আহমেদাবাদত ৫৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰকল্পসমূহে একাধিক খণ্ডত বিস্তৃত: নগৰ উন্নয়ন, শক্তি, পথ আৰু ৰে’লৱে
মেক ইন ইণ্ডিয়াৰ সফলতাৰ এক ডাঙৰ উদাহৰণ হিচাপে হান্সালপুৰত ১০০খনতকৈও অধিক দেশলৈ ৰপ্তানিৰ বাবে সাজু কৰা চুজুকিৰ প্ৰথমখন গ্ল’বেল বেটাৰী ইলেক্ট্ৰিক বাহন “ই ভিটাৰা”ৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে
টিডিএছ লিথিয়াম-আয়ন বেটাৰী প্ৰকল্পত হাইব্ৰিড বেটাৰী ইলেক্ট্ৰ'ডৰ স্থানীয় উৎপাদন প্ৰণালী উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে - ই সেউজ শক্তিৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাবে চিহ্নিত কৰিব

২৫ - ২৬ আগষ্টত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ অহা ২৫ আগষ্টৰ সন্ধিয়া প্ৰায় ৬ বজাত আহমেদাবাদৰ খোদালধাম খেলপথাৰত ৫৪০০ কোটি টকাৰো অধিক মূল্যৰ  একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশলৈ উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে আয়োজিত ৰাজহুৱা অনুষ্ঠানতো ভাষণ আগবঢ়াব।

 

২৬ আগষ্টৰ পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ হান্সালপুৰত ১০০খনতকৈও অধিক দেশলৈ ৰপ্তানিৰ বাবে সাজু কৰা হাইব্ৰিড বেটাৰী ইলেক্ট্ৰ’ড আৰু বেটাৰীচালিত বৈদ্যুতিক বাহনৰ স্থানীয়কৃত উৎপাদন গোট উদ্বোধন কৰিব। লগতে তেওঁ এই উপলক্ষ্যে আয়োজিত  সভাতো ভাষণ দিব।

বিশ্বমানৰ আন্তঃগাঁথনি আৰু সংযোগৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ১৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক ৰে’ল প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত আছে ৫৩০ কোটি টকাৰো অধিক মূল্যৰ ৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মহেছানা-পালনপুৰ ৰেল লাইনৰ দ্বিগুণিকৰণ , ৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ কালোল-কাডী-কাটোছান ৰোড ৰে’ল  লাইন আৰু ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ  বেছৰাজী-ৰানুজ ৰে’ল লাইনৰ গেজ ৰূপান্তৰ, যাৰ মূল্য ৮৬০ কোটি টকাৰো অধিক। ব্ৰড-গেজ ক্ষমতা সংযোজনৰ ফলত এই প্ৰকল্পসমূহে অঞ্চলটোত অধিক মসৃণ, সুৰক্ষিত আৰু অধিক নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰিব। ইয়াৰ দ্বাৰা দৈনন্দিন  যাতায়াত, পৰ্যটক আৰু ব্যৱসায়ীসকলৰ বাবে ভ্ৰমণ যথেষ্ট সহজ  হৈ পৰিব, একে ই সময়তে আঞ্চলিক অৰ্থনৈতিক সংহতিৰো প্ৰসাৰ ঘটাব। তদুপৰি, কাটোছান ৰোড আৰু সবৰমতিৰ মাজত যাত্ৰীবাহী ৰে’ল উদ্বোধন কৰাৰ ফলত  ধৰ্মীয় গন্তব্যস্থানলৈ যাত্ৰাত সুবিধা হ’ব আৰু ই তৃণমূল পৰ্যায়ত অৰ্থনৈতিক কাৰ্যকলাপক উদ্দীপিত কৰি তুলিব। বেছৰাজীৰ পৰা মালবাহী ৰে’ল সেৱাই ৰাজ্যৰ ঔদ্যোগিক কেন্দ্ৰসমূহৰ সৈতে সংযোগ বৃদ্ধি কৰিব, লজিষ্টিক নেটৱৰ্ক শক্তিশালী কৰিব আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

 

সংযোগ উন্নতকৰণ, যাতায়াতৰ সুৰক্ষা বৃদ্ধি তথা আঞ্চলিক উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে তেওঁৰ দৃষ্টিভংগীক আৰু অধিক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰীয়ে বিৰামগাম–খুদাড়–ৰামপুৰা পথ সম্প্ৰসাৰণ কাৰ্যসূচীৰো শুভাৰম্ভ কৰিব। লগতে আহমেদাবাদ–মেহছানা–পালনপুৰ পথত ছয় লেনযুক্ত বাহনৰ আণ্ডাৰপাছ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব; ইয়াৰ ভিতৰত আহমেদাবাদ–বিৰামগাম পথৰ ৰে’লৱে অভাৰব্ৰীজ আদিও আছে। সামূহিকভাৱে এই পদক্ষেপসমূহে ঔদ্যোগিক বৃদ্ধিত সহায় কৰিব, পৰিবহণৰ দক্ষতা বৃদ্ধিৰ লগতে অঞ্চলটোত অৰ্থনৈতিক সুযোগ উন্নত কৰিব।

 

ৰাজ্যখনৰ বিদ্যুৎ খণ্ডৰ এক বৃহৎ উত্থানৰ সম্ভাৱনাক উজলাই তুলি প্ৰধানমন্ত্ৰীয়ে উত্তৰ গুজৰাট ভিজ কোম্পানী লিমিটেড (UGVCL)ৰ অধীনত আহমেদাবাদ, মেহছানা আৰু গান্ধীনগৰত বিদ্যুৎ বিতৰণ প্ৰকল্পৰ শুভাৰম্ভ কৰিব, যাৰ লক্ষ্য হৈছে লোকচান হ্ৰাস কৰা, নেটৱৰ্কৰ আধুনিকীকৰণ কৰা আৰু পুনৰ সংস্কাৰ কৰা বিতৰণ খণ্ড আঁচনিৰ অধীনত আন্তঃগাঁথনি শক্তিশালী কৰা। ১০০০ কোটি টকাৰো অধিক মূল্যৰ এই প্ৰকল্পসমূহে প্ৰতিকূল বতৰৰ সময়তো বিদ্যুৎ বিচ্ছিন্নতা হ্ৰাস, জনসাধাৰণৰ সুৰক্ষা, ট্ৰেন্সফৰ্মাৰৰ সুৰক্ষা আৰু বিদ্যুৎ যোগান নেটৱৰ্কৰ নিৰ্ভৰযোগ্যতা উন্নত কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে পিএমএৱাই (ইউ)ৰ ইন চিটু বস্তি পুনৰ্বাসনৰ অধীনত ৰামাপিৰ ন’ টেক্ৰ’ৰ ছেক্টৰ-৩ত অৱস্থিত বস্তি উন্নয়নৰ শুভাৰম্ভ কৰিব। তেওঁ আহমেদাবাদৰ আশে-পাশে থকা চৰ্দাৰ পেটেল ৰিং ৰোডত যান-বাহনৰ চলাচল মসৃণ কৰি তুলিবলগীয়া  আৰু সংযোগ উন্নত কৰাৰ বাবে ৰূপায়িত হৈ থকা বৃহৎ পথ সম্প্ৰসাৰণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। তেওঁ পানী আৰু নলা ব্যৱস্থাপনা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে কেইবাটাও গুৰুত্বপূৰ্ণ নগৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰশাসনিক দক্ষতা আৰু জনসেৱা আগবঢ়োৱাৰ ব্যৱস্থাক  শক্তিশালী কৰি তুলিবলৈ  প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ বহু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। নাগৰিককেন্দ্ৰিক সেৱা উন্নত কৰাৰ লক্ষ্যৰে আহমেদাবাদ পশ্চিমত নতুন ষ্টাম্পছ আৰু ৰেজিষ্ট্ৰেছন ভৱন নিৰ্মাণ আৰু সমগ্ৰ গুজৰাটত সুৰক্ষিত তথ্য ব্যৱস্থাপনা তথা ডিজিটেল শাসন ক্ষমতা বৃদ্ধিৰ বাবে আৰ্হি প্ৰস্তুত কৰা   ৰাজ্যিক পৰ্যায়ৰ তথ্য সংৰক্ষণ কেন্দ্ৰ গান্ধীনগৰত স্থাপন কৰা হ’ব।

 

অহা ২৬ আগষ্টত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ হান্সালপুৰৰ চুজুকি মটৰ প্ৰকল্পত  দুটা ঐতিহাসিক মাইলৰ খুঁটিস্বৰূপ প্ৰকল্প  উদ্বোধন কৰিব। এই ঐতিহাসিক  পদক্ষেপসমূহে একেলগে ভাৰতৰ মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতাক আগুৱাই নিয়াৰ লগতে সেউজ গতিশীলতাৰ দিশত ভাৰত  বিশ্বব্যাপী আগশাৰীৰ দেশ হিচাপে পৰিগণিত হোৱাত সহায় কৰিব।

 

মেক ইন ইণ্ডিয়াৰ সফলতাৰ এক ডাঙৰ উদাহৰণ হিচাপে প্ৰধানমন্ত্ৰীয়ে চুজুকিৰ বিশ্বৰ প্ৰথমখন  কৌশলগত বেটাৰী ইলেক্ট্ৰিক বাহন (বিইভি) “ই ভিটাৰা” উদ্বোধন কৰিব। এই মেড-ইন-ইণ্ডিয়া বেটাৰী ইলেক্ট্ৰিক বাহন  ইউৰোপ আৰু জাপানৰ দৰে উন্নত বজাৰকে ধৰি এশৰো অধিক দেশলৈ ৰপ্তানি কৰা হ’ব । এই মাইলৰ খুঁটিৰ লগে লগে ভাৰতে এতিয়া ইলেক্ট্ৰিক বাহনৰ বাবে চুজুকিৰ বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব ।

প্ৰধানমন্ত্ৰীয়ে সেউজ শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ দিশত বৃহৎ অগ্ৰগতি হিচাবে গুজৰাটৰ টিডিএছ লিথিয়াম-আয়ন বেটাৰী প্লাণ্টত হাইব্ৰিড বেটাৰী ইলেক্ট্ৰ’ডৰ স্থানীয় উৎপাদন গোট আৰম্ভ কৰি ভাৰতৰ বেটাৰী পৰিৱেশ তন্ত্ৰৰ পৰৱৰ্তী পৰ্যায়ৰ উদ্বোধন কৰিব। টোছিবা, ডেনছ’ আৰু চুজুকিৰ সন্মিলিত  উদ্যোগত গঢ়ি উঠা  এই উদ্যোগটোৱে ঘৰুৱা উৎপাদন তথা  স্বচ্ছ শক্তিৰ উদ্ভাৱন বৃদ্ধি কৰিব। এনে অগ্ৰগতিয়ে  নিশ্চিত কৰিছে যে বেটাৰীৰ মূল্যৰ আশী শতাংশতকৈ অধিক এতিয়া ভাৰতৰ ভিতৰতে নিৰ্মাণ কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety

Media Coverage

Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi speaks with the President of Iran
March 12, 2026
President Pezeshkian shares his perspective on the situation in Iran and the region.
PM reiterates India’s consistent position on resolving all issues through dialogue and diplomacy.
PM highlights India’s priority regarding safety and well-being of Indian nationals and unhindered transit of energy and goods.

Prime Minister Shri Narendra Modi had a telephone conversation today with the President of the Islamic Republic of Iran, H.E. Dr. Masoud Pezeshkian.

President Pezeshkian briefed the Prime Minister on the current situation in Iran and shared his perspective on recent developments in the region.

The Prime Minister expressed deep concern about the evolving security situation in the region and reiterated India’s consistent position that all issues must be resolved through dialogue and diplomacy.

The Prime Minister highlighted India’s priority regarding the safety and well-being of Indian nationals in the region, including in Iran, as also the importance of unhindered transit of energy and goods.

The two leaders agreed to remain in touch.