১০ জানুৱাৰীত সোমনাথ মন্দিৰত ওমকাৰ মন্ত্ৰ জপ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
১১ জানুৱাৰীত সোমনাথ স্বাভিমান পৰ্ব অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
১১ জানুৱাৰীত ৰাজকোটত কচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
১১ জানুৱাৰীত আহমেদাবাদ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ বাকী অংশ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
১২ জানুৱাৰীত আহমেদাবাদত জাৰ্মান চেঞ্চেলৰ মাৰ্জক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰী মোদী আৰু চেঞ্চেলৰ মাৰ্জে সবৰমতী আশ্ৰম ভ্ৰমণ কৰিব আৰু আহমেদাবাদত আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱতো অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০-১২ জানুৱাৰীত গুজৰাট ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ১০ জানুৱাৰীৰ সন্ধিয়া সোমনাথত উপস্থিত হ’ব আৰু প্ৰায় ৮ বজাত প্ৰধানমন্ত্ৰীয়ে ওমকাৰ মন্ত্ৰ জপত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁ সোমনাথ মন্দিৰত ড্ৰোন শ্ব’ চাব।

১১ জানুৱাৰীত পুৱা ৯.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে সোমনাথ মন্দিৰ ৰক্ষা কৰি প্ৰাণ বিসৰ্জন দিয়া অগণন যোদ্ধাক সন্মান জনোৱাৰ বাবে আয়োজিত এক আনুষ্ঠানিক শোভাযাত্ৰা শৌৰ্য যাত্ৰাত অংশগ্ৰহণ কৰিব। তাৰ পিছত প্ৰায় ১০.১৫ বজাত প্ৰধানমন্ত্ৰীয়ে সোমনাথ মন্দিৰত দৰ্শন আৰু পূজা কৰিব। দিনৰ প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে সোমনাথ স্বাভিমান পৰ্ব উপলক্ষে অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

পিছদিনা প্ৰধানমন্ত্ৰীয়ে কচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰাজকোট ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১.৩০ বজাত তেওঁ সন্মিলনৰ বাণিজ্য মেলা আৰু প্ৰদৰ্শনী উদ্বোধন কৰিব। দিনৰ প্ৰায় ২ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাজকোটৰ মাৰৱাড়ী বিশ্ববিদ্যালয়ত কচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন কৰিব আৰু এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰিব।

ৰাজকোটৰ পৰা প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদলৈ যাত্ৰা কৰিব। মহাত্মা মন্দিৰ মেট্ৰ’ ষ্টেচনত সন্ধিয়া প্ৰায় ৫.১৫ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ ছেক্টৰ ১০এ-ৰ পৰা মহাত্মা মন্দিৰলৈ বাকী অংশ উদ্বোধন কৰিব।

১২ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদত জাৰ্মানীৰ ফেডাৰেল চেঞ্চেলৰ ফ্ৰিড্ৰিখ মাৰ্জক সাক্ষাৎ কৰিব। পুৱা প্ৰায় ৯.৩০ বজাত দুয়োগৰাকী নেতাই সবৰমতী আশ্ৰম ভ্ৰমণ কৰিব আৰু তাৰ পিছত দিনৰ প্ৰায় ১০ বজাত সবৰমতী নদীৰ পাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱত অংশগ্ৰহণ কৰিব।

ইয়াৰ পিছতে গান্ধীনগৰৰ মহাত্মা মন্দিৰত দিনৰ ১১.১৫ বজাৰ পৰা দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব, য’ত প্ৰধানমন্ত্ৰী আৰু জাৰ্মানীৰ চেঞ্চেলৰে শেহতীয়াকৈ ২৫ বছৰ সম্পূৰ্ণ কৰা ভাৰত-জাৰ্মানী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Quick commerce becomes FMCG's biggest online sales channel in India

Media Coverage

Quick commerce becomes FMCG's biggest online sales channel in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the power of perseverance and determination
May 27, 2026

The Prime Minister, Shri Narendra Modi, said that even the biggest goals can be achieved through continuous effort, patience and firm determination. He noted that today the people of the country are guided by this very spirit as they take India to new heights.

The Prime Minister shared a Sanskrit Subhashitam-

“यो यमर्थं प्रार्थयते तदर्थं चेह ते क्रमात् ।
अवश्यं स तमाप्नोति न चेदर्थान् निवर्तते ।।”

The Subhashitam conveys that a person who prays for or desires a specific goal, and makes continuous, systematic efforts to attain it, will undoubtedly achieve that goal, provided they do not give up midway and retreat from their path.

The Prime Minister wrote on X;

“निरंतर प्रयास, धैर्य और दृढ़ संकल्प के साथ बड़े से बड़े लक्ष्य को हासिल किया जा सकता है। आज देशवासी इसी भावना से भारतवर्ष को नई ऊंचाइयों की ओर ले जा रहे हैं।

यो यमर्थं प्रार्थयते तदर्थं चेह ते क्रमात् ।

अवश्यं स तमाप्नोति न चेदर्थान् निवर्तते ।।”