প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় অনুদানপ্ৰাপ্ত ১০০ তকৈও অধিক কাৰিকৰী প্ৰতিষ্ঠানৰ সঞ্চালকৰ সৈতে হোৱা মত-বিনিময়ৰ পিছত বৈঠকত উপস্থাপন কৰা দেশৰ প্ৰধান বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ সৈতে হোৱা বাৰ্তালাপৰ বিৱৰণ ভাগ বতৰা কৰে। প্ৰধানমন্ত্ৰীয়ে আইআইএছচি বেংগালুৰু, আইআইটি মুম্বাই, আইআইটি চেন্নাই, আইআইটি কানপুৰৰ বিষয়ে টুইট কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয়

আগশাৰীৰ আইআইটি আৰু @iiscbangalore সঞ্চালকসকলৰ সৈতে এক ফলপ্ৰসূ বাৰ্তালাপ হৈছিল য’ত আমি ভাৰতক গৱেষণা আৰু উন্নয়নমূলক আৰু উদ্ভাৱনমূলক কামৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা আৰু যুৱপ্ৰজন্মৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত চিন্তা-ভাবনা বিনিময় কৰিছিলোঁ।

 

@iiscbangalore দলটোৱে তেওঁলোকৰ গৱেষণা আৰু উন্নয়নমূলক পদক্ষেপৰ মাজৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম উপস্থাপন কৰে। ৰব’টিক্স, অংক/বিজ্ঞানৰ শিক্ষকসকলক প্ৰশিক্ষণ দিয়া, কোভিড-১৯ৰ সময়ত কাম কৰাৰ দৰে বিভিন্ন বিষয়ক লৈ আলোচনা হৈছিল।তেওঁলোকে আত্মনিৰ্ভৰ ভাৰত অভিযানত স্বাস্থ্য খণ্ডৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ বিষয় সন্দৰ্ভত উল্লেখ কৰিছিল।

 

@iitbombayৰ নাইট্ৰজেন উৎপাদক যন্ত্ৰক অক্সিজেন উৎপাদক যন্ত্ৰলৈ ৰূপান্তৰ কৰাৰ প্ৰযুক্তি, কৰ্কট ৰোগ নিৰাময়ৰ বাবে কোষ চিকিৎসা, এলএএছই কাৰ্যসূচীৰ জৰিয়তে শিক্ষাক্ষেত্ৰত নানা উদ্ভাৱনমূলক উদ্যোগ আৰম্ভ কৰা, ডিজিটেল হেল্থ, কৃত্ৰিম মেধা আৰু ডাটা বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমৰ বিষয়ে জানিব পাৰি মই অতিশয় সুখী হৈছিলোঁ।

 

@iitmadrasৰ প্ৰতিনিধিসকলে কভিড পৰিস্থিতি মোকাবিলা কৰাত মডুলাৰ চিকিৎসালয় স্থাপন কৰা, সংক্ৰমণৰ হটস্পট এলেকাসমূহ সম্পৰ্কে পূৰ্বানুমান, প্ৰগ্ৰেমিং আৰু ডাটা বিজ্ঞানত অনলাইনত বিএছচি পাঠ্যক্ৰম আৰু তেওঁলোকৰ বহুমুখী গৱেষণাৰ বিষয়ে জানিবলৈ দিছিল। তেওঁলোকে সমগ্ৰ ভাৰতত ডিজিটেল কাম-কাজ আৰু অধিক বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে।

 

ব্লকচেইন প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নত গৱেষণা আৰু উদ্ভাৱনৰ কেন্দ্ৰ হৈ উঠিছে @IITKanpur। ইয়াত বায়ুৰ মানদণ্ড পৰীক্ষা কৰা, বৈদ্যুতিনভাৱে ইন্ধন ভৰোৱা আৰু নানাধৰণৰ বিষয়ৰ কাম-কাজ দেখি মই গৌৰৱান্বিত। ভাৰতৰ যুৱ শক্তিক সহায় কৰাৰ ক্ষেত্ৰত ষ্টাৰ্ট-আপ, পেছাদাৰীসকলৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰতো এই আইআইটিয়ে যথেষ্ট লাভান্বিত কৰিব।

এই বৈঠকৰ বিষয়ে বিস্তৃতভাৱে জানিবলৈ তলৰ লিংকত ক্লিক কৰক - https://pib.gov.in/PressReleseDetail.aspx?PRID=1733638

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, India sees highest Q1 smartphone exports by value

Media Coverage

Led by iPhones, India sees highest Q1 smartphone exports by value
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুলাই 2026
July 29, 2026

Aatmanirbhar & Eco-Conscious: PM Modi’s Record of Results in Conservation, Banking, Exports & Beyond