Poorvanchal Expressway would transform the towns and cities that it passes through: PM Modi
Connectivity is necessary for development: PM Narendra Modi
Sabka Saath, Sabka Vikaas is our mantra; our focus is on balanced development: PM
PM Modi slams opposition for obstructing the law on Triple Talaq from being passed in the Parliament

উত্তৰ প্রদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক ডাঙৰীয়া, যশস্বী, তেজস্বী, পৰিশ্রমী মুখ্যমন্ত্রী যোগী আদিত্যনাথ, সদা হাস্যময় উপ-মুখ্যমন্ত্রী কেশৱ প্রসাদ মৌর্য, কেন্দ্রীয় উদ্যোগ বিকাশ বিভাগত ৰাজ্যিক মন্ত্রী সতীশ মহানা, ৰাজ্য চৰকাৰৰ মন্ত্রী ভাই দাৰাসিং, সাংসদসকল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি মহেন্দ্রনাথ পাণ্ডে, মোৰ সতীৰ্থ সাংসদ ভগ্নী নিলম সোনকৰ, স্থানীয় বিধায়ক অৰুণ ডাঙৰীয়া আৰু বিপুল পৰিমাণে সমবেত মোৰ ভাই-ভনীসকল।

 

ঋষি-মুনিসকলৰ সাধনা ক্ষেত্র আৰু সাহিত্য জগতৰ কেইবাগৰাকী মণীষীৰ জন্মস্থান আজমগড়ৰ এই পুণ্যভূমিক মই প্রণাম জনাইছো। আজি উত্তৰ প্রদেশৰ উন্নয়নত আন এক নতুন অধ্যায় সংযোগ হ’ল। পূব ভাৰতত পূব উত্তৰ প্রদেশৰ এক বৃহত্তৰ অঞ্চলত উন্নয়নৰ নতুন গংগা প্রবাহিত হ’ব। এই গংগাক পূর্বাঞ্চল এক্সপ্রেছ ৰূপে আপোনালোকে পাব, যাৰ আধাৰশিলা স্থাপনৰ বাবে মোৰ সৌভাগ্য হ’ল।

বন্ধুসকল,

 

আমি উত্তৰ প্রদেশৰ উন্নয়নক এনে গতি প্রদান কৰিব বিচাৰো, যাতে সকলো অনগ্ৰসৰ অঞ্চল দ্রুতগতি বিকাশ হৈ অন্যান্য অঞ্চলৰ সমান পৰ্যায়লৈ উন্নীত হৈ উঠিব পাৰে। চাৰি বছৰ আগতে আপোনালোকে ভাৰতীয় জনতা পার্টিক বিপুল ভোটত জয়যুক্ত কৰি কেন্দ্রত চৰকাৰ গঠনৰ দায়িত্ব প্ৰদান কৰে। মোক কাশীৰ পৰা নির্বাচিত কৰিলে। আমাৰ কাম দেখি যোৱা বছৰ আপোনালোকে আন এক ঐতিহাসিক সিদ্ধান্ত ল’লে। সেয়া হ’ল ৰাজ্যতো ভাৰতীয় জনতা পার্টিৰ চৰকাৰ গঠন কৰিলে। যোগী আদিত্যনাথৰ নেতৃত্বত বিগত এবছৰে এই চৰকাৰে কৰা কাম অভূতপূর্ব। অপৰাধ নিয়ন্ত্রণ কৰি দুর্নীতি দূৰীকৰণৰ জৰিয়তে যোগী আদিত্যনাথে ৰাজ্যত এনে বাণিজ্য অনুকূল পৰিৱেশ গঢ়ি তুলিছে যে দেশ তথা বিদেশৰ বহু বিনিয়োগকাৰীয়ে যোৱা এবছৰত ৰাজ্যখনত অভিলেখ পৰিমাণ বিনিয়োগ কৰা পৰিলক্ষিত হৈছে। কৃষক, যুৱক-যুৱতী. পীড়িত-শোষিত-বঞ্চিত সকলৰ উত্থানৰ বাবে সংকল্প গ্রহণ কৰি এই চৰকাৰে আপোনালোকক লগত লৈ এই সফলতা অর্জন কৰিছে। বিগত ১০ বছৰত উত্তৰ প্রদেশৰ যি নেতিবাচক পৰিৱেশ গঢ় লৈ উঠিছিল, সেয়া এচিয়া সলনি হৈছে। এতিয়া জনগণৰ টকা জনগণৰ মংগলৰ বাবেই খৰচ হয়। এই পৰিৱর্তিত কর্ম-সংস্কৃতিয়ে উত্তৰ প্রদেশক ভৱিষ্যতে এক নতুন শিখৰত উপনীত কৰাব।

ভাই-ভনীসকল, পূর্বাঞ্চল এক্সপ্ৰেছৱেই সমগ্ৰ উত্তৰ প্রদেশক,  বিশেষকৈ পূব উত্তৰ প্রদেশৰ আশা-আকাংশ্ৰা পূৰণত গুৰুত্বপূর্ণ হিচাপে বিবেটিত হ’ব। ২৩ হাজাৰ কোটি টকা বিনিয়োগেৰে লক্ষ্ণৌৰ পৰা গাজিপুৰলৈকে ৩৪০ কিলোমিটাৰ পথত যিমান চহৰ, অৰ্ধ-চহৰ আৰু গাওঁ অন্তৰ্ভূক্ত হ’ব–প্রতিটো অঞ্চলৰ ছবি সলনি হৈ যাব। দিল্লীৰ পৰা গাজিপুৰৰ দূৰত্বও কেইবা ঘন্টা কমিব। ফলত দীঘলীয়া যান-জঁটৰ পৰা মানুহে ৰেহাই পাব, সময়ৰ সমান্তৰালভাৱে শক্তি সঞ্চয়ো হ’ব, পৰিৱেশো প্ৰদূষণমুক্ত হ’ব। মই নিশ্চিত যে এই বিশাল এলেকাৰ কৃষক, পশুপালক, তাঁতি, কুমাৰসকলৰ জীৱনত এই এক্সপ্ৰেছৱেই নতুন গতি প্রদান কৰিব। কৃষক ভাই-ভনীসকলৰ উৎপাদিত শস্য, ফল, শাক-পাচলি, গাখীৰ অতি কম সময়তে দিল্লীৰ বজাৰসমূহ পাবগৈ। এই পথটো দেশৰ এক গুৰুত্বপূর্ণ উদ্যোগ ঘাইপথ হৈ পৰিব। এই পথৰ দুয়োকাষে নতুন নতুন উদ্যোগ বিকশিত হ’ব। ফলত বহু নতুন শিক্ষা প্রতিষ্ঠান, প্রশিক্ষণ সংস্থা, উদ্যোগ প্ৰশিক্ষণ ব্যৱস্থাপনা আৰু মেডিকেল কলেজ স্থাপনৰ সম্ভাৱনা আছে। ইয়াৰ সমান্তৰালভাৱে, এই অঞ্চলৰ পর্যটনো উন্নত হ’ব। এই অঞ্চলত আমাৰ যিসমূহ গুৰুত্বপূর্ণ পৌৰাণিক স্থান আছে, আমাৰ ঋষি-মুনিসকলৰ ভজন-পূজনৰ ইতিহাস আছে, ভগবান ৰামৰ কীর্তি জড়িত এই অঞ্চলৰ পর্যটন আৰু অধিক বিকশিত হ’লে স্থানীয় যুৱক-যুৱতীসকলে পাৰম্পৰিক বৃত্তিৰ লগতে পর্যটন ক্ষেত্রতো কর্মসংস্থাপনৰ সুযোগ পাব।

 

বন্ধুসকল, মোক জনোৱা হৈছে যে কাইলৈ গোৰখপুৰ আৰু বুন্দেলখণ্ডকো এনে দুটা স্বতন্ত্র এক্সপ্ৰেছৱেৰ জৰিয়তে সংযোগ কৰা হ’ব। এই সকলো প্রচেষ্টাই উত্তৰ প্রদেশৰ যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাক নতুন স্তৰলৈ উন্নীত কৰিব। একবিংশ শতিকাৰ উন্নয়নৰ বুনিয়াদী চর্ত হ’ল যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নয়ন। এই উন্নয়ন নতুন কর্মসংস্থাপন, নতুন ব্যৱসায় আৰু উদ্যোগ স্থাপনৰ জৰিয়তে দেশৰ নিম্নবর্গৰ লোকসকলৰ জীৱনযাত্রাৰ মান উন্নত কৰাৰ কাম ত্বৰান্বিত কৰিব।

 

ভাই-ভনীসকল, আমাৰ কাম কৰাৰ ইচ্ছা থাকিলে আৰু উন্নয়নৰ লক্ষ্যৰে কাম কৰিলে গতি নিজে নিজেই বৃদ্ধি পায়। ফাইলসমূহ ৰঙা ফিটাৰ মেৰপাকত আবদ্ধ থাকিব নালাগিব। সেইবাবে বিগত ৪ বছৰত উত্তৰ প্রদেশত ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক দুগুণ প্ৰসাৰিত হৈছে। স্বাধীনতাৰ পাছৰ পৰা ২০১৪ চনৰ আগলৈতে যিমান কাম হৈছে বিজেপি চৰকাৰে যোৱা চাৰি বছৰত সমপৰিমাণ কাম কৰি দেখুৱাইছে। তদুপৰি, এই ৰাজ্যত যোগী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠনৰ পাছত কামৰ গতি আৰু বৃদ্ধি পাইছে। উত্তৰ প্রদেশত পথৰ সমান্তৰালভাৱে জলপথ আৰু আকাশীপথৰ কামো দ্রুতগতিত আগুৱাইছে। গংগা নদীত বাৰাণসীৰ পৰা হলদিয়ালৈকে জাহাজ সেৱা আৰম্ভ হ’লে সমগ্ৰ অঞ্চলত উদ্যোগৰ বিকাশে নতুন মাত্রা লাভ কৰি। তদুপৰি, বিমান সেৱাৰ ক্ষেত্ৰত মোৰ যি সপোন আছিল, হাৱাই চেণ্ডেল পিন্ধা লোকেও যাতে সহজে বিমানত উঠিব পাৰে, সেই সপোনক লক্ষ্য ৰাখি চৰকাৰে উড়ান যোজনাক দ্রুতগতিত আগুৱাই নিছে। সৰু সৰু চহৰসমূহত বিমান সেৱা আৰম্ভ কৰা হৈছে।উত্তৰ প্রদেশত ১২টা নতুন বিমানবন্দৰ নির্মাণৰ কাম চলিছে। সমান্তৰালভাৱে, কুশীনগৰ আৰু জেৱেৰত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নির্মাণৰ কাম চলিছে।

ভাই-ভনীসকল, মোদী আৰু যোগী আপোনালোকৰ পৰিয়ালৰ মানুহ আপোনালোকৰ সপোন আৰু আমাৰ সপোন একেই। দুখীয়া পৰিয়ালৰ সন্তান হিচাপে আমি দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ আশা-আকাংক্ষাক গভীৰতাৰে বুজিব পাৰি। সেইবাবে উড়ান যোজনাত এক ঘন্টা ভ্ৰমণৰ বাবে কোনো যাত্রীয়ে যেন আঢ়ৈ হাজাৰ টকাতকৈ অধিক ভাড়া দিবলগীয়া নহয়, তাকো আমি সুনিশ্চিত কৰিছো। ফলস্বৰূপে, যোৱা বছৰ সমগ্ৰ দেশত যিমান লোকে ৰে’লৰ শীততাপ নিয়ন্ত্রিত আসনত যাতায়াত কৰিছিল, তাতকৈও অধিক লোকে বিমানযোগে যাতায়াত কৰিছে। বন্ধুসকল, পূর্বৰ চৰকাৰসমূহৰ নীতি এনে আছিল যাৰ বাবে পূব উত্তৰপ্রদেশকে ধৰি গোটেই পূব ভাৰত দেশৰ অন্যান্য অঞ্চলৰ তুলনাত পিছপৰি আছিল। কিন্তু মই বিশ্বাস কৰো পূব ভাৰতৰ প্রতিটো অঞ্চলৰ জনগণৰ সামর্থ্য আছে যে তেওঁলোকে এই অঞ্চলৰ উন্নয়নক ক্ষীপ্ৰগতিত আগুৱাই লৈ যাব পাৰে। সেই সম্ভাৱনাক জগাই ৰাখি আমি সমগ্ৰ পূব ভাৰতৰ দৃশ্যপট সলনি কৰিব বিচাৰো।

 

বন্ধুসকল,

 

যেতিয়ালৈকে পূব দিশত উন্নয়নৰ সূর্য নুঠে, তেতিয়ালৈকে নতুন ভাৰত উজ্জ্বলি নুঠে। সেইবাবে বিগত চাৰি বছৰত আমি পূব উত্তৰপ্রদেশৰ পৰা আৰম্ভ কৰি বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, ওড়িশা, অসম আৰু উত্তৰ-পূব ভাৰতৰ অন্যান্য ৰাজ্যৰ উন্নয়নক গুৰুত্ব দি সেই অঞ্চলৰ আন্তঃগাঁথনিমুলক উন্নয়নৰ কাম দ্রুতগতিত আগুৱাই লৈ গৈছো। পথ, ৰে’ল আৰু বিমানবন্দৰৰ বহুত নতুন নতুন প্রকল্প অনুমোদন জনোৱা হৈছে। নতুন নতুন মেডিকেল কলেজ, এইম্‌ছ নির্মাণ প্রকল্পত অনুমোদন জনোৱা হৈছে। বন্ধ হৈ থকা সাৰ কাৰখানাসমূহক পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। এইদৰেই আমি নতুন ভাৰতৰ উন্নয়নত ভাৰসাম্য আনিবলৈ ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্রৰে আগুৱাই গৈছো। সকলোকে সমান সুযোগ দিলে উন্নয়নত ভাৰসাম্য অহাটো নিশ্চিত। আমি দেশত গাওঁকেন্দ্রিক উন্নয়নত জোৰ দিছো। দেশৰ প্রতিখন ডাঙৰ পঞ্চায়তক অপ্টিকেল ফাইবাৰৰ জৰিয়তে সংযোগ কৰাৰ কাম দ্রুত গতিত আগুৱাই গৈছে। ইতিমধ্যে লক্ষাধিক পঞ্চায়তক সংযোগ কৰা হৈছে। তিনি লাখতকৈও অধিক কমনছার্ভিচ চেণ্টাৰ, গাওঁ আৰু দুখীয়া লোকসকলৰ সবলীকৰণৰ কাম, তেওঁলোকৰ জীৱনক সহজ কৰাৰ লক্ষ্যৰে আগুৱাই গৈছে। তদুপৰি, ডেৰ লাখতকৈও অধিক ‘আৰোগ্য কেন্দ্ৰ’ গঢ়ি তুলি সাধাৰণ লোকসকলৰ স্বাস্থ্য সেৱাক উন্নত কৰাৰ লক্ষ্যৰে কাম কৰি আহিছো।

বন্ধুসকল,

 

বিগত চাৰি বছৰত প্রধানমন্ত্রী আৱাস যোজনা আৰু পূর্বৰ চৰকাৰে আৰম্ভ কৰা আৱাস যোজনাসমূহৰ অসম্পূর্ণ কাম সম্পূর্ণ কৰাৰ জৰিয়তে দেশত দৰিদ্রসকলৰ বাবে ১ কোটিৰো অধিক গৃহ নির্মাণ কৰা হৈছে। প্রধানমন্ত্রী গ্রাম-চড়ক যোজনাৰ দ্বাৰা দেশৰ প্রত্যেকখন গাঁৱক চড়কপথৰ সৈতে সংযোগ কৰাৰ কাম বৰ্তমান অন্তিম পর্যায়ত উপনীত হৈছে। মহাত্মা গান্ধীয়ে দেশ আৰু গাঁওসমূহত যি স্বৰাজৰ সপোন দেখিছিল, বাবাচাহেব আম্বেদকাৰ, পণ্ডিত দীনদয়াল উপাধ্যায়, ডঃ ৰাম মনোহৰ লোহিয়াই যি সপোন দেখিছিল-আমি এই সকলো প্রকল্পৰ জৰিয়তে তেওঁলোকৰ সপোন বাস্তবায়িত কৰিছো। কিন্তু দুর্ভাগ্যবশতঃ সমতা আৰু সাম্যৰ ধ্বজাধাৰী কেইটামান ৰাজনৈতিক দলে বাবাচাহেব আম্বেদকাৰ আৰু ৰামমনোহৰ লোহিয়াৰ নামত কেৱল ৰাজনীতি কৰি আহিছে। মই আজমগড়ৰ জনগণক জনাব বিচাৰো যে পূৰ্বৰ চৰকাৰসমূহে যিদৰে কাম কৰিছিল, তাতকৈ আপোনালোকৰ কিমান ভাল হৈছে? আজমগড়ে আৰু অধিক উন্নয়নৰ দাবিদাৰ নাছিল নেকি? সত্য এইটোৱেই যে এই দলসমূহে সাধাৰণ লোকৰ পৰিৱৰ্তে কেৱল নিজৰ লগতে পৰিয়ালৰ সদস্যসকলৰহে ভাল কৰিছিল।দৰিদ্ৰতা দূৰীকৰণৰ নামত ভোট বিচাৰি, দলিত বা অনগ্ৰসৰ লোকসকলৰ নামত ভোট বিচাৰি তেওঁলোকৰ ভোটৰেই নির্বাচিত হৈ তেওঁলোকে নিজৰ পৰিয়ালৰ চন্দুক ভৰোৱাৰ বাদে আন একো নকৰিলে। অথচ এতিয়া চাওক, ইমানদিন যিসকলে পৰস্পৰৰ মুখদর্শন কৰা নাছিল, তেওঁলোক সকলো একত্রিত হৈছে। পুৱা-গধূলি কেৱল মোৰ নাম জপ কৰে– মোদী মোদী মোদী। এই সকলো পৰিয়ালকেন্দ্ৰিক দল আপোনালোকৰ উন্নয়নৰ অন্তৰায়। তেওঁলোকে আপোনালোকৰ সবলীকৰণ নিবিচাৰে। কাৰণ, আপোনালোক সবল হ’লে, তেওঁলোকৰ দোকান বন্ধ হৈ যাব।

 

ভাই-ভনীসকল, তিনি তালাকৰ ক্ষেত্ৰতো এই দলসমূহৰ মুখা খুলি দিছে। কেন্দ্রীয় চৰকাৰে যেতিয়া দেশৰ মহিলাসকলৰ জীৱন সহজ কৰাৰ বাবে প্রচেষ্টা গ্ৰহণ কৰিছে, এই সকলো দল মিলি তাৰ ওলোটাতো কৰিছে, বিশেষকৈ মুছলিম মাতৃ-ভগ্নীৰ জীৱন আৰু অধিক সংকটৰ ফালে ঠেলি দিছে। কোটি-কোটি মুছলমান ভগ্নীয়ে তিনি তালাক বন্ধ কৰিবলৈ দাবী জনাইছিল। বিশ্বৰ মুছলিমপ্ৰধান ৰাষ্ট্রসমূহেও এই কুপ্রথাক নিষিদ্ধ কৰিছে। কিন্তু আমাৰ দেশত এওঁলোকে ৰাজনীতি কৰিছে। মই বাতৰি কাকতত পঢ়িবলৈ পাইছো যে কংগ্রেছ দলৰ অধ্যক্ষ শ্রীযুত নামদাৰে কৈছে যে কংগ্রেছ মুছলিমৰ দল। বিগত দুদিন ধৰি সমগ্ৰ দেশত এই লৈ আলোচনা হৈছে। মই আশ্চর্য হোৱা নাই। কাৰণ, শ্রদ্ধাৰ মনমোহন সিং যেতিয়া প্রধানমন্ত্রী আছিল, তেতিয়া তেওঁ নিজেই কৈছিল যে দেশৰ প্রাকৃতিক সম্পদৰ ওপৰত মুছলমানসকলৰ অগ্রাধিকাৰ আছে। মই কংগ্রেছ দলৰ মহামহিমত সুধিব বিচাৰো যে কংগ্ৰেছ মুছলামানৰ দল হ’লে ইয়াত কেৱল মুছলমান পুৰুষসকলৰে নে মহিলাসকলৰো? মুছলমান মহিলাসকলৰ আত্মসম্মান আৰু তেওঁলোকৰ অধিকাৰৰ স্বার্থত তেওঁলোকৰ দলে সংসদত আইন গৃহীত কৰিবলৈ নিদিয়ে কিয়? মই এই পৰিয়ালকেন্দ্ৰিক তথা এই মোদী বিৰোধী দলসমূহক ক’ব বিচাৰো যে সংসদৰ পৰৱর্তী অধিৱেশন আৰম্ভ হ’বলৈ এতিয়াও ৪-৫ দিন বাকী আছে। আপোনালোকে পীড়িত মুছলমান মহিলাসকলৰ সৈতে দেখা কৰি তালাকৰ কাৰণসমূহ জানি আহক। আপোনালোকৰ হাই-উৰুমিৰ ফলত বীতশ্রদ্ধ সেই মাতৃ-ভগ্নীসকলৰ সৈতে দেখা কৰক তাৰপিছতহে সংসদত আহি নিজৰ মতামত ব্যক্ত কৰিব।

 

ভাই-ভনীসকল,

 

কোনো ৰাজনৈতিক দলে অষ্টাদশ শতিকাৰ নীতি লৈ যিমানেই মোদী বিৰোধী শ্ল’গান নিদিয়ক কিয়, তেওঁলোকে দেশৰ কোনো কামত নালাগে। ভাই-ভনীসকল, বিজেপি চৰকাৰে সংসদত আইন প্রণয়ন কৰি মুছলমান ভনীসকলৰ অধিকাৰ প্রদানৰ যি চেষ্টা হাতত লৈছে, তাৰ বিৰোধিতা কৰি তেওঁলোকে তেওঁলোকৰ জীৱনক অন্ধকাৰত ৰাখিব বিচাৰে। কিন্তু মই আপোনালোকক আশ্বস্ত কৰিছো যে আমি তেওঁলোকক বুজাই সন্মতি আদায় কৰাৰ চেষ্টা কৰিম।

 

ভাই-ভনীসকল,

এনে নেতা আৰু তেওঁলোকৰ দলসমূহৰ পৰা সাৱধান থকাৰ প্রয়োজন। নিজৰ স্বার্থত ডুবি থকা মানুহে অলপো জনগণ আৰু দেশৰ ভাল নিবিচাৰে। ইফালে, কেন্দ্রীয় চৰকাৰ আৰু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বাবে দেশেৰ আমাৰ পৰিয়াল, ১২৫ কোটি ভাৰতীয় আমাৰ পৰিয়ালৰ সদস্য। জন ধন যোজনাৰ জৰিয়তে উত্তৰ প্রদেশৰ প্রায় ৫ কোটি দুখীয়া মানুহৰ বেংক একাউন্ট খোলা হৈছে। ৮০ লক্ষাধিক মহিলাক বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ প্রদানৰ জৰিয়তে খৰিৰ ধোঁৱাৰ পৰা মুক্তি দিয়া হৈছে। প্ৰতি মাহত মাত্র ১ টকা আৰু দৈনিক ৯০ পইছা কিস্তিত এই ৰাজ্যৰ ১.৬০কোটিতকৈও অধিক দুখীয়া লোকৰ জীৱনৰ সুৰক্ষা সুনিশ্চিত কৰা হৈছে। আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে চৰকাৰে দেশৰ সকলো দুখীয়া পৰিয়ালৰ যি কোনো সদস্য অসুস্থ হ’লে বছৰি ৫ লাখ টকাৰ চিকিৎসা বিনামূলীয়াকৈ প্রদান কৰাৰ ব্যৱস্থা গঢ়ি তুলিছে। সম্প্রতি চৰকাৰে কৃষকসকলৰ প্রতিশ্রুতি পূৰণৰ জৰিয়তে ১৪ বিধ খাৰিফ শস্যৰ ন্যূনতম সমর্থন মূল্য বহু পৰিমাণে বৃদ্ধি কৰিছে। ধান, ভুট্টা, জোৱাৰ, বাজৰা, ৰহৰ, মগু, সূর্যমুখী, ছয়াবীন, তিল ইত্যাদিৰ সমর্থন মূল্য ২০০ টকাৰ পৰা ১৮০০ টকা পর্যন্ত বৃদ্ধি কৰা হৈছে, যাতে তেওঁলোকে বিনিয়োগ মূল্যৰ দুগুণ সমর্থন মূল্য লাভ কৰে।

বন্ধুসকল,

 

আমাৰ চৰকাৰে নাগৰিকসকলৰ প্রয়োজনীতাক উপলব্ধি কৰি আঁচনিৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তসমূহ বহু বছৰ আগতে লোৱা উচিত আছিল। কিন্তু পূর্বৰ চৰকাৰসমূহে ৰঙা ফিটাৰ মেৰপাকত আৱদ্ধ কৰি ৰাখিছিল। ভাৰতীয় জনতা পার্টিৰ নেতৃত্বাধীন চৰকাৰে আপোনালোকৰ প্রতিটো প্রয়োজন সম্পর্কে সম্পূর্ণৰূপে সংবেদনশীল। বৰ্তমান বানাৰসী শাড়ী উদ্যোগৰ পৰা চৰকাৰে ভাল কৰ লাভ কৰে। কিন্তু ইয়াৰ লগত জড়িত শিপিনী ভাই-ভনীসকলৰ জীৱনযাত্রাৰ মান উন্নয়নৰো প্রচেষ্টা কোনেও কৰা নাই। বর্তমান চৰকাৰে তেওঁলোকৰ বাবে আধুনিক মেচিন, কম সুদত ঋণ আৰু নতুন বজাৰ গঢ়ি তোলাৰ কাম কৰিছে। যোৱা বছৰ বানাৰসীত ‘বাণিজ্য সহায়ক কেন্দ্ৰ’ আৰম্ভ কৰা হৈছে। এই কেন্দ্রটোৱে শিপিনী আৰু সূচী শিল্পীসকলৰ জীৱনত নতুন আশাৰ কিৰণ সঞ্চাৰ কৰিছে। ইয়াৰ জৰিয়তে হস্তশিল্প নির্মিত কার্পেট উৎপাদনো লাভজনক হৈ পৰিছে। যোগী আদিত্যনাথৰ নেতৃত্বত ৰাজ্য চৰকাৰে হস্তশিল্পত নতুন নীতি প্রণয়ন কৰিছে। ‘এক জিলা-এক উদ্যোগ’ আঁচনিৰ জৰিয়তে উৎপাদনক উৎসাহ যোগাই ইয়াৰ প্রচাৰ, প্রসাৰ আৰু বাণিজ্যকৰণ প্রক্রিয়া সহজ কৰা হৈছে।

 

ভাই-ভনীসকল,

 

ইয়াৰ ক’লা মাটিৰ সামগ্ৰী অতি সুন্দৰ। মই যোগী আদিত্যনাথ আৰু তেওঁৰ সতীৰ্থক শুভেচ্ছা জনাও যে তেওঁলোকে এই ক’লা মাটিৰ উদ্যোগক উৎসাহ যোগাতে ‘ক’লা মাটি বোর্ড’ গঠন কৰাৰ সিদ্ধান্ত লৈছো। ইয়াৰ ফলত এই শিল্প বাচি থাকিব, উৎকর্ষ বৃদ্ধি পোৱাৰ লগতে লাখ লাখ লোকে কর্মসংস্থাপন লাভ কৰিব।

বন্ধুসকল,

 

জনকল্যাণ আৰু ৰাষ্ট্র কল্যাণক অগ্ৰাধিকাৰ দি দৰিদ্র লোকৰ জীৱনক সৰল আৰু সুগম কৰি তোলাৰ লক্ষ্য লৈ কাম কৰিলেহে এনেধৰণৰ সিদ্ধান্ত ল’ব পাৰি। আগৰ দৰে কেৱল কাগজত আঁচনি আৰু ভাষণত আধাৰশিলাৰ মার্কা চৰকাৰ আমি চলাব বিচৰা নাই। এই পৰিৱর্তনৰ ফলত উত্তৰপ্রদেশ তথা দেশৰ কর্মসংস্কৃতি এতিয়া সলনি হৈছে।

 

পূব উত্তৰপ্রদেশৰ ভাই-ভনীসকলৰ সেৱাত এই আধুনিক এক্সপ্ৰেছৱে গঢ়ি তোলাৰ কাম আৰম্ভ হোৱাত মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো। আপোনালোকে এই প্রখৰ ৰ’দত ইমান বিপুল হাৰত ইয়ালৈ আহিছে, এয়াই আমাৰ প্ৰতি আপোনালোকৰ ভাল পোৱাৰ প্রতীক। আপোনালোকৰ এই আশীর্বাদ গ্রহণ কৰি মই অন্তৰৰ পৰা আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors

Media Coverage

India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles passing of renowned photographer Shri Raghu Rai
April 26, 2026

The Prime Minister has expressed deep sorrow over the passing of eminent photographer Raghu Rai, describing him as a creative stalwart who immortalised India’s vibrancy through his lens. Shri Modi noted that Shri Raghu Rai’s work was marked by extraordinary sensitivity, depth and diversity, capturing the many facets of life across India and bringing them closer to people.The Prime Minister remarked that his contribution to the world of photography and culture is unparalleled, and his passing is an irreparable loss to the artistic community.

The Prime Minister posted on X;

“Shri Raghu Rai Ji will be remembered as a creative stalwart, who captured India’s vibrancy through his lens. His photography had extraordinary sensitivity, depth and diversity. It brought people closer to the different aspects of life in India. His passing is an irreparable loss to the world of photography and culture. My thoughts are with his family, admirers and the photography fraternity in this hour of grief. Om Shanti.”