প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পৰিৱৰ্তনশীল নেতৃত্বৰ জৰিয়তে ভাৰতৰ বিশ্বজনীন স্থিতিক নতুন উচ্চতা প্ৰদান কৰিছে৷ তেওঁ বিভিন্ন ৰাষ্ট্ৰ আৰু সংস্থাৰ পৰা বিভিন্ন শীৰ্ষৰ বঁটাৰে সন্মানিত হৈছে৷
অৰ্ডাৰ অব্ ছেণ্ট এণ্ড্ৰিউ দা এপ’ছলঃ এপ্ৰিল ২০১৯
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়ান সংঘৰ পৰা ‘‘ৰাছিয়া আৰু ভাৰতৰ মাজত কূটনৈতিক সম্পৰ্কৰ উত্তৰণৰ বাবে আৰু ৰাছিয়ান তথা ভাৰতীয় লোকসকলৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে’’ এই বঁটা লাভ কৰে৷

অৰ্ডাৰ অব্ জায়েদ বঁটাঃ এপ্ৰিল ২০১৯
২০১৯ চনৰ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰত আৰু সংযুক্ত আৰৱ আমীৰশ্বাহীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক উত্তৰণ কৰাৰ বাবে দেশখনৰ সৰ্বোচ্চ বঁটাৰে সন্মানিত কৰা হয়৷ এই বঁটাৰ দ্বাৰা প্ৰমাণিত হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন ধৰ্ম, ভাষা আৰু সংস্কৃতি নিৰ্বিশেষে বিভিন্ন দেশত সকলোৰে বাবে কাম কৰি আছে৷

ছিউল শান্তি বঁটা ২০১৮- অক্টোবৰ ২০১৮
ভাৰত আৰু বিশ্ব অৰ্থনীতিলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ২০১৮ চনৰ অক্টোবৰত ছিউল শান্তি বঁটা প্ৰদান কৰা হয়৷
ছিউল শান্তি বঁটা সমিতিয়ে ধনী আৰু দুখীয়াৰ মাজত সামাজিক আৰু অৰ্থনৈতিক বৈষম্যতা হ্ৰাস কৰিবলৈ সক্ষম হোৱা ‘মোদীন’মিকছ’ক প্ৰশংসা কৰে৷ তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীৰ অধীনত চৰকাৰে গ্ৰহণ কৰা দুৰ্নীতি হ্ৰাসৰ পদক্ষেপকো প্ৰশংসা কৰে৷
‘মোদী সিদ্ধান্ত’ আৰু ‘এক্ট ইষ্ট পলিচী’ৰ অধীনত আঞ্চলিক আৰু বিশ্বজনীন শান্তিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰা হয়৷
২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ কোৰিয়া ভ্ৰমণ কৰাৰ সময়ত এই বঁটা লাভ কৰে৷
ছিউল শান্তি বঁটা ২০১৮- অক্টোবৰ ২০১৮


ৰাষ্ট্ৰসংঘৰ আৰ্থ বঁটা- ছেপ্টেম্বৰ ২০১৮
ৰাষ্ট্ৰসংঘৰ পৰিবেশ সম্পৰ্কীয় সৰ্বোচ্চ সন্মান চেম্পিয়নছ্ অব্ দা আৰ্থ বঁটাৰে বিশ্বৰ সৰ্ববৃহৎ পৰিৱৰ্তনকাৰী সকলক সন্মানিত কৰা হয়৷
আন্তৰ্জাতিক সৌৰ সহযোগিতাত প্ৰদৰ্শিত কৰা অগ্ৰণী ভূমিকা তথা ২০২২ চনৰ ভিতৰত ভাৰতৰ পৰা প্লাষ্টিকৰ ব্যৱহাৰ নিৰ্মূলৰ শপত গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত চেম্পিয়নছ্ অব্ দা আৰ্থ বঁটাৰে সন্মানিত কৰা হয়৷


গ্ৰেণ্ড ক’লাৰ অব্ দা ষ্টেট অব্ পেলেষ্টাইন- ফেব্ৰুৱাৰী ২০১৮
গ্ৰেণ্ড ক’লাৰ অব্ দা ষ্টেট অব্ পেলেষ্টাইন হ’ল পেলেষ্টাইনে বিদেশী প্ৰতিনিধিক প্ৰদান কৰা সৰ্বোচ্চ সন্মান৷
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ অভিজ্ঞ নেতৃত্ব তথা পেলেষ্টাইন আৰু ভাৰতৰ মাজৰ ঐতিহাসিক সম্পৰ্কত প্ৰদান কৰা উত্তৰণৰ বাবে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত তেওঁক পেলেষ্টাইন ভ্ৰমণৰ সময়ত উক্ত বঁটাৰে সন্মানিত কৰা হয়৷


আমীৰ আমান্নুল্লাহ খান বঁটা- জুন ২০১৬
আফগানিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান আমীৰ আমান্নুল্লাহ খান বঁটাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আফগানিস্তান চৰকাৰে ২০১৬ চনৰ জুন মাহত সন্মানিত কৰে৷
আফগান-ভাৰত বন্ধুত্বমূলক বান্ধৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই বঁটাৰে সন্মানিত কৰা হয়৷

কিং আব্দুলাজিজ ছাশ্ব বঁটা- এপ্ৰিল ২০১৬
২০১৬ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক বিশেষ উপলক্ষত ছৌদি আৰৱৰ সৰ্বোচ্চ অসামৰিক সন্মান কিং আব্দুলাজিজ ছাশ্ব বঁটাৰে সন্মানিত কৰা হয়৷
আধুনিক ছৌদি ৰাষ্ট্ৰৰ নিৰ্মাতা আব্দুলাজিজ আল ছৌদৰ নামত প্ৰণয়ন কৰা এই বঁটাৰে ৰজা ছলোমন বিন আব্দুলাজিজে প্ৰধানমন্ত্ৰীক সন্মানিত কৰে৷



