"এনডিএ শাসিত ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিৰন্তৰভাৱে নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে"
"প্ৰযুক্তিৰ সহায়ত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছ কৰা হৈছে য'ত বিভিন্ন ডিজিটেল প্লেটফৰ্ম, মোবাইল এপ আৰু ৱেব পৰ্টেল বিকশিত কৰা হৈছে"
"যোৱা ৫ বছৰত গুজৰাটত ১.৫ লাখতকৈও অধিক যুৱকে ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰিছে"
"যেতিয়া উন্নয়নৰ চক্ৰ চলি থাকে, প্ৰতিটো খণ্ডতে নিযুক্তিৰ সুযোগ সৃষ্টি হয়"
"সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ভাৰত অনাগত বছৰবোৰত আটাইতকৈ বৃহৎ উৎপাদন কেন্দ্ৰ হৈ পৰিব"
"চৰকাৰৰ দ্বাৰা উন্নয়নৰ সামগ্ৰিক দৃষ্টিভংগীয়ে বৃহৎ পৰিমাণে নিযুক্তিৰ সৃষ্টি কৰিছে"
"যুৱসকলৰ দক্ষতা বিকাশক অগ্ৰাধিকাৰ দিয়া হৈছে"
"কৰ্মযোগী ভাৰত অনলাইন প্লেটফৰ্মত বিভিন্ন অনলাইন পাঠ্যক্ৰমৰ সৰ্বাধিক ব্যৱহাৰ কৰক"

বন্ধুসকল,

চৌদিশে হোলী উত্সৱৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। আপোনালোক আটাইলৈকে হোলীৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো। আজিৰ অনুষ্ঠানটোৱে হাজাৰ হাজাৰ পৰিয়ালৰ বাবে হোলীৰ দৰে গুৰুত্বপূৰ্ণ উৎসৱৰ আনন্দ বহুগুণে বৃদ্ধি কৰিব। এয়া গুজৰাটত কিছুদিনৰ ভিতৰতে আয়োজিত হোৱা দ্বিতীয়খন চাকৰি মেলা। এই কামৰ বাবে মই আমাৰ মুখ্যমন্ত্ৰী শ্ৰীভূপেন্দ্ৰ ভাই আৰু তেওঁৰ গোটেই দলটোকে অভিনন্দন জনাইছো।

বন্ধুসকল,

এয়া যুৱসকলক সুযোগ দিয়া আৰু দেশৰ উন্নয়নত তেওঁলোকৰ সামৰ্থ্যৰ সদ্ব্যৱহাৰ কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ, আমাৰ সকলোৰে প্ৰতিশ্ৰুতিবদ্ধতাৰে প্ৰমাণ। মই সুখী যে কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগ আৰু ‘এনডিএ’ৰ ৰাজ্য চৰকাৰে সৰ্বাধিক সংখ্যক চাকৰি প্ৰদান কৰিবলৈ নিৰন্তৰ কাম কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ উপৰিও, এতিয়া ‘এনডিএ’ শাসিত ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰন্তৰ ভাৱে নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে। আজি নিযুক্তি পত্ৰ প্ৰদান কৰা যুৱক-যুৱতীসকলৰ উজ্জ্বল ভৱিষ্যত আৰু তেওঁলোকৰ পৰিয়ালৰ সুখ আৰু সমৃদ্ধিৰ বাবে মই শুভেচ্ছা জনাইছো। মই নিশ্চিত যে যিসকল যুৱক-যুৱতীয়ে নতুন দায়িত্ব গ্ৰহণ কৰিব তেওঁলোকে সম্পূৰ্ণ সামৰ্থ্য আৰু নিষ্ঠাৰে ‘অমৃত কাল’ৰ সংকল্পসমূহ পূৰণ কৰাত অৰিহণা যোগাব।

বন্ধুসকল,

যোৱা পাঁচটা বছৰত গুজৰাটত ১.৫ লাখতকৈও অধিক যুৱক-যুৱতীয়ে ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰিছে। চৰকাৰী চাকৰিৰ উপৰিও ‘নিয়োগ বিনিময়’-ৰ জৰিয়তেও গুজৰাটৰ প্ৰায় ১৮ লাখ যুৱক-যুৱতীক বিভিন্ন খণ্ডত বিগত বছৰবোৰত কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিছে। গুজৰাট চৰকাৰে এক নিযুক্তি কেলেণ্ডাৰ প্ৰস্তুত কৰি নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। মোক কোৱা হৈছে যে এই বছৰ ২৫ হাজাৰতকৈও অধিক যুৱক-যুৱতীক ৰাজ্য চৰকাৰৰ চাকৰি দিয়াৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। গুজৰাট চৰকাৰে প্ৰযুক্তি ব্যৱহাৰ কৰি সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছ কৰি তুলিছে। ইয়াৰ বাবে, বিভিন্ন ‘ডিজিটেল প্লেটফৰ্ম’ প্ৰস্তুত কৰা হৈছে, ‘ম'বাইল এপ’ আৰু ‘ৱে’ব পৰ্টেল’ বিকশিত কৰা হৈছে।

বন্ধুসকল,

বিভিন্ন ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰচেষ্টাই যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি সৃষ্টিৰ বাবে এক দৃঢ় ৰণনীতিৰে কাম কৰিছে। আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ জৰিয়তে সৰ্বাধিক সংখ্যক নিযুক্তিত গুৰুত্ব আৰোপ কৰা হৈছে। উৎপাদনক উত্সাহিত কৰি নতুন নিযুক্তিৰ সুযোগ সৃষ্টিৰ বাবে আমি গুৰুত্ব প্ৰদান কৰিছো। স্ব-নিয়োজনৰ বাবে দেশত অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ লগতে ‘গেৰাণ্টী’ অবিহনেই যুৱসকলক বিত্তীয় সাহায্য প্ৰদান কৰাৰ বাবেও আমি পদক্ষেপ গ্ৰহণ কৰিছো। চাকৰিৰ পৰিৱৰ্তনশীল প্ৰকৃতিক অনুধাৱন কৰি যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশতো আমি গুৰুত্ব দিছো।

বন্ধুসকল,

যেতিয়া উন্নয়নৰ চকা দ্ৰুত গতিত চলিবলৈ ধৰে তেতিয়া প্ৰতিটো খণ্ডতে নিয়োগৰ সম্ভাৱনা সৃষ্টি হ’বলৈ ধৰে। আজি দেশৰ আন্তঃগাঁথনি, তথ্য প্ৰযুক্তি আৰু অন্যান্য খণ্ডৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে লাখ লাখ কোটি টকা ব্যয় কৰা হৈছে। কেৱল গুজৰাটতে কেন্দ্ৰীয় চৰকাৰৰ ১.২৫ লাখ কোটি টকাৰ প্ৰকল্পৰ কাম চলি আছে। এই বছৰৰ বাজেটত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ১০ লাখ কোটি টকাৰ পুঁজিৰ ব্যৱস্থা কৰা হৈছে। বহু লাখ কোটি টকাৰ এই বিনিয়োগেও লাখ লাখ চাকৰি সৃষ্টি কৰিব।

বন্ধুসকল,

বিশ্বৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে আগন্তুক বছৰবোৰত ভাৰত সৰ্ববৃহৎ উৎপাদন কেন্দ্ৰ হৈ উঠিব। আৰু এই ক্ষেত্ৰত গুজৰাটৰ এক ডাঙৰ ভূমিকা থাকিব। ভাৰতত এই বিপ্লৱৰ নেতৃত্ব দিব আপোনালোকৰ দৰে যুৱক-যুৱতীয়ে। এতিয়া, যিহেতু গুজৰাটৰ দাহোদত আমাৰ এটা জনজাতীয় এলেকা আছে, ই এক প্ৰকাৰে পিছপৰা অঞ্চলত আছে। তাত ২০,০০০ কোটি টকাৰ বিনিয়োগেৰে এটা ‘লক’মোটিভ’ কাৰখানা নিৰ্মাণ কৰা হৈছে। গুজৰাটো ‘ছেমি-কণ্ডাক্টৰ’ৰ এটা ডাঙৰ কেন্দ্ৰ হ'বলৈ গৈ আছে। এই সকলোবোৰ প্ৰচেষ্টাই গুজৰাটত হাজাৰ হাজাৰ নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

বন্ধুসকল,

আজি চৰকাৰে বিকাশৰ যি সামগ্ৰিক দৃষ্টিভংগীৰে কাম কৰি আছে তাৰ সুবাদতো বৃহৎ পৰিমাণৰ নিয়োগ সম্ভাৱনা সৃষ্টি হৈছে। আঁচনি পৰ্যায়ত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন, এই নতুন পৰিৱৰ্তনবোৰে এক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিছে য'ত ষ্টাৰ্টআপসমূহে বিকাশৰ সুযোগ লাভ কৰিছে। আজি, দেশত ৯০ হাজাৰৰো অধিক ষ্টাৰ্টআপ-য়ে কাম কৰি আছে আৰু সেয়াও হৈছে ‘পৰ্যায়-২’, ‘পৰ্যায়-৩’ চহৰসমূহত। ই কেৱল নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰাই নহয়, লগতে লাখ লাখ যুৱক-যুৱতীক স্ব-নিয়োজনৰ বাবে অনুপ্ৰেৰণা যোগাইছে। চৰকাৰে তেওঁলোকক ‘বেংক গেৰাণ্টী’ অবিহনেই বিত্তীয় সাহায্য প্ৰদান কৰি আছে। ‘মুদ্ৰা যোজনা’ আৰু ‘ষ্টেণ্ডআপ ইণ্ডিয়া আঁচনি’য়েও স্ব-নিয়োজনক উৎসাহিত কৰিছে। আত্ম-সহায়ক গোটত যোগদান কৰি কোটি কোটি মহিলা দৃঢ়তাৰে ভৰিৰ ওপৰত থিয় দিব পৰা হৈছে। তেওঁলোকে গোটেই পৰিয়ালৰে অৰ্থনৈতিক ব্যৱস্থাৰ নেতৃত্ব দি আছে। চৰকাৰে এই মহিলাসকলক শ শ কোটি টকাৰ আৰ্থিক সাহায্যও প্ৰদান কৰিছে।

বন্ধুসকল,

দেশত সৃষ্টি হোৱা নতুন সম্ভাৱনাৰ বাবে বৃহৎ পৰিমাণে দক্ষ জনশক্তি সৃষ্টি কৰাৰো প্ৰয়োজন আছে। কেৱল যুৱক-যুৱতীসকলৰ দক্ষতাৰ শক্তিৰেহে ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ লক্ষ্যত উপনীত হ’ব পাৰিব। সমাজৰ প্ৰতিটো শ্ৰেণীয়ে যাতে দক্ষতা বিকাশৰ সুবিধা লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰাৰ আমি প্ৰয়াস অব্যাহত ৰাখিছো। আমাৰ দলিত ভাই-ভনী, আমাৰ জনজাতীয় ভাই-ভনী, আমাৰ বঞ্চিত শ্ৰেণী, আমাৰ মাতৃ আৰু ভগ্নীয়েই হওঁক, সকলোৱে আগবাঢ়ি যোৱাৰ সমান সুযোগ পাব। এই কথা মনত ৰাখি যুৱপ্ৰজন্মৰ দক্ষতা বিকাশকো অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰী দক্ষতা বিকাশ আঁচনিৰ অধীনত দেশত ৩০টা ‘স্কিল ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ’ নিৰ্মাণ কৰা হ'ব। ইয়াত যুৱক-যুৱতীসকলক নতুন যুগৰ প্ৰযুক্তিৰ জৰিয়তে প্ৰশিক্ষণ দিয়া হ'ব। ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি’ৰ জৰিয়তে ক্ষুদ্ৰ শিল্পীসকলক প্ৰশিক্ষণ দিয়া হ'ব আৰু তেওঁলোকক এমএছএমইৰ সৈতেও সংযুক্ত কৰা হ'ব। এই আঁচনিৰ জৰিয়তে, ক্ষুদ্ৰ ব্যৱসায়ৰ সৈতে সম্পৰ্কিত লোকসকলে বিশ্ব বজাৰত প্ৰৱেশৰ বাবে সহযোগিতা লাভ কৰিব। আমি আমাৰ যুৱক-যুৱতীসকলক চাকৰিৰ পৰিৱৰ্তনশীল প্ৰকৃতিৰ সৈতে নিৰন্তৰ প্ৰস্তুত কৰি আছো। আমাৰ আইটিআইসমূহে এই কামত এক ডাঙৰ ভূমিকা পালন কৰি আছে। গুজৰাটত আইটিআই আৰু ইয়াৰ আসনৰ সংখ্যা ক্ৰমাত্ বৃদ্ধি পাইছে। আজি কেৱল গুজৰাটতে প্ৰায় ৬০০ ‘আইটিআই’ৰ ২ লাখ আসনত বিভিন্ন দক্ষতাৰ প্ৰশিক্ষণ দিয়া হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচীটো উদ্যোগটোৰ প্ৰয়োজনীয়তা অনুসৰি ‘আপডেট’ কৰা হৈছে। মই সুখী যে গুজৰাটত ‘আইটিআই’সমূহৰ পৰা হোৱা নিযুক্তি পৰিসংখ্যা খুবেই সন্তোষজনক হৈছে।

বন্ধুসকল,

আমাৰ গুৰুত্ব চাকৰি সৃষ্টিৰ প্ৰতিটো সুযোগ বিকাশৰ ওপৰতো আছে যিটো দুৰ্ভাগ্যবশতঃ স্বাধীনতাৰ পিছত যিমান মনোযোগ দিয়া উচিত আছিল সিমান গুৰুত্ব দিয়া হোৱা নাছিল। বাজেটত ৫০ টা নতুন পৰ্যটন কেন্দ্ৰ বিকশিত কৰাৰ কথা ঘোষণা কৰা হৈছে। ‘কেভাড়িয়া-একতা নগৰ’ত আমাৰ ‘ইউনিটী মল’ থকাৰ দৰে, প্ৰতিখন ৰাজ্যতে ‘ইউনিটী মল’ স্থাপন কৰাৰ কথা ঘোষণা কৰা হৈছে। এইবোৰত, সমগ্ৰ দেশৰ পৰা অনন্য সামগ্ৰীৰ প্ৰচাৰ কৰা হ'ব। এই প্ৰচেষ্টাবোৰে লাখ লাখ লোকৰ বাবে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব। ইয়াৰ উপৰিও, ‘একলব্য বিদ্যালয়’ত প্ৰায় ৪০ হাজাৰ শিক্ষক নিযুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল,

আপোনালোক সকলোৱে গুজৰাট চৰকাৰৰ সৈতে জড়িত হৈ সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিছে। এইটো স্বাভাৱিক যে এইটো আপোনালোকৰ আৰু আপোনালোকৰ পৰিয়ালৰ বাবে উদযাপনৰ মুহূৰ্ত। কিন্তু বন্ধুসকল, আপোনালোকে এটা কথা মনত ৰাখিব লাগিব, এয়া মাত্ৰ আৰম্ভণিহে। এয়া জীৱনৰ এটা নতুন যাত্ৰাৰ আৰম্ভণি। যদি আপোনালোকে চৰকাৰী চাকৰি এটা আপোনাৰ লক্ষ্য বুলি বহি থাকে তেন্তে আপোনালোকৰ ব্যক্তিগত বিকাশ বন্ধ হৈ যাব। যি কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে আপোনালোক এই পৰ্যন্ত আহিছে তাক কেতিয়াও যতি পৰিবলৈ নিদিব, ইয়াক আগলৈয়ো অব্যাহত ৰাখিব লাগিব। নতুন কিবা শিকাৰ আগ্ৰহে আপোনালোকক গোটেই জীৱন আগুৱাই যোৱাত সহায় কৰিব। আপোনালোকৰ ‘পোষ্টিং’ য'তেই নহওঁক, আপোনালোকে দক্ষতা বৃদ্ধি কৰা, আপোনালোকৰ সামৰ্থ্য বৃদ্ধি কৰা, আপোনালোকৰ জ্ঞান বৃদ্ধি কৰাত যিমানে অধিক মনোযোগ দিব, আপোনালোক সিমানেই লাভান্বিত হ'ব, আপোনালোকে কাম কৰি থকা এলেকাটোও লাভান্বিত হ'ব। প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়েকে উন্নত প্ৰশিক্ষণ লাভ কৰাত সহযোগিতা আগবঢ়োৱাতো হৈছে আমাৰ প্ৰয়াস।

এই দিশত আমি ‘কৰ্মযোগী ভাৰত অনলাইন প্লেটফৰ্ম’ মুকলি কৰিছো। এই ‘পৰ্টেল’ত বিভিন্ন অনলাইন পাঠ্যক্ৰমৰ সৰ্বাধিক ব্যৱহাৰ কৰক আৰু মই নিশ্চিত যে নিৰন্তৰ অধ্যয়ন আপোনাোকৰ প্ৰগতিৰ এক মহান অস্ত্ৰ হৈ উঠিব।

বন্ধুসকল,

আকৌ এবাৰ মই আপোনালোক সকলোকে আৰু আপোনালোকৰ পৰিয়ালৰ শুভ আৰম্ভণি কামনা কৰিছো। হোলী উপলক্ষে মই গুজৰাটৰ মোৰ সকলো ভাই-ভনীলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
99.92% villages in India covered with banking outlets within 5 km radius: Govt

Media Coverage

99.92% villages in India covered with banking outlets within 5 km radius: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister praises efforts by Acharya Shri Kailasasagarsuri Gyanmandir towards preserving manuscripts
March 31, 2026

Prime Minister Shri Narendra Modi, appreciated the work being done by Acharya Shri Kailasasagarsuri Gyanmandir towards preserving manuscripts. “I am proud that our nation has many such passionate teams that are at the forefront of this, ensuring that the coming generations remain connected to our rich history”, Shri Modi remarked.

The Prime Minister posted on X;

“Saw a glimpse of the work being done by Acharya Shri Kailasasagarsuri Gyanmandir towards preserving manuscripts. I am proud that our nation has many such passionate teams that are at the forefront of this, ensuring that the coming generations remain connected to our rich history.”