QuoteFor the last four years, efforts are being made to develop Kashi in accordance with the requirements of the 21st century: PM
QuoteNew Banaras - a blend of spirituality and modernity - is being developed, for a New India: PM Modi
QuoteKashi is emerging as an important international tourist destination, says PM Modi
QuoteWork is in full swing for an Integrated Command and Control Centre, that would make Varanasi a Smart City: PM
QuoteSmart City Initiative is not just a mission to improve infrastructure in cities, but also a mission to give India a new identity: PM Modi

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক মহোদয়, ইয়াৰে ওজস্বী, তেজস্বী, পৰিশ্ৰমী, যশস্বী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ মহোদয়, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী তথা পুৰণি মিত্ৰ আৰু উত্তৰ প্ৰদেশ ভাৰতীয় জনতা দলৰ অধ্যক্ষ শ্ৰীমান মহেন্দ্ৰ নাথ পাণ্ডে, জাপানৰ দূতাবাসৰ চাৰ্জ দা এফেয়াৰ শ্ৰী হিৰেকা অসাৰী মহোদয় আৰু বাৰাণসী মোৰ ভাতৃ-ভগ্নীসকল৷

সৰ্বপ্ৰথমে মই আমাৰ দেশৰ গৌৰৱ বৃদ্ধি কৰা আমাৰ এগৰাকী কন্যাৰ গৌৰৱ গাঁথা শুনাব বিচাৰিছোঁ৷ আপোনালোকে দেখিছে যে অসমৰ নগাঁও জিলাৰ ধিঙৰ এজনী সৰু ছোৱালী হিমা দাসে অসাধাৰণ কৃতিত্ব প্ৰদৰ্শন কৰিলে৷ আৰু যিসকলে দুৰদৰ্শনত দেখিলে.. মই আজি এক বিশেষ ৰূপত টুইট কৰিছোঁ৷ সেই ষ্টেডিয়ামত যিগৰাকী ধাৰাভাষ্যকাৰী আছিল তেওঁৰ বাবেও এয়া আচৰিত হ’বলগীয়া কথা আছিল যে বিশ্ব চেম্পিয়নসকলক পিছ পেলাই হিন্দুস্তানৰ এজনী ছোৱালী প্ৰতি ছেকেণ্ডত আগবাঢ়ি আছে আৰু সেই ধাৰাভাষ্যকাৰীজনে ইমান উত্তেজনাৰে ধাৰাভাষ্য প্ৰদান কৰি আছিল যে সেয়া শুনি হিন্দুস্তানীসকলৰ বুকু গৌৰৱত ফুলি উঠিব৷ আৰু পিছত আপোনালোকে হয়তো দেখিলে যে হিমা দাসে এটা ডাঙৰ কাম কৰিলে, তেওঁ ভাৰতৰ নাম মহিমাণ্ডিত কৰিলে৷ যেতিয়া তেওঁৰ জয় হ’ল, তেওঁ দুহাত ওপৰলৈ তুলি ত্ৰিৰংগাৰ প্ৰতীক্ষা কৰি আছিল৷ আৰু যেতিয়াই তেওঁৰ হাতলৈ ত্ৰিৰংগা আহিল, তেওঁ ত্ৰিৰংগাখনত লহৰ তুলি অসমীয়া গামোচাখনো ডিঙিত ল’বলৈ নাপাহৰিলে৷ যেতিয়া তেওঁ মেডেল গ্ৰহণ কৰি আছিল, হিন্দুস্তানৰ ত্ৰিৰংগা তেতিয়া বতাহত উৰি আছিল, আৰু তেতিয়াই জন-গণ-মন আৰম্ভ হ’ল৷ আপোনালোকে দেখিলে যে ১৮ বছৰীয়া হিমাৰ চকুৰে তেতিয়া চকুলো বৈ আছিল৷ এয়া ভাৰত মাতাৰ প্ৰতি সমৰ্পিত আছিল৷ এই দৃশ্যই স্বয়ংভাৱে এশ পচিশ কোটি ভাৰতীয়ক ন প্ৰেৰণা আৰু উদ্দীপনা প্ৰদান কৰিব৷ সৰু এখন গাঁৱৰ ধান খেতি কৰা কৃষক পৰিয়ালৰ ছোৱালী ১৮ মাহ পূৰ্বে জিলা ভিত্তিত খেলিছিল, আজি তেওঁ ১৮ মাহৰ ভিতৰতে বিশ্বৰ ভিতৰতে ভাৰতৰ নাম উজ্বলাইছে৷ মই হিমা দাসক অনেক অভিনন্দন তথা শুভকামনা জনাইছোঁ৷ আৰু আপোনালোককো কৈছোঁ যে হাত-তালিৰে হিমাৰ দাসক গৌৰৱান্বিত কৰক৷ গৌৰৱগান কৰক আমাৰ দেশৰ ছোৱালীৰ, অসমৰ এই ছোৱালীজনীয়ে সমগ্ৰ দেশৰ নাম আলোকিত কৰিলে৷ বহুত বহুত অভিনন্দন৷

ভাতৃ-ভগ্নীসকল, বাবা ভোলানাথৰ প্ৰিয় শাওন মাহ কেইদিনমানৰ পিছতে আৰম্ভ হ’ব৷ কিছুদিনৰ পিছতেই কাশীত দেশ আৰু বিশ্বৰ শিৱভক্ত সকলে ভিৰ কৰিবহি৷ এই উৎসৱৰ প্ৰস্তুতি ধুমধামেৰে হ’বলৈ ধৰিছে৷ ভাতৃ আৰু ভগ্নীসকল, আজি এই উৎসৱৰ প্ৰস্তুতিত ব্যস্ত থকাৰ মাজতে মই সৰ্বপ্ৰথমে সেই পৰিয়ালসকলৰ পীড়া তথা মনোকষ্টৰ কথা ক’বলৈ ওলাইছোঁ যিয়ে বিগত দিনত হোৱা দুৰ্ঘটনাত নিজৰ আপোন লোকক হেৰুৱাইছে৷ বাৰাণসীত দুৰ্ঘটনা হ’ল, অমূল্য জীৱনৰ যি ক্ষতি হ’ল সেয়া অত্যন্তই দুখজনক৷ সকলো পীড়িত পৰিয়াললৈ মোৰ সমবেদনা জনাইছোঁ৷ আনৰ দুখত দুখী হোৱা, সহযোগ আৰু সৌহাৰ্দৰ ভাৱনাই হ’ল কাশীৰ বিশেষত্ব৷ ভোলে বাবাৰ দৰে ভোলা স্বভাৱ, সকলোৰে দুখক নিজৰ মাজত সমাহিত কৰিব পৰা, মা গংগাৰ দৰে স্বভাৱেই হ’ল বাৰাণসীৰ পৰিচয়৷ দেশ আৰু বিশ্বৰ যিকোনো প্ৰান্ততে বাৰাণসীবাসীসকলে এই সংস্কাৰ কেতিয়াও নাপাহৰে৷ বন্ধুসকল, শতিকাজুৰি বাৰাণসী এইদৰেই আছে, পৰম্পৰাৰ মাজত জীয়াই আছে৷ ইয়াৰ পৌৰাণিক পৰিচয়ক নতুন উচ্চতা প্ৰদান কৰিবলৈ, কাশীক একবিংশ শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি বিকশিত কৰাৰ বাবে বিগত চাৰি বছৰ ধৰি প্ৰয়াস কৰি থকা হৈছে৷ নতুন ভাৰতৰ বাবে এক নতুন বাৰাণসীৰ নিৰ্মাণ হৈ আছে, যাৰ আত্মা প্ৰাচীন হ’ব কিন্তু কায়া নবীনতম হ’ব৷ য’ত প্ৰান্তে প্ৰান্তে সংস্কৃতি আৰু সংস্কাৰ থাকিব, কিন্তু প্ৰণালীসমূহ স্মাৰ্ট ব্যৱস্থাযুক্ত হ’ব৷ পৰিৱৰ্তিত বাৰাণসীৰ এই চিত্ৰ এতিয়া চাৰিওফালে দেখিবলৈ পোৱা গৈছে৷

|

আজি সংবাদ মাধ্যমত, ছ’চিয়েল মাধ্যমত কাশীৰ পথ, পদূলি, অলি-গলি, ঘাট আৰু পুখুৰীৰ আলোকচিত্ৰ যিয়েই দেখিছে তেওঁৰ মন প্ৰফুল্লিত হৈ উঠিছে৷ মূৰৰ ওপৰত ওলমি থকা বিদ্যুতৰ তাঁৰ আজি নোহোৱা হৈ পৰিছে৷ পথ সমূহ প্ৰকাশেৰ উজ্বলি উঠিছে৷ ৰং-বিৰঙী পানীৰ ফোঁৱাৰাৰ দৃশ্যই হৃদয় স্পৰ্শ কৰিছে৷ বন্ধুসকল, বিগত চাৰিটা বৰ্ষত বাৰাণসীত দহ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰা হৈছে আৰু এই গতি নিৰৱচ্ছিন্ন হ’ব৷ ২০১৪ চনৰ পিছত আমি বহু প্ৰত্যাহ্বানৰ মুখামুখি হৈছিলোঁ৷ পূৰ্বৰ চৰকাৰে কাশীৰ বিকাশৰ বাবে সহযোগ কৰা নাছিল, সহযোগটো দূৰৰ কথা, তেওঁলোকে বাধা প্ৰদান কৰি আছিল৷ যেতিয়াই আপোনাকে বহুমত প্ৰদান কৰি লক্ষ্ণৌত ভাজপা চৰকাৰক অধিষ্ঠিত কৰিলে তেতিয়াৰ পৰা উত্তৰ প্ৰদেশৰ বিকাশৰ গতি ক্ষীপ্ৰ হ’ল৷ এই যাত্ৰা অবিৰত ৰাখি অলপতে মই প্ৰায় এক হাজাৰ কোটি টকাৰ যোজনাৰ আধাৰশিলা স্থাপন আৰু উচৰ্গা কৰিছোঁ৷ কেন্দ্ৰ আৰু ৰাজ্যৰ এয়া ত্ৰিশতকৈও অধিক প্ৰকল্প ইয়াৰ পথ, পৰিবহণ, পানীৰ যোগান, নলা-নৰ্দমা, ৰন্ধন গেছ, স্বচ্ছতা আৰু এই চহৰৰ সৌন্দৰ্যবৰ্ধনৰ সৈতে জড়িত হৈ আছে৷ ইয়াৰোপৰি আয়কৰ ত্ৰিবুনেলৰ ছাৰ্কিট বেঞ্চ আৰু কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে চিজিএইচএছ কল্যাণ কেন্দ্ৰৰ সুবিধাৰ জৰিয়তে ইয়াৰ জনতা উপকৃত হ’ব৷

ভাতৃ আৰু ভগ্নীকল, বাৰাণসীলৈ যি পৰিৱৰ্তন আহিছে, তাৰে লাভ গাঁৱৰ লোকসকলে প্ৰাপ্ত কৰিছে৷ এই গাঁওসমূহত পেয় জলৰ সৈতে জড়িত অনেক যোজনাৰো আজি উচৰ্গা কৰা হৈছে৷ ইয়াত যি কৃষক ভাই-ভনীসকল জড়িত হৈ আছে, তেওঁলোকক মই বিশেষ অভিনন্দন জনাইছোঁ৷ এই সভাস্থলীৰ কাষতেই পেৰিশ্বেবেল কাৰ্গো কেন্দ্ৰ আছে, যি বৰ্তমানে প্ৰস্তুত হৈ উঠিছে৷ এয়া মোৰ সৌভাগ্য যে তাৰে মই আধাৰশিলা স্থাপন কৰাৰ সৌভাগ্য প্ৰাপ্ত কৰিলো আৰু সেয়া উচৰ্গা কৰাৰো অৱকাশ পালো৷ বন্ধুসকল, এই কাৰ্গো কেন্দ্ৰ ইয়াৰ কৃষকসকলৰ বাবে এক বৰদান স্বৰূপ হৈ উঠিব৷ আলু, মটৰ, বিলাহী আদিৰ দৰে পাচলি যি অতি সোনকালে নষ্ট হৈ যায় সেয়া সঞ্চয় কৰাৰ উচিত ব্যৱস্থা কৰা হৈছে৷ এতিয়াৰে পৰা আপোনালেকে ফল-পাচলি আদি পচি যোৱাৰ লোকচান ভৰিব নালাগে৷ ৰে’লৱে ষ্টেচনো যথেষ্ট দূৰ নহয়৷ ইয়াৰ জৰিয়তে এতিয়া পাচলি আৰু ফলসমূহ দূৰ চহৰলৈ প্ৰেৰণ কৰাও সহজ হৈ উঠিব৷

ভাতৃ আৰু ভগ্নীসকল, পৰিবহণৰ দ্বাৰা পৰিৱৰ্তন, এই পথত এই চৰকাৰ ক্ষীপ্ৰ গতিৰে আগবাঢ়ি আছে৷ বিশেষ ৰূপত দেশৰ এই পূব অংশত আমাৰ অধিক লক্ষ্য প্ৰদান কৰা হৈছে৷ কিছু দেৰি পূৰ্বে আজমগড়ত হোৱা দেশৰ সবাতোকৈ দীৰ্ঘতম এক্সপ্ৰেছ ৱে’ৰ আধাৰশিলা স্থাপনো এই দৃষ্টিকোণৰে এক অংশ৷

বন্ধুসকল, কাশী নগৰী সদায়েই মোক্ষদায়িনী হিচাপে পৰিচিত হৈ আহিছে আৰু জীৱনৰ সন্ধানত ইয়ালৈ অহা লোকৰ সংখ্যা কম নহয়৷ কিন্তু এতিয়া জীৱনলৈ অহা সংকটসমূহ চিকিৎসা বিজ্ঞানৰ দ্বাৰা হ্ৰাস কৰাৰ কেন্দ্ৰও নিৰ্মাণ হ’বলৈ ধৰিছে৷ আপোনালোকৰ সহযোগত বাৰাণসী পূব ভাৰতৰ এক স্বাস্থ্য কেন্দ্ৰলৈ পৰিণত হ’ব ধৰিছে৷ শিক্ষাৰ ক্ষেত্ৰত বিখ্যাত আমাৰ বিএইচইউ আজি চিকিৎসাৰ ক্ষেত্ৰতো পৰিচিত হ’বলৈ ধৰিছে৷ আপোনালোকে জানি সুখী হ’ব যে অলপতে বিএইচইউয়ে এইমছৰ সৈতে এক বিশ্বমানৰ স্বাস্থ্য প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ বাবে সহযোগিতাৰ চুক্তি কৰিছে৷ এইদৰে ইয়াৰ আৰম্ভণি হৈছে আৰু শীঘ্ৰেই ইয়াৰ পৰিণাম আপোনালেকে দেখিবলৈ পাব৷ এই ক্ষেত্ৰত বাৰাণসীৰ বাসিন্দাসকল তথা ইয়ালৈ অহা-যোৱা কৰা লোকৰ বাবেও সংযোগৰ সুবিধা অতিশয় প্ৰয়োজনীয়৷ সেইবাবে পথেই হওক অথবা ৰে’লেই হওক, অনেক নতুন সুবিধা আজি কাশীয়ে প্ৰাপ্ত কৰিছে৷ এই দিশত ইয়াত কেণ্ট ৰে’লৱে ষ্টেচনক নতুন ৰূপত সজোৱাৰ কাম চলি আছে৷ বাৰাণসীৰ পৰা বাল্লিয়ালৈ বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু আজিৰে পৰা এই খণ্ডত মেম’ ৰে’লো চলিবলৈ ধৰিছে৷ অলপতে মই সেউজীয়া পতাকা দেখুৱাই ৰে’লখনক বিদায় দিলো৷ এতিয়া ৰাতিপুৱা এই ৰে’লেৰে বাল্লিয়া আৰু গাজীপুৰৰ লোক ইয়ালৈ আহিব পাৰিব আৰু নিজৰ কাম কৰি সন্ধিয়া এই ৰে’লেৰে ঘূৰি যাবলৈ পাৰিব৷ এতিয়া দীৰ্ঘ দূৰত্বৰ ৰে’লত ভীৰৰ পৰা জনতাই সকাহ পাব৷

বন্ধুসকল, ইয়াত কাশীৰ ভক্তসকলক, শ্ৰদ্ধাৱানসকলক অধিক সুবিধা দিয়াৰ প্ৰয়াস অব্যাহত আছে৷ দেশ আৰু বিশ্বৰ বিভিন্ন স্থানৰ পৰা যিসকল ভক্ত এই কাশীলৈ আহে তেওঁলোকৰ ভ্ৰমণত অসুবিধা নহ’বলৈ ইয়াৰ ব্যৱস্থা কৰা হৈছে৷ পাঞ্চকোশী মাৰ্গৰ উচ্চতাকৰণৰ কাম আজিৰে পৰা আৰম্ভ কৰা হৈছে৷ ইয়াৰ লগে লগে কাশীত আস্থা আৰু সাংস্কৃতিক মহত্বৰ যিবোৰ স্থান আছে সেইসমূহ সংযোগ কৰি বহুতো পথৰ হয় মেৰামতি অথবা নতুনকৈ নিৰ্মাণ কৰা হৈছে৷ এই পথসমূহো কিছুদেৰি পূৰ্বে জনতালৈ উচৰ্গা কৰা হৈছে৷

|

ভাতৃ আৰু ভগ্নীসকল, কাশী পৰ্যটনৰ আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰৰ সৈতে সংযোজিত হৈছে৷ আজি ইয়াত আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ ৰুদ্ৰাক্ষৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ দুবছৰ পূৰ্বে জাপানৰ প্ৰধানমন্ত্ৰী আৰু মোৰ পৰম মিত্ৰ ছিনজো আবে মহোদয়ে যেতিয়া মোৰ সৈতে কাশীলৈ আহিছিল, তেতিয়া তেওঁ এই উপহাৰ ভাৰতক, কাশীবাসীক প্ৰদান কৰিছিল৷ অনাগত ডেৰ-দুই বছৰৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হ’ব৷ আপোনালোক সমূহ কাশীবাসীৰ তৰফৰ পৰা, দেশবাসীৰ তৰফৰ পৰা এই উপহাৰৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীমান ছিনজো আবে মহোদয়ক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

বন্ধুসকল, মই সুখী যে কেৱল কাশীয়েই নহয়, সমগ্ৰ উত্তৰ প্ৰদেশত পৰ্যটনক যোগী মহোদয়ে আৰু তেওঁৰ দলে গুৰুত্ব প্ৰদান কৰিছে৷ ইয়াৰ বাবে স্বচ্ছতা আৰু ধৰোহৰসমূহৰ সৌন্দৰ্যবৰ্ধনৰ কাম ক্ষীপ্ৰ গতিত আগবাঢ়িব ধৰিছে৷ বিশেষৰূপত স্বচ্ছতা, স্বচ্ছ ভাৰত অভিযানক যিদৰে আপোনালোক সকলোৱে উত্তৰ প্ৰদেশত আগবঢ়াই লৈ গৈছে, সেয়া অতিশয় প্ৰশংসনীয়৷ স্বচ্ছ, সুন্দৰ আৰু স্বাস্থ্যকৰ ভাৰতৰ বাবে আপোনালোকৰ অৱদান অতিশয় প্ৰশংসনীয়৷ বন্ধুসকল, কাশীৰ মহত্ব, ইয়াৰ ঐতিহ্য বৰ্তাই ৰাখিবলৈ আপোনালোকে যিবোৰ কৰিছে সেয়া অতুলনীয়৷

কিন্তু আমি চাৰি বছৰৰ পূৰ্বৰ দিনসমূহৰ কথাও পাহৰিব নালাগে, যেতিয়া বাৰাণসীৰ ব্যৱস্থা সংকটময় আছিল৷ সকলোফালে জাৱৰ-জোঁথৰ, লেতেৰা, বেয়া পথ, ভৰ্তি নৰ্দমা, খুটাত ওলমি থকা বিদ্যুতৰ তাঁৰ, পথৰ ভিৰ, বাবদপুৰা বিমানবন্দৰৰ সৈতে সংযোজিত পথৰ অৱস্থা হয়তো আপোনালোকে পাহৰা নাই৷ কিমান লোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল, কিমানে বিমান হেৰুৱাবলগীয়া হৈছিল৷ এনে অৱস্থা হৈছিল যে জনতাই দুৰ্ভোগৰ পৰা বাচিবলৈ বিমানবন্দৰৰ পৰিৱৰ্তে কেণ্ট ৰে’লৱে ষ্টেচনৰ আশ্ৰয় লৈছিল৷ গংগা নদীৰ, ঘাটসমূহৰ কি অৱস্থা হৈছিল সেয়া সকলোৱে জানে৷ কিদৰে সমগ্ৰ চহৰ আৰু গাঁৱৰ জাবৰ-জোঁথৰসমূহ গংগাত পেলোৱা হৈছিল৷ পূৰ্বৰ চৰকাৰে এই সকলো ঘটনাক আওকাণ কৰিছিল৷ গংগাৰ নামত কিমান ধনৰ শৰাধ হ’ল তাৰ কোনো হিচাপ নাই৷ এফালে গংগাৰ সোঁতত সংকট সৃষ্টি হৈছিল, গংগাৰ পানীৰ শুদ্ধতাত সংকট আছিল আৰু আনটো ফালে কিছুমান লোকৰ ভঁৰাল দিনে দিনে ভৰ্তি হৈ গৈছিল৷ এনে পৰিস্থিতিত গংগাক স্বচ্ছ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হ’ল৷ আজি মা গংগাক নিৰ্মল কৰাৰ অভিযান ক্ষীপ্ৰ গতিত আগবাঢ়িবলৈ ধৰিছে৷ কেৱল বাৰাণসীয়েই নহয়, গংগোত্ৰীৰ পৰা আৰম্ভ কৰি গংগা সাগৰলৈ এই প্ৰয়াস কৰা হৈছে৷ কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাই নহয়, চহৰৰ আৱৰ্জনাসমূহ যাতে গংগাত নপৰে ইয়াৰো ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ বাবে প্ৰায় ২১ হাজাৰ কোটিৰ দুশতকৈও অধিক যোজনাৰ অনুমোদন জনোৱা হৈছে৷ কিছু দেৰী পূৰ্বে নৰ্দমাৰ সৈতে জড়িত কিছুমান প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উচৰ্গা কৰা হৈছে৷ বন্ধুসকল, চৰকাৰে এয়াও নিশ্চিত কৰিছে যে যি নৰ্দমা ব্যৱস্থা নিৰ্মাণ কৰা হৈছে সেয়া যাতে সঠিক ৰূপত কাৰ্যক্ষম হৈ থাকে, সুচাৰু ৰূপত চলক, কাৰণ পূৰ্বৰ চৰকাৰৰ এয়া সংস্কৃতি নাছিল যে ব্যৱস্থা নিৰ্মাণ কৰাটো হৈছিল কিন্তু সেয়া যাতে দীৰ্ঘসময়ৰ বাবে কাৰ্যক্ষম হৈ থাকে এই ব্যৱস্থা নাছিল৷ এতিয়া যিবোৰ প্ৰকল্প নিৰ্মাণ কৰা হৈছে তাৰ সৈতে এয়া সুনিশ্চিত কৰা হৈছে যে সেয়া ন্যূনতম ১৫ বছৰলৈ যাতে কাৰ্যক্ষম হৈ থাকে৷ অৰ্থাৎ আমাৰ গুৰুত্ব কেৱল নৰ্দমা প্ৰকল্প নিৰ্মাণ কৰাই নহয়, সেয়া কাৰ্যক্ষম কৰাও৷ ইয়াত সময় আৰু শ্ৰমৰ অধিক প্ৰয়োজন হয় কিন্তু এটা স্থায়ী ব্যৱস্থা নিৰ্মিত হয়৷ অনাগত সময়ত ইয়াৰ পৰিণাম বাৰাণসীৰ বাসিন্দাসকলেও প্ৰত্যক্ষ কৰিব পাৰিব৷

ভাতৃ আৰু ভগ্নীসকল, এই যিবোৰ কাম আজি হৈ আছে সেয়াই বাৰাণসীক স্মাৰ্ট চিটীলৈ পৰিবৰ্তন কৰিব৷ ইয়াত সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰ কাম ক্ষীপ্ৰ গতিত হ’বলৈ ধৰিছে৷ সমগ্ৰ দেশৰ প্ৰশাসনৰ, ৰাজহুৱা সুবিধাৰ নিয়ন্ত্ৰণ ইয়াৰ পৰাই হ’ব৷ এনেকুৱা প্ৰায় ১০ টা প্ৰকল্পৰ কাম চলি আছে৷ বন্ধুসকল, স্মাৰ্ট চিটী কেৱল চহৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰকল্প নহয়, ই দেশক এক নতুন পৰিচয় দিয়াৰ অভিযান৷ এয়া যুৱ ভাৰত, নতুন ভাৰতৰ প্ৰতীক৷ এইদৰে মেক ইন ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ অভিযান জন সাধাৰণৰ জীৱনক সুগম আৰু সহজ কৰি তোলাৰ বাবে কৰা হৈছে৷ ইয়াত আমাৰ উত্তৰ প্ৰদেশেও অগ্ৰণী ভূমিকা পালন কৰিছে৷ মই যোগী মহোদয় আৰু তেওঁৰ দলক অভিনন্দন জনাইছোঁ যে তেওঁলোকে যি উদ্যোগ নীতি নিৰ্মাণ কৰিছে, বিনিয়োগৰ বাবে যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ পৰিণাম আজি প্ৰাপ্ত হৈছে৷ কিছু দিন পূৰ্বে নইডাত মই ছেমছাঙৰ ফোন প্ৰস্তুত কৰা, বিশ্বৰ সবাতোকৈ বৃহৎ কাৰখানাৰ উচৰ্গা কৰাৰ অৱকাশ পাইছিলো৷ ইয়াৰ দ্বাৰা সহস্ৰজনে নিয়োজনৰ সুবিধা পাব৷ আপোনালোকে এয়া জানি গৌৰৱান্বিত হ’ব যে বিগত চাৰিটা বৰ্ষত ম’বাইল নিৰ্মাণৰ কাৰখানা দুইৰ পৰা বৃদ্ধি হৈ ১২০ হৈছেগৈ, য’ৰ ৫০ টাতকৈও অধিক কাৰখানা আমাৰ উত্তৰ প্ৰদেশত আছে৷ এই কাৰখানাসমূহে চাৰি লাখতকৈও অধিক যুৱ সম্প্ৰদায়ক নিয়োজনৰ সুবিধা প্ৰদান কৰিছে৷

বন্ধুসকল, ‘মেক ইন ইণ্ডিয়া’ৰ সৈতে ডিজিটেল ভাৰতো নিয়োজনৰ এক উল্লেখযোগ্য মাধ্যম হিচাপে পৰিগণিত হৈছে৷ এই পৰিপ্ৰেক্ষিতত আজি ইয়াত টাটা কনছালটেন্সি ছাৰ্ভিচেছ অৰ্থাৎ টিচিএছৰ বিপিঅ’ৰ শুভাৰম্ভ হৈছে৷ এই কেন্দ্ৰই বাৰাণসীৰ যুৱ সমাজৰ বাবে নিয়োজনৰ সুবিধাৰ সৃষ্টি কৰিব৷ ভাতৃ-ভগ্নীসকল, যেতিয়া নিয়োজনৰ কথা আহে তেতিয়া ইয়াতো চৰকাৰে মাতৃ-ভগ্নীসকলৰ প্ৰতি বিশেষ ধ্যান দিয়ে৷ স্ব-ৰোজগাৰৰ বাবে মুদ্ৰা যোজনাৰ মাধ্যত বিনা গেৰান্টীৰ সৈতে ঋণ অথবা এলপিজিৰ বিনামূলীয়া চিলিণ্ডাৰ আদিৰ জৰিয়তে দুখীয়া মাতৃ আৰু ভনীসকলকৰ জীৱনলৈ পৰিৱৰ্তন আহিছে৷ পৰিষ্কাৰ ইন্ধন যাতে সকলোৰে প্ৰাপ্ত হয় তাৰ বাবে ইয়াত কাশীত বহু ডাঙৰ প্ৰকল্প আৰম্ভ হৈছে৷ আজি উচৰ্গা কৰা চিটী গেছ বিতৰণ ব্যৱস্থাও ইয়াৰে এটা অংশ৷ ইয়াৰ বাবে এলাহাবাদৰ পৰা বাৰাণসীলৈ পাইপ লাইন বহুওৱা হৈছে৷ মই সুখী যে এতিয়ালৈ বাৰাণসীত আঠ হাজাৰ ঘৰত পাইপযুক্ত গেছ সংযোগ প্ৰদান কৰা হৈছে আৰু ভৱিষ্যতে ইয়াক ৪০ হাজাৰ ঘৰলৈ প্ৰেৰণৰ বাবে কাম চলি আছে৷ বন্ধুসকল, এয়া কেৱল ইন্ধনৰ সৈতে জড়িত ব্যৱস্থাই নহয়, চহৰৰ সমগ্ৰ পৰিৱেশতন্ত্ৰ পৰিৱৰ্তনৰ কৰাৰো ব্যৱস্থা হিচাপে পৰিগণিত হৈছে৷ পিএনজিয়েই হওক অথবা চিএনজি, এই আন্তঃগাঁথনিয়ে চহৰখনৰ প্ৰদূষণ হ্ৰাস কৰিব৷ আপোনালোকে চিন্তা কৰক, যেতিয়া বাৰাণসীৰ কোনো বাছ, গাড়ী অথবা অটো চিএনজিৰ দ্বাৰা চালিত হ’ব তেতিয়া ইয়াৰ সৈতে জড়িত কিমান নতুন নিয়োজনৰ সৃষ্টি হ’ব৷

বন্ধুসকল, যেতিয়াই মই জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰোঁ অথবা কোনো ভাৰতীয়ই যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে আৰু যেতিয়াই তেওঁ সুবিধা পায় তেতিয়াই মই দেখোঁ যে জাপানৰ প্ৰধানমন্ত্ৰীয়ে কাশীত যি অভিজ্ঞতা প্ৰাপ্ত কৰিছিল, কাশীৰ লোকে তেওঁৰ যি স্বাগত কৰিছিল সেই কথা তেওঁ বাৰে বাৰে দোহাৰে৷ কাশীৰ গৌৰৱগান কৰে৷ কিছুদিন পূৰ্বে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মোৰ সৈতে ইয়ালৈ আহিছিল আৰু কাশীৰ জনতাই তেওঁক যি স্বাগতম জনালে, তেওঁক যি সন্মান প্ৰদৰ্শন কৰিলে, সমগ্ৰ ফ্ৰান্সে আজি গৌৰৱেৰে সেই কথা সদৰী কৰে৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়েও এই কথা কয়৷ এয়া কাশীৰ পৰম্পৰা, এয়া কাশীৰ আপোনত্ব৷ এই কাশীয়ে সমগ্ৰ বিশ্বতে নিজৰ সুগন্ধি বিয়পাইছে৷ এয়া কাশীৰ মৰম, অতুলনীয় স্নেহ৷ মোৰ কাশীৰ ভাতৃ-ভগ্নীসকল, আপোনালোকে পুনৰ বাৰ সুযোগ পাইছে কাশীৰৰ আত্মীয়তা, মৰম-চেনেহ, আতিথ্য বিশ্বৰ সন্মুখত প্ৰদৰ্শিত কৰিবলৈ৷ আপোনালোকে পূৰ্ণ প্ৰস্তুতি কৰিবনে? সুন্দৰ স্বাগতম জনাবনে? কাশীৰ নাম উজ্বলাবনে? এজন এজন অতিথিৰ গুণগান কৰিবনে? নিশ্চয়কৈ কৰিবনে? প্ৰতিজ্ঞা কৰক৷ চাওক, জানুৱাৰী মাহত ২১ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ কাশীত প্ৰৱাসী ভাৰতীয় দিৱসৰ আয়োজন কৰা হৈছে৷ সমগ্ৰ দেশৰ পৰা ভাৰতীয় লোক এই প্ৰৱাসী ভাৰতীয় দিৱসলৈ আহিব৷ সমগ্ৰ বিশ্বতে যিমানবোৰ ভাৰতীয় উদ্যোগপতি আছে, ৰাজনীতিত আছে, চৰকাৰত আছে, এই সকলো ব্যক্তি একেলগে ২১ৰ পৰা ২৩ জানুৱাৰীলৈ কাশীলৈ আহিব৷ কিছুমানটো এনে লোক আহিব যিসকলৰ তিনিটা বা চাৰিটা পুৰুষৰ পূৰ্বেই ভাৰত এৰি বিদেশলৈ গুচি গৈছে, তাৰ পিছৰে পৰা কেতিয়াও ঘূৰি অহা নাই৷ এনে লোকৰ সন্তানৰো প্ৰথমবাৰলৈ এই ভূমি দৰ্শন হ’ব৷ মোক কওক, এয়া কাশীবাসীৰ বাবে গৌৰৱৰ কথা হয়নে নহয়? এনেলোকৰ স্বাগতমৰ প্ৰস্তুতি আমি কৰিব লাগে নে নালাগে? প্ৰতিটো চুবুৰীত সমগ্ৰ বিশ্বৰ পৰা অহা অতিথিৰ স্বাগতমৰ পৰিৱেশ সৃষ্টি হ’ব লাগে নে নালাগে? সমগ্ৰ বিশ্বতে কাশীৰ বাহঃ বাহঃ হ’ব লাগে নে নালাগে? এতিয়াৰ পৰাই প্ৰস্তুতি কৰক আৰু ২১ৰ পৰা ২৩লৈ তেওঁলোক ইয়াত থাকিব আৰু সকলো অতিথি ২৪ তাৰিখে প্ৰয়াগৰাজ কুম্ভৰ দৰ্শনৰ বাবে যাব আৰু ২৬ জানুৱাৰীত দিল্লীলৈ যাব৷ মোৰ কাশীবাসীৰ পৰা মই আতিথ্যৰ আহ্বান কৰিছোঁ৷ আৰু মই এজন কাশীবাসীৰ ৰূপত আপোনালোকৰ কান্ধত কান্ধ মিলাই ২১ তাৰিখে আপোনালোকৰ সৈতে থাকিম৷ এই কাৰ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাৰ বাবে সমগ্ৰ বিশ্বৰ পৰা ভাৰতৰ মানুহ আহি আছে৷ এয়া এক গুৰুত্বপূৰ্ণ ঘটনা আৰু সেইবাবে মই আপোনালোক সকলোকে তেওঁলোকৰ স্বাগতমৰ প্ৰস্তুতিৰ বাবে নিমন্ত্ৰণ জনাইছোঁ৷

মোৰ কাশীৰ ভাতৃ-ভগ্নীসকল, আজি মই আপোনালোকৰ মাজলৈ আহিবলৈ সুযোগ পালো৷ আপোনালোক সকলোলৈ অনেক যোজনাৰ উচৰ্গা তথা আধাৰশিলা স্থাপনৰ সুযোগ পালো৷ আপোনালোকৰ সাংসদৰ ৰূপত মোৰ এয়া দায়িত্ব যে মই আপোনালোকৰ যিমানেই কামত আহিম, যিমানেই পৰিশ্ৰম আপোনালোকৰ বাবে কৰিম, মই কৰি আছো, কৰি থাকিম৷ মই পুনৰ বাবে মোৰ কাশীবাসীক হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ৷ মোৰ সৈতে একেলগে কওক- হৰ হৰ মহাদেৱ৷ বহুত বহুত ধন্যবাদ৷         

  • Pappulal Bhil mandal Adhyaksh Jamner February 03, 2024

    पिछले 4 वर्षों से 21वीं शताब्दी की आवश्यकताओं के अनुसार काशी को विकसित करने के प्रयास किए जा रहे हैं: प्रधानमंत्री मोदी नया बनारस जो आध्यात्मिकता और आधुनिकता का मेल है, एक नए भारत के लिए विकसित किया जा रहा है: पीएम मोदी काशी पर्यटन के अंतर्राष्‍ट्रीय मानचित्र पर प्रमुखता से उभर रहा है: प्रधानमंत्री इन्टिग्रेटेड कमांड और कंट्रोल सेंटर पर तेजी से काम चल रहा है, जिससे वाराणसी स्मार्ट सिटी बनेगी: प्रधानमंत्री मोदी स्मार्ट सिटी पहल सिर्फ शहरों में आधारभूत संरचना में सुधार करने का एक मिशन नहीं है बल्कि भारत को एक नई पहचान देने का भी एक मिशन है: पीएम मोदी उत्तर प्रदेश के राज्यपाल श्रीमान राम नायक जी, यहां के ओजस्वी, तेजस्वी, परिश्रमी, यशस्वी मुख्यमंत्री श्रीमान योगी आदित्यनाथ जी, केंद्र में मंत्री परिषद् के मेरे साथी श्रीमान मनोज सिन्हा जी, संसद में मेरे साथी और मेरे बहुत पुराने मित्र और प्रदेश भारतीय जनता पार्टी के अध्यक्ष श्रीमान महेंद्र नाथ पांडेय जी, जापान दूतावास के चार्ज द अफेयर श्री हिरेका असारी  जी और बनारस के मेरे भाइयो और बहनो।  मैं सबसे पहले हमारे देश का गौरव बढ़ाने वाली एक बेटी का गौरव गान करना चाहता हूं। आप लोगों ने देखा होगा असम के नवगांव जिले के डीनगाम की एक छोटी सी बेटी हिमा दास उसने कमाल कर दिया। और जिन्‍होंने टीवी पर देखा होगा.. मैंने आज विशेष रूप से एक ट्वीट किया था। उस स्‍टेडियम में जो commentator थे, उनके लिए भी अजूबा  था कि विश्‍व चैम्पियनों को पछाड़ करके हिन्‍दुस्‍तान की एक बेटी हर सेकण्‍ड आगे से आगे बढ़ रही है और वो commentator जिस excitement से बोल रहे थे, किसी भी हिन्‍दुस्‍तानी का सीना चौड़ा हो जाए। और बाद में आपने देखा होगा कि हिमा दास एक बहुत बड़ा काम कर दिया था, भारत का नाम रोशन कर दिया था और यह तय हुआ कि वो जीत गई है तो अपना हाथ उठा करके वो तीरंगे झंडे की प्रतीक्षा करते हुए दौड़ रही थी और जैसे ही तिरंगा झंडा आए उसके लिए वो बेसबरी से इंतजार कर रही थी। और दूसरा वो मन में जीत ले करके बैठी थी। विजय के साथ जैसे ही उसने तिरंगा झंडा लहराया साथ-साथ अपना असमिया गमछा भी गले में डालना नहीं भूली। और जब उसको मेडल मिल रहा था, जब वो खड़ी थी, हिन्‍दुस्‍तान का तिरंगा झंडा लहरा रहा था और जन-मन-गण शुरू हुआ। आपने देखा होगा 18 साल की हिमा दास की आंखों में से गंगा-जमना बह रही थी। वो मां भारती को समर्पित थी। यह दृश्‍य अपने आप में सवा सौ करोड़ हिन्‍दुस्‍तानियों को एक नई प्रेरणा और ऊर्जा देता है। छोटे से गांव की चावल की खेती करने वाले किसान परिवार की बेटी 18 महीने पहले जिले में खेलती थी, कभी राज्‍य में भी खेला नहीं था, वो आज 18 महीने के भीतर-भीतर दुनिया में हिन्‍दुस्‍तान का नाम रोशन करके आ गई। मैं हिमा दास को अनेक-अनेक बधाईयां देता हूं, बहुत-बहुत शुभकामनाएं देता हूं। और आपसे भी कहता हूं तालियां बजा करके हिमा दास का गौरवगान कीजिए। गौरवगान कीजिए हमारी इस बेटी का, असम की इस बेटी ने पूरे देश के नाम को रोशन किया है। बहुत-बहुत बधाई। भाईयों-बहनों, बाबा भोलेनाथ का प्रिय सावन मास आरंभ होने को है। कुछ ही दिनों में काशी में देश और दुनियाभर से शिव भक्‍तों का मेला लगने वाला है। इस उत्‍सव की तैयारियां जोर-शोर से हो रही है। भाईयों-बहनों आज जब हम उत्‍सव की तैयारी में जुटे हैं तब सबसे पहले मैं उन परिवारों की पीड़ा भी सांझा करना चाहता हूं, जिन्‍होंने बीते दिनों हुए हादसे में अपनों को खोया है। बनारस में जो हादसा हुआ, अमूल्‍य जीवन की जो क्षति हुई वह बहुत ही दुखद है। सभी प्रभावित परिवारों के प्रति मेरी पूरी संवेदना है। दूसरों की पीड़ा को सांझा करना, सहयोग और सौहार्द की भावना ही तो काशी की विशेष पहचान है। भोले बाबा के जैसा भोलापन हर किसी के दुख-दर्द को अपने में समाहित करने वाला मां गंगा जैसा स्‍वभाव ही बनारस की पहचान है। देश और दुनिया में बनारसी कहीं भी रहे, वो इन संस्कारो को कभी भूलता नहीं है| साथियों  सदियों से बनारस यूँ ही बना हुआ है, परम्पराओं  में रचा बसा हुआ है| इसकी पौराणिक पहचान को नै ऊंचाइयां देने, काशी को इक्कीसवी सदी की आवश्यक्ता के हिसाब से विकसित करने का प्रयास बीते  चार वर्षो से निरंतर जारी है|  न्‍यू इंडिया के लिए एक नये बनारस का निर्माण हो रहा है, जिसकी आत्‍मा तो पुरातन ही होगी, लेकिन काया नवीनतम बनेगी। जहां के कण-कण में संस्‍कृति और संस्‍कार होंगे, लेकिन व्‍यवस्‍थाएं स्‍मार्ट सिस्‍टम से भरी होगी। बदलते हुए बनारस की यह तस्‍वीर अब चौतरफा दिखने लगी है।  आज मीडिया में, सोशल मीडिया में काशी की सड़के, चौराहों, चौपालों, गलियां, घाटों और तालाबों की तस्‍वीर जो भी देखता है, उसका मन प्रफुलित हो जाता है। सिर के ऊपर लटकते बिजली के तार अब गायब हो गए हैं। सड़के रोशनी से नहा रही है। रंग-बिरंगी रोशनी के बीच फव्‍वारों का दृश्‍य मन छू लेने वाला होता है। साथियों बीते चार वर्षों के दौरान बनारस में दसियों हजार करोड़ का निवेश हो चुका है और यह सिलसिला लगातार जारी रहेगा। 2014 के बाद के दिनों में हमारे सामने कई चुनौतियां थी। पहले की सरकार से काशी के विकास के लिए बहुत सहयोग भी नहीं था, सहयोग छोडि़ये रूकावटें थी, लेकिन जब से आपने भारी बहुमत से लखनऊ में भाजपा की सरकार को समर्थन दिया, तब से पूरे उत्‍तर प्रदेश में काशी के विकास की गति भी तेज हो गई है। इसी सिलसिले को जारी रखते हुए अभी-अभी मैंने करीब-करीब एक हजार करोड़ रुपये की योजनाओं का लोकार्पण और शिलान्‍यास किया है। केंद्र और राज्‍य के ये तीस से अधिक  प्रोजेक्‍ट यहां की सड़कों, ट्रांसपोर्ट, पानी की सप्‍लाई, सीवेज, रसोई गैस, स्‍वच्‍छता और इस शहर का सुंदरीकरण इससे यह जुड़े हैं। इसके अलावा Income Tax tribunal की Circuit Bench और केंद्रीय कर्मचारियों के लिए CGHS wellness centre की सुविधा से भी यहां के लोगों को बड़ी सहूलियत मिलने जा रही है। भाईयों और बहनों, बनारस में जो भी बदलाव आ रहा है, उसका लाभ आस-पास के गांवों को मिल रहा है। इन गांवों में पीने के पानी से जुड़ी अनेक योजनाओं का भी आज यहां लोकार्पण किया गया। यहां जो किसान भाई-बहन जुटे हैं, मैं आपको विशेष बधाई देना चाहता हूं। इस सभास्‍थल के पास ही perishable cargo केंद्र है, जो अब बन करके तैयार है। यह मेरा सौभाग्‍य था कि मुझे उसका शिलान्‍यास करने का मौका मिला था और आज लोकार्पणस करने का भी मौका मिल गया। साथियों कार्गों सेंटर यहां के किसानों के लिए बड़ा वरदान साबित होने वाला है। आलू, मटर, टमाटर जैसी सब्जियां जो बहुत कम समय में खराब हो जाती थी, उनके भंडारण की उचित व्‍यवस्‍था यहां तैयार की गई है। अब आपको फल-सब्जियों के सड़ने-गलने से नुकसान नहीं उठाना पड़ेगा। रेलवे स्‍टेशन भी बहुत दूर नहीं है। इससे अब सब्जियों और फलों को दूसरे शहरों में भेजने में भी आपको और आसान होगी। भाईयों-बहनों, Transportation से Transformation यानि परिवहन से परिवर्तन यह रास्‍ते पर यह सरकार तेज गति से आगे बढ़ रही है। विशेष तौर पर देश के इस पूर्वी हिस्‍से पर हमारा सबसे अधिक फोकस है। थोड़ी देर पहले आजमगढ़ में हुआ देश के सबसे लम्‍बे एक्‍सप्रेस-वे का शिलान्‍यास भी इसी विजन का हिस्‍सा है। साथियों, काशी नगरी हमेशा से मोक्षदायिनी रही है और जीवन की तलाश में यहां आने वालों की भी कोई कमी नहीं है। लेकिन अब जीवन में आने वाले संकटों को मेडिकल साइंस के माध्‍यम से कम करने का केंद्र भी बनती जा रही है। आपके सहयोग से बनारस पूर्वी भारत के एक Health Hub के रूप में उभरने लगा है। शिक्षा के क्षेत्र में जाना-मना हमारा BHU आज चिकित्‍सा के क्षेत्र में भी पहचाना जाने लगा है। आपको जान करके खुशी होगी कि अभी हाल ही मैं BHU ने एम्‍स के साथ एक world class health institute बनाने के लिए समझौता किया है। इस प्रकार यह शुरू हो गया है और जल्‍द ही इसके परिणाम आपको दिखने लगेंगे। ऐसे में बनारस में रहने वालों के साथ ही यहां आने-जाने वालों के लिए भी connectivity बहुत अहम है। इसलिए रोड़ हो, या रेल अनेक नई सुविधाएं आज काशी को मिल रही है। इसी दिशा में यहां केंट रेलवे स्‍टेशन को नया रंग-रूप  देने का काम चल रहा है। वाराणसी को इलाहबाद और छपरा से जोड़ने वाले ट्रेक की ड‍बलिंग का काम तेज गति से चल रहा है। वाराणसी से लेकर बलिया तक विद्युतीकरण का काम भी पूरा हो चुका है और आज से इस section पर मेमो ट्रेन भी चल पड़ी है।  अभी मैंने हरी झंडी दिखा करके उस ट्रेन को विदा किया है। अब सुबह इस ट्रेन से बलिया और गाजीपुर के लोग यहां आ पाएंगे और फिर अपना काम करके शाम को वापस भी इसी ट्रेन से लौट पाएंगे। अब लम्‍बी दूरी की ट्रेनों की भीड़भाड़ से यहां के लोगों को राहत मिलने वाली है। साथियों यहां काशी में भक्‍तों को, श्रद्धालुओं को बेहतर सुविधा देने का प्रयास भी जारी है। देश और दुनिया से बाबा भोले के जो भक्‍त हैं यहां काशी आते हैं, उनको आने-जाने में असुविधा न हो इसकी व्‍यवस्‍था की जा रही हे। पंचकोशी मार्ग के चौड़ीकरण का काम भी आज से आरंभ हो चुका है। इसके साथ-साथ आस्‍था और सांस्‍कृतिक महत्‍व के जितने भी स्‍थान काशी में हैं उनको जोड़ने वाली दो दर्जन सड़कों को या तो सुधारा गया है या फिर नये सिरे से निर्माण किया गया है। इन सड़कों का भी थोड़ी देर पहले लोकार्पण किया गया है।  भाईयों और बहनों काशी पर्यटन के अंतर्राष्‍ट्रीय मानचित्र पर प्रमुखता से उभर रहा है। आज यहां International Conversion Centre रूद्राक्ष का शिलान्‍यास किया गया है। दो साल पहले जापान के प्रधानमंत्री और मेरे परम मित्र श्रीमान शिंजो आबे जी जब मेरे साथ काशी आए थे, तब उन्‍होंने यह उपहार भारत को, काशीवासियों को दिया था। अगले डेढ़-दो साल में यह प्रोजेक्‍ट पूरा किया जाना है। आप सभी काशीवासियों की तरफ से, देशवासियों की तरफ से मैं इस उपहार के लिए जापान के प्रधानमंत्री श्रीमान शिंजो आबे जी का हृदय पूर्वक आभार व्‍यक्‍त करता हूं। साथियों मुझे प्रसन्‍ता है कि काशी ही नहीं, बल्कि पूरे यूपी में पर्यटन को योगी जी और उनकी टीम बढ़ावा दे रही है। इसके लिए स्‍वच्‍छता और धरोहरों के सुंदरीकरण का काम तेजी से आगे बढ़ाया जा रहा है। विशेषतौर पर स्‍वच्‍छता ,स्‍वच्‍छ भारत अभियान को जिस तरह आप सभी ने यूपी की जनता ने आगे बढ़ाया है, यह प्रशसनीय है। स्‍वच्‍छ, सुंदर और स्‍वस्‍थ भारत के लिए आपका यह योगदान प्रशसनीय है। साथियों काशी की महानता, उसकी ऐतिहासिकता को बनाए रखने के लिए आप जो कर रहे हैं वो अतुलनीय है।  लेकिन हमें चार वर्ष से पहले का वो समय भी नहीं भूलना चाहिए, जब वाराणसी की व्‍यवस्‍थाएं संकट में थी। हर तरफ कचरा, गंदगी, खस्‍ता हॉल-पार्क, खराब सड़के, ओवरफ्लो होता सीवर, खम्‍भों से लटकतें बिजली के तार, जाम से परेशान पूरा शहर, बाबदपुरा एयरपोर्ट से शहर को जोड़ने वाली उस सड़क को आप भूल नहीं गए होंगे, जिस पर आप निर्भर रहते थे। न जाने कितने लोगों को परेशानी हुई होगी, कितनों की फ्लाइट छुट्टी होगी। हालत यह थी कि परेशानी से बचने के लिए लोग एयरपोर्ट की बजाय केंट रेलवे स्‍टेशन का रूख करते थे।  गंगाजी का, घाटों का क्‍या हाल था, वो भी किसी से छिपा नहीं। किस प्रकार पूरे शहर और गांवों की गंदगी, कूड़ा-कचरा सब गंगा जी में प्रभावित हो रहा था और पहले की सरकार की सारी व्‍यवस्‍थाएं इससे बेपरवाह थी। गंगा जी के नाम पर कितना पैसा पानी में बह गया इसका कोई हिसाब नहीं। एक तरफ गंगा जी के प्रवाह पर संकट था, गंगा जल की शुद्धता पर संकट था, वहीं दूसरी तरफ लोगों की तिजौरियां लबालब भरी रहती थी। ऐसी स्थिति में गंगा जी को स्‍वच्‍छ करने का बीड़ा उठाया गया। आज मां गंगा को निर्मल करने का अभियान तेज गति से आगे बढ़ रहा है। सिर्फ बनारस ही नहीं, बल्कि गंगोत्री से ले करके गंगा सागर तक एक साथ प्रयास चल रहे हैं। सिर्फ साफ-सफाई ही नहीं, बल्कि शहरों की गंदगी गंगा में न गिरे, इसका भी प्रबंध किया जा रहा है। इसके लिए अब तक लगभग 21 हजार करोड़ की दो सौ से अधिक परियोजनाओं को स्‍वीकृति दी जा चुकी है। थोड़ी देर पहले सीवेज से जुड़े कई प्रोजेक्‍ट का शिलान्‍यास और लोकार्पण यहां भी किया गया है। साथियों सरकार यह भी सुनिश्चित कर रही है कि जो सीवेज ट्रीटमेंट प्‍लांट बनाए जाए वो ठीक से चले, सुचारू रूप से चले, क्‍योंकि पहले की सरकारों की यह कार्य संस्‍कृति रही है कि ट्रीटमेंट प्‍लांट तो बनाए जाते थे, लेकिन न तो वो अपनी क्षमता से काम करते हैं और न ही लम्‍बे समय तक चल पाते थे । अब जो भी प्‍लांट बनाए जा रहे हैं उसके साथ-साथ यह भी सुनिश्चित किया जा रहा है कि वो 15 साल तक कम से कम तक चलने चाहिए। यानि हमारा जोर सिर्फ सीवजे ट्रीटमेंट प्‍लांट बनाने पर ही नहीं, बल्कि उन्‍हें चलाने पर भी है। इसमें समय और श्रम अधिक लगता है लेकिन एक स्‍थायी व्‍यवस्‍था खड़ी की जा रही है। आने वाले समय में इसका परिणाम बनारस के लोगों को भी दिखने लगेगा। भाईयों और बहनों, यह जो भी काम आज हो रहा है, वो बनारस को 'स्‍मार्ट सिटी' में बदलने वाला है। यहां integrated कमांड और control centre पर तेजी से काम चल रहा है। पूरे देश के प्रशासन का, पब्लिक सुविधाओं का नियंत्रण यही से होने वाला है। ऐसे लगभग 10 प्रोजेक्‍ट पर आज काम चल रहा है। साथियों 'स्‍मार्ट सिटी' सिर्फ शहरों के infrastructre को सुधारने का अभियान नहीं है, बल्कि यह देश को एक नयी पहचान देने का मिशन है। यह यंग इंडिया, न्‍यू इंडिया का प्रतीक है। इसी तरह मेक इन इंडिया और डिजिटल इंडिया अभियान सामान्‍य जन के जीवन को सुगम और सरल बनाने का काम कर रहे हैं। इसमें हमारे उत्‍तर प्रदेश भी अग्रणी भूमिका निभा रहा है। मैं योगी जी और उनकी पूरी टीम को बधाई देता हूं कि आपने जो उद्योग नीति बनाई है, निवेश के लिए जो माहौल बनाया है उसके परिणाम आज सामने आने लगे हैं। कुछ दिन पहले नोएडा में Samsung की फोन बनाने वाली दुनिया की सबसे बड़ी फैक्‍ट्री का लोकार्पण करने का अवसर मुझे मिला। इससे रोजगार के हजारों अवसर बनेंगे। आपको यह जानकर गर्व होगा कि बीते चार वर्षों में मोबाइल फैक्ट्रियां, मोबाइल फोन बनाने वाली फैक्ट्रियों की संख्‍या दो से बढ़ करके 120 हो गई है, जिसमें से 50 से अधिक फैक्ट्रियां यह हमारे उत्‍तर प्रदेश में हैं। यह फैक्‍ट्रियां चार लाख से अधिक नौजवनों को आज रोजगार दे रही है। साथियों, 'मेक इन इंडिया' के साथ-साथ डिजिटल इंडिया भी रोजगार का प्रतापी माध्‍यम सिद्ध हो रहा है। इसी कड़ी में आज यहां पर Tata Consultancy Services यनि TCS के BPO की शुरूआत हुई है। यह केंद्र बनारस के युवाओं के लिए रोजगार के नये अवसर ले कर आएगा। भाईयों और बहनों, रोजगार की जब बात आती है, तो यहां  भी माताएं-बहनों पर सरकार विशेष ध्‍यान दे रही हैं। स्‍वरोजगार के लिए मुद्रा योजना के माध्‍यम से बिना बिना गारंटी का ऋण या फिर एलपीजी का मुफ्त सिलेंडर हो। गरीब माताओं और बहनों के जीवन में बदलाव आ रहा है। साफ-सुथरा ईंधन सभी तक पहुंचे इसके लिए यहां काशी में बहुत बड़ा प्रोजेक्‍ट चल रहा है। आज city gas distributin system का लोकार्पण इसी का हिस्‍सा है। इसके लिए इलाहबाद से बनारस तक पाइप लाइन बिछाई गई है। मुझे खुशी है कि अब तक बनारस में आठ हजार घरों में पाइप वाली गैस का कनेक्‍शन पहुंच चुका है और भविष्‍य में इसे 40 हजार से ज्‍यादा घरों तक पहुंचाने के लिए काम चल रहा है। साथियों यह सिर्फ ईंधन से जुड़ी हुई एक व्‍यवस्‍था नहीं है, बल्कि शहर के पूरे इको सिस्‍टम को बदलने का एक अभियान है। पीएनजी हो या सीएनजी यह Infrastructure  शहर के प्रदूशणस में भी कमी लाने वाला है। आप सोचिए जब बनारस की बसें, कारें और ऑटो सीएनजी से चलेंगे तो इससे जुड़े कितने नये रोजगारों का सृजन होगा। साथियों, जब भी मैं जापान के प्रधानमंत्री से मिलता हूं या कोई भी हिन्‍दुस्‍तानी जब जापान के प्रधानमंत्री से मिलता है और जहां भी उनको मौका मिलता है, मैं लगातार देख रहा हूं कि जापान के प्रधानमंत्री मेरे मित्र जो भी मिलता है उसको काशी के जो अनुभव हुआ, काशी के लोगों ने जो स्‍वागत किया, वो बार-बार दोहराते रहते हैं। काशी का गौरवगान करते हैं। पिछले दिनों फ्रांस के राष्‍ट्रपति मेरे साथ यहां आए थे और अब काशीवासियों ने पलक पावड़े बिछा करके फ्रांस के राष्‍ट्रपति का जो सम्‍मान किया, गौरवगान किया, पूरा फ्रांस आज गौरव के साथ उस बात का जिक्र करता है। फ्रांस के राष्‍ट्रपति इसका जिक्र करते हैं। यह काशी की परंपरा है, यह काशी का अपनापन है। यह काशी ने दुनिया में अपनी सुगंध फैलाई है। यह काशी का दुलार, यह स्‍नेह अद्भूत है। मेरे काशी के भाईयों-बहनों, आपको फिर एक बार एक बहुत बड़ा मौका यह काशी के दुलार को, काशी के प्रेम को काशी के अपनेपन को काशी की मेहमान नवाजी को दुनिया को दिखाने का अवसर आने वाला है। आप पूरी तैयारी करेंगे? शानदार स्‍वागत करेंगे? काशी का नाम रोशन करेंगे? एक-एक मेहमान का गौरवगान करेंगे? पक्‍का करेंगे? पक्‍का, promise. देखिए जनवरी महीने में 21 जनवरी से 23 जनवरी काशी में प्रवासी भारतीय दिवस का आयोजन हुआ है। दुनियाभर से भारतीय लोग इस प्रवासी भारतीय दिवस में आने वाले हैं। दुनियाभर में जहां भारतीय लोग उद्योगपति है, राजनीति में हैं, सरकारें चलाते हैं, ये सब लोग पूरी दुनिया से एक साथ 21 से 23 जनवरी को काशी में आने वाले हैं। कुछ लोग तो ऐसे आएंगे, जिनके पूर्वज तीन या चार या पांच पीढ़ी पहले विदेश चले गए, उसके बाद कभी लौट करके नहीं आए, ऐसे लोगों की संतान भी पहली बार इस मिट्टी के दर्शन करने के लिए आने वाले हैं। मुझे बताइये कि इतनी बड़ी घटना काशी के लिए गौरवपूर्ण है कि नहीं है? इन लोगों के स्‍वागत की हमें तैयारी करनी चाहिए कि नहीं करनी चाहिए? हरेक मोहल्‍ले में इन दुनिया में आने वाले लोगों की मेहमान नवाजी का माहौल बनना चाहिए कि नहीं बनना चाहिए? पूरी दुनिया में काशी की वाह-वाही होनी चाहिए कि नहीं होनी चाहिए। अभी से तैयारी में लग जाइये और 21 से 23 यहां रहेंगे और यह दुनिया से यहां आए सारे मेहमान 24 तारीख को प्रयागराज कुंभ के दर्शन के लिए जाएंगे और 26 जनवरी को दिल्‍ली पहुंचेंगे।  मेरा, मेरे काशीवासियों से मेहमान नवाजी के लिए बड़ा आग्रह है। और मैं भी एक काशीवासी के रूप में आपके साथ कंधे से कंधा मिलाकर उस 21 तारीख को आपके बीच में रहूंगा। इस कार्यक्रम में शामिल होने के लिए पूरे विश्‍व से भारत के लोग आ रहे हैं। बहुत बड़ी महत्‍वूर्ण घटना है और इसलिए आप सबको मैं उनके स्‍वागत की तैयारी करने के लिए निमंत्रण देता हूं। मेरे काशी के भाईयों-बहनों आज मुझे आपके बीच आने का मौका मिला। आप सभी को अनेक-अनेक योजनाएं आज समर्पित करने का, शिलान्‍यास करने का मौका यहां मिला। आपके सांसद के रूप में यह मेरा दायित्‍व बनता हूं कि मैं आपको जितना काम आ सकूं, जितनी मेहनत आपके लिए कर सकूं, मैं करता रहा हूं, करता रहूंगा। मैं फिर एक बार मेरे काशीवासियों का हृदय से अभिनंदन करता हूं। मेरे साथ जोर से बोलिये - हर हर महादेव। बहुत-बहुत धन्‍यवाद। Join PM Modi on WhatsApp
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
‘Bharat looks bhavya': Gaganyatri Shubhanshu Shukla’s space mission inspires a nation

Media Coverage

‘Bharat looks bhavya': Gaganyatri Shubhanshu Shukla’s space mission inspires a nation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi’s remarks at the BRICS session: Environment, COP-30, and Global Health
July 07, 2025

Your Highness,
Excellencies,

I am glad that under the chairmanship of Brazil, BRICS has given high priority to important issues like environment and health security. These subjects are not only interconnected but are also extremely important for the bright future of humanity.

Friends,

This year, COP-30 is being held in Brazil, making discussions on the environment in BRICS both relevant and timely. Climate change and environmental safety have always been top priorities for India. For us, it's not just about energy, it's about maintaining a balance between life and nature. While some see it as just numbers, in India, it's part of our daily life and traditions. In our culture, the Earth is respected as a mother. That’s why, when Mother Earth needs us, we always respond. We are transforming our mindset, our behaviour, and our lifestyle.

Guided by the spirit of "People, Planet, and Progress”, India has launched several key initiatives — such as Mission LiFE (Lifestyle for Environment), 'Ek Ped Maa Ke Naam' (A Tree in the Name of Mother), the International Solar Alliance, the Coalition for Disaster Resilient Infrastructure, the Green Hydrogen Mission, the Global Biofuels Alliance, and the Big Cats Alliance.

During India’s G20 Presidency, we placed strong emphasis on sustainable development and bridging the gap between the Global North and South. With this objective, we achieved consensus among all countries on the Green Development Pact. To encourage environment-friendly actions, we also launched the Green Credits Initiative.

Despite being the world’s fastest-growing major economy, India is the first country to achieve its Paris commitments ahead of schedule. We are also making rapid progress toward our goal of achieving Net Zero by 2070. In the past decade, India has witnessed a remarkable 4000% increase in its installed capacity of solar energy. Through these efforts, we are laying a strong foundation for a sustainable and green future.

Friends,

For India, climate justice is not just a choice, it is a moral obligation. India firmly believes that without technology transfer and affordable financing for countries in need, climate action will remain confined to climate talk. Bridging the gap between climate ambition and climate financing is a special and significant responsibility of developed countries. We take along all nations, especially those facing food, fuel, fertilizer, and financial crises due to various global challenges.

These countries should have the same confidence that developed countries have in shaping their future. Sustainable and inclusive development of humanity cannot be achieved as long as double standards persist. The "Framework Declaration on Climate Finance” being released today is a commendable step in this direction. India fully supports this initiative.

Friends,

The health of the planet and the health of humanity are deeply intertwined. The COVID-19 pandemic taught us that viruses do not require visas, and solutions cannot be chosen based on passports. Shared challenges can only be addressed through collective efforts.

Guided by the mantra of 'One Earth, One Health,' India has expanded cooperation with all countries. Today, India is home to the world’s largest health insurance scheme "Ayushman Bharat”, which has become a lifeline for over 500 million people. An ecosystem for traditional medicine systems such as Ayurveda, Yoga, Unani, and Siddha has been established. Through Digital Health initiatives, we are delivering healthcare services to an increasing number of people across the remotest corners of the country. We would be happy to share India’s successful experiences in all these areas.

I am pleased that BRICS has also placed special emphasis on enhancing cooperation in the area of health. The BRICS Vaccine R&D Centre, launched in 2022, is a significant step in this direction. The Leader’s Statement on "BRICS Partnership for Elimination of Socially Determined Diseases” being issued today shall serve as new inspiration for strengthening our collaboration.

Friends,

I extend my sincere gratitude to all participants for today’s critical and constructive discussions. Under India’s BRICS chairmanship next year, we will continue to work closely on all key issues. Our goal will be to redefine BRICS as Building Resilience and Innovation for Cooperation and Sustainability. Just as we brought inclusivity to our G-20 Presidency and placed the concerns of the Global South at the forefront of the agenda, similarly, during our Presidency of BRICS, we will advance this forum with a people-centric approach and the spirit of ‘Humanity First.’

Once again, I extend my heartfelt congratulations to President Lula on this successful BRICS Summit.

Thank you very much.