আঁচনিৰ অধীনত ১ লাখ পদপথৰ বিক্ৰেতাক ঋণ বিতৰণ কৰিব প্ৰধানমন্ত্ৰীয়ে
দিল্লী মেট্ৰ’ৰ চতুৰ্থ পৰ্যায়ৰ অতিৰিক্ত দুটা কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সময়ত দিল্লী মেট্ৰ’ৰ চতুৰ্থ পৰ্যায়ৰ অতিৰিক্ত দুটা কৰিডৰৰ আধাৰশিলাও স্থাপন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ মাৰ্চৰ সন্ধিয়া ৫ বজাত দিল্লীৰ জে এল এন ষ্টেডিয়ামত পিএম স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব। এই উপলক্ষে দিল্লীৰ ৫ হাজাৰ পদপথৰ দোকানীকে ধৰি ১ লাখ পদপথৰ দোকানী(এছভি)ক এই আঁচনিৰ অধীনত ঋণ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সময়ত দিল্লী মেট্ৰ’ৰ চতুৰ্থ পৰ্যায়ৰ অতিৰিক্ত দুটা কৰিডৰৰ আধাৰশিলাও স্থাপন কৰিব।

সমাজৰ প্ৰান্তীয় শ্ৰেণীক অৰ্থনৈতিক সহায় আগবঢ়োৱাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ মহামাৰীৰ ফলত সৃষ্টি হোৱা বিশ্ব অৰ্থনৈতিক সংকটৰ মাজতে ১ জুন, ২০২০ত প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ শুভাৰম্ভ কৰা হয়। পদপথৰ বিক্ৰেতাৰ প্ৰান্তীয় সম্প্ৰদায়ৰ বাবে ই পৰিৱৰ্তনশীল বুলি প্ৰমাণিত হৈছে। এতিয়ালৈকে সমগ্ৰ দেশৰ ৬২ লাখৰো অধিক ৰাজপথৰ ব্যৱসায়ীক ৮২ লাখতকৈ অধিক ঋণ প্ৰদান কৰা হৈছে, যাৰ পৰিমাণ ১০,৯৭৮ কোটিতকৈ অধিক৷ কেৱল দিল্লীত প্ৰায় ২ লাখ ঋণ বিতৰণ কৰা হৈছে, যাৰ পৰিমাণ ২৩২ কোটি টকা। ঐতিহাসিকভাৱে কম সেৱা লাভ কৰাসকলৰ বাবে এই আঁচনিখন আৰ্থিক অন্তৰ্ভুক্তি আৰু সামগ্ৰিক কল্যাণৰ আশাৰ কিৰণ হৈ আহিছে৷

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিল্লী মেট্ৰ’ৰ অতিৰিক্ত দুটা কৰিড’ৰ লাজপট নগৰ–সাকেট-জি ব্লক আৰু ইন্দৰলক–ইন্দ্ৰপ্ৰস্থৰো আধাৰশিলা স্থাপন কৰিব। এই কৰিডৰসমূহ একেলগে ২০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ হ’ব আৰু ই সংযোগ উন্নত কৰাত সহায় কৰিব আৰু যান-জঁট আৰু অধিক হ্ৰাস কৰিব।

লাজপাট নগৰৰ পৰা সাকেট জি-ব্লক কৰিডৰৰ ষ্টেচনসমূহৰ ভিতৰত লাজপট নগৰ, এন্দ্ৰিউজ গঞ্জ, বৃহত্তৰ কৈলাশ–১, চিৰাগ দিল্লী, পুষ্পা ভৱন, সাকেট জিলা কেন্দ্ৰ, পুষ্প বিহাৰ, সাকেট জি–ব্লক থাকিব৷ ইন্দৰলক–ইন্দ্ৰপ্ৰস্থ কৰিডৰত থকা ষ্টেচনসমূহৰ ভিতৰত ইন্দৰলক, দয়া বস্তি, চৰাই ৰোহিল্লা, আজমল খান পাৰ্ক, নবী কৰিম, নতুন দিল্লী, এল এন জে পি হাস্পতাল, দিল্লী গেট, দিল্লী সচিববালয় আৰু ইন্দ্ৰপ্ৰস্থ থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rs 25,000 cr cyber fraud prevented, Rs 323 cr returned to victims as Centre expands e-Zero FIR: Report

Media Coverage

Rs 25,000 cr cyber fraud prevented, Rs 323 cr returned to victims as Centre expands e-Zero FIR: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional