প্ৰত্যাহ্বান অতিক্ৰম কৰি, আত্মবিশ্বাস গঢ়ি তুলি, প্ৰতিভা প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় গৌৰৱ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক প্ৰশংসা কৰে
কঠোৰ পৰিশ্ৰমে ক্ৰীড়া ক্ষেত্ৰৰ বাহিৰেও জীৱনত সফলতা সুনিশ্চিত কৰেঃ প্ৰধানমন্ত্ৰী
দলৰ সাফল্যই সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে ভাৰতৰ যুৱপ্ৰজন্মৰ শক্তি আৰু স্থিতিস্থাপকতাৰ ওপৰত আলোকপাত কৰিছেঃ প্ৰধানমন্ত্ৰী

খেলুৱৈ-ছাৰ, এই গান গাই বুলি আপুনি কেনেকৈ জানিলে?

প্ৰধানমন্ত্ৰী- চোৱা,মই আপোনালোক সকলোৰে যত্ন লওঁ।

খেলুৱৈ-ছাৰ, আপোনাৰ সৈতে কথা পাতি আমাৰ পেট ভৰি গ’ল।

প্ৰধানমন্ত্ৰী-পেট ভৰি গ’ল।

প্ৰধানমন্ত্ৰী-আপোনালোক কঠোৰ পৰিশ্ৰমী মানুহ। আপোনালোকে নিজৰ পৰিচয় নিজেই ডাঙি ধৰিছে।

প্ৰধানমন্ত্ৰী-সকলোৱে চহী কৰিছা নে?

খেলুৱৈ-হয় ছাৰ।

প্ৰধানমন্ত্ৰী-ইয়াত চহী কৰিব লাগিব।

খেলুৱৈ-হয় ছাৰ।

প্ৰধানমন্ত্ৰী-চাওক,বন্দে মাতৰমে ১৫০ বছৰ সম্পূৰ্ণ কৰিলে।

খেলুৱৈ-হয় ছাৰ।

প্ৰধানমন্ত্ৰী-সেয়ে মই বন্দে মাতৰম লিখিছো।

প্ৰধানমন্ত্ৰী-মই শুনিবলৈ পাইছো, যে আপুনি ভাল গান গায়?

খেলুৱৈ-হয় ছাৰ। গঙ্গাধাৰ শংকৰ কৰুণ কৰা, মামৱ ভৱসাগৰ তাৰকা, ভো শম্ভূ, শিৱ শম্ভূ স্বয়ম্ভু।

প্ৰধানমন্ত্ৰী-বাঃ।তাৰমানে আপুনি জানে যে মই কাশীৰ সাংসদ, সেয়েহে শম্ভুজীক স্মৰণ কৰিছে।

 

খেলুৱৈ-হয় ছাৰ।

খেলুৱৈ-ছাৰ, আমাৰ দলৰ সকলোৱেই অলৰাউণ্ডাৰ খেলুৱৈ।

প্ৰধানমন্ত্ৰী-অচ্ছা, সকলোৱেই, তেন্তে ৰাজনীতিৰ দৰেই।  ৰাজনীতিত সকলোৱেই একো একোগৰাকী অল-ৰাউণ্ডাৰ। কেতিয়াবা তেওঁলোক মন্ত্ৰী হয়, কেতিয়াবা বিধায়ক হয়, কেতিয়াবা সাংসদ হয়।

প্ৰধানমন্ত্ৰী-জয় জগন্নাথ!

খেলুৱৈ-জয় জগন্নাথ। মই মোদী ছাৰৰ সৈতে ফটো তুলিবলৈ গৈছিলো, আপুনি গান গায়- হঠাতে তেওঁ সুধিলে, ছাৰে কেনেকৈ জানিলে,মই নাজানো আৰু মই সম্পূৰ্ণৰূপে হতভম্ব হৈ পৰিলো।

প্ৰধানমন্ত্ৰী-প্ৰথমে কাব্যা, আহক।

খেলুৱৈ-ধন্যবাদ

খেলুৱৈ-ছাৰ, আপুনি কেনেকৈ জানিলে যে মই গান গাও?

প্ৰধানমন্ত্ৰী-কথাটো এনেকুৱা,যে মই আপোনালোক সকলোৰে যত্ন লও।

খেলুৱৈ-মোৰ দেউতাৰো এটা ডাঙৰ সপোন আছিল। তেওঁ, মোক বৰ ভাল পাইছিল। মোৰ দেউতা এতিয়া আৰু নাই, কিন্তু মই মনতে ভাবি আছো যে যদিহে মোৰ দেউতাই চাই আছে, তেন্তে তেওঁ নিশ্চয় বহুত সুখ অনুভৱ কৰিছে।

 

প্ৰধানমন্ত্ৰী-ইয়াৰ অৰ্থ এইটো নহয় যে কেৱল ইমানেই খাদ্য আছে আৰু আছে। বলক, এই জম্মু-কাশ্মীৰক খোৱাওক, যি এগৰাকী অল-ৰাউণ্ডাৰ। এয়া মধ্যপ্ৰদেশ।

খেলুৱৈ-তেওঁলোকে-সমগ্ৰ গাঁওখনে কয়, তুমি অন্ধ, তুমি কি কৰা? তুমি একো নকৰা। সকলোৱে তেনেদৰেই কয়, আৰু আমাৰ পিতৃ-মাতৃয়ে সেই লোকসকলৰ সৈতে কথা পাতে আৰু তেওঁলোক অলপ দুঃখিত হয়।

প্ৰধানমন্ত্ৰী-এতিয়া চাগে, গাঁৱৰ লোকসকলে ওলোটাকৈ ক’বলৈ আৰম্ভ কৰিছে?

খেলুৱৈ-হয় ছাৰ। হয় ছাৰ। ভাল  লাগিছে। প্ৰথমবাৰৰ বাবে তেওঁলোকৰ হাতেদি মিঠাই খাইছো। সেয়া এক অত্যন্ত ভাললগা অনুভৱ আছিল, মই একো ক'ব নোৱাৰোঁ। মোৰ এটা সপোন আছিল, আৰু মোৰ সপোন সঁচা হ'ল।

প্ৰধানমন্ত্ৰী-দীপিকা এতিয়া তুমি আৰম্ভ কৰা। এয়া পছন্দ হোৱা নাই নেকি?

খেলুৱৈ-হৈছে পছন্দ।

প্ৰধানমন্ত্ৰী-কেৱল মিঠা খোৱা।

খেলুৱৈ-ছাৰ, আপোনাৰ সৈতে কথা পাতিয়েই মোৰ পেট ভৰি গ’ল।

প্ৰধানমন্ত্ৰী-পেট ভৰি গ’ল।

প্ৰধানমন্ত্ৰী-যিসকলে কঠোৰ পৰিশ্ৰম কৰি আগুৱাই যায়, তেওঁলোকৰ পৰিশ্ৰম কেতিয়াও বিফলে নাযায়। কেৱল খেল পথাৰতেই নহয়, জীৱনতো। আপোনালোক পৰিশ্ৰম কৰি ওলাই অহা লোক। আপুনালোকে নিজৰ পৰিচয় গঢ়ি তুলিছে আৰু  সেইকাৰণেই এতিয়া আপোনালোকৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাব।

 

খেলুৱৈ- হয় ছাৰ।

প্ৰধানমন্ত্ৰী- পূ্ৰ্বে, গাঁৱৰ শিক্ষকৰ সৈতে কথা পাতিব লাগিলেও আপোনালোকে ভাবিছিল কথা পাতো নে নাপাতো? আৰু আজি আপোনালোকে প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতি আছে।

খেলুৱৈ-হয় ছাৰ। আপুনি, আমাৰ সৈতে ইমান ভালদৰে কথা পাতিছে, আমাৰ সকলোৰে মুকলিভাৱে..... কথা পাতিবলৈ মন গৈছে।

প্ৰধানমন্ত্ৰী- আপোনালোক মোৰ নিজৰ, গতিকে মই এনেদৰেই কথা পাতিম।

খেলুৱৈ-আপোনাৰ নেতৃত্বত আমাৰ ক্ৰীড়াক্ষেত্ৰ – বহুদূৰ আগ বাঢ়িছে। তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে বহুত ভাল কাম কৰি আছে। বহুতো দল বহু দূৰ আগুৱাই গৈছে।

প্ৰধানমন্ত্ৰী-যেতিয়া মই আপোনালোকক সাক্ষাৎ কৰোঁ, তেতিয়া মই অনুভৱ কৰোঁ যে আমাৰ দেশ কিমান দূৰ আগবাঢ়িছে, এই শিশুসকলৰ কিমান সাহস আছে। যেনেদৰে আমি নিৰ্বাচনত যুঁজ দিওঁ।

 

 

খেলুৱৈ-হয় ছাৰ।

প্ৰধানমন্ত্ৰী-সেয়েহে যেতিয়া সন্মুখৰ ব্যক্তিজনৰ নিৰাপত্তা জব্দ কৰা হয়, জমা জব্দ কৰা হয়, তেতিয়া মানুহে কয় যে আপুনি কেনেকুৱা মানুহ, তেওঁলোকৰ জমাখিনিও খাই থৈছে। আপোনালোকে এইবাৰ খেলত ১০অ’ভাৰত কাৰোবাক পেভিলিয়নলৈ ঘূৰাই পঠিয়াইছিল।

খেলুৱৈ-ছাৰ, তিনি অভাৰতেই পঠিওৱাছো।

প্ৰধানমন্ত্ৰী-তেনেহ’লে আপোনালোকে কিয় এনে কৰে? সকলোকে বহুত বহুত শুভেচ্ছা। আপোনালোকে দেশক গৌৰৱান্বিত কৰিছে, আৰু দেশৰ সকলো লোকে ইয়াৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব।

খেলুৱৈ-হয় ছাৰ।

প্ৰধানমন্ত্ৰী-আৰু কেৱল দিব্যাঙ্গসকলেই নহয়, আনসকলেও অনুপ্ৰেৰণা লাভ কৰিব।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Railways deploys AI on tracks, trains and stations to boost safety

Media Coverage

Railways deploys AI on tracks, trains and stations to boost safety
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the value and transformative power of knowledge
September 09, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that wisdom teaches the art of living in harmony with society. He said that knowledge imparts wisdom and prosperity, fills the heart with joy and enhances one’s dignity.

The Prime Minister shared a Sanskrit Subhashitam-

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”

The Subhashitam conveys that wisdom teaches the art of living in harmony with society. It grants knowledge and prosperity, fills the heart with joy, and raises one's dignity. Thus, wisdom is as precious as service to righteous governance, beloved by the heart, and a force that uplifts life.

The Prime Minister wrote on X;

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”