প্ৰধানমন্ত্ৰীয়ে ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ উদ্বোধন কৰিব
তেল আৰু গেছ খণ্ডৰ গোলকীয় প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতেও বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭’ কাৰ্যসূচীত ১৩৩০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গোৱা’ৰ স্থায়ী চৌহদ উদ্বোধন কৰিব
তাৰ পিছত, বিয়লি প্ৰায় ২:৪৫ বজাত তেওঁ ‘বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে গোৱা ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ‘অ'এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰ’ উদ্বোধন কৰিব। পুৱা প্ৰায় ১০:৪৫ বজাত তেওঁ ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ উদ্বোধন কৰিব। তাৰ পিছত, বিয়লি প্ৰায় ২:৪৫ বজাত তেওঁ ‘বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

ভাৰত শক্তি সপ্তাহ ২০২৪

শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত আত্মনিৰ্ভশীলতা অৰ্জন কৰাত প্ৰধানমন্ত্ৰীয়ে সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছে। এই দিশত আন এক পদক্ষেপ হিচাপে ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ শীৰ্ষক কাৰ্যক্ৰমটো ৬ ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে গোৱাত অনুষ্ঠিত হ'ব। ই হ'ব ভাৰতৰ সৰ্ববৃহৎ আৰু একমাত্ৰ সৰ্বাত্মক শক্তি প্ৰদৰ্শনী আৰু সন্মিলন, যি সমগ্ৰ শক্তিখণ্ডৰ মূল্য-শৃংখলাক একত্ৰিত কৰিব, আৰু ভাৰতৰ শক্তি পৰিৱৰ্তনৰ লক্ষ্যৰ বাবে অনুঘটক হিচাপে কাম কৰিব। প্ৰধানমন্ত্ৰীয়ে তেল আৰু গেছখণ্ডৰ গোলকীয় প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে এক ঘূৰণীয়া মেজমেলত মিলিত হ’ব।

‘ষ্টাৰ্টআপ’সমূহক উৎসাহিত কৰা, তালিম দিয়া আৰু সেইসমূহক শক্তি মূল্য-শৃংখলাত একত্ৰিত কৰাটো ‘ভাৰত শক্তি সপ্তাহ ২০২৪’-ৰ বাবে এক গুৰুত্বপূৰ্ণ লক্ষ্য হ'ব। ইয়াত বিভিন্ন দেশৰ প্ৰায় ১৭ গৰাকী শক্তি মন্ত্ৰী, ৩৫,০০০ৰৰো অধিক অংশগ্ৰহণকাৰী আৰু ৯০০ ৰো অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। এই কাৰ্যক্ৰমত সমৰ্পিত দেশ- কানাডা, জাৰ্মানী, নেডাৰলেণ্ড, ৰাছিয়া, ইউকে আৰু আমেৰিকা যুক্তৰাজ্যৰ ৬টা ‘পেভিলিয়ন’ থাকিব। ভাৰতীয় ‘এমএছএমই’সমূহে শক্তিখণ্ডত নেতৃত্ব দি থকা উদ্ভাৱনী সমাধানসমূহ প্ৰদৰ্শন কৰাৰ বাবে এটা বিশেষ ‘মে’ক ইন ইণ্ডিয়া পেভিলিয়ন’ৰো আয়োজন কৰা হৈছে।

 

বিকশিত ভাৰতবিকশিত গোৱা ২০৪৭

প্ৰধানমন্ত্ৰীয়ে গোৱাত ৰাজহুৱা কাৰ্যসূচীত ১৩৩০ কোটি টকাৰো অধিক মূল্যৰ এলানি প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গোৱা’ৰ স্থায়ী চৌহদটো ৰাষ্ট্ৰৰি নামত উচৰ্গা কৰিব। নতুনকৈ নিৰ্মাণ কৰা চৌহদটোত প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে বিভিন্ন সা-সুবিধা যেনে- টিউট'ৰিয়েল কমপ্লেক্স, বিভাগীয় কমপ্লেক্স, প্ৰশাসনিক কমপ্লেক্স, হোষ্টেল, স্বাস্থ্য কেন্দ্ৰ, কৰ্মচাৰীৰ কোৱাৰ্টাৰ, এমেনিটী চেণ্টাৰ, ক্ৰীড়া ক্ষেত্ৰ আৰু অন্যান্য উপযোগিতাসমূহ সংযোজিত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিষ্ঠানৰ নতুন চৌহদটো উচৰ্গা কৰিব। প্ৰতিষ্ঠানটোৱে জনসাধাৰণৰ লগতে সশস্ত্ৰ বাহিনীকো সেৱা আগবঢ়োৱা জলক্ৰীড়া আৰু জলক্ষেত্ৰত উদ্ধাৰ কাৰ্যকলাপৰ কৌশল বিকাশত কৰাত উদগনি দিয়াৰ লক্ষ্যৰে ২৮টা পাঠ্যক্ৰম আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে দক্ষিণ গোৱাত ১০০ টিপিডি পৰিমাণৰ ‘সংহত আৱৰ্জনা প্ৰৱন্ধন সুবিধা’ও উদ্বোধন কৰিব। এই সুবিধাটো ৬০ টিপিডি সেমেকা আৱৰ্জনা আৰু ৪০ টিপিডি শুকান আৱৰ্জনাৰ বৈজ্ঞানিক সংসাধনৰ বাবে প্ৰস্তুত কৰা হৈছে, আনহাতে ৫০০ কিলোৱাট সৌৰ শক্তি উত্পাদনক্ষম এক প্ৰকল্পও আছে যি অতিৰিক্ত বিদ্যুৎ উৎপাদন কৰিব।

প্ৰধানমন্ত্ৰীয়ে পানাজী আৰু ৰেইছ মাগোছক সংযোগ কৰি ‘যাত্ৰীবাহী ৰোপৱে’ৰ আধাৰশিলা স্থাপন কৰিব। দক্ষিণ গোৱাত ১০০ এমএলডি পানী শোধন প্ৰকল্প নিৰ্মাণৰো তেওঁ আধাৰশিলা স্থাপন কৰিব।

তদুপৰি, তেওঁ ‘ৰোজগাৰ মেলা’ৰ অধীনত বিভিন্ন বিভাগত ১৯৩০ গৰাকী প্ৰাৰ্থীক নতুন চৰকাৰী নিযুক্তিৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰাৰ লগতে বিভিন্ন কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলক অনুমোদন পত্ৰ প্ৰদান কৰিব।

এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰ

ভাৰতীয় ‘ছী ছাৰ্ভাইভেল পৰিস্থিতি’তন্ত্ৰক বিশ্বমানৰ কৰি গঢ়ি তোলাৰ বাবে ‘অ'এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰ’টোক এই ধৰণৰ এক মাত্ৰ ‘ইণ্টিগ্ৰেটেড ছী ছাৰ্ভাইভেল ট্ৰেইনিং চেণ্টাৰ’ হিচাপে বিকশিত কৰা হৈছে। ইয়াত বছৰি ১০,০০০-১৫,০০০ কৰ্মচাৰীক প্ৰশিক্ষণ দিব পৰা যাব বুলি আশা কৰা হৈছে। এই কেন্দ্ৰই কৃত্ৰিম ভাবে গঢ়ি তোলা আৰু নিয়ন্ত্ৰিত ৰূপত সৃষ্টি কৰা বতৰৰ কঠোৰ পৰিস্থিতিত অনুশীলনৰ জৰিয়তে সাগৰাঞ্চলত প্ৰশিক্ষাৰ্থীসকলৰ জীয়াই থকাৰ দক্ষতা বৃদ্ধি কৰিব আৰু এনেদৰে বাস্তৱ জীৱনৰ দুৰ্যোগসমূহৰ পৰা সুৰক্ষিত ভাৱে ওলাই অহাৰ সম্ভাৱনাও বৃদ্ধি কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi reviews projects with investment of Rs 30,000 crore under PRAGATI meeting

Media Coverage

PM Modi reviews projects with investment of Rs 30,000 crore under PRAGATI meeting
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on mutual learning and listening
August 26, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting the virtues of mutual learning and listening. He remarked that those who are eager to learn and listen to one another are praised by the wise are free from selfish pursuits and ulterior motives, and they prosper in happiness in every way:

"ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम्।

विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्वशः॥"

The Prime Minister posted on X:

ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम्।

विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्वशः॥