যোৱা ১০ বছৰত, ভাৰতত প্ৰায় ৩ নিযুত হেক্টৰ বন আৱৰণৰ সংযোজন, যাৰ ফলত দেশখনৰ মুঠ এলেকাৰ প্ৰায় এক-চতুৰ্থাংশলৈ সংযুক্ত বন আৱৰণ বৃদ্ধি পাইছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে ইয়াৰ মাটিৰ অবক্ষয়ৰ সমদৰ্শিতাৰ ৰাষ্ট্ৰীয় অংগীকাৰ বাস্তৱায়িত কৰিবলৈ অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী
২০৩০ ৰ ভিতৰত ২৬ নিযুত হেক্টৰ অবক্ষয়ী মাটি পুনৰুদ্ধাৰৰ লক্ষ্যই ২.৫ ৰপৰা ৩ বিলিয়ন টন কাৰ্বন ডাই অক্সাইডৰ সমতুল্য অতিৰিক্ত কাৰ্বন প্ৰশমনৰ সফলতাত উপনীত কৰাব
ভূমি অবক্ষয়ৰ সমস্যাৰাজিৰে মোকাবিলাৰ অৰ্থে বৈজ্ঞানিক পন্থা প্ৰোৎসাহনৰ বাবে ভাৰতত চেন্টাৰ অৱ এক্সেলেঞ্চ প্ৰতিষ্ঠা কৰা হৈছে
আমাৰ ভৱিষ্যৎ প্ৰজন্মসমূহৰ অৰ্থে এটা সুস্থ গ্ৰহ থৈ যোৱাটো আমাৰ পৱিত্ৰ কৰ্তব্যঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰ সংঘৰ “মৰুভূমিলৈ ৰূপান্তৰ, মাটিৰ অবক্ষয় আৰু খৰাং সন্দৰ্ভত উচ্চ-স্তৰীয় আলোচনা” ত মূল ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কনফাৰেন্স অৱ পাৰ্টিজ অৱ ইউনাইটেড নেশ্যনছ কনভেনশ্যন টু কম্বাট ডিজাৰ্টিফিকেশ্যন (UNCCD) ৰ ১৪ সংখ্যক সত্ৰৰ অধ্যক্ষ হিচাপে উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে।

সকলো জীৱন আৰু জীৱিকাৰ সহায়তাৰ অৰ্থে মাটিক মৌলিক ‘বিল্ডিং ব্লক’ হিচাপে অভিহিত কৰি, শ্ৰী মোদীয়ে মাটি আৰু ইয়াৰ সম্পদসমূহৰ ওপৰত প্ৰচণ্ড চাপ হ্ৰাসৰ আহ্বান জনায়। “স্পষ্টভাৱে, আমাৰ সমুখত বহু কাম আছে। কিন্তু আমি এয়া কৰিব পাৰো। আমি একেলগে এয়া কৰিব পাৰো,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূমি অবক্ষয়ৰ সমস্যাৰাজিৰে মোকাবিলাৰ অৰ্থে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰ কথা উল্লেখ কৰে। তেখেতে কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় ফৰামসমূহত ভূমি অবক্ষয়ৰ সমস্যাৰাজি উত্থাপন কৰাত আগ-ভাগ লৈছে। ২০১৯ ৰ দিল্লী ঘোষণাৰ উদ্দেশ্য আছিল ভূমি সন্দৰ্ভত উন্নতৰ সুগমতা আৰু ন্যস্ত ভাৰ তথা লিংগ-সংবেদনশীল ৰূপান্তৰমূলক প্ৰকল্পসমূহত গুৰুত্ব আৰোপ। ভাৰতত, যোৱা ১০ টা বছৰত, প্ৰায় ৩ নিযুত হেক্টৰ বন আৱৰণৰ সংযোজন ঘটিছে। যিয়ে, দেশখনৰ মুঠ এলেকাৰ প্ৰায় এক-চতুৰ্থাংশলৈ সংযুক্ত বন আৱৰণ বৃদ্ধি কৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

শ্ৰী মোদীয়ে অৱগত কৰে যে ভাৰতে ইয়াৰ মাটিৰ অবক্ষয়ৰ সমদৰ্শিতাৰ ৰাষ্ট্ৰীয় অংগীকাৰ বাস্তৱায়িত কৰিবলৈ অগ্ৰসৰ হৈছে। “তদুপৰি আমি ২০৩০ ৰ ভিতৰত ২৬ নিযুত হেক্টৰ অবক্ষয়ী মাটি পুনৰুদ্ধাৰৰ লক্ষ্যৰে অগ্ৰসৰ হৈছো। ই ২.৫ ৰপৰা ৩ বিলিয়ন টন কাৰ্বন ডাই অক্সাইডৰ সমতুল্য অতিৰিক্ত কাৰ্বন প্ৰশমনৰ সফলতাত উপনীত হ’বলৈ ভাৰতৰ অংগীকাৰৰ অৰ্থে বৰঙণি যোগাব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ কচ্ছৰ ৰাণৰ বন্নি অঞ্চলৰ উদাহৰণ দাঙি ধৰি কয় যে ইয়াত ভূমিৰ পুনৰুদ্ধাৰৰ ফলত ভূমি স্বাস্থ্যৰ উন্নতি সাধন হোৱাৰ সমান্তৰালভাৱে ইয়াৰ উৎপাদনশীলতা বৃদ্ধিৰ লগতে খাদ্য সুৰক্ষা বৃদ্ধি তথা জীৱিকাৰ মানদণ্ড উন্নত কৰি তুলিছে। বন্নি অঞ্চলত, ঘাঁহনিৰে মাটিৰ পুনৰুদ্ধাৰ সম্পন্ন কৰা হয়, যিয়ে মাটিৰ অবক্ষয়ৰ সমদৰ্শিতাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। তদুপৰি ই পশু পালন সম্পৰ্কীয় কাৰ্য্যকলাপত সহায়তা আগবঢ়াই আৰু পশু পালনক উদ্দীপনা যোগাই জীৱিকাত সহায় কৰে। “একেই উদ্দীপনাৰে, আমি থলুৱা কৌশলৰাজিক উদ্দীপনা যোগাই ভূমি পুনৰুদ্ধাৰৰ অৰ্থে ফলপ্ৰসূ কৌশলসমূহ উদ্ভাৱন কৰাটো প্ৰয়োজনীয়”, বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

দক্ষিণ-দক্ষিণ সহযোগিতাৰ উদ্দীপনাৰে, ভাৰতে অনুগামী উন্নয়নশীল ৰাষ্ট্ৰসমূহক ভূমি পুনৰুদ্ধাৰৰ কৌশলসমূহৰ বিকাশ সাধনত সহায় কৰি আছে। ভূমি অবক্ষয়ৰ সমস্যাৰাজিৰে মোকাবিলাৰ অৰ্থে বৈজ্ঞানিক পন্থা প্ৰোৎসাহনৰ বাবে ভাৰতত চেন্টাৰ অৱ এক্সেলেঞ্চ প্ৰতিষ্ঠা কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে। “মানুহৰ ক্ৰিয়া-কলাপৰ বাবে ভূমিৰ হোৱা ক্ষয় দূৰ কৰাটো মানৱ জাতিৰ সমন্বিত দায়িত্ব। আমাৰ ভৱিষ্যৎ প্ৰজন্মসমূহৰ অৰ্থে এটা সুস্থ গ্ৰহ থৈ যোৱাটো আমাৰ পৱিত্ৰ কৰ্তব্য”, বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"