Yoga helps to maintain balance amidst this disintegration. It does the job of uniting us: PM Modi
Yoga brings about peace in this modern fast paced life by combining the body, mind, spirit and soul: PM Modi
Yoga unites individuals, families, societies, countries and the world and it unites the entire humanity: PM Modi
Yoga has become one of the most powerful unifying forces in the world: PM Narendra Modi
Yoga Day has become one of the biggest mass movements in the quest for good health and well-being, says PM
The way to lead a calm, creative and content life is Yoga: PM Modi
Practicing Yoga has the ability to herald an era of peace, happiness and brotherhood: PM Modi

মঞ্চত উপস্থিত বিশিষ্টব্যক্তিসকল আৰু এই সুন্দৰ প্ৰাংগনত সমবেত বন্ধুসকল, চতুর্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বৰ সকলো প্রান্তৰ যোগ প্রেমীসকলক উত্তৰাখণ্ডৰ পবিত্র দেৱভূমিৰ পৰা মই মোৰ শুভেচ্ছা জনাইছো।

মা গংগাৰ আশীষপুষ্ট এই ভূমিত যোগ দিৱস উপলক্ষে এইদৰে আমিৰ সকলোৱে মিলিত হোৱাটো কম সৌভাগ্যৰ কথা নহয়, কাৰণ এই স্থানতে আছে চাৰিখন পুণ্য তীর্থভূমি, যি ভূমিত আদি শঙ্কৰাচার্যই পৰিদর্শন কৰিছে আৰু স্বামী বিবেকানন্দও কেইবাবাৰো এই স্থানলৈ আহিছিল।

আনকি, উত্তৰাখণ্ডত কেইবা দশক ধৰি যোগচর্চাৰ এটি মূল কেন্দ্র হৈ পৰিছে। উত্তৰাখণ্ডৰ এই পর্বতমালা যোগাভ্যাস আৰু আয়ুর্বেদচর্চাৰ ক্ষেত্ৰত আমাক স্বতঃস্ফূৰ্তভাৱেই প্রণোদিত কৰে।

এজন সাধাৰণ লোকেও এই স্থান পৰিদর্শন কৰিলেও আনকি এক বিৰল অভিজ্ঞতা লাভ কৰে। এই পবিত্র ভূমিৰ আছে এক অবিশ্বাস্য ক্ষমতা, যি তাৰ চুম্বকীয় শক্তিৰ সহায়ত আমাক আলোড়িত কৰে।

বন্ধুসকল,

সকল ভাৰতীয়ৰ বাবে অতিকে গৌৰৱৰ বিষয় হ’ল এই যে সূর্যোদয়ৰ পৰিক্রমণৰ লগে লগে সূর্যৰ ৰশ্মিয়ে যিমানে ভূ-পৃষ্ঠক আলোকিত কৰিব, সিমানেই বিশ্বৰ অন্য প্রান্তৰ লোকসকলে তেওঁলোকৰ যোগচর্চাৰ জৰিয়তে সূর্যক স্বাগতম জনাব।

দেৰাডুনৰ পৰা ডাবলিন, ছাংহাইৰ পৰা ছিকাগো, জাকার্টাৰ পৰা জোহান্সবার্গ, সর্বত্রে যোগচর্চা চলিছে।

হাজাৰ হাজাৰ উচ্চতাৰ হিমালয় পর্বতশৃংগই হওঁক কিম্বা প্রখৰ সূর্যৰশ্মিৰ মৰু অঞ্চলেই হওঁক, সর্বত্রে যি কোনো পৰিস্থিতিতে যোগৰ অভ্যাস বর্তমান ক্রমান্বয়ে প্রসাৰিত হৈছে।

বিভেদকামী শক্তিয়ে যেতিয়া সকলো ধ্বংস কৰিবলৈ উদ্যত হয়, তেতিয়া প্ৰত্যেক মানুহে সমাজত, আনকি বিভিন্ন দেশৰ মাজত বিভেদৰ মানসিকতা মগজুত শিপাই দিয়ে। যেতিয়া সামজত বিভেদ থাকে তেতিয়া ই পৰিয়ালৰ মাজতো মিলাপ্ৰীতি নাইকিয়া কৰে আৰু লোকসকলক ভিতৰি ভিতৰি অসহায়ৰ চিকাৰ হৈ পৰে, ফলত সংশ্লিষ্ট ব্যক্তিজনক ক্রমশঃ উত্তেজনাই গ্রাস কৰে।

যোগাভ্যাসে এই দ্বন্দ্ব-বিদ্বেষৰ মাজত ভাৰসাম্য বজাই ৰখাত সহায় কৰে। ই আমাক ঐক্যবদ্ধ কৰে।

যোগে দেহ, মন, আত্মা আৰু শক্তিৰ মাজত সংযোগ স্থাপন কৰি আমাৰ এই আধুনিক ব্যস্ত জীৱনলৈ শান্তি কঢ়িয়াই আনে।

ই পৰিয়ালৰ সদস্যসকলৰ মাজত একতাৰ প্রসাৰ ঘটাই পাৰিবাৰিক শান্তি অক্ষুণ্ন ৰখাত সহায় কৰে।

ই পৰিয়ালক সমাজ সম্পর্কত সংবেদনশীল কৰি তোলাৰ জৰিয়তে আমাৰ সমাজ জীৱনতো সম্প্রীতিৰ প্রসাৰ ঘটায়।

বিভিন্ন ধৰণৰ সমাজৰ সহাৱস্থান হ’ল ৰাষ্ট্ৰীয় সংহতিৰ এক বিশেষ যোগসূত্র।

এইদৰেই যদি দেশক গঢ়ি তুলিব পৰা যায়, তেতিয়াহ’লে বিশ্ব শান্তি আৰু সম্প্রীতিৰো প্রসাৰ ঘটিব। মানৱতাৰ বিকাশৰ জৰিয়তে ভ্রাতৃত্ববোধত শক্তি যোগাব।

ইয়াৰ অর্থ হ’ল যোগে ব্যক্তি-মানুহ, পৰিয়াল, সমাজ, দেশ তথা সমগ্র বিশ্বক ঐক্যবদ্ধ কৰে আৰু এইদৰে ই সমগ্র মানৱতাৰ মিলন ঘটায়।

ৰাষ্ট্রসংঘত যোগ দিৱস পালনৰ প্রস্তাৱ যেতিয়া উত্থাপন কৰা হৈছিল, তেতিয়া ই ৰাষ্ট্রসংঘৰ ইতিহাসত এক অভিলেখপূৰ্ণ ঘটনা বুলি চিহ্নিত হয় কাৰণ এইটো আছিল এনে প্ৰথমটো বিষয়, যিটো উত্থাপন কৰাৰ লগে লগে বিশ্বৰ অধিকাংশ দেশে তাত অনুমোদন জনায়। আৰু ৰাষ্ট্রসংঘৰ ইতিহাসত এইটোৱেই সম্ভৱ প্রথম প্রস্তাৱ আছিল, যিটো খুব কম সময়ৰ ভিতৰতে অনুমোদন লাভ কৰে। বর্তমান বিশ্বৰ প্রত্যেক নাগৰিকে, আনকি বিশ্বৰ প্রতিখন দেশে যোগক আপোন কৰি লৈছে। কেৱল ইমানে নহয়, ভাৰতীয়সকলে ইয়াৰ এক গুৰুত্বপূর্ণ বার্তাও বহন কৰিছে, যাৰ মূল অর্থ হ’ল এই যে এক মহান ঐতিহ্যৰ আমি হ’লো প্রকৃত উত্তৰসূৰী। এক বিশেষ উত্তৰাধিকাৰীক আমি সর্বতোপ্ৰকাৰে সংৰক্ষিত কৰি আহিছো।

আমাৰ এই উত্তৰাধিকাৰক লৈ যদি আমি গৌৰৱ অনুভৱ কৰো আৰু সময়ৰ লগত মিল নাথাকে, তেনে অভ্যাস যদি আমি ত্যাগ কৰো তেতিয়া হ’লে অপ্রচলিত ৰীতিনীতিক আমি বর্জন কৰিব পাৰিম। সেয়েহে, সময়ৰ সৈতে যি কিছু সংগতিপূর্ণ আৰু ভৱিষ্যৎ গঠনত যি একান্ত প্রয়োজনীয় তাকে যদি আমি গ্রহণ কৰো, তেতিয়া হ’লে আমাৰ এই ধৰণৰ মহান উত্তৰাধিকাৰৰ বাবে আমি গর্বিত হোৱাটো স্বাভাৱিক। ইফালে, বিশ্ববাসীয়েও এই গৌৰৱৰ অংশীদাৰ হ’বলৈ অলপো দ্বিধাবোধ নকৰিব। কিন্তু নিজৰ শক্তি আৰু ক্ষমতাৰ ওপৰত যদি আমাৰ কোনোধৰণৰ আস্থা নাথাকে, তেতিয়াহ’লে বাহিৰৰ কোনো লোকে তাক গ্রহণ কৰিবলৈ আগুৱাই নাহে। কোনো পৰিয়ালৰ এটি শিশুক যদি নীতিভ্রষ্ট হোৱাত উৎসাহ যোগায়, তেতিয়াহ’লে সেই পৰিয়ালে তেওঁলোকৰ সন্তানে আনৰ পৰা কেতিয়াও সম্মান অর্জন কৰিব নোৱাৰে। পিতৃ-মাতৃ, ভাই-ভনী আৰু সমগ্র পৰিয়ালে যেতিয়া তেওঁলোকৰ সন্তানক সন্তানৰ দৰেই প্রতিপালন কৰিব, তেতিয়া চুবুৰীয়াসকলেও তাক আপোন কৰি ল’বলৈ আগ্রহী হ’ব।

ভাৰত যে শক্তিশালী, সেই কথা আজি যোগে প্ৰমাণ কৰি দেখুৱালে। সেয়েহে, সমগ্র বিশ্বও যোগৰ সৈতে ইয়াৰ বন্ধনক সুদৃঢ় কৰি তুলিবলৈ আগ্রহ প্রকাশ কৰিছে।

বর্তমান বিশ্বত যোগেই হ’ল ঐক্য সৃষ্টিকাৰী ক্ষমতাসমূহৰ অন্যতম।

সম্পূর্ণ আস্থা আৰু বিশ্বাসেৰে মই আজি ক’ব পাৰো যে সমগ্র বিশ্বৰ লোকসকলক যদি যোগচর্চাৰ সূত্রে সমবেত কৰিব পাৰো, তেতিয়াহ’লে অনেক অকল্পনীয় সত্যই প্রকাশিত হ’ব বিশ্ববাসীৰ ওচৰত।

বিভিন্ন দেশৰ উদ্যানত, উন্মুক্ত প্রাংগন, পথৰ দাঁতিত, কাৰ্যালয় আৰু আবাসত, স্কুল-কলেজ আৰু হাস্পাতালত তথা ঐতিহাসিক ভৱনসমূহত আপোনালোকৰ দৰেই আৰপ সকলোৱেই যেতিয়া সমবেত হৈছে, তেতিয়া বিশ্বজনীন ভ্রাতৃত্ববোধ তথা বিশ্বমৈত্রীৰ প্রসাৰ ঘটাৰ দৰে শক্তিৰ আমি সঞ্জীৱন ঘটালো।

বন্ধুসকল, যোগক আজি সমগ্র বিশ্বই আপোন কৰি লৈছে। প্রতি বছৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সময়ত ইয়াৰ কিছু কিছু খণ্ডচিত্র পৰিস্ফুট হৈ উঠে।

যোগ দিৱস হ’ল প্রকৃতাৰ্থত এক বৃহত্তম গন আন্দোলন, যাৰ লক্ষ্য হ’ল সু-স্বাস্থ্য।

বন্ধুসকল, টকিঅ’ৰ পৰা টৰেন্টো, ষ্টকহোমৰ পৰা ছাওপাওলো, সকলোতে কোটি কোটি মানুহৰ জীৱনত যোগে ইতিবাচক প্রভাৱ পেলাইছে।

যোগ হ’ল সুন্দৰ, কাৰণ প্ৰাচীন হৈয়ো আধুনিক… ইয়াৰ চর্চা প্রতিনিয়ত বিকশিত হৈছে।

যোগ হ’ল আমাৰ অতীত আৰু বর্তমানৰ সর্বশ্রেষ্ঠ এক অভ্যাস, যি আমাৰ ভৱিষ্যতৰ বাবেও আশাৰ কিৰণ জগাই তোলো।

যোগৰ মাজত ব্যক্তিকেন্দ্রিক বা সামাজিক বিভিন্ন ধৰণৰ সমস্যাৰ আমি প্রকৃত সমাধান বিচাৰি পাও।

আমাৰ বিশ্ব সংসাৰ সদা জাগ্ৰত। বিশ্বৰ কোনোবা প্রান্তত সকলো সময়তে কিবা নহয় কিবা এটা নতুন ঘটনা ঘটে।

আমাৰ জীৱন যিহেতু দ্রুত গতিশীল, সেই কাৰণে তাৰ মাজত উত্তেজনা আৰু সংঘাতৰো অৱকাশ থাকে। মই পঢ়িবলৈ পাই আচৰিত হৈছো যে কেৱল হৃদযন্ত্রৰ বিকল হৈয়ে প্রতি বছৰত বিশ্বৰ প্রায় ১.৮০ কোটি লোকে মৃত্যুৰ আকোঁৱালি লয়। আকৌ অধিকাংশ মানুহ মধূমেহ ৰোগৰ সৈতে নিৰন্তৰ যুঁজ কৰিবলৈ বাধ্য হয়।

এক শান্ত, সৃজনীশীল কর্মজীৱনৰ পথেই হ’ল যোগ। উত্তেজনা আৰু অশান্তিক জয় কৰাৰ বাবে যোগ শক্তি আছে।

সেয়েহে, যোগে আমাক বিচ্ছিন্ন কৰাৰ পৰিৱৰ্তে ঐক্যবদ্ধহে কৰে।

শত্ৰুতা বিপৰীতে সম্প্রীতি ঘটায় যোগে।

মানুহৰ ৰোগব্যাধিৰ উপশম আৰু নির্মূল ঘটোৱাত যোগে সহায় কৰে।

এইদৰেই যোগচর্চা সুখ, শান্তি আৰু ভ্রাতৃত্ববোধৰ জগতক আহ্বান জনায়।

বহু লোকে যোগৰ সৈতে জড়িত হৈ পৰিছে-ইয়াৰ অর্থ হ’ল এই যে সমগ্র বিশ্বক এতিয়া যোগৰ শিক্ষা প্ৰদান কৰিব পৰা বহু মানুহৰ প্রয়োজন। বিগত তিনি বছৰত যোগ শিক্ষাৰ সৈতে বহু লোক জড়িত হৈ পৰিছে। এই উপলক্ষে নতুন নতুন প্রতিষ্ঠানো গঢ়ি তোলা হৈছে। আনহাতে, প্রযুক্তি আৰু মানুহক যুক্ত কৰিবলৈ যোগাভ্যাস সহায় ল’ব লাগে। সেইবাবে, অনাগত দিনত ইয়াৰ ওপৰ ভিত্তি কৰি আগুৱাই য়োৱাৰ বাবে আমি আপোনালোক সকলোকে আহ্বান জনাইছো।

আজিৰ এই যোগ দিৱস হ’ল যোগৰ সৈতে আমাৰ সম্পর্কক অধিক ঘনিষ্ঠ কৰি তোলাৰ এক সুযোগ মা্ত্ৰ। এই দিনটোৱে যোগাভ্যাসৰ বাবে নতুনকৈ মানুষক উদ্বুদ্ধ কৰে। আজিৰ দিনটো পালনৰ বিশেষ তাৎপর্যই হ’ল এয়া।

বন্ধুসকল, যোগাভ্যাসে যাতে ৰোগ-ব্যাধিৰ পথৰ পৰা সুস্থতাৰ পথত বিশ্ববাসীক মানুহক আগুৱাই যোৱাত সহায় কৰে।

ঠিক এই কাৰণেই বিশ্বৰ সর্বত্রে যোগৰ আদৰ দিনক দিনে বৃদ্ধি পাই আহিছে।

কভেন্ট্রি বিশ্ববিদ্যালয় আৰু ৰাডবাউড বিশ্ববিদ্যালয়ৰ সমীক্ষাত প্রকাশ যে যোগে কেৱল আমাৰ দেহক ৰোগৰ পৰা মুক্তি নকৰে, ইয়াৰ লগতে আমাৰ ডিএনএত ৰোগ সৃষ্টিকাৰী যি প্রতিক্রিয়া থাকে, তাকো বিপৰীতমুখী কৰি তোলে।

সু-স্বাস্থ্যৰ উপৰি আৰু বহুতো ৰোগৰ পৰা আমি আমাৰ দেহক ৰক্ষা কৰিবলৈ হ’লে আমি যোগৰ মাধ্যমে শ্বাস-প্রশ্বাসজনিত ব্যায়ামৰ অভ্যাস কৰিব পাৰো। নিয়মিত যোগাভ্যাস যি কোনো পৰিয়ালৰে চিকিৎসাৰ খৰচ উল্লেখযোগ্যভাবে কমোৱাত সহায় কৰে।

জাতি গঠনকে ধৰি প্রতিটো কামত, প্রতিটো প্রক্রিয়াত চামিল হোৱাৰ বাবে আমি সুস্থ হৈ থকাটো নিতান্তই জৰুৰী। কাৰণ, এই ক্ষেত্ৰত যোগৰ এক ডাঙৰ ভূমিকা আছে।

সেইবাবে, যোগৰ সৈতে জড়িত সকলো লোককে মই আহ্বান জনাও যে এই চর্চাক আপোনালোকে নিয়মীয়া কৰি তোলক। যিসকলে এতিয়াও যোগাভ্যাসৰ সৈতে জডিত হ’ব পৰা নাই, তেওঁলোকেও উচিৎ এই অভ্যাসৰ সৈতে জড়িত হোৱাৰ চেষ্টা কৰক।

বন্ধুসকল, যোগৰ ক্রমৱৰ্ধমান প্রসাৰে ভাৰত আৰু বিশ্বক পৰস্পৰৰ আৰু ওচৰ চপাই অনাত সহায় কৰিছে। আমাৰ নিৰন্তৰ প্রচেষ্টাৰ ফলত যোগচর্চাৰ ক্ষেত্রত যি পৰিবেশ আজি সৃষ্টি হৈছে, কালক্রমত সেয়া আৰু শক্তিশালী হৈ উঠিব।

মানৱ জীৱনক সুখী আৰু নিৰোগী কৰি তুলিবলৈ যোগৰ ভূমিকা যে অনস্বীকার্য এই কথাটো আৰু অধিক হাৰত জগাই তোলাৰ দায়িত্বও আমাৰেই। সেয়েহে মই আহ্বান জনাওঁ যে আপোনালোক সকলো আগুৱাই আহক। আমি সকলো মিলি আমাৰ প্রচেষ্টাক আৰু শক্তিশালী কৰি তোলো। দায়িত্বশীলতাৰ এই বোধ যেন আমি কেতিয়াও নাপাহৰো।

এই পবিত্র ভূমিৰ পৰা বিশ্বৰ সকলো প্রান্তৰ যোগ অনুৰাগীক মই শুভেচ্ছা জনাইছো।

এই ধৰণৰ এটি অনুষ্ঠান আয়োজন কৰাৰ বাবে মই উত্তৰাখণ্ড চৰকাৰৰ ওচৰত শ্রদ্ধাশীল।

আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump