প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী শ্বিগেৰু ইছিবাৰ সৈতে   মিয়াগি প্ৰিফেকচাৰৰ অন্তৰ্গত চেণ্ডাইলৈ যাত্ৰা কৰে। চেণ্ডাইত দুয়োগৰাকী নেতাই অৰ্ধপৰিবাহী খণ্ডৰ আগশাৰীৰ জাপানী কোম্পানী টকিঅ’ ইলেক্ট্ৰন মিয়াগি লিমিটেড (টি ই এল মিয়াগি) পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত প্ৰধানমন্ত্ৰী মোদীক বিশ্ব অৰ্ধপৰিবাহী মূল্য শৃংখলত টকিঅ’ ইলেক্ট্ৰন মিয়াগি লিমিটেডৰ ভূমিকা, ইয়াৰ উন্নত উৎপাদন ক্ষমতা তথা  ভাৰতৰ সৈতে বৰ্তমান  চলি থকা আৰু  ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰা  সহযোগিতাৰ বিষয়ে অৱগত কৰা হয়। প্ৰকল্পটো  ভ্ৰমণৰ জৰিয়তে নেতাদ্বয়ে  অৰ্ধপৰিবাহী যোগান শৃংখল, নিৰ্মাণ আৰু পৰীক্ষণৰ ক্ষেত্ৰত সহযোগিতা গঢ়ি তোলাৰ বাবে দুয়োখন দেশৰ মাজত থকা সুযোগসমূহৰ অন্বেষণ কৰে।

 

প্ৰধানমন্ত্ৰী  মোদীৰ এই  চেণ্ডাই ভ্ৰমণে ভাৰতৰ ক্ৰমবৰ্ধমান অৰ্ধপৰিবাহী উৎপাদন পৰিৱেশ তন্ত্ৰ আৰু উন্নত অৰ্ধপৰিবাহী সঁজুলি তথা  প্ৰযুক্তিৰ ক্ষেত্ৰত জাপানৰ শক্তিৰ মাজত পৰিপূৰকতাৰ দিশটোক  আলোকপাত কৰিছে। জাপান–ভাৰত অৰ্ধপৰিবাহী যোগান শৃংখল অংশীদাৰিত্বৰ সহযোগিতাৰ লগতে ভাৰত–জাপান ঔদ্যোগিক প্ৰতিযোগিতামূলক অংশীদাৰিত্ব তথা অৰ্থনৈতিক সুৰক্ষা সম্পৰ্কীয় আলোচনাৰ অধীনত চলি থকা অংশীদাৰিত্বৰ বিষয়ত  দুয়োপক্ষই সংশ্লিষ্ট  খণ্ডত সহযোগিতা আৰু অধিক  গভীৰ কৰাৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ সুদৃঢ় কৰে।

প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী ইছিবাৰ এই যৌথ ভ্ৰমণে ভাৰত তথা জাপানৰ শক্তিশালী, স্থিতিস্থাপক আৰু বিশ্বাসযোগ্য অৰ্ধপৰিবাহী যোগান শৃংখল গঢ়ি তোলাৰ দৃষ্টিভংগীক আলোকপাত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ইছিবাক এই ভ্ৰমণত সংগ দিয়াৰ  বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু কৌশলগত ক্ষেত্ৰত জাপানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ভাৰতৰ প্ৰস্তুতিৰ কথা  পুনৰবাৰ  দৃঢ়তাৰে প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰী ইছিবাই চেণ্ডাইত প্ৰধানমন্ত্ৰী মোদীৰ সন্মানত দুপৰীয়াৰ ভোজৰো আয়োজন । ইয়াত  মিয়াগি প্ৰিফেকচাৰৰ গৱৰ্ণৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains fastest-growing major economy, domestic investors power market resilience

Media Coverage

India remains fastest-growing major economy, domestic investors power market resilience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মাৰ্চ 2026
March 15, 2026

Empowering Bharat: From Loans to Global Leadership Under PM Modi