Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ ভ্ৰমণ কৰিব৷ ভ্ৰমণকালত তেওঁ ৰাজ্যিক ক’পাৰেটিভ ডেভেলাপমেণ্ট প্ৰকল্প মুকলি কৰিব আৰু দীন দয়াল উপাধ্যায় কৃষক কল্যাণ আঁচনিৰ নিৰ্বাচিত উপভোক্তাক ঋণ চেক বিতৰণ কৰিব৷

একীকৃত ক’পাৰেটিভ ডেভেলাপমেণ্ট প্ৰকল্পৰ লক্ষ্য হ’ল সমবায়, কৃষি আদি খণ্ডক উৎসাহিত কৰি উত্তৰাখণ্ডৰ গ্ৰাম্য অৰ্থনীতিৰ ব্যাপক উন্নতি সাধন কৰা৷ প্ৰধানমন্ত্ৰীয়ে লগতে এই প্ৰকল্পৰ প্ৰথমটো কিস্তি হিচাপে ১০০ কোটি টকাৰ চেক উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক হস্তান্তৰ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে দীন দয়াল উপাধ্যায় কৃষক কল্যাণ আঁচনিৰ নিৰ্বাচিত উপভোক্তাক ঋণ চেকো বিতৰণ কৰিব৷ উত্তৰাখণ্ড চৰকাৰৰ এই আঁচনিৰ অধীনত মাত্ৰ ২ শতাংশ সূতত কৃষকক ১লাখ পৰ্যন্ত ঋণৰ সুবিধা আগবঢ়োৱা হয়৷ ২০২২ৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত এই আঁচনিখন এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে ২০১৮ৰ ৭ নৱেম্বৰত উত্তৰাখণ্ড ভ্ৰমণ কৰিছিল৷ তেওঁ উত্তৰাখণ্ডৰ হাৰ্ষিলত ভাৰতীয় সেনা আৰু আইটিবিপি জোৱানৰ সৈতে দিৱালী উদযাপন কৰিছিল৷ তদুপৰি, ২০১৮ৰ ৭ অক্টোবৰত উত্তৰাখণ্ডৰ ডেৰাডুনত বিনিয়োগ সন্মিলন সম্বোধন কৰিছিল৷

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
India's textile industry poised for a quantum leap as Prime Minister announces PM MITRA scheme

Media Coverage

India's textile industry poised for a quantum leap as Prime Minister announces PM MITRA scheme
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM wishes success to Poshan Pakhwada
March 22, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi has expressed happiness over the focus on Shree Anna (millets) in the annual Poshan Pakhwada, beginning today.

In reply to the Union Minister Smt Smriti Z Irani, the Prime Minister tweeted.

"May the Poshan Pakhwada help spread awareness on proper nutrition and removing the menace of malnutrition. Glad to see a focus on Shree Anna (millets), which can play a big role in furthering healthy living."