প্ৰধানমন্ত্ৰীয়ে চিলভাছাত ২,৫৮০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে চিলভাছাত ‘এনএএমঅ' হস্পিতাল’ (প্ৰথম পৰ্যায়) উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ আৰম্ভ কৰিব আৰু চুৰাটত ২.৩ লাখতকৈয়ো অধিক হিতাধিকাৰীক ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ৰ লাভ বিতৰণ কৰিব
‘আন্তৰ্জাতিক মহিলা দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে নৱসাৰীত ‘লাখপতি দিদি’সকলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব
প্ৰধানমন্ত্ৰীয়ে নৱসাৰীত ‘জি-সফল’ (জীৱিকা বৃদ্ধিৰ বাবে অন্ত্যোদয় পৰিয়ালৰ বাবে গুজৰাট আঁচনি) আৰু ‘জি-মৈত্ৰী’ (গুজৰাট মেন্টৰশ্বিপ এণ্ড এক্সেলেৰেচন অব পাৰ্ছনেল ইনকাম) আৰম্ভ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব। তেওঁ ৭ মাৰ্চত চিলভাছা ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ২ বজাত তেওঁ ‘এনএএমঅ' হস্পিতাল’ (প্ৰথম পৰ্যায়) উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ২:৪৫ বজাত তেওঁ চিলভাছাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ২৫৮০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত তেওঁ চুৰাট ভ্ৰমণ কৰিব আৰু সন্ধিয়া প্ৰায় ৫ বজাত তেওঁ ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্ততা অভিযান’ আৰম্ভ কৰিব। ৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে নৱসাৰী ভ্ৰমণ কৰিব আৰু পুৱা প্ৰায় ১১:৩০ বজাত তেওঁ ‘লাখপতি দিদি’সকলৰ সৈতে বাৰ্তালাপ কৰিব যাৰ পিছত এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত হ'ব য'ত বিভিন্ন আঁচনিৰ শুভাৰম্ভ কৰা হ'ব।


কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউত প্ৰধানমন্ত্ৰী

দেশৰ সকলো প্ৰান্ততে স্বাস্থ্যসেৱাৰ সা-সুবিধা বৃদ্ধি কৰাটো প্ৰধানমন্ত্ৰীৰ প্ৰাথমিক লক্ষ্য হৈ উঠিছে। ইয়াৰ সৈতে সংগতি ৰাখি তেওঁ চিলভাছাত ‘এনএএমঅ' হস্পিতাল’ (প্ৰথম পৰ্যায়) উদ্বোধন কৰিব। ৪৬০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মাণ কৰা এই ৪৫০ খন বিচনাযুক্ত চিকিৎসালয়খনে কেন্দ্ৰীয় শাসিত অঞ্চলটোত স্বাস্থ্যসেৱা যথেষ্ট শক্তিশালী কৰিব। ই অঞ্চলটোৰ লোকসকলক, বিশেষকৈ জনজাতীয় সম্প্ৰদায়সমূহক অত্যাধুনিক চিকিৎসা সেৱা প্ৰদান কৰিব।


প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বাবে চিলভাছাত ২৫৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত আছে বিভিন্ন গাওঁপথ আৰু অন্যান্য পথ আন্তঃগাঁথনি, বিদ্যালয়, স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ, পঞ্চায়ত আৰু প্ৰশাসনিক ভৱন, অংগনৱাড়ী কেন্দ্ৰ, পানী যোগান আৰু নৰ্দমা আন্তঃগাঁথনি। এই প্ৰকল্পসমূহৰ লক্ষ্য হৈছে সংযোগ উন্নত কৰা, ঔদ্যোগিক বিকাশত উদগনি দিয়া, পৰ্যটনক উৎসাহিত কৰা, নিযুক্তিৰ সুযোগ সৃষ্টি কৰা আৰু অঞ্চলটোত জনকল্যাণমূলক পদক্ষেপ বৃদ্ধি কৰা।

‘প্ৰধানমন্ত্ৰীয়ে ৰোজগাৰ মেলা’ৰ অধীনত নিযুক্তি পত্ৰ বিতৰণ কৰিব। তেওঁ ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা- নগৰ’, ‘গিৰ আদৰ্শ আজীৱিকা যোজনা’ আৰু ‘চিলভান দিদি আঁচনি’ৰ অধীনত হিতাধিকাৰীসকলক লাভ বিতৰণ কৰিব।


‘গিৰ আদৰ্শ আজীৱিকা যোজনা’ৰ উদ্দেশ্য হৈছে সৰু দুগ্ধ পাম স্থাপন আৰু তেওঁলোকৰ জীৱনত সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন অনাৰ জৰিয়তে অঞ্চলটোত অনুসূচিত জাতি (এছচি), অনুসূচিত জনজাতি (এছটি), অন্যান্য পিছপৰা শ্ৰেণী (অ'বিচি), সংখ্যালঘু আৰু দিব্যাংগজন, মহিলাসকলৰ অৰ্থনৈতিক সৱলীকৰণৰ প্ৰয়াস বৃদ্ধি কৰা। ‘চিলভান দিদি’ আঁচনি হৈছে পথৰ দাঁতিত বেহা কৰা মহিলা বিক্ৰেতাসকলক ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ৰ সহ-পুঁজিৰ সৈতে নান্দনিকভাৱে আৰ্হি কৰা বিপনীবাহন প্ৰদান কৰি জীৱনশৈলী উন্নত কৰাৰ এক প্ৰচেষ্টা।

গুজৰাটত প্ৰধানমন্ত্ৰী

৭ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে চুৰাটৰ লিম্বায়াত ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচী আৰম্ভ কৰিব আৰু ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ৰ অধীনত ২.৩ লাখৰো অধিক হিতাধিকাৰীক লাভ বিতৰণ কৰিব।

মহিলা সৱলীকৰণ চৰকাৰৰ দ্বাৰা কৰা কামৰ এক আধাৰশিলা হৈ আহিছে। প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা নিৰ্দেশিত হৈ চৰকাৰে তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ দিশত পদক্ষেপ ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ লগত সংগতি ৰাখি ৮ মাৰ্চত ‘আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে নৱসাৰী জিলাৰ বনসী বৰচী গাঁৱত ‘লাখপতি দিদি’সকলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু ‘লাখপতি দিদি’সকলৰ সৈতে বাৰ্তালাপ কৰিব। তেওঁ ৫ গৰাকী ‘লাখপতি দিদি’ক ‘লাখপতি দিদি’ৰ প্ৰমাণপত্ৰৰে সম্বৰ্ধনা জনাব।

প্ৰধানমন্ত্ৰীয়ে গুজৰাট চৰকাৰৰ ‘জি-সফল’ (জীৱিকা বৃদ্ধিৰ বাবে অন্তোদয় পৰিয়ালৰ বাবে গুজৰাট আঁচনি) আৰু গুজৰাট চৰকাৰৰ ‘জি-মৈত্ৰী’ (গুজৰাট মেন্টৰশ্বিপ এণ্ড এক্সেলেৰেচন অব পাৰ্ছনেল ইনকাম) কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।


‘জি-মৈত্ৰী’ আঁচনিয়ে গ্ৰাম্য জীৱিকাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে কাম কৰি থকা ষ্টাৰ্টআপসমূহক বিত্তীয় সহায় আৰু হস্তান্তৰিত সহযোগ্তা আগবঢ়াব।


‘জি-সফল’-য়ে গুজৰাটৰ দুখন উচ্চাকাংক্ষী জিলা আৰু তেৰটা উচ্চাকাংক্ষী খণ্ডত অন্ত্যোদয় পৰিয়ালৰ ‘এছএইচজি’-ৰ মহিলাসকলক বিত্তীয় সহায় আৰু উদ্যোগী প্ৰশিক্ষণ প্ৰদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Out-of-pocket expenditure on health shows declining trend, states latest National Health Accounts

Media Coverage

Out-of-pocket expenditure on health shows declining trend, states latest National Health Accounts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to NTR Garu on his birth anniversary
May 28, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to NTR Garu on his birth anniversary.

The Prime Minister said that NTR Garu is fondly remembered for his commitment towards public welfare and governance which ensured dignity for the poor and marginalised.

The Prime Minister also noted that NTR Garu’s contributions to cinema continue to captivate generations and said that his life and ideals remain a source of immense inspiration.

The Prime Minister wrote on X;

“Tributes to the great NTR Garu on his birth anniversary. He is fondly remembered for his commitment towards public welfare and governance which ensured dignity for the poor and marginalised. His contributions to cinema continue to captivate generations. His life and ideals remain a source of immense inspiration. The NDA Government in Andhra Pradesh, under the leadership of my friend Chandrababu Naidu Garu, is committed to advancing the aspirations he cherished for the people.

@ncbn”