প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ২৯ ডিচেম্বৰ, ২০১৮ত উত্তৰপ্ৰদেশৰ বাৰাণসী আৰু গাজিপুৰ ভ্ৰমণ কৰিব৷ এই ভ্ৰমণকালত তেওঁ বাৰাণসীত দক্ষিণ এছিয়া আঞ্চলিক কেন্দ্রৰ ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান দেশবাসীৰ নামত উচর্গা কৰাৰ লগতে দীনদয়াল হস্তকলা সংকুলৰ ‘এক জিলা এক সামগ্ৰী’ শীর্ষক আঞ্চলিক সন্মিলনতো অংশগ্ৰহণ কৰিব৷ গাজিপুৰত এক অনুষ্ঠানত মহাৰজা সুহেলদেওৰ স্মৃতিত এটি ডাক টিকট মুকলি কৰিব আৰু এক ৰাজহুৱা সভাত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে৷

বাৰাণসীত প্ৰধানমন্ত্রীয়ে ৰাষ্ট্ৰীয় বীজ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(এনএছআটিচি)ৰ চৌহদত দক্ষিণ এছিয়া আঞ্চলিক কেন্দ্র(আইএছএআৰচি)ৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰটো(আইআৰআৰআই) দেশবাসীৰ নামত উচর্গা কৰিব৷ এই কেন্দ্ৰটো দক্ষিণ এছিয়া তথা ছার্ক অঞ্চলৰ ধান গৱেষণা আৰু সংশ্লিষ্ট ক্ষেত্রত প্ৰশিক্ষণৰ এক গুৰুত্বপূর্ণ কেন্দ্ৰ হিচাপে কাম কৰিব৷ পূব ভাৰতত এই আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰটোৱে ধানৰ উৎপাদনশীলতা বৃদ্ধিৰ লগতে সেইটো বজাই ৰাখিবলৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷

১৯৬০ চনৰ পৰা ভাৰতৰ সৈতে এই আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটোৰ সম্পর্ক আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই হ’ল প্ৰথম ভাৰতীয় প্ৰধানমন্ত্রী, যি ২০১৭ৰ নৱেম্বৰ মাহত ফিলিপাইনছৰ মেনিলাত আন্তঃৰাষ্ট্ৰীয় এই গৱেষণা প্ৰতিষ্ঠানটোৰ সদৰ কাৰ্যালয় পৰিদর্শন কৰে৷ তাত তেওঁ কৃষি খণ্ডত উদ্ভাৱন আৰু আধূনিক গৱেষণাৰ বিভিন্ন বিষয়ক লৈ আলোচনা কৰে৷

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীত দীনদয়াল হস্তকলা সংকুল(হস্তশিল্প সংগ্ৰহালয়)ত ‘এক জিলা এক সামগ্ৰী’ শীর্ষক আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰিব৷ ‘এক জিলা এক সামগ্ৰী’ প্ৰকল্পৰ উদ্দেশ্য হৈছে স্থানীয় লোকসকলৰ দক্ষতা বৃদ্ধি কৰি তেওঁলোকৰ উৎপাদিত বিভিন্ন সামগ্ৰী আৰু হস্তশিল্প সামগ্রী ৰাজ্যখনৰ সৰু নগৰ-চহৰৰ পৰা বজাৰলৈ উলিয়াই অনা৷ বিভিন্ন হস্তশিল্প সামগ্রীৰ ভিতৰত হস্তশিল্প, খাদ্য প্ৰস্তুতকৰণ, অভিযান্ত্ৰিক সামগ্রী, কাৰ্পেট, ৰেডিমেড বস্ত্ৰ, চামৰাৰ উদ্যোগত প্ৰস্তুত কৰা সামগ্ৰী উল্লেখযোগ্য৷ এই সামগ্রীসমূহ বজাৰলৈ উলিয়াই অনাৰ ফলত ইয়াৰ পৰা বিদেশী মুদ্রা আহৰণৰ সমান্তৰালভাৱে লোকসকলৰ কর্মসংস্থাপনৰ সুযোগ-সুবিধাও বৃদ্ধি পাব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India