PM Modi, PM Hasina of Bangladesh jointly inaugurate two railway projects and a power link
Railway projects between India and Bangladesh to boost trade and connectivity
India to supply an additional 500MW power to Bangladesh, through the existing Bheramara-Baharampur interconnection
Enhanced cooperation between India and Bangladesh augurs well for our peoples as well as progress of both countries: PM Modi

শ্বেখ হাছিনা মহোদয়াবাংলাদেশৰ প্ৰধানমন্ত্ৰী,

ভাৰত আৰু বাংলাদেশৰ বিদেশ মন্ত্ৰী,,

সুশ্ৰী মমতা বেনাৰ্জী মহোদয়াপশ্চিম বংগৰ মুখ্যমন্ত্ৰী,

বিপ্লৱ কুমাৰ দেৱ মহোদয়ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

কিছুদিন পূৰ্বে কাঠমাণ্ডুত বিমষ্টেক সন্মিলনৰ সময়ত শ্বেখ হাছিনা মহোদয়াৰ সৈতে মোৰ সাক্ষাৎ হৈছিল৷ ইয়াৰ পূৰ্বেও আমি মে’ মাহত শান্তিনিকেতনত আৰু এপ্ৰিল মাহত কমনৱেলথ সন্মিলনৰ সময়ত লণ্ডনত সাক্ষাৎ হৈছিলো৷ আজি পুনৰবাৰ ভিডিঅ’ কনফাৰেন্সিঙ যোগেদি সাক্ষাৎ লাভ কৰি মই সন্তোষ লাভ কৰিছোঁ৷

মই পূৰ্বতেও বহু বাৰ কৈছিলোঁ যে চুবুৰীয়া দেশৰ নেতাৰ সৈতে চুবুৰীয়া দেশৰ দৰে সম্বন্ধ হব লাগে৷ যেতিয়াই মন যায় তেতিয়াই কথা পাতিব লাগেসাক্ষাৎ হব লাগে৷ এইসমূহ বিষয়ত আমি প্ৰটকলৰ বান্ধোনৰ মাজত থাকিব নালাগে৷ আৰু এই নিকটতা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মহোদয়াৰ সৈতে আমাৰ সম্পৰ্কত পৰিষ্কাৰ হৈ উঠিছে৷ বিভিন্ন সাক্ষাতৰ উপৰিও এয়া আমাৰ চতুৰ্থটো ভিডিঅ’ কনফাৰেন্স আৰু অনাগত ভৱিষ্যতত আৰু এটা ভিডিঅ’ কনফাৰেন্স হব৷

এই ভিডিঅ’ কনফাৰেন্সৰ সকলোতকৈ ডাঙৰ কথা হল যে আমি দুয়োখন দেশৰ সহযোগিতাৰ প্ৰকল্পৰ শুভাৰম্ভ অথবা মুকলি কোনো ভিআইপি পৰিদৰ্শনৰ সাক্ষ্য হোৱা নাই৷

মহোদয়াআমি যেতিয়াই সংযোগৰ কথা কওঁ তেতিয়া সদায়েই মোৰ আপোনাৰ ১৯৬৫ চনৰ পূৰ্বে সংযোগ বাহাল কৰাৰ দৃশ্যৰ কথা মনলৈ আহে৷ আৰু মোৰ বাবে সুখৰ কথা যে আমি বিগত কিছু বৰ্ষ ধৰি এই বিষয়ত পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ৷

আজি আমি নিজৰ শক্তি সংযোগ বৃদ্ধি কৰিছোঁ আৰু ৰেলৱে সংযোগ বৃদ্ধি অধিক কৰাৰ বাবে দুটা প্ৰকল্প আৰম্ভ কৰিছোঁ৷

২০১৫ চনত যেতিয়া মই বাংলাদেশ গৈছিলো তেতিয়া বাংলাদেশৰ ৫০০ মেগাৱাটৰ অতিৰিক্ত বিদ্যুৎ চাহিদা পূৰণ কৰাৰ নিৰ্ণয় গ্ৰহণ কৰিছিলো৷ আৰু ইয়াৰ বাবে পশ্চিম বংগৰ পৰা বাংলাদেশৰ ট্ৰেন্সমিছন লিংকৰ কাম গ্ৰহণ কৰা হৈছে৷ এই কাম সম্পূৰ্ণ কৰাত সহযোগিতা প্ৰদান কৰাৰ বাবে মই মুখ্যমন্ত্ৰী সুশ্ৰী মমতা বেনাৰ্জীক অভিনন্দন জনাইছোঁ৷

এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ জৰিয়তে অতিয়া ১.১৬ গিগাৱাট বিদ্যুৎ ভাৰতৰ পৰা বাংলাদেশলৈ প্ৰদান কৰা হৈছে৷ মই জানো যে মেগাৱাটৰ পৰা গিগাৱাটলৈ এই কোৱাণ্টাম জাম্প আমাৰ সম্বন্ধৰ সোণালী অধ্যায়ৰ প্ৰতীক হয়৷

ৰেলৱেৰ ক্ষেত্ৰতো আমাৰ সংযোগ অহৰহ বৃদ্ধি হৈ আছে৷ ইয়াত বাংলাদেশৰ অন্তঃৱৰ্তী সংযোগ আৰু ভাৰতৰ সৈতে সংযোগআমাৰ সহযোগিতাৰ প্ৰধান পদক্ষেপ৷

আখোড়াআগৰতলাৰ ৰেল সংযোগৰ কাম পূৰণ হোৱাৰ জৰিয়তে ক্ৰৰ্ডাৰ সংযোগত এক বৃহৎ অধ্যায় জড়িত হৈ পৰিব৷ এই প্ৰকল্পত সহযোগিতা কৰাৰ বাবে মই মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক অভিনন্দন জ্ঞাপন কৰিছোঁ৷

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মহোদয়াই বাংলাদেশৰ বিকাশৰ বাবে মহত্বকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ ২০২১ চন পৰ্যন্ত মধ্য উপাৰ্জনশীল দেশ আৰু ২০৪১ চন পৰ্যন্ত উন্নয়নশীল দেশ হিচাপে পৰিগণিত হোৱাৰ তেওঁৰ ভিজনক বাস্তৱায়িত কৰাত সহযোগিতা প্ৰদান কৰিবলৈ পাই আমি গৰ্ব বোধ কৰিছোঁ৷

মোৰ বিশ্বাস যে যিমানেই আমি সম্বন্ধৰ উত্তৰণ কৰিমযিমানেই জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধি হব সিমানেই আমি বিকাশ আৰু সমৃদ্ধিৰ নতুন দিগন্ত স্পৰ্শ কৰিব পাৰিম৷

এই কামত সহযোগিতা প্ৰদানৰ বাবে আৰু আজিৰ এই কাৰ্যসূচীত উপস্থিত থকাৰ বাবে মই প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মহোদয়াপশ্চিম বংগ তথা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক হৃদয়েৰে ধন্যবাদন জ্ঞাপন কৰিছোঁ৷

ধন্যবাদ৷    

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival