এক বর্ষ-পৰিনাম উৎকৰ্ষ’: ৰাজস্থান চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি’ কার্যসূচীত অংশগ্রহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
৪৬,৩০০ কোটি টকাৰো অধিক মূল্যৰ শক্তি, পথ, ৰে’ল আৰু জল সম্পৰ্কীয় ২৪টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ডিচেম্বৰত ৰাজস্থান ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ জয়পুৰত ‘এক বৰ্ষ-পৰিনাম উৎকৰ্ষ’: ৰাজস্থান চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব য’ত তেওঁ ৪৬,৩০০ কোটি টকাৰো অধিক মূল্যৰ শক্তি, পথ, ৰে’ল আৰু জল সম্পৰ্কীয় ২৪টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ১১,০০০ কোটি টকাৰো অধিক মূল্যৰ ৯টা প্ৰকল্প উদ্বোধন কৰিব, য’ত ৭টা কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প আৰু ২টা ৰাজ্য চৰকাৰৰ প্ৰকল্প আছে। একেদৰে ৩৫,৩০০ কোটি টকাৰো অধিক মূল্যৰ ১৫টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, য’ত ৯টা কেন্দ্ৰীয় চৰকাৰৰ আৰু ৬টা ৰাজ্য চৰকাৰৰ প্ৰকল্প আছে।

অনুষ্ঠানত উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত নৱনেৰা বান্ধ, স্মাৰ্ট ইলেক্ট্ৰিচিটি ট্ৰেন্সমিছন নেটৱৰ্ক আৰু সম্পদ ব্যৱস্থাপনা পদ্ধতি প্ৰকল্প, ভিল্ডি-ছামদাৰী-লুনি-যোধপুৰ-মেৰটা ৰোড-ডেগানা-ৰাতংগৰ অংশৰ ৰে’লৱে বিদ্যুতীকৰণ আৰু দিল্লী-বদোদৰা গ্ৰীণ ফিল্ড এলাইনমেণ্টৰ পেকেজ ১২(১৪৮এন ৰাষ্ট্ৰীয় ঘাইপথ) (৩৭এ-ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগস্থললৈকে মেজ নদীৰ ওপৰত ডাঙৰ দলং) প্ৰকল্পকে ধৰি অন্যান্য প্ৰকল্প উল্লেখযোগ্য। এই প্ৰকল্পসমূহে মানুহক সুগম যাতায়াতত সহায় কৰিব আৰু প্ৰধানমন্ত্ৰীৰ সেউজ শক্তিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৯,৪০০ কোটিৰো অধিক ব্যয়ৰে নিৰ্মাণ কৰা ৰামগড় বান্ধ আৰু মহলপুৰ বান্ধ নিৰ্মাণৰ কাম আৰু নৱনেৰা বান্ধৰ পৰা বিশালপুৰ বান্ধ আৰু চম্বল নদীৰ জলপথেৰে ইছাৰদা বান্ধলৈ পানী স্থানান্তৰ ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে চৰকাৰী কাৰ্যালয় ভৱনত ছাদৰ ওপৰত সৌৰ উদ্যোগ স্থাপন, পুগাল (বিকানেৰ)ত ২০০০ মেগাৱাটৰ এখন সৌৰ উদ্যান আৰু  ১০০০ মেগাৱাট সৌৰ উদ্যানৰ দুটা পৰ্যায়ৰ উন্নয়নৰ কাম আৰু ভৰতপুৰ-দীগ-কুমহেৰ-নগৰ-কমন আৰু পাহাৰী আৰু চম্বল-ঢোলপুৰ-ভৰতপুৰ ৰেট্ৰ'ফিটিঙৰ লগতে চাইপৌ (ঢোলপুৰ)ৰ পৰা খোৱাপানী সংবহন লাইনৰ আধাৰশিলা স্থাপন কৰিব। লুনি-সমদাৰী-ভিল্ডি দ্বৈত লাইন, আজমেৰ-চণ্ডেৰিয়া দ্বৈত লাইন আৰু জয়পুৰ-ছোৱাই মাধোপুৰ দ্বৈত লাইন ৰে’ল প্ৰকল্পৰ লগতে শক্তি সঞ্চাৰণ সম্পৰ্কীয় অন্যান্য প্ৰকল্পৰ সৈতে জড়িত কামৰ আধাৰশিলা স্থাপন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Junior Men’s Hockey Team on winning Asia Cup
September 13, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 victory in the final.

The Prime Minister described the achievement as remarkable and said that the feat reflects the immense talent of the young players.

Shri Modi extended his best wishes to the entire team.

The Prime Minister wrote on X;

“Congratulations to our Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 win in the final. It is indeed a remarkable achievement.

This feat reflects the immense talent of our young players. Best wishes to the entire team!”