প্ৰত্যাহ্বান অতিক্ৰম কৰি, আত্মবিশ্বাস গঢ়ি তুলি, প্ৰতিভা প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় গৌৰৱ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক প্ৰশংসা কৰে
কঠোৰ পৰিশ্ৰমে ক্ৰীড়া ক্ষেত্ৰৰ বাহিৰেও জীৱনত সফলতা সুনিশ্চিত কৰেঃ প্ৰধানমন্ত্ৰী
দলৰ সাফল্যই সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে ভাৰতৰ যুৱপ্ৰজন্মৰ শক্তি আৰু স্থিতিস্থাপকতাৰ ওপৰত আলোকপাত কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত ভাৰতীয় দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ চেম্পিয়নৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ সংকল্পক স্বীকাৰ কৰি আত্মবিশ্বাসেৰে তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিবলৈ তেওঁলোকক উৎসাহিত কৰে। তেওঁ কয় যে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আগবাঢ়ি যোৱা লোকসকলে কেৱল ক্ৰীড়াক্ষেত্ৰতেই নহয়, জীৱনতো কেতিয়াও বিফল নহয়। তেওঁ উল্লেখ কৰে যে খেলুৱৈসকলে তেওঁলোকৰ নিজৰ পৰিচয় গঢ় দিছিল, যিয়ে তেওঁলোকৰ আত্মবিশ্বাস অধিক শক্তিশালী কৰিছিল।

 

বন্দে মাতৰমে ১৫০বছৰ সম্পূৰ্ণ কৰা সন্দৰ্ভত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে, দলৰ মনোভাৱে একতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ মূল্যবোধক প্ৰতিফলিত কৰে। ভক্তিমূলক শ্লোক গোৱা এগৰাকী খেলুৱৈৰ সংগীত প্ৰতিভাৰ প্ৰশংসা কৰিছিল, তেওঁ ইয়াক কাশীৰ সৈতে থকা নিজৰ সম্পৰ্কৰ সংযোগ কৰিছিল।

 

এই বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে দলটোৰ বহুমুখীতাক ৰাজনীতিৰ সৈতে তুলনা কৰি কয় যে ৰাজনীতিত ব্যক্তিসকলে মন্ত্ৰী, বিধায়ক বা সাংসদৰ দৰে বিভিন্ন ভূমিকা গ্ৰহণ কৰাৰ দৰে খেলুৱৈসকলো অল-ৰাউণ্ডাৰ আছিল।

 

খেলুৱৈসকলে সামাজিক কুসংস্কাৰ আৰু পাৰিবাৰিক কষ্টকে ধৰি বিভিন্ন প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ ব্যক্তিগত কাহিনী প্ৰকাশ কৰিছিল। এগৰাকী খেলুৱৈয়ে তেওঁৰ প্ৰয়াত পিতৃয়ে কন্যাক সফল হিচাপে দেখাৰ সপোনৰ কথা স্মৰণ কৰে আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁৰ সেই সপোন পূৰণ হোৱা বুলি ব্যক্ত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে দলটোক আশ্বাস দিয়ে যে তেওঁলোকৰ সফলতা কেৱল বিশেষভাৱে সক্ষমসকলৰ বাবেই নহয়, বৰং ভাৰতৰ সকলো নাগৰিকৰ বাবে এয়া এক অনুপ্ৰেৰণা হৈ ৰ’ব। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁলোকৰ সাফল্যই ভাৰতৰ যুৱক-যুৱতীসকলৰ শক্তি আৰু স্থিতিস্থাপকতাক প্ৰদৰ্শন কৰে। দেশখনে নিজৰ সন্তানৰ এনে সাহস আৰু সংকল্পৰে আগবাঢ়িছে বুলি তেওঁ গৌৰৱেৰে কয়।

 

শ্ৰী মোদীয়ে দলটোক শুভেচ্ছা জনাই, বিশ্বত ভাৰতৰ স্থিতি উন্নত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাৰ প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ সমৰ্পণ আৰু মনোভাৱৰ জৰিয়তে আন বহুতকে অনুপ্ৰাণিত কৰিব বুলি প্ৰকাশ কৰে।

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint

Media Coverage

Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength