প্ৰধানমন্ত্ৰীয়ে ৩,৬৫০ কোটি টকাৰো অধিক পৰিকল্পনাৰ উদ্বোধন আৰু শিলান্যাস কৰিব
প্ৰধানমন্ত্ৰীয়ে এইমছ বিলাসপুৰৰ উদ্বোধন কৰিব, যাৰ আধাৰশিলাও তেওঁ স্থাপন কৰিছিল
প্ৰধানমন্ত্ৰীয়ে ১,৬৯০ কোটি টকাৰো অধিক মূল্যৰ ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনৰ কৰাৰ পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰিব
এই পৰিকল্পনাৰ জৰিয়তে অঞ্চলত ঔদ্যোগিক বিকাশ আৰু পৰ্যটন ত্বৰান্বিত হ'ব
প্ৰধানমন্ত্ৰীয়ে নালাগঢ়ত মেডিকেল ডিভাইচ পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব আৰু বন্দলাত চৰকাৰী হাইড্ৰো ইঞ্জিনিয়াৰিং কলেজ উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে কুল্লূ দশেহৰা সমাৰোহত ভাগ ল'ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ অক্টোবৰ, ২০২২ত হিমাচল প্ৰদেশ ভ্ৰমণ কৰিব, য'ত তেওঁ ৩,৬৫০ কোটি টকাৰো অধিক মূল্যৰ পৰিকল্পনাৰ উদ্বোধন আৰু শিলান্যাস কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় চাৰে ১১ বজাত এইমছ বিলাসপুৰৰ উদ্বোধন কৰিব। তাৰপাছত তেওঁ দুপৰীয়া প্ৰায় ১২:৪৫ বজাত বিলাসপুৰৰ লুহনূ ময়দান পাবগৈ, য'ত একাধিক উন্নয়নমূলক পৰিকল্পনাৰ উদ্বোধন আৰু শিলান্যাস কৰিব আৰু এখন সাৰ্বজনীন সমাৰোহতো ভাষণ দিব। প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া প্ৰায় ৩:১৫ বজাত কুল্লূৰ ঢালপুৰ ময়দান পাবগৈ, য'ত তেওঁ কুল্লূ দশেহৰা সমাৰোহত ভাগ ল'ব।

 

এইমছ বিলাসপুৰ

এইমছ বিলাসপুৰৰ উদ্বোধনৰ মাধ্যমত দেশজুৰি স্বাস্থ্য সেৱাক শক্তিশালী কৰিবলৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী আৰু সংকল্পক পুনৰ প্ৰদৰ্শন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে অক্টোবৰ ২০১৭ত ইয়াৰ শিলান্যাসো কৰিছিল। কেন্দ্ৰীয় স্তৰৰ যোজনা- প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ জৰিয়তে ইয়াক স্থাপন কৰি থকা হৈছে।

এইমছ বিলাসপুৰ ১,৪৭০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মিত। এই অত্যাধুনিক হাস্পতালত ১৮টা স্পেচিয়েলিটী আৰু ১৭টা ছুপাৰ স্পেচিয়েলিটী বিভাগ, ১৮টা মড্যুলাৰ অপাৰেচন থিয়েটাৰ, ৬৪খন আইচিইউ বেডসহ ৭৫০খন বিচনা আছে। এই হাস্পতাল ২৪৭ একৰত বিয়পি আছে। ই ২৪ ঘণ্টাই জৰুৰীকালীন আৰু ডায়লিছিছ সুবিধা, আল্ট্ৰাছনগ্ৰাফী, চিটি স্কেন, এমআৰআই আদিৰ দৰে আধুনিক ডয়োগ্নষ্টিক মেচিন, অমৃত ফাৰ্মাচী তথা জন ঔষধী কেন্দ্ৰ আৰু ৩০খন বিচনাযুক্ত আয়ুষ ব্লকেৰে সুসজ্জিত। হাস্পতালখনে হিমাচল প্ৰদেশৰ জনজাতীয় আৰু দুৰ্গম জনজাতীয় অঞ্চলবোৰত স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ ডিজিটেল স্বাস্থ্য কেন্দ্ৰও স্থাপন কৰিছে। লগতে, কাজা, সলূনী আৰু কেলাংগৰ দৰে দুৰ্গম জনজাতীয় আৰু অধিক উচ্চতাত থকা হিমাচলী অঞ্চলবোৰত স্বাস্থ্য শিবিৰৰ মাধ্যমত হাস্পতালৰ বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য সেৱা প্ৰদান কৰা হ'ব। এই হাস্পতালত বছৰি এমবিবিএছ ক'ৰ্ছৰ বাবে ১০০ ছাত্ৰ-ছাত্ৰী আৰু নাৰ্ছিং ক'ৰ্ছৰ বাবে ৬০জন ছাত্ৰ-ছাত্ৰীক প্ৰৱেশৰ সুযোগ দিয়া হ'ব।

 

বিকাশৰ পৰিকল্পনা

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-১০৫ত পঞ্জৌৰৰ পৰা নালাগড়লৈকে প্ৰায় ৩১ কিলোমিটাৰ দীঘল ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনৰ বনোৱাৰ পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰিব, যাৰ ব্যয় প্ৰায় ১৬৯০ কোটি টকা। এই পথ পৰিকল্পনা অম্বালা, চণ্ডীগড়, পঞ্চকূলা আৰু সোলন/শিমলাৰ পৰা বিলাসপুৰ, মণ্ডী আৰু মনালীৰ দিশত যোৱা যাতায়াতৰ বাবে এক প্ৰধান সম্পৰ্ক সংযোগ। চাৰি লেনৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ১৮ কিলোমিটাৰৰ অংশ হিমাচল প্ৰদেশৰ অধীনত আহে আৰু শেষ ভাগ হৰিয়ানাত পৰে। এই ঘাইপথে হিমাচল প্ৰদেশৰ ঔদ্যোগিক কেন্দ্ৰ নালাগড়-বদ্দীত উন্নত পৰিবহন সুবিধা সুনিশ্চিত কৰিব আৰু অঞ্চলটোত ঔদ্যোগিক বিকাশকো গতি দিব। ইয়াৰ জৰিয়তে ৰাজ্যখনত পৰ্যটনো লাভবান হ'ব।

প্ৰধানমন্ত্ৰীয়ে নালাগড়ত প্ৰায় ৩৫০ কোটি টকাৰ ব্যয়েৰে নিৰ্মিত হ'বলগা মেডিকেল ডিভাইচ পাৰ্কৰ আধাৰশিলাও স্থাপন কৰিব। এই মেডিকেল ডিভাইচ পাৰ্কত উদ্যোগ স্থাপন কৰিবলৈ ৮০০ কোটি টকাৰো অধিক মূল্যৰ বুজাবুজি চুক্তিত আগতেই হস্তাক্ষৰ কৰা হৈছে। এই পৰিকল্পনাৰ জৰিয়তে অঞ্চলটোত সংস্থাপনৰ সুযোগ যথেষ্ট বৃদ্ধি পাব।

প্ৰধানমন্ত্ৰীয়ে বন্দলাত গভৰ্ণমেণ্ট হাইড্ৰো ইঞ্জিনিয়াৰিং কলেজৰ উদ্বোধন কৰিব। ইয়াত প্ৰায় ১৪০ কোটি টকাৰ ব্যয় হ'ব। এই কলেজৰ পৰা জলবিদ্যুৎ পৰিকল্পনাৰ বাবে প্ৰশিক্ষিত কৰ্মী উপলব্ধ কৰোৱাত সহায়ক হ'ব। হিমাচল প্ৰদেশ এই ক্ষেত্ৰত অগ্ৰণী ৰাজ্যসমূহৰ অন্যতম। ইয়াৰ যুৱক-যুৱতীসকলৰ দক্ষতা বঢ়োৱা আৰু জলবিদ্যুৎ ক্ষেত্ৰত সংস্থাপনৰ পৰ্যাপ্ত সুযোগ প্ৰদান কৰাত সহায়ক হ'ব।

 

কুল্লূ দশেহৰা

আন্তঃৰাষ্ট্ৰীয় কুল্লূ দশেহৰা মহোৎসৱ ৫ৰ পৰা ১১ অক্টোবৰ, ২০২২লৈকে কুল্লূৰ ঢালপুৰ ময়দানত পালন কৰা হ'ব। এই মহোৎসৱ এই দিশত বিশেষ যে ইয়াত ঘাটীৰ ৩০০ৰো অধিক দেৱী-দেৱতাৰ সমাৱেশ হয়। মহোৎসৱৰ প্ৰথম দিনা, দেৱতাই নিজৰ ভালদৰে সুসজ্জিত পালকিত অধিষ্ঠাতা দেৱ ভগৱান ৰঘুনাথ জীৰ মন্দিৰত নিজৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে আৰু পুনৰ ঢালপুৰ ময়দানৰ দিশত আগবাঢ়ে। ঐতিহাসিক কুল্লূ দশেহৰা সমাৰোহত প্ৰধানমন্ত্ৰী এই দিব্য ৰথ যাত্ৰা আৰু দেৱতাসকলৰ ভব্য সভাৰ সাক্ষী হ'ব। এই প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে কুল্লূ দশেহৰা সমাৰোহত ভাগ ল'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom
July 21, 2026

Prime Minister Shri Narendra Modi today extended congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

Shri Modi noted that India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence, and people-to-people relations. With CETA entering into force this month, the Prime Minister pointed out that the bilateral partnership is poised to grow even stronger.

The Prime Minister stated that he looks forward to working closely with him to further deepen the India-UK Comprehensive Strategic Partnership and advance their shared Vision 2035.

In a post on X, the Prime Minister shared:

"Warmest congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence and people-to-people relations. With CETA entering into force this month, our bilateral partnership is poised to grow even stronger.

I look forward to working closely with you to further deepen the India-UK Comprehensive Strategic Partnership and advance our shared Vision 2035.

@andyburnham"