এই জীৱিকা নিধিয়ে গ্ৰামাঞ্চলৰ মহিলা উদ্যোগীসকলক সুলভ পুঁজি আগবঢ়াব
প্ৰত্যক্ষ আৰু স্বচ্ছ পুঁজি হস্তান্তৰ নিশ্চিতকৰণেৰে জীৱিকা নিধিটো সম্পূৰ্ণৰূপে ডিজিটেল প্লেটফৰ্মৰ দ্বাৰা চালিত হ’ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ছেপ্টেম্বৰৰ দিনৰ ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠানটোৰ বেংক একাউন্টলৈ ১০৫ কোটি টকা হস্তান্তৰো কৰিব।

এই জীৱিকা নিধি প্ৰতিষ্ঠাৰ উদ্দেশ্য হৈছে জীৱিকাৰ সৈতে জড়িত সমাজৰ লোকসকলক সুলভ সুতৰ হাৰত পুঁজি আগবঢ়োৱা। জীৱিকাৰ সকলো পঞ্জীয়নভুক্ত ক্লাষ্টাৰ-পৰ্য্যায়ৰ ফেডাৰেচন ছচাইটিৰ সদস্য হ’ব। প্ৰতিষ্ঠানটো পৰিচালনাৰ বাবে বিহাৰ চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও পুঁজি আগবঢ়াব।

বছৰ-বছৰ ধৰি জীৱিকাৰ আত্ম-সহায়ক গোটৰ সৈতে জড়িত মহিলাসকলৰ মাজত উদ্যমিতাৰ বিকাশ ঘটিছে, ইয়াৰ ফলশ্ৰুতিত গ্ৰামাঞ্চলসমূহত অসংখ্য ক্ষুদ্ৰ উদ্যোগ আৰু উৎপাদক কোম্পানী স্থাপিত হৈছে। কিন্তু মহিলা উদ্যোগীসকলে প্ৰায়ে ১৮%–২৪% উচ্চ সুতৰ হাৰ লোৱা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছে। এমএফআই-ৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসৰ লগতে কম সুতৰ হাৰত বৃহৎ পৰিমাণৰ ঋণ সময়মতে উপলব্ধ হোৱাটো নিশ্চিত কৰিবলৈ জীৱিকা নিধিক বিকল্প বিত্তীয় ব্যৱস্থা হিচাপে কল্পনা কৰা হৈছে।

এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে ডিজিটেল প্লেটফৰ্মৰ দ্বাৰা চালিত হ’ব, ইয়াৰ ফলশ্ৰুতিত জীৱিকা দিদিৰ বেংক একাউন্টলৈ পোনপটীয়াকৈ দ্ৰুত আৰু স্বচ্ছভাৱে ধন স্থানান্তৰিত হোৱাটো নিশ্চিত হ’ব। ইয়াৰ বাবে ১২,০০০ কমিউনিটি কেডাৰক টেবলেট প্ৰদান কৰা হৈছে।

এই পদক্ষেপে গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত উদ্যমিতাৰ বিকাশক সুদৃঢ়কৰণৰ লগতে সমাজ-চালিত উদ্যোগসমূহৰ বিকাশক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। সমগ্ৰ বিহাৰৰ প্ৰায় ২০ লাখ মহিলাই এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from Prime Minister Benjamin Netanyahu
August 06, 2026
The two leaders review progress in India-Israel Special Strategic Partnership.
The two leaders exchange views on the recent developments in West Asia.

Prime Minister Shri Narendra Modi received a telephone call from Prime Minister of Israel, H.E. Mr. Benjamin Netanyahu today.

The two leaders reviewed sustained progress in India-Israel Special Strategic Partnership and reaffirmed their commitment to further strengthening the bilateral cooperation across various sectors for the mutual benefit of the two countries.

PM Netanyahu and PM Modi exchanged views on the recent developments in West Asia.

The two leaders agreed to remain in touch.