প্ৰধানমন্ত্ৰীয়ে ‘বাৰাণসী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম’ৰ আধাৰশিলা স্থাপন কৰিব
ভগৱান শিৱৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব ষ্টেডিয়ামৰ আৰ্হিয়ে
সমগ্ৰ উত্তৰ প্ৰদেশত প্ৰায় ১১১৫ কোটি টকা ব্যয়েৰে নিৰ্মিত ১৬ খন ‘অটল আৱাসিক বিদ্যালয়’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ‘কাশী সাংসদ সাংস্কৃতিক মহোৎসৱ ২০২৩’ৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ছেপ্টেম্বৰ, ২০২৩-ত বাৰাণসী ভ্ৰমণ কৰিব। সেইদিনা দুপৰীয়া প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব। আবেলি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ‘ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰ’ত উপস্থিত হ'ব আৰু কাশী সাংসদ সাংস্কৃতিক মহোৎসৱ ২০২৩-ৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ এই কাৰ্যসূচীৰ সময়ত সমগ্ৰ উত্তৰ প্ৰদেশত নিৰ্মিত ১৬ খন ‘অটল আৱাসিক বিদ্যালয়ো’ উদ্বোধন কৰিব। 

বাৰাণসীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামখন আধুনিক বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক পদক্ষেপ হ'ব। বাৰাণসীৰ ৰাজতালাবৰ গঞ্জৰীত নিৰ্মাণ হ'বলগীয়া আধুনিক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামখন প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে ৩০ একৰতকৈয়ো অধিক এলেকাত বিকশিত কৰা হ'ব। এই ষ্টেডিয়ামৰ বিষয়ভিত্তিক স্থাপত্যই অৰ্ধচন্দ্ৰাকাৰ চালৰ আৱৰণ, ত্ৰিশূল আকৃতিৰ ফ্লাড-লাইট, ঘাটৰ খটখটীৰ আৰ্হিৰ আসন, সন্মুখ ভাগত বিল্বপত্ৰ আকৃতিৰ ধাতৱীয় চাদৰ আৰ্হিয়ে ভগৱান শিৱৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব। ষ্টেডিয়ামখনত ৩০,০০০ দৰ্শকে আসন গ্ৰহণৰ সামৰ্থ্য থাকিব।

মান সম্পন্ন শিক্ষাৰ প্ৰৱেশাধিকাৰৰ পৰিসৰ অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে সমগ্ৰ উত্তৰ প্ৰদেশত প্ৰায় ১১১৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ষোল্লখন অটল আৱাসিক বিদ্যালয় কেৱল কভিড-১৯ মহামাৰীত ক্ষতিগ্ৰস্ত শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আৰু অনাথ শিশুসকলৰ বাবে আৰম্ভ কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে শিশুসকলৰ সামগ্ৰিক বিকাশত মান সম্পন্ন শিক্ষা আৰু সহযোগিতা আগবঢ়োৱা। প্ৰতিখন বিদ্যালয়ত ১০-১৫ একৰ এলেকাত শ্ৰেণীকোঠা, ক্ৰীড়া ক্ষেত্ৰ, মনোৰঞ্জনক্ষেত্ৰ, একোটা ক্ষুদ্ৰ প্ৰেক্ষাগৃহ, ছাত্ৰাবাস চৌহদ, ভোজনালায় আৰু কৰ্মচাৰীৰ বাবে আৱাসিক গৃহৰ সৈতে নিৰ্মাণ কৰা হয়। এই আৱাসিক বিদ্যালয়সমূহৰ প্ৰতিখনতে ১০০০ গৰাকী শিক্ষাৰ্থীক স্থান দিব পৰা যাব।

কাশীৰ সাংস্কৃতিক জীৱন্ততা উজ্জীৱিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰে ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ’ৰ ধাৰণা গ্ৰহণ কৰা হৈছে। মহোৎসৱত ১৭ টা শাখাত ৩৭,০০০ৰো অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল, যিসকলে গীত, বাদ্য সংগীত, নুক্কড় নাটক, নৃত্য আদিত তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিছিল। ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিতব্য কাৰ্যসূচীৰ সময়ত প্ৰতিভাসম্পন্ন অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ সাংস্কৃতিক দক্ষতা প্ৰদৰ্শনৰ সুযোগ পাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi