা লাভ কৰিছে। জি-২০ৰ পূৰ্বে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল ব্ৰিকছ শীৰ্ষ সন্মিলন। ভাৰতৰ কূটনৈতিক প্ৰচেষ্টাৰ বাবেই ৬ খন নতুন দেশে ব্ৰিকছ সমুদায়ত যোগদান কৰিছে। দক্ষিণ আফ্ৰিকাৰ পিছত মই গ্ৰীচ ভ্ৰমণ কৰিলোঁ। বিগত ৪০ বছৰৰ ভিতৰত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ এয়া আছিল প্ৰথম ভ্ৰমণ। আৰু যিমানবোৰ ভাল কাম হৈছে, তাৰ বাবে তোমালোকেই মোক নিযুক্ত কৰিলা। জি-২০ শীৰ্ষ সন্মিলনৰ ঠিক আগতে ইণ্ডোনেছিয়াত বিশ্বৰ কেইবাজনো নেতাৰ সৈতেও মোৰ বৈঠক হৈছিল। ইয়াৰ পিছত জি-২০ সন্মিলনত একেখন ভাৰত মণ্ডপমতেই বিশ্বৰ বাবে ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱা হ’ল।

বন্ধুসকল, আজিৰ মেৰুকৃত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশত ইমানবোৰ দেশক এক মঞ্চত একত্ৰিত কৰাটো কম কথা নহয়। পিকনিকৰ আয়োজন কৰিলেও ক’লৈ যাব সেইটো নিৰ্ণয় কৰাত অসুবিধা হয়। আমাৰ নতুন দিল্লী ঘোষণা (New Delhi Declaration) সন্দৰ্ভত ১০০% চুক্তি আন্তঃৰাষ্ট্ৰীয় শিৰোনামত পৰিণত হৈছে। এই সময়ছোৱাত ভাৰতে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু সিদ্ধান্তৰ নেতৃত্ব দিছে। জি-২০ত কিছু সিদ্ধান্ত লোৱা হৈছে, যিবোৰে একবিংশ শতিকাৰ সমগ্ৰ দিশ সলনি কৰাৰ সম্ভাৱনা আছে। ভাৰতৰ উদ্যোগত আফ্ৰিকান ইউনিয়নে জি-২০ৰ স্থায়ী সদস্য হিচাপে স্থান লাভ কৰিছে। ভাৰতে গ্ল’বেল বায়’ফুৱেলছ এলায়েন্সৰো নেতৃত্ব দিছিল। জি-২০ শীৰ্ষ সন্মিলনতে আমি সকলোৱে মিলি ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ কৰিডৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছো। এই কৰিডৰে বহু মহাদেশক সংযোগ কৰিব। ইয়াৰ ফলত আগন্তুক শতিকাজুৰি বাণিজ্য আৰু পৰ্যটনো বৃদ্ধি পাব।

বন্ধুসকল,

জি-২০ সন্মিলনৰ অন্ত পৰাৰ লগে লগে ছৌদি আৰৱৰ যুৱৰাজে আনুষ্ঠানিকভাৱে দিল্লী ভ্ৰমণ কৰে। ছৌদি আৰবে ভাৰতত ১০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিবলৈ ওলাইছে। আৰু এই সকলোবোৰ কথা বিগত ৩০ টা দিনত ঘটিছে। কেৱল যোৱা ৩০ দিনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে সৰ্বমুঠ ৮৫ গৰাকী বিশ্ব নেতাৰ সৈতে বৈঠকত মিলিত হৈছো। আৰু এইটো পৃথিৱীৰ প্ৰায় আধা অংশই ইয়াত আছিল। আপুনি নিশ্চয় ভাবিছে যে ইয়াৰ পৰা আপোনাৰ কি লাভ হ’ব, নহয়নে? আন দেশৰ সৈতে যেতিয়া ভাৰতৰ সম্পৰ্ক ভাল হয়, যেতিয়া ভাৰতৰ সৈতে নতুন দেশ সংযোগ হয়, তেতিয়া ভাৰতৰ বাবে নতুন নতুন সুযোগৰ সৃষ্টি হয়। আমি নতুন অংশীদাৰ আৰু নতুন বজাৰ পাওঁ। আৰু এই সকলোবোৰৰ পৰা মোৰ দেশৰ নৱপ্ৰজন্ম উপকৃত হয়।

 

বন্ধুসকল,

আপোনালোক সকলোৱে নিশ্চয় ভাবিছে যে যোৱা ৩০ দিনৰ ৰিপৰ্ট কাৰ্ড দিওঁতে মই কেৱল মহাকাশ বিজ্ঞান আৰু বিশ্ব সম্পৰ্কৰ কথা কৈ থাকিম নেকি? ৩০ দিনত কেৱল এইবোৰ কামেই কৰিলোঁ নেকি? সঁচাকৈয়ে নহয়। যোৱা ৩০ দিনত অনুসূচিত জাতি-জনজাতি-অবিচিৰ বাবে, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ সবলীকৰণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে। ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা জয়ন্তীৰ দিনা প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ শুভাৰম্ভ কৰা হয়। এই আঁচনি আমাৰ শিল্পী, দক্ষ শিপিনী আৰু পৰম্পৰাগত কামৰ লগত জড়িত লোকসকলৰ বাবে আগবঢঞোৱা হৈছে। ৰোজগাৰ মেলাৰ আয়োজন কৰি যোৱা ৩০ দিনত এক লাখৰো অধিক যুৱক-যুৱতীক কেন্দ্ৰীয় চৰকাৰৰ অধীনত চৰকাৰী চাকৰি দিয়া হৈছে। এই কাৰ্যসূচী আৰম্ভ হোৱাৰ পৰাই ৬ লাখৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিয়া হৈছে।

এই ৩০ দিনত নতুন সংসদ ভৱনত দেশৰ প্রথমটো সংসদ অধিৱেশনো আপোনালোকে দেখিছে৷ সমগ্ৰ দেশে গৌৰৱ কৰিব পৰা দেশৰ নতুন সংসদ ভৱনত প্ৰথমখন বিধেয়ক গৃহীত কৰাও হৈছে। সংসদে নাৰী শক্তি বন্দন অধিনিয়মৰ জৰিয়তে মহিলা নেতৃত্বাধীন উন্নয়নৰ গুৰুত্ব আনন্দৰে আকোৱালি লৈছে।

বন্ধুসকল,

যোৱা ৩০ দিনতে দেশত বৈদ্যুতিক গতিশীলতা সম্প্ৰসাৰণৰ বাবে আন এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমাৰ চৰকাৰে বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থাক সবলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ আঁচনিত অনুমোদন জনাইছে। কিছুদিন পূৰ্বে আমি দ্বাৰকাত যশোভূমী আন্তৰ্জাতিক অধিৱেশন কেন্দ্ৰ দেশবাসীলৈ উৎসৰ্গা কৰিছো। ক্ৰীড়াত যুৱক-যুৱতীসকলক অধিক সুযোগ প্ৰদান কৰিবলৈ বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলাও স্থাপন কৰিছো। দুদিন আগতে মই ৯ খন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিছিলো। এদিনতে একেলগে ইমানবোৰ আধুনিক ৰে’লৰ প্ৰচলন আমাৰ গতি আৰু পৰিসৰৰ প্ৰমাণ।

এই ৩০ দিনত আমি ভাৰতৰ পেট্ৰ’কেমিকেল খণ্ডত আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছো। মধ্যপ্ৰদেশত অৱস্থিত এটা শোধনাগাৰত এটা পেট্ৰ’কেমিকেল কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰা হৈছে। মধ্যপ্ৰদেশতে নবীকৰণযোগ্য শক্তি, আই টি পাৰ্ক, এখন মেগা ঔদ্যোগিক উদ্যান, আৰু ৬টা নতুন ঔদ্যোগিক এলেকাৰ কাম আৰম্ভ হৈছে। এই তালিকাভুক্ত সকলোবোৰ প্ৰকল্প যুৱক-যুৱতীসকলৰ দক্ষতা আৰু যুৱক-যুৱতীসকলৰ বাবে চাকৰি সৃষ্টিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। এই তালিকাখন ইমানেই দীঘল যে মা্তি থাকিলে ৰাতি পুৱাব। এই ৩০ দিনৰ মোৰ হিচাপ দি আছিলোঁ। এতিয়া আপুনি যোৱা ৩০ দিনত কৰা কামবোৰ যোগ কৰিলেনে? হয়তো আপুনি ক’ব যে আপুনি সৰ্বাধিক দুখন চিনেমা চাইছিল। মোৰ ডেকা বন্ধুসকল, মই এই কথা এইবাবেই কৈছো কাৰণ মোৰ দেশৰ যুৱক-যুৱতীসকলে জানি লোৱা উচিত যে দেশখন কিমান দ্ৰুতগতিত আগবাঢ়িছে আৰু বিভিন্ন দিশত কিমান কাম হৈ আছে।

 

বন্ধুসকল,

য’ত আশাবাদ আছে, য’ত সুযোগ আছে আৰু মুকলি মন আছে তাতেই যুৱক-যুৱতীসকল আগবাঢ়িব পাৰে। বন্ধুসকল, ভাৰত আজি যিদৰে আগবাঢ়িছে, আপোনালোকৰ বাবে ডেউকা মেলি উৰিবলৈ আকাশখন বহলকৈ মুকলি। এই কথা মই আপোনালোকক ক’ব বিচাৰিছো – থিংক বিগ, ডাঙৰকৈ বিশালকৈ চিন্তা কৰা। অৰ্জন কৰিব নোৱাৰা একোৱেই নাই। এনে কোনো লক্ষ্য নাই, যিটো লাভ কৰাত দেশে তোমালোকক সমৰ্থন নকৰে। কোনো সুযোগকে স্বাভাৱিক বুলি নাভাবিবা। বৰঞ্চ সেই সুযোগটোক নতুন মাপকাঠী হিচাপে গঢ়ি তোলাৰ কথা ভাবিবা। আমি এই পদ্ধতিৰে জি-২০ কো ইমান ব্যাপক কৰি তুলিছো। আমিও জি-২০ৰ অধ্যক্ষতাক কেৱল কূটনৈতিক আৰু দিল্লীকেন্দ্ৰিক বিষয় হিচাপে গঢ়ি তুলিব পাৰিলোহেঁতেন। কিন্তু ভাৰতে ইয়াক জনচালিত জাতীয় আন্দোলন কৰি তুলিলে। ভাৰতৰ বৈচিত্ৰ্য, জনগাঁথনি আৰু গণতন্ত্ৰৰ শক্তিয়ে জি-২০ক নতুন উচ্চতালৈ লৈ গ’ল।

৬০ খন চহৰত জি-২০ৰ ২০০ৰো অধিক সভা অনুষ্ঠিত হৈছিল। জি-২০ৰ কাম-কাজত ডেৰ কোটিতকৈ অধিক নাগৰিকে অৰিহণা যোগাইছিল। ইয়াৰ পূৰ্বে কোনো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন নোহোৱা টিয়েৰ-২ আৰু টিয়েৰ-৩ চহৰসমূহেও অপৰিসীম শক্তি দেখুৱাইছিল এই বৈঠকৰ সময়ছোৱাত। আৰু আজিৰ এই অনুষ্ঠানত জি-২০ৰ বাবে আমাৰ যুৱক-যুৱতীসকলক বিশেষভাৱে প্ৰশংসা কৰিব বিচাৰিছো। ইউনিভাৰ্চিটি কানেক্ট কাৰ্যসূচীৰ জৰিয়তে ১০০খনতকৈও অধিক বিশ্ববিদ্যালয় আৰু ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে জি-২০ত অংশগ্ৰহণ কৰিছে। চৰকাৰে জি-২০ লৈ বিদ্যালয়, উচ্চ শিক্ষানুষ্ঠান, দক্ষতা বিকাশ প্ৰতিষ্ঠানত ৫ কোটিতকৈও অধিক ছাত্ৰ-ছাত্ৰীৰ কাষ চাপিছিল। আমাৰ মানুহে ডাঙৰ কথা ভাবিছিল, কিন্তু তেওঁলোকে যি ডেলিভাৰী দিছিল সেয়া আৰু ব্যাপক আছিল।

বন্ধুসকল,

আজি ভাৰত ইয়াৰ ‘অমৃতকাল’ত থিয় হৈছে। এই ‘অমৃতকাল’ তোমালোকৰ দৰে সোণালী প্ৰজন্মৰ। ২০৪৭ চনত আমি দেশৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিম। সেইটো আমাৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হ’ব। ২০৪৭ চনলৈকে সময়ছোৱাতে আপোনাৰ দৰে যুৱক-যুৱতীসকলেও নিজৰ আৰু দেশৰ ভৱিষ্যত গঢ়ি তুলিব। অৰ্থাৎ আগন্তুক ২৫ বছৰ আপোনাৰ জীৱনৰ বাবে যিমান গুৰুত্বপূৰ্ণ সিমানেই দেশৰ বাবেও গুৰুত্বপূৰ্ণ। গতিকে এই সময়ছোৱাত দেশৰ উন্নয়নৰ বহু কাৰক একত্ৰিত হৈছে। ইতিহাসত এই ধৰণৰ সময় আগতে কেতিয়াও অহা নাই, ভৱিষ্যতেও তেনেকুৱা সম্ভাৱনা নাথাকিব, অৰ্থাৎ অতীত বা ভৱিষ্যতেও নাথাকিব। আজি আমি পৃথিৱীৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত হোৱা অৰ্থনীতি। সেয়া জানেনে? সম্ভৱপৰ কম সময়ৰ ভিতৰতে আমি দশম বৃহত্তম অৰ্থনীতিৰ পৰা ৫ম বৃহত্তম অৰ্থনীতিৰ দেশ হ’লোঁ। আজি ভাৰতৰ ওপৰত বিশ্বৰ আস্থা অতি বেছি, আৰু ভাৰতত বিনিয়োগে অভিলেখ সৃষ্টি কৰিছে। আজি ভাৰতৰ উৎপাদন আৰু সেৱা খণ্ডই নতুন উচ্চতা লাভ কৰিছে। আমাৰ ৰপ্তানিয়ে নতুন অভিলেখ সৃষ্টি কৰিছে। মাত্ৰ ৫ বছৰত ১৩.৫ কোটিৰো অধিক লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। তেওঁলোক ভাৰতৰ নব্য মধ্যবিত্ত শ্ৰেণীত পৰিণত হৈছে।

দেশত সামাজিক আন্তঃগাঁথনি, ভৌতিক আন্তঃগাঁথনি আৰু ডিজিটেল আন্তঃগাঁথনিৰ সৃষ্টিৰ ফলত উন্নয়নে অভূতপূৰ্ব গতি ধাৰণ কৰিছে। এইবাৰ ভৌতিক আন্তঃগাঁথনিত ১০ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে আৰু বছৰৰ পিছত বছৰ ধৰি এনে বিনিয়োগ বৃদ্ধি পাইছে। কল্পনা কৰকচোন, ইয়াৰ দ্বাৰা আমাৰ অৰ্থনীতিত কিমান বৃহৎ প্ৰভাৱ পৰিব আৰু কিমান নতুন সুযোগৰ সৃষ্টি হ’ব!

 

বন্ধুসকল,

আপোনালোকৰ দৰে যুৱক-যুৱতীসকলৰ বাবে এই সময়ছোৱা সুযোগৰ সময়। ২০২০ বৰ্ষৰ পিছত প্ৰায় ৫ কোটি লোকে ইপিএফঅ’ পে’ৰোলত যোগদান কৰিছে। ইয়াৰে প্ৰায় ৩.৫ কোটি লোকে প্ৰথমবাৰৰ বাবে ইপিএফঅ’ৰ পৰিসৰৰ অধীনলৈ আহিছে আৰু প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক চাকৰি লাভ কৰিছে। অৰ্থাৎ ভাৰতত আপোনাৰ দৰে যুৱক-যুৱতীসকলৰ বাবে আনুষ্ঠানিক চাকৰিৰ সুযোগ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

২০১৪ চনৰ আগতে আমাৰ দেশত ১০০ টাতকৈও কম ষ্টাৰ্টআপ আছিল। আজি ইয়াৰ সংখ্যাই এক লাখ অতিক্ৰম কৰিলে। ষ্টাৰ্টআপৰ এই ঢৌৱে বহু লোকক কৰ্মসংস্থাপনৰ সুযোগ দিছে। আজি ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাতা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। আজি আমি মোবাইল ফোন ৰপ্তানিকাৰক হৈ পৰিছো। ফলস্বৰূপে বৃহৎ সংখ্যক চাকৰিৰ সুযোগ সৃষ্টি হৈছে। যোৱা কেইবছৰমানৰ পৰা ডিফেন্স মেনুফেকচাৰিঙৰ ক্ষেত্ৰত বিপুল উন্নয়ন হৈছে। ২০১৪ চনৰ তুলনাত প্ৰতিৰক্ষা ৰপ্তানি প্ৰায় ২৩ গুণ বৃদ্ধি পাইছে। যেতিয়া ইমান বৃহৎ পৰিৱৰ্তন ঘটে, তেতিয়া প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰৰ সমগ্ৰ যোগান শৃংখলত বৃহৎ সংখ্যক নতুন চাকৰিৰ সৃষ্টি হয়।

মই জানো যে আমাৰ বহু যুৱ বন্ধুৱে চাকৰি বিচৰাৰ সলনি চাকৰি সৃষ্টিকাৰী হ’ব বিচাৰে। চৰকাৰৰ মুদ্ৰা আঁচনিৰ অধীনত দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে আৰ্থিক সাহায্য লাভ কৰে। আজি ৮ কোটি লোকে প্ৰথমবাৰৰ বাবে উদ্যোগী হিচাপে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছে। বিগত ৯ বছৰত ৫ লাখ কমন চাৰ্ভিচ চেণ্টাৰো মুকলি কৰা হৈছে। এই কেন্দ্ৰসমূহৰ প্ৰতিটোতে ২ৰ পৰা ৫জন লোকে চাকৰি লাভ কৰিছে।

বন্ধুসকল,

এইবোৰ সম্ভৱ হৈছে ভাৰতলৈ অহা ৰাজনৈতিক স্থিতিশীলতা, নীতিৰ স্পষ্টতা আৰু আমাৰ গণতান্ত্ৰিক মূল্যবোধৰ বাবে। যোৱা ৯ বছৰত দুৰ্নীতি নিয়ন্ত্ৰণৰ বাবে আন্তৰিক প্ৰচেষ্টা চলোৱা হৈছে। প্ৰায় দহ বছৰ আগতে আপোনাৰ দৰে বেছিভাগ ছাত্ৰ-ছাত্ৰীৰ বয়স হয়তো ২০১৪ চনত ১০,১২ বা ১৪ বছৰ হ’ব পাৰে। সম্ভৱতঃ সেই সময়ত তেওঁলোকে যিবোৰ দুৰ্নীতিয়ে দেশখন কেনেকৈ ধ্বংস কৰিলে তাৰ সৈতে জড়িত বাতৰি কাকতৰ শিৰোনামবোৰ নুবুজিলেহেঁতেন।

বন্ধুসকল,
আজি মই অতি গৌৰৱেৰে ক’ব পাৰো যে মধ্যভোগী আৰু লিকেজ ৰোধ কৰিবলৈ আমি নতুন প্ৰযুক্তিভিত্তিক ব্যৱস্থা সৃষ্টি কৰিছো। কেইবাটাও সংস্কাৰ আনি সমগ্ৰ ব্যৱস্থাৰ পৰা মধ্যভোগীক নিৰ্মূল কৰি এক স্বচ্ছ ব্যৱস্থাৰ সৃষ্টি কৰা হৈছে। অসাধু লোকক শাস্তি দিয়া হৈছে আৰু সততাৰ পুৰস্কাৰ দিয়া হৈছে। মই আচৰিত হৈছোঁ যে আজিকালি মোৰ বিৰুদ্ধে মোদীয়ে মানুহক জেলত ভৰাইছে বুলি অভিযোগ উত্থাপন হৈছে। তোমালোক মোক কোৱা, যদি দেশৰ ধন চুৰি কৰি লৈছা তেন্তে ক’ত থাকিবা? ক’ত থাকিব লাগে? তেনে লোকক বিচাৰি উলিয়াই জেললৈ পঠিওৱা উচিত নহয়নে? মই তোমালোকৰ ইচ্ছামতেই কাম কৰি আছো নহয়নে? কিছুমান মানুহ অতি বিচলিত হৈয়েই থাকে।

বন্ধুসকল,
উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিবলৈ স্বচ্ছ, স্পষ্ট আৰু সুস্থিৰ শাসন ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ। যদি আপুনি দৃঢ়প্ৰতিজ্ঞ তেন্তে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত, সৰ্বাংগীন আৰু আত্মনিৰ্ভৰশীল দেশ হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে।

বন্ধুসকল,
আমি আৰু এটা কথাও মনত ৰাখিব লাগিব। কেৱল ভাৰতে আপোনাৰ পৰা ভাল কাম কৰাৰ আশা কৰা নাই, সমগ্ৰ বিশ্বই আপোনাৰ ওপৰত নিজৰ আশা পুহি ৰাখিছে। ভাৰত আৰু ইয়াৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনা আৰু কৰ্মক্ষমতা দুয়োটাৰে বিষয়ে বিশ্বই জানিবলৈ লৈছে। এতিয়া তেওঁলোকক ভাৰতৰ পুত্ৰ-কন্যাৰ দক্ষতাৰ কথা ক’ব নালাগে। তেওঁলোকে বুজি পায়, আৰু গ্ৰহণ কৰে।

বিশ্বৰ প্ৰগতিৰ বাবে ভাৰতৰ প্ৰগতি, আৰু ভাৰতৰ যুৱশক্তিৰ প্ৰগতি অতি প্ৰয়োজনীয়। অসম্ভৱ যেন লাগিলেও মই যদি কোনো সংকোচ নোহোৱাকৈ দেশক নিশ্চয়তা দিও, তেন্তে সেয়া মোৰ দেশবাসীৰ শক্তিৰ বাবে দিও, সেয়া আপোনালোকৰ শক্তি সামৰ্থ্যৰ বাবে দিও। যদি মই সেই নিশ্চয়তাবোৰ পূৰণ কৰিব পাৰো, তেন্তে ইয়াৰ আঁৰত আছে আপোনাৰ দৰে যুৱক-যুৱতীসকলৰ শক্তি। যেতিয়া মই বিশ্ব মঞ্চত ভাৰতৰ কাৰ্য্যক শক্তিশালীভাৱে উপস্থাপন কৰিবলৈ সক্ষম হওঁ, তেতিয়া মোৰ প্ৰেৰণা হৈ উঠে মোৰ দেশৰ যুৱশক্তি। সেয়ে ভাৰতৰ যুৱ শক্তিয়েই মোৰ প্ৰকৃত শক্তি; মোৰ সমগ্ৰ শক্তি ইয়াতেই নিহিত হৈ আছে। আৰু মই আপোনালোকক আশ্বাস দিছো যে আপোনালোকৰ উন্নত ভৱিষ্যতৰ বাবে মই দিনে নিশাই কাম কৰি যাম।

 

কিন্তু বন্ধুসকল,

আপোনালোকৰ পৰাও মোৰ বহু আশা আছে। আজি মইও আপোনাৰ পৰা কিবা এটা দাবী কৰিবলৈ বিচাৰিছো। বেয়া নাপাব নিশ্চয়! আপুনি ভাবে নেকি, আপোনাৰ দৰে যুৱক-যুৱতীৰ পৰা কিবা এটা দাবী কৰিবলৈ অহা মই কেনেকুৱা প্ৰধানমন্ত্ৰী? বন্ধুসকল, মই আপোনালোকক নিৰ্বাচনত জয়ী কৰিবলৈ কোৱা নাই। মই আপোনালোকক মোৰ দলত যোগদান কৰিবলৈও নকওঁ।

বন্ধুসকল,

মোৰ বাবে কোনো ব্যক্তিগত এজেণ্ডা নাই; যি আছে সকলো দেশৰ বাবেই। আৰু সেইবাবেই আজি আপোনালোকৰ পৰা কিবা এটা দাবী কৰিছোঁ। দেশৰ বাবে দাবী কৰিছোঁ। স্বচ্ছ ভাৰত অভিযান সফল কৰি তোলাত আপোনালোক যুৱক-যুৱতীসকলে মুখ্য ভূমিকা পালন কৰিছে। কিন্তু স্বচ্ছাগ্ৰহ এদিনীয়া বা দুদিনীয়া অনুষ্ঠান নহয়। এয়া এক অবিৰত প্ৰক্ৰিয়া। আমি এইটো অভ্যাস কৰি তুলিব লাগিব। আৰু সেয়ে ২ অক্টোবৰত পূজ্য বাপুৰ জন্ম বাৰ্ষিকীৰ ঠিক আগতেই ১ অক্টোবৰত সমগ্ৰ দেশতে স্বচ্ছতাৰ সৈতে জড়িত এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিবলৈ ওলাইছো। আপোনালোক সকলো যুৱ বন্ধু-বান্ধৱীকে এই কামত উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এই দাবী পূৰণ কৰিবনে? সঁচাকৈ কৰিবনে? আপোনালোকৰ বিশ্ববিদ্যালয়তো সেয়া অনুষ্ঠিত কৰিব। এটা অঞ্চলৰ সীমা নিৰ্ধাৰণ কৰি সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখিবনে?

মোৰ দ্বিতীয়টো অনুৰোধ ডিজিটেল লেনদেনৰ সন্দৰ্ভত, ইউপিআইৰ সৈতে জড়িত। আজি সমগ্ৰ বিশ্বই ডিজিটেল ভাৰত আৰু ইউ পি আইৰ ইমানেই প্ৰশংসা কৰিছে। এই গৌৰৱৰ অধিকাৰীও আপোনালোক। আপোনালোক সকলোৱে, যুৱ বন্ধুসকলে ইয়াক দ্ৰুতভাৱে গ্ৰহণ কৰিলে আৰু লগতে ফিনটেকত ইয়াৰ সৈতে জড়িত আচৰিত উদ্ভাৱনসমূহো কৰিলে। এতিয়া মোৰ দেশৰ যুৱ সমাজে ইয়াক সম্প্ৰসাৰণ কৰি নতুন দিশ দিয়াৰ দায়িত্ব বহন কৰিব লাগিব। আপুনি নিশ্চিত হ’বনে যে আপুনি এসপ্তাহত কমেও সাতজন লোকক ইউপিআই কেনেকৈ চলাব লাগে, ইউপিআইৰ সৈতে কেনেকৈ কাম কৰিব লাগে, কেনেকৈ ডিজিটেল লেনদেন কৰিব লাগে সেয়া শিকাব? চাওক বন্ধুসকল, চাওতে চাওতে চকুৰ সমূখতে পৰিৱৰ্তন দ্ৰুতগতিত হয়।

বন্ধুসকল,

আপোনালোকলৈ মোৰ তৃতীয় অনুৰোধ Vocal for Local সম্পৰ্কে। বন্ধুসকল, এই কথাটো আপোনালোকেহে আগবঢ়াই নিব পাৰিব। এবাৰ ইয়াক আপোনালোকে হাতত ল’লে এই পৃথিৱী আৰু স্তব্ধ নহয়, বিশ্বাস কৰক। কাৰণ আপোনালোকৰ শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে। আপোনালোকৰ নিজৰ ক্ষমতা সামৰ্থ্যৰ ওপৰত আস্থা আছে নে নাই নাজানো, মোৰ কিন্তু আছে। চাওকচোন, এয়া উৎসৱৰ বতৰ। উৎসৱৰ সময়ত উপহাৰ দিয়াৰ উদ্দেশ্যে যি বস্তু ক্ৰয় কৰে সেয়া ‘মেড ইন ইণ্ডিয়া’ হোৱাটো নিশ্চিত কৰিবলৈ চেষ্টা কৰা উচিত। বন্ধুসকল, আপোনাৰ দৈনন্দিন জীৱনত কেৱল সেইবোৰ বস্তু আৰু সামগ্ৰী ব্যৱহাৰ কৰিবলৈ জোৰ দিয়ক, যিবোৰ ভাৰতীয় মাটিত উৎপাদিত হৈছে, আৰু ভাৰতীয় শ্ৰমিকৰ ঘাম আছে। আৰু Vocal for Local ৰ এই অভিযান কেৱল উৎসৱত সীমাবদ্ধ থাকিব নালাগে।

এটা কাম দিওঁ, কৰিবনে আপোনালোকে? কোনো ক্লাছ হোমৱৰ্ক অবিহনে সম্পূৰ্ণ নহয়, হয়নে? কিছুমান মানুহে কথাও নকয়। পৰিয়ালৰ সকলো মানুহৰ লগত একত্ৰিত হওক, এটা কলম আৰু এখন কাগজ লৈ, বা যদি আপুনি মোবাইলত লিখে, তেন্তে আপোনাৰ ঘৰত ব্যৱহাৰ কৰা বস্তুবোৰৰ তালিকা এখন মোবাইলত বনাওক; আপুনি প্ৰতিদিনে ব্যৱহাৰ কৰা বস্তুবোৰ। সেইবোৰৰ ভিতৰত কিমানটা আমাৰ দেশৰ আৰু কিমানটা আন দেশৰ? তালিকা এখন প্ৰস্তুত কৰিবনে? আপুনিও হয়তো নাজানে যে আপোনাৰ পকেটত থকা ৰুমালখন হয়তো বহিঃৰাজ্যৰ হ’ব পাৰে। বন্ধুসকল, এনে বিদেশী বস্তু আমাৰ ঘৰত আৰু আমাৰ জীৱনত বহুবাৰ প্ৰৱেশ কৰিছে। দেশক ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। হয়, কিছুমান বিশেষ কথা আছে যিবোৰ আমাৰ দেশত আমি আশা কৰা ধৰণে ভাল নহয়, সেয়া ঠিকে আছে। কিন্তু আমি যদি কিবা ভুল কৰি আছো তেন্তে ইয়াক ভালদৰে চাবলৈ চেষ্টা কৰিব লাগিব। আমি এবাৰ আমাৰ দেশত নিৰ্মিত বস্তু কিনিবলৈ আৰম্ভ কৰিলেই বন্ধু-বান্ধৱী, আমাৰ উদ্যোগ আৰু ব্যৱসায় ইমান বেগেৰে বিকশিত হ’ব যে আপুনি কল্পনাও কৰিব নোৱাৰে! সৰু খোজ এটাইও ডাঙৰ সপোন পূৰণ কৰিব পাৰে।

বন্ধুসকল,

আমাৰ কেম্পাছবোৰো ভ’কেল ফৰ লোকেলৰ প্ৰধান কেন্দ্ৰ হ’ব পাৰে। আমাৰ কেম্পাছবোৰ কেৱল শিক্ষাৰ কেন্দ্ৰই নহয়, ফেশ্বনৰো কেন্দ্ৰও। ভাল লাগিছে নে শুনি? আমি এটা বিশেষ দিন উদযাপন কৰিলে কি হয়? ধৰক, আজি গোলাপ দিৱস। খাদীক, ভাৰতীয় কাপোৰক আমি কেম্পাছৰ ভিতৰত ফেশ্বন ষ্টেটমেন্ট বনাব নোৱাৰোনে? আপোনাৰ দৰে সকলো ডেকা-গাভৰুৰ এই শক্তি আছে। আপুনি বজাৰ, ব্ৰেণ্ড, ডিজাইনাৰক আপোনাৰ ফালে ঘূৰি আহিবলৈ প্ৰভাৱিত কৰিব পাৰে। কলেজ আৰু বিশ্ববিদ্যালয় চৌহদত বহুতো সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। তাত আমি খাদীৰ লগত জড়িত ফেশ্বন শ্ব’ৰ আয়োজন কৰিব পাৰো।

আমি আমাৰ বিশ্বকৰ্মা বন্ধু, আমাৰ জনজাতীয় বন্ধুৰ শিল্পকলা প্ৰদৰ্শন কৰিব পাৰো। ভাৰতক স্বাৱলম্বী কৰি তোলাৰ, ভাৰতক বিকশিত কৰাৰ এয়া এক উপায়। এই পথ অনুসৰণ কৰি আমি বৃহৎ সংখ্যক চাকৰিৰ সৃষ্টি কৰিব পাৰো। আৰু আপুনি দেখিছে, মই আপোনাৰ সন্মুখত ৰখা এই তিনিটা সৰু সৰু দাবী পূৰণ হ’লেই আপোনাৰ লগতে সমগ্ৰ জাতিটো কেনেকৈ লাভৱান হ’ব।

 

মোৰ মৰমৰ বন্ধুসকল,

আমাৰ যুৱ প্ৰজন্ম আৰু আমাৰ নতুন প্ৰজন্ম যদি দৃঢ়প্ৰতিজ্ঞ হয় তেন্তে আমি নিশ্চিতভাৱে আকাংক্ষিত ফলাফল পাম। এই প্ৰতিজ্ঞাৰে আজি আপুনি ভাৰত মণ্ডপমৰ পৰা ওলাই যাব বুলি মই নিশ্চিত। আৰু এটা সংকল্প লৈ আপুনিও নিশ্চিতভাৱে আপোনাৰ এই ক্ষমতাসমূহ প্ৰদৰ্শন কৰিব।

বন্ধুসকল,

আহক আমি ক্ষন্তেক সময়ৰ বাবে চিন্তা কৰোঁ; আমি সেইসকল মানুহ যিয়ে দেশৰ বাবে নিজৰ জীৱন আহুতি দিয়াৰ সুযোগ পোৱা নাই। ভগত সিং, সুখদেৱ, চন্দ্ৰশেখৰ, আজাদে যি সৌভাগ্য পাইছিল, আমি নাপালোঁ। কিন্তু আমি ভাৰতৰ বাবে জীয়াই থকাৰ সুযোগ পাইছো। ১০০ বছৰ আগলৈ চাওক আৰু কল্পনা কৰক ১৯১৯, ১৯২০, ১৯২২, ১৯২৩, ১৯২৫ চন। সেই সময়ৰ ডেকা ল’ৰাবোৰে সিদ্ধান্ত লৈছিল যে দেশখনক মুক্ত কৰিবলৈ যি কৰিব লাগে সেই কামেই কৰিব। যি পথ বিচাৰি পায় তেওঁলোকে ব্যৱহাৰ কৰিব। আৰু সেই সময়ৰ যুৱক-যুৱতীসকলে যাত্ৰা আৰম্ভ কৰিছিল। তেওঁলোকে নিজৰ কিতাপবোৰ আলমাৰীত বন্ধ কৰি থৈছিল, আৰু তেওঁলোকে জে’ললৈ যোৱাটোৱেই বেছি পছন্দ কৰিছিল। ফাঁচীৰ সমূখীন হ’বলৈকে তেওঁলোকে পছন্দ কৰিছিল। নিজৰ বাবে যি বাট বিচাৰি পালে, সেই বাটতে খোজ কাঢ়িলে। প্ৰায় ১০০ বছৰ আগতেই সাহসই চৰম শিখৰত উপনীত হৈছিল; ত্যাগৰ পৰিৱেশ সৃষ্টি হৈছিল; মাতৃভূমিৰ বাবে মৰিবলৈ ইচ্ছা আৰু অধিক শক্তিশালী হৈ পৰিছিল; আৰু এনে পৰিপ্ৰেক্ষিততে ২৫ বছৰৰ ভিতৰতে দেশখন স্বাধীন হ’ল। এয়া বাস্তৱায়িত নহ’ল নে বন্ধুসকল? তেওঁলোকৰ প্ৰচেষ্টাৰ বাবেই এয়া নহ’ল নে? সেই ২৫ বছৰত উদ্ভৱ হোৱা দেশজোৰা আবেগে ১৯৪৭ চনত দেশখনক স্বাধীনতা প্ৰদান কৰিছিল।

বন্ধুসকল,

মোৰ লগত আহক। আহক, মই আপোনালোক সকলোকে নিমন্ত্ৰণ জনাইছো। আমাৰ সন্মুখত ২৫ বছৰ আছে। ১০০ বছৰ আগতে যি ঘটিছিল; আমি এসময়ত স্বাধীনতাৰ বাবে সমদল উলিয়াইছিলো, কিন্তু এতিয়া আমি সমৃদ্ধিৰ বাবে সমদল উলিয়াম। আমি ২৫ বছৰত দেশখনক উন্নত কৰিম। তাৰ বাবে মই যি কৰিব লাগিব, মই পিছুৱাই নাযাওঁ। বন্ধুসকল, স্বাৱলম্বী ভাৰতে সমৃদ্ধিৰ দুৱাৰত উপনীত হোৱা উচিত। আত্মনিৰ্ভৰশীল ভাৰতে আত্মসন্মানক নতুন উচ্চতালৈ লৈ যাব। সেই সংকল্প লৈ আগবাঢ়ি যাওঁ আহক; আহক আমি সকলোৱে মিলি এখন উন্নত ভাৰতৰ সংকল্প পূৰণ কৰোঁ আহক; মুঠতে, ২০৪৭ চনৰ ভিতৰত আমাৰ দেশ এখন উন্নত দেশ হ’ব লাগে। আৰু তেতিয়া আপুনিও জীৱনৰ সৰ্বোচ্চ পৰ্যায়ত উপনীত হ’ব পাৰিব। ২৫ বছৰৰ পাছত আপুনি য’তেই নাথাকক কিয় জীৱনৰ সৰ্বোচ্চ স্থানত থাকিব।

কল্পনা কৰক বন্ধুসকল, আজি মই যি কষ্ট কৰিছো আৰু কাইলৈ আপোনালোকৰ লগত যিমান কষ্ট কৰিবলৈ ওলাইছো, ই আপোনাক কিমান দূৰলৈ লৈ যাব? আপোনাৰ সপোনবোৰ বাস্তৱত পৰিণত হোৱাত কোনেও বাধা দিব নোৱাৰিব। আৰু মই আপোনালোকক নিশ্চয়তা দিছো বন্ধুসকল, মই ভাৰতক বিশ্বৰ শীৰ্ষ তিনিখন অৰ্থনীতিৰ দেশৰ তালিকালৈ লৈ যাম। আৰু সেইবাবেই মই আপোনালোকৰ সমৰ্থন বিচাৰো; মই মা ভাৰতীৰ বাবে সেয়া বিচাৰো। মই ১৪০ কোটি ভাৰতীয়ৰ বাবে সেয়া বিচাৰো।

মোৰ লগত কওক – ভাৰত মাতা কী – জয়, পূৰ্ণ শক্তিৰে কওক বন্ধু-বান্ধৱীসকল – ভাৰত মাতা কী – জয়, ভাৰত মাতা কী – জয়

অশেষ ধন্যবাদ.

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
2.5 lakh crore spent on disaster management in 11 years: Amit Shah

Media Coverage

2.5 lakh crore spent on disaster management in 11 years: Amit Shah
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Nanded
September 11, 2026
Prime Minister announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to a mishap in Nanded, Maharashtra.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

In a post on X, the Prime Minister’s Office said;

“Saddened by the loss of lives due to a mishap in Nanded, Maharashtra. My thoughts are with the bereaved families in this hour of grief. Praying for the speedy recovery of the injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”