আজিৰ দিনটো দেশৰ মহান স্বতন্ত্ৰতা সেনানীসকলৰ বাবে সন্মানৰ দিন।
ভাৰত মাতাৰ অমৰ সন্তান বীৰ ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুলৈ তেঁওলোকৰ আত্মবলিদানৰ বাবে দেশে আজি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছে।
ইয়াৰ লগতে অদ্বিতীয় বিচাৰক, ক্ৰান্তিকাৰী তথা অপৰিসীম দেশভক্ত ড. ৰাম মনোহৰ লোহিয়ালৈ তেঁওৰ জন্মজয়ন্তী উপলক্ষে সাদৰ প্ৰণাম।
প্ৰখৰ বুদ্ধিৰ অধিকাৰী ড. লোহিয়াৰ জনকল্যাণকাৰী ৰাজনীতিৰ প্ৰতি গভীৰ আস্থা আছিল।
ভাৰত ত্যাগ আন্দোলনৰ সময়ত যেতিয়া দেশৰ শীৰ্ষ নেতাসকল কাৰাৰুদ্ধ কৰা হৈছিল, তেতিয়া যুৱনেতা লোহিয়ায়ে আন্দোলনৰ নেতৃত্ব বহন কৰি স্থিৰ হৈ ৰৈছিল। এই আন্দোলনৰ গতি যাতে স্তিমিত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেঁও আত্মগোপন কৰিও থকা সত্ত্বেও আণ্ডাৰগ্ৰাউণ্ড ৰেডিঅ সেৱা আৰম্ভ কৰিছিল।
গোৱা মুক্তি আন্দোলনৰ ইতিহাসত ড. লোহিয়াৰ নাম সোণালী আখৰেৰে লিখা থাকিব।
দৰিদ্ৰ, শোষিত-নিষ্পেষিত তথা বঞ্চিতসকলৰ সহায়ৰ অৰ্থে সদায় উপস্থিত আছিল ড. লোহিয়া।
ড. লোহিয়াৰ মতাদৰ্শই আজিও আমাৰ প্ৰেৰণা যোগায়। তেঁও কৃষিখণ্ডৰ আধুনিকীকৰণ কৰি তোলা তথা অন্নদাতাসকলৰ সৱলীকৰণৰ অৰ্থে যথেষ্ট মতামত লিপিবদ্ধ কৰি গৈছে। তেঁওৰ এই মতাদৰ্শৰ ভিত্তিতেই এনডিএ চৰকাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, কৃষি জলসিঞ্চন যোজনা, e-Nam, ছইল হেল্থ কাৰ্ড আৰু অন্যান্য যোজনাৰ মাধ্যমেৰে কৃষকৰ হিতৰ অৰ্থে কাম কৰি আছে।
ড. লোহিয়াই সমাজত প্ৰচলিত থকা জাতিভেদ ব্যৱস্থা আৰু মহিলা তথা পুৰুষৰ মাজত ভাৰসাম্যহীনতা দেখি যথেষ্ট দুখিত হৈছিল। এইক্ষেত্ৰত ‘সবকা সাথ সবকা বিকাশ’ নীতিৰে আমি ড. লোহিয়াৰ ভিছন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সফলতা যে লাভ কৰিছো সেয়া আমাৰ বিগত পাঁচ বছৰীয়া কাৰ্যকালৰ ট্ৰেক ৰেকৰ্ডতে স্পষ্ট হৈ পৰিছে। আজি যদি তেঁও জীয়াই থাকিলেহেতেন এনডিএ চৰকাৰৰ কামকাজ প্ৰত্যক্ষ কৰি তেঁও নিশ্চিতভাৱে গৰ্ব অনুভৱ কৰিলেহেতেন।
যেতিয়াই ড. লোহিয়াই সংসদৰ ভিতৰে বাহিৰে নিজত মত ব্যক্ত কৰিছিল, তেতিয়াই কংগ্ৰেছে এক অজান আশংকাত ভোগা পৰিলক্ষিত হৈছিল।
দেশৰ বাবে কংগ্ৰেছ কিমান ভয়াৱহ হৈ পৰিছে, সেয়া ড. লোহিয়াই ভালকৈয়ে অৱগত হৈছিল। সেয়েহে তেঁও ১৯৬৭ চনত কৈছিল যে, “কংগ্ৰেছৰ শাসনত কৃষিখণ্ড বা উদ্যোগ নতুবা সেনা, কোনো এটা খণ্ডৰেই কোনো উন্নয়ন হোৱা নাছিল।”
তেঁওৰ এই মন্তব্য কংগ্ৰেছৰ পৰৱৰ্তী চৰকাৰসমূহত আখৰে আখৰে প্ৰতিফলিত হৈ আহিছে। পৰৱৰ্তী সময়ত কংগ্ৰেছৰ শাসনকালত কৃষকসকলক আৰু হাৰাশাস্তি কৰা হৈছিল, উদ্যোগ খণ্ডক উৎসাহহীন কৰি তুলিলে(একমাত্ৰ কংগ্ৰেছ নেতাসকল তথা তেঁওলোকৰ মিত্ৰসকলৰ উদ্যোগক বাদ দি) তথা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটোও এৰাই চলিলে।
কংগ্ৰেছবাদৰ বিৰোধিতা ড. লোহিয়াই মন মগজুকে ধৰি সৰ্বস্তৰত কৰি গৈছিল। তেঁওৰ প্ৰচেষ্টাৰ বাবেই ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত সকলো সুবিধা সম্পন্ন তথা শক্তিশালী কংগ্ৰেছে মুখথেকেচা খালে। সেই সময়ত অটলজীয়ে কৈছিল যে-ড. লোহিয়াৰ প্ৰচেষ্টাৰে এয়া পৰিণাম যে আজি অকংগ্ৰেছী শাসিত ৰাজ্যৰে হাওৰা-অমৃতসৰ মেইলেৰে যাত্ৰা কৰিব পৰা হৈছে!
দুৰ্ভাগ্যৰ কথা এয়ে যে আজি ৰাজনীতিত এনে ধৰণৰ ঘটনাৱলী ঘটিব ধৰিছে, যিটো দেখি হয়তো স্বয়ং ড. লোহিয়াও উদ্বিগ্ন আৰু ব্যথিত হৈ পৰিলেহেতেন।
যিটো দলে আজি ড. লোহিয়াক নিজৰ আদৰ্শ বুলি গৌৰব অনুভৱ কৰে, সেই দলটোৱেই তেঁওৰ সিদ্ধান্তক সম্পূৰ্ণৰূপে জলাঞ্জলি দিছে। আনকি এই দলটোৱে ড. লোহিয়াক অপমান কৰাৰো কোনো সুযোগ অথলে যাব দিয়া নাই।
ওডিছাৰ জ্যেষ্ঠ সমাজবাদী নেতা শ্ৰী সুৰেন্দ্ৰনাথ দ্বিবেদীয়ে কৈছিল যে-“ ড.লোহিয়া ইংৰাজৰ শাসনকালত যিমানবাৰ জেললৈ গৈছিল, তাতকৈ বহু বেছিবাৰ তেঁওক কংগ্ৰেছৰ চৰকাৰে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।”
আজি সেই কংগ্ৰেছৰ সৈতেই তথাকথিত লোহিয়াবাদী দলসমূহে সুবিধাবাদী মহাভেজাল মৰ্চা গঠন কৰিবলৈ তৎপৰ হৈ পৰিছে। এনে ধৰণৰ বিড়ম্বনা হাস্যস্পদেই নহয় নিন্দাৰ যোগ্যও।
ড. লোহিয়া বংশবাদী ৰাজনীতি সদায় গণতন্ত্ৰৰ বাবে ঘাটক বুলি বিবেচনা কৰিছিল। আজি তেঁও জীয়াই থকা হ’লে হয়তো হায়ৰাণ হৈ পৰিলেহেতেন যে তেঁওৰে ‘অনুগামী’সকলৰ বাবে দেশহিতৰ পৰিৱৰ্তে নিজৰ পৰিয়ালৰ হিতহে সৰ্বোপৰি।
ড. লোহিয়াৰ মতাদৰ্শ আছিল যে যিজন ব্যক্তিয়ে ‘সমতা’, ‘সমানতা’ আৰু ‘সমভাৱ’ ৰে কাৰ্য কৰে, তেঁও প্ৰকৃততে এগৰাকী যোগী। কিন্তু আজি দুখৰ কথা যে যিবোৰ দলে স্বয়ং লোহিয়াবাদী বুলি দাবী কৰে তেঁওলোকেই এই সিদ্ধান্ত ভৰিৰে মোহাৰি পেলাইছে। তেঁওলোকে ‘ক্ষমতা’, ‘স্বাৰ্থ’ আৰু ‘শোষণ’তহে বিশ্বাস কৰে। এই দলসমূহে যিকোনো প্ৰকাৰে ক্ষমতা হস্তগত কৰা, জনতাৰ ধন সম্পত্তি লুট কৰা আৰু শোষণত কুশলতা অৰ্জন কৰিছে। এই দলসমূহে অপৰাধী আৰু অসামাজিক শক্তিসমূহক মুক্তভাৱে প্ৰশয় দিয়াৰ বাবে আজি দৰিদ্ৰ, দলিত, পিছপৰা আৰু বঞ্চিত সম্প্ৰদায়ৰ লগতে মহিলাসকলে এই দলসমূহৰ শাসনত নিজকে নিৰাপত্তাহীন বুলি অনুভৱ কৰে।
ড. লোহিয়াই জীৱনৰ প্ৰতিটো ক্ষেত্ৰত পুৰুষ আৰু মহিলাসকলৰ সম অধিকাৰৰ পক্ষপাতী আছিল। কিন্তু ভোটবেংকৰ ৰাজনীতিত অকুন্ঠ নিমজ্জিত হৈ পৰা দলসমূহে ইয়াৰ পৰা বহু দুৰত অৱস্থান লৈছে। এনে ধৰণৰ কাৰণৰ বাবেই তথাকথিত লোহিয়াবাদী দলসমূহে তিনি তালাকৰ দৰে অমানৱীত প্ৰথাৰ অন্ত পেলাবলৈ এনডিএ চৰকাৰে লোৱা প্ৰচেষ্টাকো বিৰোধিতা কৰিছিল।
এই দলসমূহে স্পষ্ট কৰা উচিত যে তেঁওলোকৰ বাবে ড. লোহিয়াৰ মতাদৰ্শ ডাঙৰ নে ভোটবেংকৰ ৰাজনীতিৰ গুৰুত্ব বেছি?
আজি দেশৰ ১৩০ কোটি ভাৰতীয়ৰ সন্মুখত এয়াই মুখ্য প্ৰশ্ন-সেয়া হৈছে, যিসকলে ড. লোহিয়া পৰ্যন্ত বিশ্বাসঘাতকতা কৰিলে, তেঁওলোকৰ পৰা আমি দেশৰ সেৱাৰ কেনেদৰে আশা কৰিব পাৰো ?
নিশ্চিতভাৱে যিসকলে ড. লোহিয়াৰ সিদ্ধান্তৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছে, তেঁওলোকে সদায়েই পূৰ্বৰ দৰেই দেশবাসীক বিশ্বাসঘাটকতা কৰিব।
During my speech at the Hindustan Times Leadership Summit a few days ago, I shared some startling facts:
Indian banks are holding Rs. 78,000 crore of unclaimed money belonging to our own citizens.
Insurance companies have nearly Rs. 14,000 crore lying unclaimed.
Mutual fund companies have around Rs. 3,000 crore and dividends worth Rs. 9,000 crore are also unclaimed.
These facts have startled a lot of people.
Afterall, these assets represent the hard-earned savings and investments of countless families.
In order to correct this, the आपकी पूंजी, आपका अधिकार - Your Money, Your Right initiative was launched in October 2025.
The aim is to ensure every citizen can reclaim what is rightfully his or hers.
To make the process of tracing and claiming funds simple and transparent, dedicated portals have also been created. They are:
• Reserve Bank of India (RBI) – UDGAM Portal for unclaimed bank deposits & balances: https://udgam.rbi.org.in/unclaimed-deposits/#/login
• Insurance Regulatory and Development Authority of India (IRDAI) – Bima Bharosa Portal for unclaimed insurance policy proceeds: https://bimabharosa.irdai.gov.in/Home/UnclaimedAmount
• Securities and Exchange Board of India (SEBI) – MITRA Portal for unclaimed amounts in mutual funds: https://app.mfcentral.com/links/inactive-folios
• Ministry of Corporate Affairs, IEPFA Portal for Unpaid dividends & unclaimed shares: https://www.iepf.gov.in/content/iepf/global/master/Home/Home.html
I am happy to share that as of December 2025, facilitation camps have been organised in 477 districts across rural and urban India. The emphasis has been to cover remote areas.
Through the coordinated efforts of all stakeholders notably the Government, regulatory bodies, banks and other financial institutions, nearly Rs. 2,000 crore has already been returned to the rightful owners.
But we want to scale up this movement in the coming days. And, for that to happen, I request you for assistance on the following:
Check whether you or your family have unclaimed deposits, insurance proceeds, dividends or investments.
Visit the portals I have mentioned above.
Make use of facilitation camps in your district.
Act now to claim what is yours and convert a forgotten financial asset into a new opportunity. Your money is yours. Let us make sure that it finds its way back to you.
Together, let us build a transparent, financially empowered and inclusive India!


