আদিত্য বিৰলা গোষ্ঠীৰ অধ্যক্ষ শ্ৰী কুমাৰমংগলম বিৰলাজী, থাইলেণ্ড ৰাজতন্ত্ৰৰ বিশিষ্ট অতিথিবৃন্দ, বিৰলা পৰিয়াল আৰু পৰিচালনাৰে জড়িত ব্যক্তিসকল, থাইলেণ্ড আৰু ভাৰতৰ বাণিজ্যজগতৰ নেতাসকল, আৰু উপস্থিত বন্ধুসকল, আপোনালোক আটাইলৈকে নমস্কাৰ জনাইছো।–সৱাড়ি খ্ৰপ্।

আদিত্য বিৰলা গোষ্ঠীৰ সুবৰ্ণ জয়ন্তী অৰ্থাত সোণালী জয়ন্তী উদযাপন কৰাৰ উদ্দেশ্যে আমি আহি সুবৰ্ণ ভূমি থাইলেণ্ডত উপস্থিত হৈছোহি। এয়া সঁচাকৈয়ে এক বিশেষ উপলক্ষ। আজিৰ এই বিশেষ মুহূৰ্তটোত মই আজি আদিত্য বিৰলা গোষ্ঠীৰ সকলো সদস্যকে অন্তৰৰ পৰা অভিনন্দন জনাইছো। থাইলেণ্ডত এই গোষ্ঠীোৱে বৰ সুন্দৰকৈ কাম কৰি আছে বুলি এইমাত্ৰ শ্ৰীযুত কুমাৰমংগলম বিৰলা ভাষণত শুনিাবলৈ পালো। বাণিজ্য জগতৰ অগ্ৰণী গোষ্ঠীটোৱে পৰিচালনা কৰাবাণিজ্যিক পৰিগঠনিয়ে সামগ্ৰীক ভাৱে এইখন দেশক বাৰুকৈয়ে উপকৃত কৰি আহিছে।

বন্ধুসকল, আমি এতিয়া থাইলেণ্ডত উপস্থিত আছো। এইখন দেশৰ ভাৰতৰ সৈতে এক শক্তিশালী সাংস্কৃতিক সম্পৰ্ক পুৰাতন কালৰে পৰা অব্যাহত আছে। আৰু আজি আমি ভাৰতৰ এটি ঔদ্যোগিক গোষ্ঠীৰ পঞ্চাশ বছৰীয়া জয়ন্তী উদযাপন কৰিছোহি এইখন দেশত। এই কথাই মোৰ এটা বিশ্বাসকে পুনৰবাৰ প্ৰতীয়মান কৰিলে যে, সংস্কৃতি আৰু বাণিজ্যিক সম্পৰ্কৰ সকলোকে একত্ৰীত কৰিব পৰা এক অন্তৰ্নিহিত শক্তি আছে। বহু শতাব্দী ধৰি ধৰ্মপ্ৰাণ ভিক্ষু আৰু সদাগৰসকলে সুদূৰ প্ৰান্তৰ ন ন ঠাইৰ সন্ধান কৰি তেওঁলোকৰ বাণিজ্য তথা সম্পৰ্কৰ পৰিসৰ বিস্তাৰিত কৰি আহিছে। তেওঁলোকে ঘৰৰ পৰা নিলগলৈ গৈ প্ৰন্তে প্ৰান্তে ভ্ৰমি ফুৰোতে ন ন সাংস্কৃতিৰেও পৰিচিত হোৱাৰ সুযোগ লাভ কৰে। এই ধৰণৰ সাংস্কৃতিক সম্পৰ্ক আৰু বাণিজ্য বিস্তাৰিত কৰাৰ আকাংক্ষাই এদিন সমগ্ৰ পৃথিৱীখনকে কাষ চপাই আনিব বুলি আশা কৰিব পাৰি।

বন্ধুসকল, ভাৰতত শেহতীয়াভাৱে সম্পাদিত হোৱা কেতবোৰ ইতিবাচক পৰিৱৰ্তনৰ কথা আপোনোলোকৰ আগত ক’বলৈ মই উদ্গ্ৰীব হৈ আছো। মই সম্পূৰ্ণ দৃঢ়তাৰে ক’ব খোজো যে, ভাৰতত থকাৰ বাবে এতিয়াৰ সময়খিনিয়েই সবাতোকৈ উত্কৃষ্ট সময়। আজিৰ ভাৰতত বহু কথাই উজ্জীৱিত হোৱাৰ বিপৰীতে বহু কথাই আকৌ নিৰ্বাপিতও হৈছে। আজিৰ ভাৰতত আগতৈক স্বাচ্ছন্দ্যৰে কাম কৰাৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে জীৱনলৈও স্বাচ্ছন্দ্য আহিছে। সেইদৰে বিদেশী বিনিয়োগৰ পৰিমান বাঢ়াৰ দৰেই বাঢ়িছে সেউজ আস্তৰণৰ পৰিসৰো। পেটেণ্ট আৰু ট্ৰেড-মাৰ্কৰ পয়োভৰ ঘটাৰ দৰেই বাঢ়িছে উত্পাদনশীলতা আৰু পৰিদৰ্শীতা। আন্তঃগাঁথনি নিৰ্মাণৰ হাৰ বৃদ্ধি পাইছে। উন্নত মানৰ স্বাস্থ্যসেৱা লাভ কৰা মানুহৰ সংখ্যা লক্ষণীয় হাৰত বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ কিন্তু হ্ৰাস পাইছে কৰৰ হাৰ। স্বজন-তোষণ, দুৰ্নীতিৰ হাৰ অৱনমিত হৈছে। কমিছে তোষামোদৰো হাৰ। দুৰ্নীতিগ্ৰস্তই মুখ লুকুৱাবলৈ থৰ-কাছুটি হেৰৰুৱাব লগা হৈছে।

বন্ধুসকল, বিগত পাঁচোটা বছৰত ভাৰতে বিভিন্ন ক্ষেত্ৰত বহু সাফল্যৰ গাঁথা প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছে। এয়া কিন্তু কেৱল চৰকাৰৰ বাবেই সম্ভৱ হোৱা নাই। শেহতীয়া প্ৰেক্ষাপটত ভাৰতে কেৱল কৰিব লাগে বাবেই কাম কৰা আথবা আমোলাকেন্দ্ৰিক ভাৱধাৰাৰে কাম কৰাৰ প্ৰৱণতা পৰিত্যাগ কৰিছে। দৰাচলতে বহুবোৰ অভিলাসী আঁচনিৰ সফল ৰূপায়ণৰ জৰিয়তে সম্ভৱ হৈছে এই ৰূপান্তৰৰ কথা। যেতিয়া এই অভিলাসী অভিযানসমূহে জনতাৰ অংশীদাৰিত্বৰ শক্তিৰে শক্তিৱন্ত হোৱাৰ সুযোগ লাভ কৰে তেতিয়াই সেইবোৰ একো একোটা গণ-আন্দোলনলৈ ৰূপান্তৰিত হয়। আৰু এনে গণ আন্দোলনে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে। যিবোৰ কাম আগতে অসম্ভৱ যেন লাগিছিল এতিয়া সেইবোৰেই সম্ভৱ হ’বলৈ ধৰিছে। জীৱনৰ বুনিয়াদী প্ৰয়োজনীয়তা প্ৰদানৰ পৰিসংখ্যাই এতিয়া প্ৰায় এশ শতাংশৰ হাৰ স্পৰ্শ কৰিছে। ইয়াৰ উত্কৃষ্ট উদাহৰণ হ’ল ‘জন-ধন যোজনা’। এই এঁচনিখনে সম্পূৰ্ণ বিত্তীয় অন্তৰ্ভূক্তিকৰণ নিশ্চিত কৰিছে। সেইদৰে ‘স্বচ্ছ ভাৰত অভিযান’ৰ জৰিয়তে অনাময় ব্যৱ্স্থা দেশৰ প্ৰায় প্ৰতিটো পৰিয়ালতেউপলব্ধ হৈছে।

বন্ধুসকল, আমাৰ ভাৰতত সেৱা প্ৰদানৰ বেলিকা সুৰুঙা ৰৈ যোৱা কথাটো এক বৃহত্ প্ৰত্যাহ্বান হিচাপেই পৰিগণিত হৈ আহিছে। আপোনালোকে শুনি চাগৈ আচৰিতেই হ’ব যে বহুদিন ধৰি দেশৰ দুখীয়া-দৰিদ্ৰৰ বাবে আবণ্টিত ধন বস্তুতঃ সংশ্লিষ্টসকলৰ হাতত নপৰিছিলগৈয়ে। অৱশেষত যেনিবা এই দুষ্কাৰ্যৰ অৱসান ঘটাবলৈ সক্ষম হ’ল আমাৰ চৰকাৰ। ইয়াৰ বাবে ‘প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি’ক সধুবাদ দিবই লাগিব। ‘প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি’খনে আক্ষৰিক অৰ্থতে মধ্যভোগীৰ অৱসান ঘটোৱাৰ লগতে ব্যৱস্থাত থকা অদক্ষতাৰো মুদা মাৰিলে। ইয়ে ভুলৰ সম্ভাৱনাও প্ৰায় নোহোৱা কৰিলে। ‘প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি’ৰ সুবাদত এই পৰ্যন্ত দেশৰ ৰাজকোষৰ ২০বিলিয়ন ডলাৰ পৰিমানৰ ধনৰাশি হৰলুকি হোৱাৰ পৰা ৰক্ষা কৰিব পৰা গৈছে। আপোনালোকে ঘৰত এলইডি বাল্ব নিশ্চয় দেখিছে। এইবিধ বাল্ব অধিক দক্ষ আৰু শক্তিৰ ব্যয়ৰ ক্ষেত্ৰত অধিক মিতব্যয়ী বুলি আপোনালোকে চাগৈ নিশ্চয় জানে। পিছে, ভাৰতত এই বাল্বৰ প্ৰভাৱ কিমান জানেনে? বিগত বছৰচেৰেকত আমি দেশত ৩৬০নিযুতৰো অধিক সংখ্যক এলইডি বাল্ব বিতৰণ কৰিছো। সেইদৰে এই সময়চোৱাত পথৰ কাষত থকা ১০নিযুত সাধাৰণ বাল্ব আঁতৰাই তাৰ ঠাইত এলইডি বল্বসংস্থাপিত কৰা হৈছে। ইয়াৰ দ্বাৰাও আমি প্ৰায় ৩.৫বিলিয়ন ডলাৰ পৰিমানৰ ধনৰাশি ৰাহি কৰিবলৈ সক্ষম হৈছো। ইয়াৰ ফলত কাৰ্বন নিৰ্গমণৰ পৰিমানো কমাব পৰা গৈছে। মই সঁচাকৈয়ে বিশ্বাস কৰো যে ধন সঁচা মানেইতো ধন অৰ্জন কৰা। শক্তি ৰাহি কৰা মানেই শক্তি উত্পাদন কৰাৰ সমাৰ্থক। এনেদৰে ৰাহি হোৱা ধনৰাশি এতিয়া ‘সমভাবে প্ৰভাবী কাৰ্যক্ৰম’ৰ জৰিয়তে লক্ষ লক্ষ নাগৰিকৰ সবলীকৰণ কাৰ্যক্ৰমত ব্যয় কৰা হৈছে।

বন্ধুসকল, আজিৰ ভাৰতত কঠোৰ পৰিশ্ৰম কৰি কৰ আদায় দিয়া কৰদাতাৰ অৰিহণাৰ চৰ্চা কৰা হয়। কৰ-ব্যৱস্থাৰ ক্ষেত্ৰত আমি উল্লেখনীয় কাম কৰিছো। আজিৰ তাৰিখত ভাৰতত আটাইতকৈ নাগৰিক অনুকূল কৰ-ব্যৱস্থা প্ৰৱৰ্তীত হৈ আছে বুলি মই সানন্দে উল্লেখ কৰিব পাৰো। আগন্তুক দিনত এই পৰিৱেশৰ আৰু অধিক উত্তৰণ ঘটোৱাৰ বাবে আমি নিশ্চিত ভাবেই দায়বদ্ধতাস্বীকাৰ কৰিছো। যোৱা পাঁচোটা বছৰত আমি মধ্যবিত্তসকলৰ ওপৰত থকা কৰৰ বোজা বহুখিনি হ্ৰাস কৰিছো। শেহতীয়া ভাবে আমি ‘মুখ নেদেখাকৈ কৰৰ সমীক্ষা’ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো। ইয়াৰ ফলত কৰদাতাৰ ক্ষেত্ৰত হ’ব পৰা স্বজন-প্ৰীতি অথবা আতিশয্যৰ অৱকাশ আঁতৰাব পৰা যাব। ‘কৰ্পোৰেট কৰ হ্ৰাস কৰা’ৰ কথা আপোনালোকে চাগৈ ইতিমধ্যে জানিব পাৰিছে। আমাৰ ‘জিএছটি’-য়ে ভাৰতত অৰ্থনৈতিক একাত্মতা স্থাপনৰ বাবে দেখা সপোন সাৰ্থক কৰিলে। ‘জিএছটি’ক আৰু অধিক নাগৰিক-অনুকূল কৰাৰ বাবে আমি কাম কৰি আছো। এই সকলোৱে মিলি ভাৰতক বিনিয়োগৰ ক্ষেত্ৰত পৃথিৱীৰ আটাইতকৈ আকৰ্ষণৰ থলী কৰি তুলিছে।

শেহতীয়া পাঁচোটা বছৰত ভাৰতে ২৮৬ বিলিয়ন পৰিমানৰ বিদেশী বিনিয়োগ আহৰণ কৰিবলৈ সক্ষম হৈছে। এয়া বিগত একুৰি বছৰত হোৱা বিনিয়োগৰ প্ৰায় আধাৰ সমান। প্ৰায় ৯০শতাংশ বিনিয়োগ স্বয়ংক্ৰিয় অনুমোদন জৰিয়তে আহিছে। ইয়াৰে আকৌ ৪০শাতাংশই আকৌ ‘গ্ৰীন ফিল্ড বিনিয়োগ’। এই কথাই বিনিয়োগকাৰীসকলে যে ভাৰতক দীৰ্ঘ কালৰ বাবে আস্থাত লৈছে সেই কথাকে প্ৰতীয়মান কৰে। ভাৰতৰ উত্তৰণৰ সত্য বহুকেইটা সমীক্ষাত প্ৰতিবিম্বিত হৈছে। ‘ইউএনচিটিএডি’-ৰ সমীক্ষা মতে বিদেশী বিনিয়োগৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ শীৰ্ষ ১০খন দেশৰ অন্যতম। সেইদৰে ‘ডব্লিউআইপিঅ’ৰ ‘গোলকীয় উদ্ভাৱনী সূচ্যাংক’ সম্পৰ্কীয় সমীক্ষাত পাঁচটা বছৰত ভাৰতৰ ২৪ সংখ্যক স্থানলৈ উত্তৰণ ঘটিছে। যিকিনহওক ইয়াৰে দুটাৰ বিষয়ে মই বিশেষ ভাবে উল্লেখ কৰিব বিচাৰিছো। বিশ্ব বেংকৰ ‘ইজ অব ডুয়িং বিজনেছ’ শীতানত ভাৰতে পাঁচোটা বছৰত ৭৯সংখ্যক স্থানৰ উত্তৰণ ঘটাবলৈ সক্ষম হৈছে। ২০১৪চনত ১৪২ সংখ্যক স্থানত থকা ভাৰত ২০১৯চনত ৬৩সংখ্যক স্থানত উপনীত হৈছেহি। এয়া আক্ষৰিক অৰ্থতে এক বিশাল সাফল্য। সংস্কাৰৰ ক্ষেত্ৰত আমি লেথাৰিকৈ তিনিবছৰ কাল শীৰ্ষৰ দহখন দেশৰ তালিকাভূক্তহৈছো। ভাৰতত ব্যৱসায় কৰাৰ বাবে ভিন্ন পৰিমাপক আছে। ৰাষ্ট্ৰ হিচাপে আমি এখন বৈচিত্ৰ্যপূৰ্ণ বিশাল দেশ। আমাৰ দেশত কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় প্ৰশাসনৰ চৰকাৰে শাসন ব্যৱস্থা পৰিচালনা কৰে। এই সংক্ৰান্তত এক দিক নিৰ্ণায়ক পৰিৱৰ্তনে সংস্কাৰৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতীয়মান কৰিছে। আজিৰ তাৰিখত চৰকাৰৰ লগতে জনসাধাৰণেও হাতত হাত ধৰি আহি এক উন্নত বাণিজ্যিক প্ৰেক্ষাপট ৰছনা কৰাত হাত উজান দিছেহি।

বন্ধুসকল, ‘বিশ্ব অৰ্থনৈতিক মঞ্চ’ৰ ভ্ৰমণ আৰু পৰ্যটন সম্পৰ্কীয় বিস্তৃত সূচকাংকত ভাৰতৰ স্থানৰ লক্ষনীয় ভাৱে উন্নত হৈছে। ২০১৩ চনত ৬৫সংখ্যক স্থানত থকা ভাৰত ২০১৯চনত ৩৪সংখ্যক স্থানত উপনীত হৈছেহি। এই উথ্থানো আকৌ বিয়াগোমসকলৰ মাজতে সম্ভৱ কৰিব পৰাতো ডাঙৰ কথা। এই সময়চোৱাত বিদেশী পৰ্যটকৰ আগমনৰ হাৰ ৫০শতাংশলৈ বৃদ্ধি পাইছে। কোনো এডোখৰ স্থানলৈ গৈ সহজ-স্বাচ্ছন্দ্য তথা নিৰাপদ অনুভৱ কৰিব নোৱাৰা পৰ্যন্ত যে কোনো পৰ্যটকেই সেই স্থানলৈ যাব নোখোজে সেই কথা নিশ্চয় আপোনালোকেও বাৰুকৈয়ে জানে। সেইফালৰ পৰা চালে আমাৰ দেশলৈ পৰ্যটকৰ সোঁত বোৱা কথাটোৱে কাৰ্যক্ষেত্ৰত আমাৰ প্ৰয়াসৰ সাফল্যকে প্ৰতীয়মান কৰিছে বুলি ক’ব লাগিব। উন্নত পথ-ঘাট, বিমান পৰিহনৰ সু-ব্যৱস্থা, পৰিচ্ছন্ন পৰিৱেশ আৰু আইন-শৃংখলা পৰিস্থিতিৰ উন্নত অৱস্থাৰ নিশ্চয়তাই আজি পৃথিৱীক ভাৰত ভ্ৰমণলৈ অহাৰ বাবে আগ্ৰহী কৰি তুলিছে।

বন্ধুসকল, ৰূপান্তৰৰ প্ৰভাৱ অধ্যয়নৰ পিচতহে গুণ-মানৰ স্বীকৃতি প্ৰদান কৰা হয়। এই স্বীকৃতি কিন্তু কোনো সম্ভাৱনাৰ আগলি বতৰা নহয়। ইয়াক কাৰ্যক্ষেত্ৰত ইতিমধ্যে সম্পাদিত হোৱা বাস্তৱৰ লেখা-জোখা বুলিহে ক’ব লাগিব। বন্ধুসকল, শেহতীয়া ভাবে ভাৰতে ৫ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি গঢ়াৰ বাবে দেখা আন এক বৃহত সপোন সাৰ্থক কৰাৰ পণ লৈছে। ২০১৪চনত আমাৰ চৰকাৰে শাসন ভাৰ গ্ৰহণ কৰাৰ সময়ত ভাৰতৰ মুঠ ঘৰুৱা উত্পাদন পৰিমান আছিল প্ৰায় ২ত্ৰিলিয়ন ডলাৰ। ৬৫বছৰত ২ত্ৰিলিয়ন। পিছে, ৫টা বছৰত ইয়াক আমি প্ৰায় ৩ত্ৰিলিয়নলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিলো। আমাৰ এই সাফল্যই আগত পাঁচোটা বছৰত আমি দেখা সপোনটোকো যে বাস্তৱায়িত কৰিবগৈ পাৰিম সেই প্ৰত্যয়কে প্ৰদান কৰিছে। ভৱিষ্যত প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আমি ১.৫ ত্ৰিলিয়ন ডলাৰ পৰিমানৰ ধনৰাশি ব্যয় কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো।

বন্ধুসকল, আমাৰ মেধাৱী আৰু দক্ষতাপূৰ্ণ মানৱ সম্পদৰ বিশাল ভাণ্ডাৰক লৈ মই বাৰুকৈয়ে গৌৰৱবোধ কৰো। আজিৰ তাৰিখত ভাৰত যে নতুন উদ্যোগীৰ বাবে অনুকূল বাতাবৰণ থকা পৃথিৱীৰ বিশালতম দেশকেইখনৰ অন্যতম সেই কথাত কোনো সন্দেহ নাই। সেইদৰে ডিজিটেল উপভোক্তাৰ বাবে ভাৰত হৈছে আটাইতকৈ বিশাল আৰু দ্ৰুত গতিত প্ৰসাৰ লাভ কৰা পৃথিৱীৰ অন্যতম বাণিজ্যিক ক্ষেত্ৰ। আমাৰ দেশত ১বিলিয়ন স্মাৰ্ট ফোন ব্যৱহাৰকাৰী আৰু আধা বিলিয়নৰো অধিক সংখ্যক ইণ্টাৰনেট ব্যহাৰকাৰী উপভোক্তা আছে। আমি ৪.০ গতিবেগেৰে উদযোগিক বিকাশৰ গতি অব্যাহত ৰখাৰ লগতে বিকাশ আৰু শাসন-প্ৰণালীক সম্পূৰ্ণতা প্ৰদান কৰিব পৰা প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছো। এই সকলোবোৰৰ উপস্থিতিৰে আমি উত্পাদনশীলতাৰ এক গোলকীয় কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ দিশে আগবাঢ়িছো।

‘থাইলেণ্ড ৪.০’কাৰ্যক্ৰমৰ জৰিয়তে থাইলেণ্ডেও বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন আৰু সৃষ্টিশীলতাৰ ভিত্তিত এক মূল্যবোধ সম্পন্ন অৰ্থনীতি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। এয়া দৰাচলতেই ভাৰতে গ্ৰহণ কৰা প্ৰাথমিকতাসমূহৰো সম্পূৰক আৰু পৰিপূৰক। ভাৰতে গ্ৰহণ কৰা ‘ডিজিটেল ইণ্ডিয়া’, ‘স্কিল ইণ্ডিয়া’, ‘গংগা ৰিজুভেনেশ্যন প্ৰকল্প’, ‘স্বচ্ছ ভাৰত মিছন’, ‘স্মাৰ্ট চিটী’ আৰু ‘জল জীৱন মিছন’ৰ দৰে অভিযানসমূহে অংশীদাৰিত্বৰ সুন্দৰ সুযোগ আগবঢ়াইছে।

বন্ধুসকল,যেতিয়া ভাৰত সমৃদ্ধ হ’ব তেতিয়া পৃথিৱীয়েও সমৃদ্ধি লাভ কৰিব। আমি ভাৰতৰ উন্নয়ন এনেকৈ হোৱাটো বিচাৰিছো, যাতে এই উন্নয়নে সামগ্ৰীকভাৱে আমাৰ পৃথিৱীখনক উন্নত কৰি গঢ়ি তোলাত সহায় কৰিব পাৰে। আমি যেতিয়া ‘আয়ুষ্মান ভাৰত’-ৰ জৰিয়তে ৫০কোটি ভাৰতীয়ক উন্নত স্বাস্থ্যসেৱাৰ নিশ্চয়তা প্ৰদান কৰিব খুজিছো, ই কিন্তু স্বাভাৱিক ভাবেই স্বাস্থ্যবান পৃথিৱী গঢ়াত সহায়ক হ’ব। গোলকীয় লক্ষ্য ২০৩০চনৰ পাঁচ বছৰ আগতেই অৰ্থাত ২০২৫চনৰ ভিতৰত আমি যেতিয়া যক্ষ্মা নিৰ্মূলৰ সিদ্ধান্ত গ্ৰহণ কৰো, স্বাভাৱিকতেই আমাৰ এই সিদ্ধান্তই যক্ষ্মাৰ বিৰুদ্ধে পৃথিৱীবাসীয়ে আৰম্ভ কৰা যুঁজখনকে শক্তি প্ৰদান কৰিব। একে সময়তে আমি আমাৰ সাফল্য আৰু সদ্ অনুশীলনকো পৃথিৱীবাসীৰে ভগাই ল’ব বিচাৰিছো। আমাৰ দক্ষিণ-পূৱ এচীয়া কৃত্ৰিম উপগ্ৰহে এই অঞ্চলৰ বিপুল সংখ্যক লোকক বাৰুকৈয়ে উপকৃত কৰিছে। বিশেষকৈ ছাত্ৰসমাজ আৰু মাছুৱৈসকল উপকৃত হৈছে ইয়াৰ দ্বাৰা।

বন্ধুসকল, আমাৰ ‘এক্ট ইষ্ট নীতি’ৰ আধাৰত আমি দক্ষিণ-এচীয় অঞ্চলৰে যোগাযোগ বৃদ্ধি কৰিব বিচাৰিছো। থাইলেণ্ডৰ পশ্চিম উপকূলত থকা বন্দৰসমূহৰ সৈতে ভাৰতৰ পূব উপকূলবৰ্তী বন্দৰ যেনে চেন্নাই, বিশাখাপট্টনম কিম্বা কলকাতা আদিৰ প্ৰত্যক্ষ যোগাযোগে আমাৰ পৰস্পৰৰ অৰ্থনৈতিক সহযোগিতাৰ পৰিসৰ বহু পৰিমানে বদ্ধি কৰিব। এনেবোৰ অনুকূল কাৰকৰ পূৰ্ণ সুযোগ আমি নিশ্চয় গ্ৰহণ কৰা উচিত। আমি আমাৰ উপৰিপুৰুষৰ আৰ্হিৰেই ভৌগলিক ঘনিষ্ঠতাৰ সুযোগ গ্ৰহণ কৰা উচিত।

বন্ধুসকল, যিহেতু, পৰস্পৰৰ পৰিপূৰক হ’ব পৰাকৈ আমাৰ সামৰ্থ্য আছে, যিহেতু আমাৰ উমৈহতীয়া সাংস্কৃতিক ঐতিহ্য আছে, যিহেতু আমাৰ পৰস্পৰৰ প্ৰতি স্বাভাৱিক সদিচ্ছা আছে, সেয়ে আমি দুয়ো পক্ষই লাভান্বিত হ’ব পৰাকৈ আমাৰ বাণিজ্যিক সহযোগিতাৰ যে পৰিসৰ বৃদ্ধি কৰিব পাৰিম তাত মোৰ কোনো সন্দেহ নাই। মই এষাৰ বাক্য কৈয়ে মোৰ বক্তব্যৰ সামৰণি মাৰিব খুজিছোঃ বিনিয়োগ আৰু সুচল বাণিজ্যৰ বাবে ভাৰতলৈ আহক। উদ্ভাৱন আৰু নৱ-নিৰ্মাণৰ বাবে ভাৰতলৈ আহক। যদি পৰ্যটনৰ উত্তম স্থান পৰিদৰ্শন আৰু আলহ-উদহ কামনা কৰে তেন্তে ভাৰতলৈ আহক। ভাৰতে দুবাহু মেলি আপোনালোকক আদৰিবলৈ অপেক্ষা কৰি আছে।

ধন্যবাদ।

‘খোব খুন খ্ৰপ’।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s passenger vehicle sales jump 35% to 4.5 lakh in August as Maruti, M&M drive growth

Media Coverage

India’s passenger vehicle sales jump 35% to 4.5 lakh in August as Maruti, M&M drive growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the virtues of instilling fearlessness and saving lives
September 02, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the virtues of instilling fearlessness and saving lives.

The Prime Minister wrote on X;

"अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥"

Whoever takes away people's fear receives great blessings, and in all three worlds, there is no greater gift than saving a life.