Share
 
Comments

মাননীয় সভাপতি মহোদয়,

সমগ্ৰ পৃথিৱীয়েই সম্প্ৰতি বহু প্ৰত্যাহ্বানৰ মাজেৰ দিন অতিবাহিত কৰিবলগীয়া হৈছে। মানৱ সমাজে ইমান এক জটিল সময় অতিবাহিত কৰিব লাগিব বুলি হয়তো কোনোৱেই ভাবিবই পৰা নাছিল। এনেবোৰ প্ৰত্যাহ্বানৰ মাজতে সংসদৰ উভয় সদনক সম্বোধন কৰি আমাৰ ৰাষ্ট্ৰপতি মহোদয়ে প্ৰদান কৰা ভাষণে এই প্ৰত্যহ্বানৰ মজতো দশকটোৰ আৰম্ভণীত নতুন আশা, উত্সাহ আৰু আত্মবিশ্বাসৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰপতি মহোদয়ৰ ভাষণে এইটো দশকত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দিশত আগবাঢ়ি যোৱাৰ বাবে পথৰ সন্ধান দিছে।

মাননীয় সভাপতি মহোদয়,

ৰাষ্ট্ৰপতি মহোদয়ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি মই আপোনালোকৰ মাজত থিয় দিছো। ৰাজ্যসভাত বিগত ১৩-১৪ ঘণ্টা ধৰি চলা আলোচনাত সন্মানীয় সদস্যসকলে বিভিন্ন প্ৰসংগত তেওঁলোকৰ মহা মূল্যবান পৰামৰ্শ আগবঢ়াইছে। এই আলোচনাক সমৃদ্ধ কৰা প্ৰতিগৰাকী সন্মানীয় সদস্যলৈও মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। অৱশ্যে, ৰাষ্ট্ৰপতি মহোদয়ে দিয়া ভাষণ সকলোৱে শুনাহেতেন নিশ্চয় ভাল কথা হ’লহেতেন। ইয়ে গণতন্ত্ৰক আৰু অধিক মৰ্যাদা প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰপতি মহোদয়েনো কি ক’লে সেয়া নুশুনাৰ বাবে আক্ষেপ প্ৰকাশ কৰিবলগীয়াও নহ’লহেতেন। পিচে, ৰাষ্টৰপতি মহোদয়ৰ বক্তব্যৰ জোৰ ইমানেই আছিল যে তেওঁৰ ভাষণ নুশুনাৰ পিচতো তেওঁলোকে ইমানখিনি কথা কোৱাৰ অৱকাশ লাভ কৰিলে। ভাষণটোৰ সামৰ্থ্য, শক্তি আৰু সাব্যস্ত কৰা আদৰ্শৰ বাবেই ই সকলো স্থানলৈকে বিস্তাৰিত হ’ল। আৰু সেয়ে, ভাষণটো বহু দিশৰে মূল্যবান বুলি বিশ্বাস কৰিছো।

মাননীয় সভাপতি মহোদয়,

বহু প্ৰত্যাহ্বানৰ মজতে এইটো দশকৰ প্ৰাৰম্ভণিতে ৰাষ্ট্ৰপতি মহোদয়ে প্ৰদান কৰা এইটো প্ৰথম ভাষণ বুলি মই ইয়াক অভিহিত কৰিব খুজিছো। পিচে, এই কথাও সত্য যে, আমি যেতিয়া পৃথিৱীখনলৈ চাও, আমাৰ ভাৰতৰ যুৱ-প্ৰজন্মলৈ চকু দিও দেখিবলৈ পাও যে আজিৰ ভাৰতখন প্ৰকৃতাৰ্থতে সম্ভাৱনাৰে পূৰ্ণ এক দেশ হিচাপে উজলি উঠিছে। বহু সুযোগে আমাৰ সকলোৰে বাবে অপেক্ষা কৰি থকা আমি দেখিবলৈ পাইছো। আৰু সেয়ে, যুৱ-দেশখনে, প্ৰচণ্ড উত্সাহ-উদ্দীপণা আৰু সপোন সাকাৰ কৰাৰ প্ৰয়াসৰে এইবোৰ সুযোগ অথলে নিনিয়াৰ বাবে পণ গ্ৰহণ কৰিবই। আমি আমাৰ স্বাধীনতাৰ ৭৫সংখ্যক জয়ন্তী উদযাপনৰো সুযোগ লাভ কৰিছো। আক্ষৰিক অৰ্থতে ইয়ো এক অনুপ্ৰেৰণা দিব পৰা সুযোগেই। আই ভাৰতীৰ সন্তান হিচাপে আমি য’তেই নাথাকো কিয়, স্বাধীনতাৰ ৭৫সংখ্যক জয়ন্তী আমাৰ সকলোৰে বাবেই এক উত্সাহ-উদ্দীপণা আৰু অনুপ্ৰেৰণাৰ মহোত্সৱ হৈ উঠিবই। অনাগত সময়ৰ বাবে আৰু ২০৪৭ চনত আমি যেতিয়া স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিমগৈ তেতিয়ালৈ আমি আমাৰ দেশক কিমানখিনিলৈকে আগুৱাই নিব বিচাৰিম, দেশক যে ইয়াৰ বাবে সাজু কৰি তুলিম, ই তাৰো প্ৰেৰণা হ’ব। আজি সমগ্ৰ পৃথিৱীয়েই ভাৰতলৈ বহু আশাৰে চাবলৈ ধৰিছে, ভাৰতক লৈ বহুতে প্ৰত্যাশা কৰিবলৈ লৈছে আৰু ভাৰতে আশা কৰাৰ দৰেই আগবাঢ়িব পাৰিলে পৃথিৱীয়ে সন্মুখীন হৈ অহা বহু সমস্যা সমাধান কৰিব পৰা যাব বুলিও বহুতে বিশ্বাস কৰিবলৈ লৈছে। আজিৰ পৃথিৱীখনত ভাৰতৰ প্ৰতি এনে বিশ্বাস প্ৰগাঢ় হোৱা পৰিলক্ষিত হৈছে।

মাননীয় সভাপতি মহোদয়,

মই সুযোগৰ কথা ক’বলৈ যাওতে কবি মৈথিলী চৰণ গুপ্তৰ এটি কবিতাৰ পংক্তি আওৰাব বিচাৰিম:

“অৱসৰ তেৰে লিয়ে খড়া হে,

ফিৰ ভী তু চুপচাপ পড়া হে।

তেৰে কৰ্মক্ষেত্ৰ বড়া হে

পল পল আনমোল, অ’ৰে ভাৰত উঠ, আঁখে খোল”।।

 

অৰ্থাত্, “সুযোগে তোৰ বাবে অপেক্ষা কৰি আছে

তথাপি তই মনে মনে পৰি আছ।

তোৰ কৰ্মক্ষেত্ৰ বহুত বিশাল

প্ৰতিটো মুহূৰ্তই মহা মূল্যবান

হে’ ভাৰত! শোৱাৰ পৰা উঠ, দুচকু মেল”।।

 

এই পংক্তি লিখিছিল মৈথিলী চৰণ গুপ্ত জীয়ে। পিচে, আজি যদি তেওঁ এই কবিতাফাঁকি লিখিলেহেতেন, একৈশ শতিকাৰ এই প্ৰাৰম্ভণী কালত, তেওঁ হয়তো লিখিলেহেতেন, মই ভাবিছো তেওঁ লিখিলেহেতেন:

“অৱসৰ তেৰে লিয়ে খড়া হে,

তু আত্মবিশ্বাস চে ভড়া পড়া হে।

হৰ বাধা, হৰ বন্দিশ কো তোড়,

অ’ৰে ভাৰত, আত্মনিৰ্ভৰতা কে পথ পৰ দৌড়”।।

 

অৰ্থাত্,

“সুযোগে তোৰ বাবে অপেক্ষা কৰি আছে

তই আত্মবিশ্বাসৰে পূৰ্ণ হৈ আছ।

সকলো বাধা, সকলো বিপত্তিকো নেওচি

হে’ ভাৰত! আত্মনিৰ্ভৰতাৰ পথেৰে দৌৰ”।।

মাননীয় সভাপতি মহোদয়.

সমগ্ৰ পৃথিৱী জুৰি ক’ৰোনাই সৃষ্টি কৰা প্ৰেক্ষাপটটোত কাৰোবাক সহায় কৰাটো আক্ষৰিক অৰ্থতে অসম্ভৱ কথা হৈ উঠিছিল। এখন দেশে আন এখন দেশক সহায় কৰিব নোৱাৰা হৈছিল। এখন ৰাজ্যই আন এখন ৰাজ্যক সহায় কৰিব পৰা নাছিল, আনকি পৰিয়ালৰ সদস্যসকলেও এজনে আনজনক সহায়ৰ হাত আগবঢ়াব পৰা নাছিল, ক’ৰোনাৰ প্ৰাদুৰ্ভাৱত তেনে এক পৰিস্থিতিৰেই সৃষ্টি হৈছিল। ইয়াৰ মাজতো পৃথিৱীয়ে কিন্তু ভাৰতক লৈ বহু ধাৰণাই পোষণ কৰিবলৈ লৈছিল। বহুতে ভাবিছিল ক’ৰোনা মহামাৰীৰ তাণ্ডৱৰ মাজত ভাৰতে যদি নিজকে চম্ভালিব নোৱাৰে, তেন্তে ই কেৱল ভাৰতৰ বাবেই সংকট হৈ নুঠিব, বৰং ই সমগ্ৰ মানৱ জাতিৰ বাবেই মহা সংকট হিচাপে পৰিগণিত হ’ব। কোটি কোটি লোক একাষাৰীয়া হ’ব লাগিব, লক্ষ লক্ষ লোকে প্ৰাণ হেৰুৱাব। কেৱল এয়াই নহয় আমি বহুবোৰ কথাৰ বাবেও ভীত-সন্ত্ৰস্ত হ’বলগীয়া হৈছিল। এয়া কিয় হৈছিল, সেয়া আমাৰ প্ৰশ্ন নাছিল, কাৰণ এটা অজানা শত্ৰুয়েনো কি কৰিব পাৰে তাৰ কোনো ধাৰণাই কোনেও কৰিব পৰা নাছিল। প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ ধৰণে কেৱল ধাৰণা প্ৰকট কৰি গৈছিল। এই পৰিস্থিতি চম্ভালিবলৈ, অদেখা-অজানা শত্ৰুৰ পৰা নাগৰিকসকলক সুৰক্ষিত ৰাখিবলৈ ভাৰত কোনো বিধি-ব্যৱস্থাৰ বিষয়ে অৱগত নাছিল।

নতুন পথৰে নতুন দৃষ্টিভংগী গ্ৰহণ কৰি সকলোৱে আগবাঢ়িবলগীয়া হৈছিল। কিছুসংখ্যক বিশেষজ্ঞ তথা যোগ্য ব্যক্তিৰ হয়তো কিছু ধাৰণা আছিল, কিন্তু আচল কথাটো হ’ল ই এটা সম্পূৰ্ণ ৰূপে অদেখা-অজানা শত্ৰু আছিল। আৰু আমি আমাৰ মানুহক সুৰক্ষা দিবলৈকে নিজেই ইয়াৰ বাবে পথৰ সন্ধান কৰিবলীয়াত পৰিছিলো। সেই সময়ত ঈশ্বৰে এইখন দেশক যি জ্ঞান, যি শক্তি আৰু সম্ভাৱনীয়তা প্ৰদান কৰিছিল, তাকে সাৰোগত কৰিয়েই দেশে সকলোকে সংকটৰ পৰা মুক্ত কৰিবলৈ সবাটোকৈ উত্তমখিনি কৰাৰ প্ৰয়াস কৰিছিল। আৰু মানৱ জাতিক সংকটমুক্ত কৰাৰ ক্ষেত্ৰত ভাৰতে সঁচাকৈয়ে এক অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখি এতিয়া সমগ্ৰ পৃথিৱীয়েই গৌৰৱ বোধ কৰিছে। এইখন যুদ্ধত বিজয় সাব্যস্ত কৰাৰ শ্ৰেয় কেতিয়াও চৰকাৰৰ নহয়, অথবা কোনো ব্যক্তিয়েও ইয়াক দাবী কৰিব নোৱাৰে, বৰং ইয়াৰ সম্পূৰ্ণ হকদাৰ হ’ল স্বয়ং ভাৰত। এই কথাত গৌৰৱ অনুভৱ কৰিলে বাৰু কাৰোবাৰ কিবা ক্ষতি হ’বনে? কোনোবাই বাৰু কিয় পৃথিৱীৰ সন্মুখত আত্ম-বিশ্বাসৰে ক’ব নোৱাৰিব? এইখন দেশে এয়া কৰি দেখুৱালে! দুখীয়াৰো দুখীয়াজনে এয়া সম্ভৱ কৰি দেখুৱালে। আপোনালোকে চাগৈ সামাজিক মাধ্যমত সেই সময়ত এগৰাকী বৃদ্ধা মাতৃয়ে পদপথৰ দাঁতিত থকা এটা জুপুৰীৰ সন্মুখত এগছি বন্তি জ্বলাই ভাৰতৰ মংগল কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা দৃশ্য দেখিবলৈ পাইছিল। আৰু, আমি তেতিয়া এই ঘটনাক লৈ মজা কৰিছিলো! সেইগৰাকী মাতৃৰ অনুভৱক তাচ্ছিল্য কৰিছিলো আমি! আনকি জীৱনত স্কুলৰ মুখ নেদেখাজনেও দেশৰ কুশল কামনা কৰি চাকি জ্বলাইছিল। সেয়াই আছিল দেশৰ প্ৰতি থকা অন্তৰৰ অভিব্যক্তি। তেওঁ দেশত সংঘবদ্ধ শক্তিক উজ্জীৱিত কৰিছিল, তেওঁৰ সামৰ্থ্য তথা সম্ভাৱনীয়তা সব্যস্ত কৰিছিল। আৰু তেওঁকো উপহাস কৰা হৈছিল! নিশ্চয় বহু প্ৰসংগ আছে, যাক হয়তো বিৰোধিতা কৰাৰ প্ৰয়োজন আছে, আৰু তাৰ বিৰোধিতা হৈছেও। পিচে, যিবোৰ প্ৰসংগই দেশৰ মনোবলকে ধ্বংস কৰিব পাৰে, যিয়ে দেশৰ সম্ভাৱনীয়তাকে নিঃশেষ কৰিব পাৰে তেনেবোৰ প্ৰসংগত জড়িত নোহোৱাই শ্ৰেয়, কাৰণ ই কাকো লাভান্বিত নকৰে।

সৰ্বত্ৰ যেতিয়া সন্ত্ৰাসে ঘেৰি ধৰিছিল আপোনালোকে বাৰু কল্পনা কৰিব পাৰিবনে, আমাৰ ক’ৰোনা-যোদ্ধাসকলে আৰু আগশাৰীত থাকি সেৱা আগবঢ়োৱা কৰ্মীসকলে তেওঁলোকৰ কৰ্তব্য আৰু দায়বদ্ধতা নিৰ্ভয়ে নিৰ্বহণ কৰিছিল। এয়া কেতিয়াও সৰু কথা হ’ব নোৱাৰে, আমি এই কথাক লৈ নিশ্চয় গৌৰৱ কৰা উচিত আৰু তেওঁলোকক সন্মানিত কৰা উচিত। আৰু, তেওঁলকৰ প্ৰয়াসৰ সুবাদতে দেশে সুফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল। এয়া সমালোচনাৰ বাবে নহয়, কিন্ত আমি যদি আগলৈ যাও, আমি তেন্তে সেই পৰিস্থিতিত বাস কৰিব লাগিব। সৰুআইৰ কথা ক’লেই ভয়ৰ উদ্ভৱ হোৱা এক পৰিৱেশ আছিল। পলিঅ’ কিমান ভয়াবহ আছিল, প্ৰতিষেধকৰ বাবে কেনে পদক্ষেপ গ্ৰহণ কৰা হৈছিল? তেতিয়া কেনে জটিল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল! এই প্ৰতিষেধক কেতিয়া ওলাব, কিমান পৰিমাণে উপলব্ধ হ’ব, কেনেকৈ ইয়াক উপলব্ধ কৰোৱা হ’ব, কিমান পালি প্ৰতিষেধক ল’ব লাগিব, আমি সেইবোৰ দিন দেখিছিলো। তেনে এক পৰিস্থিতিত, আপোনালোকে যদি সেইবোৰ দিনৰ কথা মনত পেলাই, আপোনালোকে দেখিব, যিবোৰ দেশক তৃতীয় বিশ্বৰ দেশ বুলি তালিকাভুক্ত কৰা হয় তেনেবোৰ দেশেই মানৱ জাতিৰ কল্যাণৰ বাবে প্ৰতিষেধক আগবঢ়াইছিল। অতিকে কম সময়তে আমাৰ বিজ্ঞানীসকলেও অভিযানৰ ৰূপত নিজকে ব্ৰতী কৰি ভাৰতৰ অৱদানক মানৱ-কল্যাণৰ এক গৌৰৱোজ্জ্বল পৰিঘটনাৰ অংশীদাৰ কৰিলে। আমি ইয়াক লৈ গৌৰৱ কৰা উচিত আৰু এয়া আমাৰ আত্মনিৰ্ভৰশীলতাৰ বাবেও অনুপ্ৰেৰণাৰ উত্স হোৱা উচিত। দেশত অব্যাহত থকা বিশ্বৰ সৰ্ববৃহত্ টীকাকৰণ অভিযান এটাক সফলতাৰে পৰিচালনা কৰাক লৈয়ো আমাৰ দেশে নিশ্চয় গৌৰৱ কৰিব পাৰে। আজি যদি পৃথিৱীত এক দ্ৰুত প্ৰতিষেধক প্ৰদান কৰ্যসূচী সম্ভৱ হৈছে, এয়া ভাৰতত সম্ভৱ হৈছে, যি আমাৰ সকলোৰে মাতৃ। আৰু ভাৰতৰ সম্ভাৱনীয়তা ক’লৈ সম্প্ৰসাৰিত হোৱা নাই বাৰু!

আজি ক’ৰোনাই ভাৰতক পৃথিৱীৰ সৈতে সম্পৰ্কৰ এক নতুন অৰ্থ প্ৰদান কৰিছে। প্ৰাথমিক পৰ্যায়ত যেতিয়া কি ঔষধেনো দৰাচলতে কাম কৰিব সেই কথা কোনেও নাজানোতে আৰু কোনো প্ৰতিষেধক নাথাকোতে ভাৰতীয় ঔষধৰ প্ৰতি পৃথিৱীৰ দৃষ্টি আকৰ্ষিত হৈছিল। ঘটনাক্ৰমে, ‘পৃথিৱীৰ ফাৰ্মাচী’ৰ ৰূপত ভাৰতে ভূমিকা পালন কৰিবলৈ ধৰিছিল। এইখিনি সময়ত পৃথিৱীৰ ১৫০খন দেশলৈ ঔষধৰ যোগান ধৰিছিল আমাৰ দেশে। মানৱজাতিক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও পিচ ভৰি দিয়া নাই। কেৱল সেয়াই নহয়. পৃথিৱীয়েও গৌৰৱৰে স্বীকাৰ কৰিছিল যে তেওঁলোকে ভাৰতীয় ঔষধ গ্ৰহণ কৰিছে। আমি জানো যে যেতিয়াই কোনো ধনাৰ্ঢ্য ব্যক্তিয়ে পৃথিৱীৰ কোনো নামজ্বলা হাস্পটালত কোনো গুৰু অস্ত্ৰোপচাৰৰ বাবে প্ৰৱেশ কৰে, তেওঁলোকে অস্ত্ৰোপচাৰ কক্ষত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতেই এগৰাকী ভাৰতীয় চিকিত্সকৰ উপস্থিত কামনা কৰে। যেতিয়া সংশ্লিষ্ট চিকিত্সকৰ গোটত কোনো এগৰাকী ভাৰতীয় চিকিত্সক থকা বুলি গম পায় তেওঁ আশ্বস্ত হোৱা দেখা যায়। এনে এক আস্থাই আজি দেশে অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই পৰিস্থিতিক লৈ আমি দৰাচলতেই গৌৰৱ কৰা উচিত। আৰু সেয়ে, আমি এই গৌৰৱ-গাঁথাক সাৰোগত কৰি আগবাঢ়ি যোৱা উচিত।

কটৰোনাৰ সময়ত ভাৰতে যেনেকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক অনন্য পৰিচিতি গঢ়ি তুলিবলৈ সক্ষম হৈছিল, ঠিক তেনেকৈয়ে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মহত্বও প্ৰদৰ্শিত কৰিবলৈ সক্ষম হৈছিল। আমি কেনেকৈ সংকটৰ সময়ত সকলোৱে মাৰ বান্ধি যুঁজিব পাৰো আৰু লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত আমাৰ সকলো সামৰ্থ্যকে কেন্দ্ৰীভূত কৰিব পাৰো, সেয়াও প্ৰদৰ্শন কৰিলো। সেয়াইতো আমাৰ অন্তৰ্নিহিত শক্তিৰ আধাৰ! মই সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয়তাবাদক শক্তিশালী কৰা ৰাজ্যসমূহক এই সদনৰ পৰা অভিনন্দন জনাব বিচাৰিছো, কিয়নো সদনত ৰাজ্যসমূহৰো নিজৰ এক সুকীয়া অৱস্থিতি থাকে। ক’ৰোনাৰ সংকটকালত সকলো ৰাজ্যই এটা মহা সংকটক সুযোগলৈ ৰূপান্তৰিত কৰাৰ বাবে একত্ৰিত ভাবে কামত ব্ৰতী হৈছিল। ইয়াৰ বাবে সকলোৱেই প্ৰশংসা পোৱাটো বাঞ্চনীয়।

গণতন্ত্ৰ সন্দৰ্ভত বহু প্ৰবচনেই শুনোৱা হৈছে। বহু কথাই কোৱা হৈছে। পিচে, দেশৰ কোনো এগৰাকী নাগৰিকেই সেইবোৰ কথা বিশ্বাস কৰিব বুলি মোৰ মনে নধৰে। ভাৰতৰ গণতন্ত্ৰ এনেকৈ বিভাজিত কৰিব খুজিলেই কৰিব পৰা বিধৰ নহয়। আমি তেনে ভুল কৰা উচিত নহ’ব। মই মিষ্টাৰ ডেৰেকৰ ভাষণ শুনি আছিলো, তেওঁ ‘ফ্ৰীডম অব স্পীচ্ছ’, ‘ইণ্টিমিডেশ্যন’, ‘হাউণ্ডিং’-ৰ দৰে অকৰ্ষণীয় শব্দাৱলী ব্যৱহাৰ কৰিছে। তেওঁৰ বক্তব্য শুনি থাকোতে এইবোৰ শব্দ তেওঁ বংগৰ পৰিস্থিতি বৰ্ণাবলৈ গৈ ব্যৱহাৰ কৰিছিল নে, দেশৰ পৰিস্থিতি বৰ্ণাবলৈ মই ঠিক ধৰিব পৰা নাছিলো। চৌবিশ ঘণ্টাই তেওঁৰ চৌপাশে দেখি অহা ঘটনাবোৰৰ বিষয়েই সম্ভৱতঃ ভুলতে তেওঁৰ মুখৰে ওলাই যোৱাটো নিতান্তই স্বাভাৱিক। কংগ্ৰেছৰ বাজৱা ডাঙৰীয়াইয়ো সমান দক্ষতাৰেই যিবোৰ কথা ক’লে, যেনেকৈ চোঁচা ল’লে, মইতো তেওঁ অচিৰেই ইমাৰ্জেন্সীৰ দিনবোৰলৈকে যাবগৈ বুলিহে ভাবিছিলো। এটা খোজহে বাকী থাকিল, মই ভাবিছিলো তেওঁ অনতি বিলম্বে ৮৪চনৰ বিষয়েও উল্লেখ কৰিব, পিচে সেয়া নকৰিলে। কংগ্ৰেছে সদায়ে দেশক হতাশ কৰিয়েই আহিছে, আৰু আপুনিও হতাশ কৰিলে।

সন্মানীয় সভাপতি মহোদয়,

মই সদনৰ আগত এটি উদ্ধৃতি দিব বিচাৰিছো আৰু, যিসকলে আমাৰ গণতন্ত্ৰক লৈ আৰু আমাৰ বুনিয়াদী শক্তিক লৈ সন্দেহ প্ৰকাশ কৰিছে, তেওঁলোকক উদ্ধৃতিটো ভালকৈ বুজি লোৱাৰ বাবে চেষ্টা কৰিবলৈ বিশেষ ভাবে অনুৰোধ জনাব খুজিছো। আমাৰ গণতন্ত্ৰ কোনো দিশৰ পৰাই পশ্চিমীয়া ব্যৱস্থা নহয়। এয়া এক মানৱ সৃষ্ট প্ৰতিষ্ঠানহে। ভাৰতৰ ইতিহাস গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ অলেখ উদাহৰণৰে পৰিপূৰ্ণ। প্ৰাচীন ভাৰতত থকা ৮১খন গণতন্ত্ৰৰ বৰ্ণনা আমি পাই আহিছো। ভাৰতৰ ৰাষ্ট্ৰীয়তাবাদৰ বিৰুদ্ধে হোৱা আক্ৰমণৰ বিষয়ে দেশবাসীক সজাগ কৰাৰ নিতান্তই প্ৰয়োজন আছে। ভাৰতৰ ৰাষ্ট্ৰীয়তাবাদ কেতিয়াও সংকীৰ্ণতো নাছিলেই, স্বাৰ্থপৰ কিম্বা আগ্ৰাসীও নাছিল। এই ৰাষ্ট্ৰীয়তাবাদ ‘সত্যম শিৱম সুন্দৰম’ৰ প্ৰমূল্যৰে উদ্বুদ্ধ আছিল।

মাননীয় সভাপতি মহোদয়,

এইষাৰ বাক্য উদ্ধৃত কৰিছো নেতাজী সুভাষ চন্দ্ৰ বসুৰ বক্তব্যৰ পৰা, আজাদ হিন্দ ফৌজৰ প্ৰথমখন চৰকাৰৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পৰা। আৰু, ঘটনাক্ৰমে, আমি এইবেলি তেওঁৰ ১২৫সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিছো। পিচে, দুৰ্ভাগ্যৰ কথা এয়ে যে, আমি অনৱধানতাবশতঃ নেতাজীয়ে পোষকতা কৰা মনোভাৱ, তেওঁৰ দৃষ্টিভংগী, তেওঁৰ আদৰ্শ সমূলি পাহৰি পেলালো। আৰু পৰিণতিত আমি আজি নিজকে নিজেই আতিশয্যৰ সন্মুখীন কৰাইছো। কেতিয়াবা, পৃথিৱীয়ে উচ্চাৰণ কৰা কেতবোৰ শব্দকে লৈ আমি পাক থকা দেখি মই আচৰিত হও। ভাৰতক যেতিয়া পৃথিৱীৰ ‘সৰ্ববৃহত্ গণতন্ত্ৰ’ বুলি অভিহিত কৰা হয় তেতিয়া শুনিবলৈ ভাল লাগে। হয়, ভাৰত ‘পৃথিৱীৰ সৰ্ববৃহত্ গণতান্ত্ৰিক দেশ’। পিচে, আমি ভাৰত যে সকলো গণতন্ত্ৰৰে মাতৃ সেই কথা আমাৰ যুৱ-প্ৰজন্মক কিন্তু নিশিকাও। হয়, ‘ভাৰত সকলো গণতন্ত্ৰৰে মাতৃ’। আমি কেৱল সৰ্ববৃহত্ গণতন্ত্ৰই নহয়, এইখন দেশ গণতন্ত্ৰৰ মাতৃও। আমি আমাৰ ভৱিষ্যত প্ৰজন্মক এই কথা শিকাব লাগিব আৰু আমি ইয়াক গৌৰৱ সহকাৰে ক’ব লাগিব কাৰণ আমাৰ পূৰ্ব-পুৰুষসকলে সেই মহান ঐতিহ্য আমাক প্ৰদান কৰি গৈছে। ভাৰতৰ শাসন ব্যৱস্থা গণতান্ত্ৰিক কাৰণেহে আমি গণতান্ত্ৰিক দেশ, সেই কথা কিন্তু নহয়। আমাৰ সামগ্ৰিক ব্যৱস্থাৱলীয়েই গণতান্ত্ৰিক, কাৰণ আমাৰ সংস্কৃতি, পৰম্পৰা, ভাৰতৰ মানসিকতাও গণতান্ত্ৰিক। সামগ্ৰিক ভাবেই আমি গণতান্ত্ৰিক। আৰু দেশে ইয়াৰ বাবে প্ৰয়াসো অব্যাহত ৰাখিছে।

জৰুৰী অৱস্থাৰ সেই দিনবোৰৰ কথা মনত পেলাওকচোন, ন্যায়পালিকাৰ কি অৱস্থা হৈছিল, সংবাদ মাধ্যম আৰু শাসনৰ! সকলোবোৰকে জে’ললৈ পৰ্যবসিত কৰা হৈছিল, পিচে, গণতন্ত্ৰৰ ৰঙেৰে ৰঞ্জিত হোৱা দেশৰ মানুহৰ ক্ষোভক কোনেও কাবু কৰিব পৰা নাছিল। যেতিয়াই সুযোগ লাভ কৰিলে তেতিয়াই তেওঁলোকে গণতন্ত্ৰক অনুপ্ৰাণিত কৰিলে। এয়াই ৰাইজ, আমাৰ সংস্কৃতি আৰু গণতন্ত্ৰিক প্ৰমূল্যৰ শক্তি। কেনখন চৰকাৰে ইয়াক জাপি দিছিল সেইটো আচল কথা নহয়। মই সেই কথা আলোচনা কৰিব খোজা নাই, নতুবা তেনে প্ৰসংগত সময় নষ্ট কৰিবলৈও মোক ইয়ালৈ পঠোৱা নাই। গণতান্ত্ৰিক প্ৰমূল্যৰ পক্ষত থিয় দি আমি আগুৱাই যাবই লাগিব। ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বিষয়েও আলোচনা চলি আছে। ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দিক দৰ্শন কৰি ধৰ্মেন্দ্ৰ প্ৰধান জীয়ে এক বিস্তৃত বিবৃতি ইতিমধ্যে প্ৰদান কৰিছেই। অৱশ্যে এটা কথা কিন্তু নিশ্চিত যে অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতে আজি নিজকে প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছে। পৃথিৱীৰ মানুহে আনকি ক’ৰোনাৰ সংকটৰ মাজতো বিনিয়োগৰ বাবে উথপ-থপ লগাইছিল। এতিয়া সকলো মুকলি হৈছে। অভিলেখ পৰিমানৰ বিনিয়োগ হোৱা দেশখনেই হৈছে ভাৰত। সকলো তথ্যই এটা কথা স্পষ্ট কৰিছে যে এই মুহূৰ্তত বহু দেশৰ অৰ্থনেতিক পৰিস্থিতি তথৈবচ হৈ পৰিছে, ইয়াৰ বিপৰীতে কিন্তু ভাৰতৰ ক্ষেত্ৰত দুটা সংখ্যাৰ উন্নয়ণৰহে পুৰ্বানুমান কৰা হৈছে। এফালে যদি নিৰাশাৰ বাতাবৰণে বিৰাজ কৰিছে, ভাৰতত কিন্তু আশাৰ কিৰণ উদ্ভাষিত হৈছে আৰু পৃথিৱীয়ে এই কথা স্বীকাৰ কৰিছে।

আজিৰ তাৰিখত ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত হোৱা সঞ্চয়ৰ পৰিমাণে অভিলেখ ৰচনা কৰিছে। আজি ভাৰতত অভিলেখ পৰিমাণে খাদ্য শস্যৰ উত্পাদন হৈছে। ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাৰে ভাৰত পৃথিৱীৰ দ্বিতীয় সৰ্বাধিক ইণ্টাৰনেট ব্যৱহাৰ কৰোতাৰ দেশ হিচাপে পৰিগণিত হৈছে। ভাৰতত আজি ‘ইউপিআই’-ৰে সম্পাদিত ‘ডিজিটেল’ লেন-দেনৰ পৰিমাণ প্ৰতিমাহে চাৰি লাখ কোটিৰো অধিক হৈছেগৈ। দুবছৰৰ আগতে এইটো সদনতে প্ৰদান কৰা ভাষণৰ কথা মনত পেলাওকচোন। ‘মানুহৰ হাতত ক’ত ইমানবোৰ মোবাইল আছে, মানুহে কেনেকৈ ডিজিটেলী লেন-দেন কৰিব পাৰিব’ বুলি তেতিয়া প্ৰশ্নৰ অৱতাৰণা কৰা হৈছিল। দেশৰ সামৰ্থ্যলৈ চাওকচোন। প্ৰতি মাহে ‘ডিজিটেল’ মাধ্যমেৰে সম্পন্ন হোৱা লেন-দেনৰ পৰিমণ চাৰিলাখ কোটি! মোবাইল ফোন উত্পাদক দেশ হিচাপে ভাৰত দ্বিতীয় সৰ্বাধিক মোবাইল নিৰ্মাণকাৰী দেশ। ভাৰতত অভিলেখ পৰিমাণৰ ‘ষ্টাৰ্টআপ’ আৰু ‘ইউনিকৰ্ণ’ প্ৰতিষ্ঠান আছে, যাক আজি পৃথিৱীয়ে উচ্চ প্ৰশংসা কৰিছে। আমাৰ যুৱ-প্ৰজন্মই এয়া সম্ভৱ কৰি তুলিছে। ‘নবীকৰণযোগ্য শক্তি উত্পাদন’ৰ ক্ষেত্ৰত আমি নিজকে পৃথিৱীৰ শীৰ্ষ পাঁচখন দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলা সক্ষম হৈছো আৰু আমি নিৰন্তৰ আমাৰ স্থিতি উন্নত কৰি আছো। জল, স্থল, আকাশ কিম্বা মহাকাশ যিয়েই নহওক কিয় সকলোতে ভাৰতে সামৰ্থ্যৰে নিজৰ স্থিতি প্ৰতিস্থা কৰিছে। পৃথিৱীয়ে ইতিমধ্যে ভাৰতৰ ‘ছাৰ্জিকেল’ আৰু ‘এয়াৰ ষ্টাইক’ৰ সামৰ্থ্য প্ৰত্যক্ষ কৰিছে।

মাননীয় সভাপতি মহোদয়,

২০১৪চনত মই যেতিয়া প্ৰথমবাৰৰ বাবে এই সদনৰ চৌহদত প্ৰৱেশ কৰিছিলোহি আৰু নেতা হিচাপে নিৰ্বাচিত হৈছিলো মোৰ প্ৰথমটো ভাষণত মই কৈছিলো যে মোৰ চৰকাৰ দুখীয়া-দৰিদ্ৰৰ প্ৰতি উত্সৰ্গিত হ’ব। দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ পিচতো আজি মই সেই কথাকে পুনৰবাৰ উচ্চাৰণ কৰিছো। আমি আমাৰ মত সলনি কৰা নাই, শিথিল কিম্বা দিশৰো সাল-সলনি কৰা নাই আৰু আমি একে উদ্দেশ্যকে আগত ৰাখি কাম কৰি গৈছো, কাৰণ আমি যে আগুৱাই যোৱাৰ বাবে দাৰিদ্ৰৰ পৰা মুক্তি পাবই লাগিব। আমি প্ৰয়াসৰ জোৰত আগুৱাই যাব লাগিব। আগতে যদি উদ্যোগ লোৱা হৈছিল, এতিয়া আৰু ৰৈ গ’লে নহ’ব, আমি সেই উদ্যোগক ফলপ্ৰসূ কৰাৰ বাবে আৰু অধিক প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। ‘স্বাচ্ছন্দ্যৰে জীৱন নিৰ্বাহ কৰা’ৰ বাবে বুনিয়াদী প্ৰয়োজনীয়তাখিনি নিশ্চিত কৰিব পাৰিলে আত্মবিশ্বাসৰ সৃষ্টি হ’ব আৰু এবাৰ যদি দুখীয়াসকল আত্মবিশ্বাসী হৈ উঠে, তেন্তে তেওঁলোকে দাৰিদ্ৰৰ বিৰুদ্ধে প্ৰত্যাহ্বান সৃষ্টিৰ বাবে শক্তি আহৰণ কৰিব পাৰিব আৰু তেওঁলোকে আনৰ সহায়ৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নালাগিব। এয়া মোৰ অভিজ্ঞতা। ১০কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণ কৰিব পাৰি মই আজি সুখী, ৪১কোটি মানুহৰ বেংক একাউণ্ট খোলা হ’ল, দুখীয়াৰ বাবে ২কোটিৰো অধিক গৃহ নিৰ্মাণ কৰা হ’ল, ৮কোটিৰো অধিক গেছৰ সংযোগ প্ৰদান কৰা হ’ল, দুখীয়াৰ জীৱনৰ বাবে পৰম সকাহৰ শক্তি হৈ উঠিছে ৫লাখ টকা পৰ্যন্ত বিনামূলীয় চিকিত্সাৰ সুবিধা। দুখীয়সকলৰ জীৱনৰ মান সলনি কৰি দিয়াৰ লগতে নতুনকৈ আত্মবিশ্বাস গঢ়িব পৰা এনে বহু কেইখন আঁচনি ইতিমধ্যে ৰূপায়ণৰ দিহা কৰা হৈছে।

মাননীয় সভাপতি মহোদয়,

প্ৰত্যাহ্বান নিশ্চয় আছে। আনকি পৃথিৱীৰ ধনবান দেশসমূহৰো প্ৰত্যাহ্বান আছে। অৱশ্যে তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু আমাৰ মাজত পাৰ্থক্য আছে। পিচে, কথাটো হ’ল আমি সমস্যাৰ অংশীদাৰ হ’মনে, সমাধানৰ অংশীদাৰ হ’ম সেই সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগিব। এই দুয়োটাৰে মাজত মাঁথো এডাল মিহি সীমাৰেখা থাকে। আমি যদি সমস্যাৰ অংশীদাৰ হও, তেন্তে ৰাজনীতি অব্যাহত থাকিব আৰু যদি সমাধানৰ অংশীদাৰ হও তেন্তে ইয়াৰ বুনিয়াদতে ৰাষ্ট্ৰীয় নীতিয়ে বিশাল প্ৰগতিৰ পথ প্ৰশস্থ কৰিব। আমি বৰ্তমানৰ কথা চিন্তা কৰাৰ লগতে অনাগত ভৱিষ্যতৰ প্ৰজন্মসমূহৰ কথা চিন্তা কৰাৰো দায়বদ্ধতা স্বীকাৰ কৰিব লাগিব। সমস্যা নিশ্চয় আছে, পিচে মই নিশ্চিত যে আমি সকলোৱে একেলগে কাম কৰিলে, আত্মবিশ্বাসৰে কামত ধৰিলে, আমি পৰিস্থিতি সলনিতো কৰিব পাৰিমেই লগতে মনে বিচৰাধৰণৰ পৰিণতিও আহৰণ কৰিব পাৰিম। এয়া মোৰ বিশ্বাস।

মাননীয় সভাপতি মহোদয়,

এই সদনত কৃষক আন্দোলন সন্দৰ্ভত বহু আলোচনা অনুষ্ঠিত হৈছে। সৰহখিনি আলোচনাই আন্দোলনক লৈয়ে অব্যাহত আছে। পিচে, এই আন্দোলনৰ নেপথ্যৰ কাৰণ সন্দৰ্ভত সকলোৱেই নিৰৱ ভূমিকাহে পালন কৰিছে। আন্দোলন কি আছিল, আৰু এতিয়া আন্দোলনৰ কি গতি হৈছে? এই সকলো কথাই অতিকে গুৰুত্বপূৰ্ণ, পিচে, বুনিয়াদী প্ৰসংগত আলোচনা হোৱাহেতেন খুবেই ভাল কথা হলহেতেন। আমাৰ সন্মানীয় কৃষি মন্ত্ৰী মহোদয়ে বহুবোৰ ভাল প্ৰশ্নৰ অৱতাৰণা কৰিছে, পিচে মই জানো আমি সেইবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা নকৰিম, তেওঁ কিন্তু বিষয়টো সুন্দৰ ভাবে উপস্থাপন কৰিছে। মই সমগ্ৰ আলোচনাটোক গাম্ভীয্য প্ৰদান কৰাৰ বাবে পৰম শ্ৰদ্ধাৰ দেৱেগৌড়া জীৰ প্ৰতি নিতান্তই কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু জীৱন জুৰি কৃষকৰ সেৱাত উত্সৰ্গিত মনোভাৱেৰে কাম কৰি যোৱা তেওঁৰ নেতৃত্বৰ চৰকাৰখনৰ ভাল প্ৰয়াসৰো শলাগ লৈছো। তেওঁ চৰকাৰৰ প্ৰয়াসৰ শলাগ লোৱাৰ লগতে ভাল পৰামৰ্শও আগবঢ়াইছে। মই অন্তৰৰ পৰা মননীয় দেৱেগৌড়া জীক ধন্যবাদ জনাইছো।

মাননীয় সভাপতি মহোদয়,

খেতি কৰাৰ ক্ষেত্ৰত বুনিয়াদী সমস্যাটো বাৰু কি? এই সমস্যাৰ মূল কি? আজি, মই ভুতপূৰ্ব প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং জীয়ে বিস্তৃত ভাবে উল্লেখ কৰি থৈ যোৱা ব্যখ্যা এটা উল্লেখ কৰিব বিচাৰিছো। চৌধুৰী চৰণ সিং জীৰ উত্তৰাধিকাৰীত্ব লাভ কৰা বুলি গৌৰৱ কৰাসকলে নিশ্চিত ভাবেই উদ্ধৃতিটো বুজিবলৈ চেষ্টা কৰিবচোন। তেওঁ প্ৰায়েই ১৯৭১চনত অনুষ্ঠিত কৃষি পিয়লৰ কথা উল্লেখ কৰিছিল। চৰণ সিং জীয়ে কোৱা কথাষাৰ হ’ল- “কৃষকসকলৰ পিয়লত লাভ কৰা তথ্য মতে দেশৰ ৩৩% কৃষকৰ দুবিঘা বা তাতোকৈয়ো কম পৰিসৰ ভূমিহে আছে। ১৮% কৃষকৰ আছে ২বিঘাৰ পৰা ৪বিঘা, অৰ্থাত্ আধা হেক্টৰ বা ১ হেক্টৰ মাটি। কৃষকসমাজৰ এই ৫১% জনসমষ্টিয়ে ইমান কম পৰিসৰৰ ভূমি লৈ যিমানেই কষ্ট নকৰক কিয় সততাৰে জীৱন নিৰ্বাহ কৰাটো তেওঁলোকৰ বাবে কিন্তু নিতান্তই দুৰূঢ় কথা হিচাপেই বিবেচিত হ’ব”। এই উদ্ধৃতি আছিল চৰণ সিং জীৰ।

ক্ষুদ্ৰ খেতিয়কসকলৰ দুৰৱস্থা দেখি চৰণ সিং জীয়ে সদায়ে বেদনা অনুভৱ কৰিছিল। তেওঁ এই কথা লৈ সদায়ে চিন্তা ব্যক্ত কৰিছিল। এতিয়া চাওকচোন কি ঘটিছে। ১৯৭১চনতে আধা হেক্টৰতকৈয়ো কম মাটি থকা কৃষকৰ সংখ্যা আছিল ৫১% আৰু সেই সংখ্যা এতিয়া ৬৮%লৈ বৃদ্ধি পালে। অৰ্থা্ত্ তেনেই কম পৰিসৰৰ মাটি থকা কৃষকৰ সংখ্যা বৃদ্ধি পাইছে। আমি যদি ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কৰ সংখ্যা যোগ কৰো, তেতিয়া ২ হেক্টৰতকৈ কম মাটি থকা খেতিয়কৰ শতাংশ হাৰ হ’বগৈ ৮৬%। অৰ্থাত্ খেতিয়কৰ সংখ্যা হবগৈ ১২কোটি। তেন্তে কি এই ১২ কোটি খেতিয়কৰ বাবে আমাৰ কোনো দায়বদ্ধতা নাই? এই ১২ কোটি খেতিয়কৰ বাবে দেশে কোনো দায়িত্ব গ্ৰহণ নকৰিব? এই ১২ কোটি খেতিয়কক আমি আমাৰ আঁচনিৰ কেন্দ্ৰবিন্দু কৰিম নে নকৰিম! এইবোৰ প্ৰশ্নৰ উত্তৰ চৰণ সিং জীয়ে আমাৰ বাবে কেতিয়াবাই দি থৈ গৈছে। চৌধুৰী চৰণ সিং জীৰ প্ৰতি প্ৰকাতাৰ্থতে আমি যদি শ্ৰদ্ধা নিবেদিব বিচাৰো তেন্তে আমি এই উত্তৰ বিচাৰিব পাৰিব লাগিব। আৰু সকলোৱেই এই ক্ষেত্ৰত অৰিহণা আগবঢ়াবই লাগিব।

ক্ষুদ্ৰ খেতিয়কসকলক লৈ আগৰ চকাৰসমূহৰ দিনত চিন্তা কৰা হৈছিল নে? মই এই কথা সমালোচনা কৰাৰ বাবে উল্লেখ কৰিব বিচৰা নাই, কিন্তু আমি চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে। নিৰ্বাচন আহিলেই ঋণ মাফৰ ঘোষণাৰ জোৱাৰ উঠে। এয়া নিশ্চয় কৃষকৰ কাৰ্যক্ৰম, পিচে, দৰাচলতে, এয়া কিন্তু ভোটৰ বাবে কৰা কাৰ্যক্ৰমহে, এই কথা সকলোৱেই ভালকৈয়ে জানেও। পিচে, যেতিয়া ঋণ মাফ কৰা হয় তেতিয়া কি্ন্তু ক্ষুদ্ৰ খেতিয়কসকল হতাশ হ’বলগীয়া হয়। তেওঁলোকে কিন্তু একোৱেই নাপায়। কাৰণ এনে ঘোষণাৰ জৰিয়তে বেংকৰ পৰা ঋণ লওতাসকলৰ ঋণহে মাফ কৰা হয়। ক্ষুদ্ৰ খেতিয়কসকলৰ আনকি বেংক একাউণ্ট এটাও নাথাকে, তেওঁ আক’ ক’ৰ পৰা ঋণ মাফৰ সুযোগ ল’ব পাৰিব! আমি নিশ্চয় ৰাজনীতি কৰিছিলো, কিন্তু ক্ষুদ্ৰ খেতিয়কসকলৰ বাবে একোৱেই কৰা নাছিলো। এক বা দুই একৰ মাটি থকা খেতিয়কৰ বেংক একাউণ্টেই নাছিল আৰু তেওঁলোকে ঋণ লোৱাই নাছিল আৰু তেওঁলোকে ঋণ মাফৰ সুবিধা পোৱাটোতো দূৰৰে কথা। সেইদৰেই, আগৰ ‘শস্য বীমা আঁচনি’সমূহ কেনে আছিল? এয়া আছিল এক ধৰণৰ বীমা, যাক বেংক গেৰাণ্টী হিচাপে ব্যৱহাৰ কৰা হৈছিল। আৰু এয়া ক্ষুদ্ৰ খেতিয়কৰ বাবে উপলব্ধ হোৱা নাছিল। বেংকৰ পৰা ঋণ লোৱাসকলৰ বাবেহে এই আঁচনি প্ৰযোজ্য হৈছিল। তেওঁলোককহে বীমাৰ সুবিধা দিয়া হৈছিল আৰু বেংকেও তেওঁলোকক ধনৰ নিশ্চয়তা প্ৰদান কৰিছিল।

আজি, দুই হেক্টৰতকৈ কম মাটি থকা কিমান খেতিয়ক আছে আৰু কিমানে বেংকৰ পৰা ঋণ গ্ৰহণ কৰিছে? আনকি ক্ষুদ্ৰ খেতিয়কসকলৰ বাবে জলসিঞ্চনৰ সুবিধাও উপলব্ধ হোৱা নাই। বৃহত্ খেতিয়কসকলে বিশাল পাম্প বহুৱাব পাৰে, নলী নাদ স্থাপন কৰিব পাৰে, বিদ্যুত শক্তি পাব পাৰে, তাকো বিনামূলীয়াকৈ। ক্ষুদ্ৰ খেতিয়কসকলৰ বাবে জলসিঞ্চনো সমস্যা হৈ ৰৈছিল। তেওঁলোকে নলী নাদ স্থাপন কৰিব নোৱাৰিছিল। বহু সময়ত তেওঁলোকে বৃহত্ খেতিয়কৰ পৰা পানী কিনিবওলগীয়া হৈছিল। ডাঙৰ খেতিয়কসকলে ইউৰিয়া লাভৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নহৈছিল। ক্ষুদ্ৰ খেতিয়কসকলে ইউৰীয়াৰ বাবে নিশাৰে পৰা শাৰী পাতি থাকিবলগীয়া হৈছিল। বহুসময়ত তেওঁলোকে শুদা হাতেই ঘৰলৈ উভতিবওলগীয়া হৈছিল। সৰু সৰু খেতিয়কসকলৰ সমস্যাৰ কথা আমি জানো। ২০১৪চনৰ পিচত আমি কেতবোৰ পৰিৱৰ্তন কৰিছিলো। ক্ষুদ্ৰ খেতিয়কসকলকো সামৰি ল’ব পৰাকৈ আমি ‘শস্য বীমা আঁচনি’ৰ পৰিসৰ সম্প্ৰসাৰিত কৰিলো। একেবাৰে সৰু পুঁজিৰেই আমি আৰম্ভণী কৰিছিলো আৰু যোৱা ৪-৫বছৰত, খেতিয়কসকলে ‘শস্য বীমা আঁচনি’ৰ অধীনত ৯০,০০০কোটি টকাৰ দাবী মঞ্জুৰী লাভ কৰিবলৈ সক্ষম হৈছে। এই পুঁজিৰ পৰিমান ‘ঋণ মাফ আঁচনি’ৰ পৰিমানতকৈ বহুতেই বেছি।

এতিয়া, ‘কিষাণ ঋণ পত্ৰ’লৈকে চাওকচোন। খেতিয়কসকলৰ বাবে আগতেও ঋণ পত্ৰ আছিল, পিচে এয়া ডাঙৰ ডাঙৰ খেতিয়কসকলৰ বাবেহে আছিল আৰু যিসকলে অতি কম সুদত বেংকৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰে। কিছুমান ৰাজ্যত, তেওঁলোকে আনকি শূণ্য শতাংশ সুদতো ঋণ ল’ব পাৰিছিল। তেওঁলোকে এই ধন আন প্ৰতিষ্ঠানত বিনিয়োগ কৰিছিল। পিচে, এনে সুবিধা সৰু খেতিয়কসকলৰ ভাগ্যত নাছিল। তেতিয়াই আমি দেশৰ সকলো খেতিয়ককে ঋণপত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। কেৱল সেয়াই নহয়, এই পত্ৰৰ সুবিধা যাতে মাচুৱৈসকলেও ল’ব পাৰে তাৰ বাবে আমি ইয়াক মাচুৱৈসকললৈকো সম্প্ৰসাৰিত কৰিলো। ১.৭৫ কোটিৰো অধিক খেতিয়কে আজি ‘কিষাণ ঋণ পত্ৰ’ৰ সুবিধা গ্ৰহণ কৰিছে। এই আঁচনিৰ ধন ৰাশি খেতিয়কসকলৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষ ভাবে প্ৰেৰণৰ দিহা কৰা হয়। কেতিয়াও কোনো সহায় নোপোৱা খেতিয়কেও এতিয়া নিৰাপত্তা লাভ কৰিব পাৰিছে। দেশৰ ১০কোটি কৃষক পৰিয়ালে আজি ইয়াৰ সুফল লাভ কৰিব পাৰিছে।

যদি বংগত ৰাজনীতিয়ে বাট আগচি নধৰে, যদি বংগৰ খেতিয়কসকলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিলেহেতেন, এই সংখ্যা চাগৈ ইয়াতকৈয়ো অধিক হ’লহেতেন আৰু এই পৰ্যন্ত ১,১৫,০০০কোটি টকা পৰিমাণৰ পুঁজি ক্ষুদ্ৰ খেতিয়কৰ বেংক একাউণ্টত জমা হৈছেগৈ। আমাৰ সকলো আঁচনিৰ কেন্দ্ৰবিন্দু হ’ল ‘ভূমি স্বাস্থ্য পত্ৰ’। আমি ‘ভূমি স্বাস্থ্য পত্ৰ’ ১০০শতাংশ খেতিয়কৰ বাবে প্ৰদানৰ কথা কৈছো। ইয়াৰ দ্বাৰা সৰু সৰু খেতিয়কসকলে কোনডোখৰ মাটিত কি খেতি কৰিলে অধিক লাভবান হব পাৰিব সেয়া নিৰ্ণয় কৰাৰ সুবিধা লাভ কৰিব পাৰিব। আমি ১০০শতাংশ ভূমি স্বাস্থ্য পত্ৰৰ বাবে কাম কৰিছিলো। সেইদৰে, আম ১০০নীমকোটেড ইউৰীয়াৰ যোগান ধৰিছো। ১০০শতাংশ কৰাৰ অৰ্থই হ’ল যাতে দুখীয়াৰো দুখীয়া খেতিয়কজনেও ইউৰীয়া লাভ কৰিব পাৰে সেই কথা নিশ্চিত কৰিবলৈকে এনে ব্যৱস্থা কৰা হৈছে। সেইদৰে, আমি ক্ষুদ্ৰ আৰু উপান্ত খেতিয়সকলৰ বাবে পেন্সন আঁচনি ৰূপায়ণ কৰিছো। এতিয়া, আমাৰ সৰু সৰু খেতিয়কসকলো এই আঁচনিৰ অংশীদাৰ হৈ উঠিছে। একেদৰে, ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ কেৱল বাট-পথতে সীমাবদ্ধ হৈ থকা নাই, বৰং, ই দেশৰ খেতিয়কসকলৰ ভাগ্য সলনি কৰাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ এক আঁচনি হিচাপে পৰিগণিত হৈছে, আৰু আমি এই কথাটোতে বিশেষ গুৰুত্ব আৰোপ কৰিছো। এই প্ৰথম বাৰৰ বাবে আমি ‘কিষাণ ৰে’ল’ৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। সৰু খেতিয়কসকলে তেওঁলোকৰ উত্পাদিত ফচলসমূহ বিক্ৰী কৰাৰ ক্ষেত্ৰত সম্স্যাৰ সন্মুখীন হৈ আহিছিল। আজি কোনোবা গাঁৱৰ খেতিয়ক এজনেও তেওঁৰ উত্পাদিত ফচল, ফল-মূল, শাক-পাচলি আদি মুম্বাইৰ দৰে মহানগৰীৰ বজাৰত বিক্ৰী কৰিব পাৰে এই ‘কিষাণ ৰে’ল’ৰ সুবাদত। ক্ষুদ্ৰ খেতিয়কসকলো লাভান্বিত হৈছে। ‘কিষাণ উড়ান যোজনা’—আগতে আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ খেতিয়কসকলে পৰিবহণ ব্যৱস্থাৰ অনুপস্থিতিৰ বাবে তেওঁলোকৰ উত্তম উত্পাদনসমূহ বিক্ৰীৰ বাবে সুযোগ গ্ৰহণ কৰিব পৰা নাছিল। আজি তেওঁলোকে ‘কিষাণ উড়ান যোজনা’-ৰ লাভ আদায় কৰিব পৰা হৈছে। ক্ষুদ্ৰ খেতিয়কসকলে পাই অহা অসুবিধাসমূহৰ সৈতে সকলোৱেই পৰিচিত...সময়ে সময়ে তেওঁলোকৰ সবলীকৰণৰ দাবী উথ্থাপনো হৈ আহিছে।

আমাৰ সন্মানীয় শাৰদ পৱাৰ জী আৰু কংগ্ৰেছৰ প্ৰতিগৰাকী সদস্য...প্ৰতিখন চৰকাৰেই কৃষি সংস্কাৰৰ বাবে ওকালতি কৰি আহিছে। সংস্কাৰ সাধনৰ কথা প্ৰত্যেকেই কৈছে। এয়া যে আজিহে সম্পাদিত হ’ল এনে কথা নিশ্চয় নহয়, আগৰ চৰকাৰৰ দিনতো এয়া হৈছিল। শাৰদ পৱাৰ জীয়ে এটি বিবৃতিও দিছিল যে তেঁৱো সংস্কাৰৰ পক্ষত আছে। মানি লৈছো, তেওঁ প্ৰক্ৰিয়া সন্দৰ্ভত নিশ্চয় প্ৰশ্ন কৰিব পাৰে, কিন্তু তেওঁ কেতিয়াও সংস্কাৰক লৈ প্ৰশ্নৰ অৱতাৰণা কৰা নাই। শ্ৰী সিন্ধীয়া জীয়ে এই কেইখন আইনৰ বিভিন্ন দিশ সংক্ষেপতে উল্লেখ কৰিছে। যোৱা দুটা দশক জুৰি এই বিষয়ৰ আলোচনা অব্যাহত আছিল। আমাৰ চৰকাৰ গঠন হোৱাৰ পিচতহে কিন্তু এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিল। সকলোৱে কৈছিল যে সময় আহিলে এইবোৰ কৰা হ’ব। তাত চাগৈ ‘কমা’, ‘দাড়ি’ৰ অৱকাশ আছিল, কিন্তু এই প্ৰসংগত তেওঁলোকৰ চিন্তাই সম্পূৰ্ণ শুদ্ধ আছিল বুলি কোনেও দাবী কৰিব নোৱাৰে। আনকি আমাৰ প্ৰয়াসেই উত্তম বুলি ময়ো ন-দি ক’ব নোৱাৰো আৰু ১০টা বছৰৰ পিচত কোনো নতুন প্ৰয়াসো কৰিব নোৱাৰি। এয়া সম্ভৱো নহয়। সামাজিক জীৱন ৰূপান্তৰশীল।

সামপ্ৰতিক প্ৰেক্ষাপটত যিটো আমি শুদ্ধ বুলি ভাবিছো, আমি কথাবোৰ উন্নত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। নতুনকৈ কিবা যদি সংযোজিত কৰা হৈছে সেয়া প্ৰগতিৰ দিশত আগুৱাই নিয়াৰ প্ৰক্ৰিয়াহে। পিচে, বাধা-বিঘিনীয়েই যদি ঘটাই থকা হয় তেন্তে প্ৰগতিয়েইবা সম্ভৱ হ’ব কেনেকৈ? আৰু, সেয়ে, কিছু সংখ্যকে হঠাতে মূৰ পোলোকা দিয়া দেখি মই আশ্চৰ্যচকিত হৈছো।। এতিয়া তেওঁলোকেই চৰকাৰক এঘৰীয়া কৰিছে, আকৌ একে সময়তে কৃষকৰাইজকো কৈছে বোলে সংস্কাৰ সাধন কৰাতো নিতান্তই জৰুৰী। বহু বছৰ ইতিমধ্যে পাৰ হৈ গ’লেই আৰু নতুন কথা-বতৰাৰ অৱতাৰণা কৰিবই লাগিব। তেনেকৈহে দেশে আগুৱাই যাব পাৰিব। পিচে, এতিয়া নিজৰ চিন্তাকো ৰাজনীতিয়ে পৰাভূত কৰা যেন মই অনুভৱ কৰিছো। সন্মানীয় ড০ মনমোহন সিং জী ইয়াত উপস্থিত আছে। মই তেওঁৰ এক বাক্য উদ্ধৃত কৰিব খুজিছো। যিসকলে মূৰ পোলোকা দিছে তেওঁলোক চাগৈ মোৰ সৈতে একমত নহ’ব, পিচে, মনমোহন সিং জীৰ সৈতে নিশ্চয় সহমত ব্যক্ত কৰিব। “সমগ্ৰ বিপণন ব্যৱস্থাটোৱেও যিহেতু ১৯৩০চনতে স্থাপন কৰা হৈছিল, সেয়ে ব্যৱস্থাটোত অন্যান্য কিছু কঠোৰতা থাকিবই, যিয়ে আমাৰ কৃষকসকলক তেওঁলোকৰ উত্পাদিত ফচলসমূহৰ বাবদ সৰ্বাধিক দৰ পোৱা স্থানত বিক্ৰী কৰাত বাধা প্ৰদান কৰি আহিছে। এয়া আঁতৰোৱাটো আমাৰ অভিপ্ৰায়...এখন বৃহত্ উমৈহতীয়া বজাৰ হিচাপে থকা বিশাল সম্ভাৱনীয়তা বাস্তৱায়িত কৰাৰ বাবে ভাৰতে কৰা যাত্ৰাৰ পথত আহিব পৰা এনে সকলো অসুবিধা আঁতৰোৱাটো আমি বিচাৰিছো”। এয়া মাননীয় মনমোহন সিং জীয়ে কোৱা কথা। মাননীয় মনমোহন সিং জীয়ে কৃষকসকলক তেওঁলোকৰ ফচল বিক্ৰীৰ স্বাধীনতা দিয়াৰ লগতে ভাৰতক এখন কৃষিজাত সামগ্ৰীৰ বিপণন ক্ষেত্ৰ দিয়াৰ পোষকতা কৰি তেখেতৰ অভিপ্ৰায় ব্যক্ত কৰিছিল। আৰু তাকে আমি কৰিছো। আৰু আপোনালোকে ইয়াৰ বাবে গৌৰৱহে কৰিব লাগে...চাওক...সন্মানীয় মনমোহন সিং জীয়ে এই কথা কৈছিল...এয়া কৰিলে মোদীয়ে। ইয়াৰ বাবে গৌৰৱ কৰক। আৰু আটাইতকৈ ভাল কথাটো হ’ল যিসকলে বিষয়টোক লৈ ৰাজনীতি কৰিব খুজিছে তেওঁলোকৰে একাংশই আক’ নিজৰ চৰকাৰ থকা ৰাজ্যত ইয়াৰে অংশ বিশেষ ৰূপায়ণো কৰিছে। এনেকৈহে পথৰ সন্ধান কৰিব পৰা যাব বুলিও কিন্তু তেওঁলোকে জানিছে। আইনকেইখনে বহণ কৰা মনোভাৱৰ বিষয়ে যে আলোচনা কৰা নাই সেই কথা মই লক্ষ্য কৰিছো। প্ৰক্ৰিয়া শুদ্ধ হোৱা নাই আৰু ইয়াক ততাতৈয়াকৈ কৰা বুলি অভিযোগ উথ্থাপণ কৰা হৈছে। কোনো পৰিয়ালত যেতিয়া কোনো বিয়া-বাৰু অনুষ্ঠিত হয়, কোনোবা এগৰাকী বৃদ্ধাই নিমন্ত্ৰণক লৈ অভিযোগ কৰাৰ দৰে ঘটনা দেখিবলৈ পাবই। ‘মোক কত মাতিছিলা হে’! বৃহত্ পৰিয়ালসমূহত এনে হয়েই!

মাননীয় সভাপতি মহোদয়,

আমাৰ কৃষকসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে কৃষিখণ্ডৰ লগতে দুগ্ধ উত্পাদন আৰু পশুপালনৰো উত্কৰ্ষ সাধনৰ প্ৰয়োজন আছে। সেইদৰে, আমি পশুৰ ঠেং আৰু মুখত হোৱা ৰোগ নিৰময়ৰ বাবেও বিশাল অভিযান অব্যাহত ৰাখিছো, যিয়ে পশুপালক তথা কৃষকসকলক বাৰুকৈয়ে উপকৃত কৰিব। মত্স্য পালনৰ ক্ষেত্ৰতো আমি বিশেষ গুৰুত্ব আৰোপ কৰিব খুজিছো, ইয়াৰ বাবে এটা পৃথক মন্ত্ৰালয় গঠন কৰাৰ লগতে সামগ্ৰিক ভাবে এই খণ্ডটোৰ পট পৰিৱৰ্তন কৰিব পৰাকৈ যুগুতোৱা ‘মত্স্য সম্পদা যোজনা’ ৰূপায়ণৰ বাবে ২০,০০০কোটি টকাৰ পুঁজি আৱণ্টিত কৰিছো। ইফালে, ‘মৌ বিপ্লৱ’ৰো বিশাল সম্ভাৱনীয়তা আছে আৰু ইয়াৰ বাবে ডাঙৰ পথাৰৰো প্ৰয়োজন নহয়। অকণমান ঠাইতে মৌ-পালন কৰিয়েই ৪০,০০০ৰ পৰা ২,০০,০০০পৰ্যন্ত টকা উপৰ্জন কৰিব পাৰি। মৌ আৰু মৌ-চাকসমূহৰ পৃথিৱীজোৰা চাহিদা আছে। ভাৰতে মৌ-চাক ৰপ্টানী কৰিবও পাৰে। আমি এক বাতাবৰণ সৃষ্টি কৰি দিছো, যাতে, ক্ষুদ্ৰ খেতিয়কসকলে ইয়াৰ সুবিধা গ্ৰহণ কৰি তেওঁলোকৰ আয় বৃদ্ধিৰ বাবে বিকল্পৰ প্ৰয়াস কৰিব পাৰে। মৌ-পালনৰ বাবে ১০০একৰ মাটিৰ প্ৰয়োজন নাই। ইচ্ছুকজনে ঘৰতে আৰামত মৌ-পালন কৰিব পাৰে। আমাৰ কৃষকসকল সৌৰ শক্তিৰ উত্পাদক হোৱাও উচিত। সৌৰতন্ত্ৰৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ পথাৰত সৌৰশক্তি উত্পাদন কৰিব পাৰে, তাৰ জৰিয়তে সৌৰ-পাম্প চলাই খেতিৰ বাবে প্ৰয়োজনীয় জলসিঞ্চনৰ দিহা কৰি ল’ব পাৰে।

পাঞ্জাৱত কি হৈছিল সেয়া পাহৰি গ’লে নহ’ব। দেশ বিভাজনৰ সময়ত পাঞ্জাৱে আটাইতকৈ বেচি দুৰ্দশাৰ সন্মুখীন হ’বলগীয়া হৈছিল? ৮৪ৰ সংঘৰ্ষতো পাঞ্জাৱেই অধিক চকুপানী টুকিবলগীয়া হৈছিল। বহু শোকাবহ ঘটনাৰ ভুক্তভোগী হ’বলগীয়া হৈছিল পাঞ্জাৱ। জম্মু-কাশ্মীৰত কি ঘটিছিল? নিৰীহসকলক হত্যা কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলত বন্দুক-বাৰুদৰ জোৱাৰ উঠিছিল। এই সকলোবোৰ কথা-কাণ্ডই দেশৰ বিস্তৰ ক্ষতি সাধন কৰিছিল। এই সকলোবোৰৰ নেপথ্যত কি শক্তিয়ে কাম কৰিছিল বাৰু? প্ৰতিখন চৰকাৰেই এইবোৰ প্ৰত্যক্ষ কৰিছিল, এই কথা বুজিছিল, প্ৰমাণিতও কৰিছিল। সেয়ে, আমি এইবোৰ সমস্যাৰ সমাধানৰ বাবে দ্ৰুতগতিৰে আগবাঢ়িছিলো। পাঞ্জাৱত আমাৰ শিখভাতৃসকলৰ মূৰত কিছুমান ব্যক্তিয়ে বিষবাষ্প সুমুৱাই দিয়াৰ কথা আমি পাহৰিলে নহ’ব। প্ৰতিগৰাকী শিখক লৈ দেশে গৌৰৱবোধ কৰে। এইখন দেশৰ বাবে তেওঁলোকে কিয়েইবা কৰা নাই! মোৰ জীৱনৰ এছোৱা গুৰুত্বপূৰ্ণ সময় মই পাঞ্জাৱত কটাইছিলো, সেয়ে মই এই কথা বাৰুকৈয়ে জানো। আৰু, সেয়ে, একাংশ মানুহে তেওঁলোকৰ প্ৰসংগত যি ভাষা ব্যৱহাৰ কৰে, তেওঁলোকক বিপথে পৰিচালিত কৰাসকলে দেশৰ কেতিয়াও হিত সাধন কৰিব নোৱাৰে। আৰু, সেয়ে, এই পৰিস্থিতিত আমি উদ্বিগ্ন হোৱাৰ প্ৰাসংগিকতা আছে।

মাননীয় সভাপতি মহোদয়,

কেতবোৰ শব্দৰে আমি খুবেই পৰিচিত-সেয়া হৈছে ‘শ্ৰমজীৱি’(যিয়ে শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰে), ‘বুদ্ধিজীৱি’(যিয়ে বৌদ্ধিকশক্তিৰে জীৱিকা নিৰ্বাহ কৰে) আদি। অলপ দিনৰ পৰা মই এটা কথা লক্ষ্য কৰিছো, এটা নতুন ‘জামাত’ৰ জন্ম হৈছে, এটা নতুন ‘সম্প্ৰদায়ে’ থন্ ধৰি উঠিছে। সেয়া হৈছে ‘আন্দোলনজীৱি’(যি প্ৰতিবাদৰ বাবেই জীৱনধাৰণ কৰিছে)। যদি ক’ৰবাত উকীলসকলে প্ৰতিবাদ কৰিছে, এওঁলোক তাত ওলাইগৈ, যদি ছাত্ৰসকলে আন্দোলন কৰে, তাতো ওলাইগৈ এওঁলোক, শ্ৰমিকসকল আন্দোলনত এওঁলোক থাকে, কেতিয়াবা পৰ্দাৰ আঁৰত, কেতিয়াবা সন্মুখত থাকি এওঁলোকে নিজকে সজীৱ কৰি ৰাখে। তেওঁলোক ‘আন্দোলনজীৱি’। আন্দোলন অবিহণে এওঁলোকে জীয়াই থাকিব নোৱাৰে। সকলোতে বিদ্যমান হোৱা এক আদৰ্শগত স্থিতি গ্ৰহণৰ ভাওণা কৰা, ৰাইজক বিপথে পৰিচালিত কৰা আৰু তেওঁলোকক নতুন ৰূপৰ প্ৰতিবাদৰ কথা কোৱ এওঁলোকক আমি চিনাক্ত কৰিব লাগিব। এইসকল ‘আন্দোলনজীৱি’ৰ বিষয়ে দেশবাসীক অৱগত কৰোৱাৰ প্ৰয়োজন আছে। এয়াই তেওঁলোকৰ শক্তি- তেওঁলোকৰ বাবে এওঁলোকে একোৱেই কৰিব নোৱাৰে, ইতিমধ্যে লাভ কৰাখিনিৰে শ্ৰেয় এওঁলোকে ল’ব খোজে। এওঁলোক দৰাচলতে ‘পৰজীৱি’। আৰু, সেয়ে, আপোনালোকে মোৰ কথা শুনি বাৰুকৈয়ে উপভোগ কৰিছে, কিয়নো আপোনালোকেও তেনে ‘পৰজীৱি’য়ে কৰা আন্দোলনৰ অভিজ্ঞতা আহৰণ কৰিছে নিশ্চয়। একে দৰেই, মই আৰু এটা নতুন বস্তু দেখিবলৈ পাইছো। দেশে প্ৰগতিৰ দিশেৰে গতি কৰিছে। আমি ‘এফডিআই’-ৰ কথা ক’ব বিচাৰিছো। সেয়া হৈছে ‘ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট’। পিচে, আজিকালি আৰু এবিধ অ্ন্যধৰণৰ ‘এফডিআই’-ৰ আবিৰ্ভাৱ হৈছে। দেশক এইবিধ নতুন ‘এফডিআই’-ৰ পৰা সুৰক্ষিত ৰাখিব লাগিব। আমাক ‘বিদেশী প্ৰত্যক্ষ বিনিয়োগ’ৰ প্ৰয়োজন আছে। পিচে, নতুন ‘এফডিআই’-বিধ হ’ল ‘ফৰেইন ডেষ্ট্ৰাক্টিভ আইডিঅ’লজী’ আৰু, সেয়ে, দেশক এইবিধ ‘এফডিআই’-ৰ পৰা ৰক্ষা কৰিবলৈকে আমি অধিক সতৰ্ক হৈ থাকিব লাগিব।

মাননীয় সভাপতি মহোদয়,

ভাৰতৰ যুৱ-শক্তিৰ ওপৰত আমি অধিক গুৰুত্ব প্ৰদান কৰিব বিচাৰিছো, তেওঁলোকক অধিক সুযোগ দিব খুজিছো। তেওঁলোক আমাৰ দেশৰ, আমাৰ উজ্জ্বল ভৱিষ্যতৰ শক্তিশালী বুনিয়াদ হৈ উঠিব। আমাৰ দেশৰ যুৱ-প্ৰজন্মক নতুন নতুন সুযোগ প্ৰদান কৰাৰ বাবে নতুন শিক্ষা নীতিয়েও প্ৰয়াস কৰিছে। শিক্ষা নীতি যুগুতোৱাৰ বাবে পৰ্যাপ্ত সময় ধৰি আলোচনা অনুষ্ঠিত কৰাৰ বাবে মই সুখী, পিচে, দেশে এই নীতিক যেনেকৈ আদৰি ললে সেয়ে এক নতুন বিশ্বাসৰ সৃষ্টি কৰিলে। মই ভাবো এই নতুন শিক্ষা নীতিয়ে আমাৰ দেশত শিক্ষাৰ বাবে এক নৱ চেতনাৰ পথ প্ৰশস্থ কৰি তুলিব।

আমাৰ ‘এমএছএমই’ খণ্ডই আটাইতকৈ অধিক নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰি আহিছে। আৰু ক’ৰোনা সংকটৰ সময়ছোৱাত যেতিয়া ‘প্ৰোত্সাহন পুঁজি’ ঘোষণা কৰা হৈছিল, ‘এমএছএমই’সমূহৰ বাবে সম্পূৰ্ণ দৃষ্টি নিক্ষেপ কৰা হৈছিল আৰু ইয়াৰ সু পৰিণতিতে অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ লগতে ইয়াক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত এই ‘এমএছএমই’ খণ্ডই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

‘সকলোৰে সৈতে, সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাস’ৰ মন্ত্ৰ আওৰাই আমি আৰম্ভণিৰে পৰা আগুৱাই যোৱাৰ প্ৰয়াস কৰিছো। এই প্ৰয়াসৰ সুবাদতে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে নক্সাল-অধ্যূষিত অঞ্চলসমূহত অব্যাহত থকা সমস্যসমূহ লাহে লাহে কমিবলৈ ধৰাত আমাৰ সতীৰ্থসকলেও বিকাশৰ মূলসুঁতিলৈ উভতি অহাৰ সুযোগ লাভ কৰিবলৈ ধৰে। ভাৰতৰ উজ্জ্বল ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত পূব ভাৰতে এক অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবগৈ পাৰিব বুলি মই স্পষ্টকৈ অনুভৱ কৰিছো।

মই গুলাম নবী জীৰ ভাষণ শুনি আছিলো। যি কি নহওক, কোমলকৈ আৰু নম্ৰ ভাষাৰে আৰু কটু শব্দ প্ৰয়োগ নকৰাকৈ কথা কোৱাটো গোলাম নবী জীৰ স্বভাৱেই। আৰু মই ভাবো সকলো সাংসদেই তেওঁৰ পৰা এই কথাটো শিকা উচিত। মই ইয়াৰ বাবে তেওঁক সন্মানো কৰো। তেওঁ, জম্মু-কাশ্মীৰত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ শলাগো লৈছে। তেওঁৰ হৃদয়ত জম্মু-কাশ্মীৰে বিশেষ স্থান অধিকাৰ কৰি আহিছে বুলি তেওঁ উল্লেখ কৰিছে আৰু এয়া নিতান্তই স্বাভাৱিকো, কাৰণ জম্মু-কাশ্মীৰৰ প্ৰতি সমগ্ৰ দেশেই একে অনুভৱ প্ৰকাশ কৰি আহিছে।

জম্মু-কাশ্মীৰক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ বাবে পঞ্চায়ত, ‘বিডিচি’, ‘ডিডিচি’ আদিৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল আৰু গুলাম নবী জীয়ে এই কথাৰ শলাগ লৈছে। মই আপুনি জনোৱা অভিনন্দনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো। পিচে, আপুনি মোক প্ৰশংসা কৰা দেখি মই ভয়ো খাইছো। আপোনাৰ দলে এই কথাটো শুদ্ধ চিত্তে গ্ৰহণ কৰিব আৰু তথ্য নজনাকৈয়ে জি-২৩য়ে প্ৰকাশ কৰা মতামত গ্ৰহণ কৰি ইয়াৰ বিপৰীত স্থিতি গ্ৰহণ নকৰিব বুলিয়েই কামনা কৰিছো।

মাননীয় সভাপতি মহোদয়,

ক’ৰোনাৰ প্ৰ্ত্যাহ্বানপূৰ্ণ সময়ছোৱাতে সীমান্তত প্ৰত্যাহ্বান সৃষ্টি কৰাৰ এক অপচেষ্টা চলোৱা হৈছিল। পিচে, আমাৰ সাহসী সেনাবাহিনীয়ে বীৰত্ব আৰু শৌৰ্যৰে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। ইয়াৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱান্বিত। কঠিন পৰিস্থিতিৰ মাজতো আমাৰ জোৱানসকলে সীমান্তত সাহসৰে থিয় দি বীৰত্ব প্ৰদৰ্শন কৰিছিল। আমাৰ জোৱানসকলৰ সাহৰ প্ৰশংসা কৰা বহু সতীৰ্থৰ প্ৰতি মই ধন্যবাদ জ্ঞাপন কৰিছো। ‘এলএচি’ত উদ্ভৱ হোৱা পৰিস্থিতিত ভাৰতে প্ৰদাৰ্শন কৰা স্থিতি নিতান্তই স্পষ্ট আৰু দেশেও ইয়াক কুশলী দৃষ্টিৰেই লক্ষ্য কৰিছে আৰু ইয়াক লৈ গৌৰৱো প্ৰকাশ কৰিছে। সীমান্তত আন্ত্ঃগাঁথনি নিৰ্মাণ আৰু সীমান্ত সুৰাক্ষাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ক্ষেত্ৰত আপোচ কৰাৰ কোনো প্ৰশ্ন অথবা সম্ভাৱনাই নাই। আমাৰ চিন্তাধাৰা আৰু লক্ষ্য উদ্দেশ্য সন্দৰ্ভত অৱগতসকলে এই প্ৰসংগত প্ৰশ্ন উথ্থাপণ কৰাৰ অৱকাশেই নাই। আমি যে কথাৰ মানুহ সেই কথা তেওঁলোকে জানেই।

মাননীয় সভাপতি মহোদয়,

সদনত প্ৰশংসনীয় আলোচনা অনুষ্ঠিত কৰাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছো। শেহত, এষাৰ মন্ত্ৰ আওৰাই মই মোৰ বক্তব্যৰ সামৰিব খুজিছো। আমি বেদৰ পৰা এক মহান বোধ লাভ কৰিছো। ১৩০কোটি মানুহৰ বাবে এই মন্ত্ৰ নিতান্তই অনুপ্ৰেৰণাদায়ক। বেদৰ মন্ত্ৰফাঁকিত কোৱা হৈছে:

"অয়ুতো অহঁ, অয়ুতো মে আত্মা, অয়ুতঁ মে, অয়ুতঁ চক্ষু, অয়ুতঁ শ্ৰোত্তম "

অৰ্থাত্- “মই অকলে নহয়, মই দেখিছো, মই অনুভৱ কৰিছো যে কোটি কোটিজন মোৰ সৈতে আছে। সেয়ে মোৰ আধ্যাত্মিক শক্তি কোটি কোটি জনৰ। মোৰ দৃষ্টি লক্ষ লক্ষ জনৰ, মোৰ শ্ৰৱণ শক্তিও লক্ষ লক্ষ জনৰ আৰু মোৰ কৰ্ম শক্তিও”।

 

মাননীয় সভাপতি মহোদয়,

বেদৰ বাণীকে সাৰোগত কৰি, এই চেতনাৰে উজ্জীৱিত হৈ ১৩০কোটিৰো অধিক দেশবাসীৰে সৈতে ভাৰতে সকলোৰে সৈতে অগ্ৰসৰ হৈছে। আজি ১৩০কোটি দেশবাসীৰ সপোনেই হৈছে ভাৰতৰো সপোন। আজি ১৩০কোটি দেশবাসীৰ আকাংক্ষাই হৈছে ভাৰতৰো আকাংক্ষা। আজি, ১৩০কোটি দেশবাসীৰ ভৱিষ্যত হৈছে ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা। আৰু সেয়ে, যেতিয়া দেশে নীতি নিৰ্দ্ধাৰণ কৰে, পদক্ষেপ গ্ৰহণৰ প্ৰয়াস কৰে, সেয়া কেৱল হ্ৰস্বকালীন লাভালাভৰ বাবে নকৰে, বৰং ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হোৱাৰ কামনা কৰে। আৰু দেশে ২০৪৭চনত স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰাৰ পৰত দেশক এক নতুন শিখৰত উপনীত কৰাবগৈ পৰাৰ বাবে দেখা সপোনটোৰ আধাৰশিলা আমি স্থাপন কৰিছো। আৰু আমি সেই সপোন সাকাৰ কৰিবগৈ পাৰিম বুলি মই নিশ্চিত।

পুনৰবাৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়ক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনালো। সঁচা কথা ক’বলৈ গ’লে, তেখেতৰ ভাষণ সন্দৰ্ভত যিদৰে আলোচনা অনুষ্ঠিত হ’ল সেয়া খুবেই ভাল হৈছে আৰু সদনৰ বাতাবৰণো সুন্দৰ আছিল। ইয়াৰ মাজত সমালোচনা কৰি কোনে কিমান আৰ্জিলে, কোনোবাই মোকো আক্ৰমণ কৰিলে, যিয়েই যি নকওক কিয় ক’লে, পিচে, সামগ্ৰিক ভাবে এই আলোচনা মই বাৰুকৈয়ে উপভোগ কৰিলো, আৰু ই মোক একপ্ৰকাৰ আশাবাদীও কৰি তুলিলে। চাওক, ক’ৰোনাৰ পৰিপ্ৰেক্ষিতত আপোনালোকেও চাগৈ ক’লৈকো যাব পৰা নাই আৰু ঘৰতে সোমাই থাকিবলগীয়া হৈছে আৰু হয়তো ঘৰতো চাগৈ কেতিয়াবা উত্তেজনাপূৰ্ণ মূহূৰ্তৰ সন্মুখীন হ’বলগীয়া হৈছে। এতিয়া যেনিবা ইয়াত আপোনালোকে আপোনালোকৰ উষ্মা বাৰুকৈয়ে প্ৰকাশ কৰাৰ সুযোগ পালে। এতিয়া নিশ্চয় বহুখিনি লঘূ অনুভৱ কৰিব পাৰিব। এতিয়া অন্ততঃ ঘৰত আনন্দৰে সময় কটাবগৈ পাৰিব। আপোনালোকক আনন্দ দিয়াৰ ক্ষেত্ৰত মই সহায় সহায়ক হ’বলৈ পালো। এয়া মোৰ সৌভাগ্য বুলি অনুভৱ কৰিছো আৰু এইবোৰ মুহূৰ্ত উপভোগ কৰিছো আৰু আগলৈও কৰি যাম বুলি আপোনালোকক কথা দিলো। আলোচনাত ব্ৰতী হওক আৰু সদনক উজ্জীৱিত কৰি ৰাখক। মোদী উপস্থিত আছে, সেয়ে সুযোগ গ্ৰহণ কৰক।

বহুত বহুত ধন্যবাদ।

Modi Govt's #7YearsOfSeva
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
During tough times, PM Modi acts as 'Sankatmochak', stands by people in times of need

Media Coverage

During tough times, PM Modi acts as 'Sankatmochak', stands by people in times of need
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister participates in the first Outreach Session of G7 Summit
June 12, 2021
Share
 
Comments

Prime Minister Shri Narendra Modi participated in the first Outreach Session of the G7 Summit today.  

The session, titled ‘Building Back Stronger - Health’, focused on global recovery from the coronavirus pandemic and on strengthening resilience against future pandemics. 

During the session, Prime Minister expressed appreciation for the support extended by the G7 and other guest countries during the recent wave of COVID infections in India. 

He highlighted India's ‘whole of society’ approach to fight the pandemic, synergising the efforts of all levels of the government, industry and civil society.   

He also explained India’s successful use of open source digital tools for contact tracing and vaccine management, and conveyed India's willingness to share its experience and expertise with other developing countries.

Prime Minister committed India's support for collective endeavours to improve global health governance. He sought the G7's support for the proposal moved at the WTO by India and South Africa, for a TRIPS waiver on COVID related technologies. 

Prime Minister Modi said that today's meeting should send out a message of "One Earth One Health" for the whole world. Calling for global unity, leadership, and solidarity to prevent future pandemics, Prime Minister emphasized the special responsibility of democratic and transparent societies in this regard. 

PM will participate in the final day of the G7 Summit tomorrow and will speak in two Sessions.