"যেতিয়া আমাৰ পৰম্পৰা আৰু আধ্যাত্মিকতা ম্লান পৰিবলৈ ধৰিছিল, স্বামী দয়ানন্দই আমাক 'বেদলৈ উভতিবলৈ' আহ্বান জনাইছিল
"মহৰ্ষি দয়ানন্দ কেৱল বৈদিক ঋষিয়েই নাছিল, বৰঞ্চ এগৰাকী ৰাষ্ট্ৰীয় ঋষিও আছিল"
"স্বামীজীয়ে ভাৰতৰ প্ৰতি যি বিশ্বাস ৰাখিছিল, আমি সেই বিশ্বাসক ‘অমৃত কাল’ত আমাৰ আত্মবিশ্বাসলৈ ৰূপান্তৰিত কৰিব লাগিব"
"সৎ প্ৰয়াস আৰু নতুন নীতিৰ জৰিয়তে ৰাষ্ট্ৰই ইয়াৰ কন্যাসকলক আগবঢ়াই নিছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মৰবিৰ তঙ্কাৰাৰ স্বামী দয়ানন্দৰ জন্মস্থানত স্বামী দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত স্বামীজীৰ অৱদানক সন্মান জনোৱাৰ বাবে আৰু তেওঁৰ শিকনিসমূহ জনসাধাৰণৰ মাজলৈ আগবঢ়াই অনাৰ বাবে ‘আৰ্য সমাজ’-য়ে অনুষ্ঠানটো আয়োজন কৰাত আনন্দ প্ৰকাশ কৰে। যোৱা বছৰ উৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা স্মৰণ কৰি তেওঁ মন্তব্য কৰে, "মহান আত্মাৰ অৱদানসমূহ যেতিয়া ইমান ব্যতিক্ৰমী হয়, তেতিয়া তেওঁলোকৰ সৈতে সম্পৰ্কিত উদযাপনসমূহো ব্যাপক হোৱাটো স্বাভাৱিক।"

"মই নিশ্চিত যে এই অনুষ্ঠানটোৱে আমাৰ নতুন প্ৰজন্মক ‘মহৰ্ষি’ দয়ানন্দৰ জীৱনৰ সৈতে পৰিচিত কৰাৰ বাবে এক কাৰ্যকৰী মাধ্যম হিচাপে কাম কৰিব," প্ৰধানমন্ত্ৰী মোদীয়ে এনে উল্লেখযোগ্য ব্যক্তিত্বসমূহৰ বিষয়ে নৱপ্ৰজন্মক অৱগতকৰণত গুৰুত্ব আৰোপ কৰি এই মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে স্বামী দয়ানন্দৰ জন্ম গুজৰাটত হৈছিল আৰু তেওঁ হাৰিয়ানাত সক্ৰিয়তা প্ৰদৰ্শন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে দুয়োটা অঞ্চলৰ সৈতে সম্পৰ্কৰ কথা উল্লেখ কৰাৰ লগতে স্বামী দয়ানন্দৰ তেওঁৰ জীৱনৰ ওপৰত গভীৰ প্ৰভাৱ থকাৰ কথা স্বীকাৰ কৰি কয়, "তেওঁৰ শিক্ষাই মোৰ দৃষ্টিভংগী গঢ়ি তুলিছে আৰু তেওঁৰ উত্তৰাধিকাৰিত্ব মোৰ যাত্ৰাৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে।" স্বামীজীৰ জয়ন্তী উপলক্ষে তেওঁ ভাৰত আৰু বিদেশত থকা লাখ লাখ অনুগামীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

স্বামী দয়ানন্দৰ শিক্ষাৰ ৰূপান্তৰণশীল প্ৰভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে, "ইতিহাসত এনে কিছুমান মুহূৰ্ত আছে যিয়ে ভৱিষ্যতৰ গতিপথ সলনি কৰে। দুশ বছৰ আগতে স্বামী দয়ানন্দৰ জন্মও এনে এক অভূতপূৰ্ব মুহূৰ্তই আছিল।" ভাৰতক অজ্ঞতা আৰু অন্ধবিশ্বাসৰ শৃংখলাৰ পৰা জাগ্ৰত কৰাৰ ক্ষেত্ৰত স্বামীজীৰ ভূমিকাৰ সন্দৰ্ভত তেওঁ আলোকপাত কৰে, যাৰ ফলত বৈদিক জ্ঞানৰ সাৰাংশ পুনৰ আৱিষ্কাৰ কৰাৰ এক আন্দোলন আৰম্ভ হয়। "যি সময়ত আমাৰ পৰম্পৰা আৰু আধ্যাত্মিকতা ম্লান পৰিবলৈ ধৰিছিল স্বামী দয়ানন্দই আমাক 'বেদলৈ উভতিবলৈ' আহ্বান জনাইছিল," বেদ আৰু যুক্তিসঙ্গত ব্যাখ্যা সন্দৰ্ভত পাণ্ডিত্যপূৰ্ণ ভাষ্য প্ৰদান কৰাৰ বাবে স্বামীজীৰ প্ৰচেষ্টাৰ উল্লেখৰে প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰে। সামাজিক নিয়মৰ নিৰ্ভীক সমালোচনা আৰু ভাৰতীয় দৰ্শনৰ প্ৰকৃত সাৰাংশৰ বিষয়ে স্বামীজীয়ে আগবঢ়োৱা ব্যাখ্যা সন্দৰ্ভত তেওঁ গুৰুত্ব আৰোপ কৰে, যি ব্যাখ্যাই সমাজলৈ আত্মবিশ্বাস কঢ়িয়াই আনিছিল। প্ৰধানমন্ত্ৰীয়ে একতা বৃদ্ধি আৰু ভাৰতৰ প্ৰাচীন ঐতিহ্যত গৌৰৱৰ অনুভূতি জাগ্ৰত কৰাৰ ক্ষেত্ৰত স্বামী দয়ানন্দৰ শিক্ষাৰ তাৎপৰ্যৰ কথা দোহাৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আমাৰ সামাজিক কু-প্ৰথাবোৰক ব্ৰিটিছ চৰকাৰে আমাক নিম্নমানৰ বুলি চিত্ৰিত কৰাৰ উপায় হিচাপে ব্যৱহাৰ কৰিছিল। কিছুমানে সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত ব্ৰিটিছ শাসনক ন্যায়সঙ্গত কৰিছিল। স্বামী দয়ানন্দৰ আগমনে এই ষড়যন্ত্ৰবোৰক তীব্ৰ আঘাত হানিছিল।" প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয়, "লালা লাজপত ৰায়, ৰাম প্ৰসাদ বিছমিল আৰু স্বামী শ্ৰদ্ধানন্দৰ দৰে বিপ্লৱীসকলৰ এটা শৃংখলা ‘আৰ্য সমাজ’ৰ দ্বাৰা প্ৰভাৱিত হৈ আগবাঢ়ি আহিছিল। সেয়েহে, দয়ানন্দ জী কেৱল বৈদিক ঋষিয়েই নহয়, বৰঞ্চ এগৰাকী ৰাষ্ট্ৰীয় ঋষিও আছিল।"

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ‘অমৃত কাল’ৰ প্ৰাৰম্ভিক বছৰসমূহত স্বামীজীৰ ২০০ সংখ্যক বাৰ্ষিকী অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে স্বামী দয়ানন্দই দেশৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ দৃষ্টিভংগী পোষণ কৰাৰ কথা স্মৰণ কৰে। "স্বামীজীয়ে ভাৰতৰ প্ৰতি যি বিশ্বাস ৰাখিছিল, আমি সেই বিশ্বাসক ‘অমৃত কাল’ত আমাৰ আত্মবিশ্বাসলৈ ৰূপান্তৰিত কৰিব লাগিব। স্বামী দয়ানন্দ আধুনিকতাৰ এজন প্ৰবক্তা আৰু পথপ্ৰদৰ্শক আছিল," প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

 

সমগ্ৰ বিশ্বতে ‘আৰ্য সমাজ’ প্ৰতিষ্ঠানসমূহৰ বিস্তৃত নেটৱৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "২,৫০০ তকৈয়ো অধিক বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় আৰু ৪০০তকৈয়ো অধিক গুৰুকুলৰ জৰিয়তে শিক্ষাৰ্থীসকলক শিক্ষিত কৰাৰ প্ৰয়াসেৰে ‘আৰ্য সমাজ’ হৈছে আধুনিকতা আৰু দিক-দৰ্শনৰ এক জীৱন্ত প্ৰমাণ।" তেওঁ এই সমাজক একবিংশ শতিকাত নতুন শক্তিৰে ৰাষ্ট্ৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণৰ দায়িত্ব ল'বলৈ আহ্বান জনায়। ‘ডিএভি প্ৰতিষ্ঠান’সমূহক 'স্বামীজীৰ জীৱন্ত স্মৃতি' বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ নিৰন্তৰ সৱলীকৰণৰ আশ্বাস দিয়ে।

 

প্ৰধানমন্ত্ৰীয়ে স্বামীজীৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ ক্ষেত্ৰত ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ কথা উল্লেখ কৰে। তেওঁ ‘আৰ্য সমাজ’ৰ শিক্ষাৰ্থী আৰু প্ৰতিষ্ঠানসমূহক ‘ভোকেল ফৰ লোকেল’, ‘আত্মনিৰ্ভৰ ভাৰত’, ‘মিছন লাইফ’, ‘পানী সংৰক্ষণ’, ‘স্বচ্ছ ভাৰত’, ‘ক্ৰীড়া আৰু ফিটনেছ’ৰ বাবে অৱদান আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ লগতে প্ৰথমবাৰ ভোট দিবলৈ ওলোৱা ভোটাৰসকলক তেওঁলোকৰ দায়িত্ব বুজি লোৱাত গুৰুত্ব আৰোপ কৰে।

 

আৰ্য সমাজৰ প্ৰতিষ্ঠাৰ আগন্তুক ১৫০ সংখ্যক বাৰ্ষিকীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোক সামূহিক প্ৰগতি আৰু স্মৰণৰ সুযোগ হিচাপে গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়।

 

প্ৰাকৃতিক কৃষিৰ গুৰুত্ব দোহাৰি প্ৰধানমন্ত্ৰীয়ে আচাৰ্য দেৱব্ৰতজীৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি কয়, "স্বামী দয়ানন্দজীৰ জন্মস্থানৰ পৰা জৈৱিক কৃষিৰ বাৰ্তা দেশৰ প্ৰতিগৰাকী কৃষকৰ ওচৰলৈ যাওঁক।"

 

মহিলাৰ অধিকাৰৰ বাবে স্বামী দয়ানন্দই গ্ৰহণ কৰা সৰৱ ভূমিকাৰ প্ৰশংসা কৰা প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়া ‘নাৰী শক্তি বন্দন অধিনিয়ম’ৰ প্ৰসংগ উল্লেখ কৰি কয়, "সৎ প্ৰচেষ্টা আৰু নতুন নীতিৰ জৰিয়তে ৰাষ্ট্ৰই ইয়াৰ কন্যাসকলক আগবঢ়াই নিছে।" তেওঁ ‘মহৰ্ষি’ দয়ানন্দৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হিচাপে এই সামাজিক পদক্ষেপসমূহৰ জৰিয়তে মানুহক সংযোগ কৰাৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ডিএভি নেটৱৰ্ক’ৰ যুৱসকলক নৱগঠিত যুৱ সংগঠন ‘এমওৱাই-ভাৰত’ত যোগদান কৰিবলৈ আহ্বান জনাই কয়, "মই স্বামী দয়ানন্দ সৰস্বতীৰ সকলো অনুগামীক, ‘ডিএভি এডুকেশ্যনেল নেটৱৰ্ক’-ৰ শিক্ষাৰ্থীসকলক ‘এমওৱাই ভাৰত’ত যোগদান কৰিবলৈ আহ্বান জনাইছো।"

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”