হায়দৰাবাদত প্ৰায় ৯,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ প্ৰতি উৎসৰ্গা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে
ৱাৰাংগলত পি এম মিত্ৰ পাৰ্ক উদ্বোধন কৰি ছাংগাৰেডীৰ জহীৰাবাদ ঔদ্যোগিক এলেকাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
হায়দৰাবাদ-পানাজী অৰ্থনৈতিক কৰিডৰত গুদেবেল্লুৰৰ পৰা মহাবুবনগৰলৈ ৰাষ্ট্ৰীয় ঘাইপথ-১৬৭ৰ চাৰিলেনিঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
হায়দৰাবাদৰ মালকাপুৰত থকা নেচন ইণ্ডিয়ান অইলৰ গ্ৰীণফিল্ড টাৰ্মিনেলত উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
হায়দৰাবাদৰ অত্যাধুনিক, কেন্সাৰ কেন্দ্ৰিক মাল্টি-ছুপাৰ স্পেচিয়েলিটি কোৱাটাৰ্নেৰী কেয়াৰ চিন্ধু হাস্পতালো দেশৰ প্ৰতি উৎসৰ্গা কৰিব
বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দ্য আৰ্ট অৱ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১০ মে, ২০২৬ ত কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব।সিদিনা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে  বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দ্য আৰ্ট অৱ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব আৰু এই উপলক্ষ্যে আয়োজিত  সভাত ভাষণ দিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদলৈ যাত্ৰা কৰিব আৰু প্ৰায় ৩ বজাত প্ৰায় ৯,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ  বাবে উৎসৰ্গা কৰিব। লগতে এই উপলক্ষ্যে আয়োজিত  সভাত তেওঁ  ভাষণ দিব। প্ৰায় ৩:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদৰ সিন্ধু হাস্পতাল দেশৰ বাবে উৎসৰ্গা কৰিব।

বাংগালুৰুত প্ৰধানমন্ত্ৰী

১৯৮১ চনত গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শংকৰে প্ৰতিষ্ঠা কৰা দ্য আৰ্ট অৱ লিভিং ১৮২ খন দেশলৈ প্ৰসাৰিত হৈ বিশ্বজুৰি  স্বেচ্ছাসেৱী  মানৱীয় তথা  শৈক্ষিক সংস্থালৈ পৰিণত হৈছে। প্ৰধানমন্ত্ৰীয়ে সংস্থাটোৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপন আৰু গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শংকৰৰ ৭০ সংখ্যক জন্মদিনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুৰ আৰ্ট অৱ লিভিং ইণ্টাৰনেশ্যনেল চেণ্টাৰত নতুনকৈ নিৰ্মিত ধ্যান মন্দিৰ উদ্বোধন কৰিব, যিটো আভ্যন্তৰীণ শান্তি আৰু সামগ্ৰিক কল্যাণৰ স্থান হিচাপে কল্পনা কৰা এক স্থাপন কৰা ধ্যানমন্দিৰ। মানসিক সুস্থতা, গ্ৰাম্য উন্নয়ন, প্ৰকৃতি সংৰক্ষণ আৰু সামাজিক পৰিৱৰ্তনৰ বিষয়ত গুৰুত্ব আৰোপ কৰি বছৰজোৰা প্ৰকল্পসমূহ সামৰি লোৱা আৰ্ট অৱ লিভিঙৰ দেশজোৰা সেৱা পদক্ষেপো তেওঁ আৰম্ভ কৰিব।

হায়দৰাবাদত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৯,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন  আৰু দেশৰ বাবে উৎসৰ্গা কৰিব। এই প্ৰকল্পসমূহৰ সামূহিক লক্ষ্য হৈছে সংযোগ শক্তিশালী কৰা, লজিষ্টিক দক্ষতা উন্নত কৰা, সুৰক্ষা বৃদ্ধি কৰা আৰু যাত্ৰীসকলৰ বাবে ভ্ৰমণৰ  উন্নত  অভিজ্ঞতা প্ৰদান কৰা।

প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদ-পানাজী অৰ্থনৈতিক কৰিডৰত গুদেবেল্লুৰৰ পৰা মহাবুবনগৰলৈ ৰাষ্ট্ৰীয় ঘাইপথ-১৬৭ৰ চাৰিলেনযুক্ত নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব যাৰ মুঠ প্ৰকল্প ব্যয় ৩,১৭৫ কোটি টকাতকৈও অধিক। এই প্ৰকল্পৰ জৰিয়তে মসৃণ, নিৰাপদ আৰু নিৰৱচ্ছিন্ন যান-বাহন চলাচল সম্ভৱ হ’ব, যাত্ৰাৰ সময় প্ৰায় ১ ঘণ্টা ৩০ মিনিট হ্ৰাস কৰাৰ লগতে ইন্ধনৰ ব্যৱহাৰ তথা  বাহনৰ ৰক্ষণাবেক্ষণৰ খৰচো কম হ’ব। এই ঘাইপথটোৱে তেলেংগানা আৰু কৰ্ণাটকৰ সংযোগ শক্তিশালী কৰাৰ লগতে দুয়োখন ৰাজ্যৰ উদ্যোগিক বিকাশৰ সুবিধা প্ৰদান কৰিব।

ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিড’ৰ উন্নয়ন কাৰ্যসূচীৰ অংশ হিচাপে হায়দৰাবাদ–নগপুৰ ঔদ্যোগিক কৰিডৰ (এইচএনআইচি)ৰ অধীনত উন্নীত হৈ থকা সংগৰেদ্দি জিলাৰ জহীৰাবাদ ঔদ্যোগিক এলেকাৰ আধাৰশিলাও প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব। ৩,২৪৫ একৰ মাটিত মুঠ ২,৩৫০ কোটি টকাতকৈ অধিক ব্যয়ৰে বিকশিত কৰা এই প্ৰকল্পটো ৬৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কৌশলগতভাৱে অৱস্থিত আৰু ই প্ৰধান চহৰ, বন্দৰ, ৰেল নেটৱৰ্ক আৰু বিমানবন্দৰলৈ নিৰৱচ্ছিন্ন মাল্টিম’ডাল সংযোগ প্ৰদান কৰিব।

স্মাৰ্ট ইন্টিগ্ৰেটেড ঔদ্যোগিক টাউনশ্বিপ হিচাপে কল্পনা কৰা জহীৰাবাদ ঔদ্যোগিক অঞ্চলত উন্নত আৰু বহনক্ষম আন্তঃগাঁথনিৰ বৈশিষ্ট্য থাকিব আৰু পৰৱৰ্তী প্ৰজন্মৰ উদ্যোগসমূহক সহায় কৰিব। চিনাক্ত কৰা মূল খণ্ডসমূহৰ ভিতৰত আছে অটোম’বাইল, খাদ্য প্ৰক্ৰিয়াকৰণ, যন্ত্ৰপাতি, ধাতু আৰু বৈদ্যুতিক সঁজুলি। এই প্ৰকল্পটোৱে প্ৰায় ১০,০০০ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰাৰ লগতে বৃহৎ পৰিসৰৰ নিয়োগৰ সুযোগ সৃষ্টি কৰিব, যিয়ে আঞ্চলিক অৰ্থনৈতিক বিকাশত যথেষ্ট অৰিহণা যোগাব।

প্ৰধানমন্ত্ৰীয়ে পিএম মিত্ৰ আঁচনিৰ অধীনত বিকশিত কৰা কাকতীয়া মেগা টেক্সটাইল পাৰ্ক নামেৰেও পৰিচিত ৱাৰংগলত পিএম মিত্ৰ  পাৰ্ক উদ্বোধন কৰিব। প্ৰায় ১,৭০০ কোটি টকাৰ আনুমানিক ব্যয়ৰে বিকশিত কৰা  এইখন ভাৰতৰ প্ৰথমটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম পিএম মিত্ৰ পাৰ্ক আৰু ই ভাৰত চৰকাৰৰ ৫এফ দৃষ্টিভংগী - ফাৰ্ম টু ফাইবাৰ টু ফেক্টৰী টু ফেশ্বন টু ফৰেইন কাৰ্যকৰী কৰিছে। প্ৰস্তাৱিত নাগপুৰ-বিজয়াৱাদা গ্ৰীণফিল্ড এক্সপ্ৰেছৱে (এন এইচ-১৬৩জি)ৰ ওচৰত আৰু ১৬৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত কৌশলগতভাৱে অৱস্থিত এই উদ্যানখনে প্ৰধান ৰে’লৱে নেটৱৰ্ক আৰু সাগৰীয় বন্দৰসমূহৰ সৈতে উৎকৃষ্ট মাল্টিম’ডাল সংযোগ প্ৰদান কৰে, যাৰ ফলত বিশ্ব বাণিজ্যৰ বাবে নিৰৱচ্ছিন্ন লজিষ্টিক নিশ্চিত কৰা হয়। বিশ্বমানৰ ঔদ্যোগিক পৰিৱেশ তন্ত্ৰ হিচাপে নিৰ্মাণ  কৰা এই উদ্যানখন বিস্তৃত আভ্যন্তৰীণ পথ নেটৱৰ্ক, নিবেদিত বিদ্যুৎ উপকেন্দ্ৰ আৰু নিশ্চিত পানী যোগানকে ধৰি অত্যাধুনিক আন্তঃগাঁথনিৰে সুসজ্জিত। ইয়াৰ উপৰি  ই শূন্য তৰল নিৰ্গমন প্ৰযুক্তিৰ সৈতে কমন এফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লাণ্টৰ জৰিয়তে বহনক্ষম উন্নয়নৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১,৫৩৫ কোটি টকাৰ মূল ৰে'লৱে আন্তঃগাঁথনি প্ৰকল্পসমূহ ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত আছে ১১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিপেট-বিজয়াৱাড়া মাল্টি ট্ৰেকিং প্ৰকল্পৰ একাধিক অংশ। এই প্ৰকল্পটোৱে ব্যস্ত গ্ৰেণ্ড ট্ৰাংক কৰিড’ৰত লাইন ক্ষমতা বৃদ্ধি কৰিব, যাৰ ফলত ৰে’ল চলাচল দ্ৰুত হ’ব, যানজঁট হ্ৰাস পাব, সময়োপযোগীতা উন্নত হ’ব আৰু সমগ্ৰ অঞ্চলটোত মালবাহী যাতায়ত বৃদ্ধি পাব।

ইয়াৰ উপৰি কাজিপেট ৰে'ল আণ্ডাৰ ৰে'ল বাইপাছও ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰা হ’ব। এই কৌশলগত প্ৰকল্পই হায়দৰাবাদ, বালহৰ্শ্বাহ আৰু বিজয়াৱাড়া অভিমুখে একেলগে ৰে’লৰ চলাচল সক্ষম কৰি কাজিপেট জংচনক ভিৰমুক্ত কৰিব, যাৰ ফলত কাৰ্য্যকৰী দক্ষতা উন্নত হ’ব আৰু পলম হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীয়ে ৬০০ কোটি টকাতকৈ অধিক ব্যয়ৰে বিকশিত কৰা  হায়দৰাবাদত থকা ইণ্ডিয়ান অইলৰ মলকাপুৰ টাৰ্মিনেল প্ৰকল্পটো দেশৰ বাবে উৎসৰ্গা কৰিব। পেট্ৰলিয়াম সামগ্ৰী পৰিচালনা ক্ষমতা বৃদ্ধিৰ বাবে আৰু অঞ্চলটোৰ ক্ৰমবৰ্ধমান শক্তিৰ চাহিদা পূৰণৰ বাবে মালকাপুৰ টাৰ্মিনেল স্থাপন কৰা হৈছে। এই টাৰ্মিনেলটোৰ মুঠ টেংকীৰ  ক্ষমতা ১,৬৫,০০০ কিলোলিটাৰ (কে.এল.)।

ভাৰতৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি হিচাপে প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদৰ অত্যাধুনিক, কেন্সাৰ কেন্দ্ৰিক মাল্টি-ছুপাৰ স্পেচিয়েলিটি কোৱাটাৰনেৰী কেয়াৰ অলাভজনক প্ৰতিষ্ঠান সিন্ধু হাস্পতালো দেশৰ বাবে উৎসৰ্গা কৰিব। ১৮ মহলাৰ ২১ লাখ বৰ্গফুটত বিস্তৃত এই চিকিৎসালয়খনত ১৫০০খন বিচনা, ১৫০খনতকৈও অধিক চিকিৎসকৰ পৰামৰ্শ কক্ষ আৰু ২৯টা উন্নত অপাৰেচন থিয়েটাৰ আছে। চিকিৎসালয়খনত বিস্তৃত যত্ন কেমোথেৰাপি, ৰেডিয়’থেৰাপি, কেন্সাৰ অস্ত্ৰোপচাৰ, হাড়ৰ মজ্জা প্ৰতিস্থাপন, উন্নত জটিল যত্ন আৰু ৩৩টাতকৈও অধিক ছুপাৰ স্পেচিয়েলিটি, অত্যাধুনিক ডায়েগনষ্টিক, আধুনিক পৰীক্ষাগাৰ আৰু ব্লাড চেণ্টাৰৰ সুবিধা আছে।

এই প্ৰকল্পসমূহে বিকশিত  ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ বিকশিত  তেলেংগানাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে, যিয়ে অৰ্থনৈতিক বৃদ্ধি, জীৱনৰ মান উন্নত আৰু দ্ৰুত, অধিক সংযুক্ত ৰাষ্ট্ৰ গঢ়ি তোলাৰ বাবে সংহত আন্তঃগাঁথনি উন্নয়নৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Dr. Syama Prasad Mookerjee on his Balidan Diwas, shares Sanskrit Subhashitam
June 23, 2026

The Prime Minister, Shri Narendra Modi, paid homage to Dr. Syama Prasad Mookerjee on his Balidan Diwas and remembered his immense contribution to nation-building.

The Prime Minister described Dr. Mookerjee as a distinguished patriot, scholar and statesman who dedicated his life to India’s development. Shri Modi said that Dr. Mookerjee’s unwavering conviction, courage in public life and commitment to national interest continue to inspire generations. He noted that Dr. Mookerjee’s sacrifice remains etched in the collective memory of the nation.

Paying respectful tributes to Dr. Mookerjee, the Prime Minister said that he dedicated his entire life to the selfless service of the nation and society. Shri Modi added that Dr. Mookerjee’s profound thoughts and ideals will continue to inspire every generation of the country to serve the motherland.

On the occasion, the Prime Minister also shared a Sanskrit Subhashitam:

“न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः।

परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति॥”

The Subhashitam highlights that immortality is attained not through deeds, wealth, or lineage but through sacrifice and complete dedication to noble ideals. Those noble souls who renounce their personal interests for the sake of the nation, society and truth become immortal in the hearts of the people, transcending the limits of time.

The Prime Minister wrote on X;

“On his Balidan Diwas, I pay homage to Dr. Syama Prasad Mookerjee, a distinguished patriot, scholar and statesman who dedicated his life to India’s development. His unwavering conviction, courage in public life and commitment to national interest continue to inspire generations. Dr. Mookerjee’s sacrifice remains etched in our collective memory. We reaffirm our commitment to building a strong and developed India, guided by the values he cherished and served till his last breath.”

“निःस्वार्थ भाव से राष्ट्र और समाज की सेवा में आजीवन समर्पित रहे देश की महान विभूति डॉ. श्यामा प्रसाद मुखर्जी जी को उनके बलिदान दिवस पर आदरपूर्ण श्रद्धांजलि। उनके प्रखर विचार और आदर्श देश की हर पीढ़ी को मातृभूमि की सेवा के लिए प्रेरित करते रहेंगे।

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः।

परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति॥”