For the last four years, efforts are being made to develop Kashi in accordance with the requirements of the 21st century: PM
New Banaras - a blend of spirituality and modernity - is being developed, for a New India: PM Modi
Kashi is emerging as an important international tourist destination, says PM Modi
Work is in full swing for an Integrated Command and Control Centre, that would make Varanasi a Smart City: PM
Smart City Initiative is not just a mission to improve infrastructure in cities, but also a mission to give India a new identity: PM Modi

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক মহোদয়, ইয়াৰে ওজস্বী, তেজস্বী, পৰিশ্ৰমী, যশস্বী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ মহোদয়, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী তথা পুৰণি মিত্ৰ আৰু উত্তৰ প্ৰদেশ ভাৰতীয় জনতা দলৰ অধ্যক্ষ শ্ৰীমান মহেন্দ্ৰ নাথ পাণ্ডে, জাপানৰ দূতাবাসৰ চাৰ্জ দা এফেয়াৰ শ্ৰী হিৰেকা অসাৰী মহোদয় আৰু বাৰাণসী মোৰ ভাতৃ-ভগ্নীসকল৷

সৰ্বপ্ৰথমে মই আমাৰ দেশৰ গৌৰৱ বৃদ্ধি কৰা আমাৰ এগৰাকী কন্যাৰ গৌৰৱ গাঁথা শুনাব বিচাৰিছোঁ৷ আপোনালোকে দেখিছে যে অসমৰ নগাঁও জিলাৰ ধিঙৰ এজনী সৰু ছোৱালী হিমা দাসে অসাধাৰণ কৃতিত্ব প্ৰদৰ্শন কৰিলে৷ আৰু যিসকলে দুৰদৰ্শনত দেখিলে.. মই আজি এক বিশেষ ৰূপত টুইট কৰিছোঁ৷ সেই ষ্টেডিয়ামত যিগৰাকী ধাৰাভাষ্যকাৰী আছিল তেওঁৰ বাবেও এয়া আচৰিত হ’বলগীয়া কথা আছিল যে বিশ্ব চেম্পিয়নসকলক পিছ পেলাই হিন্দুস্তানৰ এজনী ছোৱালী প্ৰতি ছেকেণ্ডত আগবাঢ়ি আছে আৰু সেই ধাৰাভাষ্যকাৰীজনে ইমান উত্তেজনাৰে ধাৰাভাষ্য প্ৰদান কৰি আছিল যে সেয়া শুনি হিন্দুস্তানীসকলৰ বুকু গৌৰৱত ফুলি উঠিব৷ আৰু পিছত আপোনালোকে হয়তো দেখিলে যে হিমা দাসে এটা ডাঙৰ কাম কৰিলে, তেওঁ ভাৰতৰ নাম মহিমাণ্ডিত কৰিলে৷ যেতিয়া তেওঁৰ জয় হ’ল, তেওঁ দুহাত ওপৰলৈ তুলি ত্ৰিৰংগাৰ প্ৰতীক্ষা কৰি আছিল৷ আৰু যেতিয়াই তেওঁৰ হাতলৈ ত্ৰিৰংগা আহিল, তেওঁ ত্ৰিৰংগাখনত লহৰ তুলি অসমীয়া গামোচাখনো ডিঙিত ল’বলৈ নাপাহৰিলে৷ যেতিয়া তেওঁ মেডেল গ্ৰহণ কৰি আছিল, হিন্দুস্তানৰ ত্ৰিৰংগা তেতিয়া বতাহত উৰি আছিল, আৰু তেতিয়াই জন-গণ-মন আৰম্ভ হ’ল৷ আপোনালোকে দেখিলে যে ১৮ বছৰীয়া হিমাৰ চকুৰে তেতিয়া চকুলো বৈ আছিল৷ এয়া ভাৰত মাতাৰ প্ৰতি সমৰ্পিত আছিল৷ এই দৃশ্যই স্বয়ংভাৱে এশ পচিশ কোটি ভাৰতীয়ক ন প্ৰেৰণা আৰু উদ্দীপনা প্ৰদান কৰিব৷ সৰু এখন গাঁৱৰ ধান খেতি কৰা কৃষক পৰিয়ালৰ ছোৱালী ১৮ মাহ পূৰ্বে জিলা ভিত্তিত খেলিছিল, আজি তেওঁ ১৮ মাহৰ ভিতৰতে বিশ্বৰ ভিতৰতে ভাৰতৰ নাম উজ্বলাইছে৷ মই হিমা দাসক অনেক অভিনন্দন তথা শুভকামনা জনাইছোঁ৷ আৰু আপোনালোককো কৈছোঁ যে হাত-তালিৰে হিমাৰ দাসক গৌৰৱান্বিত কৰক৷ গৌৰৱগান কৰক আমাৰ দেশৰ ছোৱালীৰ, অসমৰ এই ছোৱালীজনীয়ে সমগ্ৰ দেশৰ নাম আলোকিত কৰিলে৷ বহুত বহুত অভিনন্দন৷

ভাতৃ-ভগ্নীসকল, বাবা ভোলানাথৰ প্ৰিয় শাওন মাহ কেইদিনমানৰ পিছতে আৰম্ভ হ’ব৷ কিছুদিনৰ পিছতেই কাশীত দেশ আৰু বিশ্বৰ শিৱভক্ত সকলে ভিৰ কৰিবহি৷ এই উৎসৱৰ প্ৰস্তুতি ধুমধামেৰে হ’বলৈ ধৰিছে৷ ভাতৃ আৰু ভগ্নীসকল, আজি এই উৎসৱৰ প্ৰস্তুতিত ব্যস্ত থকাৰ মাজতে মই সৰ্বপ্ৰথমে সেই পৰিয়ালসকলৰ পীড়া তথা মনোকষ্টৰ কথা ক’বলৈ ওলাইছোঁ যিয়ে বিগত দিনত হোৱা দুৰ্ঘটনাত নিজৰ আপোন লোকক হেৰুৱাইছে৷ বাৰাণসীত দুৰ্ঘটনা হ’ল, অমূল্য জীৱনৰ যি ক্ষতি হ’ল সেয়া অত্যন্তই দুখজনক৷ সকলো পীড়িত পৰিয়াললৈ মোৰ সমবেদনা জনাইছোঁ৷ আনৰ দুখত দুখী হোৱা, সহযোগ আৰু সৌহাৰ্দৰ ভাৱনাই হ’ল কাশীৰ বিশেষত্ব৷ ভোলে বাবাৰ দৰে ভোলা স্বভাৱ, সকলোৰে দুখক নিজৰ মাজত সমাহিত কৰিব পৰা, মা গংগাৰ দৰে স্বভাৱেই হ’ল বাৰাণসীৰ পৰিচয়৷ দেশ আৰু বিশ্বৰ যিকোনো প্ৰান্ততে বাৰাণসীবাসীসকলে এই সংস্কাৰ কেতিয়াও নাপাহৰে৷ বন্ধুসকল, শতিকাজুৰি বাৰাণসী এইদৰেই আছে, পৰম্পৰাৰ মাজত জীয়াই আছে৷ ইয়াৰ পৌৰাণিক পৰিচয়ক নতুন উচ্চতা প্ৰদান কৰিবলৈ, কাশীক একবিংশ শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি বিকশিত কৰাৰ বাবে বিগত চাৰি বছৰ ধৰি প্ৰয়াস কৰি থকা হৈছে৷ নতুন ভাৰতৰ বাবে এক নতুন বাৰাণসীৰ নিৰ্মাণ হৈ আছে, যাৰ আত্মা প্ৰাচীন হ’ব কিন্তু কায়া নবীনতম হ’ব৷ য’ত প্ৰান্তে প্ৰান্তে সংস্কৃতি আৰু সংস্কাৰ থাকিব, কিন্তু প্ৰণালীসমূহ স্মাৰ্ট ব্যৱস্থাযুক্ত হ’ব৷ পৰিৱৰ্তিত বাৰাণসীৰ এই চিত্ৰ এতিয়া চাৰিওফালে দেখিবলৈ পোৱা গৈছে৷

আজি সংবাদ মাধ্যমত, ছ’চিয়েল মাধ্যমত কাশীৰ পথ, পদূলি, অলি-গলি, ঘাট আৰু পুখুৰীৰ আলোকচিত্ৰ যিয়েই দেখিছে তেওঁৰ মন প্ৰফুল্লিত হৈ উঠিছে৷ মূৰৰ ওপৰত ওলমি থকা বিদ্যুতৰ তাঁৰ আজি নোহোৱা হৈ পৰিছে৷ পথ সমূহ প্ৰকাশেৰ উজ্বলি উঠিছে৷ ৰং-বিৰঙী পানীৰ ফোঁৱাৰাৰ দৃশ্যই হৃদয় স্পৰ্শ কৰিছে৷ বন্ধুসকল, বিগত চাৰিটা বৰ্ষত বাৰাণসীত দহ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰা হৈছে আৰু এই গতি নিৰৱচ্ছিন্ন হ’ব৷ ২০১৪ চনৰ পিছত আমি বহু প্ৰত্যাহ্বানৰ মুখামুখি হৈছিলোঁ৷ পূৰ্বৰ চৰকাৰে কাশীৰ বিকাশৰ বাবে সহযোগ কৰা নাছিল, সহযোগটো দূৰৰ কথা, তেওঁলোকে বাধা প্ৰদান কৰি আছিল৷ যেতিয়াই আপোনাকে বহুমত প্ৰদান কৰি লক্ষ্ণৌত ভাজপা চৰকাৰক অধিষ্ঠিত কৰিলে তেতিয়াৰ পৰা উত্তৰ প্ৰদেশৰ বিকাশৰ গতি ক্ষীপ্ৰ হ’ল৷ এই যাত্ৰা অবিৰত ৰাখি অলপতে মই প্ৰায় এক হাজাৰ কোটি টকাৰ যোজনাৰ আধাৰশিলা স্থাপন আৰু উচৰ্গা কৰিছোঁ৷ কেন্দ্ৰ আৰু ৰাজ্যৰ এয়া ত্ৰিশতকৈও অধিক প্ৰকল্প ইয়াৰ পথ, পৰিবহণ, পানীৰ যোগান, নলা-নৰ্দমা, ৰন্ধন গেছ, স্বচ্ছতা আৰু এই চহৰৰ সৌন্দৰ্যবৰ্ধনৰ সৈতে জড়িত হৈ আছে৷ ইয়াৰোপৰি আয়কৰ ত্ৰিবুনেলৰ ছাৰ্কিট বেঞ্চ আৰু কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে চিজিএইচএছ কল্যাণ কেন্দ্ৰৰ সুবিধাৰ জৰিয়তে ইয়াৰ জনতা উপকৃত হ’ব৷

ভাতৃ আৰু ভগ্নীকল, বাৰাণসীলৈ যি পৰিৱৰ্তন আহিছে, তাৰে লাভ গাঁৱৰ লোকসকলে প্ৰাপ্ত কৰিছে৷ এই গাঁওসমূহত পেয় জলৰ সৈতে জড়িত অনেক যোজনাৰো আজি উচৰ্গা কৰা হৈছে৷ ইয়াত যি কৃষক ভাই-ভনীসকল জড়িত হৈ আছে, তেওঁলোকক মই বিশেষ অভিনন্দন জনাইছোঁ৷ এই সভাস্থলীৰ কাষতেই পেৰিশ্বেবেল কাৰ্গো কেন্দ্ৰ আছে, যি বৰ্তমানে প্ৰস্তুত হৈ উঠিছে৷ এয়া মোৰ সৌভাগ্য যে তাৰে মই আধাৰশিলা স্থাপন কৰাৰ সৌভাগ্য প্ৰাপ্ত কৰিলো আৰু সেয়া উচৰ্গা কৰাৰো অৱকাশ পালো৷ বন্ধুসকল, এই কাৰ্গো কেন্দ্ৰ ইয়াৰ কৃষকসকলৰ বাবে এক বৰদান স্বৰূপ হৈ উঠিব৷ আলু, মটৰ, বিলাহী আদিৰ দৰে পাচলি যি অতি সোনকালে নষ্ট হৈ যায় সেয়া সঞ্চয় কৰাৰ উচিত ব্যৱস্থা কৰা হৈছে৷ এতিয়াৰে পৰা আপোনালেকে ফল-পাচলি আদি পচি যোৱাৰ লোকচান ভৰিব নালাগে৷ ৰে’লৱে ষ্টেচনো যথেষ্ট দূৰ নহয়৷ ইয়াৰ জৰিয়তে এতিয়া পাচলি আৰু ফলসমূহ দূৰ চহৰলৈ প্ৰেৰণ কৰাও সহজ হৈ উঠিব৷

ভাতৃ আৰু ভগ্নীসকল, পৰিবহণৰ দ্বাৰা পৰিৱৰ্তন, এই পথত এই চৰকাৰ ক্ষীপ্ৰ গতিৰে আগবাঢ়ি আছে৷ বিশেষ ৰূপত দেশৰ এই পূব অংশত আমাৰ অধিক লক্ষ্য প্ৰদান কৰা হৈছে৷ কিছু দেৰি পূৰ্বে আজমগড়ত হোৱা দেশৰ সবাতোকৈ দীৰ্ঘতম এক্সপ্ৰেছ ৱে’ৰ আধাৰশিলা স্থাপনো এই দৃষ্টিকোণৰে এক অংশ৷

বন্ধুসকল, কাশী নগৰী সদায়েই মোক্ষদায়িনী হিচাপে পৰিচিত হৈ আহিছে আৰু জীৱনৰ সন্ধানত ইয়ালৈ অহা লোকৰ সংখ্যা কম নহয়৷ কিন্তু এতিয়া জীৱনলৈ অহা সংকটসমূহ চিকিৎসা বিজ্ঞানৰ দ্বাৰা হ্ৰাস কৰাৰ কেন্দ্ৰও নিৰ্মাণ হ’বলৈ ধৰিছে৷ আপোনালোকৰ সহযোগত বাৰাণসী পূব ভাৰতৰ এক স্বাস্থ্য কেন্দ্ৰলৈ পৰিণত হ’ব ধৰিছে৷ শিক্ষাৰ ক্ষেত্ৰত বিখ্যাত আমাৰ বিএইচইউ আজি চিকিৎসাৰ ক্ষেত্ৰতো পৰিচিত হ’বলৈ ধৰিছে৷ আপোনালোকে জানি সুখী হ’ব যে অলপতে বিএইচইউয়ে এইমছৰ সৈতে এক বিশ্বমানৰ স্বাস্থ্য প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ বাবে সহযোগিতাৰ চুক্তি কৰিছে৷ এইদৰে ইয়াৰ আৰম্ভণি হৈছে আৰু শীঘ্ৰেই ইয়াৰ পৰিণাম আপোনালেকে দেখিবলৈ পাব৷ এই ক্ষেত্ৰত বাৰাণসীৰ বাসিন্দাসকল তথা ইয়ালৈ অহা-যোৱা কৰা লোকৰ বাবেও সংযোগৰ সুবিধা অতিশয় প্ৰয়োজনীয়৷ সেইবাবে পথেই হওক অথবা ৰে’লেই হওক, অনেক নতুন সুবিধা আজি কাশীয়ে প্ৰাপ্ত কৰিছে৷ এই দিশত ইয়াত কেণ্ট ৰে’লৱে ষ্টেচনক নতুন ৰূপত সজোৱাৰ কাম চলি আছে৷ বাৰাণসীৰ পৰা বাল্লিয়ালৈ বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু আজিৰে পৰা এই খণ্ডত মেম’ ৰে’লো চলিবলৈ ধৰিছে৷ অলপতে মই সেউজীয়া পতাকা দেখুৱাই ৰে’লখনক বিদায় দিলো৷ এতিয়া ৰাতিপুৱা এই ৰে’লেৰে বাল্লিয়া আৰু গাজীপুৰৰ লোক ইয়ালৈ আহিব পাৰিব আৰু নিজৰ কাম কৰি সন্ধিয়া এই ৰে’লেৰে ঘূৰি যাবলৈ পাৰিব৷ এতিয়া দীৰ্ঘ দূৰত্বৰ ৰে’লত ভীৰৰ পৰা জনতাই সকাহ পাব৷

বন্ধুসকল, ইয়াত কাশীৰ ভক্তসকলক, শ্ৰদ্ধাৱানসকলক অধিক সুবিধা দিয়াৰ প্ৰয়াস অব্যাহত আছে৷ দেশ আৰু বিশ্বৰ বিভিন্ন স্থানৰ পৰা যিসকল ভক্ত এই কাশীলৈ আহে তেওঁলোকৰ ভ্ৰমণত অসুবিধা নহ’বলৈ ইয়াৰ ব্যৱস্থা কৰা হৈছে৷ পাঞ্চকোশী মাৰ্গৰ উচ্চতাকৰণৰ কাম আজিৰে পৰা আৰম্ভ কৰা হৈছে৷ ইয়াৰ লগে লগে কাশীত আস্থা আৰু সাংস্কৃতিক মহত্বৰ যিবোৰ স্থান আছে সেইসমূহ সংযোগ কৰি বহুতো পথৰ হয় মেৰামতি অথবা নতুনকৈ নিৰ্মাণ কৰা হৈছে৷ এই পথসমূহো কিছুদেৰি পূৰ্বে জনতালৈ উচৰ্গা কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, কাশী পৰ্যটনৰ আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰৰ সৈতে সংযোজিত হৈছে৷ আজি ইয়াত আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ ৰুদ্ৰাক্ষৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ দুবছৰ পূৰ্বে জাপানৰ প্ৰধানমন্ত্ৰী আৰু মোৰ পৰম মিত্ৰ ছিনজো আবে মহোদয়ে যেতিয়া মোৰ সৈতে কাশীলৈ আহিছিল, তেতিয়া তেওঁ এই উপহাৰ ভাৰতক, কাশীবাসীক প্ৰদান কৰিছিল৷ অনাগত ডেৰ-দুই বছৰৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হ’ব৷ আপোনালোক সমূহ কাশীবাসীৰ তৰফৰ পৰা, দেশবাসীৰ তৰফৰ পৰা এই উপহাৰৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীমান ছিনজো আবে মহোদয়ক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

বন্ধুসকল, মই সুখী যে কেৱল কাশীয়েই নহয়, সমগ্ৰ উত্তৰ প্ৰদেশত পৰ্যটনক যোগী মহোদয়ে আৰু তেওঁৰ দলে গুৰুত্ব প্ৰদান কৰিছে৷ ইয়াৰ বাবে স্বচ্ছতা আৰু ধৰোহৰসমূহৰ সৌন্দৰ্যবৰ্ধনৰ কাম ক্ষীপ্ৰ গতিত আগবাঢ়িব ধৰিছে৷ বিশেষৰূপত স্বচ্ছতা, স্বচ্ছ ভাৰত অভিযানক যিদৰে আপোনালোক সকলোৱে উত্তৰ প্ৰদেশত আগবঢ়াই লৈ গৈছে, সেয়া অতিশয় প্ৰশংসনীয়৷ স্বচ্ছ, সুন্দৰ আৰু স্বাস্থ্যকৰ ভাৰতৰ বাবে আপোনালোকৰ অৱদান অতিশয় প্ৰশংসনীয়৷ বন্ধুসকল, কাশীৰ মহত্ব, ইয়াৰ ঐতিহ্য বৰ্তাই ৰাখিবলৈ আপোনালোকে যিবোৰ কৰিছে সেয়া অতুলনীয়৷

কিন্তু আমি চাৰি বছৰৰ পূৰ্বৰ দিনসমূহৰ কথাও পাহৰিব নালাগে, যেতিয়া বাৰাণসীৰ ব্যৱস্থা সংকটময় আছিল৷ সকলোফালে জাৱৰ-জোঁথৰ, লেতেৰা, বেয়া পথ, ভৰ্তি নৰ্দমা, খুটাত ওলমি থকা বিদ্যুতৰ তাঁৰ, পথৰ ভিৰ, বাবদপুৰা বিমানবন্দৰৰ সৈতে সংযোজিত পথৰ অৱস্থা হয়তো আপোনালোকে পাহৰা নাই৷ কিমান লোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল, কিমানে বিমান হেৰুৱাবলগীয়া হৈছিল৷ এনে অৱস্থা হৈছিল যে জনতাই দুৰ্ভোগৰ পৰা বাচিবলৈ বিমানবন্দৰৰ পৰিৱৰ্তে কেণ্ট ৰে’লৱে ষ্টেচনৰ আশ্ৰয় লৈছিল৷ গংগা নদীৰ, ঘাটসমূহৰ কি অৱস্থা হৈছিল সেয়া সকলোৱে জানে৷ কিদৰে সমগ্ৰ চহৰ আৰু গাঁৱৰ জাবৰ-জোঁথৰসমূহ গংগাত পেলোৱা হৈছিল৷ পূৰ্বৰ চৰকাৰে এই সকলো ঘটনাক আওকাণ কৰিছিল৷ গংগাৰ নামত কিমান ধনৰ শৰাধ হ’ল তাৰ কোনো হিচাপ নাই৷ এফালে গংগাৰ সোঁতত সংকট সৃষ্টি হৈছিল, গংগাৰ পানীৰ শুদ্ধতাত সংকট আছিল আৰু আনটো ফালে কিছুমান লোকৰ ভঁৰাল দিনে দিনে ভৰ্তি হৈ গৈছিল৷ এনে পৰিস্থিতিত গংগাক স্বচ্ছ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হ’ল৷ আজি মা গংগাক নিৰ্মল কৰাৰ অভিযান ক্ষীপ্ৰ গতিত আগবাঢ়িবলৈ ধৰিছে৷ কেৱল বাৰাণসীয়েই নহয়, গংগোত্ৰীৰ পৰা আৰম্ভ কৰি গংগা সাগৰলৈ এই প্ৰয়াস কৰা হৈছে৷ কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাই নহয়, চহৰৰ আৱৰ্জনাসমূহ যাতে গংগাত নপৰে ইয়াৰো ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ বাবে প্ৰায় ২১ হাজাৰ কোটিৰ দুশতকৈও অধিক যোজনাৰ অনুমোদন জনোৱা হৈছে৷ কিছু দেৰী পূৰ্বে নৰ্দমাৰ সৈতে জড়িত কিছুমান প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উচৰ্গা কৰা হৈছে৷ বন্ধুসকল, চৰকাৰে এয়াও নিশ্চিত কৰিছে যে যি নৰ্দমা ব্যৱস্থা নিৰ্মাণ কৰা হৈছে সেয়া যাতে সঠিক ৰূপত কাৰ্যক্ষম হৈ থাকে, সুচাৰু ৰূপত চলক, কাৰণ পূৰ্বৰ চৰকাৰৰ এয়া সংস্কৃতি নাছিল যে ব্যৱস্থা নিৰ্মাণ কৰাটো হৈছিল কিন্তু সেয়া যাতে দীৰ্ঘসময়ৰ বাবে কাৰ্যক্ষম হৈ থাকে এই ব্যৱস্থা নাছিল৷ এতিয়া যিবোৰ প্ৰকল্প নিৰ্মাণ কৰা হৈছে তাৰ সৈতে এয়া সুনিশ্চিত কৰা হৈছে যে সেয়া ন্যূনতম ১৫ বছৰলৈ যাতে কাৰ্যক্ষম হৈ থাকে৷ অৰ্থাৎ আমাৰ গুৰুত্ব কেৱল নৰ্দমা প্ৰকল্প নিৰ্মাণ কৰাই নহয়, সেয়া কাৰ্যক্ষম কৰাও৷ ইয়াত সময় আৰু শ্ৰমৰ অধিক প্ৰয়োজন হয় কিন্তু এটা স্থায়ী ব্যৱস্থা নিৰ্মিত হয়৷ অনাগত সময়ত ইয়াৰ পৰিণাম বাৰাণসীৰ বাসিন্দাসকলেও প্ৰত্যক্ষ কৰিব পাৰিব৷

ভাতৃ আৰু ভগ্নীসকল, এই যিবোৰ কাম আজি হৈ আছে সেয়াই বাৰাণসীক স্মাৰ্ট চিটীলৈ পৰিবৰ্তন কৰিব৷ ইয়াত সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰ কাম ক্ষীপ্ৰ গতিত হ’বলৈ ধৰিছে৷ সমগ্ৰ দেশৰ প্ৰশাসনৰ, ৰাজহুৱা সুবিধাৰ নিয়ন্ত্ৰণ ইয়াৰ পৰাই হ’ব৷ এনেকুৱা প্ৰায় ১০ টা প্ৰকল্পৰ কাম চলি আছে৷ বন্ধুসকল, স্মাৰ্ট চিটী কেৱল চহৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰকল্প নহয়, ই দেশক এক নতুন পৰিচয় দিয়াৰ অভিযান৷ এয়া যুৱ ভাৰত, নতুন ভাৰতৰ প্ৰতীক৷ এইদৰে মেক ইন ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ অভিযান জন সাধাৰণৰ জীৱনক সুগম আৰু সহজ কৰি তোলাৰ বাবে কৰা হৈছে৷ ইয়াত আমাৰ উত্তৰ প্ৰদেশেও অগ্ৰণী ভূমিকা পালন কৰিছে৷ মই যোগী মহোদয় আৰু তেওঁৰ দলক অভিনন্দন জনাইছোঁ যে তেওঁলোকে যি উদ্যোগ নীতি নিৰ্মাণ কৰিছে, বিনিয়োগৰ বাবে যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ পৰিণাম আজি প্ৰাপ্ত হৈছে৷ কিছু দিন পূৰ্বে নইডাত মই ছেমছাঙৰ ফোন প্ৰস্তুত কৰা, বিশ্বৰ সবাতোকৈ বৃহৎ কাৰখানাৰ উচৰ্গা কৰাৰ অৱকাশ পাইছিলো৷ ইয়াৰ দ্বাৰা সহস্ৰজনে নিয়োজনৰ সুবিধা পাব৷ আপোনালোকে এয়া জানি গৌৰৱান্বিত হ’ব যে বিগত চাৰিটা বৰ্ষত ম’বাইল নিৰ্মাণৰ কাৰখানা দুইৰ পৰা বৃদ্ধি হৈ ১২০ হৈছেগৈ, য’ৰ ৫০ টাতকৈও অধিক কাৰখানা আমাৰ উত্তৰ প্ৰদেশত আছে৷ এই কাৰখানাসমূহে চাৰি লাখতকৈও অধিক যুৱ সম্প্ৰদায়ক নিয়োজনৰ সুবিধা প্ৰদান কৰিছে৷

বন্ধুসকল, ‘মেক ইন ইণ্ডিয়া’ৰ সৈতে ডিজিটেল ভাৰতো নিয়োজনৰ এক উল্লেখযোগ্য মাধ্যম হিচাপে পৰিগণিত হৈছে৷ এই পৰিপ্ৰেক্ষিতত আজি ইয়াত টাটা কনছালটেন্সি ছাৰ্ভিচেছ অৰ্থাৎ টিচিএছৰ বিপিঅ’ৰ শুভাৰম্ভ হৈছে৷ এই কেন্দ্ৰই বাৰাণসীৰ যুৱ সমাজৰ বাবে নিয়োজনৰ সুবিধাৰ সৃষ্টি কৰিব৷ ভাতৃ-ভগ্নীসকল, যেতিয়া নিয়োজনৰ কথা আহে তেতিয়া ইয়াতো চৰকাৰে মাতৃ-ভগ্নীসকলৰ প্ৰতি বিশেষ ধ্যান দিয়ে৷ স্ব-ৰোজগাৰৰ বাবে মুদ্ৰা যোজনাৰ মাধ্যত বিনা গেৰান্টীৰ সৈতে ঋণ অথবা এলপিজিৰ বিনামূলীয়া চিলিণ্ডাৰ আদিৰ জৰিয়তে দুখীয়া মাতৃ আৰু ভনীসকলকৰ জীৱনলৈ পৰিৱৰ্তন আহিছে৷ পৰিষ্কাৰ ইন্ধন যাতে সকলোৰে প্ৰাপ্ত হয় তাৰ বাবে ইয়াত কাশীত বহু ডাঙৰ প্ৰকল্প আৰম্ভ হৈছে৷ আজি উচৰ্গা কৰা চিটী গেছ বিতৰণ ব্যৱস্থাও ইয়াৰে এটা অংশ৷ ইয়াৰ বাবে এলাহাবাদৰ পৰা বাৰাণসীলৈ পাইপ লাইন বহুওৱা হৈছে৷ মই সুখী যে এতিয়ালৈ বাৰাণসীত আঠ হাজাৰ ঘৰত পাইপযুক্ত গেছ সংযোগ প্ৰদান কৰা হৈছে আৰু ভৱিষ্যতে ইয়াক ৪০ হাজাৰ ঘৰলৈ প্ৰেৰণৰ বাবে কাম চলি আছে৷ বন্ধুসকল, এয়া কেৱল ইন্ধনৰ সৈতে জড়িত ব্যৱস্থাই নহয়, চহৰৰ সমগ্ৰ পৰিৱেশতন্ত্ৰ পৰিৱৰ্তনৰ কৰাৰো ব্যৱস্থা হিচাপে পৰিগণিত হৈছে৷ পিএনজিয়েই হওক অথবা চিএনজি, এই আন্তঃগাঁথনিয়ে চহৰখনৰ প্ৰদূষণ হ্ৰাস কৰিব৷ আপোনালোকে চিন্তা কৰক, যেতিয়া বাৰাণসীৰ কোনো বাছ, গাড়ী অথবা অটো চিএনজিৰ দ্বাৰা চালিত হ’ব তেতিয়া ইয়াৰ সৈতে জড়িত কিমান নতুন নিয়োজনৰ সৃষ্টি হ’ব৷

বন্ধুসকল, যেতিয়াই মই জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰোঁ অথবা কোনো ভাৰতীয়ই যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে আৰু যেতিয়াই তেওঁ সুবিধা পায় তেতিয়াই মই দেখোঁ যে জাপানৰ প্ৰধানমন্ত্ৰীয়ে কাশীত যি অভিজ্ঞতা প্ৰাপ্ত কৰিছিল, কাশীৰ লোকে তেওঁৰ যি স্বাগত কৰিছিল সেই কথা তেওঁ বাৰে বাৰে দোহাৰে৷ কাশীৰ গৌৰৱগান কৰে৷ কিছুদিন পূৰ্বে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মোৰ সৈতে ইয়ালৈ আহিছিল আৰু কাশীৰ জনতাই তেওঁক যি স্বাগতম জনালে, তেওঁক যি সন্মান প্ৰদৰ্শন কৰিলে, সমগ্ৰ ফ্ৰান্সে আজি গৌৰৱেৰে সেই কথা সদৰী কৰে৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়েও এই কথা কয়৷ এয়া কাশীৰ পৰম্পৰা, এয়া কাশীৰ আপোনত্ব৷ এই কাশীয়ে সমগ্ৰ বিশ্বতে নিজৰ সুগন্ধি বিয়পাইছে৷ এয়া কাশীৰ মৰম, অতুলনীয় স্নেহ৷ মোৰ কাশীৰ ভাতৃ-ভগ্নীসকল, আপোনালোকে পুনৰ বাৰ সুযোগ পাইছে কাশীৰৰ আত্মীয়তা, মৰম-চেনেহ, আতিথ্য বিশ্বৰ সন্মুখত প্ৰদৰ্শিত কৰিবলৈ৷ আপোনালোকে পূৰ্ণ প্ৰস্তুতি কৰিবনে? সুন্দৰ স্বাগতম জনাবনে? কাশীৰ নাম উজ্বলাবনে? এজন এজন অতিথিৰ গুণগান কৰিবনে? নিশ্চয়কৈ কৰিবনে? প্ৰতিজ্ঞা কৰক৷ চাওক, জানুৱাৰী মাহত ২১ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ কাশীত প্ৰৱাসী ভাৰতীয় দিৱসৰ আয়োজন কৰা হৈছে৷ সমগ্ৰ দেশৰ পৰা ভাৰতীয় লোক এই প্ৰৱাসী ভাৰতীয় দিৱসলৈ আহিব৷ সমগ্ৰ বিশ্বতে যিমানবোৰ ভাৰতীয় উদ্যোগপতি আছে, ৰাজনীতিত আছে, চৰকাৰত আছে, এই সকলো ব্যক্তি একেলগে ২১ৰ পৰা ২৩ জানুৱাৰীলৈ কাশীলৈ আহিব৷ কিছুমানটো এনে লোক আহিব যিসকলৰ তিনিটা বা চাৰিটা পুৰুষৰ পূৰ্বেই ভাৰত এৰি বিদেশলৈ গুচি গৈছে, তাৰ পিছৰে পৰা কেতিয়াও ঘূৰি অহা নাই৷ এনে লোকৰ সন্তানৰো প্ৰথমবাৰলৈ এই ভূমি দৰ্শন হ’ব৷ মোক কওক, এয়া কাশীবাসীৰ বাবে গৌৰৱৰ কথা হয়নে নহয়? এনেলোকৰ স্বাগতমৰ প্ৰস্তুতি আমি কৰিব লাগে নে নালাগে? প্ৰতিটো চুবুৰীত সমগ্ৰ বিশ্বৰ পৰা অহা অতিথিৰ স্বাগতমৰ পৰিৱেশ সৃষ্টি হ’ব লাগে নে নালাগে? সমগ্ৰ বিশ্বতে কাশীৰ বাহঃ বাহঃ হ’ব লাগে নে নালাগে? এতিয়াৰ পৰাই প্ৰস্তুতি কৰক আৰু ২১ৰ পৰা ২৩লৈ তেওঁলোক ইয়াত থাকিব আৰু সকলো অতিথি ২৪ তাৰিখে প্ৰয়াগৰাজ কুম্ভৰ দৰ্শনৰ বাবে যাব আৰু ২৬ জানুৱাৰীত দিল্লীলৈ যাব৷ মোৰ কাশীবাসীৰ পৰা মই আতিথ্যৰ আহ্বান কৰিছোঁ৷ আৰু মই এজন কাশীবাসীৰ ৰূপত আপোনালোকৰ কান্ধত কান্ধ মিলাই ২১ তাৰিখে আপোনালোকৰ সৈতে থাকিম৷ এই কাৰ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাৰ বাবে সমগ্ৰ বিশ্বৰ পৰা ভাৰতৰ মানুহ আহি আছে৷ এয়া এক গুৰুত্বপূৰ্ণ ঘটনা আৰু সেইবাবে মই আপোনালোক সকলোকে তেওঁলোকৰ স্বাগতমৰ প্ৰস্তুতিৰ বাবে নিমন্ত্ৰণ জনাইছোঁ৷

মোৰ কাশীৰ ভাতৃ-ভগ্নীসকল, আজি মই আপোনালোকৰ মাজলৈ আহিবলৈ সুযোগ পালো৷ আপোনালোক সকলোলৈ অনেক যোজনাৰ উচৰ্গা তথা আধাৰশিলা স্থাপনৰ সুযোগ পালো৷ আপোনালোকৰ সাংসদৰ ৰূপত মোৰ এয়া দায়িত্ব যে মই আপোনালোকৰ যিমানেই কামত আহিম, যিমানেই পৰিশ্ৰম আপোনালোকৰ বাবে কৰিম, মই কৰি আছো, কৰি থাকিম৷ মই পুনৰ বাবে মোৰ কাশীবাসীক হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ৷ মোৰ সৈতে একেলগে কওক- হৰ হৰ মহাদেৱ৷ বহুত বহুত ধন্যবাদ৷         

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of Prime Minister addresses the Indian Community in Paris
June 18, 2026

नमस्ते!

बों जू!

ऐसा लग रहा है, आप सब छुट्टी के मूड में हैं।

साथियों,

ये पेरिस शहर, Lights का शहर है, रंगों का शहर है, यहां Art है, Ideas हैं, और innovation की प्रेरणा भी है। इस शहर को भारत के अलग-अलग राज्यों से आए आप सभी लोग और भी खूबसूरत बना देते हैं। नए नए रंगों से भर देते हैं।

कोई तमिल है, कोई पंजाबी है, कोई गुजराती है, तो कोई मराठी है, और कोई बंगाली है। भारत के हर कोने का प्रतिनिधित्व यहां दिखाई देता है।

साथियों,

मैं जब 14 जून को नीस पहुंचा था तो सबसे पहले भारत इनोवेट्स कार्यक्रम में शामिल हुआ था। आज जब मैं फ्रांस से वापसी की तैयारी में हूं तो लग रहा है जैसे भारत कनेक्ट्स कार्यक्रम में आ गया हूं।

फ्रांस में रहने वाले आप लोगों ने 21वीं सदी के भारत-फ्रांस रिश्तों को जिस तरह कनेक्ट किया है, वो हमारी Strategic Partnership की बहुत बड़ी ताकत बन रही है। मैं आप सभी के लिए भारत से 140 करोड़ देशवासियों की शुभकामनाएं लेकर आया हूं। इस आत्मीय स्वागत के लिए, मैं आप सभी का हृदय से आभार व्यक्त करता हूं।

साथियों,

आज मैं ऐसे समय में फ्रांस आया हूं जब कुछ ही दिन पहले हमारी सरकार के 12 वर्ष पूरे हुए हैं। चुने हुए प्रधानमंत्री के रूप निरंतर 12 साल तक देश की सेवा करना मेरे जीवन का बहुत बड़ा सौभाग्य रहा है। यह भारत के लोकतंत्र की शक्ति है जिसने एक चायवाले को यहां तक पहुंचा दिया।

साथियों,

बीते 12 वर्ष, 140 करोड़ भारतीयों के अद्भुत सामर्थ्य के रहे हैं। 12 साल के इस कालखंड में भारत का GDP दोगुना हुआ है। Airports की संख्या दोगुनी हुई है। Universities की संख्या भी दोगुनी हो गई है। Highway Construction की स्पीड तीन गुना बढ़ गई। और Metro Network, चार गुणा बड़ा हो गया है।

मैं आपको कुछ और फैक्ट्स दूंगा, उससे आप अंदाजा लगा पाएंगे कि भारत किस स्पीड और कितने बड़े स्केल पर काम कर रहा है। पिछले 12 वर्षों में भारत का Defence Export 35 गुणा यानि Thirty Five Times बढ़ गया है।

औऱ एक फैक्ट सुनिए भारत में मोबाइल मैन्यूफैक्टरिंग यूनिट्स में, 100 गुणा की बढ़ोतरी हुई है। 100 times. भारत अब दुनिया का दूसरा सबसे बड़ा mobile phone manufacturer है। इसी गति, इसी प्रगति का नतीजा है कि आज भारत दुनिया की Fastest Growing Major Economy है।

साथियों,

आज भारत की कहानी सिर्फ Economic Progress की कहानी नहीं है। सिर्फ यहाँ अटक नहीं जाती है। ये Social Transformation की भी कहानी है।

पिछले 12 साल में देश में 25 करोड़ लोग गरीबी से बाहर निकले हैं। यानि एक ऐसी प्रगति जिसका लाभ समाज के अंतिम व्यक्ति तक पहुंच रहा है। फ्रांस में जितने घर हैं, उससे भी अधिक पक्के घर बीते 12 वर्ष में हमने जरूरतमंदों के लिए बनाए हैं।

अब हर परिवार के पास, गरीब से गरीब क्यों न हो, Bank Account है। Financial Inclusion एक सरकारी कार्यक्रम नहीं, बल्कि सामाजिक परिवर्तन का अभियान बना है।

साथियों,

इन 12 वर्षों की उपलब्धियों में, एक उपलब्धि ऐसी भी है जिसे किसी आंकड़े से, या अंकों से, नहीं मापा जा सकता। वह है 140 करोड़ भारतीयों का आत्मविश्वास।

आज का भारत और आज के भारत का युवा बहुत बड़े सपने देख रहा है। भारत का किसान नई संभावनाओं के साथ आगे बढ़ रहा है। भारत की महिलाएं नए नेतृत्व का परिचय दे रही हैं। इसलिए ये सिर्फ Achievements के 12 साल नहीं हैं, ये भारत की एस्पिरेशन्स को नई बुलंदी देने का कालखंड रहा है।

साथियों,

एक समय था जब दूर-दराज के गांवों तक आधुनिक सुविधाएं पहुंचाना वाकई बहुत मुश्किल भरा था। आज उन्हीं गांवों में बिजली भी है, इंटरनेट भी है, और डिजिटल सेवाओं की पूरी दुनिया भी है। आज एक क्लिक पर, कभी भी, कहीं भी बैंकिंग सेवाएं उपलब्ध हैं।

आज मोबाइल फोन, भारत के नागरिकों को अनेक सुविधाओं से कनेक्ट कर रहा है। हमारे किसान, हमारे मछुआरे, हमारे dairy farmers, हमारी महिलाएं, हमारे स्टूडेंट्स, सभी टेक्नोलॉजी के माध्यम से सशक्त हो रहे हैं, और अपने लिए नए अवसर बना रहे हैं।

साथियों,

आपने 125 करोड़ से अधिक Aadhaar IDs के बारे में सुना है। लेकिन आज भारत सिर्फ पहचान को डिजिटल नहीं बना रहा। आज करीब 90 करोड़ भारतीयों की Unique Digital Health IDs बनाई जा चुकी हैं। जिससे मेडिकल रिकॉर्ड सुरक्षित और accessible बन गए हैं। इससे हेल्थकेयर डिलीवरी और अधिक आसान और efficient हो रही है।

साथियों,

इन उपलब्धियों की सबसे बड़ी विशेषता यह है कि इनमें से अधिकांश चीजें कुछ वर्ष पहले तक कल्पना जैसी लगती थीं। कौन सोच सकता था कि गांव-गांव तक हाई-स्पीड इंटरनेट पहुंचेगा ? कौन सोच सकता था कि दूर-सुदूर के गांवों में भी QR code जीवन का हिस्सा बन जायेगा ? गांव में कोई बहन, ड्रोन से खेती करने में मदद करेगी, ये भी असंभव लगता था।

लेकिन आज यह सब, भारत के करोड़ों लोगों के जीवन का सामान्य हिस्सा बनता जा रहा है। और आपको गर्व होगा साथियों, यही नए भारत की पहचान है।

जो कभी सपना था, वह आज सच्चाई है। जो कभी नामुमकिन लगता था, वो आज मुमकिन हुआ है, औऱ ये करने के पीछे सबसे बड़ी ताकत क्या है? किसकी वजह से ये सब संभव हुआ है? यह मोदी के कारण नहीं, वो ताकत है- भारत का लोकतंत्र, भारत की डेमोक्रेसी। इस डेमोक्रेसी में सबका साथ है, सबका विकास है।

साथियों,

आज से 50 या 100 साल बाद जब भारत के इस कालखंड की समीक्षा होगी, तो ये बात उभरकर सामने आएगी कि इस कालखंड को भारत की Aspirations ने ड्राइव किया। यह भारत के एस्पिरेशन्स का नया युग है।

जहां बिजली पहुंची है, वहां लोग सिर्फ बिजली नहीं चाहते, वे Smart Living चाहते हैं। जहां ट्रेन पहुंची है, वहां लोग High-Speed Connectivity चाहते हैं। जहां हाईवे बने हैं, वहां लोग World-Class Expressways चाहते हैं। जहां इंटरनेट पहुंचा है, वहां लोग AI और Digital Innovation में नेतृत्व चाहते हैं।

यानि आज भारत के लोग अपने जीवन को भी Next Level पर ले जाना चाहते हैं, और भारत को भी Next Level पर ले जाना उनका मकसद है, उनका संकल्प है, उनके सपने है।

और साथियों,

यही Aspirations आज भारत की विकास यात्रा की सबसे बड़ी शक्ति हैं। मैं आपको भारत की Space Journey का उदाहरण दूंगा।

भारत ने चंद्रयान को चंद्रमा के South Pole पर उतारा। दुनिया ने इसे एक बहुत बड़ी उपलब्धि माना। लेकिन भारत इसे अपनी मंजिल मानकर रुका नहीं। आज देश गगनयान की तैयारी कर रहा है। भारत अंतरिक्ष में अपना Space Station बनाने की दिशा में आगे बढ़ रहा है।

हमारे Space Startups Global Space Economy में अपनी जगह बनाने के लिए पुरजोश काम कर रहे हैं, आगे बढ़ रहे हैं।

साथियों,

Green Energy के क्षेत्र में भी भारत की यही एस्पिरेशंस दिखाई देती है। Solar Power में भारत की उपलब्धियों की दुनिया भर में लगातार चर्चा हो रही हैं। लेकिन भारत अगली छलांग की तैयारी कर रहा है।

Green Hydrogen में बड़े निवेश हो रहे हैं। Advanced Nuclear Energy पर तेजी से काम हो रहा है। आपने भारत के Fast Breeder nuclear Reactor से जुड़ी प्रोग्रेस के बारे में भी सुना ज़रूर होगा। ये भारत के न्यूक्लियर एनर्जी लैंडस्केप में क्रांतिकारी परिवर्तन करने का बहुत बड़ा अचीवमेंट हमारे सीसेन्टिस्टों ने किया है।

साथियों,

आज का भारत भविष्य का पूरा Ecosystem बना रहा है। भारत एक साथ हर उस क्षेत्र में निवेश कर रहा है, जो आने वाले दशकों की दिशा तय करेगा।

अभी आपने कुछ दिन पहले ही देखा है नीस में भारत इनोवेट्स का एक आयोजन किया। ये इवेंट भारत के डीप टेक सामर्थ्य को दुनिया तक पहुंचाने का एक और माध्यम था। इसमें भारत के 120 Deep-Tech Startups उपस्थित थे। Bharat Innovates में करीब एक हजार चार सौ B2B Meetings हुईं है। कई Startups के लिए Investment Commitments आगे बढ़ीं, Commercial Orders के लिए रास्ते खुले। French और European Universities तथा Incubators के साथ Engagements बढ़ रही हैं।

Student Exchanges, Joint Research, और Innovation Support के नए रास्ते बने। इसलिए Bharat Innovates सिर्फ एक Summit नहीं रहा। यह Innovation Diplomacy का एक नया मॉडल बना है।

और आज ही पेरिस में VivaTech इवेंट के जरिए, इस यात्रा को हमने और आगे बढ़ाया। नीस में हमने Ideas को Capital से जोड़ा और पेरिस में Indian Innovation को Global Scale से जोड़ा। आज दुनिया देख रही है भारत केवल भविष्य के लिए तैयार नहीं हो रहा है। भारत भविष्य को आकार दे रहा है।

साथियों,

एक समय था, जब देशों के बीच रिश्ते केवल व्यापार से तय होते थे। आज व्यापार के साथ-साथ Trust यानि भरोसा भी उतना ही महत्वपूर्ण हो गया है।

हर देश Reliable Supply Chains चाहता है। हर देश Stable Partnerships चाहता है। हर देश ऐसे साथियों की तलाश में है, जिन पर लंबे समय तक भरोसा किया जा सके। और ऐसे समय में, भारत विश्व में एक Trusted Partner के रूप में उभर रहा है।

एवियां में G7 बैठक के दौरान मैंने trust based partnerships बनाने पर ज़ोर दिया। ग्लोबल साउथ के देशों के साथ equal पार्टनर्स के रूप में आगे बढ़ने का आह्वान किया। भारत का G7 समिट में संदेश था Global Governance तभी प्रभावी होगी जब वह Inclusive होगी। Global Growth तभी Sustainable होगी जब वह शेयर्ड होगी। और Global Technology तभी मानवता के लिए उपयोगी होगी जब वह Trusted होगी।

साथियों,

भारत और दुनिया के बीच व्यापारिक रिश्तों में नई ऊर्जा नज़र आ रही है। फ्रांस के साथ भारत का ट्रेड लगतार बढ़ रहा है। पिछले कुछ वर्षों में भारत ने दुनिया के अनेक देशों के साथ Free Trade Agreements किए हैं। यूरोपियन यूनियन हो, यूनाइटेड किंगडम हो दुनिया के हर देश, हर रीजन के साथ भारत समझौते कर रहा है।

अगले महीने से भारत और UK के बीच ट्रेड एग्रीमेंट भी लागू हो जाएगा। यह एग्रीमेंट भारत के farmers, workers और innovators को अनेक नए अवसर प्रदान करेगा।

साथियों,

आज दुनिया Uncertainty और Disruption के दौर से गुजर रही है। ऐसे समय में भारत और फ्रांस की साझेदारी विश्वास, स्थिरता और सहयोग का एक मजबूत स्तंभ बन रहा है।

इस वर्ष हमने भारत और फ्रांस के संबंधों को Special Global Strategic Partnership का दर्जा दिया था। नीस में मेरे मित्र President Macron और मैंने हमारे संबंधों को force for global good बनाने पर चर्चा की। Defence से लेकर space और नुक्लियर तक AI और क्रिटीकल मिनरल्स से लेकर high speed railway तक, हर क्षेत्र में हम मिलकर आगे बढ़ेंगे।

साथियों,

Solar energy हो, या AI के क्षेत्र में सहयोग हो, भारत और फ्रांस मिलकर ऐसे समाधान विकसित कर रहे हैं जो पूरी मानवता के हित में हैं। पिछले वर्ष पेरिस में और इस वर्ष दिल्ली में हमने AI Summit को Co-chair किया।

अब हम साथ मिलकर अगले वर्ष “तृष्णा” satellite को लॉन्च करने जा रहें हैं। यह “तृष्णा” satellite जो विश्व में फूड और वाटर सिक्युरिटी सुनिश्चित करने में योगदान देगा।

और साथियों,

यह सभी गवर्नमेंट टू गवर्नमेंट पहलो में आप सभी का योगदान बहुत महत्वपूर्ण है। ये आप हैं जो भारत और यूरोप के बीच सबसे मजबूत सेतु हैं। आप दोनों समाजों को समझते हैं। दोनों बाजारों को समझते हैं। आने वाले समय में Talent, Trade, Technology, Tourism और Investment के नए अवसरों को आगे बढ़ाने में आपकी भूमिका लगातार बढ़ने वाली हैं।

साथियों,

भारत और फ्रांस के रिश्तों को साझा इतिहास, साझा मूल्यों और साझा विश्वास ने आगे बढ़ाया है। विश्व युद्धों के दौरान फ्रांस की धरती पर बलिदान देने वाले भारतीय सैनिकों की स्मृतियां आज भी हमें जोड़ती हैं।

मुझे पहले नव शापेल में श्रद्धांजलि देने का अवसर मिला, पिछले वर्ष प्रेसिडेंट मैक्रों के साथ मार्सेय के वॉर मेमोरियल जाने का अवसर भी मिला। ये हमारी साझा विरासत है।

फ्रांस, भारतीयों के योगदान को संजोता भी है और सराहता भी है। भारतीय मूल की नूर इनायत खान हों, जिन्होंने फ्रांस की Resistance के लिए अपना जीवन बलिदान किया, या महाराजा रणजीत सिंह के साथ काम करने वाले जनरल जां फ्रांस्वा अलार हों ये सभी भारत और फ्रांस की साझा विरासत के प्रतीक हैं।

भारत के राज्य पुडुचेरी में भी फ्रेंच विरासत की झलक दिखाई देती है। वहां का Architecture, वहां की कला-संस्कृति और खान-पान सभी में हमारे संबंधों की महेक है।

साथियों,

इस समय फ्रांस समेत पूरी दुनिया में International Yoga Day की तैयारी भी चल रही है। इस अवसर पर मैं, फ्रांस में योग को आगे बढ़ाने वाले श्रीमान महेश घाट्राड्याल जी को भी आदरपूर्वक श्रद्धांजलि देता हूं। मैं पद्म पुरस्कार से सम्मानित, शार्लोत शोपां जी को भी प्रणाम करता हूं। जिन्होंने सौ वर्ष की आयु में भी, योग के माध्यम से फ़्रांस को भारत की विरासत से जोड़ा है। उनका जीवन यह सिद्ध करता है: Yoga does not add years to life, it adds life to years.

साथियों,

मैं फ्रेद नेग्री जी को भी आदरपूर्वक श्रद्धापूर्वक याद करता हूं। भारतीय विरासत को संरक्षित करने में उनका योगदान अतुल्य रहा है।

साथियों,

भारत और फ्रांस को कनेक्ट करने वाली एक और चीज है, और वो है फुटबॉल। इस वक्त यहां फुटबॉल फीवर पूरे जोर पर है। फ्रांस में इसकी दीवानगी, चप्पे-चप्पे पर दिखती है। लेकिन भारत में भी फुटबॉल का क्रेज़ सिर चढ़कर बोलता है।

खासतौर पर फ्रांस की टीम के फैन्स भारत में बहुत अधिक हैं। फ़्रांस ने इस वर्ल्ड कप की शुरुआत एक जोरदार जीत से शुरू की है। मैं फ्रांस की टीम को बहुत-बहुत शुभकामनाएं देता हूं।

साथियों,

जाने से पहले, आप सभी के लिए कुछ और अच्छी खबरें भी लेकर के आया हूँ। वो आपके लिए हैं। पिछले वर्ष, मार्सेय में कॉन्सुलेट खोला गया, इससे काफी अधिक सुविधा मिल रही है। कुछ हफ्ते पहले, Indian Nationals के लिए French Airports पर Visa-free Transit की व्यवस्था शुरू हो गई है।

Students और Professionals की Mobility बढ़ाना हो, या Educational Qualifications की Mutual Recognition की बात हो, या फिर French Universities के भारत में Campus खोलना हो, इन सभी पर हम मिलकर आगे बढ़ रहें हैं।

अब फ्रांस में UPI के उपयोग का दायरा भी और बढ़ने जा रहा है। यानि भारत-फ्रांस कनेक्ट भी Instant और आपसी Payment भी Instant!

साथियों,

इन सभी पहलों से, हम भारत और फ़्रांस को और करीब ला रहें हैं। और मैं फिर कहूंगा इस साझेदारी की नींव, इस रिश्ते की असली ताकत आप सभी हैं। आप सब मेरे देशवासी हैं।

आज जब भारत तेज़ी से विकसित भारत के लक्ष्य की ओर बढ़ रहा है, तो मैं आप सभी से भारत के साथ और गहराई से जुडने का आग्रह करूंगा। इससे भारत की विकास यात्रा को नई शक्ति मिलेगी, और आपको अपनी पुरखों की धरती की सेवा करने का अवसर भी मिलेगा।

इन्हीं शब्दों के साथ आप सभी के प्रेम आपके उत्साह और इस आत्मीय स्वागत के लिए मैं एक बार फिर आप सभी का आभार व्यक्त करता हूं।

भारत माता की जय!

बहुत बहुत धन्यवाद।