মহামহিম,

 

এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মোৰ ভ্ৰাতৃ তথা ইউএইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদৰ সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

 

ইমান ব্যস্ততাৰ মাজতো তেওঁৰ ইয়ালৈ অহা, আমাৰ লগত কেইটামান মুহূৰ্ত কটোৱা আৰু তেওঁৰ সমৰ্থন লাভ কৰাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰিছোঁ। ইউএইৰ সৈতে এই অনুষ্ঠানৰ সহ-আয়োজক হিচাপে আনন্দিত হৈছোঁ। এই পদক্ষেপত যোগদানৰ বাবে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰ-শ্ব’নেকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

 

বন্ধুসকল,

 

মই সদায় অনুভৱ কৰি আহিছো যে কাৰ্বন ক্ৰেডিটৰ পৰিসৰ অতি সীমিত আৰু এই চিন্তাটো এক প্ৰকাৰে বাণিজ্যিক উপাদানৰদ্বাৰা প্ৰভাৱিত হৈছে। কাৰ্বন ক্ৰেডিট ব্যৱস্থাত সামাজিক দায়িত্ববোধৰ বহু অভাৱ দেখিছোঁ। আমি সামগ্ৰিকভাৱে নতুন দৰ্শনত গুৰুত্ব দিব লাগিব আৰু এয়াই হৈছে গ্ৰীন ক্ৰেডিটৰ ভিত্তি।

 

সাধাৰণতে মানৱ জীৱনত আমি তিনিবিধ বস্তুৰ অভিজ্ঞতা লাভ কৰোঁ। আমাৰ স্বাভাৱিক জীৱনতো মানুহক দেখিলে আমাৰ স্বভাৱৰ তিনিটা কথাই চৰ্চালৈ আহে। এটা প্ৰকৃতি অৰ্থাৎ প্ৰৱণতা, আনটো বিকৃতি আৰু তৃতীয়টো সংস্কৃতি। এটা প্ৰকৃতি, এটা স্বাভাৱিক প্ৰৱণতা আছে, যিয়ে কয় যে মই পৰিবেশৰ কোনো ক্ষতি নকৰো। এইটোৱেই তেওঁৰ প্ৰৱণতা।

 

এটা বিকৃতি, ধ্বংসাত্মক মানসিকতা, য’ত এজনে ভাৱে যে পৃথিৱীৰ যিয়েই নহওক, ভৱিষ্যত প্ৰজন্মৰ যিয়েই নহওক কিয়, যিমানেই ক্ষতি নহওক কিয়, সেয়া মোৰ বাবে উপকাৰী হ’ব লাগে। তাৰমানে ই এক বিকৃত মানসিকতা। আৰু, এটা সংস্কৃতি আছে, এটা সংস্কৃতি আছে, যিয়ে পৰিবেশৰ সমৃদ্ধিত নিজৰ সমৃদ্ধি প্ৰত্যক্ষ কৰে।

 

কোনোৱে অনুভৱ কৰে যে যদি তেওঁ পৃথিৱীখন ধ্বংসও কৰে, তেন্তে ইয়াৰদ্বাৰা তেওঁৰ কিন্তু উপকাৰ হ’ব। আমি বিকৃতি ত্যাগ কৰি পৰিবেশৰ সমৃদ্ধিৰ মাধ্যমেৰে আমাৰ সমৃদ্ধিৰ সংস্কৃতি গঢ়ি তুলিম, তেতিয়াহে প্ৰকৃতি অৰ্থাৎ পৰিবেশ সুৰক্ষিত হ’ব।

 

আমি আমাৰ জীৱনত স্বাস্থ্য কাৰ্ডক গুৰুত্ব দিওঁ, ইয়াকে লৈ আমি সচেতন। তেওঁলোকে ইয়াত ইতিবাচক কথা যোগ কৰিবলৈ চেষ্টা কৰে, একেদৰে আমি পৰিবেশৰ বিষয়েও চিন্তা কৰিবলৈ আৰম্ভ কৰা উচিত।

 

পৃথিৱীৰ হেল্থ কাৰ্ডত ইতিবাচক পইন্ট যোগ কৰিবলৈ কি কৰিব পাৰি সেয়া আমি চাব লাগিব। আৰু এয়াই মোৰ মতে গ্ৰীন ক্ৰেডিট। আৰু সেইটোৱেই মোৰ গ্ৰীন ক্ৰেডিটৰ ধাৰণা। আমি আমাৰ নীতি আৰু সিদ্ধান্তত চিন্তা কৰিব লাগিব যে বিশ্বৰ স্বাস্থ্য কাৰ্ডত গ্ৰীন ক্ৰেডিট কেনেকৈ যোগ কৰা হ’ব।

 

আৰু তাৰ পিছত, এই ইতিবাচক কাৰ্য্যৰ বাবে সেই ব্যক্তি বা সংস্থাটোক গ্ৰীন ক্ৰেডিট দিয়া হ’ব। এই সেউজ ক্ৰেডিটসমূহ ভৱিষ্যতৰ সম্প্ৰসাৰণত সহায়ক হ’ব আৰু ব্যৱসায়িকভাৱেও হ’ব পাৰে। সেউজ ক্ৰেডিটৰ সমগ্ৰ প্ৰক্ৰিয়াটো ডিজিটেল হ’ব, সেয়া পঞ্জীয়নেই হওক, বাগিচাৰ পৰীক্ষণেই হওক বা সেউজ ক্ৰেডিট জাৰি কৰাই হওক।

 

আৰু এয়া মই আপোনালোকক দিয়া এটা সৰু উদাহৰণ মাত্ৰ। এনে অসীম ধাৰণাত আমি একেলগে কাম কৰিব লাগিব। সেইবাবেই আজি আমি এটা গ্ল’বেল প্লেটফৰ্মো মুকলি কৰিছো। এই পৰ্টেলটোৱে পৰিবেশ সুৰক্ষাৰ সৈতে জড়িত ধাৰণা, অভিজ্ঞতা, আৰু উদ্ভাৱনসমূহ একে ঠাইতে একত্ৰিত কৰিব। আৰু এই জ্ঞান ভঁৰালটো বিশ্ব পৰ্য্যায়ত সেউজ ক্ৰেডিটৰ বাবে নীতি, পদ্ধতি আৰু বিশ্বব্যাপী চাহিদা গঢ় দিয়াত সহায়ক হ’ব।

 

বন্ধুসকল,

 

আমাৰ দেশত কোৱা হয়, “প্ৰকৃতিঃ ৰক্ষতি ৰক্ষিত” অৰ্থাৎ প্ৰকৃতিয়ে প্ৰকৃতিক ৰক্ষা কৰাজনক সুৰক্ষা দিয়ে। এই মঞ্চৰপৰা আপোনালোকক এই পদক্ষেপত যোগদান কৰিবলৈ আহ্বান জনাইছো। একেলগে এই বিশ্বৰ স্বাৰ্থত, আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে আমি আগবাঢ়িব লাগিব।

 

আমাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আহিবলৈ সময় উলিওৱাৰ বাবে মোজাম্বিকৰ ৰাষ্ট্ৰপতিগৰাকীক মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

 

আকৌ এবাৰ আপোনালোক সকলোকে আজি এই মঞ্চত যোগদানৰ বাবে অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains fastest-growing major economy, domestic investors power market resilience

Media Coverage

India remains fastest-growing major economy, domestic investors power market resilience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মাৰ্চ 2026
March 15, 2026

Empowering Bharat: From Loans to Global Leadership Under PM Modi