যোৱা ১০ বছৰত, ভাৰতত প্ৰায় ৩ নিযুত হেক্টৰ বন আৱৰণৰ সংযোজন, যাৰ ফলত দেশখনৰ মুঠ এলেকাৰ প্ৰায় এক-চতুৰ্থাংশলৈ সংযুক্ত বন আৱৰণ বৃদ্ধি পাইছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে ইয়াৰ মাটিৰ অবক্ষয়ৰ সমদৰ্শিতাৰ ৰাষ্ট্ৰীয় অংগীকাৰ বাস্তৱায়িত কৰিবলৈ অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী
২০৩০ ৰ ভিতৰত ২৬ নিযুত হেক্টৰ অবক্ষয়ী মাটি পুনৰুদ্ধাৰৰ লক্ষ্যই ২.৫ ৰপৰা ৩ বিলিয়ন টন কাৰ্বন ডাই অক্সাইডৰ সমতুল্য অতিৰিক্ত কাৰ্বন প্ৰশমনৰ সফলতাত উপনীত কৰাব
ভূমি অবক্ষয়ৰ সমস্যাৰাজিৰে মোকাবিলাৰ অৰ্থে বৈজ্ঞানিক পন্থা প্ৰোৎসাহনৰ বাবে ভাৰতত চেন্টাৰ অৱ এক্সেলেঞ্চ প্ৰতিষ্ঠা কৰা হৈছে
আমাৰ ভৱিষ্যৎ প্ৰজন্মসমূহৰ অৰ্থে এটা সুস্থ গ্ৰহ থৈ যোৱাটো আমাৰ পৱিত্ৰ কৰ্তব্যঃ প্ৰধানমন্ত্ৰী

মাননীয়, সাধাৰণ পৰিষদৰ সভাপতি,

মাননীয় ভদ্র পুৰুষ-মহিলাসকল,

নমস্কাৰ,

এই উচ্চপর্যায়ৰ আলোচনাৰ আয়োজন কৰাৰ বাবে মই সাধাৰণ পৰিষদৰ সভাপতিক ধন্যবাদ জনাইছো৷

সকলো জীৱন আৰু জীৱিকাক ভূমি মৌলিক সহায় আগবঢ়োৱা, জীৱনৰ প্রতিটো ক্ষেত্রত যি এজনে আনজনৰ সৈতে সম্পর্ক ৰাখো, সেই কথা  আমি সকলোৱেই অনুভৱ কৰো৷ দুর্ভাগ্যজনকভাৱে আজি সমগ্ৰ বিশ্বৰ দুই-তৃতীয়াংশ অঞ্চলৰ ভূমিত অনুর্বৰতাই প্রভাৱ বিস্তাৰ কৰিছে। ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, এই সমস্যাই আমাৰ সমাজ, অর্থনীতি, খাদ্য সুৰক্ষা, স্বাস্থ্য আৰু জীৱনৰ মান আৰু নিৰাপত্তাৰ বুনিয়াদক ক্ষতি কৰিব৷ সেয়েহে, ভূমি আৰু সম্পদৰ ওপৰত যি বিপুল চাপ আছে, আমি সেয়া কমাব লাগিব৷ স্পষ্টভাৱে আমি বহু কাম কৰিব লাগিব৷ কিন্তু আমি সেইটো কৰিব পাৰো। আমি একেলগে এইটো কৰিম৷

মাননীয় সভাপতি,

ভাৰতত আমি ভূমিক সকলো সময়তে গুৰুত্ব দি আহিছো। আমি পবিত্র বসুন্ধৰাক আমাৰ মাতৃ হিচাপে বিবেচনা কৰো৷ ভাৰতে আন্তর্জাতিক ফ’ৰামত ভূমিৰ অনুর্বৰতাৰ সমস্যাক তুলি ধৰিছে। ২০১৯ চনৰ দিল্লী ঘোষণাত ভূমিৰ ওপৰত ন্যস্ত দায়িত্ব আৰু অধিক অধিকাৰৰ আহ্বান জনাইছে আৰু লিংগ সংবেদী সংস্কাৰমূলক প্রকল্পৰ ওপৰত গুৰুত্ব দিছে। ভাৰতত বিগত ১০ বছৰত প্রায় ৩০ লাখ হেক্টৰ ভূমিত বনানীকৰণ কৰা হৈছে। ইয়াৰ ফলত দেশৰ মুঠ ভূমিৰ এক চতুর্থাংশ বনাঞ্চল গঢ়ি তোলাটো সম্ভৱ হৈছে।

ভূমিৰ অনুর্বৰতা দূৰ কৰি ক্ষাৰকীয় সমতা অনাৰ সন্দৰ্ভত আমি আমাৰ ৰাষ্ট্ৰীয় প্ৰতিশ্ৰতি পালন কৰি আহিছো৷ ২০৩০চনৰ ভিতৰত ২.৬০ কোটি হেক্টৰ ভূমিক উর্বৰ কৰি তোলাৰ বাবে উদ্যোগ লোৱা হৈছে৷ ইয়াৰ ফলত আঢ়ৈৰ পৰা তিনিশ কোটি টন অতিৰিক্ত কার্বন নিৰ্গমণ হ্ৰাসৰ যি প্রতিশ্রুতি ভাৰত দিছে, সেই লক্ষ্যত উপনীত হ’ব৷

আমি বিশ্বাস কৰো যে ভূমিৰ উর্বৰতা ঘূৰাই অনাৰ জৰিয়তে মাটিৰ সু-স্বাস্থ্য নিশ্চিত কৰি ভূমিৰ উর্বৰতা আৰু খাদ্য সুৰক্ষা বৃদ্ধিত আৰু জীৱিকাৰ মান উন্নয়ন ঘটায়। ভাৰতৰ বিভিন্ন ঠাইত আমি নতুন নতুন উদ্যোগ লৈছো৷ আমি আপোনালোকৰ এটা উদাহৰণ দিছো, গুজৰাটৰ কচ্ছৰ ৰণত মৰু অঞ্চলত ভূমিৰ অনুর্বৰতাৰ সমস্যা তীব্র আকাৰ ধাৰণ কৰে। তাত খুব কম বৰষুণ হৈছিল৷ এই অঞ্চলত ভূমিৰ উর্বৰতা ঘূৰাই অনাৰ বাবে ঘাঁহ ভূমিৰ ব্যৱস্থা কৰা হয়। যাৰ ফলত ভূমিৰ অনুর্বৰতাৰ সমস্যা প্রাকৃতিকভাবে দূৰ হয়। ইয়াৰ সহায্যত চৰণীয়া ক্ষেত্র গঢ়ি উঠা আৰু পশুপালনক জীৱিকা হিচাপে মানুহ গ্রহণ কৰে। একেই মানসিকতাত আমাৰ দেশীয় প্রযুক্তিৰ সহায়ত ভূমিৰ উর্বৰতা ঘূৰাই আনিবলৈ ফলপ্রসূ কৌশল গ্রহণ কৰিব লাগিব৷

মাননীয় সভাপতি,

উন্নয়নশীল দেশসমূহৰ বাবে ভূমিৰ অনুর্বৰতা এক বিশেষ প্ৰত্যাহ্বান হিচাপে ধৰা দিছে। দক্ষিণ-দক্ষিণ সহযোগিতাৰ জৰিয়তে ভাৰতে মৈত্ৰীপূৰ্ণ উন্নয়নশীল ৰাষ্ট্রসমূহক ভূমিৰ উর্বৰতা ঘূৰাই আনিবলৈ প্রয়োজনীয় কৌশল গ্রহণত সহায় কৰিছে। বিজ্ঞানসন্মত পদ্ধতিৰে ভূমিৰ উর্বৰতা ঘূৰাই অনাৰ বাবে ভাৰতত এক উৎকর্ষ কেন্দ্র গঢ়ি তোলা হৈছে৷

মাননীয় সভাপতি,

মানুহৰ কামৰ বাবে ভূমিৰ যি ক্ষতি হৈছে, সেয়া পূৰণ কৰি বিপৰীত দিশত আগুৱাই যোৱাটো সমগ্র মানৱ জাতিৰ সামূহিক দায়িত্ব। আমাৰ ভৱিষ্যৎ প্রজন্মৰ বাবে সুন্দৰ এখন পৃথিৱী ৰাখি যোৱা আমাৰ পবিত্র কর্তব্য। তেওঁলোকৰ আৰু আমাৰ বাবে যাতে এই উচ্চপর্যায়ৰ আলোচনাৰ পৰা ফলপ্রসূ সমাধান লাভ কৰিব পাৰো, মই তাৰবাবে শুভেচ্ছা জনাইছো৷

ধন্যবাদ৷

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors

Media Coverage

India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Members of the Governing Body of Shri Ram College of Commerce meets the Prime Minister
April 25, 2026

A delegation comprising members of the Governing Body of Shri Ram College of Commerce, met the Prime Minister, Shri Narendra Modi, today. Shri Modi noted that this year marks the centenary of the institution, a significant milestone in its illustrious journey of academic excellence and nation-building. He lauded the college’s long-standing contribution to higher education and its role in nurturing generations of leaders across diverse fields.

On the occasion, a commemorative stamp marking the centenary year of Shri Ram College of Commerce was also released.

The Prime Minister posted on X:

"Met a delegation consisting of the Governing Body of the Shri Ram College of Commerce, one of India’s most reputed educational institutions. This year, we are marking the centenary of this institution. A commemorative stamp was released too. My best wishes to this institution."