‘ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট’ৰ ২০ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব
প্ৰধানমন্ত্ৰীয়ে ছোটাউদেপুৰৰ বোড়েলীত ৫২০০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে ‘মিছন স্কুল অৱ এক্সেলেন্স’ কাৰ্যসূচীৰ অধীনত ৪,৫০০ কোটি টকাৰ অধিক মূল্যৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানে সমগ্ৰ গুজৰাটত বিদ্যালয়ৰ আন্তঃগাঁথনিক ব্যাপক ভাৱে বিকশিত কৰিব
প্ৰধানমন্ত্ৰীয়ে ‘বিদ্যা সমীক্ষা কেন্দ্ৰ ২.০’ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬-২৭ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। ২৭ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিটৰ ২০ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। দুপৰীয়া প্ৰায় ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ছোটাউদেপুৰৰ বোড়েলীত উপস্থিত হৈ ৫২০০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব।

ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিটৰ ২০ বৰ্ষপূৰ্তি

প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ ছায়েন্স চিটিত ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিটৰ ২০ বছৰ উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াত ঔদ্যোগিক সংস্থা, বাণিজ্য ক্ষেত্ৰৰ আগশাৰীৰ প্ৰতিষ্ঠান, যুৱ উদ্যোগী, উচ্চ আৰু কাৰিকৰী শিক্ষা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে ২০ বছৰ পূৰ্বে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শীতাত ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট আৰম্ভ কৰা হৈছিল। ২০০৩ চনৰ ২৮ ছেপ্টেম্বৰত ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিটৰ যাত্ৰা আৰম্ভ হয়।সময়ৰ লগে লগে, ই সঁচাকৈয়ে এক বৈশ্বিক অনুষ্ঠান হৈ পৰিল, যিয়ে ভাৰতৰ অন্যতম আগশাৰীৰ বাণিজ্যিক সন্মিলন হিচাপে মৰ্যাদা লাভ কৰিলে। ২০০৩ চনত প্ৰায় ৩০০ জন আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীৰ সৈতে আৰম্ভ হোৱা এই সন্মিলনখনত ২০১৯ চনত ১৩৫ খনতকৈও অধিক দেশৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল।

বিগত ২০ বছৰত, ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট “গুজৰাটক পছন্দৰ বিনিয়োগ গন্তব্যস্থান” হিচাপে গঢ়ি তোলাৰ পৰা “নতুন ভাৰত গঢ়ি তোলা”লৈ বিকশিত হৈছে।ভাইব্ৰেণ্ট গুজৰাটৰ অতুলনীয় সফলতা সমগ্ৰ দেশৰ বাবে এক আৰ্হি হৈ পৰিছে আৰু আন ভাৰতীয় ৰাজ্যসমূহকো এনে বিনিয়োগ সন্মিলন আয়োজন কৰিবলৈ অনুপ্ৰাণিত কৰিছে।

ছোটাউদেপুৰৰ বোডেলিত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ‘মিছন স্কুল অৱ এক্সেলেন্স’ কাৰ্যসূচীৰ অধীনত ৪,৫০০ কোটি টকাৰ অধিক মূল্যৰ কেইবাটাও প্ৰকল্প উৎসৰ্গা কৰাৰ লগতে একাধিক আধাৰশিলা স্থাপন অনুষ্ঠানে সমগ্ৰ গুজৰাটত বিদ্যালয়ৰ আন্তঃগাঁথনিক এক ব্যাপক উৎসাহ প্ৰদান কৰিব।প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ বিদ্যালয়সমূহত নিৰ্মিত হাজাৰ হাজাৰ নতুন শ্ৰেণীকোঠা, স্মাৰ্ট শ্ৰেণীকোঠা, কম্পিউটাৰ পৰীক্ষাগাৰ, ষ্টেম (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত) পৰীক্ষাগাৰ আৰু অন্যান্য মৌলিক আন্তঃগাঁথনি দেশবাসীৰ বাবে উৎসৰ্গা কৰিব।তেওঁ এই অভিযানৰ অধীনত গুজৰাটৰ বিদ্যালয়সমূহত হাজাৰ হাজাৰ শ্ৰেণীকোঠাৰ উন্নীতকৰণৰ আধাৰশিলাও স্থাপন কৰিব।

এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীয়ে ‘বিদ্যা সমীক্ষা কেন্দ্ৰ ২.০’ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।প্ৰকল্পটো ‘বিদ্যা সমীক্ষা কেন্দ্ৰ’ৰ সফলতাৰ ওপৰত ভিত্তি কৰি স্থাপন কৰা হ'ব, যিয়ে গুজৰাটৰ বিদ্যালয়সমূহৰ নিৰন্তৰ নিৰীক্ষণ আৰু শিক্ষাৰ্থীসকলৰ শিকাৰ ফলাফল উন্নত কৰাটো নিশ্চিত কৰিব। বিদ্যা সমীক্ষা কেন্দ্ৰ ২.০’ প্ৰকল্পই গুজৰাটৰ সকলো জিলা আৰু খণ্ডত বিদ্যা সমীক্ষা কেন্দ্ৰ স্থাপন কৰিব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বদোদৰা জিলাৰ চিনোৰত 'ওদাৰা দাভোই-চিনোৰ-মালচাৰ-আছা ৰোড'ত নৰ্মদা নদীৰ ওপৰত এখন নতুন দলংকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পও দেশবাসীক উৎসৰ্গা কৰিব। লগতে চাৱ তালাভ পুনৰ উন্নয়ন প্ৰকল্প, দাহোড়ত পানী যোগান প্ৰকল্প, বডোদৰাত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে প্ৰায় ৪০০টা নতুনকৈ নিৰ্মাণ কৰা ঘৰ, সমগ্ৰ গুজৰাটৰ ৭৫০০ খন গাঁৱৰ ভিলেজ ৱাই-ফাই প্ৰকল্প; আৰু দাহোড়ত নতুনকৈ নিৰ্মিত জৱাহৰ নৱোদয় বিদ্যালয়ো উৎসৰ্গা কৰিব।

তদুপৰি প্ৰধানমন্ত্ৰীয়ে ছোটৌডেপুৰত পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব; পঞ্চমহলৰ গোধৰাত এখন উৰণীয়া সেঁতু; আৰু কেন্দ্ৰীয় চৰকাৰৰ ‘ব্ৰডকাষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড নেটৱৰ্ক ডেভেলপমেণ্ট (BIND)’ আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া দাহোড়ত এফ এম ৰেডিঅ’ ষ্টুডিঅ’ৰ আধাৰশিলাও স্থাপন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Mahatma Ayyankali on his birth anniversary
August 28, 2026

The Prime Minister, Shri Narendra Modi, has paid homage to Mahatma Ayyankali on his birth anniversary, today. Shri Modi remembered Mahatma Ayyankali as a great pioneer of social justice, who dedicated his life to the empowerment and welfare of the marginalised. The Prime Minister highlighted his efforts to secure educational opportunities for the marginalised, improve the lives of agricultural workers and serve the poor.

The Prime Minister posted on X:

Paying homage to Mahatma Ayyankali on his birth anniversary!

He is remembered as a great pioneer of social justice. His efforts to secure educational opportunities for the marginalised, improve the lives of agricultural workers and serve the poor remain very inspiring. His life gives strength to all those working for social empowerment.