ইণ্ডিয়া এ আই ইমপেক্ট এক্সপ’ ২০২৬ ইণ্ডিয়া এ আই ইমপেক্ট ছামিটৰ সমান্তৰালভাৱে অনুষ্ঠিত হ’ব আৰু এআইৰ কাৰ্য্যক ৰাষ্ট্ৰীয় স্তৰত প্ৰদৰ্শন কৰা হ’ব
এক্সপ'ত তিনিটা বিষয়ভিত্তিক চক্ৰ - পিপল, প্লেনেট আৰু প্ৰগ্ৰেছৰ আধাৰত ৩০০ তকৈ অধিক কিউৰেটেড প্ৰদৰ্শনী পেভিলিয়ন আৰু লাইভ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে
এক্সপ’ত ৬০০ৰো অধিক উচ্চ সম্ভাৱনাপূৰ্ণ ষ্টাৰ্টআপ আৰু ১৩ খন দেশৰ পেভিলিয়নে এআই পৰিৱেশতন্ত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দিশটোক প্ৰতিফলিত কৰিব
এক্সপ'ই গ্লোৱেল টেকন'লজি ফাৰ্ম, ষ্টাৰ্টআপ, একাডেমী আৰু গৱেষণা প্ৰতিষ্ঠান, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক একত্ৰিত কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত এ আই ইমপেক্ট এক্সপ’ ২০২৬ উদ্বোধন কৰিব।

ইণ্ডিয়া এ আই ইমপেক্ট এক্সপ’ ২০২৬ ২০২৬ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ, ইণ্ডিয়া এ আই ইমপেক্ট ছামিটৰ সমান্তৰালভাৱে ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। এক্সপ’ই কাৰ্য্যক্ষেত্ৰত এআইৰ ব্যৱহাৰৰ বিষয়ে ৰাষ্ট্ৰীয় স্তৰত প্ৰদৰ্শন কৰিব, য’ত নীতিয়ে অনুশীলনৰ সৈতে সংপৃক্ত হ’ব, উদ্ভাৱনে আৰু প্ৰযুক্তিয়ে নাগৰিকক প্ৰভাৱান্বিত কৰিব।

৭০,০০০ বৰ্গমিটাৰতকৈও অধিক ভূমিত আয়োজন কৰা এই এক্সপ’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰযুক্তি সংস্থা, ষ্টাৰ্টআপ, একাডেমী আৰু গৱেষণা প্ৰতিষ্ঠান, কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক একত্ৰিত হ’ব। এক্সপ’ত ১৩ খন দেশৰ পেভিলিয়নো থাকিব, য’ত এআই পৰিৱেশতন্ত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ ভিতৰত অষ্ট্ৰেলিয়া, জাপান, ৰাছিয়া, যুক্তৰাজ্য, ফ্ৰান্স, জাৰ্মানী, ইটালী, নেদাৰলেণ্ড, ছুইজাৰলেণ্ড, ছাৰ্বিয়া, ইষ্ট’নিয়া, তাজিকিস্তান আৰু আফ্ৰিকাৰ পেভিলিয়নসমূহো আছে।

এক্সপ’ত ৩০০ৰো অধিক নিৰ্বাচিত প্ৰদৰ্শনীমূলক পেভিলিয়ন আৰু লাইভ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে, যিবোৰ তিনিটা বিষয়ভিত্তিক চক্ৰ - পিপল, প্লেনেট আৰু প্ৰগ্ৰেছৰ আধাৰত পৰিচালিত হ’ব। ইয়াৰ উপৰি এক্সপ’ত ৬০০ৰো অধিক উচ্চ সম্ভাৱনাপূৰ্ণ ষ্টাৰ্টআপৰ থাকিব , ইয়াৰে বহুতেই বিশ্বজুৰি প্ৰাসংগিক আৰু জনসংখ্যা-মাপকাঠিৰ সমাধান গঢ়ি তুলিছে। এই ষ্টাৰ্টআপসমূহে ইতিমধ্যে বাস্তৱ জগতৰ আধাৰত কৰা সমাধানসমূহ প্ৰদৰ্শন কৰিব।

ইণ্ডিয়া এ আই ইমপেক্ট এক্সপ’ ২০২৬ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিকে ধৰি ২.৫ লাখৰো অধিক দৰ্শকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই অনুষ্ঠানৰ লক্ষ্য হৈছে বিশ্বৰ এআই পৰিৱেশ তন্ত্ৰৰ ভিতৰত নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু ব্যৱসায়িক সুযোগ সৃষ্টি কৰা।

ইয়াত ৫০০ৰো অধিক অধিৱেশনৰ আয়োজন কৰা হ’ব, য’ত ৩২৫০ জনতকৈ অধিক বক্তা আৰু পেনেল সদস্য উপস্থিত থাকিব। এই অধিৱেশনসমূহে বিভিন্ন খণ্ডসমূহৰ মাজত এআইৰ পৰিৱৰ্তনশীল প্ৰভাৱক স্বীকৃতি দিব আৰু এআইয়ে প্ৰতিজন বিশ্ব নাগৰিকক উপকৃত কৰাটো নিশ্চিত কৰিবলৈ ভৱিষ্যতৰ পদক্ষেপসমূহৰ বিষয়ত আলোচনা কৰা হ’ব।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s contribution to BRICS: Nari Shakti moves from promise to delivery

Media Coverage

India’s contribution to BRICS: Nari Shakti moves from promise to delivery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the President of Iran
June 30, 2026
President Pezeshkian briefs PM on the recent developments in West Asia.
PM welcomes the understanding reached and reiterates the need for continued efforts for lasting peace and stability.

Prime Minister Shri Narendra Modi had a telephone conversation today with the President of the Islamic Republic of Iran, H.E. Dr. Masoud Pezeshkian.

President Pezeshkian briefed the Prime Minister on the recent developments in West Asia and the way forward.

Prime Minister welcomed the understanding reached, and reiterated India’s consistent position that all issues must be resolved through dialogue and diplomacy.

Prime Minister reiterated the need for continued efforts to ensure lasting peace and stability in the region, and for safeguarding freedom of navigation and commerce.