কৃষি ক্ষেত্ৰত গৱেষণা আৰু উন্নয়ণত বেচৰকাৰী সংস্থাবোৰৰ আৰু অংশীদাৰীত্বৰ ওপৰত গুৰুত্ব আৰোপ
ক্ষুদ্ৰ কৃষকসকলৰ সবলীকৰণ চৰকাৰৰ অন্যতম লক্ষ্য : প্ৰধানমন্ত্ৰী
আমাৰ দেশৰ কৃষি ক্ষেত্ৰক আন্তৰ্জাতিক খাদ্য প্ৰক্ৰিয়াকৰণ বজাৰলৈ প্ৰেৰণৰ উদ্যোগ : প্ৰধানমন্ত্ৰী

নমস্কাৰ!!

এই বছৰৰ বাজেটত আপোনালোকৰ পৰামৰ্শবোৰে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আৰু যেতিয়া আপোনালোকে বাজেট প্ৰত্যক্ষ কৰিছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আপোনালোকৰ পৰামৰ্শ, আপোনালোকৰ মতামত অন্তৰ্ভুক্ত কৰিবলৈ আমি সৰ্বোত্তম চেষ্টা কৰিছো। আজিৰ এই সংবাদৰ মাধ্যমেৰে.. এই সংবাদ কৃষি সংস্কাৰ আৰু বাজেটৰ ব্যৱস্থাক আমি আগুৱাই নিব লাগে, শীঘ্ৰতাৰে আগবাঢ়ি যাব লাগে, অন্তিম মাইলত উপনীত হ'ব লাগে তাকো এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত। আৰু ইয়াক দক্ষতাৰে সম্পন্ন কৰক আৰু সকলোৱে ইয়াত যোগ দিয়ক। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ ই এক নিখুঁত নমুনা। কেন্দ্ৰ বা ৰাজ্যিক সমন্বয়ৰ নিখুঁত নমুনা... আমি ইয়াক আজিৰ আলোচনাত অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰো৷

এই ৱেবিনাৰত কৃষি, দুগ্ধজাত, মৎস্য, ৰাজহুৱা, ব্যক্তিগত আৰু সমবায় খণ্ডৰ অংশীদাৰসকল, বিশেষজ্ঞসকল আছে। আজি আমি তেওঁলোকৰ মতামতৰ দ্বাৰা উপকৃত হ’ম। দেশৰ গ্ৰাম্য অৰ্থনীতিক পুঁজি প্ৰদান কৰা বেংকৰ প্ৰতিনিধিও আছে৷

আপোনালোক সকলো এক আত্মনিৰ্ভৰ ভাৰতৰ বাবে প্ৰয়োজনীয় আত্মনিৰ্ভৰ গ্ৰাম্য অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। মই কিছু সময় আগতে সংসদত বিস্তৃতভাৱে কৈছিলো যে দেশৰ ক্ষুদ্ৰ কৃষকসকলক লক্ষ্য ৰাখি চৰকাৰে কেনেকৈ বহুবছৰ ধৰি বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। এই ক্ষুদ্ৰ কৃষকসকলৰ সংখ্যা প্ৰায় ১২ কোটি আৰু তেওঁলোকৰ সবলীকৰণ, এই ক্ষুদ্ৰ কৃষকসকলৰ সশক্তিকৰণে ভাৰতীয় কৃষিক বহুতো অসুবিধাৰ পৰা মুক্তি দিয়াত সহায় কৰিব। কেৱল সেইটোৱেই নহয়, গ্ৰাম্য অৰ্থনীতিৰ চালিকা শক্তিও এওলোকেই হ'ব।

মই নিজৰ কথা আগবঢ়াই নিয়াৰ পূৰ্বে বাজেটত কৃষিৰ বাবে কি কৰা হৈছে তাৰে কিছুমান আলোকপাত আপোনালোকৰ সন্মুখত পুনৰাবৃত্তি কৰিব বিচাৰো। মই জানো আপোনালোক এই আটাইবোৰ বস্তুৰ সৈতে পৰিচিত। চৰকাৰে এইবাৰ কৃষি ঋণৰ লক্ষ্য ১৬ লাখ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰিছে। ইয়াত পশুপালন, দুগ্ধজাত আৰু মৎস্য খণ্ডক প্ৰাথমিকতা প্ৰদান কৰা হৈছে। গ্ৰাম্য আন্তঃগাঁথনি পুঁজিও ৪০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ক্ষুদ্ৰ জলসিঞ্চন পুঁজিৰ পৰিমাণো দুগুণ কৰা হৈছে। অপাৰেচন গ্ৰীণ আঁচনি এতিয়া ২২ টা পচনশীল সামগ্ৰীলৈ প্ৰসাৰণ কৰা হৈছে। দেশৰ ১০০০ মণ্ডীক ই-এনএএমৰ সৈতে সংযোগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সকলোবোৰ সিদ্ধান্তত চৰকাৰৰ চিন্তা, চৰকাৰৰ উদ্দেশ্য আৰু একে সময়তে চৰকাৰৰ দৃষ্টিভংগীও প্ৰতিফলিত কৰে। আৰু এই সকলোবোৰ কথা আপোনালোক সকলোৰে সৈতে হোৱা আলোচনাৰ পৰা বিকশিত হৈছে। যিটো আমি অনুসৰণ কৰিছো। সঘনাই বৃদ্ধি হোৱা কৃষি উৎপাদনৰ মাজত, ভাৰতক ২১শ শতিকাত শস্যৰ পচ্ছাদ বিপ্লৱ বা খাদ্য প্ৰক্ৰিয়াকৰণ বিপ্লৱ আৰু মূল্য সংযোজনৰ প্ৰয়োজন। যদি এইটো দুই-তিনি দশক আগতে কৰা হ'লহেঁতেন তেতিয়া দেশৰ বাবে অতি ভাল হ'লহেতেঁন। এতিয়া, আমি অতিক্ৰম হোৱা সময়ৰ ক্ষতিপূৰণ দিব লাগিব, আগন্তুক দিনসমূহত আমাৰ প্ৰস্তুতি আৰু গতি বৃদ্ধি কৰিব লাগিব।

বন্ধুসকল,

যদি আমি আমাৰ দুগ্ধ খণ্ডলৈ চাওঁ, ই আজি ইমান শক্তিশালী কাৰণ ই দশকজুৰি প্ৰক্ৰিয়াকৰণৰ যথেষ্ট সম্প্ৰসাৰিত কৰিছে। আজি আমি কৃষিৰ প্ৰতিটো খণ্ডত, প্ৰতিটো খাদ্য, প্ৰতিটো পাচলি, ফল, মৎস্য পালন, সকলোবোৰত প্ৰক্ৰিয়াকৰণৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিব লাগিব আৰু প্ৰক্ৰিয়াকৰণৰ ব্যৱস্থা কৰিব লাগিব... সেইটো উন্নত কৰিবলৈ, কৃষকসকলে তেওঁলোকৰ গাঁৱৰ ওচৰত আধুনিক সংৰক্ষণ সুবিধা লাভ কৰিব লাগিব, খেতিৰ পৰা প্ৰক্ৰিয়াকৰণ ইউনিটত প্ৰৱেশ কৰাৰ প্ৰণালী উন্নত কৰিব লাগিব, প্ৰক্ৰিয়াকৰণ ইউনিটৰ হেণ্ড হোল্ডিং কৃষক-উৎপাদক সংগঠন মিলি কৰিব লাগিব। আৰু আমি সকলোৱেই জানো যে খাদ্য প্ৰক্ৰিয়াকৰণ বিপ্লৱৰ বাবে দেশৰ কৃষকসকলৰ লগতে দেশৰ ৰাজহুৱা-ব্যক্তিগত-সমবায় খণ্ডই সম্পূৰ্ণ শক্তিৰে সঠিক দিশত আগবাঢ়ি আহিব লাগিব।

বন্ধুসকল,

আজি এয়া সময়ৰ দাবী যে দেশৰ কৃষকৰ উৎপাদনে বজাৰত অধিকতকৈ অধিক বিকল্প লাভ কৰে। দেশখনে কৃষকক কেৱল কেঁচা সামগ্ৰী বা কেৱল উৎপাদনৰ বাবে সীমিত ৰখাৰ ক্ষতি প্ৰত্যক্ষ কৰিছে। আমি দেশৰ কৃষি খণ্ডক প্ৰক্ৰিয়াজাত খাদ্যৰ বিশ্বব্যাপী বজাৰলৈ সম্প্ৰসাৰিত কৰিব লাগিব। আমি গাঁৱৰ ওচৰত কৃষি-উদ্যোগ ক্লাষ্টাৰৰ সংখ্যা বৃদ্ধি কৰিব লাগিব যাতে গাঁৱৰ মানুহে গাঁৱতে কৃষি সম্পৰ্কীয় নিযুক্তি পাব পাৰে। জৈৱিক ক্লাষ্টাৰ, ৰপ্তানি ক্লাষ্টাৰৰো এটা ডাঙৰ ভূমিকা আছে। আমি গাঁৱৰ পৰা কৃষিভিত্তিক সামগ্ৰী চহৰলৈ লৈ যাব লাগিব আৰু চহৰৰ পৰা অন্যান্য ঔদ্যোগিক সামগ্ৰী গাঁৱত যোগান ধৰিব লাগিব, আমি এনে পৰিস্থিতিৰ দিশত আগবাঢ়ি যাব লাগিব। দেশত এতিয়াও লাখ লাখ মাইক্ৰ' খাদ্য প্ৰক্ৰিয়াকৰণ ইউনিট চলি আছে। কিন্তু সেইবোৰ সম্প্ৰসাৰিত কৰা, তেওঁলোকৰ শক্তি বৃদ্ধি কৰা... এয়া সময়ৰ দাবী, ই অতি গুৰুত্বপূৰ্ণ। এখন জিলা, এক সামগ্ৰী, এই আঁচনি, আমি আমাৰ সামগ্ৰীবোৰ বিশ্ব বজাৰলৈ লৈ যোৱাৰ বাবে সম্পূৰ্ণৰূপে ক্ষমতা প্ৰাপ্ত কৰিব লাগিব।

বন্ধুসকল,

আমাৰ প্ৰক্ৰিয়াকৰণৰ এক বিশাল সুযোগ আছে, কেৱল কৃষি নহয়, আনকি মৎস্য খণ্ডতো। যদিও আমি বিশ্বৰ সৰ্ববৃহৎ মাছ উৎপাদক আৰু ৰপ্তানিকৰ্তাসমূহৰ ভিতৰত এখন দেশ, প্ৰক্ৰিয়াজাত মাছৰ আন্তৰ্জাতিক বজাৰত আমাৰ উপস্থিতি অতি সীমিত। ভাৰতৰ মাছ পূব এছিয়া হৈ প্ৰক্ৰিয়াজাত ৰূপত বিদেশী বজাৰত উপনীত হয়। আমি এই পৰিস্থিতি সলনি কৰিব লাগিব।

বন্ধুসকল, প্ৰয়োজনীয় সংস্কাৰৰ উপৰিও, চৰকাৰে প্ৰায় ১১ হাজাৰ কোটি টকাৰ উৎপাদন সংযুক্ত উদগনিৰ পৰিকল্পনা কৰিছে যি উদ্যোগটোক লাভান্বিত কৰিব পাৰে। ৰেডী টু ইট আৰু ৰেডী টু কুক ফল আৰু পাচলি, সাগৰীয় খাদ্য, মজাৰেলা চীজ, এনে বহুতো সামগ্ৰীক উৎসাহিত কৰা হৈছে। আপোনালোকে মোৰ তুলনাত ভালকৈ জানে যে ক’ভিডৰ পিছত দেশ আৰু বিদেশত এনে উৎকৃষ্ট সামগ্ৰীৰ চাহিদা কিমান বৃদ্ধি পাইছে।

বন্ধুসকল,

অপাৰেচন গ্ৰীণ আঁচনিৰ অধীনত, কিষাণ ৰেলৰ বাবে সকলো ফল আৰু পাচলি পৰিবহণৰ ওপৰত ৫০% ৰাজসাহায্য প্ৰদান কৰা হৈছে। কিষাণ ৰেল আজি দেশত শীতল সংৰক্ষণ নেটৱৰ্কৰ এক শক্তিশালী মাধ্যম হৈ পৰিছে। এই কিষাণ ৰেল, ক্ষুদ্ৰ কৃষক, মাছমৰীয়াসকলক বৃহৎ বজাৰ আৰু উচ্চ চাহিদাৰ বজাৰৰ সৈতে সংযোগ কৰিবলৈ সক্ষম হৈছে। যোৱা ছয়টা মাহত, প্ৰায় ৩০০ কিষাণ ৰেল চলোৱা হৈছে আৰু প্ৰায় ১ লাখ মেট্ৰিক টন ফল আৰু পাচলি পৰিবহণ কৰা হৈছে। ই ক্ষুদ্ৰ কৃষকসকলৰ বাবে এক অতি ডাঙৰ মাধ্যম হোৱাৰ লগতে উপভোক্তা আৰু উদ্যোগসমূহো লাভান্বিত হৈছে।

বন্ধুসকল, সমগ্ৰ দেশৰ জিলাসমূহত উৎপাদিত ফল আৰু পাচলিৰ প্ৰক্ৰিয়াকৰণৰ বাবে ক্লাষ্টাৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। একেদৰে, আত্মনিৰ্ভৰ অভিযানৰ অধীনত, প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ উন্নীতকৰণ আঁচনিৰ অধীনত লাখ লাখ ক্ষুদ্ৰ খাদ্য আৰু প্ৰক্ৰিয়াকৰণ ইউনিটক সমৰ্থন কৰা হৈছে। ইউনিট স্থাপনৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি আপোনালোকৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

খাদ্য প্ৰক্ৰিয়াকৰণৰ লগতে আমি ক্ষুদ্ৰ কৃষকসকলে কেনেকৈ আধুনিক প্ৰযুক্তিৰ লাভ পাব পাৰে তাৰ ওপৰতো গুৰুত্ব দিব লাগিব। ক্ষুদ্ৰ কৃষকে ট্ৰেক্টৰ, পাৰালি যন্ত্ৰ বা আন যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ সমৰ্থ নহয়। ট্ৰেক্টৰ আৰু অন্যান্য যন্ত্ৰ ভাগ বতৰা কৰাৰ সংস্থা, সস্তা আৰু বিকল্প ব্যৱস্থা কৃষকসকলক প্ৰদান কৰিব পাৰি নেকি? আজি যেতিয়া বিমান সেৱাসমূহক ঘণ্টাৰ আধাৰত ভাড়া দিয়া হয়, তেনে ব্যৱস্থা দেশৰ কৃষকসকললৈও সম্প্ৰসাৰিত কৰিব পাৰি।

কৃষকৰ উৎপাদন বজাৰত যোগান ধৰিবলৈ ক’ৰোনাৰ সময়ছোৱাত ট্ৰাক এগ্ৰিগেটৰবোৰো কিছু পৰিমাণে ব্যৱহাৰ কৰা হৈছিল। আৰু মানুহে এইটো পছন্দ কৰিছিল। আমি এইটো কৃষি ক্ষেত্ৰৰ পৰা মণ্ডী বা কাৰখানালৈ, কৃষিৰ পৰা কিষাণ ৰেললৈ কেনেদৰে সম্প্ৰসাৰিত কৰিব পাৰি তাৰ ওপৰত কাম কৰিব লাগিব। কৃষিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে ভূমি পৰীক্ষা। বিগত বৰ্ষসমূহত কোটি কোটি কৃষকক কেন্দ্ৰীয় চৰকাৰে ভূমি স্বাস্থ্য কাৰ্ড প্ৰদান কৰিছে। এতিয়া, আমি দেশত ভূমি স্বাস্থ্য কাৰ্ড পৰীক্ষাৰ সুবিধা গাঁৱে-গাঁৱে সম্প্ৰসাৰিত কৰিব লাগিব। যিদৰে তেজ পৰীক্ষাৰ পৰীক্ষাগাৰ থাকে, তেওঁলোকৰ এটা নেটৱৰ্ক থাকে, সেইদৰে আমি ভূমিও পৰীক্ষা কৰিব লাগিব। আৰু ব্যক্তিগত পক্ষই ইয়াত বৃহৎ পৰিমাণে অৱদান আগবঢ়াব পাৰে। আৰু ভূমি পৰীক্ষাৰ নেটৱৰ্ক সৃষ্টি হোৱাৰ পিছত কৃষকে ভূমি পৰীক্ষাৰ সৈতে অভ্যস্ত হৈ পৰে। তেওঁৰ নিজৰ কৃষি ভূমিৰ স্বাস্থ্য কি, তেওঁ ভূমি বিষয়ে সজাগতা লাভ কৰিব আৰু তেওঁৰ সকলো সিদ্ধান্ত সলনি হ'ব। দেশৰ কৃষকে তেওঁৰ ভূমিৰ স্বাস্থ্যৰ বিষয়ে যিমান বেছি অৱগত হয়, সিমানেই ভাল, উন্নত উপায় তেওঁৰ শস্য উৎপাদনৰ ওপৰত প্ৰভাৱ সৃষ্টি কৰিব।

বন্ধুসকল,

ৰাজহুৱা খণ্ডই বেছিভাগ কৃষি খণ্ডৰ আৰ এণ্ড ডিত অৰিহণা আগবঢ়াই আছে। ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধিৰ সময় হৈছে। যেতিয়া আৰ এণ্ড ডিৰ কথা আহে, মই কেৱল বীজৰ বাবে নহয়, শস্যৰ সৈতে সম্পৰ্কিত সমগ্ৰ বৈজ্ঞানিক পৰিৱেশতন্ত্ৰৰ বিষয়ে কথাও কৈছো। ই এক সামগ্ৰিক পদ্ধতি, এটা সম্পূৰ্ণ চক্ৰ হ’ব লাগে। আমি এতিয়া কৃষকসকলক বিকল্প দিব লাগিব য'ত তেওঁলোক ঘেঁহু আৰু চাউল উৎপাদন কৰাতে যাতে সীমাবদ্ধ নহয়। জৈৱিক খাদ্যৰ পৰা চালাড সম্পৰ্কীয় পাচলিলৈ, বহুতো শস্য আছে যাৰ বাবে আমি চেষ্টা কৰিব পাৰো। একেদৰে, মই আপোনাক মিলেটৰ নতুন বজাৰতো প্ৰৱেশ কৰাৰ পৰামৰ্শ দিম। ভাৰতৰ ভূমিক এক বৃহৎ অংশ মোটা খাদ্য শস্যৰ বাবে অতি উপযোগী। এই ভূমিয়ে কম পানীত সৰ্বশ্ৰেষ্ঠ উৎপাদনো দিয়ে। ইতিমধ্যে বিশ্বত মিলেটৰ চাহিদা বহুত বেছি আছিল, এতিয়া ক’ৰোনাৰ পিছত, ই টীকাকৰণৰ বুষ্টাৰ হিচাপে অতি জনপ্ৰিয় হৈ পৰিছে। এই তৰফৰ পৰা কৃষকসকলক উৎসাহিত কৰাটো খাদ্য উদ্যোগৰ সহকৰ্মীসকলৰ এক ডাঙৰ দায়িত্ব।

বন্ধুসকল,

ছী উইড আৰু বী ৱেক্স আজি আমাৰ মাজত লাহে লাহে বিয়পি পৰিছে। আৰু কৃষকসকলেও মৌমাখিক লৈ কাম কৰি আছে। এনে ক্ষেত্ৰত সাগৰৰ পাৰত ছী উইড আৰু অন্যান্য অঞ্চলত বী ৱেক্সৰ বজাৰত প্ৰৱেশ কৰাটো সময়ৰ প্ৰয়োজনীয়তা হৈ পৰিছে। ছী উইডৰ কৃষিৰ বাবে দেশত যথেষ্ট সম্ভাৱনা আছে কিয়নো আমাৰ এক বৃহৎ উপকূলীয় অঞ্চল আছে। ছী উইডে আমাৰ মাছমৰীয়াসকলক উপাৰ্জনৰ এক বৃহৎ মাধ্যম প্ৰদান কৰিব। একেদৰে, আমি মৌ পালনতো ভাল বাণিজ্য কৰি আছো, আমি বী ৱেক্সত আমাৰ অংশগ্ৰহণ বৃদ্ধি কৰিব লাগিব। ইয়াত আপোনালোকৰ কেনেদৰে অৱদান থাকিব পাৰে... আজি, যেতিয়া আপোনালোকে গোটেই দিনটো আলোচনা কৰিব নিশ্চয় সুন্দৰ সুন্দৰ পৰিকল্পনা উদ্ভাসিত হ’ব৷

যেতিয়া এই ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি হয়, স্বাভাৱিকভাৱে, কৃষকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। ইয়াত চুক্তি, কৃষি দীৰ্ঘদিন ধৰি কোনোবাটো নহয় কোনোবাটো প্ৰকাৰত আছে। আমাৰ প্ৰচেষ্টা হ'ব লাগে যে এই চুক্তি কৃষি কেৱল ব্যৱসায় নহৈ সেই ভূমিৰ প্ৰতি আমাৰ দায়িত্বও প্ৰদৰ্শিত হ’ব লাগে। আমি কৃষকসকলক প্ৰযুক্তি, বীজ প্ৰদান কৰিব লাগিব যি ভূমিৰ বাবে স্বাস্থ্যকৰ আৰু পুষ্টিৰ পৰিমাণ অধিক হ’ব।

বন্ধুসকল,

আমি দেশৰ খেতিত জলসিঞ্চনৰ পৰা শস্য চপোৱা আৰু উপাৰ্জনৰ পৰা প্ৰযুক্তিৰ সম্পূৰ্ণ সমাধান পাবলৈ এক নিখুঁত প্ৰয়াস কৰিব লাগিব। আমি কৃষি খণ্ডৰ সৈতে জড়িত ষ্টাৰ্ট-আপবোৰৰ প্ৰচাৰ কৰিব লাগিব, যুৱচামক জড়িত কৰিব লাগিব। ক’ৰোনাৰ সময়ত, আমি দেখিছো যে কিমানটা ষ্টাৰ্ট-আপে ফল আৰু পাচলি মানুহৰ ঘৰলৈ পৰিবহণ কৰিছিল। আৰু এয়া আনন্দৰ কথা যে বেছিভাগ ষ্টাৰ্ট-আপ দেশৰ যুৱসকলৰ দ্বাৰা আৰম্ভ কৰা হৈছে। আমি তেওঁলোকক নিৰন্তৰভাৱে উৎসাহিত কৰিব লাগিব। আপোনালোক সকলো সহকৰ্মীসকলৰ সক্ৰিয় অংশগ্ৰহণ অবিহনে এইটো সম্ভৱ নহয়। কৃষকসকলক ঋণ, বীজ, সাৰ আৰু বজাৰ এয়া হৈছে কৃষকৰ প্ৰাথমিক প্ৰয়োজনীয়তা যি সময়মতে হোৱাটো প্ৰয়োজন।

বিগত বৰ্ষসমূহত আমি কৃষক ক্ৰেডিট কাৰ্ডৰ পৰিসৰ ক্ষুদ্ৰ কৃষক, পশুপালক আৰু মাছমৰীয়ালৈ সম্প্ৰসাৰিত কৰিছো।  আমি যোৱা এবছৰত ১ কোটি ৮০ লাখৰো অধিক কৃষকক এটা অভিযানৰ জৰিয়তে কিষাণ ক্ৰেডিট কাৰ্ড দিছো। ৬-৭ বছৰ আগৰ তুলনাত ঋণৰ ব্যৱস্থা দুগুণতকৈ অধিক বৃদ্ধি কৰা হৈছে। এই ঋণ কৃষকসকলে যাতে সময়ত লাভ কৰে এয়া অতিশয় গুৰুত্বপূৰ্ণ। একেদৰে, গ্ৰাম্য আন্তঃগাঁথনিৰ পুঁজিৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকাও গুৰুত্বপূৰ্ণ। ১ লাখ কোটি টকাৰ ইনফ্ৰা ফাণ্ডৰ ৰূপায়ণো উৎসাহজনক। এই পদক্ষেপটোৱে ক্ৰয়ৰ পৰা সংৰক্ষণলৈ সমগ্ৰ শৃংখলাটোৰ আধুনিকীকৰণক উৎসাহিত কৰিব। এই বাজেটত, সমগ্ৰ দেশৰ এপিএমচিসকলক এই পুঁজিৰ লাভালাভ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। দেশত নিৰ্মাণ কৰা ১০ হাজাৰ এফপিঅ'য়ে এক অতি শক্তিশালী কো-অপাৰেটিভ প্ৰণালী তৈয়াৰ কৰি আছে।

বন্ধুসকল,

আমি কেনেকৈ এই সমবেত প্ৰচেষ্টাবোৰ অনুসৰণ কৰিব পাৰো তাৰ বাবে আপোনালোকৰ পৰামৰ্শবোৰ অতিশয় গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত আপোনালোকৰ এটা অভিজ্ঞতা আছে, আপোনালোকৰ এটা দৃষ্টিভংগী আছে। চৰকাৰী চিন্তা, চৰকাৰৰ দৃষ্টিভংগী, চৰকাৰী ব্যৱস্থা, আপোনালোকৰ শক্তি... আমি দেশৰ কৃষি খণ্ডলৈ পৰিৱৰ্তন আনিব লাগিব। এই আলোচনাৰ সময়ত আপোনালোকৰ যিকোনো পৰামৰ্শই ভাৰতৰ কৃষিৰ বাবে, ভাৰতৰ গ্ৰাম্য অৰ্থনীতিৰ বাবে আপোনালোকৰ যিকোনো ধাৰণাই চৰকাৰক যথেষ্ট সহায় কৰিব।

আপোনালোকৰ পৰিকল্পনা কি, চৰকাৰ আৰু আপোনালোক কেনেকৈ একেলগে আগুৱাব, ইয়াক মুক্তমনে আলোচনা কৰিব, আপোনালোকে আপোনালোকৰ মনত থকা মতামত দিব লাগিব। হয়.... আপোনালোকে যদি অনুভৱ কৰে যে এইখন বাজেটত এয়া ভাল নহ'ল, এইটো হ’লে ভাল হ'লহেতেঁন, , এইখন অন্তিম বাজেট নহয়, ইয়াৰ পিছতো আমি অনেক বাজেট লৈ আনিম, আপোনালোকে আমাক সেৱা কৰাৰ সুযোগ দিছে, আমি এইটো অব্যাহত ৰাখিম। আগন্তুক বছৰত এইবোৰ কেনেদৰে ৰূপায়ণ কৰিব লাগে, ইয়াক কিমান সোনকালে ৰূপায়ণ কৰিব পাৰি আৰু অধিক সংখ্যক লোকক উপকৃত কৰিব পাৰি... ইয়াৰ ওপৰত আজি আলোচনা কৰা হ’ব৷ মই বিচাৰো যে আপোনালোকে মুকলি মনেৰে আলোচনা কৰক, আমাৰ খেতিত, আমাৰ কৃষকসকলক, আমাৰ কৃষি খণ্ড, আমাৰ নীলা অৰ্থনীতি খণ্ডক, আমাৰ বগা বিপ্লৱৰ অঞ্চললৈ এক মহান শক্তি প্ৰদান কৰক। পুনৰবাৰ মই আপোনালোকৰ প্ৰতি অশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Bharat atta, rice set for market return ahead of festive season

Media Coverage

Bharat atta, rice set for market return ahead of festive season
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting respect for nature and environmental stewardship
July 30, 2026

The Prime Minister, Shri Narendra Modi, said that respect for nature, the environment and the entire creation lies at the very core of our existence. He called upon everyone to participate, with a spirit of gratitude and selfless service towards nature, in building a healthy, prosperous and strong nation.

The Prime Minister shared a Sanskrit Subhashitam-

“शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु।

शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः॥”

The Subhashitam conveys that May Dyuloka and the Earth, which have been revered since the beginning of creation, always be auspicious for us. May the intermediate space between the Earth and the Sun be beneficial and enlightening for our lives. May all medicinal herbs and forest plants provide us with health, nourishment, and happiness. May the all-pervading and victorious Lord of all worlds ever grant us welfare, peace, and prosperity.

The Prime Minister wrote on X;

“प्रकृति, पर्यावरण और समस्त सृष्टि का सम्मान हमारे अस्तित्व के मूल में है। आइए, हम इनके प्रति पूरी कृतज्ञता और सेवाभाव के साथ एक स्वस्थ, समृद्ध और सशक्त राष्ट्र के निर्माण में सहभागी बनें।

शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु।

शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः॥”