মহামান্য ৰাষ্ট্ৰপতি ৰামাফোচা,

মহামান্য ৰাষ্ট্ৰপতি লুলা দা চিলভা,

মহামান্য ৰাষ্ট্ৰপতি পুটিন,

মহামান্য ৰাষ্ট্ৰপতি ছি,

মহিলা আৰু ভদ্ৰলোকসকল


‘পঞ্চদশ ব্ৰিকছ সন্মিলন’ৰ বিশাল আয়োজন আৰু আতিথ্যৰ বাবে মই মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ৰামাফোচাক আকৌ এবাৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ।

জোহান্সবাৰ্গৰ দৰে ইমান ধুনীয়া চহৰলৈ আকৌ এবাৰ আহিবলৈ পোৱাটো মোৰ আৰু মোৰ প্ৰতিনিধিদলৰ বাবে অতিকে আনন্দৰ বিষয়।

ভাৰতৰ জনসাধাৰণ আৰু ভাৰতৰ ইতিহাসৰ সৈতে এই চহৰখনৰ গভীৰ সম্পৰ্ক আছে।

ইয়াৰ পৰা কিছু দূৰৈত ‘টলষ্টয় ফাৰ্ম’ আছে, ১১০ বছৰ আগতে মহাত্মা গান্ধীয়ে যাৰ নিৰ্মাণ কৰিছিল।

ভাৰত, ইউৰেছিয়া আৰু আফ্ৰিকাৰ মহান ধাৰণাসমূহ একত্ৰিত কৰি মহাত্মা গান্ধীয়ে আমাৰ ঐক্য আৰু পাৰস্পৰিক সম্প্ৰীতিৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছিল।

মহামান্য,

যোৱা প্ৰায় দুটা দশকত ‘ব্ৰিকছ’য়ে এক দীঘলীয়া আৰু গৌৰৱময় যাত্ৰা সম্ভৱ কৰিছে।

আমি এই যাত্ৰাত বহুতো সাফল্যৰ মাইলৰ খুঁটি স্থাপন কৰিছোঁ।

আমাৰ নতুন ‘উন্নয়ন বেংক’-য়ে গোলকীয় দক্ষিণৰ দেশসমূহৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

আকস্মিক সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে, আমি এক বিত্তীয় সুৰক্ষা জাল সৃষ্টি কৰিছোঁ।

‘ব্ৰিকছ উপগ্ৰহ মণ্ডল’, ‘প্ৰতিষেধক গৱেষণা তথা বিকাশ কেন্দ্ৰ’, ‘ফাৰ্মা সামগ্ৰী’ৰ পাৰস্পৰিক স্বীকৃতিৰ দৰে পদক্ষেপসমূহৰ জৰিয়তে আমি ব্ৰিকছ দেশসমূহৰ সাধাৰণ নাগৰিকৰ জীৱনলৈ এক ইতিবাচক পৰিৱৰ্তন আনিছোঁ।

‘যুৱ সন্মিলন’, ‘ব্ৰিকছ গে’মছ’, ‘থিংক টেংক পৰিষদ’ৰ দৰে পদক্ষেপৰ জৰিয়তে আমি সকলো দেশৰ মাজত জনসাধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি আছোঁ।

‘ব্ৰিকছ কাৰ্যসূচী’ক এক নতুন দিশ প্ৰদান কৰিবলৈ ভাৰতে কিছুমান পৰামৰ্শ দিছিল, যেনে- ‘ৰে'লৱে গৱেষণা নেটৱৰ্ক’, ‘এমএছএমই’সমূহৰ মাজত ঘনিষ্ঠ সহযোগিতা, ‘অনলাইন ব্ৰিকছ ডাটাবেছ’, ‘ষ্টাৰ্টআপ ফ'ৰাম’।

মই সুখী যে এই বিষয়বোৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিব পৰা গৈছে।

মহামান্য,

আমাৰ ঘনিষ্ঠ সহযোগিতা অধিক ব্যাপক কৰাৰ বাবে মই আপোনালোকৰ সন্মুখত কেতবোৰ পৰামৰ্শ আগবঢ়াব বিচাৰিছোঁ।

প্ৰথমটো হ'ল মহাকাশৰ ক্ষেত্ৰত সহযোগিতা। আমি ইতিমধ্যে ‘ব্ৰিকছ উপগ্ৰহ মণ্ডল’ সন্দৰ্ভত কাম কৰি আছোঁ।

এখোজ আগুৱাই গৈ আমি ‘ব্ৰিকছ মহাকাশ অন্বেষণ কনছৰ্টিয়াম’ গঠনৰ বিষয়ে বিবেচনা কৰিব পাৰোঁ।

ইয়াৰ অধীনত, আমি মহাকাশ গৱেষণা, বতৰ নিৰীক্ষণৰ দৰে ক্ষেত্ৰত বিশ্বজোৰা কল্যাণৰ বাবে কাম কৰিব পাৰোঁ।

মোৰ দ্বিতীয় পৰামৰ্শ হৈছে শিক্ষা, দক্ষতা বিকাশ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা।

‘ব্ৰিকছ’ক ভৱিষ্যতৰ বাবে সাজু সংগঠন হিচাপে গঢ়ি তুলিবলৈ আমি আমাৰ সমাজক ভৱিষ্যতৰ বাবে সাজু কৰিব লাগিব। প্ৰযুক্তিয়ে ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ভাৰতত, আমি দূৰৱৰ্তী আৰু গ্ৰাম্য অঞ্চলৰ শিশুসকলক শিক্ষা প্ৰদান কৰাৰ বাবে ‘ডিআইকেএছএ’ অৰ্থাৎ ‘জ্ঞান বিলোৱাৰ বাবে ডিজিটেল আন্তঃগাঁথনি মঞ্চ’ সৃষ্টি কৰিছোঁ।

লগতে, বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত উদ্ভাৱনৰ উদগণি দিয়াৰ বাবে আমি সমগ্ৰ দেশতে দহ হাজাৰ ‘অটল টিঙ্কাৰিং লেব’ স্থাপন কৰিছোঁ।

ভাষা সম্পৰ্কীয় বাধা আঁতৰাবলৈ ভাৰতত ‘এআই-আধাৰিত’ ভাষা মঞ্চ ‘ভাষিনী’ ব্যৱহাৰ কৰা হৈছে।

টীকাকৰণৰ বাবে ‘কোউইন প্লেটফৰ্ম’’ সৃষ্টি কৰা হৈছে।

‘ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি’ অৰ্থাৎ ‘ইণ্ডিয়া ষ্টেক’ৰ জৰিয়তে ৰাজহুৱা সেৱা প্ৰদানত বৈপ্লৱিক পৰিৱৰ্তন আনিছে।

বৈচিত্ৰ্য ভাৰতৰ এক বৃহৎ শক্তি।

ভাৰতৰ যিকোনো সমস্যাৰ সমাধান এই বৈচিত্ৰ্যৰ পৰীক্ষাৰ পৰা আহিছে।

সেয়েহে, এই সমাধানসমূহ পৃথিৱীৰ যিকোনো কোণত সহজে ৰূপায়ণ কৰিব পাৰি।

এই সন্দৰ্ভত, আমি ভাৰতত বিকশিত এই সকলোবোৰ মঞ্চ ‘ব্ৰিকছ’ অংশীদাৰসকলৰ সৈতে ভগাই লবলৈ পালে আনন্দিত হ'ম।

মোৰ তৃতীয় পৰামৰ্শটো হ'ল যে আমি একেলগে ইজনে সিজনৰ শক্তি চিনাক্ত কৰিবলৈ ‘দক্ষতা মেপিং’ কৰিব পাৰোঁ।

ইয়াৰ জৰিয়তে, আমি উন্নয়নী যাত্ৰাত ইজনে সিজনৰ পৰিপূৰক হ'ব পাৰোঁ। মোৰ চতুৰ্থ পৰামৰ্শটো হৈছে ‘বিগ কেট’ৰ সম্পৰ্কে।

ব্ৰিকছৰ পাঁচখন দেশত বৃহৎ সংখ্যক ‘বিগ কেট’ পোৱা যায়।

‘আন্তৰ্জাতিক বিগ কেট এলায়েন্স’ৰ অধীনত আমি তেওঁলোকক সুৰক্ষা দিবলৈ যুটীয়া প্ৰচেষ্টা গ্ৰহণ কৰিব পাৰোঁ।

মোৰ পঞ্চম পৰামৰ্শটো পৰম্পৰাগত ঔষধৰ বিষয়ে।

আমাৰ সকলো দেশতে পৰম্পৰাগত ঔষধৰ পৰিৱেশতন্ত্ৰ আছে।

আমি একেলগে পৰম্পৰাগত ঔষধৰ ভঁৰাল সৃষ্টি কৰিব পাৰোঁনে বাৰু?

মহামান্য,

দক্ষিণ আফ্ৰিকাৰ অধ্যক্ষতাত বিশ্ব দক্ষিণৰ দেশসমূহক ‘ব্ৰিকছ’ত বিশেষ গুৰুত্ব দিয়া হৈছে।

আমি ইয়াক হৃদয়েৰে স্বাগত জনাইছোঁ।

এয়া কেৱল বৰ্তমান সময়ৰ প্ৰত্যাশাই নহয়, প্ৰয়োজনীয়তাও।

ভাৰতে ইয়াৰ ‘জি-২০’ৰ সভাপতিত্ব কালত এই বিষয়টোক সৰ্বাধিক প্ৰাথমিকতা প্ৰদান কৰিছে।

"এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত"ৰ মূলমন্ত্ৰ সাৰোগত কৰি আমি সকলো দেশৰ সৈতে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰি আছোঁ।

এই বছৰৰ জানুৱাৰীত অনুষ্ঠিত ‘ভইচ অব গ্লোবেল ছাউথ সন্মিলন’ত ১২৫ খন দেশে অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ উদ্বেগ আৰু প্ৰাথমিকতাসমূহৰ বিষয়ে মত বিনিময় কৰে।

আমি ‘আফ্ৰিকান ইউনিয়ন’ক ‘জি-২০’ৰ স্থায়ী সদস্যপদ প্ৰদান কৰাৰ প্ৰস্তাৱো দিছোঁ।

মই নিশ্চিত যে সকলো ‘ব্ৰিকছ’ অংশীদাৰ ‘জি-২০’তো একেলগে আছে। আৰু সকলোৱে আমাৰ প্ৰস্তাৱটো সমৰ্থন কৰিব।

‘ব্ৰিকছ’ত এই সকলো প্ৰচেষ্টাক বিশেষ স্থান দিয়াৰ ফলত বিশ্ব দক্ষিণৰ দেশসমূহৰ আস্থা আৰু বৃদ্ধি পাব।

মহামান্য,

ভাৰতে ব্ৰিকছ সদস্যপদ সম্প্ৰসাৰণক সম্পূৰ্ণ সমৰ্থন কৰে। আৰু এই ক্ষেত্ৰত সহমতৰে আগবঢ়াৰ সিদ্ধান্তক স্বাগত জনায়।

২০১৬ চনত, ভাৰতৰ সভাপতিত্বৰ কালত আমি ‘ব্ৰিকছ’ক ‘সদা-সচেষ্ট’, ‘সামগ্ৰিক’ আৰু ‘সামূহিক সমাধান’ৰে সংজ্ঞায়িত কৰিছিলোঁ।

সাতবছৰৰ পিছত, আমি ক'ব পাৰোঁ যে, ‘ব্ৰিকছ’ হ'ব – ‘প্ৰতিবন্ধকতা ভংগ কৰা’, ‘অৰ্থনীতি পুনৰুজ্জীৱিত কৰা’, ‘উদ্ভাৱনৰ প্ৰেৰণা দিয়া’, ‘সুযোগ সৃষ্টি কৰা’ আৰু ‘ভৱিষ্যত গঢ়ি তোলা’ মঞ্চ।

আমি সকলো ‘ব্ৰিকছ অংশীদাৰ’ৰ সৈতে একেলগে এই নতুন সংজ্ঞাটো অৰ্থপূৰ্ণ কৰি তোলাত সক্ৰিয়   ভাৱে অৰিহণা যোগাই যাম।

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi